Wednesday, August 2, 2017

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত




হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয নোহোৱা আৰু কলেজ আহি ভাল লাগে এই দুটা কথাৰ কাৰনে আমি কেইজনমান আহি আছো । সেৰেঙা উপস্থিতিৰ আৰু এটা কাৰন কচিং ক্লাছ আৰু টিউচন । সহপাঠী প্ৰায়ভাগৰে টিউচন বা কচিং আছে । গতিকে কলেজত ক্লাছ নহলেও তেওলোকৰ আপত্তি নাই । কিন্ত আমাৰকেইজনমানৰ টিউচন-কচিং নাই । কলেজৰ ক্লাছেই আমাৰ ভৰষা ।

নভেম্বৰ ২০০৩ , নিউ ফিজিক্স গেলাৰী, কটন কলেজ । মই, সীমান্ত, কুলদীপ, বিবেকানন্দ আদিকে ধৰি ৮ জন মান ফিজিক্সৰ ক্লাছৰ বাবে বহি আছো । নৃপাংক শইকীয়া ছাৰৰ ক্লাছ । ছাৰে ইলেকচ্ৰনিক্স পাৰ্টটো পঢ়ায় । দুটা চেপ্তাৰ তেতিয়াও বাকী আছে । সিদিনা ডায়ডৰ বিষয়ে পঢ়োৱাৰ কথা আছিল । ছাৰ আহিল ।
- মাত্ৰ আঠজন, আঠজনৰে ক্লাছ কেনেকে কৰিম , বাকীবোৰক মাতি আনাগৈ .... ছাৰে কলে
- ছাৰ বাকী কোনো নাই, অকল আমিয়েই আছো
- ইমান কম ষ্টুডেন্টৰে ক্লাছ নহব, আজি ক্লাছ কেঞ্চেল ....... এইবুলি কৈ ছাৰ গুচি গল

ছাৰৰ ক্লাছ সেই বছৰ আৰু কেতিয়াও নহল । লাহে লাহে ৮ জনৰপৰাও ষ্টুডেন্ট কমি আহিল । একেবাৰে শেষত সীমান্ত আৰু মই । আমাৰ লাষ্ট ক্লাছ আছিল জুলজিৰ ৰাতুল ৰাজখোৱা ছাৰৰ । সেইটো ক্লাছত ছাৰে আমি দুজন ষ্টুডেন্টক ৰিপ্লিকেচন অৱ ডি.এন.এ টপিকটো পঢ়াইছিল ।

তাৰ পাছত আমিও কলেজলৈ অহা বাদ দিলো ।
পৰীক্ষাৰ কাৰনে ৰিভাইচ কৰি আছো । পুৰনা কুৱেচন পেপাৰ চল্ভ কৰি আছো । ডায়দৰ চাৰকিট ডায়েগ্ৰামৰ প্ৰশ্ন আহেই । কিন্ত বহুত চেষ্টা কৰিও তাৰ কনচেপ্টটো আয়ত্ব কৰিব নোৱাৰিলো । ভাৱিলো কোনোবাই অলপ পঢ়াই দিয়া হলেই বুজি পালোহেতেন । অলপ যুজাৰ পাছত ডায়ডৰ ওচৰত হাৰ মানি বেলেগ টপিক পঢ়িবলৈ ধৰিলো ।

ফিজিক্স পৰীক্ষা , হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰ ফাইনেল । কুৱেচন পেপাৰখন চাই আফচোচ লাগিল । ডায়ডৰ চেম কুৱেচন , তিনি নম্বৰ । গোটেগোটে তিনি নম্বৰ যোৱাত বহুত বেয়া লাগিল ।

ৰিজাল্ট দিলে । ফিজিক্সত ৭৭ , তিনি নম্বৰৰ বাবে লেটাৰ নাপালো । বাকী কেমেস্ত্ৰীত ৮২, অসমীয়াত ৭৬, অংকত ৭১, ইংৰাজীত ৬১ , ফৰ্থ চাবজেক্ট হিচাপে বায়লজিত ৬৫

কেমেস্ত্ৰীৰ ক্লাছৰ কথা নিলিখিলে ভুল হব । আমাৰ বছৰ অকল কেমেস্ত্ৰীৰ ছিলেবাছ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ হৈছিল । আমাক পঢ়াইছিল মনজিত ভট্টাচায্য ছাৰ আৰু নিৰদা দেবী বাইদেৱে । মই ভাবো যে মোৰ টাইপৰ ষ্টুডেন্টৰ কাৰনে মনজিত ছাৰ ইজ দা বেষ্ট টিচাৰ , ছাৰে দীঘল নোটছ নিদিয়ে, টু দা পইন্ট পঢ়ায়, খুব সোনকালে ছাৰে পঢ়োৱা বস্তবোৰ আয়ত্ব কৰিব পাৰিছিলো । নিৰদা বাইদেউ আছিল ভেৰি পানচুৱেল । বাইদেউ কোনোদিনে ক্লাছলৈ দেৰিকৈ অহা নাছিল । মনজিত ছাৰে ছুটী ললে নিৰদা বাইদেৱে ক্লাছ লৈছিল আৰু নিৰদা বাইদেৱে ছুটী লোৱাৰ দিনা মনজিত ছাৰে ক্লাছ লৈছিল । ছিলেবাছ সময়ত শেষ হোৱাৰ ইও এটা কাৰন আছিল ।

সকলোতকৈ মোৰ আক্ষেপ আছিল ইংৰাজী ক্লাছকেইটাৰ । প্ৰথম কথা আছিল যে ক্লাছ নহয়েই । দ্বিতীয় কথা হল যে হোৱা ক্লাছকেইটাটো এনেকৈ পঢ়ায় যেন এম.এ পৰ্ষায়ৰ ষ্টুডেন্টক পঢ়াই আছে । আমি বিশেষকৈ অসমীয়া মাধ্যমত পঢ়ি যোৱাৰকেইটাৰ অৱস্থা তথৈবচ । কি পঢ়ায় মাথা-মুন্ডা ধৰিবই নোৱাৰো । আমাৰ শেষ ভৰষা দাস এন্ড ভুঞাৰ মডেল কুৱেচন আৰু আনছাৰছ , মোৰ দৰে হাজাৰ হাজাৰ ষ্টুডেন্টক বচাই দিয়াৰ বাবে দাস এন্ড ভুঞালৈ অশেষ ধন্যবাদ ।
ইঞ্জিনাৰিং এন্ট্ৰেন্স দিয়া নাছিলো, মেডিকেল দিছিলো , কাট অফতকৈ ১০ নম্বৰ কমিল । কটনত স্নাতক পঢ়িবৰ বাবে এপ্লাই কৰিলো, ফাষ্ট পৃফাৰেন্স ফিজিক্স , কেমেস্ত্ৰী আছিল ছেকেন্ড পৃফাৰেন্স ।

