Wednesday, August 2, 2017

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত




হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয নোহোৱা আৰু কলেজ আহি ভাল লাগে এই দুটা কথাৰ কাৰনে আমি কেইজনমান আহি আছো । সেৰেঙা উপস্থিতিৰ আৰু এটা কাৰন কচিং ক্লাছ আৰু টিউচন । সহপাঠী প্ৰায়ভাগৰে টিউচন বা কচিং আছে । গতিকে কলেজত ক্লাছ নহলেও তেওলোকৰ আপত্তি নাই । কিন্ত আমাৰকেইজনমানৰ টিউচন-কচিং নাই । কলেজৰ ক্লাছেই আমাৰ ভৰষা ।

নভেম্বৰ ২০০৩ , নিউ ফিজিক্স গেলাৰী, কটন কলেজ । মই, সীমান্ত, কুলদীপ, বিবেকানন্দ আদিকে ধৰি ৮ জন মান ফিজিক্সৰ ক্লাছৰ বাবে বহি আছো । নৃপাংক শইকীয়া ছাৰৰ ক্লাছ । ছাৰে ইলেকচ্ৰনিক্স পাৰ্টটো পঢ়ায় । দুটা চেপ্তাৰ তেতিয়াও বাকী আছে । সিদিনা ডায়ডৰ বিষয়ে পঢ়োৱাৰ কথা আছিল । ছাৰ আহিল ।
- মাত্ৰ আঠজন, আঠজনৰে ক্লাছ কেনেকে কৰিম , বাকীবোৰক মাতি আনাগৈ .... ছাৰে কলে
- ছাৰ বাকী কোনো নাই, অকল আমিয়েই আছো
- ইমান কম ষ্টুডেন্টৰে ক্লাছ নহব, আজি ক্লাছ কেঞ্চেল ....... এইবুলি কৈ ছাৰ গুচি গল

ছাৰৰ ক্লাছ সেই বছৰ আৰু কেতিয়াও নহল । লাহে লাহে ৮ জনৰপৰাও ষ্টুডেন্ট কমি আহিল । একেবাৰে শেষত সীমান্ত আৰু মই । আমাৰ লাষ্ট ক্লাছ আছিল জুলজিৰ ৰাতুল ৰাজখোৱা ছাৰৰ । সেইটো ক্লাছত ছাৰে আমি দুজন ষ্টুডেন্টক ৰিপ্লিকেচন অৱ ডি.এন.এ টপিকটো পঢ়াইছিল ।

তাৰ পাছত আমিও কলেজলৈ অহা বাদ দিলো ।
পৰীক্ষাৰ কাৰনে ৰিভাইচ কৰি আছো । পুৰনা কুৱেচন পেপাৰ চল্ভ কৰি আছো । ডায়দৰ চাৰকিট ডায়েগ্ৰামৰ প্ৰশ্ন আহেই । কিন্ত বহুত চেষ্টা কৰিও তাৰ কনচেপ্টটো আয়ত্ব কৰিব নোৱাৰিলো । ভাৱিলো কোনোবাই অলপ পঢ়াই দিয়া হলেই বুজি পালোহেতেন । অলপ যুজাৰ পাছত ডায়ডৰ ওচৰত হাৰ মানি বেলেগ টপিক পঢ়িবলৈ ধৰিলো ।

ফিজিক্স পৰীক্ষা , হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰ ফাইনেল । কুৱেচন পেপাৰখন চাই আফচোচ লাগিল । ডায়ডৰ চেম কুৱেচন , তিনি নম্বৰ । গোটেগোটে তিনি নম্বৰ যোৱাত বহুত বেয়া লাগিল ।

ৰিজাল্ট দিলে । ফিজিক্সত ৭৭ , তিনি নম্বৰৰ বাবে লেটাৰ নাপালো । বাকী কেমেস্ত্ৰীত ৮২, অসমীয়াত ৭৬, অংকত ৭১, ইংৰাজীত ৬১ , ফৰ্থ চাবজেক্ট হিচাপে বায়লজিত ৬৫

কেমেস্ত্ৰীৰ ক্লাছৰ কথা নিলিখিলে ভুল হব । আমাৰ বছৰ অকল কেমেস্ত্ৰীৰ ছিলেবাছ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ হৈছিল । আমাক পঢ়াইছিল মনজিত ভট্টাচায্য ছাৰ আৰু নিৰদা দেবী বাইদেৱে । মই ভাবো যে মোৰ টাইপৰ ষ্টুডেন্টৰ কাৰনে মনজিত ছাৰ ইজ দা বেষ্ট টিচাৰ , ছাৰে দীঘল নোটছ নিদিয়ে, টু দা পইন্ট পঢ়ায়, খুব সোনকালে ছাৰে পঢ়োৱা বস্তবোৰ আয়ত্ব কৰিব পাৰিছিলো । নিৰদা বাইদেউ আছিল ভেৰি পানচুৱেল । বাইদেউ কোনোদিনে ক্লাছলৈ দেৰিকৈ অহা নাছিল । মনজিত ছাৰে ছুটী ললে নিৰদা বাইদেৱে ক্লাছ লৈছিল আৰু নিৰদা বাইদেৱে ছুটী লোৱাৰ দিনা মনজিত ছাৰে ক্লাছ লৈছিল । ছিলেবাছ সময়ত শেষ হোৱাৰ ইও এটা কাৰন আছিল ।

সকলোতকৈ মোৰ আক্ষেপ আছিল ইংৰাজী ক্লাছকেইটাৰ । প্ৰথম কথা আছিল যে ক্লাছ নহয়েই । দ্বিতীয় কথা হল যে হোৱা ক্লাছকেইটাটো এনেকৈ পঢ়ায় যেন এম.এ পৰ্ষায়ৰ ষ্টুডেন্টক পঢ়াই আছে । আমি বিশেষকৈ অসমীয়া মাধ্যমত পঢ়ি যোৱাৰকেইটাৰ অৱস্থা তথৈবচ । কি পঢ়ায় মাথা-মুন্ডা ধৰিবই নোৱাৰো । আমাৰ শেষ ভৰষা দাস এন্ড ভুঞাৰ মডেল কুৱেচন আৰু আনছাৰছ , মোৰ দৰে হাজাৰ হাজাৰ ষ্টুডেন্টক বচাই দিয়াৰ বাবে দাস এন্ড ভুঞালৈ অশেষ ধন্যবাদ ।
ইঞ্জিনাৰিং এন্ট্ৰেন্স দিয়া নাছিলো, মেডিকেল দিছিলো , কাট অফতকৈ ১০ নম্বৰ কমিল । কটনত স্নাতক পঢ়িবৰ বাবে এপ্লাই কৰিলো, ফাষ্ট পৃফাৰেন্স ফিজিক্স , কেমেস্ত্ৰী আছিল ছেকেন্ড পৃফাৰেন্স ।

এডমিচন হলত বহি আছো । এগ্ৰিগেট স্কৰৰ ওপৰত এডমিচন হৈ আছে । প্ৰথমতে ফিজিক্সৰ এডমিচন চলিল । কাকতলীয়ভাৱে মাত্ৰ তিনি নম্বৰৰ বাবে ফিজিক্স অনাৰ্চত চিট নাপালো । কটনত কেমেস্ত্ৰী মেজৰত নাম লগালো ।
তাৰ পাছত গুৱাহাটী ইউনিভাৰচিটীত এম.এছ.চি আৰু তাৰ পাছত অ.এন.জি.চি ।

কেতিয়াবা ভাবো যদি সিদিনা নৃপাংক ছাৰে ক্লাছ ললেহেতেন, ডায়ডৰ বিষয়ে আয়ত্ব কৰিব পাৰিলোহেতেন, পৰীক্ষাত লিখিব পাৰিলোহেতেন, ফিজিক্সত তিনি নম্বৰ বেছি পালোহেতেন, কেমেস্ত্ৰীৰ সলনি তেতিয়া নিশ্চিতভাৱে ফিজিক্স মেজৰত নাম লগালোহেতেন ।

তেতিয়া তাৰ পাছত কি ঘটিলেহেতেন কব নোৱাৰিম কিন্ত কি কি নহলহেতেন.......... অশ্বিনী, অপুৰ্ব, প্ৰদ্যুম্ন, জীৱন, জয়ন্ত অলকেশ, সুব্ৰত, পল্লবী, পৰী, অঞ্জুহতক লগ নাপালোহেতেন । অ.এন.জিচিত চাকৰি নাপালোহেতেন ,ধুমিলদা, চানক্যদা, দীৰুদা, চন্দনদা, শ্যামলদা, ৰনদীপ, প্ৰজাপতি, খঞ্জনে মোক লগ নাপালেহেতেন ।

ব্যৱধান মাত্ৰ মাৰ্কচিট এখনৰ তিনিটা নম্বৰ ।

কটন কলেজ- ডিপ্ৰেচনত কেইদিনমান



ডিগ্ৰী থাৰ্ড ইয়াৰ, কটন কলেজ । থাৰ্ড ইয়াৰৰ পৰীক্ষাৰ বাবে যথেষ্ট প্ৰিপাৰেচন কৰিছো । কোৱান্টাম, ফিজিকেল, অৰ্গেনিক , ইনঅৰগেনিক । কনফিডেন্স লেভেল তুংগত, যোৱা ৪-৫ বছৰৰ প্ৰশ্নবোৰ জিভাৰ আগত, একেবাৰে ফালি দিয়াৰ প্লেনিং । ফিজিকেলত কমলেশ চৌধুৰী চাৰৰ নোটছ আছে, গতিকে চিন্তা নাই, নম্বৰ আহিবই ।

ফুল কনফিডেন্সত হলত বহিলো । ফিজিকেল কেমেস্ত্ৰীৰ পেপাৰখন হাতত । বিনা মেঘে ব্ৰজ্ৰপাত । ক্লাছ নোটছৰ ওপৰত অত্যাধিক ভৰষা কৰাৰ ফল হাতে হাতে পালো । পেপাৰখনত বেছিভাগেই কনচেপচুৱেল কুৱেচন । ইফালে সিফালে সহায়ৰ বাবে চালো । নাই । কোনোমতে চকুপানী ৰখাই পৰীক্ষা শেষ কৰি হলৰপৰা ওলাই আহিলো । লগৰ গণেশ, জীৱন, জয়ন্ত কাৰো মুখত হাহি নাই । সংগীতা, চামিয়াৰা বোলা দুজনীয়ে তো কান্দিয়েই পেলালে । মুঠতে মাতম কা মাহল ।

ফিজিকেলৰ পাছত অৰগেনিকৰ পৰীক্ষা আছিল । মাজত চাৰিদিনৰ গেপ । নিয়মমতে সেইচাৰিদিন তামাম পঢ়িব লাগিছিল । কিন্ত নোৱাৰিলো । কিতাপ মেলিলেই ফিজিকেলৰ পেপাৰখন চকুত ভাহি আহে । কোনোপধ্যেই ৪৫ ৰ পাৰ নহয় । ট্ৰেজেদীত চকু চলচলীয়া হৈ যায় । সেই চাৰিদিন এক মিনিটো পঢ়িব নোৱাৰিলো । একেবাৰে ডিপ্ৰেচন ফেজ । এইবাৰ ড্ৰপ দি অহাবাৰ ভালকৈ দিম জাতীয় চিন্তা এটাও আহিল।

তথাপিও অৰগেনিকৰ পৰীক্ষাৰ দিনা গলো । ট্ৰেজেডীৰ মাজতে হলত বহিলো । ইনভিজিলেটৰে বহী দিলে । পকেটত হাত ভৰাইহে গম পালো যে কলম নাই । ওচৰতে বহি থকা লৰা এটাৰপৰা কলম এটা ধাৰলৈ ললো । লৰাটোৱে অদ্ভুত টাইপৰ চাৱনি এটা দি ৰিফিল পেন এটা দিলে। কুৱেচন পেপাৰ হাতত পৰিল। প্ৰথম কুৱেচনটো নাইট্ৰোজেন থকা মলিকুল এটাৰ ৰিএৰেঞ্জমেন্টৰ ওপৰত । পান্নালাল গোস্বামী ছাৰৰ ক্লাছ এটালৈ মনত পেলালো । ষ্টিভেন্স ৰিএৰেঞ্জমেন্ট । লিখি গলো । তাৰ পাছত লিখিয়েই গলো । ৮৫ মান উত্তৰ কৰিলো ।

দুদিন পাছত ইনঅৰগেনিক পৰীক্ষা । পাছে পৰীক্ষাৰ দিনাই আলফা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ অসম বন্ধৰ আহ্বান । বেলতলাৰ পৰা যাবলৈ একো বাহন নাই । ৰাজহুৱা গাড়ী-মটৰ চব বন্ধ । গাড়ী থকা মানুহে নিজৰ গাড়ীত গৈছে । কেইখনমানহে অটো চলিছে । ভাৱিলো ইউনিভাৰচিটীয়ে পৰীক্ষা নিশ্চয় পিছুৱাই দিব । শ্বেয়াৰিঙত অট এখন লৈ কলেজ পালো । পাচ মিনিট দেৰিকৈ হলত সোমাই দেখো যে পৰীক্ষা চলি আছে । বকৱাচ গুৱাহাটী ইউনিভাৰচিটী । বহী আৰু পেপাৰ লৈ ছীটত বহিলো । মোটামোটি ঠিকেই হল ।

তাৰ দুদিন পাছত কোৱান্টাম । কোৱান্টাম দি আকৌ ডিপ্ৰেচন ফেজত গুচি গলো ।

প্ৰেক্টিকেল পৰীক্ষাত অৰ্চনা বাইদেৱে এক্সটাৰনেলৰপৰা ৰাহুদৃষ্টিৰপৰা বচালে।

পৰীক্ষাৰ পাছত নানা ধৰনৰ দুশ্চিন্তাই বাহ ললে । পৰীক্ষাতো বেয়া হলেই, ফাষ্ট ক্লাছ থাকিব নে নাই। ফিজিকেলত ফেইল নকৰোতো ! ইউনিভাৰচিটীত ছীট পাম নে নাই । ছীট নাপালে কি কৰিম । ভয়াবহ দুশ্চিন্তা । বি এড, বিচি.এ, চাকৰি, কিবা এটা কৰিব লাগিব । বেংক ক্লাৰিকেলত ডিগ্ৰী হলেই হৈ যায় , এচ.এচ.চি ও দিব পাৰিম ।
ডিপ্ৰেচন ফেজত হিচাপ নিকাচ কৰি থাকোতেই গম পালো যে কটনত প্লেছমেন্টৰ বাবে HSBC আহিব , BPO চাকৰি । যথাসময়ত কলেজ পালোগৈ । জীৱনৰ প্ৰথম চাকৰিৰ বাবে পৰীক্ষা । কেমেস্ত্ৰী ডিপাৰ্টমেন্টৰ গেলাৰীত লিখিত পৰীক্ষা এটা হল । ফালি দিলো । প্ৰথম ৰাউন্ড ক্লিয়াৰ । তাৰ পাছত এপটিটিউড । ফালিলো । তাৰ পাচত থাৰ্ড আৰু লাষ্ট ৰাউন্ড । গ্ৰুপ ডিচকাচন ।

জীৱনৰ প্ৰথম চাকৰিটো পাবলৈ মই মাথো টপিক এটাৰ ওপৰত সলসলীয়াকৈ ইংৰাজীত কেইমিনিটমান কব পাৰিব লাগিছিল । কিন্ত..... ইংৰাজী কব, লিখিব পাৰো ঠিকেই, কিন্ত কোৱাত সমস্যা । ফ্লুৱেন্সি নাই । ৰিজেক্ট হৈ গলো ।
চাকৰি নাপালো । সন্ধিয়া হেড ডাউন, টেইল ডাউন ফিলিং লৈ ঘৰ সোমালো ।

ডিগ্ৰী ৰিজাল্ট দিয়াৰ দিনটো যিমানেই ওচৰ চাপি আহিব ধৰিলে, সিমানেই ভয় লাগিবলৈ ধৰিলে । ৰিজাল্ট তো বেয়া হবই , যদি বহুত বেয়া হয়, মনজিত ছাৰ, ঋতুৰাজ ছাৰ, অৰ্চনা বাইদেউ, মৌচুমী বাইদেউক কি মুখ দেখুৱাম । আমন জিমনকৈ ঘৰতে সোমাই থাকি ডে অৱ এচাচিনেচনৰ অপেক্ষা কৰিবলৈ ধৰিলো ।

ডে অৱ এচাচিনেচন আহি পালে । ৰিজাল্ট দিলে । থাৰ্ড ইয়াৰত .......ফিজিকেলে ডুবালে-৪৫, অৰগেনিক- ৭৭, ইনঅৰগেনিক- ৬৮, কোৱান্টাম-৬৫, প্ৰেক্টিকেল- ৮৭, ৮৯ .........থাৰ্ড ইয়াৰত ৭৩.৫ পাৰচেন্ট । ডিগ্ৰীত মুঠ ৬৯.৩ শতাংশ । ইউনিভাৰচিটিত ৮ম স্থান । মুখলৈ পানী আহিল ।

দুশ্চিন্তা দুৰ হল । ইউনিভাৰচিটীত ছীট পাই গলো ।

কচোটি জিন্দেকি কী



লক্ষীদা, জেজেদা আৰু ধুমিলদাৰ ট্ৰেন্সফাৰে আমাক বহুত চিন্তাত পেলাই দিলে । গোটেইকেইজনকে একেবাৰে বম্বে হাইত পেলাই দিলেগৈ । ইয়াৰে ধুমিলদালৈ বহুত বেয়া লাগিল । বেচেৰা চিংগল হৈয়েই অসম এৰিলে ।
- অহাবাৰটো আমাৰো ট্ৰেন্সফাৰ হব, টেনচন হৈ যাব নহয় .........
- ফৰটিন ডেইজ পালে বাচি যাম , নহলে জেং হব ......
- তাকেইতো ...............

