(১)
কবলৈ গলে তামাম টেনচনত আছো । এনেয়ে মই মানুহটো বহুত স্মাৰ্ট হয়, কিন্ত আজি পুৰা ভয় লাগি আছে । লাইফৰ বহুত ইম্পৰটেন্ট ইন্টাৰভিউ ।
- একো টেনচন লব নালাগে, কুল হৈ থাকিবি কুল, আৰু একো ওস্তাদি নামাৰিবি,
ডিচেন্ট, মডেষ্ট, হাম্বল, মই কিমান ইন্টাৰভিউ দিছিলো, তোৰ তো প্ৰথম কাৰণেহে
টেনচন হৈছে, কুল বাবা কুল......... দীৰুদাই কলে
চন্দনদাকো ফোন কৰিছিলো, কিন্ত আগৰ চন্দনদা হৈ থকা নাই ।
ৰণদীপ দিল্লী এয়াৰপৰ্টত আছিল । তাৰপৰাই সি টিপছ পঠালে
- একদম জুখি মাখি কথা কব, অভাৰস্মাৰ্ট নেদেখাব কিন্ত, আৰু ভাল পাৰফিউম মাৰি যাব ।
ফেচবুকতো আপদেট এটা দি দিলো । জুনিয়ৰ মুনমুনে কমেন্ট মাৰিলে...... ফালি দিব দাদা, অল দা বেষ্ট
কিন্ত কথাটো হল ফালি কেনেকৈ দিও । অকলেই ইন্টাৰভিউ ফেচ কৰিব লাগিব ।
যথা সময়ত ডেষ্টিনেচনত এন্ট্ৰি মাৰিলো । ড্ৰয়িং ৰুমটোৰ চোফা এখনত বহিলো । ট্ৰে এখনত পানী আহিল । পানী অলপ খাই গলটো তিয়াই ললো ।
ইন্টাৰভিউ বৰ্ডত ধেৰ মানুহ । দেউতাক, দুজন মামাক, এজন খুড়াক, দুজনী
মামীয়েক প্লাছ খুড়ীয়েক । লগতে এক্সটাৰনেল এক্সপাৰ্ট হিচাপে ফেন্সকাট ডাঢ়ি
থকা চুপাৰ স্মাৰ্ট যেন লগা দেউতাকৰ বন্ধু এজন । ইফালে মই অকলে ।
আই কন্টেক, শ্যামলদাই আই কন্টেক মিলাবলৈ কৈছিল । আই কন্টেক মিলাবলৈ ৰুমটোত
ইফালে সিফালে চালো । চবেই মোৰ ফালে ট ট কৈ চাই আছে । পৰ্দাৰ সিফালে খুচুৰা
পইচা কেইটামানো দেখিবলৈ পালো ।
- আমাৰ এজনীয়ে ছোৱালী, বহুত মৰমত ডাঙৰ হৈছে........ দেউতাকে আৰম্ভ কৰিলে
ডায়লগটোৱে বুজাই দিলে যে ইন্টাৰভিউ বহুত টাফ হব । মই হয় বুলি সন্মতি প্ৰকাশ কৰিলো ।
- এক্সেক্টলি কাম কি কৰা........ ফ্ৰেন্সকাটে সুধিলে
কাম কি কৰো । সচা কথা কবলৈ গলে ১৪ দিন ঘৰত থাকো, বাকী ১৪ দিন গেলেকীত,
আদ্দা দি টাইম বহুত কিল কৰো, চাইটত গৈ দিনত দুখনকৈ চিনেমা চাও, এখন বিফৰ
লান্স, এখন আফটাৰ লান্স । বছে ফোন কৰি কিবা কিবি কৰিবলৈ কয়, মই লেবাৰ
কেইটাক কও, সিহতি কামখিনি নকৰিলে মই পাছৰ শ্বিফটলৈ কামখিনি পাছ কৰি থৈ আহো ।
বছে বেছি কামোৰ দিলে ফোনটো নট ৰিচেবল কৰি থও। বিন্দাছ জিন্দেগী ।
কিন্ত কথাটো হল এনেকৈ কলে নহব । অলপ ফান্ডা দিব লাগিব ।
- মানে আমাৰ পি. এছ. ইউ টো অইল এক্সপ্লৰেচনৰ লগত জড়িত, মাটিৰ তলত থকা তেল
