Wednesday, August 2, 2017

ফুলৰ দোকানত

ফুল কিনিব গৈছো । মানে বুকে । আগে পিছে কিনাৰ অভ্যাস নাই । বুকেৰ দোকান বিচাৰি গণেশগুৰি পালোগৈ । দোকান এখনত সোমালো

- ফুল লাগিছিল, মানে বুকে...... মই কলো
- কাৰ বাবে..... দোকানীজনে সুধিলে
- মানে লেডিজৰ বাবে, বুকে
- ৱাইফ
- নহয় হে
- মানে গাৰ্লফ্ৰেণ্ড
- ঠিক মানে গাৰ্লফ্ৰেণ্ড নহয়, মানে বুজিছে তো

দোকানীজনে ৰহস্যময় হাহি এটা মাৰিলে । চকুৰ পলকতে সতেজ ফুলৰ ধুনীয়া সৰু বুকে এটা বনাই দিলে ।
- মানে এইটোযে দিলে, সেই ডাঙৰটো কিয় নিদিলে..... মই বুকেটো হাতত লৈ দোকানখনত থকা ডাঙৰ বুকে এটা আঙুলিয়াই কলো
- সেইটো গাৰ্লফ্ৰেণ্ডলৈ আপগ্ৰেড হলে লৈ যাব, জাষ্ট ফ্ৰেন্ডৰ বাবে এইটোৱেই বেষ্ট....... দোকানীজনে কলে
দোকানীজনৰ বুকেৰ লজিকটো মই বুজি নাপালো । তথাপিও সুধি দিলো
- আৰু গাৰ্লফ্ৰেণ্ড আপগ্ৰেড হৈ ৱাইফ হলে

- ৱাইফ হলে ফুলৰ প্ৰয়োজন নহব, মানে ৱাইফে সদাই ফুলেই ফুল দেখুৱাব, মানে সৰিয়হৰ ফুল...... দোকানীজনে হাঁহি এটা মাৰি কলে

বৰষুণ

মই ঘৰৰপৰা যেতিয়া ওলাবলৈ লৈছিলো তেতিয়া আকাশখনৰ এফালে গোমা হৈ আহিছিল । মই এটা অন্তদন্দত আছিলো । এটা ডাইলেমাত মাজত মই সিদ্ধান্ত লব পৰা নাছিলো ।

মই কি বিচাৰো, বিচাৰিছিলো, বিচাৰিম সেই সকলো কথা ধুঁৱলী কুৱলী হৈ পৰিছিল ।
দীৰুদাৰ নাৰেংগীৰ ঘৰলৈ যাবলৈ মই ওলাইছিলো । ঘৰৰ পৰা ওলাই মই লখৰা চাৰিআলি পাও পাও । স্কুটিখনত পেট্ৰল কম আছে । নাৰেংগীলৈ যাবলৈ বহুত ৰাস্তা আছে, এটা চিটিৰ মাজেৰে, আন এটা হাইৱে হৈ । লখৰা ক্ৰছ কৰি হাইৱেৰ কাষত থকা পেট্ৰল পাম্পটোত মই পেট্ৰল ভৰালো । তেতিয়ালৈ বৰষুণ নাই ।

হাইৱেত উঠিলো । বিপৰীত দিশৰপৰা আকাশখন ঘন ক'লা হৈ আহিছে, দুই এটোপ বৰষুণো পৰিছে । এঠাইত মই ৰ'ম বুলি ভাৱিছিলো, কিন্ত নৰলো । কিছুদেৰি মই আগুৱাই গলো । হঠাৎ বৰষুণজাক বেছি জোৰেৰে আহিল । অলপ তিতিলো । স্কুটিখন ৰখাই মই ইফালে সিফালে চালো । অলপ দূৰত ৰাস্তাৰ কাষত সৰু চালি এখন । মই দৌৰ মাৰি চালিৰ তলত সোমালো।

চালিখন আছিল তিনিআলি এটাত । হয়তো সন্ধিয়া তাৰ তলত কোনোবাই চাহ-তামোলৰ দোকান দিয়ে । সেইখিনি সময়ত চালিখনৰ তলত আৰু দুজন মানুহে আশ্ৰয় লৈছিল । কপালত ফোট লোৱা বাবাজী এজন আৰু এজন মলিয়ন কাপোৰ পিন্ধা মানুহ ।

বাবাজী টাইপৰ মানুহ মোৰ একেবাৰে পচন্দ নহয় । দুয়োজন মানুহৰ গাৰপৰা কেইবাদিনো নোধোৱা মলিয়ন কাপোৰৰ ভেকেটা ভেকেট গোন্ধ ভাহি আহিছিল কিন্ত তীব্ৰ বৰষুণৰ বাবে তাত থিয় হৈ থকাৰ বাহিৰে মোৰ হাতত একো উপায় নাছিল । তেওঁলোক মোৰ আগতেই চালিখনৰ তলত সোমাইছিল আৰু কিবা কথা পাতি আছিল ।

বাবাজীজনে মানুহজনক কৈ আছিল......
আমি গাওঁৰ পৰা চহৰলৈ যে আহিছো, কিয় আহিছো, পইচা উপাৰ্জন কৰিবৰ বাবে, পৰিয়ালৰ বাবে, মা, দেউতা, ঘৈণী, লৰা-ছোৱালীৰ বাবে, চহৰত শ্ৰম কৰি দুপইচা বেছিকৈ ঘটিব পাৰি, সেয়ে আমি চহৰলৈ আহিছো নিজৰ পৰিয়ালৰ সমৃদ্ধিৰ বাবে ।

বাবাজীৰ কাপোৰবোৰ ভেকেটা ভেকেট গোন্ধাইছিল যদিও মই তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিলো । মলিয়ন বগা কুৰ্তা, দীঘল ডাঢ়ি, কপালত এটা দীঘল ৰঙা ফোট।
বৰষুণজাকৰ তীব্ৰতা বাঢ়ি আহিছিল আৰু আমি আশ্ৰয় লোৱা চালিখনত থকা ফুটাবোৰেৰে টোপাটোপে পানী পৰিবলৈ ধৰিছিল ।
- আপুনি ইয়াত থিয় হওক........ বাবাজীজনে চালিৰ তলৰ শুকান ঠাই অকন দেখুৱাই কলে ।