তিনিজন চিনিয়ৰ কলিগৰ লগত সন্ধিয়া কাফে হেনৰিক্সত বহি আছো । তিনিওজনেৰে চিন্তাৰ কাৰণ এটাই । ট্ৰান্সফাৰ । প্ৰথমজনে বিয়া বাতিছিল ডাক্টৰ এগৰাকীক, দ্বিতীয়জনৰ ৱাইফ আই.টি ইঞ্জিনিয়াৰ, তৃতীয়জনৰ পি.এইচ.ডি ।

প্ৰথমগৰাকী মেডিকেল কলেজত এম.অ, দ্বিতীয়গৰাকী গ্ৰামীণ বেংকৰ পি.অ আৰু তৃতীয়গৰাকী কলেজৰ প্ৰফেছাৰ ।
মই এতিয়ালৈ চিংগল । মানে অহাবছৰ ট্ৰেন্সফাৰ লিষ্টত মোৰো নাম আছে । ট্ৰেন্সফাৰৰ আগতেই ডবল হব লাগিব আৰু এনেকৈ ডবল হব লাগিব যাতে ট্ৰেন্সফাৰত চিংগল হৈ যাবলগীয়া নহয় ।

- গুজৰাট-ইউ.পি-ৰাজস্থানৰ ফালেই ভাল হে , ছোৱালীবোৰে চাকৰিৰ বেছি মাথা নামাৰে, চিৰিয়েলবোৰত যে দেখায় , চাচ-বহু-ননদ-দেবৰানী টাইপৰ, সন্তোষ সিং, ৰবি ৰাথোড়হতকে চোৱা , চেন কী জিন্দেকি.....
- ট্ৰেন্সফাৰত নি অফিচত বহাই দিলে তো খেলাই খটম, লক্ষী-ধুমিল-জেজেহতে ফৰটিন ডেইজ পালে বুলিহে.......
- কিমান দিনলৈ ,খুব বেছি ৫ বছৰ, তাৰ পাছত........

স্মাৰ্ট মানুহে অইনৰ ভুলৰপৰা শিকে । এওলোকৰ টেনচনৰপৰা মই ভালকৈ শিক্ষা লৈছো ।
- মোৰ ক্ৰাইটেৰিয়া জাষ্ট বি,এ- এম,এ , আপোনালোকৰ নিচিনা টেনচন লোৱাত নাই দেই................... মই কলো
এনেতে পাছফালৰ টেবুলখনৰ পৰা কোনোবা এজনে মাত লগালে
- হোৰা ভাইটি , জো আদমী চচতা হে ৱ নহী হোতা হে, জো হোতা হে ৱহী হোতা হে

মানুহজন উঠি আহি আমাৰ টেবুলত বহিল ।
- সিদ্ধাৰ্থ পৰাশৰ, আই.অ.চি ইঞ্জিনিয়াৰ....... মানুহজনে কলে
- মানে আপুনি..... মই সুধিলো
- মানে ময়ো এইবোৰ কথা ভাবিয়েই একদম চাই চাই বিয়া পাতিছিলো, এম.এ ইন পল.চাইন্স , কেইমাহমান ঠিকে গল, মৰম দিলো, চেনেহ দিলো, পঢ়া শুনা কৰিবলৈ উতসাহো দিলো, চাল্লা এপি.এছ.চি পাই গল নহয়, লেবাৰ ইন্লপেক্টৰ
- ভালহে হল.........
- কিহৰ ভাল হে, মই থাকো গুৱাহাটীত, তাইৰ চাকৰি তিনিচুকীয়াত, মাহত দুবাৰ লগ পাও তাকো দুদিনৰ বাবে, মাহতক লাগে বাচ্চা, তাইক টাইম লাগে কেৰিয়াৰৰ বাবে, মোৰ ট্ৰেন্সফাৰ আহিছে মথুৰালৈ , চাল্লা ঝন্ড হৈ গৈছে লাইফ ..........সিদ্ধাৰ্থ পৰাশৰে টেবুলত ঢকা এটা মাৰি দিলে
- তেনেহলে বি.এ

এইবাৰ সিদ্ধাৰ্থ পৰাশৰৰ টেবুলত বহি থকা লোকজনে মাত লগালে .........
- মোৰ ৱাইফ বি.এ , দিছপুৰ কলেজৰপৰা জেনেৰেল বি.এ, কেইমাহমান ঠিকে গল, তাৰ পাছত চাকৰি কৰাৰ ভুত লাগিল, ঘৰত বহি আমনি লাগে বোলে, প্ৰথমে টাটা ইন্ডিকমৰ আউটলেটত বহিল , টাটা ইন্ডিকমে অসম এৰোতে অলপ সকাহ পালো , বাচ্চা এটা হল , অলপ ডাঙৰ হৈছিলহে, আকৌ বোলে ঘৰত টাইম পাছ লহয়, এইবাৰ ভোদাফোনত কল টেন্টাৰত সোমাইছে । এতিয়া মই অফিছ যাও, তাই ভোদাফোনত, এবছৰীয়া বাচ্চাটো ক্ৰেছত আৰু ফ্লেট লকড । চব মোহ মায়া বুজিছা , চব মোহ মায়া.................. মানুহজনে হাতত থকা গিলাছটোৰ ৰঙীণ পানীয়খিনি একেবাৰতে খাই দিলে

আচলতে ভুলটো একতা কাপুৰৰ । আগতে কুমকুম , কচোটি জিন্দেগি কী, কিউ কি চাচ ভী কভী বহু থী আছিল । ঘৰত থকা মানুহবোৰৰ বঢ়িয়া টাইম পাচ হৈছিল । ঘৰ-গৃহস্থী সুখে সন্তোষে চলি আছিল । একতা কাপুৰৰ ক্ৰিয়েটিভিটি নোহোৱা হৈ যোৱাৰপৰাই প্ৰবলেম । এতিয়াৰ চিৰিয়েল কেইখনৰ আগৰ দম নাই ।

এৰেঞ্জ মেৰেজ- কুহেলিকা



সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা আৰু শ্যামলদা নামতহে, কামত একো নাই । দীৰুদাই পুৰা ট্ৰাই কৰি আছে, আনকি খঞ্জনো লাগি আছে ।
দীৰুদাই কোৱা মতে একেবাৰে মেটচিং, চব অকে, উজানবজাৰত ঘৰ, ইউনিভাৰচিটিৰপৰা এম.এ কৰি পি.এইচ.ডি কৰি আছে, ঘৰৰ মানুহো পুৰা ষ্ট্ৰিক্ট টু দা প্ৰিন্সিপলছ , এইবাৰ কেচ চেটল হৈ যাব ।

এটা বছৰ আগলৈকে দীৰুদা আৰু মোৰ অৱস্থা একেই আছিল । দুয়োজনে আছিলো প্যাৰ-মুহাব্বত নিজে গোটাই লোৱাত নাকাম মক্কেল । কিন্ত দীৰুদাই এৰেঞ্জ কাম লাভ কৰি নিজৰ কেচ চেটল কৰি ললে । এতিয়া দীৰুদাৰ মোৰ বাবে খুব চিন্তা ।
দীৰুদাই কোৱামতেই ব্লেক টিচাৰ্ট-ব্লু জিনছ পিন্ধি বালাজীৰ ফ্ৰন্টৰ ধাবা কাম ৰেষ্টোৰা পালোগৈ । গাড়ীখন পাৰ্ক কৰিলো । কুহেলিকাই য়েলো পিন্ধি আহিব । হোৱাটছএপত দীৰুদাই পঠোৱা ফটোখন চাই ললো ।

কিছুসময় পাছত কুহেলিকা আহিল । আমি ধাবাৰ কটেজ এটাত সোমালো । অলপ নাৰ্ভাছ ফিলিঙ আহিল । এইটো ক্ষেত্ৰত মই বিগ জিৰো, লাইফত কাৰোবাৰ লগত চেটিং হোৱা দুৰৰ কথা, ডেটিঙেই নহল কেতিয়াও , সেয়েহে এতিয়া এৰেঞ্জেড ডেটত আহিবলগীয়া হৈছে ।

- অৰ্ডাৰটো দিয়ক ............ ৱেইটাৰ এজন কটেজটোলৈ সোমাই আহিল
- কি খাবা ......... মই কুহেলিকাৰ ফালে চাই সুধিলো
- আপুনিয়ে দিয়কচোন, .......... কুহেলিকাই কলে
- চিকেন তন্দুৰী হাফ, চিকেন দো পিয়াজা, বাটাৰ নান চাৰিখন, কোকা কোলা দুটা......... মই কলো
কুহেলিকাই ষ্টাৰ্টাৰ হিচাপে পনীৰ পকোৰা আৰু পনীৰ বাটাৰ মচলা এটা এড কৰি দিলে । অৰ্ডাৰটো লৈ ৱেইটাৰজন গলগৈ ।
- আৰু কোৱা তোমাৰ বিষয়ে, হবি এটচেট্ৰা ........... মই কলো
- চাওক , আই এম ষ্ট্ৰেইট ফৰৱাৰ্ড, মই দেলহী গৈছিলো গ্ৰেডুৱেচনৰ কাৰনে, দেয়াৰ আই হেড এন এফেয়াৰ, বাহিৰৰ লৰা আছিল, আই ৱাজ ইমমেচিয়ৰড , দা ৰিলেচনচিপ ব্ৰকড আপ , ইট ৱাজ এ বেড ড্ৰীম ফৰ মি...... কুহেলিকাই কলে
- দিজ থিংচ আৰ কমন, এইবোৰ তো জীৱনৰ এটা অংশ .......... মই কলো
- তাৰ পাছত মাষ্টাৰ্চৰ বাবে মই গুৱাহাটীলৈ আহিলো , তাত শিবেন্দু মোৰ জীৱনলৈ আহিল, মোৰ ক্লাছমেট আছিল, প্ৰথমতেই আই টল্ড হিম এভৰিথিং , ডেৰ বছৰৰ ৰিলেচনৰ পাছত সি গম পালে যে হি হেড চাম প্ৰবলেম বিকজ আই হেড এ পাষ্ট এফেয়াৰ ..... কুহেলিকাই এটা হুমুনিয়াহ কাঢ়িলে
- এতিয়া............ মই সুধিলো
- এতিয়া আই এম কনচেনট্ৰেটিং অন মাই ষ্টাডিজ, পি.এইচ.ডি, নাথিং এল্জ ...... কুহেলিকাই ক্ষীন হাহি এটা মাৰি কলে

কুহেলিকাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ভাল লাগিল । সাধাৰনতে এইধৰনৰ কথা মানুহে লুকুৱাবলৈ চেষ্টা কৰে , কিন্ত কুহেলিকা, কুহেলিকালৈ কিবা এটা ভাল লাগি গল ।
- অতীত সদায় অতীতেই , আই থিংক উই চুড লিভ আৱাৰ প্ৰেজেন্ট, এন্ড চেপ আৱাৰ ফিউচাৰ ........... মই কলো

কুহেলিকাৰ লগত আৰু অলপ কথা পাতিলো । কুহেলিকাইও নীলা ৰঙটো ভাল পায়, ক্ৰিকেট ভাল পায়, মেছিৰ বিৰাট ফেন, জগজীত সিঙৰ গজল, জুবিনৰ মায়াবিনী তাইৰ ফেভাৰিট । লাহে লাহে মোৰ ভাৱ হল ইমানদিনে যি মুহাব্বতৰ সন্ধানত আছিলো, কুহেলিকাই সেই ভালপোৱা ।

কুহেলিকাক মই পচন্ড কৰি পেলাইছো , কুহেলিকাৰ স্পষ্টবাদিতা আৰু সৰলতাই মোক মুগ্ধ কৰি পেলাইছে । কিন্ত কথাটো হল তাই মোৰ বিষয়ে কি ভাৱিছে ।
- আই থিংক আই ষ্টাৰটেড লাইকিং ইউ, আপুনিও মোক অইনৰ দৰে এৰি নাযায়তো.......... কুহেলিকাৰ চকুত আকুলতাৰ চিন

লাইফত প্ৰথমবাৰৰ বাবে কোনোবাই এনেকৈ কৈছে । নাৰ্ভাছ হৈ গলো । বাথৰুমৰপৰা আহো বুলি কৈ কটেজৰ বাহিৰ ওলালো । ধাবাৰ ভিতৰত থকা বেচিনত মুখখন ধুই ললো । হয়তো আজিৰেপৰা মোৰ এটা নতুন জীৱনৰ আৰম্ভনি হব ।
- অই ইয়াত কি কৰি আছ বে ......... পাছফালৰপৰা কোনোবাই মাতিলে

ঘুৰি চাই দেখিলো পাছফালে কৌশিকদা ৰৈ আছে । কৌশিকদা কলেজত চিনিয়ৰ আছিল । মাল্টিনেচনেল এটাত কাম কৰে ।
- আৰে কৌশিকদা , কি খবৰ, এতিয়া কত, দেলহী নে চেন্নাই ......... মই সুধিলো
- সেইচব বাদ দে, লিকাৰ লগত কি কৰি আছ.......কৌশিকদাই সুধিলে
- কোন লিকা
- তোক সোমোৱাৰেপৰা দেখি আছো, কুহেলিকা বৰাৰ লগত কি কৰিছ
- মানে কৌশিকদা , বিয়াৰ বয়স হৈছে তো, চো ........ মই লাজ লাজকৈ কলো
- কি ডিচাইড কৰিলি
- ছোৱালীজনী ভাল, মোৰ ফালৰপৰা অকে আছে......... মই কলো
- তাইৰ কথাবোৰ জান তো
- জানো, তাইয়েই কৈছে, এইবোৰ কমন কথা
- কি, তথাপিও অকে.......... কৌশিকদাই আচৰিত হোৱাৰদৰে সুধিলে
- অ
- আব্বে, দেলহীত থাকোতে তিনি বছৰত পাচটা লিভ ইন ৰিলেচন, ইয়াত চিবু নে ফিবু, আৰু তো আছেই
- মানে আপুনি কেনেকৈ চিনি পায়........ মই সুধিলো
- আব্বে মক্কেল , দেলহীত ময়ো তাইৰ লগত চাৰিমাহ মান লিভ ইনত আছিলো
- মানে এক্সুৱেলি, মই আপোনাক কিয় বিশ্বাস কৰিম ......... মোৰ টেনচন হৈ গল
- ৰহ এক মিনিট

কৌশিকদাই আইফোনটো উলিয়াই নাম্বাৰ এটা ডায়েল কৰিলে । মই ওলাই অহা কটেজটোৰপৰা ৰিংটন এটা বজা যেন লাগিল ।
- হেলো ............. সিফালৰপৰা কুহেলিকাৰ মাত শুনা গল
- হাই চুইটি কত.......... কৌশিকদাই কলে
- অলপ বিজি আছো কৌছিক, পাছত কল কৰি আছো......... সিফালৰপৰা কুহেলিকাৰ মাত
- কাৰ লগত বিজি হে, চিবুৰ লগত নেকি
- নাই
- গুৱাহাটী গৈ আছো ....... কৌশিকদাই কলে
- অহ, আহিলে লগ ধৰিব দেই, বহুত কথা আছে
- চিবুই একো নকয় তো
- তাৰ লগত এতিয়া একো নাই, বেছি চিৰিয়াছ হৈ গৈছিল সি, বাদ দিলো
- এতিয়া
- চাও , আইটেম এটা আছে, ফৰ দা টাইম বিং.......সিফালৰপৰা কুহেলিকাৰ মাত
- চো
- আই উইল কল য়ু লেটাৰ, এতিয়া ৰাখো........... কুহেলিকাই ফোনটো কাটি দিলে

