Wednesday, August 2, 2017

চন্দনদাৰ ৰিটাৰ্ণ

অফিচলৈ যোৱাৰেপৰা চন্দনদা পুৰা সলনি হৈ গৈছে । এতিয়া চন্দনদা আমাৰ মৰমৰ চন্দনদা হৈ থকা নাই । চন্দনদা পুৰা বছ টাইপৰ কামোৰ চন্দনদা হৈ গৈছে । চন্দনদাৰ কামোৰৰ ত্ৰাসত শ্যামলদাও হাৰ মানি গৈছে । আজিকালি শ্যামলদা ৰেগুলাৰ টাইমত ডিউটিলৈ আহে । দীৰুদাও চন্দনদাৰ ওপৰত নাৰাজ হৈ গৈছে । চন্দনদাই দীৰুদাৰ কামৰ ওপৰতো সন্দেহ কৰিবলৈ লৈছে । চাইটত চন্দনদাই দীৰুদাৰ লগত নতুন লৰা এজন পঠিয়াইছিল। দীৰুদা বহুত আনন্দিত হৈছিল যে চন্দনদাই এক্সট্ৰা মেনপাৱাৰ এজন দিছে । কিন্ত লৰাজন আছিল চন্দনদাৰ ইনফৰমাৰ । দীৰুদাই চাইটত কি কি কৰে বা নকৰে চন্দনদাই পুৰা ইনফৰমেচন লৈ এদিন দীৰুদাৰ পুৰা চলিড ক্লাছ লৈ ললে । চন্দনদাৰ এনে এটিটিউডত দীৰুদা পুৰা ইমচনেলি হাৰ্ট হৈ গল ।

চন্দনদাই মোৰো ক্লাছ লও লও কৰি আছে । এতিয়ালৈ কিন্তু লব পৰা নাই ।

ডে শ্বিফট, ড্ৰিলিং চলি আছে । চাইট গৈ পালো । মাদ লেবাৰ এটাক টেংকৰ ওপৰলৈ পঠিয়ালো ।
- ছাৰ ভলিউম অলপ কমি আছে......... লেবাৰটোৱে চাই আহি কলে
- পানী খুলি দে যা, টেংক ভৰ্তি হলে বন্ধ কৰি দিবি, আৰু চাই থাকিবি, কিবা প্ৰব্লেম হলে মাতি দিবি...... মই কলো
বাংক হাউছৰ এচি অন কৰি প্লেন এটা বনালো । দুঘন্টা শুই লও, তাৰ পাছত লান্সৰ আগত এখন চিনেমা, লান্সৰ পাছত এখন ।

দুঘন্টাৰ টোপনি কমপ্লিট কৰাৰ পাছত লেপটপটো অন কৰি ললো । বুদ্ধা ইন এ ট্ৰেফিক জাম ষ্টাৰ্ট কৰিলো । মাওবাদী সমস্যাক লৈ কৰা চিনেমা। লেপটপত বুদ্ধা চলি আছে। অৰুনোদই সিঙে অনলাইন মাৰ্কেটিঙৰ আইডিয়াটো থ্ৰ কৰিছে ।
সেই সময়তে চন্দনদাৰ ফোন আহিল ।
- হেই বিকু, কি চলি আছে...... চন্দনদাই সুধিলে
- ড্ৰিলিং
- চব ঠিকে চলি আছে তো
- আছে
- আচ্ছা শুনা, শ্বেলত ড্ৰিলিং চলি আছে, কম্লিকেটেড আৰু ইম্পৰটেন্ট জন, প্ৰতিটো কানেচনত হাই ভিচ দিব লাগিব আৰু আচফাল্ট পিল দিব দিব লাগিব ছঘন্টাৰ মুৰে মুৰে
- হয় চন্দনদা
- আৰু এতিয়া ৱেইট-ভিচকচিটি বঢ়াব লাগিব, সন্ধিয়ালৈ মোক ৱেইট ১.৩৩ লাগিব, এতিয়া ১.২৯ আছে, প্ৰায় ১৫ টন বেৰাইট লোডিং কৰিব লাগিব, লোডিং ষ্টাৰ্ট কৰি দিয়া, আবেলিলৈ হবই লাগিব, ওপৰৰ কাঢ়া অৰ্ডাৰ...... চন্দনদাই কলে
- অকে চন্দনদা..... মই কলো

ধুৰ, দিমাগ কা দহী । কামোৰ চন্দনদা । কোন কাহানিবাই পিল-চিল বনোৱা বাদ দিছো । এইবোৰ এক্সট্ৰা হেডেক কোনে লব । আবেলি পঠিয়াবলগীয়া মেচেজটোত ৱেইটটোত এডিট কৰি ১.২৯ ৰ ঠাইত ১.৩৩ কৰি বুদ্ধাত মনোনিবেশ কৰিলো ।