মই থিয় দি থকা পজিচন সলালো । বাবাজী আৰু মানুহজনে নিজৰ মাজতে কথা কোৱাত লাগিল ।

বাবাজীজনে কৈ গল..........
মই তেতিয়া গাওঁত আছিলো, এনেকুৱাই বতাহ ধুমুহা আহিছিল, মই আমগছ এজোপাৰ তলত ৰৈছিলো । ধুমুহা দি আছিল । হঠাৎ কাষৰ আমগছডালৰপৰা আম এটা সৰি পৰিছিল । চকুৰ আগত সৰি পৰা আমটো দেখি মোৰ মনত খেলাইছিল যে ঘৰত থকা মোৰ সৰু লৰাটোৱে আমটো খাবলৈ পালে খুব ভাল পাব । ধুমুহা এৰালৈ মই ৰব পাৰিলোহেতেন, কিন্ত হঠাৎ কি নো হল মই আমটো বুটলিবলৈ গলো । আৰু ঠিক আমটো বুটলি হাতত লওতেই অকস্মাৎ মই আগতে ঠিয় হৈ থকা গছডাল ধুমুহাত বাগৰি পৰিছিল । আমটো বুটলিবলৈ নহা হলে হয়তো মোৰ অঘটন হলহেতেন । ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ মই ধুমুহা বৰষুণৰ মাজেৰে প্ৰাণপণে ঘৰলৈ দৌৰিছিলো, আমটো কিন্ত তেতিয়াও মোৰ হাতত আছিল । ঘৰত সোমাই মই স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ । ভগবানক মই ধন্যবাদ জনাইছিলো, পৰিয়ালৰ প্ৰতি থকা প্ৰেমে হয়তো মোক সিদিনা এটা অঘটনৰপৰা বচাই দিছিল । জীৱনত ঘি ঘটে সকলোৰে কিবা নহয় কিবা কাৰণ থাকে ।

বৰষুণ তেতিয়াও তীব্ৰ হৈ আছিল । আমি থিয় হৈ থকা চালিখনৰপৰা বেছিকৈ পানী পৰিবলৈ আৰম্ভ কৰিছিল ।
আমি তিনি আলিৰ চুকটোত হাইৱেৰ ফালে থকা চাইডটোৰ চালি এখনৰ তলত থিয় দি আছিলো । মই চুকৰ ফালে গৈ তিনিআলি টোৰ ভিতৰৰ ফালে চালো । আমাৰ ঠিক কাষতেই তিনিআলিটোৰ ভিতৰৰ চাইডত পানী নসৰকা টিঙৰ মজবুত চালি দেখিবলৈ পালো ।

মই টিঙৰ চালিখনৰ তললৈ আহিলো । মোক দেখি বাবাজী আৰু মানুহজন টিঙৰ চালিখনৰ তললৈ আহিল।

বাবাজীজনে মানুহজনক কলে.......
চোৱা, আমি তিনিওজনে কিমানসময় ধৰি বৰষুণত সেই ফুটা চালিৰ তলত কষ্টেৰে আছিলো অথচ কিমান ওচৰতে এখন মজবুত চালি আছিল । এওহে এই মজবুত চালিখন প্ৰথমতে লক্ষ্য কৰিলে । এওঁৰ দৃষ্টিৰ বাবে আমি ফটা চালিৰ তলত থিয় হৈ বৰষুণত আৰু তিতাৰপৰা বাচি গলো ।

ইতিমধ্যে বৰষুণৰ প্ৰাবল্যটো কমি আহিছিল । কিছুদেৰিৰ পাছত বৰষুণ নোহোৱা হল । মই স্কুটিৰ ফালে খোজ ললো । স্কুটিখন ষ্টাৰ্ট দি মই তিনিআলিৰ ফালে চালো । কোনো নাই । যেন পলকতে বতাহত মিলি গল বাবাজী আৰু মলিয়ন কাপোৰ পিন্ধা সেই মানুহজন ।

মোৰ লগত বহুতবাৰ এনেকুৱা হৈছে, যেতিয়াই কিবা এটা দুশ্চিন্তাত ভোগো, তেতিয়াই কিবা নহয় কিবা আকস্মিক ঘটনাই খুলি দিয়ে মনৰ জটবোৰ । বাবাজী ধুমুহা, আম, পৰিয়াল, প্ৰেম, দৃষ্টি........

দীৰুদাৰ ঘৰলৈ যাবলগীয়া নহল । দ্বিধা, শংকা,ভয় নেওচি মই বাট পোনালো চিৰন্তন লক্ষ্যলৈ ।

ক্ৰিকেট

এটা সময়ত মই ভাল ক্ৰিকেট খেলিছিলো । টেনিছ বল ক্ৰিকেটত বেলতলা ফিল্ডত মোৰ ভাল ৰেকৰ্ড আছিল । বেলতলা ফিল্ডত আমি পতা ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম সংস্কৰণত মই জিকা দলতে আছিলো , কিন্ত ফাইনেলৰ দিনাখন মই ৰিজাৰ্ভ বেঞ্চত বহিবলগাত পৰিছিল ।

টুৰ্ণামেণ্টৰ প্ৰথম খেলখনত মই অপেনিং কৰিছিলো, ৰাণো কৰিছিলো, জিকিছিলো । কিন্ত তাৰ পাছত আমি ভাল প্লেয়াৰ হায়াৰ কৰিছিলো , সেই সময়ৰ ৰঞ্জী আৰু ডিষ্ট্ৰিক খেলা কেইবাজনো প্লেয়াৰ আমাৰ হৈ খেলিবলৈ আহিছিল । বৰ্তমানৰ কেপ্তেইন গকুল শৰ্মাও আমাৰ হৈ খেলিছিল ।

ছেমি ফাইনেলত আমি খেলা প্ৰথম খেলখনৰ টীমটোৰ মাত্ৰ তিনিজনে খেলিছিলো, মই বেটিং বলিং একো পোৱা নাছিলো, কেচ এটা ড্ৰপ কৰিছিলো আৰু ফাইনেলত বহি দিবলগীয়া হৈছিল । নিজৰ ফিল্ডত, নিজৰ টীমৰপৰা বাহিৰ হোৱাটো যথেষ্ঠ দুখজনক আছিল। আচলতে ৰঞ্জী প্লেয়াৰকেইজনে মোক হয়তো টীমৰ বোজা বুলি ভাৱিছিল ।

সেয়া আছিল ২০০৬ চনৰ কথা । তিনিবছৰ পাছত, বেলতলা ফিল্ড, বেলতলা ব্লক বনাম দিছপুৰ ব্লক । মই বেলতলাৰ টীমত, চাৰিজন ডিষ্ট্ৰিক খেলা হায়াৰ প্লেয়াৰ আমাৰ টীমত । বৰ্তমানৰ ৰঞ্জী প্লেয়াৰ তাজিন্ডৰ সিঙকো মাতিছিলো কিন্ত দেৰিকৈ আহি পোৱা কাৰণে সি খেলিব নোৱাৰিলে ।

তাজিন্দৰ প্ৰথম গুৱাহাটীলৈ অহাৰেপৰা আমাৰ লগত খেলিছিল । সিহতৰ বেলেগ এটা টীম আছিল, পঞ্জাৱী-মাৰোৱাৰী টীম, আমাৰ বেলতলাৰ লোকেল টীম । একেবাৰে প্ৰথম মেচখনত সি এটা অভাৰৰ প্ৰথম তিনিটা বলত তিনিটা উইকেট লৈছিল, তাৰ পাছত মই বেটিং কৰিবলৈ আহিছিলো আৰু অভাৰটোৰ বাকী তিনিটা বল তিনিটা ছয় কোবাইছিলো । তেতিয়া মই জনা নাছিলো যে সিয়ে তাজিন্দৰ হয় । তাৰ পাছত প্ৰতিখন মেচতে সি মোৰ উইকেট লবলৈ প্ৰাণপণে চেষ্টা কৰিছিল । সিহতৰ টীমত সি খুব ভাল খেলিছিল আৰু এইফালে মই । বেছিভাগ মেচতে আমি জিকিছিলো ।

