Wednesday, August 2, 2017

চন্দনদা VS শ্যামলদা

- চন্দনদা আগৰ চন্দনদা হৈ থকা নাই...... মই কলো
- সচাকৈয়ে চন্দনদা সলনি হল
- অফিচত গৈ মানুহবোৰ সলনি হৈ যায় দেই
- চন্দনদাৰপৰা এইটো আশা কৰা নাছিলো

মানে চন্দনদাৰ প্ৰমোচন হল । এতিয়া চন্দনদা আমাৰ বছ । চন্দনদা এতিয়া চাইটত ডিউটি কৰিব নালাগে । চন্দনদা এতিয়া অফিচত।
প্ৰথমতে আমি আনন্দিত হোৱাৰ লগতে অলপ দুখো লাগিছিল । দুখ এইকাৰনে লাগিছিল যে চন্দনদা গুচি গলে ডি. এছ. এ গেলেকী একেবাৰে নিৰস হৈ পৰিব । এতিয়া চেচ-ক্ৰিকেট-বেডমিন্টন-টিটি খেলি টাইম পাছ কাৰ লগত কৰিম। আমাৰ আদ্দাবোৰ চন্দনদা নহলে জমিব কেনেকৈ । অৱশ্যে আমাৰ ভালো লাগিছিল যে চন্দনদা আমাৰ বছ হলে আমি আমাৰ ইচ্ছামতে চলিব পাৰিম ।

কিন্ত আমাৰ ইচ্ছা নচলিল । অফিচৰ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ আৰামী চকীত বহাৰ লগে লগে চন্দনদা সলনি হৈছে ।
দীৰুদাই ছুটী বিচাৰিছিল। চন্দনদা ডাইৰেক্ট মানা কৰি দিলে । শ্যামলদাই ডিউটিলৈ অলপ দেৰিকৈ গৈছিল। চন্দনদাই বেয়াকৈ দম দিলে । আনকি মই অফিচলৈ যাওঁতে চন্দনদাই ইমান ব্যস্ততা দেখুৱালে যে চাহ একাপ খাই যোৱা বুলি কবলৈও চন্দনদাৰ সময় নহল । মুঠৰ ওপৰত চন্দনদা এতিয়া আমাৰ চন্দনদা হৈ থকা নাই ।

- চন্দনদাক হাতৰ মুঠিত আনিব লাগিব........ শ্যামলদাই প্লেন এটা বনালে

চন্দনদাক আমি চাইটৰ ডেইলী ৰিপৰ্ট দিব লাগে । চন্দনদাই সেই ৰিপৰ্ট ওপৰলৈ দিয়ে । মানে আমাৰ চাইটৰ কামেই চন্দনদাৰ অফিচৰ পাৰফৰমেন্স।
পাছদিনা প্লেনমতে কাম হল। আমি ডেইলী ৰিপৰ্ট নিদিলো । দীৰুদাৰ ফোন অফ, মই নট ৰিচেবল আৰু শ্যামলদাৰ ফোন চাইলেন্ট মডত ।

ডেইলী ৰিপৰ্ট নাপাই চন্দনদাই কৰা ২০ টা ফোন মিচকল ৰূপে শ্যামলদাৰ স্মাৰ্টফোনত জমা হলহি ।
- চন্দনদাৰ পুৰা বাজি গৈছে, ২০ টা মিচকল........ শ্যামলদাই মবাইলটো ডাইনিং টেবুলত থৈ কলে
- চন্দনদাক ইমান টেনচন নিদিওনেকি, আমাৰেই চন্দনদা দিয়াচোন........... দীৰুদাই কলে

সেই সময়তে আকৌ চন্দনদাৰ ফোন আহিল । শ্যামলদাই এইবাৰ ৰিচিভ কৰিলে ।
- এই চামল, কি হল, ইমান ফোন কৰি আছো, ডেইলী ৰিপৰ্ট দিয়া নাই যে, আৰু এই বিকু - দীৰু দুটাৰ কি হল, এনেকে নচলিব দেই......... চন্দনদাই দম দিয়াৰ নিচিনাকৈ কবলৈ ধৰিলে ।

শ্যামলদাৰ টেমা গৰম হৈ গল ।
- চাওক চন্দনদা, মই টাইমত ডেইলী ৰিপৰ্টৰ মেছেজ পঠাইছো, যদি আপুনি পোৱা নাই মই কি কৰিম, মোক কৈ কি লাভ, আপুনি বি. এছ. এনে. এলত কমপ্লেইন দিয়কগৈ, আৰু বিকু - দীৰুৰ কথা মই কি জানো, মই কি ঠিকা লৈ আছো নেকি, আৰু এটা কথা, মই ইম্পৰটেন্ট কাম এটাত বিজি আছো, ডিষ্টাৰ্ব নকৰিব এতিয়া অনুগ্ৰহ কৰি................. শ্যামলদাই ফোনটো কাটি দিলে

- দি দিলো চন্দনদাক পুৰা......... শ্যামলদাই হাহি এটা মাৰি কলে

ভৱামতেই চন্দনদা পাছদিনাই ডি. এছ. এ পালেহি ।
- এই বিকু-দীৰু-শ্যামল, কি খবৰ, বহুদিন পাৰ্টি-চাৰ্টি হোৱা নাই, আৰু আমাৰ খঞ্জু বাবা কত......... চন্দনদাই উত্সাহেৰে কলে

চন্দনদাই শ্যামলদাৰ লগত বেডমিন্টন, মোৰ লগত টিটি আৰু দীৰুদাৰ লগত দুগেম চেচ খেলিলে । সন্ধিয়া খঞ্জন ডিউটিৰ পৰা আহি পোৱাৰ পাছত আগৰ দৰেই আদ্দা জমিল, পাৰ্টি হল ।