এজ পাৰ প্লেন লান্সৰ পাছত ৰেংগুন ফিনিচ কৰি অলপ টোপনি মাৰো বুলি চোফাখনত আউজিবলৈ লৈছো ।
সেই সময়তে চাইততবাংক হাউছত চন্দনদাই এন্ট্ৰি মাৰিলে । বহুদিনৰ পাছত চন্দনদাৰ আনএক্সপেকটেড চাইট ভিজিট ।
- বিকু, কি চলি আছে...... চাইটত শুই থকা অৱস্থাত হাতে লোটে ধৰা পেলাই চন্দনদাই কঠোৰ মাতেৰে সুধিলে
মই থতমত খাই গলো । দিনটো চিনেমা চাই কটালো, এটা বেগো ধলা নাই । আজি চন্দনদাই মোক বজাব ।
- মানে চন্দনদা...... মই সেমেনা সেমেনিকৈ কলো
- টেংকৰ ওপৰলৈ বলা...... চন্দনদাই কলে

টেংকৰ ওপৰলৈ গলো । চন্দনদাই কেমিকেল ষ্টৰ চাই অনুমান আৰু মাদ লেবাৰ এটাক শুধি কনফাৰ্ম কৰিলে যে আজি একো কেমিকেল ধলা নাই । চন্দনদাই মোৰ ফালে চাই তীক্ষ্ণ চাৱনি এটা দিলে । মোৰ দিল কপি গল ।

চন্দনদাই মনে মনে ভাবিলে যে আজি বুঢ়াৰ হাতত চেঙেলী পৰিল । শ্যামল, দীৰুৰ পাছত এইবাৰ বিকুক বজাব লাগিব । চাইট শুবলৈ নহয় কাম কৰিবলৈ, এইবোৰৰ কাৰণেই ডিপাৰ্টমেন্টৰ বদনাম, চেলাৰী জাষ্টিফাই কৰিব লাগে আদি কেইটামান ডাইলগ চন্দনদাই মনে মনে আওঁৰাই ললে । এতিয়া পেৰামিটাৰ চেক কৰি ৱেইট কম পালেই বিকুক বজাব লাগিব । চন্দনদাই মোৰ ফালে চাই ক্ৰুৰ হাহি এটা মাৰিলে । মই ভগবানক স্মৰণ কৰিলো ।

চন্দনদাই নিজহাতে মাদ পেৰামিটাৰ চেক কৰিলে । মুঠতে তিনিবাৰ । চন্দনদাই নিজকে বিশ্বাস কৰিব নোৱাৰিলে । ৱেইট ১.৩৩ , পুৰা একুৰেট ।

চন্দনদাৰ ক্ৰুৰ চাৱনি মোলায়ম হাঁহিলৈ সলনি হল ।
- ৱেইটতো ঠিকেই আছে..... চন্দনদাই কলে
এইবাৰ মোৰ পাল । চন্দনদাৰ পজিচন অলপ উইক হৈ গৈছে ।
- চন্দনদা, আপোনাক আচলতে আৰু অলপ এক্সপেৰিয়েন্সৰ প্ৰয়োজন, মানে অভিজ্ঞতা...... মই চন্দনদাক মিহিকে এটা দি দিলো

বি. দ্ৰ.
চন্দনদাই এতিয়াও ভাৱি আছে যে, চাইটত একো নকৰাকে, দিনটো চাইটত শুই বহি চিনেমা চাই থকাৰ পাছতো মাদ ৱেইট বাঢ়িল কেনেকে ?

দীৰুদাৰ মতে এইটো সাথৰ ভাঙিবলৈ এক্সপেৰিয়েন্সৰ প্ৰয়োজন, মানে অভিজ্ঞতা।

জখলাবন্ধা

১৪ দিন ডিউটি শেষ হল । উৎপল কোঁৱৰে চাইটৰপৰা উঠাই যোৰহাটত ড্ৰপ কৰিলে । তাৰপৰা বৈকুণ্ঠ ট্ৰেভেলছৰ বাছেৰে গুৱাহাটীলৈ আহি আছো ।

বাছ আহি জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ হোটেলত ৰখাই দিলে । প্ৰচন্দ ভোক লাগি আছিল । মাংস ভাত অৰ্ডাৰ দিলো ।
ভাত খাই আছো । গোগ্ৰাসে । টেবুলখনত অকল মই ।
- মাংস জোল দিবছোন..... মই হোটেলৰ লৰা এজনক কলো

ভাত চোবাই আছো । হঠাৎ যুবতী এজনী মই বহি থকা টেবুলখনত মোৰ সমুখৰ চকীখনত বহিল । গাঢ় নীলা টি চাৰ্ট, জিনছ, মৰমলগা ধুনীয়া ছোৱালী । মই ইফালে সিফালে চালো । ওচৰৰ দুখনমান টেবুল খালী আছে ।

কিছুমান কথা লাইফত প্ৰথমবাৰৰ বাবে হয় । যোৱা সাত বছৰ ধৰি প্ৰতিমাহে দুবাৰকৈ শিৱসাগৰ-গুৱাহাটী জাৰ্নি কৰি আহিছো । এয়াই প্ৰথম, জখলাবন্ধাৰ হোটেলত কোনোবা যুৱতী মোৰ টেবুলত বহা ।

ছোৱালীজনীৰ ফালে চালো । চকুৱে চকুৱে পৰিল । ছোৱালীজনীয়ে চাহৰ কাপটোত চুমুক দি ধুনীয়া চাৱনি এটা দিলে । ময়ো ঠিক ঠাক চাৱনি এটা দিয়াৰ চেষ্টা কৰিলো ।

