Wednesday, August 2, 2017

এৰেঞ্জ মেৰেজ- ২

(ৰাশিচক্ৰ)

তাৰপাছত ৩-৪ ঠাইত যোগাযোগ চলিল, কিন্ত এক্সপাৰ্ট পেনেললৈ কেচ আহি নেপালেগৈ । এমাহ ডি.এছ.এ ৰ এক্সপাৰ্ট পেনেল কৰামহীন হৈ থাকিল । খঞ্জন আৰু চন্দনদাৰ মাজত শীতল যুদ্ধৰ পৰিবেশে বিৰাজ কৰিলে ।
আগষ্ট মাহত ঘৰৰপৰা মায়ে ফোন কৰিলে
- ছোৱালী এজনী চাইছো, খুৱ ভাল, হোৱাটছএপত ফটো চাই লবি

হোৱাটছএপত ফটো আহিল । কেইবাখনো । যিমানেই ফটোবোৰ চাও, সিমানেই কিবা এটা ভাল লাগি যায় ।
- কথা পাতা , কথা ......... চন্দনদাই এডভাইচ দিলে
- প্ৰথমতে হোৱাটছএপত চাট কৰা ....... শ্যামলদাই কলে

নম্বৰ কালেক্ট কৰা হল । প্ৰথমতে ময়েই মেচেজ দিলো - হেলো
সিফালৰপৰা ৰিপ্লাই আহিল- হাই

এতিয়া কি লিখো । মই চাৰি নম্বৰ বাংক হাউচ পালোগৈ । ইয়াতে শ্যামলদা আৰু চন্দনদা থাকে ।
- ধুৰ মক্কেল, সেইটোও কব লাগে নেকি...... চন্দনদাই কলে
- মানে এক্সপাৰ্ট এডভাইচ হলে ভাল হয়........ মই কলো

তাৰ পাছত হোৱাটছএপ এক্সপাৰ্ট শ্যামলদাই দহ মিনিটৰ এটা ব্ৰিফিঙ দিলে । হাউ টু চাট উইথ এ গাৰ্ল ।
প্ৰেইজ কৰি দিয়া । ছোৱালীবোৰে প্ৰেইজিং খুব ভাল পায় । তাইক প্ৰেইজ কৰা, মাক-বাপেক-ভন্টি-ভায়েক ক প্ৰেইজ কৰা । চুলিৰ ষ্টাইল প্ৰেইজ, চকুৰ কাজল প্ৰেইজ আনকি ওঠৰ লিপষ্টিক, কাণৰ কাণফুলিকো নেৰিবা, চব প্ৰেইজ কৰা । বাচ কাম হৈ যাব । আৰু হোৱাটছএপপত বহুত স্মাইলি থাকে , সেইবোৰৰ ভৰপুৰ ইষ্টেমাল কৰা ।
- পাছে আপুনি ইমান কেনেকৈ জানিলে ........ মই সুধিলো
- এক্সপেৰিয়েন্স বোপাই , ৱাইড এক্সপেৰিয়েন্স..... শ্যামলদাই মবাইলটো হাতত লৈ কলে

চাটিং চলিল । কিবা কনফিউজন লাগিলে চাৰি নম্বৰত এন্ত্ৰি মাৰি দিও ।
দুই এটা ব্ৰেক লৈ ৰাতি দুটালৈকে চাটিং চলিল । লাইফৰ প্ৰথম ভেৰি লং চাটিং চেচন ।
২৪ ঘন্টা স্মুথলি পাৰ হল । খঞ্জনে মোক বিচনাত ওপৰমুৱাকৈ পৰি মিচিক-মাচাককৈ হাহি থকা অৱস্থাত আৱিষ্কাৰ কৰাৰ পাছত আনন্দতে বৰা হোটেলত শ্যামলদা আৰু চন্দনদাই পাৰ্টি খাই দিলে । চন্দনদাই বৌকো মোৰ নতুন খুচখবৰিটো দি দিলে ।

