Wednesday, August 2, 2017

ডেষ্টিনী

২০০৪ চন । কটনৰপৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠিছো । ৭৩.৪ পাৰচেন্ট । মেডিকেল এন্ট্ৰেন্স দিছিলো । পাচ নম্বৰৰ কাৰণে নাপালো । এতিয়া কি কৰিম একো আইডিয়া নাই ।

মানুহে কয় জেনেৰেল পঢ়ি লাভ নাই । লাইন পঢ়িব লাগে । কিন্ত কি লাইন কেনেকৈ কত এইবোৰ গাইড দিয়া মানুহৰ অভাৱ ।
বি বৰুৱা আৰু কটনৰ পৰা ফৰ্ম আনিলো । বি বৰুৱাত প্ৰথমে এডমিচন ললো । এজনে কলে বি বৰুৱাত কেমেষ্ট্ৰী ভাল । কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত এপ্লাই কৰিলো । পালো । কেইদিনমান বি বৰুৱাত ক্লাছো কৰিলো ।

এসপ্তাহ পাছত কটনত নামভৰ্তিৰ দিন । প্ৰথম পৃফাৰেন্স ফিজিক্স, ছেকেণ্ড কেমেষ্ট্ৰী, থাৰ্ড মেথছ ।
প্ৰথমতে ফিজিক্সৰ এডমিচন হল । নম্বৰ কম হোৱাৰ বাবে নাপালো । তাৰ পাছত কেমেষ্ট্ৰী এডমিচন । ৫০ টা ছিট, ২৫ টা জেনেৰেলৰ বাবে ।

এডমিচন চলি আছে । ৰোল নং ৬০ ৰ পৰা আৰম্ভ। প্ৰথম নামটো জীৱন শইকীয়া, তাৰ পাছত ছাজাদুৰ হুছেইন, অলকেশ চন্দা । নাম মাতিলে যেতিয়া কোনো এডমিচন লবলৈ নাযায় তেতিয়া মনটো ভাল লাগে । কেইবাজনেও এডমিচন লোৱা নাই । ছিট পোৱাৰ আশাটো সজীৱ হৈ আছে ।

ছামিয়াৰা বেগমৰ পাছত লৰা এটাৰ নাম মাতিলে । দুয়োটা এডমিচনৰ বাবে গল । তাৰ পাছত বহুত সময় এনাউন্সমেণ্ট নাই ।
মনটো বেয়া লাগিবলৈ ধৰিলে । ফিজিক্সৰ পাছত কেমেষ্ট্ৰী ও গল । এতিয়া মেথছ বাকী আছে । কটনৰ মোহ ত্যাগ কৰিব লগীয়াও হব পাৰে । লুইতৰ পাৰৰ চিৰযৌবনা মৰমৰ কটন কলেজ ।

আশা । কটনত পঢ়াৰ আশা । কটনিয়ান হৈ থকাৰ আশা প্ৰায় নিৰ্বাপিত হোৱাৰ পথত ।
হঠাৎ এডমিচন ডায়াছৰ পৰা এনাউন্সমেণ্ট আহিল ।

- জেনেৰেল কেটেগৰীত এটা ছিট আছে, ক্ৰেডিট পইন্ট ৩৮৪ , ভাৰ্গৱ হাজৰিকা
আশা চুৰমাৰ হওঁ হওঁ । ইফালে সিফালে চালো । কোনো উঠি যোৱা নাই । বুকু ধান বানিবলৈ ধৰিলে ।
- ভাৰ্গৱ হাজৰিকা, নাই, নেক্সট ক্ৰেডিট পইন্ট ৩৮৩, বিকাশ শইকীয়া.......... ডাইছৰপৰা ঘোষণা শুণা গল ।

সেইজন ময়ে আছিলো ।
য়হী চায়দ ডেষ্টিনী থা ।

ষ্টপেজ

খানাপাৰা ষ্টপেজত ৰৈ আছো । আকাশৰপৰা এটোপ দুটোপকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে । ষ্টপেজত মই অকলে আছো । আজি বাছবোৰো বহুত কম । প্ৰধানমন্ত্ৰী আহিব বাবে ৰিকুইজিচন চলিছে ।

কিছুদেৰিৰ পাছত এগৰাকী মহিলা আৰু এজনী যুৱতী ষ্টপেজৰ শ্বেডত সোমাল । বোধহয় মাক-জীয়েক হব ।
- ইয়াত ২১ নম্বৰ বাছ পাম নেকি....... যুৱতীগৰাকীয়ে সুধিলে
- হয় পাব... মই কলো
- কিমান সময় লাগিব
- এক্সুৱেলি আজি বাছ ট্ৰেকাৰ কম, তাতে বৰষুণো দি আছে, সময় লাগিব..... মই কলো

মাক জীয়েকে নিজৰ মাজতে কথা পতাত লাগিল ।
- আপোনালোক যাব কলৈ.... মই সুধিলো
- এক্সুৱেলি আমি যোৰহাটৰ পৰা আহিছো, ইউনিভাৰ্চিটিলৈ যাম, জালুকবাৰী.... যুৱতীগৰাকীয়ে কলে
- ২১ নং বাছ তো জালুকবাৰী নাযায়
- হয় জানো
- তেন্তে
- ২১ নং ৰে পানবজাৰ, তাৰ পাছত ৬ নং ৰে জালুকবাৰী
- আচ্ছা...... মই কলো

মাক জীয়েকে আকৌ কথা পতাত লাগিল ।
- এইফালে ট্ৰেকাৰ চলে, হাইৱে হৈ, ডাইৰেক্ট জালুকবাৰী, সহজতে আৰু সোনকালে গৈ পাব, ময়ো আচলতে জালুকবাৰীয়ে যাম....... মই কলো

মাকে মোৰ ফালে ঘোপাকৈ চালে । বিৰক্তিৰ চাৱনি । ছোৱালীজনীয়ে অৱশ্যে বিৰক্তিৰ চাৱনি দিয়া নাই।
- মানে ৰিকুইজিচন চলিছে তো, গাড়ী বহুত কম, পানবজাৰৰ পৰা কানেকটিং গাড়ী পোৱাত প্ৰব্লেম হব পাৰে, তাতে আজি বতৰটোও বেয়া, আপোনালোকৰ সুবিধা হব........ মই বিৰক্তিৰ চাৱনিৰ এগেইনষ্টত ক্লিয়াৰিফিকেচন দিয়াৰ চেষ্টা কৰিলো ।

মাকৰ মুখত বিৰক্তি লাগি থাকিল । ছোৱালীজনীয়ে মিচিকিয়া হাঁহি এটা মাৰিলে ।
মই দুখোজ পিছুৱাই ৰেলিঙত আউজি দিলো । মাক জীয়েকে নিজৰ মাজতে কিবা কথা পাতিলে । এপলেকত ছোৱালীজনীয়ে মোৰফালে ঘুৰি চালে । চেহেৰাত হাহি এটা ।
ময়ো পাতলকৈ হাহি এটা মাৰিলো ।
তাৰ পাছত কিছু সময় গল । অগাপিছাকৈ ২১ নং বাছ এখন আৰু জালুকবাৰী লিখা থকা ট্ৰেকাৰ এখন ষ্টপেজটোত ৰল ।
মই মাক-জীয়েকৰ ফালে লক্ষ্য কৰিলো । ইনিচিয়েল মুভমেন্টৰ পৰা বাছ নে ট্ৰেকাৰৰ ফালে যাব ধৰিব পৰা নাই ।
ময়ো অলপ কনফিউজনত আছো,
বাছ ধৰো নে ট্ৰেকাৰ ।