পাছদিনা ৰাতিপুৱা ।
বাংক হাউচটোৰ এখন বিচনাত চন্দনদা, আনখনত শ্যামলদা পৰি আছে । চন্দনদালৈ ফোন এটা আহিল। ৰাজুৰ ফোন ।
- হেলো চন্দনদা, ডিউটিত আছো, ৰিলিভাৰ অহা নাই
- অহা নাই, কোন হয়....... চন্দনদাই সুধিলে
- মানে শ্যামলদা হয়

চন্দনদাই কাষৰ বিচনাখনলৈ চালে । নাক বজাই শ্যামলদা গভীৰ নিদ্ৰাত । অসমৰ্থতাৰ দুখ-শোক-বেদনা আৰু হতাশাই চন্দনদাক ভাৰাক্ৰান্ত কৰি তুলিলে ।
চন্দনদাই ভাবিলে.......... মানুহজনীয়ে ঠিকেই কৈছিল, অফিচতকৈ চাইটতে বহুত শান্তি আছে । এই বিকু-দীৰু হাতৰ মুঠিত আহি যাব, কিন্ত এই শ্যামলটো, শ্যামলটোক চিধা কৰিব পৰা নাযাব ।

এৰেঞ্জ মেৰেজ-৬- (ৰাজযোটক)

মই অলপ নাৰ্ভাচ হৈ আছো। লগতে অলপ টেনচনত । আগতে এনেকুৱা চিটুৱেচন ফেচ কৰা নাই। সেয়ে টেনচন অলপ বেছিয়েই হৈছে ।
চন্দনদাক ফোন কৰি লাভ নাই । চাইট এৰি অফিচত বহাৰপৰা চন্দনদা সচাকৈয়ে সলনি হৈছে। খঞ্জনৰো এইটো পৰিস্থিতিৰ অভিজ্ঞতা নাই । দীৰুদাক ফোন লগালো ।

দীৰুদাই তেতিয়া গাম্পুৰ ডায়েপাৰ চেঞ্জ কৰি আছিল । গাম্পুৰ মানে পাচমহীয়া গোলু-পোলু জুনিয়ৰ দীৰুদা ।
ব্যস্ততাৰ মাজতো দীৰুদাই ফোন ৰিচিভ কৰিলে ।
- দীৰুদা, মানে অলপ টেনচনত আছো....... মই কলো
- কি হল....... দীৰুদাই সুধিলে
- মানে আজি ছোৱালীঘৰৰ মানুহ আহিব
- ধুৰ, এইবোৰ নৰ্মেল কেচ, কুল হ কুল

দীৰুদাই নিজৰ অভিজ্ঞতাৰপৰা টিপচ দিলে । সম্ভাব্য প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰ কলে । গেষ্টাৰ, পষ্টউৰ, বডি লেংগুৱেজৰ আইডিয়া দিলে ।
দীৰুদাৰ টিপচ পাই অলপ কন্ফিডেন্স বাঢ়িল । ইন্টাৰভিউৰ কাৰনে আধাঘন্টা প্ৰিপেয়াৰ কৰিলো ।

যথা সময়ত ছোৱালীঘৰৰ মানুহ আহিল । দেউতাক, খুড়াক, খুড়ীয়েক, মোমায়েক, মামীয়েক আৰু ছোৱালী ।
ছোৱালীৰ নাম বিদিশা । মা-দেউতাৰ পচন্দ। এতিয়া ছোৱালীঘৰৰ পৰা অকে হলেই হল । অকে হবলৈ আজিৰ ইন্টাৰভিউত মই ভাল পাৰফৰমেন্স দিব লাগিব ।

প্ৰাৰম্ভিক কথা বতৰা হল । খুড়াক-মামীয়েকৰ প্ৰশ্নকেইটা ভালদৰে টেকল কৰি পজিটিভ নম্বৰ কেইটামান গোটালো ।
- লৰা-ছোৱালীক অলপ কথা পাতিবলৈ দিব লাগে........ মোমায়েকে কলে

বিদিশা আৰু মই ঘৰৰ ছাদলৈ গলো । ছাদৰপৰা চাৰিওফালৰ দৃশ্য ভালকৈ দেখি । বিদিশাই কেনেকুৱাধৰণৰ প্ৰশ্ন সুধিব সেই বিষয়ে অনুমান কৰি নিজকে সাজু কৰিলো ।
- আপুনি ডিউটিত কি কাম বন নকৰে নেকি........ বিদিশাই সুধিলে
- মানে....... প্ৰথম প্ৰশ্নই আউট অৱ চিলেবাচ
- মানে কেইদিনমান আপোনাক ফলো কৰিলো, এনিটাইম ফেচবুক চলি থাকে যে....... বিদিশাই কলে
- অ সেইটো, হে হে, মানে মোৰ মবাইলত ডাটা অন হৈ থাকে, সেয়েহে অনলাইন দেখাই আৰু.... মই কলো
-আৰু যে মিনিটে মিনিটে অইনৰ পোষ্টত আপোনাৰ লাইক-কমেন্ট পৰি থাকে, সেইবোৰ কি অটমেটিক হয় নেকি......... বিদিশাই সুধিলে

মই কিবা কিবি এক্সপ্লেইন কৰিলো কিন্ত বিদিশাক আশ্বস্ত যেন দেখা নগল ।
- এই দীৰু, চন্দন, খঞ্জু, শ্যামল, ৰনদীপ, প্ৰজাপতি, এইবোৰ কোন হয়........ বিদিশাই সুধিলে

ফেচবুকত দীৰুদা, চন্দনদা, খঞ্জনৰ প্ৰফাইলকেইটা দেখুৱালো । তাৰ পাছত ১৫ মিনিট ৰেপিড ফায়াৰ ৰাউণ্ড চলিল । নম্বৰ গোটোৱাৰ বাবে মই তীব্ৰ সংগ্ৰাম কৰি আছো ।
- তুমি দুই মিনিট বহা মই অলপ তলৰপৰা আহি আছো........ এইবুলি কৈ মই অলপ ব্ৰেক লোৱাৰ মানসেৰে ছাদৰপৰা তললৈ আহিলো