এডমিচন হলত বহি আছো । এগ্ৰিগেট স্কৰৰ ওপৰত এডমিচন হৈ আছে । প্ৰথমতে ফিজিক্সৰ এডমিচন চলিল । কাকতলীয়ভাৱে মাত্ৰ তিনি নম্বৰৰ বাবে ফিজিক্স অনাৰ্চত চিট নাপালো । কটনত কেমেস্ত্ৰী মেজৰত নাম লগালো ।
তাৰ পাছত গুৱাহাটী ইউনিভাৰচিটীত এম.এছ.চি আৰু তাৰ পাছত অ.এন.জি.চি ।

কেতিয়াবা ভাবো যদি সিদিনা নৃপাংক ছাৰে ক্লাছ ললেহেতেন, ডায়ডৰ বিষয়ে আয়ত্ব কৰিব পাৰিলোহেতেন, পৰীক্ষাত লিখিব পাৰিলোহেতেন, ফিজিক্সত তিনি নম্বৰ বেছি পালোহেতেন, কেমেস্ত্ৰীৰ সলনি তেতিয়া নিশ্চিতভাৱে ফিজিক্স মেজৰত নাম লগালোহেতেন ।

তেতিয়া তাৰ পাছত কি ঘটিলেহেতেন কব নোৱাৰিম কিন্ত কি কি নহলহেতেন.......... অশ্বিনী, অপুৰ্ব, প্ৰদ্যুম্ন, জীৱন, জয়ন্ত অলকেশ, সুব্ৰত, পল্লবী, পৰী, অঞ্জুহতক লগ নাপালোহেতেন । অ.এন.জিচিত চাকৰি নাপালোহেতেন ,ধুমিলদা, চানক্যদা, দীৰুদা, চন্দনদা, শ্যামলদা, ৰনদীপ, প্ৰজাপতি, খঞ্জনে মোক লগ নাপালেহেতেন ।

ব্যৱধান মাত্ৰ মাৰ্কচিট এখনৰ তিনিটা নম্বৰ ।

কটন কলেজ- ডিপ্ৰেচনত কেইদিনমান



ডিগ্ৰী থাৰ্ড ইয়াৰ, কটন কলেজ । থাৰ্ড ইয়াৰৰ পৰীক্ষাৰ বাবে যথেষ্ট প্ৰিপাৰেচন কৰিছো । কোৱান্টাম, ফিজিকেল, অৰ্গেনিক , ইনঅৰগেনিক । কনফিডেন্স লেভেল তুংগত, যোৱা ৪-৫ বছৰৰ প্ৰশ্নবোৰ জিভাৰ আগত, একেবাৰে ফালি দিয়াৰ প্লেনিং । ফিজিকেলত কমলেশ চৌধুৰী চাৰৰ নোটছ আছে, গতিকে চিন্তা নাই, নম্বৰ আহিবই ।

ফুল কনফিডেন্সত হলত বহিলো । ফিজিকেল কেমেস্ত্ৰীৰ পেপাৰখন হাতত । বিনা মেঘে ব্ৰজ্ৰপাত । ক্লাছ নোটছৰ ওপৰত অত্যাধিক ভৰষা কৰাৰ ফল হাতে হাতে পালো । পেপাৰখনত বেছিভাগেই কনচেপচুৱেল কুৱেচন । ইফালে সিফালে সহায়ৰ বাবে চালো । নাই । কোনোমতে চকুপানী ৰখাই পৰীক্ষা শেষ কৰি হলৰপৰা ওলাই আহিলো । লগৰ গণেশ, জীৱন, জয়ন্ত কাৰো মুখত হাহি নাই । সংগীতা, চামিয়াৰা বোলা দুজনীয়ে তো কান্দিয়েই পেলালে । মুঠতে মাতম কা মাহল ।

ফিজিকেলৰ পাছত অৰগেনিকৰ পৰীক্ষা আছিল । মাজত চাৰিদিনৰ গেপ । নিয়মমতে সেইচাৰিদিন তামাম পঢ়িব লাগিছিল । কিন্ত নোৱাৰিলো । কিতাপ মেলিলেই ফিজিকেলৰ পেপাৰখন চকুত ভাহি আহে । কোনোপধ্যেই ৪৫ ৰ পাৰ নহয় । ট্ৰেজেদীত চকু চলচলীয়া হৈ যায় । সেই চাৰিদিন এক মিনিটো পঢ়িব নোৱাৰিলো । একেবাৰে ডিপ্ৰেচন ফেজ । এইবাৰ ড্ৰপ দি অহাবাৰ ভালকৈ দিম জাতীয় চিন্তা এটাও আহিল।

তথাপিও অৰগেনিকৰ পৰীক্ষাৰ দিনা গলো । ট্ৰেজেডীৰ মাজতে হলত বহিলো । ইনভিজিলেটৰে বহী দিলে । পকেটত হাত ভৰাইহে গম পালো যে কলম নাই । ওচৰতে বহি থকা লৰা এটাৰপৰা কলম এটা ধাৰলৈ ললো । লৰাটোৱে অদ্ভুত টাইপৰ চাৱনি এটা দি ৰিফিল পেন এটা দিলে। কুৱেচন পেপাৰ হাতত পৰিল। প্ৰথম কুৱেচনটো নাইট্ৰোজেন থকা মলিকুল এটাৰ ৰিএৰেঞ্জমেন্টৰ ওপৰত । পান্নালাল গোস্বামী ছাৰৰ ক্লাছ এটালৈ মনত পেলালো । ষ্টিভেন্স ৰিএৰেঞ্জমেন্ট । লিখি গলো । তাৰ পাছত লিখিয়েই গলো । ৮৫ মান উত্তৰ কৰিলো ।

দুদিন পাছত ইনঅৰগেনিক পৰীক্ষা । পাছে পৰীক্ষাৰ দিনাই আলফা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ অসম বন্ধৰ আহ্বান । বেলতলাৰ পৰা যাবলৈ একো বাহন নাই । ৰাজহুৱা গাড়ী-মটৰ চব বন্ধ । গাড়ী থকা মানুহে নিজৰ গাড়ীত গৈছে । কেইখনমানহে অটো চলিছে । ভাৱিলো ইউনিভাৰচিটীয়ে পৰীক্ষা নিশ্চয় পিছুৱাই দিব । শ্বেয়াৰিঙত অট এখন লৈ কলেজ পালো । পাচ মিনিট দেৰিকৈ হলত সোমাই দেখো যে পৰীক্ষা চলি আছে । বকৱাচ গুৱাহাটী ইউনিভাৰচিটী । বহী আৰু পেপাৰ লৈ ছীটত বহিলো । মোটামোটি ঠিকেই হল ।