দিছপুৰে প্ৰথমতে বেটিং কৰিছিল । মই বলিং পোৱা নাছিলো । তাৰপাছত আমাৰ বেটিং হল । দহ অভাৰৰ খেল । ৯ নম্বৰ অভাৰটোত আমাৰ ৬ নম্বৰ উইকেট পৰিল। জিকিবলৈ তেতিয়াও ২২ ৰাণ লাগে ।
- আৰে বিকাচ কো ভেজো........ খেল চাই থকা তাজিন্দৰে পাছৰপৰা চিঞৰিলে ।

কিন্ত মোৰ সলনি অইন এজনক পঠোৱা হল । দুটা বলৰ পাছত সিও আউট হল । এইবাৰ মই বেটখন লৈ ফিল্ডত সোমালো।

আঠটা বল ২২ ৰাণ লাগে। মোৰ বুকুৱে ধান বানিছিল । ভয় লাগিছিল । মোৰ তেতিয়া প্ৰেকটিছ নাছিল, গতিকে খেলখন জিকাব পাৰিম বুলি কনফিডেন্স নাছিল।
প্ৰথম বল, বাউন্সাৰ, মই হুক কৰিলো, বলটো স্কোৱেৰ লেগৰ ফালে উঠিল, তলত ফিল্ডাৰ। মই হতাশাৰ হুমুনিয়াহ এটা কাঢ়িলো । প্ৰথম বলতে আউট হৈ যাম, বিফল মই ।
ফিল্ডাৰজনে কেচটো মিছ কৰিলে । মই দৌৰি নন-ষ্ট্ৰাইকিং এন্ড পালোগৈ । জীৱনদান, ছেকেণ্ড চান্স ।
জীৱনত কেতিয়াবা দ্বিতীয় সুযোগ পোৱা নাযায়, কিন্ত সেইদিনা মই এটা সুযোগ পাইছিলো । ৯ নম্বৰ অভাৰটোৰ শেষ বলটোত অভিয়ে এটা চাৰি মাৰিলে ।

১ অভাৰ, ১৭ ৰাণ লাগে । মই ষ্ট্ৰাইকত । মই দীঘল উশাহ এটা ললো । এইখন ফিল্ডত মই সৰুৰেপৰা খেলিছো, এইখন মোৰ খেলপথাৰ, মই জিকিবই লাগিব ।

প্ৰথম বলটো ফুল টছ আছিল । ছয় । ৫ বল ১১ ৰাণ লাগে । দ্বিতীয় বলটো গুড লেংথত আছিল। মই আগুৱাই গৈ মিড অনৰ ওপৰৰে উঠাই দিলো, ছয় । ৪ বল ৫ ৰাণ । তৃতীয় বলটোও ছয় মাৰিম বুলি ভাবিছিলো, ভালকৈ কাণেক্ট নহল। এক ৰাণ ললো । ৩ বল ৪ ৰাণ । তাৰ পাছৰ বল ৱাইড। কিন্ত তাৰ পাছৰ বলটোতে অভি আউট হৈ থাকিল । মই তেতিয়া নন - ষ্ট্ৰাইকিং এণ্ডত । মোৰফালে চাই কৰুণ চাৱনি এটা দি অভিয়ে ক্ৰীজ এৰিলে ।

২ বল ৩ ৰাণ । বেটিং কৰিবলৈ আহিল নৃপেনদা । এক ৰাণটো লোৱাৰ বাবে মোৰ অনুশোচনা হৈছে ।
- আপুনি বেটত লাগক নালাগক দৌৰিব, মোক কেবল ষ্ট্ৰাইকত যাব দিয়ক, খেল মই জিকাই দিম........ মই নৃপেনদাক কলো

নৃপেনদাই ঠান্ডা মগজুৰে খেলি এক ৰাণ এটা উলিয়ালে । ১ বল, ড্ৰ হবলৈ ১ ৰাণ, জিকিবলৈ ২ ৰাণ । মই ষ্ট্ৰাইকত।
ছয়ৰ বাবে যাম নে চেনচিবলি চিংগল পুচ কৰিম । গ্লৰি নে চাৰভাইভেল । ৰিক্স লম নে নলম ।
- তুমি বেটত লগোৱা, মই দৌৰিম........ নৃপেনদাই চিঞৰি কলে
- চিক্স লাগে চিক্স....... কোনোবা দৰ্শকৰ মাতো কাণত পৰিল

গ্লৰি নে চাৰভাইভেল ।

বলটো অফ ষ্টাম্প বাহিৰত আছিল। গুড লেংথৰ অলপ আগত। বলটো মই ভালকৈ দেখিছো । শ্লিপত ফিল্ডাৰ নাই, থাৰ্ড মেনটো টেনিছ বল ক্ৰিকেটত সাধাৰনতে ফিল্ডাৰ নাথাকে, মই বলটো উইকেটকীপাৰৰ কাষেৰে কাট কৰি দিলো ।
ফিল্ডৰ ঘাহবোৰ অলপ দীঘল। বলটো ঘাহৰ ওপৰৰে বাগৰি গৈছে । পাছে পাছে ফিল্ডাৰ দৌৰিছে । নন ষ্ট্ৰাইকিং এন্ডৰপৰা নৃপেনদাই প্ৰাণটাকি দৌৰিছে, ময়ো দৌৰিছো, বলটো বাউন্ডেৰী গৈ নাপাবও পাৰে, দুই ৰাণ লবই লাগিব ।
বেটখনেৰে নন-ষ্ট্ৰাইকিং ক্ৰীজৰ লাইনডাল চুই মই ষ্ট্ৰাইকিং এন্ডৰ ফালে দৌৰিলো। বল তেতিয়াও বাগৰি গৈ আছে, পাছে পাছে ফিল্ডাৰ ।

বলটোৱে বাউন্ডেৰী ক্ৰছ কৰিলে । চাৰি ৰাণ । এটা শ্বাসৰুদ্ধকৰ জয় ।
ফিল্ডৰপৰা ওলালো
- মুঝে পতা থা তুম জিতা দোগে....... তাজিন্দৰে কলে
- কিউ
- তুমনো হামকো য়হী ফিল্ড মে কিতনা মেচ হাৰায়া থা, য়াদ হে না
- অভী প্ৰেকটিছ বিলকুল নহী ৰহা থা না...... মই কলো