কাহিনীত টুইষ্ট আহিল দীৰুদাৰ এন্ত্ৰিৰ পাছত ।
- ছোৱালীৰ ৰাশি কি ......... দীৰুদাই সুধিলে
- ধনু ......... মই কলো
- তোৰ
- বৃষ
- নট কম্পাটিবল , নহব ......দীৰুদাই কলে
- আজিৰ দিনতো ৰাশি বিশ্বাস কৰে নেকি , মানুহ ৪০ বছৰ আগতেই চন্দ্ৰ পালেগৈ, ৰাশি-চাশি একেবাৰে বাজে কথা....... চন্দনদাই কলে
- ধনু ৰাশিৰ ছোৱালীবোৰ স্বাধীনচেতিয়া, বহুত বন্ধু-বান্ধৱ থকা, ইন-ডিচিপ্লিন , খৰচী আৰু উচ্চাকাংখী হয় , পুৰা বৃষৰ অপজিত
- ভালহে অপজিত এট্ৰাকটছ......... খঞ্জনে কলে
- আকে বাজী মাৰ , কথা পাত, চাটিং কৰ , চাৰিদিন পাছত আহি তই নিজে কবি .......... দীৰুদাই কলে

চাটিং চলি থাকিল । দ্বিতীয়দিনা এনে লাগিল যে ধনু সচাকৈয়ে বহুত এম্বিচিয়াছ তথা এডভেনচৰাছ । তৃতীয় দিনা ধনুই মোক প্ৰেডিকটেবল , বৰিং আৰু একাকী চিন্তাধাৰাযুক্ত পালে আৰু ধনুৰ কেয়াৰলেচ ভাৱধাৰাই মোকো বহুত চিন্তাত পেলাই দিলে ।

চতুৰ্থদিনা এক্সপাৰ্ট পেনেলৰ মিটিঙত ধনু ৰাশিক বাইপাছ কৰাৰ সিদ্ধান্ত লোৱা হল । মানে ধনু ৰাশিৰ জাতিকাক বিবেচনা নকৰাৰ ডিচিচন হৈ গল ।

কেইদিনমান পাছত.........
সম্পৰ্কীয় মামী এগৰাকীয়ে ফোন কৰিলে
- ছোৱালী এজনী আছে , খুউব ধুনীয়া নাম, ভ্ৰান্তি ........ মামীয়ে কলে
- ভ্ৰা, মানে ভ , মানে ধনু ৰাশি ................উফ, ধনু !!!!

এৰেঞ্জ মেৰেজ- ৩

(খঞ্জু বাবা)

ডি.এছ.এ এক্সপাৰ্ট পেনেলৰ অন্যতম আৰু একমাত্ৰ বেচেলৰ সদস্য হল খঞ্জন ওৰফে খঞ্জু । কি কি স্পেচিয়েল গুণৰ বাবে খঞ্জন এক্সপাৰ্ট পেনেললৈ মনোনীত হল সেইটো পাছত আলোচিত হব ।

এক্সপাৰ্ট পেনেললৈ শেহতীয়া কেচটো আনিছিল দীৰুদাই । লাষ্ট ফৰটিন ডেইজৰ ষ্টৰী । ৰীগত কেমিষ্টৰ কাম একো নাই । চন্দনদা , দীৰুদা, মই দিনে-ৰাতিয়ে ডি.এছ.এ তে থাকো , চেচ, কেৰম, বেডমিন্টন , ক্ৰিকেট খেলি টাইম পাছ কৰো । কিন্ত বেচেৰা খঞ্জু সদায় ডিউটিলৈ যাব লাগে ।

দীৰুদাই অনা কেচটো পুৰা ৰাশি-নক্ষত্ৰ মিলা । বৃশ্চিক ৰাশি, দীৰুদাৰ মতে পাৰফেক্ট মেটছ উইথ বৃষ ৰাশি । দীৰুদাৰ মতে কন্যা একেবাৰে শান্ত, সৌম্য চব ফালৰপৰা অকে ।
- তুমি কেনেকৈ জানিলা ....... চন্দনদাই ক্ৰছ কুৱেচন কৰিলে
- মই মানে স্কুলত থাকোতে টিউচন কৰিছিলো , আমাৰ ঘৰৰ কাষতে আছিল, এতিয়া দিছপুৰৰ ফালে থাকে , চব ফালৰপৰা অকে , ৰাশি- নক্ষত্ৰ মিলিলে বেলেগ চোৱাৰ প্ৰয়োজনেই নাথাকে ...... দীৰুদাই পুৰা কন্ফিডেনচত কলে