(৪)

বাছ নে ট্ৰেকাৰ ।
এইটোৱেই মুল প্ৰশ্নটো আছিল ।
মাক-জীয়েকে বাছখনৰ ফালে অগ্ৰসৰ হল।
মই দুখোজ আগুৱাই গলো ।
- এক্সুৱেলি ট্ৰেকাৰত গলে আপোনালোক সোনকালে জালুকবাৰী পাব, হাইৱেৰ ফ্ৰী ৰাস্তা, সহজ, সুবিধাজনক....... মই কলো

ছোৱালীজনীয়ে হয়তো ঘুৰি চাব খুজিছিল । কিন্ত মাকৰ চুড়ান্ত বিৰক্তিকৰ চাৱনিয়ে কৈ দিলে যে তেওঁলোকে বাছতেই যাব ।
ওচৰৰ ট্ৰেকাৰখনৰপৰা বিগ এফ. এম ত গান এটা ভাহি আহিল

তুমচা আগৰ কোই মিলে ৰেহগুজৰ
তো দুনিয়াচে কৌন ডৰে
চাৰ কদম........
মই চাৰিখোজ পিছুৱাই ষ্টপেজটোৰ ৰেলিঙত ভেজা দিলো ।

ফোনটো বাজিলে, চন্দনদাৰ ফোন
- কত আছা
- ষ্টপেজ এটাত আছো.... মই কলো
- বাছৰ ৱেইট কৰি আছা নেকি
- তেনেকুৱাই ঠিক
- ধুৰ, গাড়ীখন কি হল তোমাৰ...... চন্দনদাই সুধিলে
- আছে
- মই জালুকবাৰী পালোহিয়েই
- অকে, গৈ আছো..... মই কলো

মোৰ বাবে মই জীৱনৰ এনেকুৱা এটা ষ্টপেজত ৰৈ আছো যত জীৱনৰ প্ৰায়ভাগ অনুভুতি মই পাইছো, পৰিয়াল, আত্মীয়, বন্ধুত্ব, বিশ্বাস, অভিমান, জেদ, প্ৰায় সকলো । মোৰ আজি কোনো উচ্চাকাংক্ষা বা অলীক সপোন নাই ।
কেবল পোৱা নাই যদি কাৰোবাৰ সচা ভালপোৱা, যিহেৰে মই বাকীছোৱা জীৱন প্ৰেম-মৰমৰ মাজেৰে পাৰ কৰিব পাৰো ।

তাৰ বাহিৰে জীৱনৰ প্ৰতি মোৰ বেলেগ এক্সপেকটেচন নাই ।
এই ক্ষেত্ৰত মোৰ কোনো জয়-পৰাজয়, লাভ-লোকচানৰ অংক নাই । কোনো বেক আপ প্লেন নাই । জাষ্ট মই ৰৈ দিও কেতিয়াবা কোনোবা ষ্টপেজত । অপেক্ষা কৰো বাছলৈ ।

যেতিয়ালৈ জীৱনৰ ষ্টপেজত সেই বিশেষ বাছখন নাহে, মই অপেক্ষা কৰিম ।
যিদিনাখন আহে, সিদিনাখন উঠি দিম ।
বাচ সিমানেই ।

মই পকেটৰপৰা চাবিটো উলিয়াই মোৰ গাড়ীখনৰ ওচৰলৈ গলো । অল্টো, ২০১১ মডেল, পুৰণা যদিও বঢ়িয়া চলি আছে । ক্লাটছ দবাই গিয়েৰ শ্বিফট কৰি এক্সেলেটেৰত ভৰি দিলো ।

হাইৱেৰ ফ্ৰী ৰাস্তা ।
পাছত ৰৈ গল এটা ষ্টপেজ ।

কটন কলেজ

কটন কলেজ
(মাথো এটি নাম নাছিল)

হয়তো এটি আবেগ বিলুপ্ত হল । ৰাজনীতিৰ পাকচক্ৰত কেনেকৈ এটা ঐতিহ্য বিলুপ্ত হয় তাৰ উৎকৃষ্ট উদাহৰণ কটন কলেজ । মোৰদৰে কটনিয়ান কোনেও কাহানিও বিচৰা নাছিল যে কটন কলেজৰ নাম সলনি হওঁক ।
এজন ৰাজনীতিকৰ অহামিকাই অসমৰ এটা ঐতিহ্যক থানবান কৰি পেলালে ।

কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় বিল । এই বিলখন পঢ়ি যিকোনো লেমেনে বুজি উঠিছিল যে এইখন কেইটামান উৰ্বৰ মস্তিষ্কৰ চুড়ান্ত নিকৃষ্ট ফচল । আন্তগাঠনিবিহীন এখন বিশ্ববিদ্যালয়, নিজৰ বুলিবলৈ একো নাই, ভিতৰত কলেজ এখন । চৰকাৰী প্ৰিন্সিপাল, ইফালে ভিচি । খিচিৰি, সনাপিটিকা আৰু এখন নিকৃষ্ট ব্যঞ্জন । দায়িত্বশীল শিক্ষাগুৰুসকলৰ বাবে চুড়ান্ত হতাশা । অৰাজক ।

কাৰ্যত বিফল । আৰু অৱশেষত বিলুপ্তি ।

নতুন বিশ্ববিদ্যালয়ে অতবছৰে ৱেবচাইট টোৱে ভালকৈ বনাব নোৱাৰিলে । অথচ বেলেগকৈ গঠিত কৰা হল ষ্টুডেণ্ট ইউনিয়ন, দুটাকৈ ফ্ৰেচাৰ্চ । কিবা দৰকাৰ আছিল নেকি । একো দৰকাৰ নাছিল ।

ক্ষোভ আছে, আমাৰ দৰে কটনিয়ানৰ ক্ষোভ আছে ।
নীৰদা দেৱী বাইদেউ প্ৰিন্সিপাল হোৱালৈকে ঠিকেই আছিল । বাইদেৱে কটনক আগুৱাই নিব পাৰিলেহেতেন, ভাৰতৰ আন আগশাৰীৰ কলেজ সকলক সকলো ক্ষেত্ৰতে টক্কৰ দিব পাৰিলেহেঁতেন ।

কিন্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাজে কনচেপ্টটোৱে বৰবাদি দি দিলে ।

কটন বিশ্ববিদ্যালয়ৰ কনচেপ্টটোত কি আছে গম পোৱা নাই কিন্ত এটা কথা কম যে কটনক স্বাধীনতা দিব লাগে । চিন্তা কৰাৰ স্বাধীনতা, আগুৱাই যোৱাৰ স্বাধীনতা, উৎকৰ্ষ সাধনৰ স্বাধীনতা । ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত গঢ় লোৱাৰ স্বাধীনতা ।