তাৰ পাছৰপৰা মই কেতিয়াও এক ৰাণ লৈ নন-ষ্ট্ৰাইকিং এন্ডলৈ নাযাও । হয় ছয় মাৰি নিজেই জিকাম নহলে আউট, তাৰ মাজত কোনো শ্বাসৰুদ্ধতা নাই, নাথিং ইন বিটুৱিন ।

দা ইন্টাৰভিউ

(১)

কবলৈ গলে তামাম টেনচনত আছো । এনেয়ে মই মানুহটো বহুত স্মাৰ্ট হয়, কিন্ত আজি পুৰা ভয় লাগি আছে । লাইফৰ বহুত ইম্পৰটেন্ট ইন্টাৰভিউ ।
- একো টেনচন লব নালাগে, কুল হৈ থাকিবি কুল, আৰু একো ওস্তাদি নামাৰিবি, ডিচেন্ট, মডেষ্ট, হাম্বল, মই কিমান ইন্টাৰভিউ দিছিলো, তোৰ তো প্ৰথম কাৰণেহে টেনচন হৈছে, কুল বাবা কুল......... দীৰুদাই কলে
চন্দনদাকো ফোন কৰিছিলো, কিন্ত আগৰ চন্দনদা হৈ থকা নাই ।

ৰণদীপ দিল্লী এয়াৰপৰ্টত আছিল । তাৰপৰাই সি টিপছ পঠালে
- একদম জুখি মাখি কথা কব, অভাৰস্মাৰ্ট নেদেখাব কিন্ত, আৰু ভাল পাৰফিউম মাৰি যাব ।

ফেচবুকতো আপদেট এটা দি দিলো । জুনিয়ৰ মুনমুনে কমেন্ট মাৰিলে...... ফালি দিব দাদা, অল দা বেষ্ট
কিন্ত কথাটো হল ফালি কেনেকৈ দিও । অকলেই ইন্টাৰভিউ ফেচ কৰিব লাগিব ।

যথা সময়ত ডেষ্টিনেচনত এন্ট্ৰি মাৰিলো । ড্ৰয়িং ৰুমটোৰ চোফা এখনত বহিলো । ট্ৰে এখনত পানী আহিল । পানী অলপ খাই গলটো তিয়াই ললো ।

ইন্টাৰভিউ বৰ্ডত ধেৰ মানুহ । দেউতাক, দুজন মামাক, এজন খুড়াক, দুজনী মামীয়েক প্লাছ খুড়ীয়েক । লগতে এক্সটাৰনেল এক্সপাৰ্ট হিচাপে ফেন্সকাট ডাঢ়ি থকা চুপাৰ স্মাৰ্ট যেন লগা দেউতাকৰ বন্ধু এজন । ইফালে মই অকলে ।
আই কন্টেক, শ্যামলদাই আই কন্টেক মিলাবলৈ কৈছিল । আই কন্টেক মিলাবলৈ ৰুমটোত ইফালে সিফালে চালো । চবেই মোৰ ফালে ট ট কৈ চাই আছে । পৰ্দাৰ সিফালে খুচুৰা পইচা কেইটামানো দেখিবলৈ পালো ।

- আমাৰ এজনীয়ে ছোৱালী, বহুত মৰমত ডাঙৰ হৈছে........ দেউতাকে আৰম্ভ কৰিলে

ডায়লগটোৱে বুজাই দিলে যে ইন্টাৰভিউ বহুত টাফ হব । মই হয় বুলি সন্মতি প্ৰকাশ কৰিলো ।
- এক্সেক্টলি কাম কি কৰা........ ফ্ৰেন্সকাটে সুধিলে

কাম কি কৰো । সচা কথা কবলৈ গলে ১৪ দিন ঘৰত থাকো, বাকী ১৪ দিন গেলেকীত, আদ্দা দি টাইম বহুত কিল কৰো, চাইটত গৈ দিনত দুখনকৈ চিনেমা চাও, এখন বিফৰ লান্স, এখন আফটাৰ লান্স । বছে ফোন কৰি কিবা কিবি কৰিবলৈ কয়, মই লেবাৰ কেইটাক কও, সিহতি কামখিনি নকৰিলে মই পাছৰ শ্বিফটলৈ কামখিনি পাছ কৰি থৈ আহো । বছে বেছি কামোৰ দিলে ফোনটো নট ৰিচেবল কৰি থও। বিন্দাছ জিন্দেগী ।

কিন্ত কথাটো হল এনেকৈ কলে নহব । অলপ ফান্ডা দিব লাগিব ।
- মানে আমাৰ পি. এছ. ইউ টো অইল এক্সপ্লৰেচনৰ লগত জড়িত, মাটিৰ তলত থকা তেল গেছ উলিয়াবলৈ আমি ড্ৰিলিং কৰো, চাৰফেচৰ পৰা ৩-৪ কিলমিটাৰ তললৈ ড্ৰিলিং কৰা হয়, তিনিমাহত প্ৰায় ৪০-৫০ কোটিৰ প্ৰজেক্ট কমপ্লিট কৰিব লাগে । মই তো কোম্পানীৰ প্ৰথম শ্ৰেণীৰ বিষয়া, ৰেচপনচিবিলিটি বহুত থাকে, প্ৰেচাৰ হেন্ডল কৰিব লগীয়া হয়, মেন মেনেজমেন্ট, ইন ডা কোম্পানী আই এম বেছিকেলি ড্ৰিলিং ফ্লুইড এক্সপাৰ্ট........ মই কলো

কথাখিনি কৈ নিজৰে হাহি উঠি গল । ড্ৰিলিং ফ্লুইড এক্সপাৰ্ট, কেনেকুৱা ফান্ডা। ৰণদীপ - খঞ্জুৱে জানিলে হাহি হাহি কিবা হৈ যাব ।
ফ্ৰেন্সকাটক অলপ গহীন যেন দেখা গল । ফ্ৰেন্সকাটৰ উইকেট পেলাই অলপ ৰিলেক্স ফিল কৰিলো ।
কিছুদেৰিৰ পাছত এজন মোমায়েক আৰু খুড়াক এজনকো ক্লীন বল্ড কৰিলো । মামীয়েক দুজনীও ইম্প্ৰেছ হোৱা যেন পৰিস্ফুট হৈছে ।

সৰু খুড়ীয়েকে বহুদেৰিৰ পৰা ষ্মাৰ্টফোনটো পিটিকি অাছিল । হঠাৎ সৰুখুড়ীয়েকে মাত লগালে
- আচ্ছা কোৱাচোন এই পল্লবিকা, নয়না, তৰালি, জ্যোতিকা, কুহেলিকা, শিল্পীশিখা এইবোৰ কোন হয়
- মানে....... মই সুধিলোঁ

সৰু খুড়ীয়েকে নিজৰ স্মাৰ্টফোনটোত মোৰ ফেচবুক প্ৰফাইলটো দেখুৱালে।
পল্লবিকা, নয়না তৰালি, কিহে পাইছিল গাজাবোৰ লিখিবলৈ । দীৰুদাই তো আগতেই সাবধান কৰি দিছিল, মইহে নামানিলো । কি কম এতিয়া ।