গেছ উলিয়াবলৈ আমি ড্ৰিলিং কৰো, চাৰফেচৰ পৰা ৩-৪ কিলমিটাৰ তললৈ ড্ৰিলিং কৰা
হয়, তিনিমাহত প্ৰায় ৪০-৫০ কোটিৰ প্ৰজেক্ট কমপ্লিট কৰিব লাগে । মই তো
কোম্পানীৰ প্ৰথম শ্ৰেণীৰ বিষয়া, ৰেচপনচিবিলিটি বহুত থাকে, প্ৰেচাৰ হেন্ডল
কৰিব লগীয়া হয়, মেন মেনেজমেন্ট, ইন ডা কোম্পানী আই এম বেছিকেলি ড্ৰিলিং
ফ্লুইড এক্সপাৰ্ট........ মই কলো
কথাখিনি কৈ নিজৰে হাহি উঠি গল । ড্ৰিলিং ফ্লুইড এক্সপাৰ্ট, কেনেকুৱা ফান্ডা। ৰণদীপ - খঞ্জুৱে জানিলে হাহি হাহি কিবা হৈ যাব ।
ফ্ৰেন্সকাটক অলপ গহীন যেন দেখা গল । ফ্ৰেন্সকাটৰ উইকেট পেলাই অলপ ৰিলেক্স ফিল কৰিলো ।
কিছুদেৰিৰ পাছত এজন মোমায়েক আৰু খুড়াক এজনকো ক্লীন বল্ড কৰিলো । মামীয়েক দুজনীও ইম্প্ৰেছ হোৱা যেন পৰিস্ফুট হৈছে ।
সৰু খুড়ীয়েকে বহুদেৰিৰ পৰা ষ্মাৰ্টফোনটো পিটিকি অাছিল । হঠাৎ সৰুখুড়ীয়েকে মাত লগালে
- আচ্ছা কোৱাচোন এই পল্লবিকা, নয়না, তৰালি, জ্যোতিকা, কুহেলিকা, শিল্পীশিখা এইবোৰ কোন হয়
- মানে....... মই সুধিলোঁ
সৰু খুড়ীয়েকে নিজৰ স্মাৰ্টফোনটোত মোৰ ফেচবুক প্ৰফাইলটো দেখুৱালে।
পল্লবিকা, নয়না তৰালি, কিহে পাইছিল গাজাবোৰ লিখিবলৈ । দীৰুদাই তো আগতেই সাবধান কৰি দিছিল, মইহে নামানিলো । কি কম এতিয়া ।
ফ্ৰেন্সকাটক গহীন ষ্টেজৰপৰা ৰিলেক্স মুডলৈ অহা দেখা গল । মানে আকৌ ফিল্ডত এন্ট্ৰি মাৰিব ।
বিন্দু বিন্দু ঘাম মোৰ কপালত জিলিকি উঠিল ।
মুনমুনে তো ইন্টাৰভিউ ফালি দিব কৈছিল । কিন্ত এতিয়া তো চুইং, স্পিন, গুগলি চব একেলগে পৰিব । উইকেট বচাবলৈ মই ভগবানক স্মৰণ কৰিলো ।
হে প্ৰভু দয়াময়, জ্ঞান গুণৰ সাগৰ। বচাই দিয়া ।
প্ৰশ্নটো কেনেকৈ টেকেল কৰিম ভাবিবলৈ ধৰিলো ।
(২)
খঞ্জু , খঞ্জুক সুদাই নেৰো । সি জেক দি দি মোক পুৰা উঠাই দিয়ে আৰু মই কিমান ভাবি ভাবি ষ্টৰীবোৰ লিখো ।
সৰু খুড়ীয়েকে দুৰ্গাৰ চাৱনিৰে মোলৈ চাই আছে , এক্সপ্লেইনেচন দিব
নোৱাৰিলেই মোৰ পত্তা চাফ । ফ্ৰেন্সকাটো মোৰফালে চাই কুটিল হাহি এটাৰে কৈ
আছে... বেটা এতিয়া কত সাৰিবি
ৰাখে
হৰি মাৰে কোনে । সেই সময়তে নতুন মানুহ এজনে ৰুমটোত এন্ত্ৰি মাৰিলে ।
ছোৱালীৰ সৰু মোমায়েক । মোমায়েকে মোৰ ফালে কিছুসময় চালে , তাৰ পাছত কলে
- আৰে আপুনি ইয়াত, মই নীৰবান, আপোনাৰ ফেচবুক ফ্ৰেন্ড