হাজাৰবাৰ নাম সলনি হলেওঁ কটন কলেজ সদায়েই আমাৰ বাবে আমাৰ চেনেহৰ কটন কলেজ হৈ থাকিব ।

ফুলৰ দোকানত

ফুল কিনিব গৈছো । মানে বুকে । আগে পিছে কিনাৰ অভ্যাস নাই । বুকেৰ দোকান বিচাৰি গণেশগুৰি পালোগৈ । দোকান এখনত সোমালো

- ফুল লাগিছিল, মানে বুকে...... মই কলো
- কাৰ বাবে..... দোকানীজনে সুধিলে
- মানে লেডিজৰ বাবে, বুকে
- ৱাইফ
- নহয় হে
- মানে গাৰ্লফ্ৰেণ্ড
- ঠিক মানে গাৰ্লফ্ৰেণ্ড নহয়, মানে বুজিছে তো

দোকানীজনে ৰহস্যময় হাহি এটা মাৰিলে । চকুৰ পলকতে সতেজ ফুলৰ ধুনীয়া সৰু বুকে এটা বনাই দিলে ।
- মানে এইটোযে দিলে, সেই ডাঙৰটো কিয় নিদিলে..... মই বুকেটো হাতত লৈ দোকানখনত থকা ডাঙৰ বুকে এটা আঙুলিয়াই কলো
- সেইটো গাৰ্লফ্ৰেণ্ডলৈ আপগ্ৰেড হলে লৈ যাব, জাষ্ট ফ্ৰেন্ডৰ বাবে এইটোৱেই বেষ্ট....... দোকানীজনে কলে
দোকানীজনৰ বুকেৰ লজিকটো মই বুজি নাপালো । তথাপিও সুধি দিলো
- আৰু গাৰ্লফ্ৰেণ্ড আপগ্ৰেড হৈ ৱাইফ হলে

- ৱাইফ হলে ফুলৰ প্ৰয়োজন নহব, মানে ৱাইফে সদাই ফুলেই ফুল দেখুৱাব, মানে সৰিয়হৰ ফুল...... দোকানীজনে হাঁহি এটা মাৰি কলে

বৰষুণ

মই ঘৰৰপৰা যেতিয়া ওলাবলৈ লৈছিলো তেতিয়া আকাশখনৰ এফালে গোমা হৈ আহিছিল । মই এটা অন্তদন্দত আছিলো । এটা ডাইলেমাত মাজত মই সিদ্ধান্ত লব পৰা নাছিলো ।

মই কি বিচাৰো, বিচাৰিছিলো, বিচাৰিম সেই সকলো কথা ধুঁৱলী কুৱলী হৈ পৰিছিল ।
দীৰুদাৰ নাৰেংগীৰ ঘৰলৈ যাবলৈ মই ওলাইছিলো । ঘৰৰ পৰা ওলাই মই লখৰা চাৰিআলি পাও পাও । স্কুটিখনত পেট্ৰল কম আছে । নাৰেংগীলৈ যাবলৈ বহুত ৰাস্তা আছে, এটা চিটিৰ মাজেৰে, আন এটা হাইৱে হৈ । লখৰা ক্ৰছ কৰি হাইৱেৰ কাষত থকা পেট্ৰল পাম্পটোত মই পেট্ৰল ভৰালো । তেতিয়ালৈ বৰষুণ নাই ।

হাইৱেত উঠিলো । বিপৰীত দিশৰপৰা আকাশখন ঘন ক'লা হৈ আহিছে, দুই এটোপ বৰষুণো পৰিছে । এঠাইত মই ৰ'ম বুলি ভাৱিছিলো, কিন্ত নৰলো । কিছুদেৰি মই আগুৱাই গলো । হঠাৎ বৰষুণজাক বেছি জোৰেৰে আহিল । অলপ তিতিলো । স্কুটিখন ৰখাই মই ইফালে সিফালে চালো । অলপ দূৰত ৰাস্তাৰ কাষত সৰু চালি এখন । মই দৌৰ মাৰি চালিৰ তলত সোমালো।

চালিখন আছিল তিনিআলি এটাত । হয়তো সন্ধিয়া তাৰ তলত কোনোবাই চাহ-তামোলৰ দোকান দিয়ে । সেইখিনি সময়ত চালিখনৰ তলত আৰু দুজন মানুহে আশ্ৰয় লৈছিল । কপালত ফোট লোৱা বাবাজী এজন আৰু এজন মলিয়ন কাপোৰ পিন্ধা মানুহ ।

বাবাজী টাইপৰ মানুহ মোৰ একেবাৰে পচন্দ নহয় । দুয়োজন মানুহৰ গাৰপৰা কেইবাদিনো নোধোৱা মলিয়ন কাপোৰৰ ভেকেটা ভেকেট গোন্ধ ভাহি আহিছিল কিন্ত তীব্ৰ বৰষুণৰ বাবে তাত থিয় হৈ থকাৰ বাহিৰে মোৰ হাতত একো উপায় নাছিল । তেওঁলোক মোৰ আগতেই চালিখনৰ তলত সোমাইছিল আৰু কিবা কথা পাতি আছিল ।

বাবাজীজনে মানুহজনক কৈ আছিল......
আমি গাওঁৰ পৰা চহৰলৈ যে আহিছো, কিয় আহিছো, পইচা উপাৰ্জন কৰিবৰ বাবে, পৰিয়ালৰ বাবে, মা, দেউতা, ঘৈণী, লৰা-ছোৱালীৰ বাবে, চহৰত শ্ৰম কৰি দুপইচা বেছিকৈ ঘটিব পাৰি, সেয়ে আমি চহৰলৈ আহিছো নিজৰ পৰিয়ালৰ সমৃদ্ধিৰ বাবে ।

বাবাজীৰ কাপোৰবোৰ ভেকেটা ভেকেট গোন্ধাইছিল যদিও মই তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিলো । মলিয়ন বগা কুৰ্তা, দীঘল ডাঢ়ি, কপালত এটা দীঘল ৰঙা ফোট।
বৰষুণজাকৰ তীব্ৰতা বাঢ়ি আহিছিল আৰু আমি আশ্ৰয় লোৱা চালিখনত থকা ফুটাবোৰেৰে টোপাটোপে পানী পৰিবলৈ ধৰিছিল ।
- আপুনি ইয়াত থিয় হওক........ বাবাজীজনে চালিৰ তলৰ শুকান ঠাই অকন দেখুৱাই কলে ।