ছোৱালীজনীয়ে কাৰোবাক ফোন কৰিলে
- হেলো পাপা, মই জখলাবন্ধা পাইছো , যোৰহাট পাওঁতে ৪ টা মান বাজিব, মই বাইপাছত নামি দিম
ছোৱালীজনী বোধহয় গুৱাহাটীৰ পৰা যোৰহাটৰ ঘৰলৈ আহিছে । আকৌ এবাৰ ছোৱালীজনীৰ ফালে চালো । আকৌ চকুৱে চকুৱে পৰিল ।
তাৰ পাছত.........
.............
তাৰ পাছত কি হব আৰু । মই ভাত খোৱাত মনোনিবেশ কৰিলো । ভাত খালো, হোটেলৰ বাহিৰ ওলাই ডেইৰী মিল্ক এটা কিনিলো ।

এতিয়া সেই ডেইৰী মিল্কটো চোবাই চোবাই গুৱাহাটীলৈ আহি আছো ।

অন্তৰীণ

(১)

সচা কথা কবলৈ গলে বহুত বেছি এক্সপেকটেচন লৈ চিনেমা হললৈ যোৱা নাছিলো । ইউ টিউবত চিনেমাখনৰ দুটা ট্ৰেইলাৰ, গান চালো । চিনেমাখনৰ প্ৰতি মোটামোটি আইডিয়া এটা কৰি ললো । নাৰীকেন্দ্ৰীক চিনেমা হব । ৰীতা চৌধুৰীৰ কাহিনী যদি ভালেই হব লাগে ।

বতৰ ডাৱৰীয়া হৈ আছিল । তথাপিও ওলালো । পল্টনবজাৰ গল্ড চিনেমা পালোগৈ । স্কুটিখন পাৰ্ক কৰি টিকেট কাউন্টাৰত থিয় দিলো । মোৰ আগত ছোৱালী এজনী আছিল । ছোৱালীজনীয়ে ঘুৰি দিলে । কলেজৰ জুনিয়ৰ ।
- দাদা ভালনে..... জুনিয়ৰজনীয়ে সুধিলে
- ভালেই, মানে অসমীয়া চিনেমাখন চাবলৈ আহিলো, অন্তৰীণ....... মই কলো
- আমিও সেইখনে চাব আহিছো.... জুনিয়ৰজনীয়ে কলে

টিকট কাটিলো । আনখন স্ক্ৰীণত বাহুবলী চলি আছিল । প্ৰথমতে বাহুবলীৰ মানুহক সোমাবলৈ দিলে । ১০:৫০ ত আমাক সোমাবলৈ দিলে । মানুহ মুঠতে সাতজন । ১০:৫৫ লৈ মানুহ ১২ জন । ১১ বজাত চিনেমা আৰম্ভ হও হও, হঠাত ধেৰ মানুহ সোমাল আৰু চিনেমাহলৰ দুই তৃতীয়াংশতকৈও বেছি আসন ভৰ্তি হৈ পৰিল ।

পৰ্দাত অন্তৰীণ আৰম্ভ হল । এখন মানসিক চিকিত্সালয়ৰ কৰিডৰ । কেইটামান ভিন ভিন সময়ৰ শ্বট । ডাক্টৰ সমীৰণ, তৰালি, কেকটাছ । অৰুণ নাথৰ অভিনয় । কাহিনীয়ে গতি ললে ।
- ভাইটি ভন্টিক কনভেন্ট স্কুলত কিন্ত মোক চৰকাৰী স্কুললৈ পঠোৱা হৈছিল...... তৰালিৰ সংলাপ

কাহিনীটোৰ আইডিয়া এটা কৰি ললো । আকাশৰ ৰূপত হিমাংশু দাসৰ এন্ত্ৰিয়ে কিবা এটা ভাল লগাই দিলে । তাৰ পাছত এটা ধুনীয়া গান, চিনেমাত ইন্টাৰেষ্ট আহি গৈছে ।

ইন্টাৰভেল হল, অকনো ব'ৰ নহলো । চিনেমাখন মোটামোটি ভাল লাগি আছে ।

ইন্টাৰভেল পাছত আকৌ তৰালিৰ ট্ৰেজেডী । আচল মাকক বিচাৰি তৰালি, আকাশৰ মৃত্যু, ভনীয়েকৰ মৃত্যু, বাপেকৰ অত্যাচাৰ, গিৰিয়েকৰ অত্যাচাৰ, মুঠৰ ওপৰত এটাৰ ওপৰত এটা বেদনাদায়ক দৃশ্য । তৰালিৰ ৰূপত উৰ্মিলা মহন্তৰ অভিনয় । দুচকু সেমেকি গৈছে ।

মনে মনে ভাৱিছো চিনেমাখনত মাজতে অন্তৰ্ধান হোৱা আকাশ আকৌ ওলাব, তৰালীক মুক্ত কৰিব এই বন্দীশালৰপৰা । ইমান দুখৰ পাছত এটা পজিটিভ এন্ডিং লাগে ।