ৱেটাৰ এজন অৰ্ডাৰ দিয়া বস্তবোৰ লৈ কটেজটোলৈ সোমাই যোৱা দেখিবলৈ পালো । কৌশিকদাই মোৰ ফালে চাই কুটিল হাহি এটা মাৰিলে ।
হাজাৰ হলেও মই চিধা-চিধি মানুহ । ইমান টেনচন মই লব নোৱাৰো । এনেয়েও ইন্দ্ৰানী মুখাৰ্জীয়ে এইকেইদিন চব নিউজ চেনেলতে ভুমুকি মাৰি আছে ।

ধাবা এখনত বিল নিদিয়াকৈ অৱলা নাৰী এগৰাকীক এৰি পলায়ন কৰাৰবাবে যদি কোনোবাই মোক বেয়া পায় পাওক । ভাৰ মে জায়ে দুনিয়া । চিধাই গাড়ী ষ্টাৰ্ট দি তাৰপৰা নোহোৱা হৈ গলো ।

হাইৱেত কোনোমতে মন-মগজু ঠান্ডা কৰি গাড়ী চলাই আছো । দহ মিনিটমান পাছত দীৰুদাই ফোন কৰিলে ।
- কত আছ বে........... সিফালে দীৰুদাৰ মাত
- আপুনি বিচৰা মানুহজনে জীৱনৰ কমপ্লেক্স কুহেলিকাৰপৰা পলায়ন কৰি নিৰাপদ ঠাইলৈ গৈ আছে, অনুগ্ৰহ কৰি কেইদিনমান পাছত ফোন কৰিব ...............এইবুলি কৈ ফোনটো অফ কৰি মই এক্সেলেটৰ দবাই দিলো ।

এৰেঞ্জ মেৰেজ- অচিন্ত্যদাৰ ইফৰ্ট

- তোমালৈ ছোৱালী এজনী চাইচো .......... অচিন্ত্যদাই ফেচবুকত মেচেজ এটা দিলে
- অকে, বঢ়িয়া, কোন কৰ কত , ডিটেইলছ......... মই ৰিপ্লাই দিলো
- ডিটেইলছ বাৰু পাই যাবা, তোমাৰ ডিটেইলছ অলপ দিয়াচোন
- মোকতো আপুনি জানেই
- হলেও, পৰ্টপলিও এটা দিয়াচোন
অচিন্ত্যদাক পুৰা ডিটেইলছত দি দিলো । পুৰাপুৰি চাৰি পৃষ্ঠাৰ চিভি ।
- ইমান দীঘল........ অচিন্ত্যদাই মেচেজ দিলে
- আৰু দুটামান ইম্পৰটেন্ট কথা থাকি গল
- কি
- মানে কন্ত্ৰভাৰচেল বাট চিগনিফিকেন্ট । আখিৰ বহত চাৰী জিন্দেগীৱো কা চৱাল হে । বটমলাইন ইজ..........আফটাৰ মেৰেজ, ৱাইফে চাকৰি কৰিবলৈ নেপাব,
(যিহেতু মোৰ ট্ৰান্সফাৰেবল জব, পাচ বছৰীয়া ইন্সটলমেন্টত ভাৰতৰ ডিফাৰেন্ট জনত ঘুৰিব লাগিব, পাছলৈ লৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ কথাও আছে)

ছেকেন্ডলি টকা-পইচা যিমান পাও তাতেই সন্টুষ্ট, মোৰ বহুত হাই-ড্ৰীম নাই, মই একদম চৌখিন, এম্বিচিয়াছ জাতীয় নহয়, চো লাইফ পাৰ্টনাৰও তেনেকুৱা হোৱাটো হলে ভাল হয় ।

তৃতীয়তে ভৱিয্যতে যতেই ট্ৰান্সফাৰ নহও কিয়, আন্দাৰ অল চাৰকামষ্টেনচেচ মা-দেউতাক লগত ৰখাৰ সম্ভাৱনা আছে, গতিকে ভৱিষ্যতে ৱাইফে শাহু-শহুৰৰ সৈতে থাকিবলৈ ইচ্ছুক হব লাগিব ।

বি.দ্ৰ. বৰ্তমানৰ প্লেন.... মাটি এডোখৰ কিনিম (গুৱাহাটীৰ আশে পাশে) , তাৰ পাছত বেংকৰ লোন লৈ ঘৰ এটা ষ্টাৰ্ট কৰিম, তাৰ পাছত বিয়া, টাৰ্গেট - ২০১৬ ৰ মাজভাগলৈ লৈছো । এইকেইটা ঠিক চৰ্ত নহয়, আগলৈ সুখে শান্তিৰে হেডেক ফ্ৰী হৈ আৰামত থকাৰ - এ স্মল প্ৰিকউচন.............. মই অচিন্ত্যদালৈ মেচেজ দিলো

- চৰ্তকেইটা ভালেই দেখিছো, পিছে এইকেইটাত উপস্থাপনৰ ক্ষেত্রত আমি , মানে কোনো তৃতীয় পক্ষ মাজত সোমোৱাৰ কথা নাহে। কন্যাৰ সৈত্যে মূখামূখি হোৱাৰ সময় আহিলে এইখিনি (লগতে আৰু কিবা ক'ব লগা থাকিলেও একেলগ কৰি) নিজে কোৱাটোহে উচিত হ'ব। এটা কথা ঠিক যে ওপৰৱালাই কেতিয়াও এশ শতাংশ মনোকামনা পূৰ্ণ হোৱাকৈ যোৰা অহা কুণ্ডলী নিলিখে, কেই শতাংশমান এৰা ধৰা, কেই শতাংশমান বুজা পৰা আৰু কেই শতাংশমান পৰিস্থিতিসাপেক্ষে ঠিক কৰি ল'বলৈ তেওঁ মানুহলৈ বাকী কৰি ৰাখেই। তথাপি কেই শতাংশমান বাকী থাকি যায়গেই। যোৰা এটা সফল হ'বলৈ পতি পত্নীৰ মাজত প্রেমেই আচল কথা, প্রেমত ভেজা দি বাকীখিনি আগবাঢ়ে। পৰিস্থিতি আৰু চৰ্ত সময়সাপেক্ষে পৰিবৰ্তনশীল। গতিকে এই বিষয়ে আগতীয়াকৈ ক'বলৈ গৈ মই নিজকে যোৰা এটাৰ ইনবিল্ট শত্রুপক্ষলৈ ৰূপান্তৰিত কৰিব নোখোজো। তাতে এই কন্যা মোৰ বাবেও একেবাৰেই অপৰিচিত বুলিব পাৰি...... অচিন্ত্যদাই মেচেজ দিলে

- অচিন্ত্য দা, মিচআন্ডাৰষ্টেন্ড নকৰে যেন, এইকেইটা ফিলিং জাষ্ট আপোনাৰ জ্ঞাতাৰ্থে ডাঙি ধৰিছিলো । আপুনি কেৱল সিটোপক্ষত কথাই কথাই ১ নং টো জনাই দিলেই হল যে ....পাত্ৰ অমুক, অমুক কৰে, এনেকুৱা (অলপ গুণ-চুনৰ লগত দোষও গাব ) , পাত্ৰৰ ঘৰে চাকৰিয়াল বোৱাৰী নিবিচাৰে , ইত্যাদি । বাকীকেইটা টো ১ নং টোৰ কনচিকুৱেন্স । আজিৰ তাৰিখত পঢ়া-শুনা কৰাৰ পাছত প্ৰায় সকলোৱে চাকৰি কৰিব বিচাৰে, কেৰিয়াৰত মন দি স্বাবলম্বী হব বিচাৰে, সেইটো টো জনা কথাই । তাৰ মাজতো যদি কোনোবা ওলায় যিয়ে ঘৰ ধৰিব বিচাৰে,...... মইও জানো যে ইট ইজ ভেৰি ডিফিকাল্ট টু ফাইন্ড চাচ গাৰ্ল :( তথাপিও যদি ডেয়াৰ ইজ চামৱান হু থিংকচ লাইক মি.....জাষ্ট এ ফিলিং :D............... মই টাইপ কৰিলো

- মিছআণ্ডাৰষ্টেণ্ডৰ কথা মোৰ লগত নাই । আচলতে তুমি কোৱা কথাটো শুদ্ধ আৰু গোটেইকেইটা চর্তই মোৰো প্রিয় । পিছে পঢ়া শুনা ছোৱালী বিচাৰিলে ১নং চর্ত পালন কৰাত অলপ অসুবিধা আহে । ইপিনে একেবাৰে চাকৰি পোৱাৰ অনুপযুক্ত এজনীয়ে বাকীকেইটা চর্ত পালন কৰিব পাৰিব বুলিও গেৰাণ্টি নাই । তদুপৰি জীৱন কচু পাতৰ পানী বুলিও ভবিষ্যতৰ চিন্তা নকৰিলেও অন্ততঃ সন্তানৰ পঢ়া শুনাৰ দায়িত্বৰ বাবেও মাকজনী অলপ শিক্ষিত হোৱা দৰকাৰ । ........বাৰু কি হয় দেখা যাওকচোন ......... অচিন্ত্যদাই মেচেজ দিলে

"বাৰু কি হয় দেখা যাওকচোনৰ" দুবছৰ পাৰ হৈ গল । কিন্ত আজিলৈকে অচিন্ত্যদাই দিব বুলি ভৱা মেচেজটো মোৰ ইনবক্সত দেখা নগল ।

এক্সটাৰনেল

তেতিয়া মই লিয়েন ভেকেন্সি এটাত কলেজ এখনত কাম কৰি আছো। ডিগ্ৰী চেকেন্ড ইয়াৰৰ কেমেষ্ট্ৰী প্ৰেক্টিকেলত মোক ইন্টাৰনেল বনাই দিলে । এক্সটাৰনেল হিচাপে আহিল পূব কামৰূপ কলেজৰ মেডাম এগৰাকী। পৰীক্ষা আৰম্ভ হল।

ষ্টুডেণ্ট মাত্ৰ চাৰিজন।
অম্লান আৰু ছোৱালী এজনী ৰেগুলাৰ। বাকী দুজন ৰিপিটাৰ্চ।
নিয়মমাফিক লেবৰেটৰীত টহল দিলো, এক্সটাৰনেলে লৰাছোৱালীকেইটাৰ ভাইভা ললে।
মাজতে মই ষ্টুডেণ্ট কেইজনক বহীত কটা-কুটা নকৰাকে ভালকৈ লিখিবলৈ ইন্সট্ৰাকচন দি আহিলো।
অম্লান লৰাটো চোকা। চোকা মানে ডিগ্ৰী ফাষ্ট ইয়াৰত প্ৰথম শ্ৰেণী পাই থৈছে।
পৰীক্ষা শেষ হল।
এক্সটাৰনেলে বহী চাবলৈ ধৰিলে।

প্ৰথম বহীখন চাই এক্সটাৰনেলে নম্বৰ দিলে ৫০ ৰ ভিতৰত ৪০

- মেডাম নম্বৰ বহুত কম হল....... মই কলো
- মানে..... মেডামে সুধিলে
- মাত্ৰ চল্লিশ
- আখৰ বহুত বেয়া হে, আৰু ইমান স্পেলিং মিছটেক
- লৰাটো পঢ়াত ভাল, নম্বৰ কমিলে প্ৰব্লেম হব..... মই কলো
- এহ, আমাৰ দিনতনো কিমান নম্বৰ দিছিল হে, নম্বৰ নিদিয়ে....... মেডামে কলে
- মেডাম আপুনিটো মাষ্টাৰ্চ কৰিয়েই চাকৰিত সোমাইছিল, আজিকালিতো নাপাব, আৰু কেইটামান নম্বৰ দিলে পকেটৰপৰা একো নাযায় দিয়কচোন
- তথাপিও
- এহ মেডাম হব দিয়ক আৰু

তাৰপাছত মই বহী চাৰিখন মোৰ হাতলৈ আনিলো। প্ৰথম বহীখন পুনঃমুল্যায়ন হৈ নম্বৰ ৪৮ হলগৈ। বাকী তিনিখনতো ৪৬, ৪৫, ৪৫ হল।

হোষ্টেল

(১)

প্ৰায় তিনিবছৰৰ পাছত বন্ধুৰ অজ্ঞাতবাসৰ অন্ত পৰিল । বন্ধুই প্ৰতিযেগিতামুলক পৰীক্ষা এটা দি ভাল চাকৰি এটা পালে । টেনচনফ্ৰী বন্ধুই এদিন মোক ইউনিভাৰচিটীৰ ফালে পাক এটা মাৰিবলৈ লগ ধৰিলে ।

মোৰ চৈধ্য দিন ডিউটি, চৈধ্য দিন অফ । অফৰ কেইদিন মোৰ সময়েই সময়, কৰিবলৈ কিন্ত একো নাই । লগে লগে বাইক ষ্টাৰ্ট দি বন্ধুক পাছছিটত উঠাই দিলো । প্ৰথমতে ইউনিভাৰচিটিৰ ডিপাৰ্টমেন্ট পালোগৈ । থিয়ৰী কৰা গেলাৰী, প্ৰেক্টিকেল ৰুম , বাহিৰৰ কৃষ্ণচুড়াজোপাৰ কাষৰ চিৰিকেইটা দেখি দুয়োটা নষ্টালজিক হৈ পৰিলো । পুৰনা কথা ৰোমন্ঠন কৰিলো । দুগৰাকী ছাৰকো লগ কৰিলো । বন্ধুই চাকৰিৰ মিঠাই লৈ গৈছিল । ছাৰসকলে আশীৰ্বাদ দিলে । বিয়াৰৰসকলকো মিঠাই খুওৱাৰ লগতে বেছ কিছুসময় আদ্দা জমিল ।

- বলা , হোষ্টেলত ভিজিট দি আহো ......... বন্ধুই কলে
বন্ধুই ইউনিভাৰচিটীত থাকোতে আৰচিচি বয়জ হোষ্টেল এটাত থাকি পঢ়িছিল । আৰ.চি.চি হোষ্টেল পালোগৈ ।

দুপৰীয়াৰ সময় । হোষ্টেল পাই বন্ধু আৰু বেছি আবেগিক হৈ পৰিল ।
- এই হোষ্টেলতে আমি কিমান এনজয় কৰিছিলো , সেই দিনবোৰ যদি ঘুৰাই পালোহেতেন...... বন্ধুই কলে

(২)

কৰিডৰেদি সোমাই তিনি নম্বৰ ৰুমটোৰ নাম খৰিকাজাই । এই ৰুমটোতে বন্ধু এম.এছ.ছি কৰি থকাৰ সময়ত আছিল । ৰুমটো ভিতৰৰপৰা বন্ধ হৈ আছিল । বন্ধুই দুৱাৰত টোকৰ মাৰিলে । খৰিকাজাই বেকগ্ৰাউন্ডত লৈ মই বন্ধুৰ ফটো এখন তুলিলো । বন্ধুই আৰু এবাৰ দুৱাৰত টোকৰ মাৰিলে ।

দুৱাৰখন সামান্য ফাক হৈ মুৰ এটাই ভিতৰৰপৰা ভুমুকি মাৰিলে । মুৰটোৰ গাত বনিয়ন আৰু হাফপেন্ট ।
- মই চিনিয়ৰ , ২০০৯ বেটছ, এইটো ৰুমতে মই আছিলো........বন্ধুই কলে
মুৰটোৱে অলপ সময় কিবা ভাৱিলে আৰু তাৰপাছত দুইমিনিট ৰবলৈ কৈ দৰ্জাখন বন্ধ কৰি দিলে ।
দহমিনিটমান পাছত দৰ্জাখন খোল খালে । মুৰটোৰ গাত এইবাৰ টি-ছাৰ্ট আৰু ট্ৰেক পেন্ট । অত্যুতসাহী বন্ধুু আবেগিক হৈ নিজৰ পুৰনা ৰুমটোলৈ সোমাই গল , পাছ পাছে মই ।