দীৰুদাই ফটো দেখুৱালে । দুই-তিনিটা ফোন কৰি আৰু ডিটেইলছ ললে । ছোৱালীয়ে এমবিএ কৰি এক্সিচ বেংকত চাকৰি কৰি আছে ।
- প্ৰচেচ আগবঢ়াব পাৰি.......... চন্দনদাই অলপ চিন্তা চৰ্চা কৰি মত দিলে
- মোৰ ফালৰপৰাও অকে....... শ্যামলদাই কলে
- আমাৰ এই খঞ্জুক ফোন এটা কৰি দিও, আজি সন্ধিয়া পাৰ্টি এটা হব লাগে ....... দীৰুদাই কলে
খঞ্জন তেতিয়া ডিউটি কৰি চাইটৰপৰা আহি আছিল । পাৰ্টিৰ নাম শুনি খঞ্জন যথেষ্ঠ আনন্দিত হল ।
- আপোনালোকে আৰম্ভ কৰক , মই ফ্ৰেছ হৈ গৈ আছো...... খঞ্জুই কলে

পাৰ্টিৰ যা যোগাৰ কৰা হল । সন্ধ্যা নমাৰ লগে লগে চাৰি নম্বৰ ৰুমত পাৰ্টি আৰম্ভ হল । পাৰ্টি আৰম্ভ হোৱাৰ কিছুসময় পাছত খঞ্জুই এন্ত্ৰি মাৰিলে ।
- এই খঞ্জু , ইমান দেৰি কৰিলা ...... চন্দনদাই কলে
- নাই মানে মই কি কব খুজিছিলো ....... খঞ্জন্ কলে
- সেই চকীখন টানি বহি ল, একো কব নালাগে, এইবাৰ ইয়াৰ চব মই কৰি দিম, ৰাশি-নক্ষত্ৰ চব অকে আছে....... দীৰুদাই কলে
- বঢ়িয়া তেনেহলে , চাও ফটো চাও ....... খঞ্জনে কলে

দীৰুদাই ফটো দেখুৱালে ।
ফটোখন চাই খঞ্জনে এবাৰ চন্দনদা, তাৰ পাছত শ্যামলদা, তাৰ পাছত মোৰফালে চাই কলে
- গুৱাহাটীৰ নেকি
- অ ..... মই কলো
- এক্সিছত কৰে
- অ
- দিছপুৰত ঘৰ
- অ
- এই খঞ্জু বাবা, কেনেকে ইমান জানা ......... চন্দনদাই ক্ৰছ কুৱেচন কৰিলে
- মানে মই কি কম বুলি ভাৱিছিলো, ছোৱালীজনী অলপ মডাৰ্ণ নেকি ...... খঞ্জুই কও নকওকৈ কলে
- কি কব খুজিছ, আমাৰ বিকু কি মডাৰ্ণ নহয়ে নেকি..... শ্যামলদাই মোৰ ফালে চাই কলে
- মানে
- কেনেকে চিনি পাৱ, কত লগ পাইছ ..... চন্দনদাই সুধিলে
- পেলেচিয়াত ...... খঞ্জনে কলে
- সেই যে পল্টনজাৰত আছে, ছাদত যে চুইমিং পুল আছে , সেইখন বাৰত ..... শ্যামলদাই সুধিলে
- অ

অফত খঞ্জু কেতিয়াবা গুৱাহাটীলৈ যায় । গুৱাহাটীত খঞ্জুৰ ক্লাছ ফ্ৰেইন্ডৰ ডাঙৰ গেং এটা চেটেল হৈ আছে । খঞ্জু গলে তামাম পাৰ্টি চলে । নাইট, লেট নাইট, আৰলি মৰনিং পাৰ্টি চলে । আৰু পাৰ্টিবোৰ সাধাৰণতে অবিবাহিত ডেকাসকলৰ পাৰ্টিৰ লিচিনাই হয় ।