তলত আহিয়েই মই দীৰুদাক ফোন কৰি কেচটো কলো
- ধুৰ, এইবোৰটো নৰ্মেল, মোক তো একেবাৰে ফালি দিছিল, যেন তেন টিকি থাক, হৈ যাব...... দীৰুদাই আশ্বাস দিলে

খঞ্জনক ফোন কৰি গম পালো যে গাৰ্লফ্ৰেন্ডে তাৰ লগত ৰেপিড ফায়াৰ কৰিয়েই থাকে। ইমানেই কুৱেচন কৰে যে খঞ্জু আজিকালি এক্সপ্লেইনেচন দিয়াত ওস্তাদ হৈ গৈছে ।
মই আকৌ বিদিশাৰ ওচৰ পালোগৈ ।
- দুই মিনিট কৈ ছয় মিনিট লগালে, কাক ফোন কৰি আহিলে........ বিদিশাই সুধিলে
- মানে দীৰুদা, খঞ্জুক.......... মই সচা কোৱাটোকে শ্ৰেয় বুলি ভাবিলো

তাৰ পাছত আকৌ ৰেপিড ফায়াৰ ৰাউণ্ড চলিল । এঘন্টাৰ ইন্টাৰভিউৰ পাছত বিদিশাই কলে
- আপোনাৰ মোক কিবা সুধিব লগা আছে নেকি

মই মুৰ খজুৱালো, নাক মোহাৰিলো আৰু তাৰ পাছত সুধিলো
- তোমাৰ ৰাশি কি, মানে বি মানে ব মানে বৃষ, কিন্ত বৃষ যেন লগা নাই
- অ, আচলতে মোৰ কোষ্ঠীৰ নাম মীনাক্ষী, সিংহ ৰাশি, আপোনাৰ তো বৃষ ৰাশি....... বিদিশাই কলে
- হয়, মই বৃষ
- জ্যোতিষমতে সিংহ আৰু বৃষ ৰাজযোটক.... বিদিশাই কলে

ৰাজযোটক । বৃষ মানে বলধ গৰু, সিংহ অৰ্থাৎ লায়ন । গৰু আৰু সিংহীৰ মাজত সদায় সিংহীৰেই প্ৰভুত্ব হব ।
গৰুৰ এপাৰি দাত নাথাকে । মই এপাৰি দাত উলিয়াই সিংহী অৰ্থাৎ বিদিশাৰ ফালে চাই একেবাৰে নিৰ্বোধ বলধ এটাৰ দৰে নিমাখিত হাহি এটা মৰাৰ চেষ্টা কৰিলো ।

ৰাজযোটক (পাৰ্ট ২)

দুটা ৰেপিড ফায়াৰ ৰাউণ্ড আৰু কেইবাটাও ক্ৰছ কুৱেচনৰ পাছত মোৰ অৱস্থা তথৈবছ কিন্ত তথাপিও মই টিকি আছো
- স্পৰ্টচত ইন্টাৰেষ্ট আছেনে....... বিদিশাই সুধিলে

সচা কথা কবলৈ গলে ক্ৰিকেট, ফুটবল, টিটি বেডমিন্টন, ৰাইজ অৱ নেচন, চুপাৰ মাৰিও চব গেমেই যেতিয়াই যি পাও খেলো । কিন্ত ইমান বকলা মেলি লাভ নাই
- ক্ৰিকেট আৰু চেচ....... মই কলো
- চেচ খেলেনে, অকল চাই ভাল পায়
- মানে খেলো মাজে মাজে
- ময়ো চেচ খেলো, ভাল খেলো, আপুনি মোৰ লগত চেচত নোৱাৰিব
- ইমান কন্ফিডেন্স...... মই সুধিলো
- লেটছ প্লে ৱান গেম, গম পাই যাব..... বিদিশাই কলে

বিদিশাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিলো । প্ৰতিপক্ষক দুৰ্বল বুলি ভবাটো মানুহৰ ডাঙৰ ভুল । ইমানদেৰি স্বল্পভাষী, নিমাখিত যেন দেখুওৱা কাৰণে বিদিশাই ছাগে মোক দুৰ্বল বুলি ভাৱি লৈছে আৰু চেচৰ গেমটোৰ জৰিয়তে নিজৰ প্ৰভুত্ব জাহিৰ কৰিব বিচাৰিছে ।

চেচ বৰ্ড সাজু কৰা হল ।
- আপুনি বগা লওক...... বিদিশাই কলে
- নহয় লেডিজ ফাৰ্ষ্ট..... মই কলো

বিদিশাই প্ৰথম চালত ঘোৰা উলিয়ালে । এগ্ৰেচিভ মুভ।
ডি এছ এ ত মই তামুলীদাৰ লগত মাজে মাজে চেচ খেলো । তামুলীদা প্ৰফেচনেল প্লেয়াৰ । প্ৰথমতে তামুলীদাই মোক খুব হৰুৱাইছিল । লাহে আহে কৌশল আয়ত্ব কৰি তামুলীদাক মই টক্কৰ দিব পৰা হৈছো । বাকী চন্দনদা, দীৰুদা, শ্যামলদা, প্ৰজাপতি, অমিত গ্ৰোভাৰক মই অনায়াসে পৰাজিত কৰো।

তামুলীদাৰ মতে প্ৰথমতে ঘোৰা উলিওৱাটো একেবাৰে এমেচাৰ মুভ । হাতীৰে ঘোৰা চফা দিয়াৰ লগেলগে প্ৰতিপক্ষৰ প্ৰন ষ্ট্ৰাকচাৰ বেয়া হৈ যায় আৰু পাছত ইয়াৰ এডভান্টেজ পোৱা যায় ।

মই বিদিশাৰ ফালে চালো । বহুত ধ্যান দি বৰ্ডত চাই আছে। এটেক নকৰিলো । পিল আৰু হাতী মুভ কৰি কেচলিং কৰাৰ প্লেন কৰিলো ।