মই থিয় দি থকা পজিচন সলালো । বাবাজী আৰু মানুহজনে নিজৰ মাজতে কথা কোৱাত লাগিল ।

বাবাজীজনে কৈ গল..........
মই তেতিয়া গাওঁত আছিলো, এনেকুৱাই বতাহ ধুমুহা আহিছিল, মই আমগছ এজোপাৰ তলত ৰৈছিলো । ধুমুহা দি আছিল । হঠাৎ কাষৰ আমগছডালৰপৰা আম এটা সৰি পৰিছিল । চকুৰ আগত সৰি পৰা আমটো দেখি মোৰ মনত খেলাইছিল যে ঘৰত থকা মোৰ সৰু লৰাটোৱে আমটো খাবলৈ পালে খুব ভাল পাব । ধুমুহা এৰালৈ মই ৰব পাৰিলোহেতেন, কিন্ত হঠাৎ কি নো হল মই আমটো বুটলিবলৈ গলো । আৰু ঠিক আমটো বুটলি হাতত লওতেই অকস্মাৎ মই আগতে ঠিয় হৈ থকা গছডাল ধুমুহাত বাগৰি পৰিছিল । আমটো বুটলিবলৈ নহা হলে হয়তো মোৰ অঘটন হলহেতেন । ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ মই ধুমুহা বৰষুণৰ মাজেৰে প্ৰাণপণে ঘৰলৈ দৌৰিছিলো, আমটো কিন্ত তেতিয়াও মোৰ হাতত আছিল । ঘৰত সোমাই মই স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ । ভগবানক মই ধন্যবাদ জনাইছিলো, পৰিয়ালৰ প্ৰতি থকা প্ৰেমে হয়তো মোক সিদিনা এটা অঘটনৰপৰা বচাই দিছিল । জীৱনত ঘি ঘটে সকলোৰে কিবা নহয় কিবা কাৰণ থাকে ।

বৰষুণ তেতিয়াও তীব্ৰ হৈ আছিল । আমি থিয় হৈ থকা চালিখনৰপৰা বেছিকৈ পানী পৰিবলৈ আৰম্ভ কৰিছিল ।
আমি তিনি আলিৰ চুকটোত হাইৱেৰ ফালে থকা চাইডটোৰ চালি এখনৰ তলত থিয় দি আছিলো । মই চুকৰ ফালে গৈ তিনিআলি টোৰ ভিতৰৰ ফালে চালো । আমাৰ ঠিক কাষতেই তিনিআলিটোৰ ভিতৰৰ চাইডত পানী নসৰকা টিঙৰ মজবুত চালি দেখিবলৈ পালো ।

মই টিঙৰ চালিখনৰ তললৈ আহিলো । মোক দেখি বাবাজী আৰু মানুহজন টিঙৰ চালিখনৰ তললৈ আহিল।

বাবাজীজনে মানুহজনক কলে.......
চোৱা, আমি তিনিওজনে কিমানসময় ধৰি বৰষুণত সেই ফুটা চালিৰ তলত কষ্টেৰে আছিলো অথচ কিমান ওচৰতে এখন মজবুত চালি আছিল । এওহে এই মজবুত চালিখন প্ৰথমতে লক্ষ্য কৰিলে । এওঁৰ দৃষ্টিৰ বাবে আমি ফটা চালিৰ তলত থিয় হৈ বৰষুণত আৰু তিতাৰপৰা বাচি গলো ।

ইতিমধ্যে বৰষুণৰ প্ৰাবল্যটো কমি আহিছিল । কিছুদেৰিৰ পাছত বৰষুণ নোহোৱা হল । মই স্কুটিৰ ফালে খোজ ললো । স্কুটিখন ষ্টাৰ্ট দি মই তিনিআলিৰ ফালে চালো । কোনো নাই । যেন পলকতে বতাহত মিলি গল বাবাজী আৰু মলিয়ন কাপোৰ পিন্ধা সেই মানুহজন ।

মোৰ লগত বহুতবাৰ এনেকুৱা হৈছে, যেতিয়াই কিবা এটা দুশ্চিন্তাত ভোগো, তেতিয়াই কিবা নহয় কিবা আকস্মিক ঘটনাই খুলি দিয়ে মনৰ জটবোৰ । বাবাজী ধুমুহা, আম, পৰিয়াল, প্ৰেম, দৃষ্টি........

দীৰুদাৰ ঘৰলৈ যাবলগীয়া নহল । দ্বিধা, শংকা,ভয় নেওচি মই বাট পোনালো চিৰন্তন লক্ষ্যলৈ ।

ক্ৰিকেট

এটা সময়ত মই ভাল ক্ৰিকেট খেলিছিলো । টেনিছ বল ক্ৰিকেটত বেলতলা ফিল্ডত মোৰ ভাল ৰেকৰ্ড আছিল । বেলতলা ফিল্ডত আমি পতা ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম সংস্কৰণত মই জিকা দলতে আছিলো , কিন্ত ফাইনেলৰ দিনাখন মই ৰিজাৰ্ভ বেঞ্চত বহিবলগাত পৰিছিল ।

টুৰ্ণামেণ্টৰ প্ৰথম খেলখনত মই অপেনিং কৰিছিলো, ৰাণো কৰিছিলো, জিকিছিলো । কিন্ত তাৰ পাছত আমি ভাল প্লেয়াৰ হায়াৰ কৰিছিলো , সেই সময়ৰ ৰঞ্জী আৰু ডিষ্ট্ৰিক খেলা কেইবাজনো প্লেয়াৰ আমাৰ হৈ খেলিবলৈ আহিছিল । বৰ্তমানৰ কেপ্তেইন গকুল শৰ্মাও আমাৰ হৈ খেলিছিল ।

ছেমি ফাইনেলত আমি খেলা প্ৰথম খেলখনৰ টীমটোৰ মাত্ৰ তিনিজনে খেলিছিলো, মই বেটিং বলিং একো পোৱা নাছিলো, কেচ এটা ড্ৰপ কৰিছিলো আৰু ফাইনেলত বহি দিবলগীয়া হৈছিল । নিজৰ ফিল্ডত, নিজৰ টীমৰপৰা বাহিৰ হোৱাটো যথেষ্ঠ দুখজনক আছিল। আচলতে ৰঞ্জী প্লেয়াৰকেইজনে মোক হয়তো টীমৰ বোজা বুলি ভাৱিছিল ।

সেয়া আছিল ২০০৬ চনৰ কথা । তিনিবছৰ পাছত, বেলতলা ফিল্ড, বেলতলা ব্লক বনাম দিছপুৰ ব্লক । মই বেলতলাৰ টীমত, চাৰিজন ডিষ্ট্ৰিক খেলা হায়াৰ প্লেয়াৰ আমাৰ টীমত । বৰ্তমানৰ ৰঞ্জী প্লেয়াৰ তাজিন্ডৰ সিঙকো মাতিছিলো কিন্ত দেৰিকৈ আহি পোৱা কাৰণে সি খেলিব নোৱাৰিলে ।

তাজিন্দৰ প্ৰথম গুৱাহাটীলৈ অহাৰেপৰা আমাৰ লগত খেলিছিল । সিহতৰ বেলেগ এটা টীম আছিল, পঞ্জাৱী-মাৰোৱাৰী টীম, আমাৰ বেলতলাৰ লোকেল টীম । একেবাৰে প্ৰথম মেচখনত সি এটা অভাৰৰ প্ৰথম তিনিটা বলত তিনিটা উইকেট লৈছিল, তাৰ পাছত মই বেটিং কৰিবলৈ আহিছিলো আৰু অভাৰটোৰ বাকী তিনিটা বল তিনিটা ছয় কোবাইছিলো । তেতিয়া মই জনা নাছিলো যে সিয়ে তাজিন্দৰ হয় । তাৰ পাছত প্ৰতিখন মেচতে সি মোৰ উইকেট লবলৈ প্ৰাণপণে চেষ্টা কৰিছিল । সিহতৰ টীমত সি খুব ভাল খেলিছিল আৰু এইফালে মই । বেছিভাগ মেচতে আমি জিকিছিলো ।