এক্সপাৰ্ট পেনেলে খঞ্জুৰ মতক বিষেয গুৰুত্ব দি সুদীৰ্ঘ আলোচনা কৰে আৰু বিভ্ৰান্তিমুলক তথ্য দিয়াৰ বাবে দীৰুদাক তীব্ৰ ভতসনা কৰে । দীৰুদাই ইনচাফিচিয়েন্ট ডাটাৰ বাবে এক্সপাৰ্ট পেনেলৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয় । এক্সপাৰ্ট পেনেলে শাস্তিস্বৰুপে পাৰ্টিটোৰ সমস্ত খৰচ দীৰুদাৰপৰা আদায় কৰে ।
(ডি.এছ.এ এক্সপাৰ্ট পেনেল এতিয়া পৰবৰ্তী কেচৰ অপেক্ষাত )

কনট্ৰাষ্ট

কোনোবা মহিলাই যদি ৰংচঙীয়া কাপোৰ এযোৰ ধুনিয়াকৈ সাজি কাচি পিন্ধি আপোনাক আহি সোধে........ কেনেকুৱা লাগিছে
এই প্ৰশ্নটোৰ উত্তৰটো এটা ইউনিভাৰচেল কন্সটেন্ট । ইয়াত ভুল শুদ্ধ ৰ কথা নাহে ।
- ৱাও, বিৰাট ধুনিয়া লাগিছে দেই, আল্টিমেট.......... এইবুলি আপুনি কবই লাগিব
কাজিনৰ বিয়া । ডাঙৰ বাইদেৱে কমলা কালাৰৰ পাটৰ ছেট এযোৰ পিন্ধিছে । বাইদেউৰ গলধনলৈ মোৰ চকু গল । গলত গোটেই গলধন আৱৰি বিৰাট আকাৰৰ ডাঠ সেউজীয়া ৰঙৰ গলপতা এধাৰি ।
বহুতদেৰি ভাবি একো নোপোৱাত বাইদেউক মই শুধিয়েই দিলো
- গলত এইপাত মানে এক্সেক্টলি কি হয়
- অ, কেনেকুৱা লাগিছে......... বাইদেৱে হাহি এটা মাৰি উচ্চাসিত হৈ সুধিলে
সচা কথা কবলৈ গলে কমলাৰ লগত সেউজীয়া, কি বুলি কম, বিৰাটেই বেয়া লাগিছে । ইফালে বাইদেৱে হাঁহিটো কন্টিনিউ কৰিয়েই আছে।
- ধুনিয়া, বিৰাটেই ধুনীয়া, একেবাৰে আনকমন ষ্টাইল, অৰেঞ্জ উইথ গ্ৰীণ, কনট্ৰাষ্ট, বঢ়িয়া......... মই যিমান পাৰি বাইদেউৰ হাঁহিটো কন্টিনিউ ৰখাৰ চেষ্টা কৰিলো ।

বাৰ্বিকিউ

দিপাংকৰৰ বিয়া পৰহিলৈ । খবৰ লবলৈ ৰাতিপুৱা ফোন এটা কৰিলো । নতুনকৈ লোৱা জিয়ৰ নাম্বাৰটোৰে ফোন কৰিলো ।
- হেলো দিপাংকৰ
- হেলো
- বিয়াৰ যা যোগাৰ কেনে চলিছে
- ভালেই, কিন্তু কোনে কৈছে বাৰু
- কিয় মাতটো চিনি পোৱা নাই নেকি
- নাই

চাল্লা তিনিবছৰ কটনত একেলগে পঢ়িলো, ধুৰ।
- মই বিকাশ
- কোন বিকাচ

মা কচম, বিয়ন্ড লিমিট । ইগো হাৰ্ট হৈ গল । চাল্লা বিয়াত গিফ্ট দিম বুলি ভাবিছিলো, নিদিও যা । ইমান হিউমিলিচন ।
আৰু দুবাৰমান চিনাকি দিয়াৰ পাছত দীপাংকৰে চিনি পালে ।
এইটো সচা যে যোৱা বেচ কিছুদিনৰপৰা লগৰবোৰৰ লগত টাচ নাইকিয়া হৈ গৈছে। মানুহবোৰে কি মোক পাহৰি গল নেকি বাৰু ।