দুটা মুভৰ পাছতেই মই কেচলিং কৰিলোঁ । বিদিশাই নিজৰ পাৱাৰবোৰ উলিয়াই এটেকিং পজিচনত থৈছে ।
চেচৰ গেম হওক বা লাইফ হওক মানুহৰ প্ৰথমতে ডিফেন্স ষ্ট্ৰং হব লাগে, নিৰ্দিষ্ট ষ্ট্ৰেটেজী থাকিব লাগে, প্লেন এ ৰ লগতে বেক আপ প্লেনো থাকিব লাগে ।

বিদিশাই পাৱাৰবোৰ মুভ কৰি এটেক কৰাৰ সুবিধা বিচাৰি আছে, কিন্ত মোৰ ডিফেন্স ভেদ কৰিব পৰা নাই। তাই বহুত সময় ভাৱি এটা মুভ দিয়ে, মই লগে লগে মোৰ মুভ দিও, তাই আকৌ ভাৱিবলৈ ধৰে । তাই ভৱাৰ সময়খিনিত মই পৰবৰ্তী মুভকেইটা ভাৱি থও ।

বিদিশাই এটা ভুল মুভ দিলে । সেই সুযোগ লৈ মই বিদিশাৰ হাতী এটা বৰ্ডৰ বাহিৰ কৰিলো । এতিয়া বিদিশাতকৈ মোৰ এটা পাৱাৰ বেছি আছে । এতিয়া পাৱাৰ-পাৱাৰ কটাকটি কৰি খেলিলেই মোৰ বিজয় নিশ্চিত । বিদিশাক বহুত চিন্তিত দেখা গল ।

বিদিশাক মই আৰামত হৰুৱাব পাৰো । কিন্ত বিদিশাক চেচৰ গেমটো হৰুৱাই মই কি পাম । নাথিং । আৰু বিদিশাৰ লগত হাৰি মই যে সাংঘাটিক কিবা এটা পাম সেইটোও নহয় । তাৰমানে বেকাৰ মই টাইম ৱেষ্ট কৰি আছো । চেচৰ গেম জিকাতকৈ বিদিশাৰ হৃদয়ত ঠাই উলিওৱাটো মোৰ লক্ষ্য হব লাগিব ।
হাৰিলে বিদিশাৰ মনটো বেয়া লাগিব যিটো বৰ্তমান সময়ত মোৰ কাম্য হোৱাটো উচিত নহয় । বিদিশাৰ জয়তেই মোৰ আনন্দ বুলি মই ভাৱিব লাগিব আৰু তাৰবাবে মই গেমটো হাৰিব লাগিব ।

অগত্যা মই কেইটামান দুৰ্বল মুভ দিলো । বিদিশাৰ চেহেৰাত থকা চিন্তাৰ ৰেখাকেইডাল লাহে লাহে নোহোৱা হৈ কিছুদেৰিৰ পাছত এটা উইনিং স্মাইল ওলাই আহিল ।
- আপুনি ভালেই খেলে কিন্ত আপোনাৰ ফিনিচিং বেয়া, বহুত প্ৰেকটিছ কৰিব লাগিব.......... মোক চেকমেট দি বিদিশাই উজ্বল হাহি এটা মাৰি কলে
- তুমি কিন্ত সাংঘাটিক ভাল খেলা দেই, তামাম...... মই অলপ প্ৰশংসা কৰি দিলো
- সিংহ আৰু বৃষৰ মাজত সিংহ তো জিকিবই....... বিদিশাই প্ৰফুল্লিত স্মাইল দি কলে

শ্বাহৰুখ খানৰ এটা ডাইলগ আছিল - জো হাৰ কে ভী জিততা হে উচে বাজীগৰ কেহতে হে
বিদিশাৰ প্ৰফুল্লিত হাঁহিটোৰ মাজত মই বাজীগৰ হব পৰাৰ সম্ভাৱনাৰ অনুমান কৰিবলৈ চেষ্টা কৰিলো

অসমৰ কিয় উন্নতি নহয়

১৪ দিনৰ ডিউটি শেষ হোৱাৰ পাছত যোৰহাটলৈ গৈ আছো । লক্ষ্য ৰৰৈয়া । তাৰপৰা গুৱাহাটী । লগত গুজৰাটী কালালজী । হঠাৎ জাজীত বাছখন ৰৈ গল । আগত গাড়ীৰ শাৰী । পুলিচ এজনক সুধি গম পালো যে আগত জাতীয় সংগঠন এটাই চিলাপথাৰৰ ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ।

- হামাৰে গুজৰাট মে য়ে চব নৌটংকীবাজো কো দন্দা লেকে ভাগাতে হে, ক্যা মিলেগা ৰাস্তা ব্লক কৰকে, বেকাৰ পাবলিক কো পৰেচানী কৰতে হে......... কালালজী য়ে বিৰক্তিৰে কলে

মই বাছৰপৰা নামি গৈ চালো । জাতীয় সংগঠন এটাৰ বেনাৰত আদহীয়া কেইটামানে বেনাৰ কেইখনমান লৈ ঘাইপথত কাৰোবাৰ পুত্তলিকা দাহ কৰিছে, জংগী আন্দোলনৰ শ্লোগান দিছে আৰু পৰিবেশটো উত্তপ্ত কৰি তুলিছে । সেনা আৰু যথেষ্ট সংখ্যক আৰক্ষীকো দেখা গৈছে । ইফালে অৱৰোধৰ কাৰণে ঘাইপথৰ দুয়োফালে গাড়ীৰ শাৰী বাঢ়ি গৈ আছে । কিছুসময় পাছত চৰকাৰী গাড়ী এখনৰপৰা যুৱতী এগৰাকী নামিল । বোধহয় এডিচি । জাতীয় সংগঠনৰ নেতাই ঘাইপথৰ মাজত উচ্চস্বৰত নিজৰ দাবী সম্বলিত কাগজখন পাঠ কৰি এডিচি মেডামৰ হাতত অৰ্পণ কৰিলে । এডিচি মেডামৰ চেহেৰাত বিৰক্তি ফুটি উঠিল। সংগঠনৰ কৰ্মীৰ দাবীত ঘাইপথৰ মাজত স্মাৰকপত্ৰ গ্ৰহণ কৰা মুহুৰ্ত কেমেৰাত ধৰি ৰাখিবলৈ এডিচি মেডামে বিৰক্তিৰে আৰু অলপসময় পজ দিব লগাত পৰিল । আৰু কেইটামান জিন্দাবাদ ধ্বনিৰ পাছত অন্তত ঘাইপথৰ অৱৰোধ আতৰিল ।