তাৰ দুদিন পাছত কোৱান্টাম । কোৱান্টাম দি আকৌ ডিপ্ৰেচন ফেজত গুচি গলো ।

প্ৰেক্টিকেল পৰীক্ষাত অৰ্চনা বাইদেৱে এক্সটাৰনেলৰপৰা ৰাহুদৃষ্টিৰপৰা বচালে।

পৰীক্ষাৰ পাছত নানা ধৰনৰ দুশ্চিন্তাই বাহ ললে । পৰীক্ষাতো বেয়া হলেই, ফাষ্ট ক্লাছ থাকিব নে নাই। ফিজিকেলত ফেইল নকৰোতো ! ইউনিভাৰচিটীত ছীট পাম নে নাই । ছীট নাপালে কি কৰিম । ভয়াবহ দুশ্চিন্তা । বি এড, বিচি.এ, চাকৰি, কিবা এটা কৰিব লাগিব । বেংক ক্লাৰিকেলত ডিগ্ৰী হলেই হৈ যায় , এচ.এচ.চি ও দিব পাৰিম ।
ডিপ্ৰেচন ফেজত হিচাপ নিকাচ কৰি থাকোতেই গম পালো যে কটনত প্লেছমেন্টৰ বাবে HSBC আহিব , BPO চাকৰি । যথাসময়ত কলেজ পালোগৈ । জীৱনৰ প্ৰথম চাকৰিৰ বাবে পৰীক্ষা । কেমেস্ত্ৰী ডিপাৰ্টমেন্টৰ গেলাৰীত লিখিত পৰীক্ষা এটা হল । ফালি দিলো । প্ৰথম ৰাউন্ড ক্লিয়াৰ । তাৰ পাছত এপটিটিউড । ফালিলো । তাৰ পাচত থাৰ্ড আৰু লাষ্ট ৰাউন্ড । গ্ৰুপ ডিচকাচন ।

জীৱনৰ প্ৰথম চাকৰিটো পাবলৈ মই মাথো টপিক এটাৰ ওপৰত সলসলীয়াকৈ ইংৰাজীত কেইমিনিটমান কব পাৰিব লাগিছিল । কিন্ত..... ইংৰাজী কব, লিখিব পাৰো ঠিকেই, কিন্ত কোৱাত সমস্যা । ফ্লুৱেন্সি নাই । ৰিজেক্ট হৈ গলো ।
চাকৰি নাপালো । সন্ধিয়া হেড ডাউন, টেইল ডাউন ফিলিং লৈ ঘৰ সোমালো ।

ডিগ্ৰী ৰিজাল্ট দিয়াৰ দিনটো যিমানেই ওচৰ চাপি আহিব ধৰিলে, সিমানেই ভয় লাগিবলৈ ধৰিলে । ৰিজাল্ট তো বেয়া হবই , যদি বহুত বেয়া হয়, মনজিত ছাৰ, ঋতুৰাজ ছাৰ, অৰ্চনা বাইদেউ, মৌচুমী বাইদেউক কি মুখ দেখুৱাম । আমন জিমনকৈ ঘৰতে সোমাই থাকি ডে অৱ এচাচিনেচনৰ অপেক্ষা কৰিবলৈ ধৰিলো ।

ডে অৱ এচাচিনেচন আহি পালে । ৰিজাল্ট দিলে । থাৰ্ড ইয়াৰত .......ফিজিকেলে ডুবালে-৪৫, অৰগেনিক- ৭৭, ইনঅৰগেনিক- ৬৮, কোৱান্টাম-৬৫, প্ৰেক্টিকেল- ৮৭, ৮৯ .........থাৰ্ড ইয়াৰত ৭৩.৫ পাৰচেন্ট । ডিগ্ৰীত মুঠ ৬৯.৩ শতাংশ । ইউনিভাৰচিটিত ৮ম স্থান । মুখলৈ পানী আহিল ।

দুশ্চিন্তা দুৰ হল । ইউনিভাৰচিটীত ছীট পাই গলো ।

কচোটি জিন্দেকি কী



লক্ষীদা, জেজেদা আৰু ধুমিলদাৰ ট্ৰেন্সফাৰে আমাক বহুত চিন্তাত পেলাই দিলে । গোটেইকেইজনকে একেবাৰে বম্বে হাইত পেলাই দিলেগৈ । ইয়াৰে ধুমিলদালৈ বহুত বেয়া লাগিল । বেচেৰা চিংগল হৈয়েই অসম এৰিলে ।
- অহাবাৰটো আমাৰো ট্ৰেন্সফাৰ হব, টেনচন হৈ যাব নহয় .........
- ফৰটিন ডেইজ পালে বাচি যাম , নহলে জেং হব ......
- তাকেইতো ...............

তিনিজন চিনিয়ৰ কলিগৰ লগত সন্ধিয়া কাফে হেনৰিক্সত বহি আছো । তিনিওজনেৰে চিন্তাৰ কাৰণ এটাই । ট্ৰান্সফাৰ । প্ৰথমজনে বিয়া বাতিছিল ডাক্টৰ এগৰাকীক, দ্বিতীয়জনৰ ৱাইফ আই.টি ইঞ্জিনিয়াৰ, তৃতীয়জনৰ পি.এইচ.ডি ।

প্ৰথমগৰাকী মেডিকেল কলেজত এম.অ, দ্বিতীয়গৰাকী গ্ৰামীণ বেংকৰ পি.অ আৰু তৃতীয়গৰাকী কলেজৰ প্ৰফেছাৰ ।
মই এতিয়ালৈ চিংগল । মানে অহাবছৰ ট্ৰেন্সফাৰ লিষ্টত মোৰো নাম আছে । ট্ৰেন্সফাৰৰ আগতেই ডবল হব লাগিব আৰু এনেকৈ ডবল হব লাগিব যাতে ট্ৰেন্সফাৰত চিংগল হৈ যাবলগীয়া নহয় ।

- গুজৰাট-ইউ.পি-ৰাজস্থানৰ ফালেই ভাল হে , ছোৱালীবোৰে চাকৰিৰ বেছি মাথা নামাৰে, চিৰিয়েলবোৰত যে দেখায় , চাচ-বহু-ননদ-দেবৰানী টাইপৰ, সন্তোষ সিং, ৰবি ৰাথোড়হতকে চোৱা , চেন কী জিন্দেকি.....
- ট্ৰেন্সফাৰত নি অফিচত বহাই দিলে তো খেলাই খটম, লক্ষী-ধুমিল-জেজেহতে ফৰটিন ডেইজ পালে বুলিহে.......
- কিমান দিনলৈ ,খুব বেছি ৫ বছৰ, তাৰ পাছত........

স্মাৰ্ট মানুহে অইনৰ ভুলৰপৰা শিকে । এওলোকৰ টেনচনৰপৰা মই ভালকৈ শিক্ষা লৈছো ।
- মোৰ ক্ৰাইটেৰিয়া জাষ্ট বি,এ- এম,এ , আপোনালোকৰ নিচিনা টেনচন লোৱাত নাই দেই................... মই কলো
এনেতে পাছফালৰ টেবুলখনৰ পৰা কোনোবা এজনে মাত লগালে
- হোৰা ভাইটি , জো আদমী চচতা হে ৱ নহী হোতা হে, জো হোতা হে ৱহী হোতা হে