দিছপুৰে প্ৰথমতে বেটিং কৰিছিল । মই বলিং পোৱা নাছিলো । তাৰপাছত আমাৰ বেটিং হল । দহ অভাৰৰ খেল । ৯ নম্বৰ অভাৰটোত আমাৰ ৬ নম্বৰ উইকেট পৰিল। জিকিবলৈ তেতিয়াও ২২ ৰাণ লাগে ।
- আৰে বিকাচ কো ভেজো........ খেল চাই থকা তাজিন্দৰে পাছৰপৰা চিঞৰিলে ।

কিন্ত মোৰ সলনি অইন এজনক পঠোৱা হল । দুটা বলৰ পাছত সিও আউট হল । এইবাৰ মই বেটখন লৈ ফিল্ডত সোমালো।

আঠটা বল ২২ ৰাণ লাগে। মোৰ বুকুৱে ধান বানিছিল । ভয় লাগিছিল । মোৰ তেতিয়া প্ৰেকটিছ নাছিল, গতিকে খেলখন জিকাব পাৰিম বুলি কনফিডেন্স নাছিল।
প্ৰথম বল, বাউন্সাৰ, মই হুক কৰিলো, বলটো স্কোৱেৰ লেগৰ ফালে উঠিল, তলত ফিল্ডাৰ। মই হতাশাৰ হুমুনিয়াহ এটা কাঢ়িলো । প্ৰথম বলতে আউট হৈ যাম, বিফল মই ।
ফিল্ডাৰজনে কেচটো মিছ কৰিলে । মই দৌৰি নন-ষ্ট্ৰাইকিং এন্ড পালোগৈ । জীৱনদান, ছেকেণ্ড চান্স ।
জীৱনত কেতিয়াবা দ্বিতীয় সুযোগ পোৱা নাযায়, কিন্ত সেইদিনা মই এটা সুযোগ পাইছিলো । ৯ নম্বৰ অভাৰটোৰ শেষ বলটোত অভিয়ে এটা চাৰি মাৰিলে ।

১ অভাৰ, ১৭ ৰাণ লাগে । মই ষ্ট্ৰাইকত । মই দীঘল উশাহ এটা ললো । এইখন ফিল্ডত মই সৰুৰেপৰা খেলিছো, এইখন মোৰ খেলপথাৰ, মই জিকিবই লাগিব ।

প্ৰথম বলটো ফুল টছ আছিল । ছয় । ৫ বল ১১ ৰাণ লাগে । দ্বিতীয় বলটো গুড লেংথত আছিল। মই আগুৱাই গৈ মিড অনৰ ওপৰৰে উঠাই দিলো, ছয় । ৪ বল ৫ ৰাণ । তৃতীয় বলটোও ছয় মাৰিম বুলি ভাবিছিলো, ভালকৈ কাণেক্ট নহল। এক ৰাণ ললো । ৩ বল ৪ ৰাণ । তাৰ পাছৰ বল ৱাইড। কিন্ত তাৰ পাছৰ বলটোতে অভি আউট হৈ থাকিল । মই তেতিয়া নন - ষ্ট্ৰাইকিং এণ্ডত । মোৰফালে চাই কৰুণ চাৱনি এটা দি অভিয়ে ক্ৰীজ এৰিলে ।

২ বল ৩ ৰাণ । বেটিং কৰিবলৈ আহিল নৃপেনদা । এক ৰাণটো লোৱাৰ বাবে মোৰ অনুশোচনা হৈছে ।
- আপুনি বেটত লাগক নালাগক দৌৰিব, মোক কেবল ষ্ট্ৰাইকত যাব দিয়ক, খেল মই জিকাই দিম........ মই নৃপেনদাক কলো

নৃপেনদাই ঠান্ডা মগজুৰে খেলি এক ৰাণ এটা উলিয়ালে । ১ বল, ড্ৰ হবলৈ ১ ৰাণ, জিকিবলৈ ২ ৰাণ । মই ষ্ট্ৰাইকত।
ছয়ৰ বাবে যাম নে চেনচিবলি চিংগল পুচ কৰিম । গ্লৰি নে চাৰভাইভেল । ৰিক্স লম নে নলম ।
- তুমি বেটত লগোৱা, মই দৌৰিম........ নৃপেনদাই চিঞৰি কলে
- চিক্স লাগে চিক্স....... কোনোবা দৰ্শকৰ মাতো কাণত পৰিল

গ্লৰি নে চাৰভাইভেল ।

বলটো অফ ষ্টাম্প বাহিৰত আছিল। গুড লেংথৰ অলপ আগত। বলটো মই ভালকৈ দেখিছো । শ্লিপত ফিল্ডাৰ নাই, থাৰ্ড মেনটো টেনিছ বল ক্ৰিকেটত সাধাৰনতে ফিল্ডাৰ নাথাকে, মই বলটো উইকেটকীপাৰৰ কাষেৰে কাট কৰি দিলো ।
ফিল্ডৰ ঘাহবোৰ অলপ দীঘল। বলটো ঘাহৰ ওপৰৰে বাগৰি গৈছে । পাছে পাছে ফিল্ডাৰ দৌৰিছে । নন ষ্ট্ৰাইকিং এন্ডৰপৰা নৃপেনদাই প্ৰাণটাকি দৌৰিছে, ময়ো দৌৰিছো, বলটো বাউন্ডেৰী গৈ নাপাবও পাৰে, দুই ৰাণ লবই লাগিব ।
বেটখনেৰে নন-ষ্ট্ৰাইকিং ক্ৰীজৰ লাইনডাল চুই মই ষ্ট্ৰাইকিং এন্ডৰ ফালে দৌৰিলো। বল তেতিয়াও বাগৰি গৈ আছে, পাছে পাছে ফিল্ডাৰ ।

বলটোৱে বাউন্ডেৰী ক্ৰছ কৰিলে । চাৰি ৰাণ । এটা শ্বাসৰুদ্ধকৰ জয় ।
ফিল্ডৰপৰা ওলালো
- মুঝে পতা থা তুম জিতা দোগে....... তাজিন্দৰে কলে
- কিউ
- তুমনো হামকো য়হী ফিল্ড মে কিতনা মেচ হাৰায়া থা, য়াদ হে না
- অভী প্ৰেকটিছ বিলকুল নহী ৰহা থা না...... মই কলো

তাৰ পাছৰপৰা মই কেতিয়াও এক ৰাণ লৈ নন-ষ্ট্ৰাইকিং এন্ডলৈ নাযাও । হয় ছয় মাৰি নিজেই জিকাম নহলে আউট, তাৰ মাজত কোনো শ্বাসৰুদ্ধতা নাই, নাথিং ইন বিটুৱিন ।

দা ইন্টাৰভিউ

(১)