ফ্ৰেন্সকাটক গহীন ষ্টেজৰপৰা ৰিলেক্স মুডলৈ অহা দেখা গল । মানে আকৌ ফিল্ডত এন্ট্ৰি মাৰিব ।
বিন্দু বিন্দু ঘাম মোৰ কপালত জিলিকি উঠিল ।
মুনমুনে তো ইন্টাৰভিউ ফালি দিব কৈছিল । কিন্ত এতিয়া তো চুইং, স্পিন, গুগলি চব একেলগে পৰিব । উইকেট বচাবলৈ মই ভগবানক স্মৰণ কৰিলো ।
হে প্ৰভু দয়াময়, জ্ঞান গুণৰ সাগৰ। বচাই দিয়া ।
প্ৰশ্নটো কেনেকৈ টেকেল কৰিম ভাবিবলৈ ধৰিলো ।

(২)

খঞ্জু , খঞ্জুক সুদাই নেৰো । সি জেক দি দি মোক পুৰা উঠাই দিয়ে আৰু মই কিমান ভাবি ভাবি ষ্টৰীবোৰ লিখো ।
সৰু খুড়ীয়েকে দুৰ্গাৰ চাৱনিৰে মোলৈ চাই আছে , এক্সপ্লেইনেচন দিব নোৱাৰিলেই মোৰ পত্তা চাফ । ফ্ৰেন্সকাটো মোৰফালে চাই কুটিল হাহি এটাৰে কৈ আছে... বেটা এতিয়া কত সাৰিবি

ৰাখে হৰি মাৰে কোনে । সেই সময়তে নতুন মানুহ এজনে ৰুমটোত এন্ত্ৰি মাৰিলে । ছোৱালীৰ সৰু মোমায়েক । মোমায়েকে মোৰ ফালে কিছুসময় চালে , তাৰ পাছত কলে
- আৰে আপুনি ইয়াত, মই নীৰবান, আপোনাৰ ফেচবুক ফ্ৰেন্ড

মানুহটোৰ থোপৰাটো মনত নপৰিল যদিও বহুত আশাৰে মই নীৰবান মামাৰ ফালে চালো ।
নীৰবান মামাই হতাশ নকৰিলে । মোক পুৰা প্ৰশংসাৰে ওপচাই পল্লবিকা , তৰালিৰ লগতে আন ৩০ টা কেচ মামাই ৰোমন্ঠন কৰিলে । মামাই চবকে কনভিন্স কৰি দিলে যে মই এফ.বিত কিবাকিবি তামাম লিখো , নাথিং চিৰিয়াছ, জাষ্ট হিউমাৰ ।
মই উশাহ অলপ পালো ।

- তামোল খোৱা................. এইবাৰ ডাঙৰ মোমায়েকে মোক কলে
সন্মুখত বটা এখন । বটাত তামোল পাণ । মোৰ ষষ্ঠ ইন্দ্ৰিয় ,সচকিত হল । তামোল খোৱা মানে পাণ ও খায় বুলি ভাবিব , চাধা, চিগাৰেট, এলকহল , চেইন ৰিয়েক্সন । তামোল খোৱাটো ভাল নহব ।
- নাই মানে মই তামোল নাখাও.......... মই চেইন ৰিয়েক্সন টো ষ্টপ কৰিলো
- আচ্ছা, পাৰ্টিবোৰত ছডাৰ লগত খোৱা নে পানী অনলি পৃফাৰ কৰা........... ফ্ৰেন্সকাট আকৌ ফিল্ডত নামিল
চাল্লা ফ্ৰেন্সকাট , ইন্টেলিজেন্ট কুৱেচন সোধে । ছডা নে পানী ।
- আচসতে মই ড্ৰিংক নকৰো...... মই কলো
- কিয়....... ফ্ৰেন্সকাটে সুধিলে
- আচলতে আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ কাষৰ ঘৰত এটা পৰিয়াল আছিল । গিৰিয়েকে পুলিচত চাকৰি কৰিছিল, ঠিক আপোনাৰ দৰেই ফ্ৰেন্সকাট ডাঢ়ি আছিল তেওৰ । কিন্ত তেও ঘোৰ মদাহী আছিল , সদাই মদ খাই ঘৈণীয়েকক মাৰধৰ কৰে, সদাই হাই কাজিয়া, মদে কেনেকৈ এটা পৰিয়াল ধ্বংস কৰে মই নিজ চকুৰে দেখিছিলো । তেতিয়াৰপৰা মদ নামৰ বস্তটোৰ পৰা এটা বিৰক্তি আৰু ঘৃণাই জন্ম ললে আৰু সেয়ে মই মদ নাখাও ...... মই ফ্ৰেন্সকাটক ডাইৰেক্ট টাৰ্গেট কৰি দিলো ।

বহুত ভাবি চিন্তি মদ কিয় নাখাও তাৰ এক্সপ্লেইনেচন বনাইছিলো । টাইমত কামত আহিল । মই ফ্ৰেন্সকাটৰ ফালে চালো । ফ্ৰেন্সকাটে নিজৰ ডাঢ়িখিনি চুই আছে ।

মুল সেনাপতিক চিত কৰি মই বাকী সৈন্যৰ ফালে চালো । কুল মডৰপৰা স্মাৰ্ট মডলৈ নিজকে কনভাৰ্ট কৰি ললো । এইবাৰ যিয়ে এটেক কৰে তাকে ফালি দিম । এনেয়ো মুনমুন ভন্টিয়ে ফালি দিয়াৰ কথা কৈছে ।

(৩)

ফ্ৰেন্সকাটক খেলৰপৰা বাহিৰ কৰাৰ পাছত অপজিত টীমটো উইক হৈ পৰিল । প্ৰতিটো বলতে স্কৰ কৰিবলৈ ধৰিলো ।
সেই সময়তে হিৰোইনে এন্ত্ৰি মাৰিলে । লগত চাৰিবিধ মিঠাই, লুচি চিকেন, চাহ । হিৰোইনৰ মুখত এটা সলাজ হাহি ।
এখন প্লেটত কালাকান, লালমোহন, পেৰা আৰু কাজু বৰফি, লগত অলপ চানা মিক্সাৰ । আনখন প্লেটত লুচি তিনিখন , অলপ আচাৰ । বাতি এটাত চিকেন আইটেম এটা, লগত চাহ ।

দোকানৰ মিঠাইবোৰনো কি তাৰিফ কৰিম । ছোৱালী বৰ মৰমত ডাঙৰ হৈছে বোলা দেউতাকৰ কথাষাৰে ইতিমধ্য উপলব্ধি কৰাই দিছে যে লুচি-চিকেন কোনোবা ৰহিমলা-পদুমীৰ হাতৰ ফচল । গতিকে চুপচাপ জোখমতে খাই থকাই ভাল ।
আমাক কথা পাতিবলৈ দি ইন্টাৰভিউ টীমটো ভিতৰলৈ গল ।