অৰুণ নাথক তৰালিয়ে কয় নিজৰ প্ৰকৃত জীৱনগাথা। আত্মদংশনত অৰুণ নাথ । ডক্টৰ সমীৰণে অৰুণ নাথক লৈ যায় পগলা ফাটেকৰ তৰালীৰ কোঠালৈ ।
- কেনে আছা তুমি....... অৰুণ নাথৰ প্ৰশ্ন
- আপুনি কেনে দেখিছে...... লোহাৰ গ্ৰীলৰ সিপাৰে তৰালিৰ স্মীত হাঁহিৰে বিষণ্ণ চেহেৰা

পুচবেক চিটত আউজি হলৰ ভিতৰত মই ভাৱো, তৰালীৰ ট্ৰেজেডী কেতিয়া শেষ হব, আকাশ কেতিয়া আহিব ।
শেষ দৃশ্যত এটা দুবিধাৰ মাজত তলমুৰ কৰি বহি ৰয় মেন্টেল হস্পিটেলৰ মেইন ডাক্টৰৰ ৰূপত অৰুণ নাথ ।
মই গমেই নাপালো কেনেকৈ হলটোত পাৰহৈ গল ইন্টাৰভেলৰ পাছৰ ডেৰ ঘন্টা ।

মননশীল ।
ট্ৰেজিক।
অন্তৰীণ ।

অলপ ড্ৰবেক আছে যদিও কাহিনী ভাল, অভিনয় ভাল, ছিৰিয়াছ চিনেমা যদিও অকনো বৰিং নাপালো । অনাহক নাচ-গান নাই । দুটা গান আছে যি কাহিনীৰ লগত খাপ খাই পৰিছে । যিটো ভাৱি গৈছিলো তাতকৈ ভাল লাগিল ।
প্ৰায় সন্ধ্যাৰাগ, কোলাহল ৰ দৰে ।

কেবল এটাই দুখ থাকিল, ছিউডনিগেটিভ এন্ডিং । মেইন ভিলেইন দীনদয়াল, তৰালিৰ গিৰিয়েকৰ একো হানি বিঘিনি নহল ।
বাস্তৱত ভিলেইনবোৰ বাচি যায়, কিন্ত চিনেমাত ভিলেইন মৰিলে ভাল লাগে ।
পল্টনবজাৰৰ পৰা স্কুটিৰে লখৰা আহি আছো। অন্তৰীণৰ ফ্লেচবেক চলি আছে । তৰালিয়ে যুঁজিব লাগিছিল । জিকিব লাগিছিল । মন গধুৰ হৈ আছে ।

(২)

পল্টনবজাৰ গল্ডত অন্তৰীণ চাই ঘৰলৈ ৰিটাৰ্ণ আহি আছো । মোৰ স্কুটি ৰাষ্টাৰে আগবাঢ়িছে । মনত অন্তৰীণৰ ফ্লেছবেক চলি আছে । তৰালিয়ে যুজিব লাগিছিল । জিকিব লাগিছিল । মনটো গধুৰ হৈ আছে ।

হল এৰাৰ পাছতো যে অন্তৰীণৰ কথা ভাৱি আছো সেইটো চিনেমাখনৰ পৰিচালকৰ কৃতিত্ব । তৰালি অৰ্থাৎ উৰ্মিলা মহন্তৰ চেহেৰা চকুত ভাহি আছে । মেন্টেল হস্পিটেলৰ কুঠুৰীত আৱদ্ধ গ্ৰীলৰ সিপাৰে থকা স্মীত হাঁহিৰে তৰালিৰ বেদনাসিক্ত মুখখনি ।
তীব্ৰ খং উঠি আছে তৰালিৰ বাপেক লম্পট দীনদয়াল আৰু গিৰিয়েক মৃগেনৰ প্ৰতি । বেয়া লাগিছে যে চিনেমাখনত সিহতৰ একো হানি বিঘিনি নহল ।

মোৰ চাৰিওফালে বাস্তৱত কিমান দীনদয়াল, কিমান মৃগেন ঘুৰি আছে বুকু ফিন্দাই, একো হোৱা নাই সেই মুখাপিন্ধা ভব্য গব্য ভদ্ৰলোক সকলৰ । এনেকুৱা লাগিছে যে বন্দুক এটাৰে এফালৰপৰা নিশেষ কৰি যাম সিহতক । মুঠৰ ওপৰত খং এটা উঠি আছে ।

ঘৰ পালোহি । ভাইটিৰ লগত কিবা এটা সামান্য কথাৰ কটাকটি হল । দীনদয়াল-মৃগেনৰ ওপৰত উঠি থকা খংটো ভাইটিৰ ওপৰতে জাৰি দিলো । বেয়াকৈ জাৰিলো । জাৰণ খাই ভাইটিৰ চকুপানী ওলাবলৈ বাকী । বেচেৰাই বুজি নাপালে যে সাধাৰণ কথাতে আজি ইমান অভাৰ ৰিয়েক্সন কিয় হল ।

জাৰণ দি মনটো অলপ শান্ত হল ।

- আজি যে চিনেমা চাব গৈছিলি, কেনেকুৱা লাগিল..... মায়ে সুধিলে

উৎসাহেৰে কিবা এটা কব খুজি মই ৰৈ গলো । এবাৰ জোন জ্বলে কপালত চাব গৈ বৰষাৰাণী বিষয়াক জ্বলাই দিয়া চিনটো চাই মাই যি দুখ পালে দুদিনলৈ লঘোণে আছিল ।