কবলৈ গলে তামাম টেনচনত আছো । এনেয়ে মই মানুহটো বহুত স্মাৰ্ট হয়, কিন্ত আজি পুৰা ভয় লাগি আছে । লাইফৰ বহুত ইম্পৰটেন্ট ইন্টাৰভিউ ।
- একো টেনচন লব নালাগে, কুল হৈ থাকিবি কুল, আৰু একো ওস্তাদি নামাৰিবি, ডিচেন্ট, মডেষ্ট, হাম্বল, মই কিমান ইন্টাৰভিউ দিছিলো, তোৰ তো প্ৰথম কাৰণেহে টেনচন হৈছে, কুল বাবা কুল......... দীৰুদাই কলে
চন্দনদাকো ফোন কৰিছিলো, কিন্ত আগৰ চন্দনদা হৈ থকা নাই ।

ৰণদীপ দিল্লী এয়াৰপৰ্টত আছিল । তাৰপৰাই সি টিপছ পঠালে
- একদম জুখি মাখি কথা কব, অভাৰস্মাৰ্ট নেদেখাব কিন্ত, আৰু ভাল পাৰফিউম মাৰি যাব ।

ফেচবুকতো আপদেট এটা দি দিলো । জুনিয়ৰ মুনমুনে কমেন্ট মাৰিলে...... ফালি দিব দাদা, অল দা বেষ্ট
কিন্ত কথাটো হল ফালি কেনেকৈ দিও । অকলেই ইন্টাৰভিউ ফেচ কৰিব লাগিব ।

যথা সময়ত ডেষ্টিনেচনত এন্ট্ৰি মাৰিলো । ড্ৰয়িং ৰুমটোৰ চোফা এখনত বহিলো । ট্ৰে এখনত পানী আহিল । পানী অলপ খাই গলটো তিয়াই ললো ।

ইন্টাৰভিউ বৰ্ডত ধেৰ মানুহ । দেউতাক, দুজন মামাক, এজন খুড়াক, দুজনী মামীয়েক প্লাছ খুড়ীয়েক । লগতে এক্সটাৰনেল এক্সপাৰ্ট হিচাপে ফেন্সকাট ডাঢ়ি থকা চুপাৰ স্মাৰ্ট যেন লগা দেউতাকৰ বন্ধু এজন । ইফালে মই অকলে ।
আই কন্টেক, শ্যামলদাই আই কন্টেক মিলাবলৈ কৈছিল । আই কন্টেক মিলাবলৈ ৰুমটোত ইফালে সিফালে চালো । চবেই মোৰ ফালে ট ট কৈ চাই আছে । পৰ্দাৰ সিফালে খুচুৰা পইচা কেইটামানো দেখিবলৈ পালো ।

- আমাৰ এজনীয়ে ছোৱালী, বহুত মৰমত ডাঙৰ হৈছে........ দেউতাকে আৰম্ভ কৰিলে

ডায়লগটোৱে বুজাই দিলে যে ইন্টাৰভিউ বহুত টাফ হব । মই হয় বুলি সন্মতি প্ৰকাশ কৰিলো ।
- এক্সেক্টলি কাম কি কৰা........ ফ্ৰেন্সকাটে সুধিলে

কাম কি কৰো । সচা কথা কবলৈ গলে ১৪ দিন ঘৰত থাকো, বাকী ১৪ দিন গেলেকীত, আদ্দা দি টাইম বহুত কিল কৰো, চাইটত গৈ দিনত দুখনকৈ চিনেমা চাও, এখন বিফৰ লান্স, এখন আফটাৰ লান্স । বছে ফোন কৰি কিবা কিবি কৰিবলৈ কয়, মই লেবাৰ কেইটাক কও, সিহতি কামখিনি নকৰিলে মই পাছৰ শ্বিফটলৈ কামখিনি পাছ কৰি থৈ আহো । বছে বেছি কামোৰ দিলে ফোনটো নট ৰিচেবল কৰি থও। বিন্দাছ জিন্দেগী ।

কিন্ত কথাটো হল এনেকৈ কলে নহব । অলপ ফান্ডা দিব লাগিব ।
- মানে আমাৰ পি. এছ. ইউ টো অইল এক্সপ্লৰেচনৰ লগত জড়িত, মাটিৰ তলত থকা তেল গেছ উলিয়াবলৈ আমি ড্ৰিলিং কৰো, চাৰফেচৰ পৰা ৩-৪ কিলমিটাৰ তললৈ ড্ৰিলিং কৰা হয়, তিনিমাহত প্ৰায় ৪০-৫০ কোটিৰ প্ৰজেক্ট কমপ্লিট কৰিব লাগে । মই তো কোম্পানীৰ প্ৰথম শ্ৰেণীৰ বিষয়া, ৰেচপনচিবিলিটি বহুত থাকে, প্ৰেচাৰ হেন্ডল কৰিব লগীয়া হয়, মেন মেনেজমেন্ট, ইন ডা কোম্পানী আই এম বেছিকেলি ড্ৰিলিং ফ্লুইড এক্সপাৰ্ট........ মই কলো

কথাখিনি কৈ নিজৰে হাহি উঠি গল । ড্ৰিলিং ফ্লুইড এক্সপাৰ্ট, কেনেকুৱা ফান্ডা। ৰণদীপ - খঞ্জুৱে জানিলে হাহি হাহি কিবা হৈ যাব ।
ফ্ৰেন্সকাটক অলপ গহীন যেন দেখা গল । ফ্ৰেন্সকাটৰ উইকেট পেলাই অলপ ৰিলেক্স ফিল কৰিলো ।
কিছুদেৰিৰ পাছত এজন মোমায়েক আৰু খুড়াক এজনকো ক্লীন বল্ড কৰিলো । মামীয়েক দুজনীও ইম্প্ৰেছ হোৱা যেন পৰিস্ফুট হৈছে ।

সৰু খুড়ীয়েকে বহুদেৰিৰ পৰা ষ্মাৰ্টফোনটো পিটিকি অাছিল । হঠাৎ সৰুখুড়ীয়েকে মাত লগালে
- আচ্ছা কোৱাচোন এই পল্লবিকা, নয়না, তৰালি, জ্যোতিকা, কুহেলিকা, শিল্পীশিখা এইবোৰ কোন হয়
- মানে....... মই সুধিলোঁ

সৰু খুড়ীয়েকে নিজৰ স্মাৰ্টফোনটোত মোৰ ফেচবুক প্ৰফাইলটো দেখুৱালে।
পল্লবিকা, নয়না তৰালি, কিহে পাইছিল গাজাবোৰ লিখিবলৈ । দীৰুদাই তো আগতেই সাবধান কৰি দিছিল, মইহে নামানিলো । কি কম এতিয়া ।

ফ্ৰেন্সকাটক গহীন ষ্টেজৰপৰা ৰিলেক্স মুডলৈ অহা দেখা গল । মানে আকৌ ফিল্ডত এন্ট্ৰি মাৰিব ।
বিন্দু বিন্দু ঘাম মোৰ কপালত জিলিকি উঠিল ।
মুনমুনে তো ইন্টাৰভিউ ফালি দিব কৈছিল । কিন্ত এতিয়া তো চুইং, স্পিন, গুগলি চব একেলগে পৰিব । উইকেট বচাবলৈ মই ভগবানক স্মৰণ কৰিলো ।
হে প্ৰভু দয়াময়, জ্ঞান গুণৰ সাগৰ। বচাই দিয়া ।
প্ৰশ্নটো কেনেকৈ টেকেল কৰিম ভাবিবলৈ ধৰিলো ।