- নৌটংকী চালা....... ওচৰত থকা মানুহ এজনৰ বিৰক্তি ৰে কোৱা কথাষাৰ মোৰ কাণত পৰিল

বাছ চলিবলৈ আৰম্ভ কৰিলে। এনেতে ৰণদীপৰ ফোন আহিল । সি কোম্পানীৰ বাছেৰে ডিব্ৰুগড়ৰ মোহনবাৰীলৈ গৈ আছিল ।
- বিকাচ দা অসমৰ পৰা ট্ৰেন্সফাৰ লৈ যাম দেই..... ৰনদীপে কলে
- কিয়, কি হল...... মই সুধিলো
- ইমান বন্ধ, পথ অৱৰোধ
- ডিব্ৰুগড়ো বন্ধ নেকি
- অ, চাল্লা, বাইক লৈ গুণ্ডা কেইটামান আছে, বাছ ৰখাই দিছে, আৰু অসমলৈ ঘুৰি নাহো দেই

ৰণদীপ এন. আই. টি ৰ পাছ আউট, ২৯ বছৰীয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰণদীপৰ কোম্পানীত বহুত ভাল কাম কৰে বুলি নাম আছে ।

ৰৰৈয়া বিমানবন্দৰত বহি আছো । ফ্লাইটলৈ এঘন্টা বাকী । পাছত তেল-গেছ কোম্পানীৰ মহাপ্ৰৱন্ধক কেইজনমানে আলোচনা কৰি আছে । তেওঁলোকৰ কথাবতৰাৰ পৰা অনুমান কৰিলো যে কোনোবা অত্যুৎসাহী বিষয়াই অপাৰেচনেল এৰিয়াৰ কাষৰীয়া অঞ্চললৈ পাইপ গেছ যোগান ধৰাৰ প্লেন এটা বনাইছিল । এই গেছবোৰ পৰিবহনৰ ব্যয়বহুলতা আৰু উপভোক্তাৰ অভাৱত এনেয়ে জ্বলাই দিয়া হয় । সেই সংক্ৰান্তত অসম চৰকাৰৰ নিগম এটাৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল । কিন্ত এমাহ ধৰি নিগমৰ চেয়াৰমেনে এপইন্টমেন্টৰ কাৰণে সময় উলিয়াব নোৱাৰিলে ।
অসমত এতিয়া জুই জ্বলাৰ বতৰ । কৰবাত ৰাজনীতিকে জুই জ্বলাই আছে, সৰ্বসাধাৰণ জ্বলি পুৰি মৰিছে, ৰণদীপহতৰ দৰে মানৱ সম্পদ জুইৰপৰা বাচিবলৈ নিৰাপদ ঠাইলৈ আতৰি যাব আৰু কৰবাত মুল্যবান প্ৰাকৃতিক সম্পদ এনেয়ে জ্বলি আছে, কাৰো পাছে খবৰ নাই ।

এই জুই জ্বলি আছে জ্বলিবই বোলে ।

এজন জাতিদ্ৰোহীৰ ভাৱৰ বুৰবুৰনি

কালি এটা আপদেট দিছিলো । সেই আপদেটটোৰ ফলত কিছুমান জাতিপ্ৰেমী অসমীয়াৰ বাবে মই জাতিদ্ৰোহী , কাপুৰুষ , কুলাংগাৰ ইত্যাদি ইত্যাদি । আচলতে আপদেটটো কি আছিলে ।

ভাগ ১- কালালজী আৰু মই
ৰাস্তাৰে আমি গৈ আছো । সকলোৱে কিবা নহয় কিবা কামত গৈ আছে । হঠাত ৰাস্তা বন্ধ । কিয় , কাৰণ ১০-১২ টা মানুহ মিলি ৰাস্তাৰ মাজত টায়াৰ জ্বলাইছে , শ্লগান দিছে । সেই পৰিস্ছিতিত সাধাৰণ মানুহ এজনৰ প্ৰতিক্ৰিয়া কি হব ।
অসম এনেকুৱা এখন ৰাজ্য যত প্ৰতিবাদৰ সহজ পন্থা হৈছে ঘাইপথ ব্লক কৰা । কিন্ত তাৰ ফলত জীয়াতু কোনে ভোগে.... সাধাৰণ মানুহখিনিয়ে ।

কালালজীৰ সংলাপ....... হামাৰে গুজৰাট মে য়ে চব নৌটংকীবাজো কো দন্দা লেকে ভাগাতে হে, ক্যা মিলেগা ৰাস্তা ব্লক কৰকে, বেকাৰ পাবলিক কো পৰেচানী কৰতে হে

এজন বহিৰাগতৰ বাবে অসমৰ ইমেজ এয়াই । কাৰণ বন্ধ, পথ অৱৰোধ ইয়াতএকেবাৰে সাধাৰণ কথা ।
মই নিজে ডাঙৰ দীঘল হৈছো এই পৰিবেশত । ৩০ বছৰ ধৰি অসমীয়াই কেৱল আন্দোলনেই কৰি আছে । সদায় নতুন নতুন ইচু । এই আন্দোলন বোৰৰ ফলাফল কি । নেতাবোৰ চহকী হৈছে । সাধাৰণ মানুহবোৰৰ হাৰাশাস্তি হৈ আছে । এক প্ৰকাৰৰ প্ৰহসন, নাটক ।