মাত্ৰ ত্ৰিশ ছেকেন্ড আমি ৰুমটোৰ ভিতৰত থাকিলো । ৰুমটোত বিছনা দুখন আছিল । তাৰে এখন বিচনাত ছোৱালী এজনী বহি আছিল । ছোৱালীজনীৰ চুলিবোৰ অবিনস্ত । এনেকুৱা পৰিস্থিতিত পৰিম বুলি আমি ভৱা নাছিলো ।
- ৰুমটো চাব আহিছিলো, চালো, হব একো নাই , নো প্ৰবলেম ........... বন্ধুই কৈ ৰুমটোৰপৰা ওলাই আহিল, আগে আগে মই । দৰ্জাখন আকৌ বন্ধ হৈ গল ।

(৩)

এইবাৰ আমি মনিটৰৰ ৰুমলৈ গলো । যিমানদুৰ মোৰ মনত আছে ৰুমটোত লৰা এটা আছিল । বন্ধুৱে নিজৰ পৰিচয় দি সোমাল । মনিটৰে বন্ধু আৰু মোক আঠেবেথে বহিবলৈ দিলে । বন্ধুই হোষ্টেলৰ পুৰনা পাৰ্টনাৰোৰৰ খবৰ ললে । কিছুসময় পাছত আৰু ৪-৫ টামান লৰা গোট খালে । বন্ধুই কল্ড ড্ৰিংকছ আনিবলৈ টকা পাচশ উলিয়াই দিলে । ১ম চেমৰ লৰা এটাক আৰ্টছ কেন্টিনলৈ পঠোৱা হল ।
- আছা বাৰু দাদা, আপুনি পোৱা চাকৰিটো কেনেকৈ পায়হে......... লৰা এজনে বন্ধুক সুধিলে

বন্ধুই কৈ গল,,,,,, পৰীক্ষা পদ্ধতি , জি.কে, কাৰেন্ট এফেয়াৰ, ইংলিছ, নোটছ, পেপাৰ চল্ভ , যি জানে বন্ধুই হিয়া উজাৰি কৈ গল । কিন্ত মই লক্ষ্য কৰিলো যিমান উতসাহেৰে বন্ধুই কৈ আছিল , লৰাকেইটাই কিন্ত শুনা নাই , এনেয়ে ইচাত বিছাট কৰি আছে, একমাত্ৰ মনিটৰটোৱে মন দি শুনাৰ অভিনয় কৰি আছে , বন্ধুই পাছে কৈয়ে আছে, ছিলেবাছৰ কথা, কিতাপৰ নাম ।
- দাদা সেইবোৰ বাৰু হব, খৰছ কিমান পৰিল সেইটো কওক, লিংকটো আমাক দি দিব , বাকী যোগাৰ কৰি লম............... তাৰে লৰা এজনে কলে

বন্ধু হঠাত ৰৈ গল । মোৰ বহুত খং উঠিছিল ।
- ভাইটি, ভালকৈ পঢ়িলে পইছা নোহোৱাকৈও চাকৰি পাই যায় , মানে অলপ চোকা হব লাগিব , অলপ কষ্ট কৰিলে আৰামত পাই যাবা । বাৰু চাকৰি বাদ দিয়া, এইবাৰ ভাৰচিটি উইকৰ প্ৰিপাৰেচন কেনে , আমাৰ টাইমত আৰ.চি.চি একেবাৰে টপত আছিল কিন্ত ................ মই কলো

ইতিমধ্যে শীতল পানীয় আহিল । শীতল পানীয় শেষ হোৱালৈকে অঞ্জনদা, ৰিতুদা আৰু ভপুদা নামৰ চিনিয়ৰ কেইজনমানৰ প্ৰেমকাহিনীৰ সৰস ডিছকাছন হল ।
শীতল পানীয় শেষ কৰিয়েই আমি বাহিৰ ওলালো । মনিটৰে বন্ধুৰ নাম-ঠিকনা-ফোন নং ৰাখি থলে । খৰিকাজাইৰ দুৱাৰখন তেতিয়াও ভিতৰৰপৰা বন্ধ ।

(৪)

বাইক ষ্টাৰ্ট দিলো ।
- ভাল কথাৰ ভেলুই নাই.......... বন্ধুই দুখেৰে কলে
- ইহতে ইমান এনজয় কৰি আছে, মদৰ সোৱাদ, চিগাৰেটৰ ধোৱা, যৌবনৰ আমেজ লৈ আছে, তাত তুমি পঢ়াৰ কথা কলে মানুহে আমনি পাবই দিয়াচোন, এতিয়া ইহতি কি শুনি ভাল পাব, লাভ- চেক্স-ধোকাৰ সস্তীয়া কথা, আৰু ৰাতিলৈ ৰঙীণ পানীয় স্পনচৰ কৰি আহিলেতো তোমাৰ সমান ভাল চিনিয়ৰ কোনো নাথাকিলেইহেতেন........... মই কলো
- তথাপিও, আমাৰ কিমান বেয়া ষ্টেজ গৈছিল
- সেইটো আমিহে বুজিছো, প্ৰেচাৰ কি, টেনচন কি বস্ত, তোমাক তিনিবছৰ লাগিল, মোক এবছৰ , বহুত এতিয়াও চেটেল হোৱাই নাই, তুমি আজি যি বুজি পাইছা বহুদিন আগতেই মই সেই পৰিস্থিতিৰ সন্মুখীন হৈছো , হোৱাট য়ু হেভ ইজ গল্ড, কিন্ত ফ্ৰীত দিলে সোণৰো মুল্য নাই ....... মই কলো
- চোকাকেইটা , ফেমিলী বেকিং থকাকেইটা বাচি যাব , বাকীবোৰ ......... বন্ধুই কলে
- মৰিব আকৌ, টেনচনত, ফ্ৰাচট্ৰেচনত । লুইতৰ পানী বৈ আছে বৈ থাকিব, বেছি মাথা মাৰিব নালাগে, আমি বাচি গলো, বাচ , জব দান .......... মই কলো
- হু
- অ , যদি কোনোবাই হেল্প বিচাৰি আহে , দেন ইউ হেল্প , ময়ো কৰো, উপযাচি কিন্ত একো নকৰিবা, য়ু উইল বি হাৰ্ট ......... মই বাইকৰ ক্লাটছ টানি গিয়েৰ বঢ়াই দিলো

( বি.দ্ৰ- ঘটনাটো কেইবছৰমান আগৰ । বন্ধুজনৰ নামটো লিখা নাই । সি বেয়া পাব পাৰে )

GATE ৰ গেটখন (1)

যেতিয়াই ONGCৰ অফিচাৰ পদৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে তেতিয়াই মই ৰিজাল্ট লিষ্টখন চাও আৰু মনে মনে ভাৱো যাতে এটা বুজনসংখ্যক অসমীয়া লৰা-ছোৱালীয়ে ইয়াত কৃতকাৰ্য হয় ।

২০১৪ চনত প্ৰায় ৮০ জন বাছনি হৈছিল Chemist পদৰ বাবে । লিষ্টখন চালো । হাজৰা, নন্দী, সিং, কুমাৰ, মীনা, শ্বেখাৱতৰে ভৰি আছে । মনটো কোচ খাই গল । মাত্ৰ এটা অসমীয়া টাইপৰ উপাধি । বৰুৱা , ভাগ্যশ্ৰী বৰুৱা । অলপ সকাহ পালো । অন্তত এজনী ছোৱালীয়ে তো পাইছে ।

পাছে এই সকাহ বেছিপৰ নিটিকিল । অলপ খবৰ খাতি লৈ গম পালো যে ভাগ্যশ্ৰী বৰুৱাৰ ঘৰ পশ্চিমবংগত । অসমৰ লগত কোনো সম্পৰ্ক নাই ।
মানে ভাৰতৰ ভিতৰতে অতি ভাল কেটেগৰৰীৰ চাকৰিকেইটাত সেইবছৰ অসমীয়াৰ সংখ্যা শূণ্য । বিগ বিগ জিৰো ।

সেইবছৰপৰা বাচনি GATE ৰ যোগেদি হৈছিলে । GATE মানে Graduate Aptitude Test for Engineering , সৰ্বভাৰতীয় পৰ্যায়ৰ এটা জনপ্ৰিয় পৰীক্ষা ।

মাত্ৰ এখন দুৱাৰ । GATE ৰ দুৱাৰ । যিখন খুলিব পাৰিলেই হয়তো কোনোবাই পাব পাৰে নিশ্চিত আৰ্থিক আৰু সামাজিক নিৰাপত্তা । সাধাৰণ মানুহৰ ভাষাত অইলৰ লাখটকীয়া চাকৰি । কিন্ত সেই দুৱাৰখন আমি কিয় খুলিব পৰা নাই ।

হাজৰা, নন্দী, সিং, কুমাৰ, মীনাহতে যিটো পাৰিছে সেইটো বৰা, শইকীয়া, দাস, কলিতা, বড়ো হতে কিয় পৰা নাই ।
ইয়াৰ উত্তৰ................ ????????

উত্তৰটো বিচাৰি মই কেইবছৰমান পিছুৱাই গলো । আৰু উত্তৰটো পালো । আৰু তাৰপাছত............... নিজৰ কামত মন দিলো ।

টিভিটো অন কৰি নিউজ পেপাৰখন হাতত ললো । টিভিৰ এটা চেনেলত আদহীয়া ছাত্ৰনেতাসকলে ৰেলৱেৰ চতুৰ্থ শ্ৰেণীৰ পদত ১০০% সংৰক্ষণ বিচাৰি এটা সমদল উলিয়াইছে, অইন এটাত কৃষকৰ স্বয়ম্ভু নেতা এজনে হাত-মুৰ জোকাৰি কিবা কিবি বলকিছে আৰু পেপাৰখনত আধাপৃষ্ঠা জুৰি অসমৰ কমিনিউষ্ট (যাৰ সতি-সম্ততি বৰ্তমান পুজিপতিৰ দেশত সু সংস্থাপিত) বুদ্ধিজীৱি এজনে জাতীয়তাবাদৰ ওপৰত এটা মনোগ্ৰাহী, চিন্তাকৰ্ষক প্ৰৱন্ধ লিখিছে ।

GATE ৰ গেটখন (২)

ওৰে নিশা অন্ধকাৰত
আছিলে মোৰ দুৱাৰ বন্ধ
কোনে আহি দিলে খুলি...............

ফৰেষ্ট স্কুলৰ একোঠলীয়া ভাড়াঘৰটোত গণেশ আৰু মই মেচ কৰি থাকো । মই কাণত হেডফোন লৈ গান শুনি আছো । গণেশে কিতাপ এথন পঢ়ি আছে । ছেকেন্ড চেমিষ্টাৰ চলি আছে ।
পাছদিনা ইউনিভাৰচিটীত গৈ শুনা খবৰটোৱে আমাক হিলাই দিলে । অপুৰ্বই গেট পাইছে । ৯৫ পাৰ্চেন্টাইল । আমাৰ বাবে অবিশ্বাস্য । ছেকেন্ড চেমিষ্টাৰতে গেট পাব পাৰি জানো !!

কলেজত থাকোতে মিটিং এখনত যথেষ্ঠ ছিনিয়ৰ ছাৰ এগৰাকীয়ে কৈছিল .... নেট, গেট বহুত টান, আমাৰ লৰাছোৱালীয়ে নেপায়েই । গণেশ-অলকেশ-মই-জীৱনে ধৰিয়েই লৈছিলো যে এইবোৰ বহুত টান হব । আমাৰদ্বাৰা বহুত কঠিন হব । আমি তো নাপাম বুলি এপ্লাইয়ে কৰা নাছিলো !!

অপুৰ্বই কেনেকে পাৰিলে !

অপুৰ্বক আমি ঘেৰি ধৰিলো । আৰু সি আমাক দুৱাৰবোৰ খোলাৰ কিটিপবোৰ দি গল । ছেমিষ্টাৰ পৰীক্ষা আৰু এইধৰণৰ পৰীক্ষাৰ পাৰ্থক্য কত । কোনখিনি পঢ়িব লাগে, কোনখিনি নপঢ়িলেও চলি যায় । সময় বচাই উত্তৰবোৰ কৰাৰ কিটিপ ।

অপুৰ্বই কয়......... একো নাই, বিন্দাছ
তেতিয়ালৈ আমাৰ হাতত এক্সট্ৰা মাল-মেটেল একো নাই । অপুৰ্বৰ সাফল্যই আমাকো জগাই তুলিলে । সি পাৰিছে যদি আমিও পাৰিম । কেইদিনমান পাছত আমি হিমাংশুৰ পৰা নেটৰ পুৰণা ৬ খন পেপাৰ জেৰক্স কৰিলো । আমাৰ কটনৰ লৰাকেটাৰ মিছনৰ আৰম্ভনি ।

ধন্যবাদ দিব লাগিব পি.জে.দাস ছাৰক । তেও আমাক বহুত সহায় তথা মটিভেট কৰিছিল । ছাৰ তেতিয়া ডিপাৰ্টমেন্টৰ হেড । কটন আৰু বি.বৰুৱাৰ আঠটা লৰা ছাৰৰ ওচৰ পালোগৈ ।
- ছাৰ জুনৰ নেট আৰু ছেকেন্ড চেমিষ্টাৰ পৰীক্ষা একেলগে পৰিছে, পাৰে যদি ছেমিষ্টাৰৰ পৰীক্ষাটো পিছুৱাই দিয়ক ...... অপুৰ্বই কলে

ছেমিষ্টাৰ পৰীক্ষা পিছুওৱা হল ।
- ছেমিষ্টাৰ পৰীক্ষাৰ কাৰণে চিন্তা কৰিব নালাগে । তোমালোক চবেই ভাল নম্বৰ পাবা, কনচেনট্ৰেট অন নেট এন্ড গেট ............ পিজেডি ছাৰে আশ্বাস দিলে
প্ৰতিযেগিতামুলক পৰীক্ষাৰ বাবে সকলোতকৈ ডাঙৰ প্ৰয়োজনীয়তা .......... ..........Motivation............

( Apurba Kalita বৰ্তমান বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক )

কটন কলেজ- মনজিত ছাৰৰ ক্লাছটো



২০০৫ চনৰ কথা । তেতিয়া আমাৰ ডিগ্ৰী ছেকেন্ড ইয়াৰৰ ক্লাছবোৰ আৰম্ভ হৈছেহি মাথো । কিন্ত ক্লাছত কাৰো মন নাই । মেডিকেল-ইঞ্জিনাৰিঙৰ এন্ত্ৰেন্স সমাগত । ঘৰে বাহিৰে এটাই ধাৰণা যে আজিৰ দুনীয়াত ডাক্টৰ-ইঞ্জিনিয়াৰ নহলে লাভ নাই । কৰবাত জেনেৰেল লাইন পঢ়ি থকা বুলি কলে বেছিভাগ মানুহেই একেবাৰে পুতৌৰ দৃষ্টি দিয়ে ।

চুডমাৰ্চন হলৰ মুখত তাশ্ৰিকক লগ পালো । সি হায়াৰ ছেকেন্ডাৰিত আমাৰ লগত আছিল , প্ৰথমবাৰতে এ.আই.ত্ৰিপল.ই ক্লিয়াৰ কৰি এন.আই.টি শিলচৰত পঢ়ি আছে ।
- এতিয়া কি কৰি আছা......... তাশ্ৰিকে সুধিলে
- কটনত কেমেস্ত্ৰীত এডমিচন লৈছো...... মই কলো
- জেনেৰেল আজিকালি লাভ নাই বুজিছা..... তাশ্ৰিকে কলে

মুঠৰ ওপৰত দিনবোৰ হাৱাত গৈ আছে । ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত অকল ফিজিকেলৰ এটকিনচৰ কিতাপখন কিনিছিলো । কেবল কিনিলোহে পঢ়া-পাতি বেছি নকৰিলো । অৰ্গেনিকৰ একো কিতাপ নাই । সেইদৰে পৰীক্ষাও দিলো । দুই নাওত দুই ভৰি । এন্ত্ৰেন্স নে কেমেস্ত্ৰী , ডিচাইড কৰিব পৰা নাই । যিকেইটাই ডিচাইড কৰিলে সেইকেইটাই কেতিয়াবাই ক্লাছ অহা বাদ দিছে ।

আঠটামান বাকী আছো । জীৱন, অলকেশ, দীপাংকৰ, সংগীতা, চামিয়াৰা, জয়ন্ত, নীতু, মই । গিৰিৰাজে কেতিয়াবা কেতিয়াবা ভুমুকি মাৰে ।