মানুহটোৰ থোপৰাটো মনত নপৰিল যদিও বহুত আশাৰে মই নীৰবান মামাৰ ফালে চালো ।
নীৰবান মামাই হতাশ নকৰিলে । মোক পুৰা প্ৰশংসাৰে ওপচাই পল্লবিকা , তৰালিৰ
লগতে আন ৩০ টা কেচ মামাই ৰোমন্ঠন কৰিলে । মামাই চবকে কনভিন্স কৰি দিলে যে
মই এফ.বিত কিবাকিবি তামাম লিখো , নাথিং চিৰিয়াছ, জাষ্ট হিউমাৰ ।
মই উশাহ অলপ পালো ।
- তামোল খোৱা................. এইবাৰ ডাঙৰ মোমায়েকে মোক কলে
সন্মুখত বটা এখন । বটাত তামোল পাণ । মোৰ ষষ্ঠ ইন্দ্ৰিয় ,সচকিত হল । তামোল
খোৱা মানে পাণ ও খায় বুলি ভাবিব , চাধা, চিগাৰেট, এলকহল , চেইন ৰিয়েক্সন ।
তামোল খোৱাটো ভাল নহব ।
- নাই মানে মই তামোল নাখাও.......... মই চেইন ৰিয়েক্সন টো ষ্টপ কৰিলো
- আচ্ছা, পাৰ্টিবোৰত ছডাৰ লগত খোৱা নে পানী অনলি পৃফাৰ কৰা........... ফ্ৰেন্সকাট আকৌ ফিল্ডত নামিল
চাল্লা ফ্ৰেন্সকাট , ইন্টেলিজেন্ট কুৱেচন সোধে । ছডা নে পানী ।
- আচসতে মই ড্ৰিংক নকৰো...... মই কলো
- কিয়....... ফ্ৰেন্সকাটে সুধিলে
- আচলতে আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ কাষৰ ঘৰত এটা পৰিয়াল আছিল ।
গিৰিয়েকে পুলিচত চাকৰি কৰিছিল, ঠিক আপোনাৰ দৰেই ফ্ৰেন্সকাট ডাঢ়ি আছিল তেওৰ
। কিন্ত তেও ঘোৰ মদাহী আছিল , সদাই মদ খাই ঘৈণীয়েকক মাৰধৰ কৰে, সদাই হাই
কাজিয়া, মদে কেনেকৈ এটা পৰিয়াল ধ্বংস কৰে মই নিজ চকুৰে দেখিছিলো ।
তেতিয়াৰপৰা মদ নামৰ বস্তটোৰ পৰা এটা বিৰক্তি আৰু ঘৃণাই জন্ম ললে আৰু সেয়ে
মই মদ নাখাও ...... মই ফ্ৰেন্সকাটক ডাইৰেক্ট টাৰ্গেট কৰি দিলো ।
বহুত ভাবি চিন্তি মদ কিয় নাখাও তাৰ এক্সপ্লেইনেচন বনাইছিলো । টাইমত কামত
আহিল । মই ফ্ৰেন্সকাটৰ ফালে চালো । ফ্ৰেন্সকাটে নিজৰ ডাঢ়িখিনি চুই আছে ।
মুল সেনাপতিক চিত কৰি মই বাকী সৈন্যৰ ফালে চালো । কুল মডৰপৰা স্মাৰ্ট
মডলৈ নিজকে কনভাৰ্ট কৰি ললো । এইবাৰ যিয়ে এটেক কৰে তাকে ফালি দিম । এনেয়ো
মুনমুন ভন্টিয়ে ফালি দিয়াৰ কথা কৈছে ।
(৩)
ফ্ৰেন্সকাটক খেলৰপৰা বাহিৰ কৰাৰ পাছত অপজিত টীমটো উইক হৈ পৰিল । প্ৰতিটো বলতে স্কৰ কৰিবলৈ ধৰিলো ।
সেই সময়তে হিৰোইনে এন্ত্ৰি মাৰিলে । লগত চাৰিবিধ মিঠাই, লুচি চিকেন, চাহ । হিৰোইনৰ মুখত এটা সলাজ হাহি ।
এখন প্লেটত কালাকান, লালমোহন, পেৰা আৰু কাজু বৰফি, লগত অলপ চানা মিক্সাৰ ।