(২)

খঞ্জু , খঞ্জুক সুদাই নেৰো । সি জেক দি দি মোক পুৰা উঠাই দিয়ে আৰু মই কিমান ভাবি ভাবি ষ্টৰীবোৰ লিখো ।
সৰু খুড়ীয়েকে দুৰ্গাৰ চাৱনিৰে মোলৈ চাই আছে , এক্সপ্লেইনেচন দিব নোৱাৰিলেই মোৰ পত্তা চাফ । ফ্ৰেন্সকাটো মোৰফালে চাই কুটিল হাহি এটাৰে কৈ আছে... বেটা এতিয়া কত সাৰিবি

ৰাখে হৰি মাৰে কোনে । সেই সময়তে নতুন মানুহ এজনে ৰুমটোত এন্ত্ৰি মাৰিলে । ছোৱালীৰ সৰু মোমায়েক । মোমায়েকে মোৰ ফালে কিছুসময় চালে , তাৰ পাছত কলে
- আৰে আপুনি ইয়াত, মই নীৰবান, আপোনাৰ ফেচবুক ফ্ৰেন্ড

মানুহটোৰ থোপৰাটো মনত নপৰিল যদিও বহুত আশাৰে মই নীৰবান মামাৰ ফালে চালো ।
নীৰবান মামাই হতাশ নকৰিলে । মোক পুৰা প্ৰশংসাৰে ওপচাই পল্লবিকা , তৰালিৰ লগতে আন ৩০ টা কেচ মামাই ৰোমন্ঠন কৰিলে । মামাই চবকে কনভিন্স কৰি দিলে যে মই এফ.বিত কিবাকিবি তামাম লিখো , নাথিং চিৰিয়াছ, জাষ্ট হিউমাৰ ।
মই উশাহ অলপ পালো ।

- তামোল খোৱা................. এইবাৰ ডাঙৰ মোমায়েকে মোক কলে
সন্মুখত বটা এখন । বটাত তামোল পাণ । মোৰ ষষ্ঠ ইন্দ্ৰিয় ,সচকিত হল । তামোল খোৱা মানে পাণ ও খায় বুলি ভাবিব , চাধা, চিগাৰেট, এলকহল , চেইন ৰিয়েক্সন । তামোল খোৱাটো ভাল নহব ।
- নাই মানে মই তামোল নাখাও.......... মই চেইন ৰিয়েক্সন টো ষ্টপ কৰিলো
- আচ্ছা, পাৰ্টিবোৰত ছডাৰ লগত খোৱা নে পানী অনলি পৃফাৰ কৰা........... ফ্ৰেন্সকাট আকৌ ফিল্ডত নামিল
চাল্লা ফ্ৰেন্সকাট , ইন্টেলিজেন্ট কুৱেচন সোধে । ছডা নে পানী ।
- আচসতে মই ড্ৰিংক নকৰো...... মই কলো
- কিয়....... ফ্ৰেন্সকাটে সুধিলে
- আচলতে আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ কাষৰ ঘৰত এটা পৰিয়াল আছিল । গিৰিয়েকে পুলিচত চাকৰি কৰিছিল, ঠিক আপোনাৰ দৰেই ফ্ৰেন্সকাট ডাঢ়ি আছিল তেওৰ । কিন্ত তেও ঘোৰ মদাহী আছিল , সদাই মদ খাই ঘৈণীয়েকক মাৰধৰ কৰে, সদাই হাই কাজিয়া, মদে কেনেকৈ এটা পৰিয়াল ধ্বংস কৰে মই নিজ চকুৰে দেখিছিলো । তেতিয়াৰপৰা মদ নামৰ বস্তটোৰ পৰা এটা বিৰক্তি আৰু ঘৃণাই জন্ম ললে আৰু সেয়ে মই মদ নাখাও ...... মই ফ্ৰেন্সকাটক ডাইৰেক্ট টাৰ্গেট কৰি দিলো ।

বহুত ভাবি চিন্তি মদ কিয় নাখাও তাৰ এক্সপ্লেইনেচন বনাইছিলো । টাইমত কামত আহিল । মই ফ্ৰেন্সকাটৰ ফালে চালো । ফ্ৰেন্সকাটে নিজৰ ডাঢ়িখিনি চুই আছে ।

মুল সেনাপতিক চিত কৰি মই বাকী সৈন্যৰ ফালে চালো । কুল মডৰপৰা স্মাৰ্ট মডলৈ নিজকে কনভাৰ্ট কৰি ললো । এইবাৰ যিয়ে এটেক কৰে তাকে ফালি দিম । এনেয়ো মুনমুন ভন্টিয়ে ফালি দিয়াৰ কথা কৈছে ।

(৩)

ফ্ৰেন্সকাটক খেলৰপৰা বাহিৰ কৰাৰ পাছত অপজিত টীমটো উইক হৈ পৰিল । প্ৰতিটো বলতে স্কৰ কৰিবলৈ ধৰিলো ।
সেই সময়তে হিৰোইনে এন্ত্ৰি মাৰিলে । লগত চাৰিবিধ মিঠাই, লুচি চিকেন, চাহ । হিৰোইনৰ মুখত এটা সলাজ হাহি ।
এখন প্লেটত কালাকান, লালমোহন, পেৰা আৰু কাজু বৰফি, লগত অলপ চানা মিক্সাৰ । আনখন প্লেটত লুচি তিনিখন , অলপ আচাৰ । বাতি এটাত চিকেন আইটেম এটা, লগত চাহ ।

দোকানৰ মিঠাইবোৰনো কি তাৰিফ কৰিম । ছোৱালী বৰ মৰমত ডাঙৰ হৈছে বোলা দেউতাকৰ কথাষাৰে ইতিমধ্য উপলব্ধি কৰাই দিছে যে লুচি-চিকেন কোনোবা ৰহিমলা-পদুমীৰ হাতৰ ফচল । গতিকে চুপচাপ জোখমতে খাই থকাই ভাল ।
আমাক কথা পাতিবলৈ দি ইন্টাৰভিউ টীমটো ভিতৰলৈ গল ।

- তোমাক ভাল দেখাইছে , লুকিংভেৰি বিউটিফুল..... মই কলো

তাৰিফ তো কৰিবই লাগিব । হিৰোইনৰ দিলত ঠাই বনাবলৈ তাৰিফৰ বাহিৰে এতিয়া বেলেগ ভাল অপচন নাই । আৰু কি কি বস্তৰ তাৰিফেৰে ওপচাই পেলাম মই ভাবিবলৈ ধৰিলো ।
- চিকেন কিন্ত মই বনাইছো দেই, স্পেচিয়েলি ......... হিৰোইনে লাজ লাজকৈ কলে