টিচাৰ কমন ৰুমৰ কাষতে থকা সৰু ৰুমকেইটাত দ্বিতীয় বৰ্ষৰ ক্লাছ হয় । মনজিত ছাৰৰ ক্লাছ আছিল । আমি বহি আছো । জীৱন-অলকেশে এন্ত্ৰেন্সৰ কথা পাতি আছে । ছোৱালীকেইজনীয়ে প্ৰদীপছৰ সহায়িকা এখন মেলি গুণগুণাই আছে । ছোৱালী গ্ৰুপৰ লগত সহজে মিলি যোৱাত ওস্তাদ গিৰিৰাজে গুণগুণনিটো শুনিবলৈ চেষ্টা কৰি আছে । মই বেঞ্চত আঙুলিৰে তবলা বজাই আছো ।

মনজিত ভট্টাচাৰ্য ছাৰ ক্লাছত সোমাল । আমি অলপ চিৰিয়াছ হৈ গলো । ছাৰে আগৰ ক্লাছত হমৱৰ্ক এটা দিছিল । কোনেও কৰা নাই ।

প্ৰথম দমটো ছাৰে গিৰিৰাজক দিলে । বেচেৰা মুৰ তল কৰি থিয় হৈ থাকিল । আমাৰো মুৰ তল । ছাৰে জীৱনক সুধিলে ছেকেন্ড ইয়াৰৰ ইনঅৰগেনিকৰ কাৰণে কিতাপ কি কি আছে । জীৱনৰো এখনেই কিতাপ , এটকিন্সৰ ফিজিকেল কেমেস্ত্ৰী । বেচেৰাই আন এখনো কিতাপৰ নাম কব নোৱাৰিলে । সংগীতাৰ মুখেৰে নেগী-আনন্দ আৰু ফাইনাৰৰ নাম ওলাল ।

ছাৰে তামাম গালি দিলে । কি গালি দিলে নকও কিন্ত তামাম গালি দিলে ।
- ৰিড বুকচ, দেন ইউ কেন গেট নলেজ , কিতাপ পঢ়িব লাগিব , নহলে কেনেকৈ হব, নেক্সট টাইম যিয়ে যিয়ে কিতাপ নিকিনা, ক্লাছত নাহিবা....... ছাৰে খঙত কলে

আধাঘন্টামান দম দি ছাৰ ওলাই গল ।
সেই আধাঘন্টা আছিল আমাৰ টাৰ্নিং পইন্ট । সেইটো ক্লাছৰ পাছত মই হুহি, লী, স্ৰাইভাৰ-এটকিন্স, কটন-ৱিলকিনচন কিতাপ কিনিছিলো আৰু চিৰিয়াছলি পঢ়িবলৈ আৰম্ভ কৰিছিলো ।

সচা কথা কবলৈ গলে মনজিত ভট্টাচাৰ্য ছাৰ নাথাকিলে আমি হয়তো কেমেস্ত্ৰী বাদ দি অইনফালে ডাইৰেক্সন ললোহেতেন ।

কালপ্ৰিট



ইউনিভাৰ্চিটিৰ দিনৰ কথা । থাৰ্ড চেম পাইছো। আমাৰ ডিপাৰ্টমেন্টত প্ৰায় ১৬ টা কম্পিউটাৰেৰে এটা ভাল কম্পিউটাৰ লেৱ আছিল । ১৬ টাৰ পাচটাত ইন্টাৰনেট আছিল। আমি অফ আৰু বৰিং ক্লাছ বাংক দিয়া টাইমখিনি কম্পিউটাৰ লেৱত পাৰ কৰো । অৱশ্যে দৰকাৰী কাম একো নকৰো । মেইনলি অৰকুট কৰো । তেতিয়ালৈ ফেচবুক ইমান পপুলাৰ হোৱা নাই । অৰকুট আছিল এক নম্বৰ ছচিয়েল নেটৱৰ্কিং ছাইট ।

কিন্ত প্ৰব্লেম হয় ৰিচাৰ্ছ স্কলাৰ কেইজনৰপৰা । আমাক দম চম দি কম্পিউটাৰৰপৰা উঠাই দিয়ে । তেওঁলোকৰ মেইন বাহানা যে জাৰ্ণেল চাৰ্চ কৰিব লাগে। বনানীবাই ঐ পোৱালী উঠ বুলি কলেই উঠি দিব লাগে । তাৰপাছত দুখনমান জাৰ্ণালৰ পেজ উলিয়াই বনানীবাই অৰকুটত লাগে । চিনিয়ৰ বুলি একো কবও নোৱাৰো । আমন জিমনকৈ আমি ৰৈ থাকো। বনানীবাই অৰকুট কৰি মেলি যাওতে আমাৰ ফালে চাই ধুনীয়া হাহি এটা মাৰি থৈ যায় ।

কিন্ত আমাৰ বাবে মেইন ভিলেইন হল পংকজ ঘোষ দা। অনবৰতে আমাক লেচন দি থাকে । কম্পিউটাৰত বহি অৰকুট খোলা দেখিলেই লেচন ষ্টাৰ্ট হৈ যায় । তেওঁৰ মতে ডিপাৰ্টমেন্টৰ এই ফেচিলিটি আমি জাৰ্ণেল চোৱা, জব চাৰ্চ, ইম্পৰটেন্ট আৰ্টিকল পঢ়া ইত্যাদি ভৱিষ্যতে কামত অহা কামত লগাব লাগে ।
আৰু পংকজদাৰ এইধৰণৰ লেচনবোৰ আমি বৈধ্যম কামোৰ পাও ।

ৰিচাৰ্ছ স্কলাৰে আমাক ইন্টাৰনেট থকা কম্পিউটাৰ কেইটাৰপৰা উঠাব পৰাৰ মুল অস্ত্ৰ আছিল সেই কম্পিউটাৰকেইটাত লগাই থোৱা " ৰিচাৰ্ছ স্কলাৰ এক্সক্লুচিভ" লিখা থকা স্টিকাৰকেইটা ।

সুব্ৰত নাথ, সুৰজ পাঠক আৰু মই ঠিক কৰিলো যে ৰিচাৰ্ছ স্কলাৰৰ মইমতালি আৰু আতিশয্যৰ বিৰুদ্ধে কিবা এটা কৰিব লাগিব ।
ভৱামতেই কাম ।

ইন্টাৰনেট থকা ৫ টাৰ ভিতৰত তিনিটাৰ কানেকচন সলনি কৰি স্টিকাৰ নথকা অইন তিনিটাত লগাই দিলো। আমাৰ বাহিৰে কেচটো সুকন্যাই জানে । তাৰ পাছত আমি বিন্দাচ অইন তিনিটাত বহি অৰকুট কৰো । স্টিকাৰ নলগোৱা বাবে কোনেও আমাক উঠাব নোৱাৰে। ইফালে স্টিকাৰ লগোৱা তিনিটাত লোডিং বুটাম ঘুৰি থাকে, ঘুৰিয়েই থাকে ।

পংকজদাৰ মাথা বেয়া হৈ যায়। চিপিউ টোত চাপৰ কেইটামানো মাৰে, কিন্তু ইন্টাৰনেট কাণেক্ট নহয়হে নহয় ।
দুসপ্তাহমান আমাৰ দিন চলিল।

এদিন কম্পিউটাৰ লেবত এনেয়ে আদ্দা মাৰি আছো। মই, সুব্ৰত, সুৰজ, সুকন্যা, মৃদু, স্বাতী । তেতিয়াৰ ডিপাৰ্টমেন্টৰ হেড পিজেডি ছাৰ সোমাই আহিল। ছাৰৰ পাছে পাছে পংকজদা ।
- এই কম্পিউটাৰবোৰ ওলট-পালট কোনে কৰিছে........ ছাৰে কঠোৰ মাতেৰে সুধিলে

কোনেও মুখৰে একো মতা নাই । সুব্ৰত আৰু মই ইটোৱে সিটোৰ ফালে চালো ।
- ডিপাৰ্টমেন্টত বদমাছ কেইটামান আছে । এইবোৰ কাম মই সহ্য নকৰো, আই উইল টেক স্ট্ৰিক একচন, কোনে কৰিছে এইবোৰ ............. ছাৰে আগতকৈ বেছি খঙেৰে কলে

ছাৰৰ খঙাল মূৰ্তি দেখি বহুত ভয় লাগিল । প্ৰভু যেনেতেনে বচাই দিয়া এইবাৰলৈ । আৰু বদমাচি নকৰো । নেদেখাজনক মই স্মৰণ কৰিলো ।
- আমি নাজানো ছাৰ, আমিটো কেতিয়াবা কেতিয়াবা চলাওহে.......... সুকন্যাই একো নজনা টাইপৰ নিমাখিত ফেচিয়েল এক্সপ্ৰেছন দিলে

ছাৰে আৰু কেইমিনিটমান কালপ্ৰিটটোক উদ্দেশ্যি গুৱাল গালি দিলে । পংকজদাৰ চেহেৰাত সন্তুষ্টিৰ হাঁহি বিৰিঙি আছে ।
- হেই বিকাচ........... PJD ছাৰে মোৰফালে চাই কলে

একেবাৰে নিষ্পাপ, নিষ্কলুষ, ভোলা-ভালা টাইপৰ চেহেৰাৰে ছাৰৰ ফালে চালো । চাল্লা পংকজদাইয়ে মোক ফচালে ।
- তুমি তো ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ, ডু ৱান থিং, ইনভেচটিগেচন কৰি উলিওৱা, এইবোৰ কাম কৰা কালপ্ৰিটটো কোন, আই উইল টেক ষ্ট্ৰিক একচন........... ছাৰে মোক দায়িত্ব দিলে

মই লক্ষ্য কৰিলো, সুকন্যাই হাতেৰে ওঠ ঢাকি হাহি ৰখাবলৈ আপ্ৰাণ চেষ্টা কৰিছে, সুব্ৰতে কোনোমতে দাঁতকেইটা নোলোৱাকৈ ৰাখিছে, মৃদু আৰু স্বাতীয়ে ভেবা লাগি চোৱাৰ দৰে চাই আছে । আৰু মই ভোলা-ভালা চেহেৰাৰ কোনো পৰিবৰ্তন নকৰাকৈ হব ছাৰ বুলি কৈ ছাৰক আশ্বস্ত কৰিছো যে কালপ্ৰিট সোনকালে জালত পৰিবই ।

কোৱা নিষ্প্ৰয়োজন যে সেই ইনভেচটিগেচনৰ ৰিজাল্ট আজিলৈকে ওলোৱা নাই ।

ফুটবল

১)

হয়তো মই ভালকৈ খেলিব পৰা নাই । বাঢ়ি অহা বয়স, ওজন আৰু পেটটোৱে মোৰ ষ্টেমিনা বহুত কমাই দিছে । আন চেঙেলীয়াকেইতাৰ সৈতে তাল মিলাই দৌৰাটো কঠিন হৈ পৰিছে ।

প্ৰতিবছৰে পোন্ধৰ আগষ্টত এখন প্ৰীতি ফুটবল মেছ হয় । বেলতলা বনাম জয়ানগৰ । প্ৰীতি হলেও মেচখনত দুয়োঠাইৰ আবেগ, আত্মসন্মান জড়িত হৈ থাকে । মেচ নহয় যেন এখন যুদ্ধ, নিজৰ এৰিয়াটোৰ সন্মান ৰখাৰ যুদ্ধ ।
যোৱা তিনিবছৰে বাহিৰত চাকৰি কৰি থকাৰ কাৰনে মই খেলিব পৰা নাছিলো । এইবাৰ ছুটী পৰিছে । কিন্ত তাৰ মাজতো এটা কথা আছে । প্ৰেকটিছত মই ভালকৈ খেলিব পৰা নাই । মোৰ লগৰ কেইটাৰ প্ৰায় গোটেইকেইটাই খেলা বাদ দিছে । চাকৰি, কাম-কাজ, সংসাৰৰ তাগিদাত সিহতৰ সময়ৰ বৰ অভাৱ । এতিয়া খেলা লৰাকেইটা মোতকৈ ৮ৰ পৰা ১৫ বছৰ সৰু । চুপাৰ চিনিয়ৰ হিচাপে সিহতে মোক যথেষ্ঠ সন্মান কৰে । কিন্ত খেলখনত জিকিব লাগিব ।
কবলৈ গলে টীমত মোৰ স্থান অনিশ্বিত । বৰ্তমান টীমৰ কেপ্তেইন অমিত ।

- দাদা, লৰাহতে কৈছে খেলত জিকিব লাগিব , আপুনিতো বহুদিন খেলাই নাই, আৰু প্ৰেকটিছ কৰিব লাগিব ..... অমিতে কলে

অমিতৰ কথাটো মই বুজাত অসুবিধা নহল । মোৰ দুৰ্বল ফৰ্মে সিহতৰ মনত আশংকাৰ সৃষ্টি কৰাটো স্বাভাৱিক । এতিয়া মোৰ হাতত দুটা পথ আছে, চিনিয়ৰগিৰি দেখুৱাই টীমত খেলা, যত বিফল হলে মই যথেষ্ঠ লজ্বিত হম বা সসন্মানে নিজেই টীমৰ পৰা আতৰি যোৱা ।

সৰুৰেপৰা মই এইখন ফিল্ডত খেলি আহিছো । যেতিয়া সৰু আছিলো তেতিয়া শুক্লেদা, মৌচমদাহতে খেলিছিল । তাৰ পাছত আমাৰ জেনেৰেচনৰ চুৰেন, বিষ্ণু, হিমাংগ, নয়ন । তাৰ পাছত জনী, মাধৱহতৰ পাছত আজিৰ অমিত-অজয়-ৰকেটহত । চাকৰিৰ তাগিদাত বাহিৰলৈ যোৱাৰ আগলৈকে মই নিৰৱছিন্নভাৱে খেলি আহিছো । কবলৈ গলে এইখন ফিল্ডত মই হাযেষ্ট গল স্কৰাৰ ।

কিন্ত সেইবোৰ এতিয়া পুৰনি কথা । এতিয়া মোৰ সক্ষমতাৰ ওপৰত সংশয়ৰ ডাৱৰ ।

২)

খেলা-ধুলাৰ লগতে সৰুৰেপৰা পঢ়াত ভাল আছিলো । মাৰ্কচিটত নম্বৰবোৰো ভালেই আছিল । ভাল কলেজত চীটো পাইছিলো । কিন্ত ভাল সংস্থাপন পোৱাটো সহজ নাছিল । এম.এছ.ছিৰ পাছত যেতিয়া কেইমাহমান বেকাৰ হৈ আছিলো তেতিয়া মানুহে নানান প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিছিল । মানুহবোৰে জানিছিল যে মই বিশেয একো কৰি থকা নাই, তথাপিও তেওলোকে ইচ্ছাকৃতভাৱে নানান প্ৰশ্ন শুধিছিল । সহানুভুতি দেখুৱাইছিল , আচলতে মোক পুতৌৰ পাত্ৰ কৰি তুলিছিল । ইমান পঢ়া-শুনা কৰিও একো নহল, বেয়াই লাগে দেই জাতীয় ডায়লগবোৰ শুনি শুনি কাণ-মুৰ ঘোলা হৈ গৈছিল ।

পৰিস্থিতি এনেকুৱা হৈছিল যে ঘৰলৈ আলহী আহিলেই মই ঘৰৰপৰা পলাইছিলো । ইমান পুতৌ-সহানুভুতি-দৰদ সহ্য কৰাৰ কেপাচিটী মোৰ নাছিল ।

৩)

- হব বাৰু , ফাৰ্ষ্ট হাফটো খেলি চাও, নোৱাৰিলে মই ওলাই দিম......... মই অমিতক কলো
অমিতৰ চেহেৰাত খুব এটা সন্টুষ্টিৰ ভাৱ দেখা নগল । মই জানো যে আজি মোৰ ফৰ্ম বেয়া , সেইকাৰনে সিহতে সন্দেহ কৰিছে, কিন্ত মই পাৰিম, পাৰিবই লাগিব ।
খেল আৰম্ভ হল, মই লেফট উইঙত পজিছন ললো । কিছুসময় দৌৰাদৌৰি কৰাৰ পাছতে ভাগৰ অনুভৱ কৰিলো । হয়তো মই ওলাই দিব লাগিব ।