ধৰ্ম সংকট ।

সন্ধিৰ বাঁহ যেনেতেনে আতৰাই পকেটৰপৰা মবাইলটো উলিয়ালো । ধেত তেৰি ২০ টা মিছকল । চিনেমা হলত সোমাওঁতে চাইলেণ্ট কৰিছিলো মবাইলটো, পাহৰিয়ে গৈছিলো ।

চিনেমাখন চোৱাৰ পাছতো বহু সময়লৈ ভবাই ৰাখিব পৰাটো চিনেমাখনৰ টীমটোৰ সফলতা । এইক্ষেত্ৰত অন্তৰীণ সফল ।
কিন্ত
তৰালি জিকিব লাগিছিল ।
তেতিয়া হয়তো ভাইটিয়ে জাৰণ নাখালেহেতেন ।

বিফল ইন্টাৰভিউটো

২০০৭ চন । ডিগ্ৰী থাৰ্ড ইয়াৰৰ পৰীক্ষা শেষ হৈছে । ৰিজাল্ট দিবলৈ তিনিমাহমান লাগিব । ফিজিকেল কেমেষ্ট্ৰী পেপাৰখন বেয়া হৈছে । পাছ কৰিম যদিও ইউনিভাৰ্চিটিত ছিট পাম নে নাই সন্দেহ আছে ।

সেই সময়তে খবৰ পালো যে কেম্পাছ প্লেচমেন্টৰ বাবে HSBC আহিব । BPO ৰ চাকৰি ।
কটন কলেজ পালোগৈ । কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত ইন্টাৰভিউবোৰ হব । প্ৰথমেই গৈ চাই ললো যে অৰ্চনা গোস্বামী মেডাম আছে নে নাই । মেডামে গম পালে খুব গালি দিব । ভাগ্যে সিদিনা মেডাম নাই ।

প্ৰথমতে আমাক গেলাৰীত বহিব দিলে । HSBC ৰ এজনে প্ৰথমে কৰ্পৰেট ষ্টাইলত ইন্ট্ৰো এটা দিলে । চাকৰিটোৰ দৰমহা ৮ হাজাৰ টকা । কল চেন্টাৰত শ্বিফটত কাম কৰিব লাগিব ।
৮ হাজাৰ টকা মোৰ বাবে তেতিয়া বহুত টকা । মনে মনে ভাবিলো চাকৰিটো পাই গলে লাইফ উদ্ধাৰ হৈ যাব ।
প্ৰথমতে জিকে, ৰিজনিং, ডায়েগ্ৰাম আৰু মেথেমেটিকেল নিউমাৰিকেলৰ লিখিত পৰীক্ষা এটা হল । সেইবোৰত ভালেই আছিলো । পাছ কৰিলো ।

তাৰ পাছত আকৌ গেলাৰীত বহাই কোম্পানীটোৰ বিষয়ে লেকচাৰ এটা শুনালে । মন দি শুনিলো । তাৰ পাছত ৰুম এটালৈ মোক আৰু আন এজনক মাতিলে ।
ৰুমটোত মহিলা এগৰাকী আছিল । মোৰ লগত মতাজন জিয়লজি ডিপাৰ্টমেন্টৰ। আমাক চকী দুখনত বহিবলৈ দিলে ।
- নাও য়ু ডিচকাচ অন এ টপিক অৱ ইয়ৰ চইচ...... মহিলাজনীয়ে কলে

মানে গ্ৰুপ ডিচকাচন । ইংৰাজীত কথা পাতিব লাগে । মই জিয়লজিৰ লৰাজনৰ ফালে চালো । কোনেও একো কোৱা নাই । মানুহজনীয়ে আমাৰ ফালে চাই আছে ।
- হোৱাট ইজ ইয়ৰ নেম..... জিয়লজিয়ে সুধিলে
- মাই নেম ইজ...... মই নামটো কলো

তাৰ পাছত অলপ সময় নীৰৱতা।
- হোৱাট আৰ য়ু ডুইং...... এইবাৰ মই সুধিলো
- আই এম ডুইং জিয়লজি....... জিয়লজিয়ে কলে

তাৰ পাছত অলপ সময় নীৰৱতা।
- টুডে স্কাই ইজ ব্লু........ জিয়লজিয়ে কলে
- য়েছ য়েছ...... মই কলো
- য়েছটাৰডে স্কাই ৱাৰ নট ব্লু.... জিয়লজিয়ে কলে
- য়েছ য়েছ, ব্লু.... মই সন্মতি দিলো

তাৰ পাছত আকৌ নীৰৱতা।
মহিলাগৰাকীয়ে বিৰক্তিৰে আমাৰ ফালে চাই আছে ।

ৰুমটোৰপৰা বিষন্নমনে দুয়োটা বাহিৰ ওলালো । কিছুসময় পাছত ফলাফল দিলে । দুয়োটা ৰিজেক্ট হলো ।
দুইটা ৰিজেক্টেড পিচ দুখমনেৰে কফি হাউছৰ মুখেৰে কাছাৰী বাছষ্টপলৈ আহি আছো
- স্কুল কৰ আছিল...... জিয়লজিয়ে সুধিলে
- কলেজিয়েট...... মই কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ পাছফালৰ স্কুলখন দেখুৱালো
- মোৰ বেংগলী হাইস্কুল..... জিয়লজিয়ে ক্ষীণ হাহিঁ এটা মাৰি কলে ।