- তোমাক ভাল দেখাইছে , লুকিংভেৰি বিউটিফুল..... মই কলো

তাৰিফ তো কৰিবই লাগিব । হিৰোইনৰ দিলত ঠাই বনাবলৈ তাৰিফৰ বাহিৰে এতিয়া বেলেগ ভাল অপচন নাই । আৰু কি কি বস্তৰ তাৰিফেৰে ওপচাই পেলাম মই ভাবিবলৈ ধৰিলো ।
- চিকেন কিন্ত মই বনাইছো দেই, স্পেচিয়েলি ......... হিৰোইনে লাজ লাজকৈ কলে

পাই গলো । এতিয়া লালমোহন-বৰফি বাদ দি অকল চিকেনৰ ওপৰত কনচেনটেৰেট কৰিব লাগিব ।

এবাৰ দীৰুদাই বৌৰ হাতৰ খানা খুৱাবলৈ লৈ গৈছিল , বিয়াৰ আগতে । বৌৱে স্পেচিয়েলি চিকেন বনাইছিল, নাৰিকলৰ পানীৰ সৈতে চিকেন । আইটেমটো দেখিয়েই দীৰুদাই বহুত কৰুণ চাৱনি এটা দি মোৰফালে চাইছিল । কিছুদেৰিৰ পাছত বৌ ভিতৰলৈ যোৱাৰ লগে লগে মই চিকেন ডুবি থকা নাৰিকলৰ পানীৰপৰা জাকৈ মৰাদি চিকেনকেইপিছ নিজৰ প্লেটত লৈছিলো আৰু দীৰুদাই নিজৰ বাতিত থকা চিকেন পানীখিনি চকু কাণ নাক মুদি পি পেলাইছিল । তাৰ পাছত মোৰ বাতিত ৰৈ যোৱা পানীখিনি দীৰুদাৰ বাতিলৈ চকুৰ পচাৰতে ট্ৰান্সফাৰ কৰি দিছিলো । কিছুদেৰিৰ পাছত বৌ আহি সুধিছিল যে কেনে হৈছে
তাৰ উত্তৰত দীৰুদাই কৈছিল.......... ইউনিক টেষ্ট, তামাম টেষ্টি, বিকুই তো শেষে কৰি দিলে
বৌৱে সন্টুষ্টিৰ চাৱনি দি সুধিছিল........ আচ্চা, আৰু অকনমান লৈ আহো তেন্তে

মা কচম । জীৱনত ;খোৱাৰ সময়ত ইমান সন্ত্ৰাসিত মই কেতিয়াও হোৱা নাছিলো । দীৰুদাইও মোৰফালে চাই আগতকৈও কৰুণ চাৱনি এটা দিছিল ।

ভয় আৰু শংকাৰ মাজেৰে মই চামুচখন চিকেনৰ বাতিটোৰ ফালে নিলো। হিৰোইনে ক্ৰীম দি চিকেন বনাইছে । কালাৰটো চিকেন গ্ৰেভীৰ টাইপেই হৈছে । চামুচখনেৰে মিলিলিটাৰতকৈও কম গ্ৰেভী উঠালো । হিৰেইনে মোৰফালে সলাজ হাহিৰে চাই আছে । মই ভয়ে ভয়ে গ্ৰেভী উঠাই অনা চামুচখন নিজৰ মুখৰ ফালে আনিবলৈ ধৰিলো ।
দীৰুদা টাইপ অৱস্থা নহলেই হয় আৰু ।

(৪)

ভয় আৰু শংকাৰ মাজেৰে মই গ্ৰেভীৰ সৈতে চামুচখন মুখলৈ নিলো । হিৰোইনে মোৰ ফালে চাই আছে। এতিয়া কথাটো হল ভাল হওক বেয়া হওক খাবই লাগিব, উপাই নাই ।

বাচি গলো। মোটামোটি টেষ্ট ভালেই হৈছে । ক্ৰীম উইথ চিকেন।
কিন্ত অকল ভাল বুলি কলে নহব ।
- ৱাও, তামাম, টেষ্টি, ডিলিচিয়াছ....... মই গ্ৰেভীখিনি টেষ্ট কৰি কলো
- আপোনাৰ কাৰণেই বনাইছো, স্পেচিয়েলি.... হিৰোইনে লাজ লাজকৈ কলে ।

উফ । হিৰোইনে এটা ডায়লগতে মোক বগৰাই দিলে । ক্ৰীম-চিকেন আগতকৈও বেছি টেষ্টি লাগিবলৈ ধৰিলে । হিৰোইনৰ ঢৌ খেলা চুলি, হৰিণীৰ দৰে নজৰ, হাঁহিলে গালত দেখা ডিম্পল, মৌ মিঠা মাত, মুঠৰ ওপৰত পুৰা ঘায়ল হৈ গলো ।
- আপুনি মিঠাই খোৱাই নাইচোন..... হিৰোইনে সুধিলে
- তোমাৰ মাতটো ইমান মিঠা, তাৰ পাছত মিঠাইৰ কি প্ৰয়োজন...... মই কলো

হিৰোইনে ভুবনমোহিনী হাঁহি এটা মাৰি প্লেটত থকা কাজু বৰফি এটা উঠালে ।
- খাওক না.... হিৰোইনে কলে

হিৰোইনৰ হাতত কাজু বৰফি, কাজু বৰফিটো মোৰ মুখৰ পৰা এফুটমান দুৰত, মই খাবলৈ মুখখন মেলিবলৈ লৈছো ।
সেই সময়তে চিটুৱেচনটো বৰবাদ দি সৰু খুড়ীয়েকে ৰুমটোত এন্ট্ৰি মাৰিলে । পলকতে ৰোমান্টিক মুডৰপৰা নৰ্মেল মুডলৈ আহি গলো ।
- চাহ খোৱা হোৱাই নাই নেকি...... কুটিল চাৱনি দি সৰু খুড়ীয়েকে সুধিলে
- মানে লাহে লাহে খাই আছো আৰু..... মই কলো
- দেখিছোৱেই কেনেকে লাহে লাহে খাই আছা

আৰু দুখন লুচি আৰু এবাতি চিকেন খালো । কাজু বৰফিটোৰ লগতে কালাকান টোও পেটত ভৰাই থলো । ৰসগোল্লা, লালমোহন আৰু মিক্সাৰ খিনি প্লেটত এৰি দিলো । চব ফিনিচ কৰি দিলে আকৌ খকুৱা বোলা বেড ইম্প্ৰেচন পৰিব ।
খোৱা বোৱা হোৱাৰ পাছত আকৌ দেউতাক, ফ্ৰেন্সকাট আৰু ডাঙৰ মামাকৰ এন্ট্ৰি হল ।