মানুহজন উঠি আহি আমাৰ টেবুলত বহিল ।
- সিদ্ধাৰ্থ পৰাশৰ, আই.অ.চি ইঞ্জিনিয়াৰ....... মানুহজনে কলে
- মানে আপুনি..... মই সুধিলো
- মানে ময়ো এইবোৰ কথা ভাবিয়েই একদম চাই চাই বিয়া পাতিছিলো, এম.এ ইন পল.চাইন্স , কেইমাহমান ঠিকে গল, মৰম দিলো, চেনেহ দিলো, পঢ়া শুনা কৰিবলৈ উতসাহো দিলো, চাল্লা এপি.এছ.চি পাই গল নহয়, লেবাৰ ইন্লপেক্টৰ
- ভালহে হল.........
- কিহৰ ভাল হে, মই থাকো গুৱাহাটীত, তাইৰ চাকৰি তিনিচুকীয়াত, মাহত দুবাৰ লগ পাও তাকো দুদিনৰ বাবে, মাহতক লাগে বাচ্চা, তাইক টাইম লাগে কেৰিয়াৰৰ বাবে, মোৰ ট্ৰেন্সফাৰ আহিছে মথুৰালৈ , চাল্লা ঝন্ড হৈ গৈছে লাইফ ..........সিদ্ধাৰ্থ পৰাশৰে টেবুলত ঢকা এটা মাৰি দিলে
- তেনেহলে বি.এ

এইবাৰ সিদ্ধাৰ্থ পৰাশৰৰ টেবুলত বহি থকা লোকজনে মাত লগালে .........
- মোৰ ৱাইফ বি.এ , দিছপুৰ কলেজৰপৰা জেনেৰেল বি.এ, কেইমাহমান ঠিকে গল, তাৰ পাছত চাকৰি কৰাৰ ভুত লাগিল, ঘৰত বহি আমনি লাগে বোলে, প্ৰথমে টাটা ইন্ডিকমৰ আউটলেটত বহিল , টাটা ইন্ডিকমে অসম এৰোতে অলপ সকাহ পালো , বাচ্চা এটা হল , অলপ ডাঙৰ হৈছিলহে, আকৌ বোলে ঘৰত টাইম পাছ লহয়, এইবাৰ ভোদাফোনত কল টেন্টাৰত সোমাইছে । এতিয়া মই অফিছ যাও, তাই ভোদাফোনত, এবছৰীয়া বাচ্চাটো ক্ৰেছত আৰু ফ্লেট লকড । চব মোহ মায়া বুজিছা , চব মোহ মায়া.................. মানুহজনে হাতত থকা গিলাছটোৰ ৰঙীণ পানীয়খিনি একেবাৰতে খাই দিলে

আচলতে ভুলটো একতা কাপুৰৰ । আগতে কুমকুম , কচোটি জিন্দেগি কী, কিউ কি চাচ ভী কভী বহু থী আছিল । ঘৰত থকা মানুহবোৰৰ বঢ়িয়া টাইম পাচ হৈছিল । ঘৰ-গৃহস্থী সুখে সন্তোষে চলি আছিল । একতা কাপুৰৰ ক্ৰিয়েটিভিটি নোহোৱা হৈ যোৱাৰপৰাই প্ৰবলেম । এতিয়াৰ চিৰিয়েল কেইখনৰ আগৰ দম নাই ।

এৰেঞ্জ মেৰেজ- কুহেলিকা



সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা আৰু শ্যামলদা নামতহে, কামত একো নাই । দীৰুদাই পুৰা ট্ৰাই কৰি আছে, আনকি খঞ্জনো লাগি আছে ।
দীৰুদাই কোৱা মতে একেবাৰে মেটচিং, চব অকে, উজানবজাৰত ঘৰ, ইউনিভাৰচিটিৰপৰা এম.এ কৰি পি.এইচ.ডি কৰি আছে, ঘৰৰ মানুহো পুৰা ষ্ট্ৰিক্ট টু দা প্ৰিন্সিপলছ , এইবাৰ কেচ চেটল হৈ যাব ।

এটা বছৰ আগলৈকে দীৰুদা আৰু মোৰ অৱস্থা একেই আছিল । দুয়োজনে আছিলো প্যাৰ-মুহাব্বত নিজে গোটাই লোৱাত নাকাম মক্কেল । কিন্ত দীৰুদাই এৰেঞ্জ কাম লাভ কৰি নিজৰ কেচ চেটল কৰি ললে । এতিয়া দীৰুদাৰ মোৰ বাবে খুব চিন্তা ।
দীৰুদাই কোৱামতেই ব্লেক টিচাৰ্ট-ব্লু জিনছ পিন্ধি বালাজীৰ ফ্ৰন্টৰ ধাবা কাম ৰেষ্টোৰা পালোগৈ । গাড়ীখন পাৰ্ক কৰিলো । কুহেলিকাই য়েলো পিন্ধি আহিব । হোৱাটছএপত দীৰুদাই পঠোৱা ফটোখন চাই ললো ।

কিছুসময় পাছত কুহেলিকা আহিল । আমি ধাবাৰ কটেজ এটাত সোমালো । অলপ নাৰ্ভাছ ফিলিঙ আহিল । এইটো ক্ষেত্ৰত মই বিগ জিৰো, লাইফত কাৰোবাৰ লগত চেটিং হোৱা দুৰৰ কথা, ডেটিঙেই নহল কেতিয়াও , সেয়েহে এতিয়া এৰেঞ্জেড ডেটত আহিবলগীয়া হৈছে ।

- অৰ্ডাৰটো দিয়ক ............ ৱেইটাৰ এজন কটেজটোলৈ সোমাই আহিল
- কি খাবা ......... মই কুহেলিকাৰ ফালে চাই সুধিলো
- আপুনিয়ে দিয়কচোন, .......... কুহেলিকাই কলে
- চিকেন তন্দুৰী হাফ, চিকেন দো পিয়াজা, বাটাৰ নান চাৰিখন, কোকা কোলা দুটা......... মই কলো
কুহেলিকাই ষ্টাৰ্টাৰ হিচাপে পনীৰ পকোৰা আৰু পনীৰ বাটাৰ মচলা এটা এড কৰি দিলে । অৰ্ডাৰটো লৈ ৱেইটাৰজন গলগৈ ।
- আৰু কোৱা তোমাৰ বিষয়ে, হবি এটচেট্ৰা ........... মই কলো
- চাওক , আই এম ষ্ট্ৰেইট ফৰৱাৰ্ড, মই দেলহী গৈছিলো গ্ৰেডুৱেচনৰ কাৰনে, দেয়াৰ আই হেড এন এফেয়াৰ, বাহিৰৰ লৰা আছিল, আই ৱাজ ইমমেচিয়ৰড , দা ৰিলেচনচিপ ব্ৰকড আপ , ইট ৱাজ এ বেড ড্ৰীম ফৰ মি...... কুহেলিকাই কলে
- দিজ থিংচ আৰ কমন, এইবোৰ তো জীৱনৰ এটা অংশ .......... মই কলো
- তাৰ পাছত মাষ্টাৰ্চৰ বাবে মই গুৱাহাটীলৈ আহিলো , তাত শিবেন্দু মোৰ জীৱনলৈ আহিল, মোৰ ক্লাছমেট আছিল, প্ৰথমতেই আই টল্ড হিম এভৰিথিং , ডেৰ বছৰৰ ৰিলেচনৰ পাছত সি গম পালে যে হি হেড চাম প্ৰবলেম বিকজ আই হেড এ পাষ্ট এফেয়াৰ ..... কুহেলিকাই এটা হুমুনিয়াহ কাঢ়িলে
- এতিয়া............ মই সুধিলো
- এতিয়া আই এম কনচেনট্ৰেটিং অন মাই ষ্টাডিজ, পি.এইচ.ডি, নাথিং এল্জ ...... কুহেলিকাই ক্ষীন হাহি এটা মাৰি কলে

কুহেলিকাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ভাল লাগিল । সাধাৰনতে এইধৰনৰ কথা মানুহে লুকুৱাবলৈ চেষ্টা কৰে , কিন্ত কুহেলিকা, কুহেলিকালৈ কিবা এটা ভাল লাগি গল ।
- অতীত সদায় অতীতেই , আই থিংক উই চুড লিভ আৱাৰ প্ৰেজেন্ট, এন্ড চেপ আৱাৰ ফিউচাৰ ........... মই কলো

কুহেলিকাৰ লগত আৰু অলপ কথা পাতিলো । কুহেলিকাইও নীলা ৰঙটো ভাল পায়, ক্ৰিকেট ভাল পায়, মেছিৰ বিৰাট ফেন, জগজীত সিঙৰ গজল, জুবিনৰ মায়াবিনী তাইৰ ফেভাৰিট । লাহে লাহে মোৰ ভাৱ হল ইমানদিনে যি মুহাব্বতৰ সন্ধানত আছিলো, কুহেলিকাই সেই ভালপোৱা ।

কুহেলিকাক মই পচন্ড কৰি পেলাইছো , কুহেলিকাৰ স্পষ্টবাদিতা আৰু সৰলতাই মোক মুগ্ধ কৰি পেলাইছে । কিন্ত কথাটো হল তাই মোৰ বিষয়ে কি ভাৱিছে ।
- আই থিংক আই ষ্টাৰটেড লাইকিং ইউ, আপুনিও মোক অইনৰ দৰে এৰি নাযায়তো.......... কুহেলিকাৰ চকুত আকুলতাৰ চিন

লাইফত প্ৰথমবাৰৰ বাবে কোনোবাই এনেকৈ কৈছে । নাৰ্ভাছ হৈ গলো । বাথৰুমৰপৰা আহো বুলি কৈ কটেজৰ বাহিৰ ওলালো । ধাবাৰ ভিতৰত থকা বেচিনত মুখখন ধুই ললো । হয়তো আজিৰেপৰা মোৰ এটা নতুন জীৱনৰ আৰম্ভনি হব ।
- অই ইয়াত কি কৰি আছ বে ......... পাছফালৰপৰা কোনোবাই মাতিলে

ঘুৰি চাই দেখিলো পাছফালে কৌশিকদা ৰৈ আছে । কৌশিকদা কলেজত চিনিয়ৰ আছিল । মাল্টিনেচনেল এটাত কাম কৰে ।
- আৰে কৌশিকদা , কি খবৰ, এতিয়া কত, দেলহী নে চেন্নাই ......... মই সুধিলো
- সেইচব বাদ দে, লিকাৰ লগত কি কৰি আছ.......কৌশিকদাই সুধিলে
- কোন লিকা
- তোক সোমোৱাৰেপৰা দেখি আছো, কুহেলিকা বৰাৰ লগত কি কৰিছ
- মানে কৌশিকদা , বিয়াৰ বয়স হৈছে তো, চো ........ মই লাজ লাজকৈ কলো
- কি ডিচাইড কৰিলি
- ছোৱালীজনী ভাল, মোৰ ফালৰপৰা অকে আছে......... মই কলো
- তাইৰ কথাবোৰ জান তো
- জানো, তাইয়েই কৈছে, এইবোৰ কমন কথা
- কি, তথাপিও অকে.......... কৌশিকদাই আচৰিত হোৱাৰদৰে সুধিলে
- অ
- আব্বে, দেলহীত থাকোতে তিনি বছৰত পাচটা লিভ ইন ৰিলেচন, ইয়াত চিবু নে ফিবু, আৰু তো আছেই
- মানে আপুনি কেনেকৈ চিনি পায়........ মই সুধিলো
- আব্বে মক্কেল , দেলহীত ময়ো তাইৰ লগত চাৰিমাহ মান লিভ ইনত আছিলো
- মানে এক্সুৱেলি, মই আপোনাক কিয় বিশ্বাস কৰিম ......... মোৰ টেনচন হৈ গল
- ৰহ এক মিনিট

কৌশিকদাই আইফোনটো উলিয়াই নাম্বাৰ এটা ডায়েল কৰিলে । মই ওলাই অহা কটেজটোৰপৰা ৰিংটন এটা বজা যেন লাগিল ।
- হেলো ............. সিফালৰপৰা কুহেলিকাৰ মাত শুনা গল
- হাই চুইটি কত.......... কৌশিকদাই কলে
- অলপ বিজি আছো কৌছিক, পাছত কল কৰি আছো......... সিফালৰপৰা কুহেলিকাৰ মাত
- কাৰ লগত বিজি হে, চিবুৰ লগত নেকি
- নাই
- গুৱাহাটী গৈ আছো ....... কৌশিকদাই কলে
- অহ, আহিলে লগ ধৰিব দেই, বহুত কথা আছে
- চিবুই একো নকয় তো
- তাৰ লগত এতিয়া একো নাই, বেছি চিৰিয়াছ হৈ গৈছিল সি, বাদ দিলো
- এতিয়া
- চাও , আইটেম এটা আছে, ফৰ দা টাইম বিং.......সিফালৰপৰা কুহেলিকাৰ মাত
- চো
- আই উইল কল য়ু লেটাৰ, এতিয়া ৰাখো........... কুহেলিকাই ফোনটো কাটি দিলে

ৱেটাৰ এজন অৰ্ডাৰ দিয়া বস্তবোৰ লৈ কটেজটোলৈ সোমাই যোৱা দেখিবলৈ পালো । কৌশিকদাই মোৰ ফালে চাই কুটিল হাহি এটা মাৰিলে ।
হাজাৰ হলেও মই চিধা-চিধি মানুহ । ইমান টেনচন মই লব নোৱাৰো । এনেয়েও ইন্দ্ৰানী মুখাৰ্জীয়ে এইকেইদিন চব নিউজ চেনেলতে ভুমুকি মাৰি আছে ।

ধাবা এখনত বিল নিদিয়াকৈ অৱলা নাৰী এগৰাকীক এৰি পলায়ন কৰাৰবাবে যদি কোনোবাই মোক বেয়া পায় পাওক । ভাৰ মে জায়ে দুনিয়া । চিধাই গাড়ী ষ্টাৰ্ট দি তাৰপৰা নোহোৱা হৈ গলো ।

হাইৱেত কোনোমতে মন-মগজু ঠান্ডা কৰি গাড়ী চলাই আছো । দহ মিনিটমান পাছত দীৰুদাই ফোন কৰিলে ।
- কত আছ বে........... সিফালে দীৰুদাৰ মাত
- আপুনি বিচৰা মানুহজনে জীৱনৰ কমপ্লেক্স কুহেলিকাৰপৰা পলায়ন কৰি নিৰাপদ ঠাইলৈ গৈ আছে, অনুগ্ৰহ কৰি কেইদিনমান পাছত ফোন কৰিব ...............এইবুলি কৈ ফোনটো অফ কৰি মই এক্সেলেটৰ দবাই দিলো ।