জিয়লজিয়ে জিয়লজি জানে, মই অলপ অচৰপ কেমেষ্ট্ৰী । ইংৰাজী ভালকৈ লিখিব পাৰো, বুজিও পাওঁ, কোৱাত সমস্যা।
ইংৰাজীত কেতিয়াও ফ্লুৱেন্সি নাহিল । লিখিব পাৰো, সলসলীয়াকৈ কব পৰা কেতিয়াও নহলো ।

সেই জিয়লজিৰ লৰাজন এতিয়া জিয়লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ জিয়লজিষ্ট ।

ডেষ্টিনী

২০০৪ চন । কটনৰপৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠিছো । ৭৩.৪ পাৰচেন্ট । মেডিকেল এন্ট্ৰেন্স দিছিলো । পাচ নম্বৰৰ কাৰণে নাপালো । এতিয়া কি কৰিম একো আইডিয়া নাই ।

মানুহে কয় জেনেৰেল পঢ়ি লাভ নাই । লাইন পঢ়িব লাগে । কিন্ত কি লাইন কেনেকৈ কত এইবোৰ গাইড দিয়া মানুহৰ অভাৱ ।
বি বৰুৱা আৰু কটনৰ পৰা ফৰ্ম আনিলো । বি বৰুৱাত প্ৰথমে এডমিচন ললো । এজনে কলে বি বৰুৱাত কেমেষ্ট্ৰী ভাল । কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত এপ্লাই কৰিলো । পালো । কেইদিনমান বি বৰুৱাত ক্লাছো কৰিলো ।

এসপ্তাহ পাছত কটনত নামভৰ্তিৰ দিন । প্ৰথম পৃফাৰেন্স ফিজিক্স, ছেকেণ্ড কেমেষ্ট্ৰী, থাৰ্ড মেথছ ।
প্ৰথমতে ফিজিক্সৰ এডমিচন হল । নম্বৰ কম হোৱাৰ বাবে নাপালো । তাৰ পাছত কেমেষ্ট্ৰী এডমিচন । ৫০ টা ছিট, ২৫ টা জেনেৰেলৰ বাবে ।

এডমিচন চলি আছে । ৰোল নং ৬০ ৰ পৰা আৰম্ভ। প্ৰথম নামটো জীৱন শইকীয়া, তাৰ পাছত ছাজাদুৰ হুছেইন, অলকেশ চন্দা । নাম মাতিলে যেতিয়া কোনো এডমিচন লবলৈ নাযায় তেতিয়া মনটো ভাল লাগে । কেইবাজনেও এডমিচন লোৱা নাই । ছিট পোৱাৰ আশাটো সজীৱ হৈ আছে ।

ছামিয়াৰা বেগমৰ পাছত লৰা এটাৰ নাম মাতিলে । দুয়োটা এডমিচনৰ বাবে গল । তাৰ পাছত বহুত সময় এনাউন্সমেণ্ট নাই ।
মনটো বেয়া লাগিবলৈ ধৰিলে । ফিজিক্সৰ পাছত কেমেষ্ট্ৰী ও গল । এতিয়া মেথছ বাকী আছে । কটনৰ মোহ ত্যাগ কৰিব লগীয়াও হব পাৰে । লুইতৰ পাৰৰ চিৰযৌবনা মৰমৰ কটন কলেজ ।

আশা । কটনত পঢ়াৰ আশা । কটনিয়ান হৈ থকাৰ আশা প্ৰায় নিৰ্বাপিত হোৱাৰ পথত ।
হঠাৎ এডমিচন ডায়াছৰ পৰা এনাউন্সমেণ্ট আহিল ।

- জেনেৰেল কেটেগৰীত এটা ছিট আছে, ক্ৰেডিট পইন্ট ৩৮৪ , ভাৰ্গৱ হাজৰিকা
আশা চুৰমাৰ হওঁ হওঁ । ইফালে সিফালে চালো । কোনো উঠি যোৱা নাই । বুকু ধান বানিবলৈ ধৰিলে ।
- ভাৰ্গৱ হাজৰিকা, নাই, নেক্সট ক্ৰেডিট পইন্ট ৩৮৩, বিকাশ শইকীয়া.......... ডাইছৰপৰা ঘোষণা শুণা গল ।

সেইজন ময়ে আছিলো ।
য়হী চায়দ ডেষ্টিনী থা ।

ষ্টপেজ

খানাপাৰা ষ্টপেজত ৰৈ আছো । আকাশৰপৰা এটোপ দুটোপকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে । ষ্টপেজত মই অকলে আছো । আজি বাছবোৰো বহুত কম । প্ৰধানমন্ত্ৰী আহিব বাবে ৰিকুইজিচন চলিছে ।