এডিচিক স্মাৰকপত্ৰ দিওতেই পথ অৱৰোধটোৰ যবনিকা পৰিল । স্মাৰকপত্ৰ দিয়া কামটো তেওলোকে এডিচিৰ অফিচলৈ গৈও দিব পাৰিলেহেতেন । কিন্ত তেওলোককক নিজৰ শক্তি প্ৰদৰ্শণ কৰিব লাগে । ৰাস্তাৰ দুয়োফালে সাধাৰণ ৰাইজক আৱদ্ধ কৰি পণবন্দী কৰি ৰখাৰ অদম্য শক্তি ।

কালালজীয়ে জানো অসমীয়াক নৌটংকী বুলি কৈছিল । কালালজীয়ে নৌটংকী বুলি কৈছিলে অসমীয়াৰ বন্ধ দুস্কৃতিৰ মানসিকতাক । যিবোৰ নৌটংকী আমি বছৰ বছৰ ধৰি ভুগি আহিছো ।

কালালজীৰ মুখত এটা ঘোচা মাৰিলেই যদি অসমীয়াৰ স্বাভিমান অটুত থাকিলেহেতেন, তেতিয়া কালালজীৰ মুখত ঘোচাটো পৰিলেহেতেন । কিন্ত হয় জানো । অসমী়াৰ স্বাভিমান তেতিয়াহে অটুত হব যেতিয়া কালালজীৰ দৰে বহিৰাগতৰ মুখেৰে স্বতস্ফুতভাৱে ওলাব ....... আচাম বঢ়িয়া জাগা হে

ভাগ ২- ৰণদীপ

ৰণদীপে সেইটো যুবচামক প্ৰতিনিধিত্ব কৰে যি প্ৰতিভাশালী, মেধাবী আৰু স্বাবলম্বী । ৰণদীপহতে জাতিপ্ৰেম দেখুৱাবলৈ ৰাস্তাত নমা নাই সচা , কিন্ত অসমতে থাকি , নিজৰ কৰ্তব্য সুচাৰুৰুপে পালন কৰি পৰোক্ষভাৱে অসমলৈ বহুত অৰিহণা যোগাই আছে । তেওলোক অসমৰ অশান্ত পৰিস্থিতি, নিয়োগৰ অসুবিধা আদি সমস্যাৰে ভাৰাক্ৰান্ত । আৰু ভাল সুযোগৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ বাধ্য । ৰণদীপহতৰ দৰে হাজাৰ হাজাৰ অসমীয়া প্ৰতিভাশালী যুবক যুবতী অসমৰ বাহিৰত দিল্লী, মুম্বাই, চেন্নাই, পুণে, বেংলুৰু আৰু বিদেশতো কৰ্মৰত । তেওলোকৰ কি অসমত আহিবলৈ মন নাযায় নেকি । নিশ্চয় যায় । কিন্ত অসমত নিয়োগৰ সীমাবদ্ধতা, অশান্ত পৰিস্থিতি, সঘনাই হৈ থকা বন্ধ, অৱৰোধ আদিয়ে তেওলোকক অসম ওভটনিলৈ বাধা দিয়ে । ব্ৰেইন ড্ৰেইনৰ ফলত অসমীয়া এটা অতি প্ৰতিভাশালী যুবচামৰ লাভ অৰ্জন কৰিছে আন ৰাজ্যই, অইন দেশে । ৰণদীপ সেইসকলৰে এজন হবলৈ গৈ আছে ।

ভাগ ৩- এটা বিফল প্ৰজেক্ট

তাৰ পাছত উল্লেখ আছে এটা অভিলাষী প্ৰজেক্টৰ যিটো ৰুপায়ণ হলে সৰ্বসাধাৰণ অসমীয়া ৰাইজৰ বহুত উপকাৰ হলহেতেন । কিন্ত চৰকাৰী নিগম এটাৰ উদাসীনতাৰ বাবে প্ৰজেক্টটো কাৰ্যত ৰুপায়িত নহল । কাৰণ নিগমটোৰ চেয়াৰমেনে প্ৰজেক্টটোৰ আলেচনাৰ বাবে সময় উলিয়াব নোৱাৰিলে । ৰণদীপহত কিয় বাহিৰলৈ যায় তাৰ উত্তৰ ইয়াতেই সোমায় আছে । এই চৰকাৰী নিগমবোৰৰ চেয়াৰমেনবোৰ কোন হয়...... শাসনাধিষ্ঠ দলৰ অযোগ্য অকৰ্মণ্য এজাক নেতা পালিনেতা । আৰু এই নেতা পালিনেতাবোৰে নিগম-নিকায়ৰ উন্নতিতকৈ নিজৰ ব্যক্তিগত উন্নতিৰ কথা চিন্তা কৰাটো স্বাভাৱিক । ষ্টেটফে়ড মৰিলে, প্ৰাগবছিমী মৰিলে, চেনিকল নোহোৱা হল আদি কিমান নিগম-নিকায় ধ্বংসপ্ৰাপ্ত । ৩০ বছৰে আমি ৰাজপথ ৰোধি আন্দোলনেই কৰি আছো কিন্ত ভাল নিযোগ ক্ষেত্ৰ এখন সৃষ্টি কৰিব পৰা নাই ।

ভাগ ৪- কুটিল ৰাজনীতি

চিলাপথাৰত দুস্কতিকাৰীয়ে আছুক টাৰগেট কৰিলে । কিয় , সিহতৰ উদ্দেশ্য কি । ইমানবোৰ জাতীয় সংগঠন থাকোতে আছুকেই কিয় টাৰগেট কৰিলে । উদ্দেশ্য এটাই, অসমত ভাতৃঘাটী সংঘৰ্ষৰ সৃস্টিকৰি আশান্তিৰ বাতাবৰণ অটুত ৰখা । আছুৰ নামটোৰ লগত অসমীয়াৰ আবেগ জড়িত হৈ আছে আৰু সেই আবেগৰে ফাইদা উঠাব খুজিছে এচাম ৰাজনীতিকে । আৰু কিছু পৰিমানে অসমীয়া আবেগিক হৈছেও । কুটিল ৰাজনীতিৰ নগ্ন ৰুপ । বাংলাদেশী হুচিয়াৰৰ শ্লগান সলনি হৈ পৰিল বঙালী হুচিয়াৰলৈ ।