এৰেঞ্জ মেৰেজ- অচিন্ত্যদাৰ ইফৰ্ট

- তোমালৈ ছোৱালী এজনী চাইচো .......... অচিন্ত্যদাই ফেচবুকত মেচেজ এটা দিলে
- অকে, বঢ়িয়া, কোন কৰ কত , ডিটেইলছ......... মই ৰিপ্লাই দিলো
- ডিটেইলছ বাৰু পাই যাবা, তোমাৰ ডিটেইলছ অলপ দিয়াচোন
- মোকতো আপুনি জানেই
- হলেও, পৰ্টপলিও এটা দিয়াচোন
অচিন্ত্যদাক পুৰা ডিটেইলছত দি দিলো । পুৰাপুৰি চাৰি পৃষ্ঠাৰ চিভি ।
- ইমান দীঘল........ অচিন্ত্যদাই মেচেজ দিলে
- আৰু দুটামান ইম্পৰটেন্ট কথা থাকি গল
- কি
- মানে কন্ত্ৰভাৰচেল বাট চিগনিফিকেন্ট । আখিৰ বহত চাৰী জিন্দেগীৱো কা চৱাল হে । বটমলাইন ইজ..........আফটাৰ মেৰেজ, ৱাইফে চাকৰি কৰিবলৈ নেপাব,
(যিহেতু মোৰ ট্ৰান্সফাৰেবল জব, পাচ বছৰীয়া ইন্সটলমেন্টত ভাৰতৰ ডিফাৰেন্ট জনত ঘুৰিব লাগিব, পাছলৈ লৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ কথাও আছে)

ছেকেন্ডলি টকা-পইচা যিমান পাও তাতেই সন্টুষ্ট, মোৰ বহুত হাই-ড্ৰীম নাই, মই একদম চৌখিন, এম্বিচিয়াছ জাতীয় নহয়, চো লাইফ পাৰ্টনাৰও তেনেকুৱা হোৱাটো হলে ভাল হয় ।

তৃতীয়তে ভৱিয্যতে যতেই ট্ৰান্সফাৰ নহও কিয়, আন্দাৰ অল চাৰকামষ্টেনচেচ মা-দেউতাক লগত ৰখাৰ সম্ভাৱনা আছে, গতিকে ভৱিষ্যতে ৱাইফে শাহু-শহুৰৰ সৈতে থাকিবলৈ ইচ্ছুক হব লাগিব ।

বি.দ্ৰ. বৰ্তমানৰ প্লেন.... মাটি এডোখৰ কিনিম (গুৱাহাটীৰ আশে পাশে) , তাৰ পাছত বেংকৰ লোন লৈ ঘৰ এটা ষ্টাৰ্ট কৰিম, তাৰ পাছত বিয়া, টাৰ্গেট - ২০১৬ ৰ মাজভাগলৈ লৈছো । এইকেইটা ঠিক চৰ্ত নহয়, আগলৈ সুখে শান্তিৰে হেডেক ফ্ৰী হৈ আৰামত থকাৰ - এ স্মল প্ৰিকউচন.............. মই অচিন্ত্যদালৈ মেচেজ দিলো

- চৰ্তকেইটা ভালেই দেখিছো, পিছে এইকেইটাত উপস্থাপনৰ ক্ষেত্রত আমি , মানে কোনো তৃতীয় পক্ষ মাজত সোমোৱাৰ কথা নাহে। কন্যাৰ সৈত্যে মূখামূখি হোৱাৰ সময় আহিলে এইখিনি (লগতে আৰু কিবা ক'ব লগা থাকিলেও একেলগ কৰি) নিজে কোৱাটোহে উচিত হ'ব। এটা কথা ঠিক যে ওপৰৱালাই কেতিয়াও এশ শতাংশ মনোকামনা পূৰ্ণ হোৱাকৈ যোৰা অহা কুণ্ডলী নিলিখে, কেই শতাংশমান এৰা ধৰা, কেই শতাংশমান বুজা পৰা আৰু কেই শতাংশমান পৰিস্থিতিসাপেক্ষে ঠিক কৰি ল'বলৈ তেওঁ মানুহলৈ বাকী কৰি ৰাখেই। তথাপি কেই শতাংশমান বাকী থাকি যায়গেই। যোৰা এটা সফল হ'বলৈ পতি পত্নীৰ মাজত প্রেমেই আচল কথা, প্রেমত ভেজা দি বাকীখিনি আগবাঢ়ে। পৰিস্থিতি আৰু চৰ্ত সময়সাপেক্ষে পৰিবৰ্তনশীল। গতিকে এই বিষয়ে আগতীয়াকৈ ক'বলৈ গৈ মই নিজকে যোৰা এটাৰ ইনবিল্ট শত্রুপক্ষলৈ ৰূপান্তৰিত কৰিব নোখোজো। তাতে এই কন্যা মোৰ বাবেও একেবাৰেই অপৰিচিত বুলিব পাৰি...... অচিন্ত্যদাই মেচেজ দিলে

- অচিন্ত্য দা, মিচআন্ডাৰষ্টেন্ড নকৰে যেন, এইকেইটা ফিলিং জাষ্ট আপোনাৰ জ্ঞাতাৰ্থে ডাঙি ধৰিছিলো । আপুনি কেৱল সিটোপক্ষত কথাই কথাই ১ নং টো জনাই দিলেই হল যে ....পাত্ৰ অমুক, অমুক কৰে, এনেকুৱা (অলপ গুণ-চুনৰ লগত দোষও গাব ) , পাত্ৰৰ ঘৰে চাকৰিয়াল বোৱাৰী নিবিচাৰে , ইত্যাদি । বাকীকেইটা টো ১ নং টোৰ কনচিকুৱেন্স । আজিৰ তাৰিখত পঢ়া-শুনা কৰাৰ পাছত প্ৰায় সকলোৱে চাকৰি কৰিব বিচাৰে, কেৰিয়াৰত মন দি স্বাবলম্বী হব বিচাৰে, সেইটো টো জনা কথাই । তাৰ মাজতো যদি কোনোবা ওলায় যিয়ে ঘৰ ধৰিব বিচাৰে,...... মইও জানো যে ইট ইজ ভেৰি ডিফিকাল্ট টু ফাইন্ড চাচ গাৰ্ল :( তথাপিও যদি ডেয়াৰ ইজ চামৱান হু থিংকচ লাইক মি.....জাষ্ট এ ফিলিং :D............... মই টাইপ কৰিলো