কিছুদেৰিৰ পাছত এগৰাকী মহিলা আৰু এজনী যুৱতী ষ্টপেজৰ শ্বেডত সোমাল । বোধহয় মাক-জীয়েক হব ।
- ইয়াত ২১ নম্বৰ বাছ পাম নেকি....... যুৱতীগৰাকীয়ে সুধিলে
- হয় পাব... মই কলো
- কিমান সময় লাগিব
- এক্সুৱেলি আজি বাছ ট্ৰেকাৰ কম, তাতে বৰষুণো দি আছে, সময় লাগিব..... মই কলো

মাক জীয়েকে নিজৰ মাজতে কথা পতাত লাগিল ।
- আপোনালোক যাব কলৈ.... মই সুধিলো
- এক্সুৱেলি আমি যোৰহাটৰ পৰা আহিছো, ইউনিভাৰ্চিটিলৈ যাম, জালুকবাৰী.... যুৱতীগৰাকীয়ে কলে
- ২১ নং বাছ তো জালুকবাৰী নাযায়
- হয় জানো
- তেন্তে
- ২১ নং ৰে পানবজাৰ, তাৰ পাছত ৬ নং ৰে জালুকবাৰী
- আচ্ছা...... মই কলো

মাক জীয়েকে আকৌ কথা পতাত লাগিল ।
- এইফালে ট্ৰেকাৰ চলে, হাইৱে হৈ, ডাইৰেক্ট জালুকবাৰী, সহজতে আৰু সোনকালে গৈ পাব, ময়ো আচলতে জালুকবাৰীয়ে যাম....... মই কলো

মাকে মোৰ ফালে ঘোপাকৈ চালে । বিৰক্তিৰ চাৱনি । ছোৱালীজনীয়ে অৱশ্যে বিৰক্তিৰ চাৱনি দিয়া নাই।
- মানে ৰিকুইজিচন চলিছে তো, গাড়ী বহুত কম, পানবজাৰৰ পৰা কানেকটিং গাড়ী পোৱাত প্ৰব্লেম হব পাৰে, তাতে আজি বতৰটোও বেয়া, আপোনালোকৰ সুবিধা হব........ মই বিৰক্তিৰ চাৱনিৰ এগেইনষ্টত ক্লিয়াৰিফিকেচন দিয়াৰ চেষ্টা কৰিলো ।

মাকৰ মুখত বিৰক্তি লাগি থাকিল । ছোৱালীজনীয়ে মিচিকিয়া হাঁহি এটা মাৰিলে ।
মই দুখোজ পিছুৱাই ৰেলিঙত আউজি দিলো । মাক জীয়েকে নিজৰ মাজতে কিবা কথা পাতিলে । এপলেকত ছোৱালীজনীয়ে মোৰফালে ঘুৰি চালে । চেহেৰাত হাহি এটা ।
ময়ো পাতলকৈ হাহি এটা মাৰিলো ।
তাৰ পাছত কিছু সময় গল । অগাপিছাকৈ ২১ নং বাছ এখন আৰু জালুকবাৰী লিখা থকা ট্ৰেকাৰ এখন ষ্টপেজটোত ৰল ।
মই মাক-জীয়েকৰ ফালে লক্ষ্য কৰিলো । ইনিচিয়েল মুভমেন্টৰ পৰা বাছ নে ট্ৰেকাৰৰ ফালে যাব ধৰিব পৰা নাই ।
ময়ো অলপ কনফিউজনত আছো,
বাছ ধৰো নে ট্ৰেকাৰ ।

(৪)

বাছ নে ট্ৰেকাৰ ।
এইটোৱেই মুল প্ৰশ্নটো আছিল ।
মাক-জীয়েকে বাছখনৰ ফালে অগ্ৰসৰ হল।
মই দুখোজ আগুৱাই গলো ।
- এক্সুৱেলি ট্ৰেকাৰত গলে আপোনালোক সোনকালে জালুকবাৰী পাব, হাইৱেৰ ফ্ৰী ৰাস্তা, সহজ, সুবিধাজনক....... মই কলো

ছোৱালীজনীয়ে হয়তো ঘুৰি চাব খুজিছিল । কিন্ত মাকৰ চুড়ান্ত বিৰক্তিকৰ চাৱনিয়ে কৈ দিলে যে তেওঁলোকে বাছতেই যাব ।
ওচৰৰ ট্ৰেকাৰখনৰপৰা বিগ এফ. এম ত গান এটা ভাহি আহিল

তুমচা আগৰ কোই মিলে ৰেহগুজৰ
তো দুনিয়াচে কৌন ডৰে
চাৰ কদম........
মই চাৰিখোজ পিছুৱাই ষ্টপেজটোৰ ৰেলিঙত ভেজা দিলো ।

ফোনটো বাজিলে, চন্দনদাৰ ফোন
- কত আছা
- ষ্টপেজ এটাত আছো.... মই কলো
- বাছৰ ৱেইট কৰি আছা নেকি
- তেনেকুৱাই ঠিক
- ধুৰ, গাড়ীখন কি হল তোমাৰ...... চন্দনদাই সুধিলে
- আছে
- মই জালুকবাৰী পালোহিয়েই
- অকে, গৈ আছো..... মই কলো