ৰাজনীতিকে জুই জ্বলাই আছে, আমি আবেগত জ্বলি পুৰি মৰিছো ।

পৰিশিষ্ট-
মোক কুকুৰে কাইট নোখোৱাকৈ গালি পৰা অধিকাংশৰে চিন্তাৰ দৌৰ কালালজীতে শেয হল । কেইজনমানেহে ৰণদীপক ধৰিলেগৈ, তাকো ৰণদীপক তিৰস্কাৰ তাছিল্য কৰিবৰ বাবে । কিন্ত নিয়োগৰ ক্ষেত্ৰত থকা চৰকাৰী উদাসীনতা, জন অসচেতনতা কোনো জাতিপ্ৰেমীৰ মগজুৱে ঢুকি নেপালেগৈ ।
জাতিপ্ৰেমীসকলৰ মুল অভিযোগ কালালজীৰ দৰে বহিৰাগতই নৌটংকী শব্দটোৰ কিয় ব্যৱহাৰ কৰিব ।
যিদিনা অসমত নিয়োগৰ সুবিধা আৰু নিয়োগযোগ্য সম্পদৰ ভাৰসাম্য অটুট হব তেতিয়া নোটংকী জাতীয় শব্দবোৰ নিজে নিজে আতৰ হব ।
তাৰবাবে আমাক এটা এটা আন্দোলনৰ প্ৰয়োজন । কৰ্মৰ আন্দোলন , স্বাবলম্বিতাৰ আন্দোলন । সেই আন্দোলনটোত অসমীয়া যুবচামে বন্ধ-অৱৰোধৰ সলনি মন-মগজুৰ সকলো দুৱাৰ খুলি দিব লাগিব । গেংমেন-ট্ৰেকমেনৰ বাবে সংৰক্ষণ বিচাৰি আন্দোলন কৰাতকৈ , উচ্চপদস্থ বিযয়া হবলৈ পৰিশ্ৰম কৰিব লাগিব । অসমীয়া ডেকা ডেকেৰীৰ তেজ গৰম হব লাগিব , কিন্ত কাৰোবাক মাৰিবলৈ-কাটিবলৈ নহয়, উৎপাদনমুখী কৰ্মত নিয়োজিত হৈ অসমক উন্নত ৰাজ্য এখন ৰুপে গঢ়িবলৈ যত কালালজীৰ দৰে বহিৰাগতই গুজৰাটলৈ গৈ স্বতস্ফুতভাৱে কয়গৈ........ আচাম ইজ বেষ্ট ইন এভৰিখিং

এৰেঞ্জ মেৰেজ-৭ (বৃত্ত)

বেষ্ট পাৰফৰমেন্স দিয়াৰ পাছতো বিদিশাৰ লগত অংক নিমিলিল । আচলতে অংক মিলাব নোৱাৰিলে জ্যোতিষীয়ে । কুণ্ডলী মিলাই শুভদিন এটা জ্যোতিষীয়ে উলিয়াব নোৱাৰিলে ।

ফলত মই ওলাব লগাত পৰিল নেক্সট মিচনলৈ ।
নেক্সট মিছন হেঙেৰাবাৰীত । দেউতাক - মাক প্ৰাইমেৰী স্কুলৰ শিক্ষক । ছোৱালী প্ৰাগজ্যোতিষ কলেজৰপৰা এডুকেচনত টানি টুনি বি. এ পাছ কৰি আইডলৰপৰা এম এ কৰি আছে । মা - দেউতাই এবাৰ ভিজিট দি গ্ৰীণ চিগনেল দিয়াৰ পাছত এতিয়া মোৰ ভিজিটৰ পাল ।

মিছন আৰম্ভ কৰা মোটামোটি এবছৰ হও হও । এতিয়ালৈ একো ৰিজাল্ট নাই । এইবাৰ যিয়েই নহওক চেটেল কৰিবই লাগিব । চকু-কাণ মুদি মই য়েছ কৰি দিছো । এতিয়া সিটো পাৰ্টি য়েছ হলেই হয় ।
ছোৱালী ঘৰ পালোগৈ । চাহ মিঠাই জলপান দিলে । ছোৱালীঘৰৰ ব্যৱহাৰ পাতিত এইবাৰেই লাষ্ট মিছন যেন অনুভৱ হল ।

কিছুদেৰিৰ পাছত ছোৱালীঘৰৰ ছাদ পালোগৈ । কিছুসময় পাছত ছোৱালী আহিল। ধুনীয়া হাহিঁ এটা । এইবাৰ হলেই হয় আৰু ।
- আপোনাৰ যদি কিবা সুধিব আছে সুধিব পাৰে........ ছোৱালীয়ে সুধিলে
এনেয়ে কিবা কিবি সুধিলো । পঢ়া শুনা, হবি, ইন্টাৰেষ্ট । তাই নম্ৰভাৱে উত্তৰ দি গল ।
- আচ্ছা বাৰু, এই যে বিয়াৰ কথা ওলাইছে, তুমি মেন্টেলি প্ৰিপেয়াৰ্ড নে....... মই সুধিলোঁ
- মানে, ইমান প্ৰিপেয়াৰ্ড নহয়, অহা বছৰলৈ পিছুৱাব নোৱাৰি নেকি...... ছোৱালীয়ে কলে
টুইষ্ট । চাল্লা আকৌ টুইষ্ট । ইমান টুইষ্ট মোৰ লগতেই কিয় হয়।
- কাষ্ট নে ফাইনেঞ্চিয়েল ইচু........ মই সুধিলোঁ
- মানে
- মানে তুমি যাক মন দি ৰাখিছা তাক ঘৰৰ মানুহে পচন্দ নকৰে আৰু এতিয়া তোমাৰ ওপৰত ঘৰৰ মানুহৰ প্ৰেচাৰ আছে..... মই কলো
- নহয় মানে
- মই যে তোমাক চাবলৈ আহিছো তেওঁ গম পায়নে নাপায়...... মই সুধিলোঁ
- পায়
- কি কয় তেওঁ
- মানে সি পাৰ্থ বহুত ভাল, খুব কান্দি আছে
- ঘৰত এপ্ৰোচ কৰিলেই হল,
- মই কৈছিলোঁ, কিন্ত দেউতাহঁতে শুনিবই নোখোজে