- মানে এওঁক মোৰ ভালেই লাগিছে, বহুতেই ভাল লাগিছে, যদি আপোনালোকে সন্মতি প্ৰদান কৰে বিয়া কৰাব খোজো....... মই ধীৰে সুস্থিৰে কলো

দেউতাকে অলপ সময় ফ্ৰেন্সকাটৰ ফালে চালে, ফ্ৰেন্সকাটে ইংগিতেৰে কিবা এটা কলে, ফ্ৰেন্সকাটৰ ইংগিতটোৰ পাছত দেউতাকে কলে
- আমি চুড়ান্ত সিদ্ধান্তৰ আগতে পৰিয়ালৰ মাজত আলোচনা কৰি লওঁ, সিদ্ধান্তটোৰ কাৰণে অলপ সময় লাগিব ।
পাৰ্চনেল ইন্টাৰভিউ দি ৰিজাল্টৰ অপেক্ষাত । এতিয়া শোওঁতে, বহোতে, খাওঁতে, আনকি সপোনতো হিৰোইন আহি থাকে । হিৰোইনৰ কথা কৈ কৈ দীৰুদাৰো কাণ ঘোলা কৰি দিছো ।

ৰাইজৰ আশীৰ্বাদত দেউতাকে হয় বুলি কলেই হয় আৰু ।

চিকেনিষ্ট

ডেৰাডুনৰ ট্ৰেইনিঙৰ সময়ৰ কথা । প্ৰতি মঙলবাৰে ডিনাৰত চিকেন ফ্ৰাই থাকে । বুফে চিষ্টেম, কোনো লিমিট নাই । ৮ টাবজাৰপৰা ডিনাৰ ষ্টাৰ্ট হয় ।

বম্বেৰ জিয়লজিষ্ট ৰোহন পেৰেৰা ৮ বাজি ১৫ মিনিটত ডাইনিং হলত সোমাল। ৰোহনে চিকেন খুব ভাল পায় । প্লেটখন লৈ ৰোহন প্ৰথমেই চিকেন ফ্ৰাই থকা বাউলটোৰ ফালে গল । কিছুদেৰি কিবা বিচৰাৰ পাছত ৰোহনে কেন্টিনৰ চাৰ্ভিছ বয় জনক সুধিলে
- কিউ ভাই, এক ভী লেগ পিছ নহী হে

কেন্টিনৰ লৰাজনে কুইক হাহি এটা মাৰি কলে
- থোৰি দেৰ পেহলে চিকেনিষ্ট আয়া থা

ৰোহনে ইফালে সিফালে চকু ফুৰাই ডাইনিং হলৰ এটা চুকত মোক আৱিষ্কাৰ কৰিলে । তেতিয়া মই ৯ নম্বৰ লেগ পিচটোত দ্বিতীয়তো কামোৰ দি আছিলো ।
ডেৰাডুনত পোৱা চিকেনিষ্ট খিতাপটোৰ যথাৰ্থতা ৰখ্যাৰ নিমিত্তে যোৱা সাত বছৰে হাজাৰোধিক চিকেনৰ হত্যাত অৰিহনা যোগাই আহিছো ।

শ্বেৰ কভী ঘাচ নহী খাতা...... মোৰ ট্ৰেডমাৰ্ক ডাইলগ
ৰণদীপ-প্ৰজাপতিৰ মতে মই মৰা হুৱা চিকেন খানেৱালা বেৰহম দৰিন্দা

হঠাৎ এদিন
চাইটৰপৰা আহি ৰণদীপ ডি. এছ. এ গেলেকীৰ ডাইনিং হলত সোমাইছে । ৰণদীপ শ্বকড হৈ গল । ৰণদীপে নিজকে চিকুটি চালে, সপোন দেখা নাইটো । বুফেত চিকেন মাঞ্চুৰিয়ান, লালমোহন । কিন্ত এয়া কি, প্লেটত চাৰিখন ৰুটী, দাইল এবাতি আৰু তিয়হ । নো চিকেন, নো লালমোহন ।

আশ্বৰ্যচকিত ৰণদীপ মোৰ ওচৰলৈ আহি সুধিলে
- কি হল বিকুদা, চিকেন কত

মই ৰণদীপৰ ফালে চালো । ৰুটীখন অলপ চোবাই দাইল এচামুচ মুখত ভৰাই ৰুটী আৰু ডাইলৰ মিশ্ৰণটো চোবাই চোবাই মই কলো
- সিংহ আজিকালি ডায়েটিং মুডত আছে

ইনফৰমেচনটো পাই চন্দনদা আচৰিত হৈ গৈছে, শ্যামলদাই বিশ্বাসেই কৰা নাই, খঞ্জুও টেনচনত আহি গৈছে । দীৰুদাই কিন্ত একো মাইন্ড কৰা নাই । দুবছৰ আগতে গাম্পু কা মাম্মী দীৰুদাৰ লাইফত এন্ট্ৰি মাৰোতে দীৰুদাইও পুৱা-গধুলি ট্ৰেডমিলত এঘন্টাকৈ দৌৰিছিল ।

সকলোতকৈ সুখী হৈছে কেন্টিনৰ মেনেজাৰ । প্ৰতিদিনে ৮৫৫ গ্ৰাম চিকেন ৰাহি হৈ আছে ।

হোৱাটছএপ

যোৱাবাৰ শিৱসাগৰ যোৱাৰ কথা । বাছৰ টিকত কাটিবলৈ ৰাতিপুৱা আই. এছ. বি. টি পালোগৈ । কাৰেন্ট নাই । কাৰেন্ট নাথাকিলে এ. এছ. টি. চি ৰ কাউন্টাৰত টিকেট দিব নোৱাৰে । কিছুদেৰি ৰৈ গুচি আহিলো ।
সাধাৰণতে মই পৰিবহন নিগমৰ বাছত যোৱাটো পৃফাৰ কৰো । চৰকাৰী নিগম বুলি টান এটা আছে । প্ৰাইভেট বাছত ৪০-৫০ টকা কম ভাড়া দিও যাব পাৰি, কিন্ত শিৱসাগৰলৈ গলে সাধাৰণতে মই আগতীয়াকৈ পৰিবহন নিগমৰ বাছত টিকট কাটি যাও।

দুপৰীয়া আকৌ গলো । এইবাৰো কাৰেন্ট নাই । মই কাউন্টাৰৰ মানুহজনক কলো যে পইচা দি যাওঁ, টিকট ৰাখি দিলেই হল । মানুহজনে কলে যে বাছত কি চিট খালী আছে কব নোৱাৰি, চিট আছে নে নাই সেইটোও কব নোৱাৰি ।
এ. এছ. টি. চি কাউন্টাৰত টিকট নাপাই বেছিভাগ যাত্ৰীয়েই প্ৰাইভেট বাছত টিকট লৈছে । অৱশ্যে কেইজনমান কাৰেন্ট অহালৈ ৰৈ আছে ।
- ইয়াত জেনেৰেটৰ নাই নেকি, থাকিবতো লাগে...... মই সুধিলো

কাউন্টাৰৰ মানুহজনে কলে যে জেনেৰেটৰ আছে কিন্ত কিবা কাৰণত চলোৱা নাই । কাৰণটো তেওঁ সঠিককৈ কব নোৱাৰিলে ।
হঠাৎ মোৰ মনত পৰিল যে ASTC ৰ বৰ্তমান চেয়াৰমেন আনন্দ প্ৰকাশ তিৱাৰী, IPS, আগতে কামৰূপৰ এছ. পি আছিল ।

আচলতে কেতিয়াবা মোৰ বেছি দিমাগ লগাই হিৰোগিৰি দেখুৱাব ইচ্ছা জাগে । TRUECALLER অত আনন্দ প্ৰকাশ তিৱাৰী চাৰ্চ কৰিলো । 9435351112 নম্বৰটোৰ এগেইনষ্টত তিৱাৰীৰ ফটোখন পালো । নম্বৰটো চেভ কৰিলো ASTC A. P. Tiwari IPS.