আনখন প্লেটত লুচি তিনিখন , অলপ আচাৰ । বাতি এটাত চিকেন আইটেম এটা, লগত
চাহ ।
দোকানৰ মিঠাইবোৰনো কি তাৰিফ কৰিম । ছোৱালী বৰ মৰমত ডাঙৰ হৈছে
বোলা দেউতাকৰ কথাষাৰে ইতিমধ্য উপলব্ধি কৰাই দিছে যে লুচি-চিকেন কোনোবা
ৰহিমলা-পদুমীৰ হাতৰ ফচল । গতিকে চুপচাপ জোখমতে খাই থকাই ভাল ।
আমাক কথা পাতিবলৈ দি ইন্টাৰভিউ টীমটো ভিতৰলৈ গল ।
- তোমাক ভাল দেখাইছে , লুকিংভেৰি বিউটিফুল..... মই কলো
তাৰিফ তো কৰিবই লাগিব । হিৰোইনৰ দিলত ঠাই বনাবলৈ তাৰিফৰ বাহিৰে এতিয়া
বেলেগ ভাল অপচন নাই । আৰু কি কি বস্তৰ তাৰিফেৰে ওপচাই পেলাম মই ভাবিবলৈ
ধৰিলো ।
- চিকেন কিন্ত মই বনাইছো দেই, স্পেচিয়েলি ......... হিৰোইনে লাজ লাজকৈ কলে
পাই গলো । এতিয়া লালমোহন-বৰফি বাদ দি অকল চিকেনৰ ওপৰত কনচেনটেৰেট কৰিব লাগিব ।
এবাৰ দীৰুদাই বৌৰ হাতৰ খানা খুৱাবলৈ লৈ গৈছিল , বিয়াৰ আগতে । বৌৱে
স্পেচিয়েলি চিকেন বনাইছিল, নাৰিকলৰ পানীৰ সৈতে চিকেন । আইটেমটো দেখিয়েই
দীৰুদাই বহুত কৰুণ চাৱনি এটা দি মোৰফালে চাইছিল । কিছুদেৰিৰ পাছত বৌ ভিতৰলৈ
যোৱাৰ লগে লগে মই চিকেন ডুবি থকা নাৰিকলৰ পানীৰপৰা জাকৈ মৰাদি চিকেনকেইপিছ
নিজৰ প্লেটত লৈছিলো আৰু দীৰুদাই নিজৰ বাতিত থকা চিকেন পানীখিনি চকু কাণ
নাক মুদি পি পেলাইছিল । তাৰ পাছত মোৰ বাতিত ৰৈ যোৱা পানীখিনি দীৰুদাৰ
বাতিলৈ চকুৰ পচাৰতে ট্ৰান্সফাৰ কৰি দিছিলো । কিছুদেৰিৰ পাছত বৌ আহি
সুধিছিল যে কেনে হৈছে
তাৰ উত্তৰত দীৰুদাই কৈছিল.......... ইউনিক টেষ্ট, তামাম টেষ্টি, বিকুই তো শেষে কৰি দিলে
বৌৱে সন্টুষ্টিৰ চাৱনি দি সুধিছিল........ আচ্চা, আৰু অকনমান লৈ আহো তেন্তে
মা কচম । জীৱনত ;খোৱাৰ সময়ত ইমান সন্ত্ৰাসিত মই কেতিয়াও হোৱা নাছিলো । দীৰুদাইও মোৰফালে চাই আগতকৈও কৰুণ চাৱনি এটা দিছিল ।
ভয় আৰু শংকাৰ মাজেৰে মই চামুচখন চিকেনৰ বাতিটোৰ ফালে নিলো। হিৰোইনে ক্ৰীম
দি চিকেন বনাইছে । কালাৰটো চিকেন গ্ৰেভীৰ টাইপেই হৈছে । চামুচখনেৰে
মিলিলিটাৰতকৈও কম গ্ৰেভী উঠালো । হিৰেইনে মোৰফালে সলাজ হাহিৰে চাই আছে ।
মই ভয়ে ভয়ে গ্ৰেভী উঠাই অনা চামুচখন নিজৰ মুখৰ ফালে আনিবলৈ ধৰিলো ।
দীৰুদা টাইপ অৱস্থা নহলেই হয় আৰু ।
(৪)
ভয় আৰু শংকাৰ মাজেৰে মই গ্ৰেভীৰ সৈতে চামুচখন মুখলৈ নিলো । হিৰোইনে মোৰ