মোৰ বাবে মই জীৱনৰ এনেকুৱা এটা ষ্টপেজত ৰৈ আছো যত জীৱনৰ প্ৰায়ভাগ অনুভুতি মই পাইছো, পৰিয়াল, আত্মীয়, বন্ধুত্ব, বিশ্বাস, অভিমান, জেদ, প্ৰায় সকলো । মোৰ আজি কোনো উচ্চাকাংক্ষা বা অলীক সপোন নাই ।
কেবল পোৱা নাই যদি কাৰোবাৰ সচা ভালপোৱা, যিহেৰে মই বাকীছোৱা জীৱন প্ৰেম-মৰমৰ মাজেৰে পাৰ কৰিব পাৰো ।

তাৰ বাহিৰে জীৱনৰ প্ৰতি মোৰ বেলেগ এক্সপেকটেচন নাই ।
এই ক্ষেত্ৰত মোৰ কোনো জয়-পৰাজয়, লাভ-লোকচানৰ অংক নাই । কোনো বেক আপ প্লেন নাই । জাষ্ট মই ৰৈ দিও কেতিয়াবা কোনোবা ষ্টপেজত । অপেক্ষা কৰো বাছলৈ ।

যেতিয়ালৈ জীৱনৰ ষ্টপেজত সেই বিশেষ বাছখন নাহে, মই অপেক্ষা কৰিম ।
যিদিনাখন আহে, সিদিনাখন উঠি দিম ।
বাচ সিমানেই ।

মই পকেটৰপৰা চাবিটো উলিয়াই মোৰ গাড়ীখনৰ ওচৰলৈ গলো । অল্টো, ২০১১ মডেল, পুৰণা যদিও বঢ়িয়া চলি আছে । ক্লাটছ দবাই গিয়েৰ শ্বিফট কৰি এক্সেলেটেৰত ভৰি দিলো ।

হাইৱেৰ ফ্ৰী ৰাস্তা ।
পাছত ৰৈ গল এটা ষ্টপেজ ।

কটন কলেজ

কটন কলেজ
(মাথো এটি নাম নাছিল)

হয়তো এটি আবেগ বিলুপ্ত হল । ৰাজনীতিৰ পাকচক্ৰত কেনেকৈ এটা ঐতিহ্য বিলুপ্ত হয় তাৰ উৎকৃষ্ট উদাহৰণ কটন কলেজ । মোৰদৰে কটনিয়ান কোনেও কাহানিও বিচৰা নাছিল যে কটন কলেজৰ নাম সলনি হওঁক ।
এজন ৰাজনীতিকৰ অহামিকাই অসমৰ এটা ঐতিহ্যক থানবান কৰি পেলালে ।

কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় বিল । এই বিলখন পঢ়ি যিকোনো লেমেনে বুজি উঠিছিল যে এইখন কেইটামান উৰ্বৰ মস্তিষ্কৰ চুড়ান্ত নিকৃষ্ট ফচল । আন্তগাঠনিবিহীন এখন বিশ্ববিদ্যালয়, নিজৰ বুলিবলৈ একো নাই, ভিতৰত কলেজ এখন । চৰকাৰী প্ৰিন্সিপাল, ইফালে ভিচি । খিচিৰি, সনাপিটিকা আৰু এখন নিকৃষ্ট ব্যঞ্জন । দায়িত্বশীল শিক্ষাগুৰুসকলৰ বাবে চুড়ান্ত হতাশা । অৰাজক ।

কাৰ্যত বিফল । আৰু অৱশেষত বিলুপ্তি ।

নতুন বিশ্ববিদ্যালয়ে অতবছৰে ৱেবচাইট টোৱে ভালকৈ বনাব নোৱাৰিলে । অথচ বেলেগকৈ গঠিত কৰা হল ষ্টুডেণ্ট ইউনিয়ন, দুটাকৈ ফ্ৰেচাৰ্চ । কিবা দৰকাৰ আছিল নেকি । একো দৰকাৰ নাছিল ।

ক্ষোভ আছে, আমাৰ দৰে কটনিয়ানৰ ক্ষোভ আছে ।
নীৰদা দেৱী বাইদেউ প্ৰিন্সিপাল হোৱালৈকে ঠিকেই আছিল । বাইদেৱে কটনক আগুৱাই নিব পাৰিলেহেতেন, ভাৰতৰ আন আগশাৰীৰ কলেজ সকলক সকলো ক্ষেত্ৰতে টক্কৰ দিব পাৰিলেহেঁতেন ।

কিন্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাজে কনচেপ্টটোৱে বৰবাদি দি দিলে ।

কটন বিশ্ববিদ্যালয়ৰ কনচেপ্টটোত কি আছে গম পোৱা নাই কিন্ত এটা কথা কম যে কটনক স্বাধীনতা দিব লাগে । চিন্তা কৰাৰ স্বাধীনতা, আগুৱাই যোৱাৰ স্বাধীনতা, উৎকৰ্ষ সাধনৰ স্বাধীনতা । ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত গঢ় লোৱাৰ স্বাধীনতা ।

হাজাৰবাৰ নাম সলনি হলেওঁ কটন কলেজ সদায়েই আমাৰ বাবে আমাৰ চেনেহৰ কটন কলেজ হৈ থাকিব ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...