অলপ পাছতে আমাৰ ফালৰপৰা এটেক এটা হল । অমিতে বল লৈ আগুৱাই গৈছে , মই বাওফালে , অমিতে মোৰফালে বলটো ঠেলি দিলে , বল মোৰ ভৰিত পৰো পৰো , অমিতে এটা সুবিধাজনক পজিচন লৈছে, এতিয়া মই বলটো তাক ৰিটাৰ্ণ পাছ দিব লাগিব , গল এটাৰ পুৰ্ণ সম্ভাৱনা ।
কিন্ত তাক পাছ দিবলৈ বলটো ঠেলিবলৈ লওতেই ডিফেন্ডাৰ এটাই বলটো কাঢ়ি লৈ গল । অমিতৰ মুখত এটা বিৰক্তিৰ ভাৱ ফুটি উঠিল ।

কিছুসময় পাছত জয়ানগৰে এটা গল দিলে । ০-১ ত আমি পাছ পৰিলো । লাহে লাহে অনুভৱ কৰিলো পাছবোৰ মোৰ চুকটোৰফালে নহা হৈ পৰিছে ।

৪)

হেন্ডবল, পেনাল্টি । আমি এটা পেনাল্টি পালো । অমিত আৰু ৰকেটে বলটো পেনাল্টি স্পটত থৈ কিবা কথা পাতিছে । মই সিহতৰ ওচৰ পালোগৈ ।
- শ্বটটো মই মাৰো ........ মই কলো

সিহতে খুব এটা ভাল নাপালে যদিও চিনিয়ৰ বাবে মোক না কৰিব নোৱাৰিলে । এতিয়া মোৰ সন্মুখত মাত্ৰ এজন গলকীপাৰ ।

বহুত বছৰ ধৰি মই পেনাল্টি শ্বট লোৱা নাই । আঠবছৰ আগতে মই এটা পেনাল্টি মিছ কৰিছিলো । গলকীপাৰ আদিত্য যে বাওহতীয়া মই পাহৰি গৈছিলো, বলটো মই বাওফালে মাৰি পঠিয়াইছিলো আৰু সি জপিয়াই বলটো ঠেলি পঠিয়াইছিল । পাছ বছৰত প্ৰথমবাৰৰবাবে আমি ট্ৰাইবেকাৰত হাৰিছিলো । সকলোৱে মোৰ ব্যৰ্থতাক দোষ দিছিল । অতবছৰে মই দিয়া গলবোৰ, ড্ৰিবলিং, পাছ সকলো মাত্ৰ এটা পেনাল্টিৰ ব্যৰ্থতাই ঢাকি পেলাইছিল । তাৰপাছত মই কেতিয়াও পেনাল্টি লোৱা নাছিলো । হয়তো মোৰ মনত এটা ভয় শিপাইছিল ।

৫)

মোৰ সন্মুখত পাচজনীয়া এখন ইন্টাৰভিউ বৰ্ড ।
- টলুইনৰপৰা বেনযিন কেনেকৈ বনাবা
- প্ৰথমতে অক্সিডেচন টু এচিড, তাৰপাছত চডিয়ামৰ চল্ট বনাই হিট কৰিব লাগিব
- আৰু কিবা প্ৰচেচ
- ৰিডিউচ কৰিব লাগিব, প্লেটিনাম অক্সাইড কেটালিষ্ট, ৫০০-৬০০ ছেন্টিগ্ৰেড, ৪৫ এটমচফেয়াৰ
অৰ্থো-মেটা-পেৰা, নাইট্ৰ, , ছায়ানো, কাৰ্বৰ্ক্সিলিক এছিড ।
- ৰিচাৰ্চ বাদ দি আমাৰ কোম্পানীত কিয় জইন কৰিব খুজিছা
- বিকজ দা কোম্পানী প্ৰভাইদচ এ বেটাৰ ৱে টু লিভ ইন, ইকনমিক এন্ড চচিয়েল চিকিউৰিটি, যিটো জীৱনৰ বহুত প্ৰয়োজনীয় ।

৬)

অব্যৰ্থ ।
গলপোষ্টটোৰ একেবাৰে ওপৰৰ চুকটোৰে বলটো সোমাই গল । গলকীপাৰটোৱে একবিন্দুও সুযোগ নাপালে । ১-১
কিছুসময় পাছত বলটো আকৌ ভৰিত পৰিল । দুটা ডিফেন্ডাৰ ক্ৰছ কৰিলো । গললৈ শ্বট লব পাৰি, কিন্ত সোফালে অমিত ভাল পজিছনত আছে, তাক পাছ দিলো । সি গলটো দি দিলে । জয়ানগৰে আৰু এটা গল দিলে । হাফটাইম স্কৰ ২-২ ।
- দাদা আপুনি ওলাই দিব নালাগে, খেল ঠিকে গৈ আছে....... অমিতে মোক কলে

ছেকেন্ড হাফ আৰম্ভ হল । খেল জমি উঠিছে । ৰকেটে বল লৈ আগুৱাই আছে, মই বাওফালে আছো , গলপোষ্টলৈ বেছি দুৰ নাই, গলকীপাৰ আগুৱাই আহিছে, সুযোগ বুজি ৰকেটে বলটো গললৈ মাৰিলে । বাৰত লাগি বলটো উভতি আহিল । কিন্ত উভতি বলটো মোৰ ভৰিত পৰিল, উন্মুক্ত গলপোষ্ট , মই মোৰ দ্বিতীয়টো গল দিলো । ৩-২

জয়ানগৰে আক্ৰমনৰ চোক বঢ়াই দিলে । অতি কম সময়ৰ ভিতৰতে সিহতে দুটা গল দিলে । ৩-৪

জয়ানগৰৰ গোটেইকেইটা প্লেয়াৰ এতিয়া ডিফেন্সত ব্যস্ত । খেল শেষ হবলৈ বেছি সময় নাই । বহুত চেষ্টা কৰিও আমি সিহতৰ ডিফেন্স ভেদ কৰিব পৰা নাই । যিমানে সময় গৈ আছে আমাৰ টেনচন বাঢ়ি আছে ।

বল লেফট উইঙত মোৰ ভৰিত পৰিল । সমুখত বহুতকেইটা ডিফেন্ডাৰ , ড্ৰিবলিং কৰাটো অসম্ভৱ । ওচৰে পাজৰে পাছ দিয়াৰো সুযোগ নাই । লাহেকৈ বলটো বক্সলৈ উঠাই দিলো । ৰকেট, হয় ৰকেট , কৰবাৰপৰা ৰকেট আহি জপিয়াই বলটো হেড দিলে আৰু বলটো গলত সোমাল । আমি স্বস্তিৰ নিশ্বাস কাঢ়িলো । ৪-৪

৭)

খেল এতিয়াও শেষ হোৱা নাই । কেইমিনিটমান বাকী আছে । বল আকৌ ভৰিত পৰিল । গলপোষ্টটো প্ৰায় ৩০ গজ আতৰত । সমুখত বিপক্ষৰ এঘাৰটা প্লেয়াৰ । বাওফালে মই কোণীয়াকৈ আছো । সোফালে অমিত শ্বট লব পৰাকৈ ভাল পজিচনত আছে , ৰকেটেও হাতখন জোকাৰি ইংগিত দিছে যে সি হেড দিবলৈ সাজু হৈ আছে । প্ৰতিপক্ষৰ প্লেয়াৰ দুটাই ৰকেটক ঘেৰিবলৈ লৈছে । ৰেফাৰীয়ে বাওহাতত থকা ঘড়ীটোৰ ফালে চাইছে ।

মাত্ৰ কেইটামান মাইক্ৰছেকেন্ড, নেনোছেকেন্ড , পিকোছেকেন্ড । এটা ডিচিচনৰ বাবে ।

মই গললৈ শ্বট ললো । বলটো বক্সত থকা প্লেয়াৰকেইটাৰ ওপৰৰে উঠিবলৈ ললে । অমিতে ককালত হাত দিলে, ৰকেটে জপিয়াবলৈ গৈ ৰৈ গল । বলটো ওপৰেৰে উৰি গৈ আছে ।

বিশ বছৰ ধৰি এইখন ফিল্ডত ফুটবল লঠিয়াই আহিছো । এই বিশ বছৰত মই বহুত গল দিছো । মোৰ লগৰ চুৰেণে বাহিৰৰপৰা খেল চাই আছে । মই শ্বট লোলাৰ পাছতেই সি দুয়োখন হাত ওপৰলৈ প্ৰসাৰিত কৰি দিলে । অমিত-ৰকেটহতে হয়তো দেখা নাই, কিন্ত চুৰেণে এনে গল বহুত দেখা পাইছে । এবাৰ- দুবাৰ নহয় , বহুবাৰ ।

ওপৰলৈ উঠা বলটো এটা কাৰ্ভ লৈ তললৈ নামিল । বাহিৰলৈ গৈ থকা বলটো আচম্বিতে এটা বক্ৰপথেৰে গলপোষ্টটোৰ ওপৰৰ চুকটোৰ ফালে গতি ললে । আৰু ওপৰৰ গলবাৰ দুডালৰ চুকটোত চোও-নোচোওকৈ বলটো গলত সোমাই গল ।

এযোৰ পাটৰ কাপোৰ



১)

পুজাৰ বতৰ । বাইকখন লৈ এনেয়ে ওলাই গলো । পিন্ধা উৰাত মই বিশেষ চৌখিন নহয়। একেটা টি চাৰ্টেই বহুত দিন চলি যায় । দীৰুদাক ফোন কৰিলো । দীৰুদাই খবৰ দিলে যে আমবাৰীৰ জন প্লেয়াৰ্চৰ শ্বোৰুমত ৬০ পাৰচেন্ট অফ দি আছে । আমবাৰী পালোগৈ । জন প্লেয়াৰ্চত বহুত ভিৰ । ওচৰতে চিল্ক এম্পোৰিয়ামৰ শ্বৰুমটো । চিল্ক এম্পোৰিয়ামতে সোমালো, কাপোৰ দুযোৰমান চাই টাইম পাছ কৰো ।

এম্পোৰিয়ামতো ভীৰ বহুত, মানুহে পুজাৰ বজাৰ কৰিছে।
-দাদা কওঁকচোন, কি বিচাৰিছিল..... দোকানৰ লৰা এজনে সুধিলে
- পাটৰ ছেট দেখুওৱাচোন........ মই কলো
-কি কালাৰত চাব
- দেখুওৱাচোন, লেটেষ্ট ডিজাইনত

লৰাজনে চেলফৰপৰা তিনিযোৰ কাপোৰ উলিয়াই মোৰ সন্মুখত থলে
-এইযোৰ ৮, এইযোৰ চাৰে সাত আৰু এই পাৰপলযোৰ সাত হাজাৰ দুশ পৰিব........ লৰাজনে কলে
- কম কিমান কৰিব
- পুজা বুলি টেন পাৰচেন্ট ডিচকাউন্ট চলি আছে

দৰ দাম কৰাত মই কেচা । দোকানখনত ইফালে সিফালে চালো । মানুহবোৰে কাপোৰ পচন্দ কৰাত আৰু বাৰগেইনিঙত ব্যস্ত ।
ৱাও, বিউটিফুল, এবাৰ চালে চাইয়েই থাকিবলৈ মন যায় । কমলা ৰঙৰ, গোটেই কাপোৰখনতে গুণাৰে মিনা কৰা, জিলিক-মিলিক বাখৰ খটোৱা কাপোৰযোৰ । দোকানখনত এটা ফালে আঢ্যৱন্ত যেন লগা পৰিয়াল এটাই কমলা ৰঙৰ চালে চকুৰোৱা কাপোৰযোৰৰ দৰ দাম কৰি আছে ।

- সেই যে কাপোৰযোৰ, বহুত ধুনীয়া দেই, তেনেকুৱা দেখুওৱাচোন ...... মই কমলা পাটৰ চেটযোৰ দেখুৱাই কলো
- দাদা সেইযোৰ আপোনাৰ ৰেঞ্জত নাহিব..... লৰাজনে কলে
- মানে
- দাম অলপ বেছি...... লৰাজনে হাহি এটা মাৰিলে
- তুমি মোকতো চিনি নোপোৱা, মোৰ ৰেঞ্জটো কেনেকৈ জানিলা....... মই সুধিলো

লৰাজনে হাহি এটা মাৰিলে। মই নিজৰ ফালে চালো । চাৰি বছৰ আগতে কিনা কলা ৰঙৰ টি ছাৰ্ট, জিনছটো কেতিয়াৰ মনতে পৰা নাই, ভৰিত ধুলি লগা ছেণ্ডেল চু । মোৰ ৰেঞ্জ ইয়াতেই সীমিত ।

২)

১৭-১৮ বছৰ আগৰ কথা । মই তেতিয়া ক্লাছ ফাইভ নে চিক্সত । মাহীৰ বিয়া আছিল । মাহীৰ বিয়াত পিন্ধিবলৈ মাই দেউতাৰপৰা পইচা লৈ কাপোৰ কিনিবলৈ ফাচীবজাৰ পালেগৈ, লগত মাৰ আঙুলিত ধৰি মই ।
দেউতাই সাধাৰণ চৰকাৰী চাকৰি এটা কৰিছিল । খুব আদৰ্শবাদী আছিল দেউতা । আদৰ্শবাদী মানুহৰ সাধাৰণতে টকা পইচা কম থাকে আৰু আমিও ব্যতিক্ৰম নাছিলো । আমাৰ ঘৰতো অভাৱ আছিল আৰু আমি অভাৱবোৰৰ সৈতে সহাৱস্থান কৰিছিলো ।

মাই ফাচীবজাৰৰ দোকান এখনত সোমাল । দোকানীয়ে কেইবাযোৰো পাটৰ ছেট দেখুৱালে । মাই লিৰিকি বিদাৰি চাই আছে। এপলেকত দোকানীয়ে খুব ধুনীয়া কাপোৰ এযোৰ উলিয়ালে ।
- এইযোৰ কিমান দাম...... মায়ে সুধিলে
- দাম অলপ বেছি, আপোনাৰ ৰেঞ্জত নাহিব...... দোকানীয়ে কলে
মাই মানিবেগটো জোৰেৰে খামুচি ধৰিলে ।
- এইযোৰ মোৰ ভালো লগা নাই, ইমান জিলিক মিলিক মই ভাল নাপাওঁ....... মায়ে কলে

তেতিয়া মই বুজি পোৱা নাছিলো কিয় মায়ে ইমান ধুনীয়া কাপোৰযোৰ অপচন্দ কৰি এযোৰ কম ধুনীয়া চিম্পল কাপোৰ কিনিছিল ।

৩)

- দাদা, আৰু দেখুৱাম নে........ চিল্ক এম্পোৰিয়ামৰ লৰাটোৰ মাতত মই অতীতৰ পৰা উভতি আহিলো
মই হাহি এটা মাৰিলো । কমলা ৰঙৰ কাপোৰযোৰৰ দৰদাম চলি আছে । দোকানীৰ দাম আৰু পৰিয়ালটোৱে দিয়া দামৰ মাজত এতিয়াও দুহেজাৰ টকাৰ পাৰ্থক্য ।
মই তেওলোকৰ ফালে চাই আছো।

দৰ দাম নিমিলাত পৰিয়ালটো চিল্ক এম্পোৰিয়ামৰ পৰা ওলাই গল। দোকানীয়ে কাপোৰযোৰ জপাত লাগিল ।
- দাদা লাষ্ট কিমান দিব কওক...... মই কমলা ৰঙৰ পাটৰ কাপোৰযোৰ দেখুৱাই কলো
- ৫০০ কমাব পাৰিম, তাতকৈ কমাব নোৱাৰিম....... দোকানীজনে কলে
- ঠিক আছে, পেক কৰি দিয়ক, আপোনাৰ ইয়াত কাৰ্ড একচেপ্ট কৰেনে..... মই সুধিলো
- হয় কৰে

মই ডেবিট কাৰ্ডখন চুইপ কৰিলো, কাপোৰৰ টোপোলাটো ললো আৰু বাইক ষ্টাৰ্ট দিলো ।

৪)

কবলৈ গলে মই বহুত আনন্দিত আছিলো আৰু মাও আনন্দিত হব বুলি ভাৱিছিলো । কিন্ত তেনেকুৱা একো নহল।
কাপোৰযোৰ দেখাৰ লগে লগে মা জকজকাই উঠিল । মোক চুই কিলাবলৈ হে বাকী । মাৰ মতে মই বেয়া হলো, যতে ততে টকা পইচাবোৰ খৰছ কৰিছো, মই ধোৱাখুলীয়া হৈছো। আনকি কঠোৰ মাতেৰে মাই কাপোৰযোৰ যৰপৰা আনিছিলো তাত ঘুৰাই দি আহিবলৈ কলে । মোৰ চব উৎসাহ পানী হৈ পৰিল।

মাৰ গালিৰপৰা বাচিবলৈ মই ঘৰৰপৰা বাহিৰ ওলাই চোতালত অৱস্থান ললো ।

পোন্ধৰ মিনিটমান পাছত চুপ চাপ ঘৰত সোমালো । ড্ৰয়িং ৰুমত কোনো নাই । মই ভিতৰৰ ৰুমলৈ খোজ ললো ।
ভিতৰৰ ৰুমটোত এখন ড্ৰেচিং আইনা আছে । আইনাৰ সমুখত মা । মাই কমলা ৰঙৰ কাপোৰযোৰ লিৰিকি বিদাৰি আছে । মায়ে কাপোৰযোৰৰ আঁচলটো নিজৰ কান্ধত পেলাই আইনাত চাইছে । সচাকৈয়ে খুব ধুনীয়া কাপোৰযোৰ আৰু কমলা ৰঙ, গুণাফুল আৰু বাখৰ খটোৱা কাপোৰযোৰে মাক বহুত ধুনীয়া দেখাইছে ।

মই লক্ষ্য কৰিলো , মাৰ চকুত দুটোপাল চকুপানী ।
- মা......... মই লাহেকৈ মাতিলো
- ইমান দামী কাপোৰ কিয় আনিব লাগে, মইতো এইবোৰ নিপিন্ধোৱেই....... মাই কলে

মই মাক সাবতি ধৰিলো । যিজনী মাই আমাক ডাঙৰ কৰোতে কিমান কষ্ট, কিমান ত্যাগ, কিমান পৰিশ্ৰম স্বীকাৰ কৰিছে। আমাৰ সৰু সৰু আব্দাৰ পুৰা কৰিবলৈ মাই নিজৰ কিমান সপোন, কিমান চখ বাদ দিছে , কিমান চখ.........