WhatsApp ট তিৱাৰী ডাঙৰীয়ালৈ মেছেজ দিলো
Respected sir
Presently in ISBT Guwahati
Not able to book tickets in ASTC counter due to no electricity for past half an hour.
Kindly provide back up generators for smooth operation and convenience of passengers.
Regds
B. Saikia

আঠ ছেকেণ্ডৰ পাছত তিৱাৰী ডাঙৰীয়াৰ ৰিপ্লাই আহিল
- OK

দহ মিনিটমান আৰু বহিব লগাত পৰিল । কাৰেন্ট আহিল । কাউন্টাৰৰ কম্পিউটাৰ চলিল ।
টিকট পালো ।

ডায়েৰীৰ পাতৰ পৰা (১)

(Chapter A - Subrata Nath )

লংকেশ্বৰ
১০.০৫.২০০৯
প্ৰেমৰ আবেগত জ্বলি থকা
এটি বিশাল দাবানল
প্ৰবল উত্তাপত তাৰ
নিমেশত যেন ছাৰখাৰ হব
সম্পুৰ্ণ জগত
কিন্ত নোৱাৰে যে গলাব এটি
মনুষ্য হৃদয়
জুইকুৰা কি আজি
উত্তাপ বিহীন ?
নে দুৰ্মুল্য সেই কঠিন হৃদয়
উত্তৰ নাই আজি দাবানলৰ হাতত
এটি বিমৰ্ষ হৃদয়
স্তব্ধ যেন আজি জীৱনৰ বিকাশ
সদাহাস্য মুখখনিত
অপ্ৰাপ্তিৰ বেদনাৰ
প্ৰচন্দ নাচোন
সকলো থাকিও যেন একো নাই জীৱনত
মাথো নিৰুদ্বেগ দেখুওৱাৰ
এটি অদম্য চেষ্টা
কিন্ত ঢাকি ৰাখিব পাৰিব জানো
নিৰলে চিঞৰি উঠা অন্তৰাত্মাৰ
সেই গভীৰ কান্দোন ..... ?

নীলাভ কোটৰ আৱৰণত নিজকে লুকুৱাই ৰখাৰ প্ৰচেষ্টাত নিমগ্ন এটি খোলা অন্তৰ , আমাৰ ডি.আৰ শব্দটো নামৰ পৰা সংযোজনৰ পৰা সাৰ্থকতালৈকে নিস্বাৰ্থ (?) ভাৱে আগবাঢ়ি অহা হাতখনিৰ আঙুলিত আৱদ্ধ এটি কলমৰ মুখেদি বাগৰি অহা শব্দশৃংখল , বিশৃংখল ভাৱে সজ্বিত হব ধৰিছে তোমাৰ মেমোখনিৰ মসৃণ পৃষ্ঠাত, বিনা আদেশত কাগজ খিনি নষ্ট কৰা কাৰণে মই ক্ষমাপ্ৰাৰ্থী ।

ৰসায়ণ পন্ডিতৰ দলত বহি আছিল সেই দিনা এক বৃহদাকাৰ পুৰুষ । নাকৰ ওপৰত মোতকৈও গধুৰ এচি শকত বিতচকু যাৰ ওজন সহিবলৈ যেন তেখেতৰ দেহাৰ সৃষ্টি , প্ৰথম দৃষ্টিত ভাৱিছিলো কিতাপ পঢ়ি চকু বেয়া কৰাতকৈ চিৰদিন মুৰ্খ হৈ ছকাটোৱে ভাল সেই কথা তেখেতক জনাবলৈ কাৰোবাৰ সাহয় হবনে । গ্ৰুপ থিয়ৰীৰ ক্লাছত উল্টা পুল্টাকৈ মলিকুল ঘুৰাই চাই চাৰৰ লগতে চবৰে খেলিমেলি লগাবলৈ যেন তেও আহিছে । লাহে লাহে দৃষ্টিগোচৰ হল মানুহদন লংকেশ্বৰৰ সেই দলংখনৰ সেইটো পাৰে (এইটো পাৰে মই) থাকে । এনেকৈয়ে লংকেশ্বৰৰ চকৰ পৰা দলঙলৈকে মোৰ মৰমৰ চাইকেলৰ ওপৰত বিশাল পুৰুষজনক লৈ যাওতে অংকুৰিত হৈছিল এটি আন্তৰিকতাৰ বীজ যিটো সাৰ পালীৰে পৰিপুষ্ট হবলৈ সময় লাগিছিল সম্পুৰ্ণ ৩ টা ষান্মাসিক । ক্ৰিকেট বলীয়া লৰাজন (মানুহজন) যে ইমান আন্তৰিক , ইমান ডাঙৰ অভিনেতা (জীৱন নাটৰ) ( বিন্দাছ দেখুওৱাবলৈ ) বুজিবলৈ যথেষ্ঠ দিন লাগিছিল ।

১ম চেমত নাজানো ইমান প্ৰেক্টিকেল কৰিও ১০৪ পালো ( লৱেষ্ট মাৰ্ক) কিন্ত ২য় চেমত তোমাৰ সংগত পৰি একো নকৰিলো । প্ৰিপেৰেচন বাৰ্ণাৰত বহাই ক্ৰিকেট খেলি থাকোতে ডি.কেডি ছাৰ আহি মোৰ ৰান্ধি থোৱা প্ৰডাক্ট খিনি চাই গৈছিল আৰু পাছদিনা ক্লাছত এটি সুন্দৰ মন্তব্য দিছিল । থেংকচ এ লট টু ইউ, কাৰণ ফাইনেল এক্সামত ঘৰৰ পৰা তুমি লিখি অনা কেলকুলেচন খিনি এক্সাম পেপাৰত লিখি ২য় চেমত ১২৪ পালো ।

কিন্ত তাৰ পাছত আহিল দা ডেঞ্জাৰাছ, এনজয়েবল, গৰজিয়াছ থাৰ্ড চেম ....
contd.................

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...