কেচটোৰ ডিটেইলচ ললো । পাৰ্থৰ লগত প্ৰাগত একেলগে আছিল, সি মেথছৰ, এই এডুকেচন । মোটামুটি তিনিবছৰৰ সম্পৰ্ক । পাৰ্থই ডিগ্ৰীৰ পাছত ইউনিভাৰ্চিটিত চিট নাপালে । তাৰপাছত সি প্ৰাইভেট কোম্পানী এটাত সোমাই আছে । ষ্টেবল ইনকাম নোহোৱাৰ বাবে পাৰ্থক ছোৱালীৰ বাপেকে পচন্দ নকৰে । আৰু বৰ্তমান ভিলেইনৰ ৰূপত মোৰ এন্ট্ৰি ।

- চোৱা, পৃথিৱীত সচা মৰম পোৱাটো বৰ কঠিন । পাৰ্থই যদি তোমাক সচাকৈয়ে ভাল পায়, সি তোমাৰ কাৰণে যুজিব, কষ্ট কৰিব। তাক এৰি নিদিবা । টকা-পইচা ঘটাটো সহজ কিন্ত সচা ভালপোৱা পোৱাটো সহজ নহয়........ মই কলো
- হয়
- আৰু আজিকালি বহুত ভাল চাকৰি আছে, বেংক, এছ. এছ. চি, মেথছৰ গ্ৰেজুৱেটৰ বাবে বহুত অপচন আছে, কেৱল পঢ়িব লাগিব, কষ্ট কৰিব লাগিব, তোমালোকে যুজিব লাগিব, পৰিয়ালৰ লগত, আৰু জিকিব লাগিব । মোৰ বিশ্বাস তোমালোক জিকিবা । মই অইন একো নোৱাৰিলেও অন্তত মোৰ মনৰ বল তোমালোকক দিব পাৰো......... মই হাহি এটা মাৰি কলো

ভিলেইনৰ দৰে এন্ত্ৰিৰ পাছত হিৰো টাইপৰ ডাইলগ ডেলিভাৰী কৰি দুখমনেৰে ছোৱালীঘৰৰপৰা ৰিটাৰ্ণ আহি আছো । দীৰুদাই ফোন কৰিলে
- কি হল আজিৰ মিছন কি হল, ৰিজাল্ট...... দীৰুদাই উৎসাহেৰে সুধিলে
- বৃত্ত দেখিছে তো, চাৰ্কল, তাৰ পৰিধিয়েদি প্ৰতিবাৰে মই গৈ আছো, যেতিয়া সম্পুৰ্ণ বাট শেষ হয় তেতিয়া মই যৰপৰা আৰম্ভ কৰোঁ সেইখিনিতে উপস্থিত হওঁ, আৰু ৰিজাল্ট সেই বৃত্তাকাৰ, মানে শূন্য......... মই কলো
- মানে, এতিয়া, আৰু কিবা...... দীৰুদাই হুমুনিয়াহ এটা মাৰি সুধিলে
- এতিয়া হাতত টাৰ্গেট নাই, মিচনো নাই, পৰহিলৈ বেক টু ডিউটি, চৈধ্য দিন ডিউটিৰ পাছত চাও, কৰবাত টাৰ্গেট ওলায়েই নেকি............ মই কলো

পৰবৰ্তী খবৰৰ অপেক্ষাত

First love



It was towards the end of our HS college season. We have only practical classes left. It was evening, after physics practicals I along with one of my friend were walking towards kachari bus stop. Although physics building is closer to panbazar bus stop, still I preferred to walk through chemistry department to kachari stop.
That day we were about 30 minutes late than usual . Almost all of the students left. Only I with one of my friend was there . As we reached the gate from physics side, my friend said.......... Look
She was there, sitting in the steps of HCG building facing physics gate with one of her friend.
We have different groups in practicals. When I had physics, she had chemistry and when I had chemistry, she had physics practicals and that day I walked to panbazar bus stop through physics department. And almost all days irrespective of timings, I found her sitting somewhere in my path. In the steps of Sudmarson Hall, new arts building or outside physics gallery. When I looked towards her, she was looking somewhere else. No words exchanged ever. But she was there always.
That day I was half an hour late than usual and thought that she would have gone home after her practical class . But she was there. From the gate to the steps, it was 50 meters. My heart was beating very fast.

- Today I will definitely speak to her.......... I said to myself

But as I walked closer to her, my heartbeat increased and increased, I crossed the steps of HCG building without uttering any word. I just kept walking only.

I reached near the coffee house and looked back. At that time she started walking towards the main gate of chemistry department.

Just then she looked towards the coffee house and I changed my view of sight.
Session ended. Exams, results, careers, different paths, lots of years passed. I never saw her for years.
It was 13 years passed. I was roaming in a book Fair in Guwahati. In these years I gained lots of weight and lost a lot of hairs.

Suddenly I saw a lady coming from opposite side, a 4 year old little girl holding her hand. It was her. I kept walking. Many years have been passed.

Like the all other previous crossings, I crossed her silently.

- Hey, how are you............... I heard a voice, it was her
I turned towards her. She was looking towards me with a beautiful smile, the smile at which I had fallen years ago.
- I'm fine, what about you................. I said

An young man was standing close to her. She introduced her husband and little daughter to me.
And she introduced me to her husband.........
- He's my friend from Cotton College, you know, during college days he had a deep crush on me but he never uttered an word to me

What an introduction that was.

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...