- মিছআণ্ডাৰষ্টেণ্ডৰ কথা মোৰ লগত নাই । আচলতে তুমি কোৱা কথাটো শুদ্ধ আৰু গোটেইকেইটা চর্তই মোৰো প্রিয় । পিছে পঢ়া শুনা ছোৱালী বিচাৰিলে ১নং চর্ত পালন কৰাত অলপ অসুবিধা আহে । ইপিনে একেবাৰে চাকৰি পোৱাৰ অনুপযুক্ত এজনীয়ে বাকীকেইটা চর্ত পালন কৰিব পাৰিব বুলিও গেৰাণ্টি নাই । তদুপৰি জীৱন কচু পাতৰ পানী বুলিও ভবিষ্যতৰ চিন্তা নকৰিলেও অন্ততঃ সন্তানৰ পঢ়া শুনাৰ দায়িত্বৰ বাবেও মাকজনী অলপ শিক্ষিত হোৱা দৰকাৰ । ........বাৰু কি হয় দেখা যাওকচোন ......... অচিন্ত্যদাই মেচেজ দিলে

"বাৰু কি হয় দেখা যাওকচোনৰ" দুবছৰ পাৰ হৈ গল । কিন্ত আজিলৈকে অচিন্ত্যদাই দিব বুলি ভৱা মেচেজটো মোৰ ইনবক্সত দেখা নগল ।

এক্সটাৰনেল

তেতিয়া মই লিয়েন ভেকেন্সি এটাত কলেজ এখনত কাম কৰি আছো। ডিগ্ৰী চেকেন্ড ইয়াৰৰ কেমেষ্ট্ৰী প্ৰেক্টিকেলত মোক ইন্টাৰনেল বনাই দিলে । এক্সটাৰনেল হিচাপে আহিল পূব কামৰূপ কলেজৰ মেডাম এগৰাকী। পৰীক্ষা আৰম্ভ হল।

ষ্টুডেণ্ট মাত্ৰ চাৰিজন।
অম্লান আৰু ছোৱালী এজনী ৰেগুলাৰ। বাকী দুজন ৰিপিটাৰ্চ।
নিয়মমাফিক লেবৰেটৰীত টহল দিলো, এক্সটাৰনেলে লৰাছোৱালীকেইটাৰ ভাইভা ললে।
মাজতে মই ষ্টুডেণ্ট কেইজনক বহীত কটা-কুটা নকৰাকে ভালকৈ লিখিবলৈ ইন্সট্ৰাকচন দি আহিলো।
অম্লান লৰাটো চোকা। চোকা মানে ডিগ্ৰী ফাষ্ট ইয়াৰত প্ৰথম শ্ৰেণী পাই থৈছে।
পৰীক্ষা শেষ হল।
এক্সটাৰনেলে বহী চাবলৈ ধৰিলে।

প্ৰথম বহীখন চাই এক্সটাৰনেলে নম্বৰ দিলে ৫০ ৰ ভিতৰত ৪০

- মেডাম নম্বৰ বহুত কম হল....... মই কলো
- মানে..... মেডামে সুধিলে
- মাত্ৰ চল্লিশ
- আখৰ বহুত বেয়া হে, আৰু ইমান স্পেলিং মিছটেক
- লৰাটো পঢ়াত ভাল, নম্বৰ কমিলে প্ৰব্লেম হব..... মই কলো
- এহ, আমাৰ দিনতনো কিমান নম্বৰ দিছিল হে, নম্বৰ নিদিয়ে....... মেডামে কলে
- মেডাম আপুনিটো মাষ্টাৰ্চ কৰিয়েই চাকৰিত সোমাইছিল, আজিকালিতো নাপাব, আৰু কেইটামান নম্বৰ দিলে পকেটৰপৰা একো নাযায় দিয়কচোন
- তথাপিও
- এহ মেডাম হব দিয়ক আৰু

তাৰপাছত মই বহী চাৰিখন মোৰ হাতলৈ আনিলো। প্ৰথম বহীখন পুনঃমুল্যায়ন হৈ নম্বৰ ৪৮ হলগৈ। বাকী তিনিখনতো ৪৬, ৪৫, ৪৫ হল।

হোষ্টেল

(১)

প্ৰায় তিনিবছৰৰ পাছত বন্ধুৰ অজ্ঞাতবাসৰ অন্ত পৰিল । বন্ধুই প্ৰতিযেগিতামুলক পৰীক্ষা এটা দি ভাল চাকৰি এটা পালে । টেনচনফ্ৰী বন্ধুই এদিন মোক ইউনিভাৰচিটীৰ ফালে পাক এটা মাৰিবলৈ লগ ধৰিলে ।

মোৰ চৈধ্য দিন ডিউটি, চৈধ্য দিন অফ । অফৰ কেইদিন মোৰ সময়েই সময়, কৰিবলৈ কিন্ত একো নাই । লগে লগে বাইক ষ্টাৰ্ট দি বন্ধুক পাছছিটত উঠাই দিলো । প্ৰথমতে ইউনিভাৰচিটিৰ ডিপাৰ্টমেন্ট পালোগৈ । থিয়ৰী কৰা গেলাৰী, প্ৰেক্টিকেল ৰুম , বাহিৰৰ কৃষ্ণচুড়াজোপাৰ কাষৰ চিৰিকেইটা দেখি দুয়োটা নষ্টালজিক হৈ পৰিলো । পুৰনা কথা ৰোমন্ঠন কৰিলো । দুগৰাকী ছাৰকো লগ কৰিলো । বন্ধুই চাকৰিৰ মিঠাই লৈ গৈছিল । ছাৰসকলে আশীৰ্বাদ দিলে । বিয়াৰৰসকলকো মিঠাই খুওৱাৰ লগতে বেছ কিছুসময় আদ্দা জমিল ।

- বলা , হোষ্টেলত ভিজিট দি আহো ......... বন্ধুই কলে
বন্ধুই ইউনিভাৰচিটীত থাকোতে আৰচিচি বয়জ হোষ্টেল এটাত থাকি পঢ়িছিল । আৰ.চি.চি হোষ্টেল পালোগৈ ।

দুপৰীয়াৰ সময় । হোষ্টেল পাই বন্ধু আৰু বেছি আবেগিক হৈ পৰিল ।
- এই হোষ্টেলতে আমি কিমান এনজয় কৰিছিলো , সেই দিনবোৰ যদি ঘুৰাই পালোহেতেন...... বন্ধুই কলে

(২)

কৰিডৰেদি সোমাই তিনি নম্বৰ ৰুমটোৰ নাম খৰিকাজাই । এই ৰুমটোতে বন্ধু এম.এছ.ছি কৰি থকাৰ সময়ত আছিল । ৰুমটো ভিতৰৰপৰা বন্ধ হৈ আছিল । বন্ধুই দুৱাৰত টোকৰ মাৰিলে । খৰিকাজাই বেকগ্ৰাউন্ডত লৈ মই বন্ধুৰ ফটো এখন তুলিলো । বন্ধুই আৰু এবাৰ দুৱাৰত টোকৰ মাৰিলে ।