ফালে চাই আছে। এতিয়া কথাটো হল ভাল হওক বেয়া হওক খাবই লাগিব, উপাই নাই ।
বাচি গলো। মোটামোটি টেষ্ট ভালেই হৈছে । ক্ৰীম উইথ চিকেন।
কিন্ত অকল ভাল বুলি কলে নহব ।
- ৱাও, তামাম, টেষ্টি, ডিলিচিয়াছ....... মই গ্ৰেভীখিনি টেষ্ট কৰি কলো
- আপোনাৰ কাৰণেই বনাইছো, স্পেচিয়েলি.... হিৰোইনে লাজ লাজকৈ কলে ।
উফ । হিৰোইনে এটা ডায়লগতে মোক বগৰাই দিলে । ক্ৰীম-চিকেন আগতকৈও বেছি
টেষ্টি লাগিবলৈ ধৰিলে । হিৰোইনৰ ঢৌ খেলা চুলি, হৰিণীৰ দৰে নজৰ, হাঁহিলে
গালত দেখা ডিম্পল, মৌ মিঠা মাত, মুঠৰ ওপৰত পুৰা ঘায়ল হৈ গলো ।
- আপুনি মিঠাই খোৱাই নাইচোন..... হিৰোইনে সুধিলে
- তোমাৰ মাতটো ইমান মিঠা, তাৰ পাছত মিঠাইৰ কি প্ৰয়োজন...... মই কলো
হিৰোইনে ভুবনমোহিনী হাঁহি এটা মাৰি প্লেটত থকা কাজু বৰফি এটা উঠালে ।
- খাওক না.... হিৰোইনে কলে
হিৰোইনৰ হাতত কাজু বৰফি, কাজু বৰফিটো মোৰ মুখৰ পৰা এফুটমান দুৰত, মই খাবলৈ মুখখন মেলিবলৈ লৈছো ।
সেই সময়তে চিটুৱেচনটো বৰবাদ দি সৰু খুড়ীয়েকে ৰুমটোত এন্ট্ৰি মাৰিলে । পলকতে ৰোমান্টিক মুডৰপৰা নৰ্মেল মুডলৈ আহি গলো ।
- চাহ খোৱা হোৱাই নাই নেকি...... কুটিল চাৱনি দি সৰু খুড়ীয়েকে সুধিলে
- মানে লাহে লাহে খাই আছো আৰু..... মই কলো
- দেখিছোৱেই কেনেকে লাহে লাহে খাই আছা
আৰু দুখন লুচি আৰু এবাতি চিকেন খালো । কাজু বৰফিটোৰ লগতে কালাকান টোও পেটত
ভৰাই থলো । ৰসগোল্লা, লালমোহন আৰু মিক্সাৰ খিনি প্লেটত এৰি দিলো । চব
ফিনিচ কৰি দিলে আকৌ খকুৱা বোলা বেড ইম্প্ৰেচন পৰিব ।
খোৱা বোৱা হোৱাৰ পাছত আকৌ দেউতাক, ফ্ৰেন্সকাট আৰু ডাঙৰ মামাকৰ এন্ট্ৰি হল ।
- মানে এওঁক মোৰ ভালেই লাগিছে, বহুতেই ভাল লাগিছে, যদি আপোনালোকে সন্মতি প্ৰদান কৰে বিয়া কৰাব খোজো....... মই ধীৰে সুস্থিৰে কলো
দেউতাকে অলপ সময় ফ্ৰেন্সকাটৰ ফালে চালে, ফ্ৰেন্সকাটে ইংগিতেৰে কিবা এটা কলে, ফ্ৰেন্সকাটৰ ইংগিতটোৰ পাছত দেউতাকে কলে
- আমি চুড়ান্ত সিদ্ধান্তৰ আগতে পৰিয়ালৰ মাজত আলোচনা কৰি লওঁ, সিদ্ধান্তটোৰ কাৰণে অলপ সময় লাগিব ।
পাৰ্চনেল ইন্টাৰভিউ দি ৰিজাল্টৰ অপেক্ষাত । এতিয়া শোওঁতে, বহোতে, খাওঁতে,
আনকি সপোনতো হিৰোইন আহি থাকে । হিৰোইনৰ কথা কৈ কৈ দীৰুদাৰো কাণ ঘোলা কৰি
দিছো ।
ৰাইজৰ আশীৰ্বাদত দেউতাকে হয় বুলি কলেই হয় আৰু ।