ড্ৰেচিং আইনাখনত মই স্পষ্টকৈ দেখিবলৈ পালো......... কমলা ৰঙৰ পাটৰ কাপোৰ এযোৰত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলাগৰাকীৰ মুখত এটা অপূৰ্ব হাঁহিৰ প্ৰতিবিম্ব ।

ৰিচাৰ্জ

২০০৮ মানৰ কথা । তেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছো। ফৰেষ্ট স্কুলত মেছ কৰি থাকো । ৰুমমেট গণেশ । দুটা চেমিষ্টাৰ ঠিকেই আছিল । তৃতীয় চেমিষ্টাৰত গণেশ আৰ্ট অৱ লিভিঙৰ সদস্য হল। কিছুদিন পাছত সি অনবৰতে ফোনত বিজি থকা হল । ভাত ৰান্ধোতে ফোন, খাই খাওঁতে ফোন , ক্লাছত ফোন, আনকি বাথৰুমতো ফোন ।
ৰাতি ৯ টা মানত আমি ভাত খাওঁ । তাৰ পাছত মই বিচনাত বাগৰ দিও । গণেশে কিতাপ এখন মেলে, অলপ সময় পেজ কেইটামান লুটিয়ায় আৰু তাৰপাছত ফোনত ধৰে । ইমান সৰু মাতেৰে গণেশে কথা পাতে যে মই ২ মিটাৰ দুৰত থকা স্বত্তেও একো ধৰিব নোৱাৰো ।

ৰাতি ২ টা মান বাজিছে। মই টোপনিত লালকাল । হঠাত কোনোবাই গাটো জোকাৰিলে । খপজপকৈ মই বিচনাত বহিলো । সমুখত গণেশ ।
- কি হল....... মই সুধিলো
- ফোনত ৰিচাৰ্জ খটম হৈ গল....... গণেশে কলে
- মোৰ কেবল ১০ টকা বেলেঞ্চ আছে
- নহয় ৰে, তোৰ যে দোস্ত, তাক ফোন কৰ না, লাপু কৰি দিব
- ৰাতি দুটা বাজিছে ভাই
- পিলিজ য়াৰ, কথা অলপ থাকি গল

মা কচম, সেই সন্ধিয়াৰ পৰা এই ৰাতিলৈকে কথা পতাৰ পাছতো কথা থাকি যায়।
অগত্যা মই মোৰ বন্ধুজনক কৈ গণেশৰ ফোনত ৰিচাৰ্জ কৰাই দিলো । গণেশ বেক টু ফোন, মই বেক টু বেড ।

বহুত বছৰ পাছত
এতিয়াও মোৰ কিচমতৰ একো পৰিবৰ্তন হোৱা নাই । কোম্পানীয়ে স্মাৰ্টফোন দিছে, চীমকাৰ্ড দিছে, তাকো পষ্টপেইড, ৰিচাৰ্জৰ ঝনঝট নাই, বিল কোম্পানীয়ে দিয়ে। মাহত বিল হয় কাণে কাণ মাৰি তিনিশ টকা ।

আজিও মই বুজিব পৰা নাই সন্ধিয়াৰ পৰা ৰাতিলৈকে মানুহবোৰে এনেকুৱা কি কথা পাতে যে কথা থাকিও যায় ।

এৰেঞ্জ মেৰেজ- ১

(এক্সপাৰ্ট পেনেল)

বছৰটোৰ আৰম্ভনিৰ কেইমাহমান যাওতেই এজন শুভচিন্তকে গেলেকীৰ বৰা ধাবাৰ ভিতৰৰ টেবুল এখনত বহি থাকোতেই আৱিষ্কাৰ কৰিলে যে মোৰ ত্ৰিশ বছৰ হও হও আৰু আতি সোনকালে চিংগলৰ পৰা কাপল হোৱাৰ ব্যৱস্থা হব লাগে । মানে মোৰ বিয়া পাতিব লাগে ।

কিন্ত মুখৰ কথাতটো বিয়া পাতিব নোৱাৰি , ছোৱালী এজনী লাগিব , অহ ছৰী , ভাল ছোৱালী এগৰাকী লাগিব ।
১৪ দিন মই গেলেকী ডিএছ.এত থাকো , গতিকে এইখন ফিল্ডৰ মোৰ দৰে ভালা ভালা নতুন খিলাড়ীক প্ৰশিক্ষণ, শুদ্ধ পথ তথা পৰামৰ্শৰ বাবে ডি.এছ.এত এখন এক্সপাৰ্ট পেনেল গঠিত হল ।

পেনেলৰ চেয়াৰমেন চন্দনদা , চিনিয়ৰমষ্ট চিনিয়ৰ কেমিষ্ট উইথ ৱাইড এক্সপেৰিয়েন্স । ভেটেৰাণ এক্সপাৰ্ট দীৰুদা, ৰাশিফল, হস্তৰেখা , বডি লেংগুৱেজ ৰিডিঙত মাষ্টাৰ । হোৱাটছএপ এক্সপাৰ্ট শ্যামলদা । স্পেচিয়েল এক্সপাৰ্ট খঞ্জন, উতপল কোৱৰ । এডভাইজৰ হিচাপে ৰণদীপ-প্ৰজাপতি ।

পেনেলখনত প্ৰথম কেচটো আনিছিল খঞ্জনে । খঞ্জন আৰু মই একেটা ৰীগৰে , একেটা শ্বিফটত । ডে ডিউটি কৰি বাছত ডি.এছ.এ লৈ আহি আছো । খঞ্জন বাওফালৰ ছেকেন্ড ছীটত , মই খঞ্জনৰ সোফালে ।
- বিক্কাছদা , মই কি কব খুজিছিলো , মানে পাই গলো........ খঞ্জনে হঠাতে কলে
- পাই গলা , কি ...... মই সুধিলো
- ছোৱালী, আপোনাৰ কাৰণে ...... খঞ্জনে উতসাহিত হৈ কলে
- কত
- ডিব্ৰুগড়, মেডিকেল এম.ডি, এক্কেবাৰে মিলিব আপোনাৰ লগত

মই লাজ লাজকৈ হাহি এটা মাৰিলো ।
লগে লগে খঞ্জনে কাৰোবালৈ ফোন কৰি ফটো পঠিয়াই দিবলৈ কলে । কিছুদেৰিৰ পাছত খঞ্জনৰ মবাইলত হোৱাটছএপ মেছেজৰ টুং টাং শব্দ শুণা গল ।

বাছৰপৰা নামিয়েই খঞ্জনে মবাইলৰ স্ক্ৰীণত হোৱাটছএপ উনিয়ালে । স্ক্ৰীণত ছোৱালী এজনীৰ ফটো ।
- কেনেকুৱা লাগিছে ........ খঞ্জনে সুধিলে
- ভাল লাগিছে .... মই লাহেকে কলো

কথাটো হল যে আজিকালি যাকেই দেখো তাকেই প্ৰথম চাৱনিতে ভাল লাগি যায় ।
ভাল লাগিছে বুলি কোৱাৰ লগে লগে এক্সপাৰ্ট পেনেল একটিভ হৈ গল । ডিনাৰৰ আগে আগে মিটিং বহিল । ফেচ ৰিডিং কৰি দীৰুদাই অকে বুলি কলে । খঞ্জনৰ ফালৰপৰা অকে আছিলেই , উতপল কোৱৰৰ ফালৰপৰা গ্ৰীণ ছিগনেল আহিল । বাকী থাকিল চেয়াৰমেন চন্দনদা আৰু শ্যামলদা । দুয়োজনে ডিনাৰৰ টেবুলত খুব গহীন ডিছকাছ কৰিলে ।
ডিনাৰৰ পাছত আমি ডিএছ.এৰ ভিতৰত ৱাক কৰো । তিনিটা পাক ৱাকিঙৰ পাছত চন্দনদাই কলে
- বিকু, কথা এটা আছিল ....... চন্দনদাই কলে
- কি ....... মই সুধিলো
- ডাক্টৰ , তাতে এম.ডি , প্ৰবলেম হব...... শ্যামলদাই কলে
- কিয়, ভালহে, অসুখ-বিসুখ হলে টেনচন নাই
- নহয় মানে চোৱা.................

এইবুলি চন্দনদা প্লাছ শ্যামলদাই চাৰে-চৈধ্যমিনিট মোৰ ক্লাছ ললে ।
পাছদিনা এক্সপাৰ্ট পেনেলে প্ৰথম কেচটো ডিচমিছ কৰি দিলে ।

এৰেঞ্জ মেৰেজ- ২

(ৰাশিচক্ৰ)

তাৰপাছত ৩-৪ ঠাইত যোগাযোগ চলিল, কিন্ত এক্সপাৰ্ট পেনেললৈ কেচ আহি নেপালেগৈ । এমাহ ডি.এছ.এ ৰ এক্সপাৰ্ট পেনেল কৰামহীন হৈ থাকিল । খঞ্জন আৰু চন্দনদাৰ মাজত শীতল যুদ্ধৰ পৰিবেশে বিৰাজ কৰিলে ।
আগষ্ট মাহত ঘৰৰপৰা মায়ে ফোন কৰিলে
- ছোৱালী এজনী চাইছো, খুৱ ভাল, হোৱাটছএপত ফটো চাই লবি

হোৱাটছএপত ফটো আহিল । কেইবাখনো । যিমানেই ফটোবোৰ চাও, সিমানেই কিবা এটা ভাল লাগি যায় ।
- কথা পাতা , কথা ......... চন্দনদাই এডভাইচ দিলে
- প্ৰথমতে হোৱাটছএপত চাট কৰা ....... শ্যামলদাই কলে

নম্বৰ কালেক্ট কৰা হল । প্ৰথমতে ময়েই মেচেজ দিলো - হেলো
সিফালৰপৰা ৰিপ্লাই আহিল- হাই

এতিয়া কি লিখো । মই চাৰি নম্বৰ বাংক হাউচ পালোগৈ । ইয়াতে শ্যামলদা আৰু চন্দনদা থাকে ।
- ধুৰ মক্কেল, সেইটোও কব লাগে নেকি...... চন্দনদাই কলে
- মানে এক্সপাৰ্ট এডভাইচ হলে ভাল হয়........ মই কলো

তাৰ পাছত হোৱাটছএপ এক্সপাৰ্ট শ্যামলদাই দহ মিনিটৰ এটা ব্ৰিফিঙ দিলে । হাউ টু চাট উইথ এ গাৰ্ল ।
প্ৰেইজ কৰি দিয়া । ছোৱালীবোৰে প্ৰেইজিং খুব ভাল পায় । তাইক প্ৰেইজ কৰা, মাক-বাপেক-ভন্টি-ভায়েক ক প্ৰেইজ কৰা । চুলিৰ ষ্টাইল প্ৰেইজ, চকুৰ কাজল প্ৰেইজ আনকি ওঠৰ লিপষ্টিক, কাণৰ কাণফুলিকো নেৰিবা, চব প্ৰেইজ কৰা । বাচ কাম হৈ যাব । আৰু হোৱাটছএপপত বহুত স্মাইলি থাকে , সেইবোৰৰ ভৰপুৰ ইষ্টেমাল কৰা ।
- পাছে আপুনি ইমান কেনেকৈ জানিলে ........ মই সুধিলো
- এক্সপেৰিয়েন্স বোপাই , ৱাইড এক্সপেৰিয়েন্স..... শ্যামলদাই মবাইলটো হাতত লৈ কলে

চাটিং চলিল । কিবা কনফিউজন লাগিলে চাৰি নম্বৰত এন্ত্ৰি মাৰি দিও ।
দুই এটা ব্ৰেক লৈ ৰাতি দুটালৈকে চাটিং চলিল । লাইফৰ প্ৰথম ভেৰি লং চাটিং চেচন ।
২৪ ঘন্টা স্মুথলি পাৰ হল । খঞ্জনে মোক বিচনাত ওপৰমুৱাকৈ পৰি মিচিক-মাচাককৈ হাহি থকা অৱস্থাত আৱিষ্কাৰ কৰাৰ পাছত আনন্দতে বৰা হোটেলত শ্যামলদা আৰু চন্দনদাই পাৰ্টি খাই দিলে । চন্দনদাই বৌকো মোৰ নতুন খুচখবৰিটো দি দিলে ।

কাহিনীত টুইষ্ট আহিল দীৰুদাৰ এন্ত্ৰিৰ পাছত ।
- ছোৱালীৰ ৰাশি কি ......... দীৰুদাই সুধিলে
- ধনু ......... মই কলো
- তোৰ
- বৃষ
- নট কম্পাটিবল , নহব ......দীৰুদাই কলে
- আজিৰ দিনতো ৰাশি বিশ্বাস কৰে নেকি , মানুহ ৪০ বছৰ আগতেই চন্দ্ৰ পালেগৈ, ৰাশি-চাশি একেবাৰে বাজে কথা....... চন্দনদাই কলে
- ধনু ৰাশিৰ ছোৱালীবোৰ স্বাধীনচেতিয়া, বহুত বন্ধু-বান্ধৱ থকা, ইন-ডিচিপ্লিন , খৰচী আৰু উচ্চাকাংখী হয় , পুৰা বৃষৰ অপজিত
- ভালহে অপজিত এট্ৰাকটছ......... খঞ্জনে কলে
- আকে বাজী মাৰ , কথা পাত, চাটিং কৰ , চাৰিদিন পাছত আহি তই নিজে কবি .......... দীৰুদাই কলে

চাটিং চলি থাকিল । দ্বিতীয়দিনা এনে লাগিল যে ধনু সচাকৈয়ে বহুত এম্বিচিয়াছ তথা এডভেনচৰাছ । তৃতীয় দিনা ধনুই মোক প্ৰেডিকটেবল , বৰিং আৰু একাকী চিন্তাধাৰাযুক্ত পালে আৰু ধনুৰ কেয়াৰলেচ ভাৱধাৰাই মোকো বহুত চিন্তাত পেলাই দিলে ।

চতুৰ্থদিনা এক্সপাৰ্ট পেনেলৰ মিটিঙত ধনু ৰাশিক বাইপাছ কৰাৰ সিদ্ধান্ত লোৱা হল । মানে ধনু ৰাশিৰ জাতিকাক বিবেচনা নকৰাৰ ডিচিচন হৈ গল ।

কেইদিনমান পাছত.........
সম্পৰ্কীয় মামী এগৰাকীয়ে ফোন কৰিলে
- ছোৱালী এজনী আছে , খুউব ধুনীয়া নাম, ভ্ৰান্তি ........ মামীয়ে কলে
- ভ্ৰা, মানে ভ , মানে ধনু ৰাশি ................উফ, ধনু !!!!