পাই গলো । এতিয়া লালমোহন-বৰফি বাদ দি অকল চিকেনৰ ওপৰত কনচেনটেৰেট কৰিব লাগিব ।

এবাৰ দীৰুদাই বৌৰ হাতৰ খানা খুৱাবলৈ লৈ গৈছিল , বিয়াৰ আগতে । বৌৱে স্পেচিয়েলি চিকেন বনাইছিল, নাৰিকলৰ পানীৰ সৈতে চিকেন । আইটেমটো দেখিয়েই দীৰুদাই বহুত কৰুণ চাৱনি এটা দি মোৰফালে চাইছিল । কিছুদেৰিৰ পাছত বৌ ভিতৰলৈ যোৱাৰ লগে লগে মই চিকেন ডুবি থকা নাৰিকলৰ পানীৰপৰা জাকৈ মৰাদি চিকেনকেইপিছ নিজৰ প্লেটত লৈছিলো আৰু দীৰুদাই নিজৰ বাতিত থকা চিকেন পানীখিনি চকু কাণ নাক মুদি পি পেলাইছিল । তাৰ পাছত মোৰ বাতিত ৰৈ যোৱা পানীখিনি দীৰুদাৰ বাতিলৈ চকুৰ পচাৰতে ট্ৰান্সফাৰ কৰি দিছিলো । কিছুদেৰিৰ পাছত বৌ আহি সুধিছিল যে কেনে হৈছে
তাৰ উত্তৰত দীৰুদাই কৈছিল.......... ইউনিক টেষ্ট, তামাম টেষ্টি, বিকুই তো শেষে কৰি দিলে
বৌৱে সন্টুষ্টিৰ চাৱনি দি সুধিছিল........ আচ্চা, আৰু অকনমান লৈ আহো তেন্তে

মা কচম । জীৱনত ;খোৱাৰ সময়ত ইমান সন্ত্ৰাসিত মই কেতিয়াও হোৱা নাছিলো । দীৰুদাইও মোৰফালে চাই আগতকৈও কৰুণ চাৱনি এটা দিছিল ।

ভয় আৰু শংকাৰ মাজেৰে মই চামুচখন চিকেনৰ বাতিটোৰ ফালে নিলো। হিৰোইনে ক্ৰীম দি চিকেন বনাইছে । কালাৰটো চিকেন গ্ৰেভীৰ টাইপেই হৈছে । চামুচখনেৰে মিলিলিটাৰতকৈও কম গ্ৰেভী উঠালো । হিৰেইনে মোৰফালে সলাজ হাহিৰে চাই আছে । মই ভয়ে ভয়ে গ্ৰেভী উঠাই অনা চামুচখন নিজৰ মুখৰ ফালে আনিবলৈ ধৰিলো ।
দীৰুদা টাইপ অৱস্থা নহলেই হয় আৰু ।

(৪)

ভয় আৰু শংকাৰ মাজেৰে মই গ্ৰেভীৰ সৈতে চামুচখন মুখলৈ নিলো । হিৰোইনে মোৰ ফালে চাই আছে। এতিয়া কথাটো হল ভাল হওক বেয়া হওক খাবই লাগিব, উপাই নাই ।

বাচি গলো। মোটামোটি টেষ্ট ভালেই হৈছে । ক্ৰীম উইথ চিকেন।
কিন্ত অকল ভাল বুলি কলে নহব ।
- ৱাও, তামাম, টেষ্টি, ডিলিচিয়াছ....... মই গ্ৰেভীখিনি টেষ্ট কৰি কলো
- আপোনাৰ কাৰণেই বনাইছো, স্পেচিয়েলি.... হিৰোইনে লাজ লাজকৈ কলে ।

উফ । হিৰোইনে এটা ডায়লগতে মোক বগৰাই দিলে । ক্ৰীম-চিকেন আগতকৈও বেছি টেষ্টি লাগিবলৈ ধৰিলে । হিৰোইনৰ ঢৌ খেলা চুলি, হৰিণীৰ দৰে নজৰ, হাঁহিলে গালত দেখা ডিম্পল, মৌ মিঠা মাত, মুঠৰ ওপৰত পুৰা ঘায়ল হৈ গলো ।
- আপুনি মিঠাই খোৱাই নাইচোন..... হিৰোইনে সুধিলে
- তোমাৰ মাতটো ইমান মিঠা, তাৰ পাছত মিঠাইৰ কি প্ৰয়োজন...... মই কলো

হিৰোইনে ভুবনমোহিনী হাঁহি এটা মাৰি প্লেটত থকা কাজু বৰফি এটা উঠালে ।
- খাওক না.... হিৰোইনে কলে

হিৰোইনৰ হাতত কাজু বৰফি, কাজু বৰফিটো মোৰ মুখৰ পৰা এফুটমান দুৰত, মই খাবলৈ মুখখন মেলিবলৈ লৈছো ।
সেই সময়তে চিটুৱেচনটো বৰবাদ দি সৰু খুড়ীয়েকে ৰুমটোত এন্ট্ৰি মাৰিলে । পলকতে ৰোমান্টিক মুডৰপৰা নৰ্মেল মুডলৈ আহি গলো ।
- চাহ খোৱা হোৱাই নাই নেকি...... কুটিল চাৱনি দি সৰু খুড়ীয়েকে সুধিলে
- মানে লাহে লাহে খাই আছো আৰু..... মই কলো
- দেখিছোৱেই কেনেকে লাহে লাহে খাই আছা

আৰু দুখন লুচি আৰু এবাতি চিকেন খালো । কাজু বৰফিটোৰ লগতে কালাকান টোও পেটত ভৰাই থলো । ৰসগোল্লা, লালমোহন আৰু মিক্সাৰ খিনি প্লেটত এৰি দিলো । চব ফিনিচ কৰি দিলে আকৌ খকুৱা বোলা বেড ইম্প্ৰেচন পৰিব ।
খোৱা বোৱা হোৱাৰ পাছত আকৌ দেউতাক, ফ্ৰেন্সকাট আৰু ডাঙৰ মামাকৰ এন্ট্ৰি হল ।

- মানে এওঁক মোৰ ভালেই লাগিছে, বহুতেই ভাল লাগিছে, যদি আপোনালোকে সন্মতি প্ৰদান কৰে বিয়া কৰাব খোজো....... মই ধীৰে সুস্থিৰে কলো

দেউতাকে অলপ সময় ফ্ৰেন্সকাটৰ ফালে চালে, ফ্ৰেন্সকাটে ইংগিতেৰে কিবা এটা কলে, ফ্ৰেন্সকাটৰ ইংগিতটোৰ পাছত দেউতাকে কলে
- আমি চুড়ান্ত সিদ্ধান্তৰ আগতে পৰিয়ালৰ মাজত আলোচনা কৰি লওঁ, সিদ্ধান্তটোৰ কাৰণে অলপ সময় লাগিব ।
পাৰ্চনেল ইন্টাৰভিউ দি ৰিজাল্টৰ অপেক্ষাত । এতিয়া শোওঁতে, বহোতে, খাওঁতে, আনকি সপোনতো হিৰোইন আহি থাকে । হিৰোইনৰ কথা কৈ কৈ দীৰুদাৰো কাণ ঘোলা কৰি দিছো ।

ৰাইজৰ আশীৰ্বাদত দেউতাকে হয় বুলি কলেই হয় আৰু ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...