দুৱাৰখন সামান্য ফাক হৈ মুৰ এটাই ভিতৰৰপৰা ভুমুকি মাৰিলে । মুৰটোৰ গাত বনিয়ন আৰু হাফপেন্ট ।
- মই চিনিয়ৰ , ২০০৯ বেটছ, এইটো ৰুমতে মই আছিলো........বন্ধুই কলে
মুৰটোৱে অলপ সময় কিবা ভাৱিলে আৰু তাৰপাছত দুইমিনিট ৰবলৈ কৈ দৰ্জাখন বন্ধ কৰি দিলে ।
দহমিনিটমান পাছত দৰ্জাখন খোল খালে । মুৰটোৰ গাত এইবাৰ টি-ছাৰ্ট আৰু ট্ৰেক পেন্ট । অত্যুতসাহী বন্ধুু আবেগিক হৈ নিজৰ পুৰনা ৰুমটোলৈ সোমাই গল , পাছ পাছে মই ।

মাত্ৰ ত্ৰিশ ছেকেন্ড আমি ৰুমটোৰ ভিতৰত থাকিলো । ৰুমটোত বিছনা দুখন আছিল । তাৰে এখন বিচনাত ছোৱালী এজনী বহি আছিল । ছোৱালীজনীৰ চুলিবোৰ অবিনস্ত । এনেকুৱা পৰিস্থিতিত পৰিম বুলি আমি ভৱা নাছিলো ।
- ৰুমটো চাব আহিছিলো, চালো, হব একো নাই , নো প্ৰবলেম ........... বন্ধুই কৈ ৰুমটোৰপৰা ওলাই আহিল, আগে আগে মই । দৰ্জাখন আকৌ বন্ধ হৈ গল ।

(৩)

এইবাৰ আমি মনিটৰৰ ৰুমলৈ গলো । যিমানদুৰ মোৰ মনত আছে ৰুমটোত লৰা এটা আছিল । বন্ধুৱে নিজৰ পৰিচয় দি সোমাল । মনিটৰে বন্ধু আৰু মোক আঠেবেথে বহিবলৈ দিলে । বন্ধুই হোষ্টেলৰ পুৰনা পাৰ্টনাৰোৰৰ খবৰ ললে । কিছুসময় পাছত আৰু ৪-৫ টামান লৰা গোট খালে । বন্ধুই কল্ড ড্ৰিংকছ আনিবলৈ টকা পাচশ উলিয়াই দিলে । ১ম চেমৰ লৰা এটাক আৰ্টছ কেন্টিনলৈ পঠোৱা হল ।
- আছা বাৰু দাদা, আপুনি পোৱা চাকৰিটো কেনেকৈ পায়হে......... লৰা এজনে বন্ধুক সুধিলে

বন্ধুই কৈ গল,,,,,, পৰীক্ষা পদ্ধতি , জি.কে, কাৰেন্ট এফেয়াৰ, ইংলিছ, নোটছ, পেপাৰ চল্ভ , যি জানে বন্ধুই হিয়া উজাৰি কৈ গল । কিন্ত মই লক্ষ্য কৰিলো যিমান উতসাহেৰে বন্ধুই কৈ আছিল , লৰাকেইটাই কিন্ত শুনা নাই , এনেয়ে ইচাত বিছাট কৰি আছে, একমাত্ৰ মনিটৰটোৱে মন দি শুনাৰ অভিনয় কৰি আছে , বন্ধুই পাছে কৈয়ে আছে, ছিলেবাছৰ কথা, কিতাপৰ নাম ।
- দাদা সেইবোৰ বাৰু হব, খৰছ কিমান পৰিল সেইটো কওক, লিংকটো আমাক দি দিব , বাকী যোগাৰ কৰি লম............... তাৰে লৰা এজনে কলে

বন্ধু হঠাত ৰৈ গল । মোৰ বহুত খং উঠিছিল ।
- ভাইটি, ভালকৈ পঢ়িলে পইছা নোহোৱাকৈও চাকৰি পাই যায় , মানে অলপ চোকা হব লাগিব , অলপ কষ্ট কৰিলে আৰামত পাই যাবা । বাৰু চাকৰি বাদ দিয়া, এইবাৰ ভাৰচিটি উইকৰ প্ৰিপাৰেচন কেনে , আমাৰ টাইমত আৰ.চি.চি একেবাৰে টপত আছিল কিন্ত ................ মই কলো

ইতিমধ্যে শীতল পানীয় আহিল । শীতল পানীয় শেষ হোৱালৈকে অঞ্জনদা, ৰিতুদা আৰু ভপুদা নামৰ চিনিয়ৰ কেইজনমানৰ প্ৰেমকাহিনীৰ সৰস ডিছকাছন হল ।
শীতল পানীয় শেষ কৰিয়েই আমি বাহিৰ ওলালো । মনিটৰে বন্ধুৰ নাম-ঠিকনা-ফোন নং ৰাখি থলে । খৰিকাজাইৰ দুৱাৰখন তেতিয়াও ভিতৰৰপৰা বন্ধ ।

(৪)

বাইক ষ্টাৰ্ট দিলো ।
- ভাল কথাৰ ভেলুই নাই.......... বন্ধুই দুখেৰে কলে
- ইহতে ইমান এনজয় কৰি আছে, মদৰ সোৱাদ, চিগাৰেটৰ ধোৱা, যৌবনৰ আমেজ লৈ আছে, তাত তুমি পঢ়াৰ কথা কলে মানুহে আমনি পাবই দিয়াচোন, এতিয়া ইহতি কি শুনি ভাল পাব, লাভ- চেক্স-ধোকাৰ সস্তীয়া কথা, আৰু ৰাতিলৈ ৰঙীণ পানীয় স্পনচৰ কৰি আহিলেতো তোমাৰ সমান ভাল চিনিয়ৰ কোনো নাথাকিলেইহেতেন........... মই কলো
- তথাপিও, আমাৰ কিমান বেয়া ষ্টেজ গৈছিল
- সেইটো আমিহে বুজিছো, প্ৰেচাৰ কি, টেনচন কি বস্ত, তোমাক তিনিবছৰ লাগিল, মোক এবছৰ , বহুত এতিয়াও চেটেল হোৱাই নাই, তুমি আজি যি বুজি পাইছা বহুদিন আগতেই মই সেই পৰিস্থিতিৰ সন্মুখীন হৈছো , হোৱাট য়ু হেভ ইজ গল্ড, কিন্ত ফ্ৰীত দিলে সোণৰো মুল্য নাই ....... মই কলো
- চোকাকেইটা , ফেমিলী বেকিং থকাকেইটা বাচি যাব , বাকীবোৰ ......... বন্ধুই কলে
- মৰিব আকৌ, টেনচনত, ফ্ৰাচট্ৰেচনত । লুইতৰ পানী বৈ আছে বৈ থাকিব, বেছি মাথা মাৰিব নালাগে, আমি বাচি গলো, বাচ , জব দান .......... মই কলো
- হু
- অ , যদি কোনোবাই হেল্প বিচাৰি আহে , দেন ইউ হেল্প , ময়ো কৰো, উপযাচি কিন্ত একো নকৰিবা, য়ু উইল বি হাৰ্ট ......... মই বাইকৰ ক্লাটছ টানি গিয়েৰ বঢ়াই দিলো

( বি.দ্ৰ- ঘটনাটো কেইবছৰমান আগৰ । বন্ধুজনৰ নামটো লিখা নাই । সি বেয়া পাব পাৰে )

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...