এৰেঞ্জ মেৰেজ- ৩

(খঞ্জু বাবা)

ডি.এছ.এ এক্সপাৰ্ট পেনেলৰ অন্যতম আৰু একমাত্ৰ বেচেলৰ সদস্য হল খঞ্জন ওৰফে খঞ্জু । কি কি স্পেচিয়েল গুণৰ বাবে খঞ্জন এক্সপাৰ্ট পেনেললৈ মনোনীত হল সেইটো পাছত আলোচিত হব ।

এক্সপাৰ্ট পেনেললৈ শেহতীয়া কেচটো আনিছিল দীৰুদাই । লাষ্ট ফৰটিন ডেইজৰ ষ্টৰী । ৰীগত কেমিষ্টৰ কাম একো নাই । চন্দনদা , দীৰুদা, মই দিনে-ৰাতিয়ে ডি.এছ.এ তে থাকো , চেচ, কেৰম, বেডমিন্টন , ক্ৰিকেট খেলি টাইম পাছ কৰো । কিন্ত বেচেৰা খঞ্জু সদায় ডিউটিলৈ যাব লাগে ।

দীৰুদাই অনা কেচটো পুৰা ৰাশি-নক্ষত্ৰ মিলা । বৃশ্চিক ৰাশি, দীৰুদাৰ মতে পাৰফেক্ট মেটছ উইথ বৃষ ৰাশি । দীৰুদাৰ মতে কন্যা একেবাৰে শান্ত, সৌম্য চব ফালৰপৰা অকে ।
- তুমি কেনেকৈ জানিলা ....... চন্দনদাই ক্ৰছ কুৱেচন কৰিলে
- মই মানে স্কুলত থাকোতে টিউচন কৰিছিলো , আমাৰ ঘৰৰ কাষতে আছিল, এতিয়া দিছপুৰৰ ফালে থাকে , চব ফালৰপৰা অকে , ৰাশি- নক্ষত্ৰ মিলিলে বেলেগ চোৱাৰ প্ৰয়োজনেই নাথাকে ...... দীৰুদাই পুৰা কন্ফিডেনচত কলে

দীৰুদাই ফটো দেখুৱালে । দুই-তিনিটা ফোন কৰি আৰু ডিটেইলছ ললে । ছোৱালীয়ে এমবিএ কৰি এক্সিচ বেংকত চাকৰি কৰি আছে ।
- প্ৰচেচ আগবঢ়াব পাৰি.......... চন্দনদাই অলপ চিন্তা চৰ্চা কৰি মত দিলে
- মোৰ ফালৰপৰাও অকে....... শ্যামলদাই কলে
- আমাৰ এই খঞ্জুক ফোন এটা কৰি দিও, আজি সন্ধিয়া পাৰ্টি এটা হব লাগে ....... দীৰুদাই কলে
খঞ্জন তেতিয়া ডিউটি কৰি চাইটৰপৰা আহি আছিল । পাৰ্টিৰ নাম শুনি খঞ্জন যথেষ্ঠ আনন্দিত হল ।
- আপোনালোকে আৰম্ভ কৰক , মই ফ্ৰেছ হৈ গৈ আছো...... খঞ্জুই কলে

পাৰ্টিৰ যা যোগাৰ কৰা হল । সন্ধ্যা নমাৰ লগে লগে চাৰি নম্বৰ ৰুমত পাৰ্টি আৰম্ভ হল । পাৰ্টি আৰম্ভ হোৱাৰ কিছুসময় পাছত খঞ্জুই এন্ত্ৰি মাৰিলে ।
- এই খঞ্জু , ইমান দেৰি কৰিলা ...... চন্দনদাই কলে
- নাই মানে মই কি কব খুজিছিলো ....... খঞ্জন্ কলে
- সেই চকীখন টানি বহি ল, একো কব নালাগে, এইবাৰ ইয়াৰ চব মই কৰি দিম, ৰাশি-নক্ষত্ৰ চব অকে আছে....... দীৰুদাই কলে
- বঢ়িয়া তেনেহলে , চাও ফটো চাও ....... খঞ্জনে কলে

দীৰুদাই ফটো দেখুৱালে ।
ফটোখন চাই খঞ্জনে এবাৰ চন্দনদা, তাৰ পাছত শ্যামলদা, তাৰ পাছত মোৰফালে চাই কলে
- গুৱাহাটীৰ নেকি
- অ ..... মই কলো
- এক্সিছত কৰে
- অ
- দিছপুৰত ঘৰ
- অ
- এই খঞ্জু বাবা, কেনেকে ইমান জানা ......... চন্দনদাই ক্ৰছ কুৱেচন কৰিলে
- মানে মই কি কম বুলি ভাৱিছিলো, ছোৱালীজনী অলপ মডাৰ্ণ নেকি ...... খঞ্জুই কও নকওকৈ কলে
- কি কব খুজিছ, আমাৰ বিকু কি মডাৰ্ণ নহয়ে নেকি..... শ্যামলদাই মোৰ ফালে চাই কলে
- মানে
- কেনেকে চিনি পাৱ, কত লগ পাইছ ..... চন্দনদাই সুধিলে
- পেলেচিয়াত ...... খঞ্জনে কলে
- সেই যে পল্টনজাৰত আছে, ছাদত যে চুইমিং পুল আছে , সেইখন বাৰত ..... শ্যামলদাই সুধিলে
- অ

অফত খঞ্জু কেতিয়াবা গুৱাহাটীলৈ যায় । গুৱাহাটীত খঞ্জুৰ ক্লাছ ফ্ৰেইন্ডৰ ডাঙৰ গেং এটা চেটেল হৈ আছে । খঞ্জু গলে তামাম পাৰ্টি চলে । নাইট, লেট নাইট, আৰলি মৰনিং পাৰ্টি চলে । আৰু পাৰ্টিবোৰ সাধাৰণতে অবিবাহিত ডেকাসকলৰ পাৰ্টিৰ লিচিনাই হয় ।

এক্সপাৰ্ট পেনেলে খঞ্জুৰ মতক বিষেয গুৰুত্ব দি সুদীৰ্ঘ আলোচনা কৰে আৰু বিভ্ৰান্তিমুলক তথ্য দিয়াৰ বাবে দীৰুদাক তীব্ৰ ভতসনা কৰে । দীৰুদাই ইনচাফিচিয়েন্ট ডাটাৰ বাবে এক্সপাৰ্ট পেনেলৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয় । এক্সপাৰ্ট পেনেলে শাস্তিস্বৰুপে পাৰ্টিটোৰ সমস্ত খৰচ দীৰুদাৰপৰা আদায় কৰে ।
(ডি.এছ.এ এক্সপাৰ্ট পেনেল এতিয়া পৰবৰ্তী কেচৰ অপেক্ষাত )

কনট্ৰাষ্ট

কোনোবা মহিলাই যদি ৰংচঙীয়া কাপোৰ এযোৰ ধুনিয়াকৈ সাজি কাচি পিন্ধি আপোনাক আহি সোধে........ কেনেকুৱা লাগিছে
এই প্ৰশ্নটোৰ উত্তৰটো এটা ইউনিভাৰচেল কন্সটেন্ট । ইয়াত ভুল শুদ্ধ ৰ কথা নাহে ।
- ৱাও, বিৰাট ধুনিয়া লাগিছে দেই, আল্টিমেট.......... এইবুলি আপুনি কবই লাগিব
কাজিনৰ বিয়া । ডাঙৰ বাইদেৱে কমলা কালাৰৰ পাটৰ ছেট এযোৰ পিন্ধিছে । বাইদেউৰ গলধনলৈ মোৰ চকু গল । গলত গোটেই গলধন আৱৰি বিৰাট আকাৰৰ ডাঠ সেউজীয়া ৰঙৰ গলপতা এধাৰি ।
বহুতদেৰি ভাবি একো নোপোৱাত বাইদেউক মই শুধিয়েই দিলো
- গলত এইপাত মানে এক্সেক্টলি কি হয়
- অ, কেনেকুৱা লাগিছে......... বাইদেৱে হাহি এটা মাৰি উচ্চাসিত হৈ সুধিলে
সচা কথা কবলৈ গলে কমলাৰ লগত সেউজীয়া, কি বুলি কম, বিৰাটেই বেয়া লাগিছে । ইফালে বাইদেৱে হাঁহিটো কন্টিনিউ কৰিয়েই আছে।
- ধুনিয়া, বিৰাটেই ধুনীয়া, একেবাৰে আনকমন ষ্টাইল, অৰেঞ্জ উইথ গ্ৰীণ, কনট্ৰাষ্ট, বঢ়িয়া......... মই যিমান পাৰি বাইদেউৰ হাঁহিটো কন্টিনিউ ৰখাৰ চেষ্টা কৰিলো ।

বাৰ্বিকিউ

দিপাংকৰৰ বিয়া পৰহিলৈ । খবৰ লবলৈ ৰাতিপুৱা ফোন এটা কৰিলো । নতুনকৈ লোৱা জিয়ৰ নাম্বাৰটোৰে ফোন কৰিলো ।
- হেলো দিপাংকৰ
- হেলো
- বিয়াৰ যা যোগাৰ কেনে চলিছে
- ভালেই, কিন্তু কোনে কৈছে বাৰু
- কিয় মাতটো চিনি পোৱা নাই নেকি
- নাই

চাল্লা তিনিবছৰ কটনত একেলগে পঢ়িলো, ধুৰ।
- মই বিকাশ
- কোন বিকাচ

মা কচম, বিয়ন্ড লিমিট । ইগো হাৰ্ট হৈ গল । চাল্লা বিয়াত গিফ্ট দিম বুলি ভাবিছিলো, নিদিও যা । ইমান হিউমিলিচন ।
আৰু দুবাৰমান চিনাকি দিয়াৰ পাছত দীপাংকৰে চিনি পালে ।
এইটো সচা যে যোৱা বেচ কিছুদিনৰপৰা লগৰবোৰৰ লগত টাচ নাইকিয়া হৈ গৈছে। মানুহবোৰে কি মোক পাহৰি গল নেকি বাৰু ।

এইবাৰ জিয়ৰ নাম্বাৰটোৰে অলকেশলৈ ফোন কৰিলো ।
অলকেশে মাতটো শুনিয়েই মোক মই বুলি চিনি পালে । উফ ৰক্ষা । অলকেশে ঢেকিয়াজুলিৰ পৰা গুৱাহাটীলৈ আহি আছে।
কিছুসময় পাছত দীপাংকৰে ফোন কৰি বহুত বাৰ ছৰী খুজিলে । দুলীয়াজানৰ পৰা গুৱাহাটীলৈ আহি আছে বাবে ফোনত আৱাজটো চিনাত অসুবিধা হল বোলে। মাফ কৰি দিলো আৰু। বিয়াত ভাল গিফট এটা দি দিম আৰু।
সন্ধিয়াৰ সময় । চোতালত জুই ধৰি মাছ পুৰি আছো। ধনিয়া, পিয়াজৰ পাত আৰু অলপ পেৰা তেলৰ সৈতে পোৰা মাছৰ পিটিকা। অপূৰ্ব সোৱাদ ।

সোৱাদৰ কথা ভাবিয়েই জিভাৰ পানী পৰি আছে।
এনেতে ফোনটো বাজিল । অজীব টাইপৰ নাম্বাৰটো। বোধহয় দিল্লীৰ নাম্বাৰ । ইন্সুৰেন্স কোম্পানী, বা কাষ্টমাৰ কেয়াৰৰ হব । টিঙিচকৈ খং এটা উঠি আহিল । চাল্লা । গালি দিয়াৰ মনেৰে ফোনটো ধৰিলো ।
- অ বিকাশ, মই আহি পালো......... সিফালৰপৰা পুৰুষ কন্ঠস্বৰ এটা শুনিবলৈ পালো ।
দীপাংকৰেই হব । সি গুৱাহাটী পালে মানে ।
- বঢ়িয়া, ঠিকে ঠাকে আহি পালা তো..... মই শুধিলো
- ৪ টা মান বজাত পালো
- বাকী প্ৰিপাৰেচন ঠিকে আছে তো
- আছে
- এতিয়া যাব নোৱাৰিম দেই ভাই, বহুত ইম্পৰটেন্ট কাম এটাত ফচি আছো....... মই পুৰি থকা মাছ দুটা লুটিয়াই দিলো
- হব একো নাই
- আচ্ছা লকেচনটো ৱাটছএপ কৰি দিবা, কাইলৈ ৰাতিপুৱাই ভিজিট দিম
- অকে
- কিন্ত ৰাতিপুৱা কিন্ত মোক বহুত দুখ দিলা দেই, চিনি নাপালা, ধুৰ, ইগো হাৰ্ট হৈ গৈছে দেই ভাই
- মানে
- মানে চানে বাদ দিয়া, অলকেশক ফোন কৰিছিলো, সি ঢেকীয়াজুলিৰ পৰা আহি আছে, জীৱনক কিন্ত কন্টেক কৰিব পৰা নাই
- এক মিনিট, মই কোনে কৈছো ধৰিব পৰা নাই নেকি
মোৰ তীক্ষ্ণ মগজুৱে এবাৰ ৰিফ্ৰেছ মাৰিলে ।
- আব্বে জীবন, ইমান দিনৰ মুৰত, দীপাংকৰ টাইপ লাগিল আৱাজটো...... মই কলো
- ধুৰ, কি যে হব......... সিফালৰপৰা হতাশাজনক সুৰ এটা কাণত পৰিল।

বহুত গিল্টি ফিলিং আহিল ।
ফোনৰ সিপাৰে অলকেশ আছিল ।

আলুভাজি

লগৰ এটাৰ বিয়া । আমি বৰযাত্ৰী । কইনাৰ ঘৰ পালোগৈ । দৰা নামিল । চাউল মৰামৰি হল । ঢোলৰ চেওত জীৱন, অলকেশ, সুব্ৰতে খুব নাচিলে । মই মবাইলত ফটো মাৰিলো।

কিছুদেৰিৰ নাচোন বাগোনৰ পাছত আমি ৰভাতলীত সোমালো । এফালে কফি পকৰাৰ ষ্টল । ষ্টাৰ্ট কৰি দিলো ।
- মেইন কৰ্চ আছেই, বেছি নদবাও..... সুব্ৰতে কলে

মই প্লেটত লোৱা দুটা পকৰা অলকেশলৈ পাচ কৰি দিলো। অলকেশ খঙাল চাৱনি এটা দিলে ।
অলপ সময় চুচুক চামাক কৰাৰ পাছত মেইন কৰ্চলৈ পোনালো ।

চালাড । ধুৰ । চাটনি, পাপড় বাইপাছ কৰিলো । প্লেইন ভাত আৰু ভেজ পোলাও । পোলাও এচামুচ ললো । কাষত সৰু আলুভাজি । অলপ লৈ ললো । দাইল অলপ ললো । ভেজ কোফটা । ভেজ আৰু বিয়াত খায় নেকি । কোফটাৰ কাষত চাহী পনীৰ । পনীৰ খোৱাৰ মুড নাই আৰু ।
- কি হল পেটলা, কোফটা পনীৰ লোৱা নাই যে...... লাইনত মোৰ পাছত থকা জীৱনে সুধিলে । সকলো আইটেম অলপ অলপ লৈ তাৰ প্লেটখন প্ৰায় ভৰ্তি ।
- সিংহই কেতিয়াবা ঘাঁহ বন খোৱা দেখিছা নেকি....... মই মোৰ টিপিকেল ডায়লগটো জীৱনক ডেলিভাৰ কৰি দিলো ।
মই নেক্সট আইটেমলৈ এখোজ দিলো ।

পনীৰৰ কাষত ৰসগোল্লা । ৰসগোল্লা । হিচাপমতে পনীৰৰ কাষত চিলি ফিচ বা ফিচ কালিয়া, তাৰ পাছত চিলি চিকেন, মাটন কাৰী থাকিব লাগে । নাই ।

ইফালে সিফালে চালো । কিবা মিছ কৰি আহিলো নেকি । ভুলতে ভেজ ষ্টলৰ লাইনত অহা নাই তো । নাই । অলপ চিন্তাত পৰি গলো ।
- ভাইটি চিকেন টিকেন নাই নেকি...... মই কেটাৰিঙৰ লৰাজনক সুধিলো
- দাদা, শংকৰী বিয়া হয়......... কেটাৰিঙৰ লৰাজনে বঢ়িয়াকৈ হাহি এটা মাৰি দিলে

প্লেটত সেই সময়ত মোৰ পোলাও, দাইল আৰু আলুভাজি ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...