এইবাৰ জিয়ৰ নাম্বাৰটোৰে অলকেশলৈ ফোন কৰিলো ।
অলকেশে মাতটো শুনিয়েই মোক মই বুলি চিনি পালে । উফ ৰক্ষা । অলকেশে ঢেকিয়াজুলিৰ পৰা গুৱাহাটীলৈ আহি আছে।
কিছুসময় পাছত দীপাংকৰে ফোন কৰি বহুত বাৰ ছৰী খুজিলে । দুলীয়াজানৰ পৰা গুৱাহাটীলৈ আহি আছে বাবে ফোনত আৱাজটো চিনাত অসুবিধা হল বোলে। মাফ কৰি দিলো আৰু। বিয়াত ভাল গিফট এটা দি দিম আৰু।
সন্ধিয়াৰ সময় । চোতালত জুই ধৰি মাছ পুৰি আছো। ধনিয়া, পিয়াজৰ পাত আৰু অলপ পেৰা তেলৰ সৈতে পোৰা মাছৰ পিটিকা। অপূৰ্ব সোৱাদ ।

সোৱাদৰ কথা ভাবিয়েই জিভাৰ পানী পৰি আছে।
এনেতে ফোনটো বাজিল । অজীব টাইপৰ নাম্বাৰটো। বোধহয় দিল্লীৰ নাম্বাৰ । ইন্সুৰেন্স কোম্পানী, বা কাষ্টমাৰ কেয়াৰৰ হব । টিঙিচকৈ খং এটা উঠি আহিল । চাল্লা । গালি দিয়াৰ মনেৰে ফোনটো ধৰিলো ।
- অ বিকাশ, মই আহি পালো......... সিফালৰপৰা পুৰুষ কন্ঠস্বৰ এটা শুনিবলৈ পালো ।
দীপাংকৰেই হব । সি গুৱাহাটী পালে মানে ।
- বঢ়িয়া, ঠিকে ঠাকে আহি পালা তো..... মই শুধিলো
- ৪ টা মান বজাত পালো
- বাকী প্ৰিপাৰেচন ঠিকে আছে তো
- আছে
- এতিয়া যাব নোৱাৰিম দেই ভাই, বহুত ইম্পৰটেন্ট কাম এটাত ফচি আছো....... মই পুৰি থকা মাছ দুটা লুটিয়াই দিলো
- হব একো নাই
- আচ্ছা লকেচনটো ৱাটছএপ কৰি দিবা, কাইলৈ ৰাতিপুৱাই ভিজিট দিম
- অকে
- কিন্ত ৰাতিপুৱা কিন্ত মোক বহুত দুখ দিলা দেই, চিনি নাপালা, ধুৰ, ইগো হাৰ্ট হৈ গৈছে দেই ভাই
- মানে
- মানে চানে বাদ দিয়া, অলকেশক ফোন কৰিছিলো, সি ঢেকীয়াজুলিৰ পৰা আহি আছে, জীৱনক কিন্ত কন্টেক কৰিব পৰা নাই
- এক মিনিট, মই কোনে কৈছো ধৰিব পৰা নাই নেকি
মোৰ তীক্ষ্ণ মগজুৱে এবাৰ ৰিফ্ৰেছ মাৰিলে ।
- আব্বে জীবন, ইমান দিনৰ মুৰত, দীপাংকৰ টাইপ লাগিল আৱাজটো...... মই কলো
- ধুৰ, কি যে হব......... সিফালৰপৰা হতাশাজনক সুৰ এটা কাণত পৰিল।

বহুত গিল্টি ফিলিং আহিল ।
ফোনৰ সিপাৰে অলকেশ আছিল ।

আলুভাজি

লগৰ এটাৰ বিয়া । আমি বৰযাত্ৰী । কইনাৰ ঘৰ পালোগৈ । দৰা নামিল । চাউল মৰামৰি হল । ঢোলৰ চেওত জীৱন, অলকেশ, সুব্ৰতে খুব নাচিলে । মই মবাইলত ফটো মাৰিলো।

কিছুদেৰিৰ নাচোন বাগোনৰ পাছত আমি ৰভাতলীত সোমালো । এফালে কফি পকৰাৰ ষ্টল । ষ্টাৰ্ট কৰি দিলো ।
- মেইন কৰ্চ আছেই, বেছি নদবাও..... সুব্ৰতে কলে

মই প্লেটত লোৱা দুটা পকৰা অলকেশলৈ পাচ কৰি দিলো। অলকেশ খঙাল চাৱনি এটা দিলে ।
অলপ সময় চুচুক চামাক কৰাৰ পাছত মেইন কৰ্চলৈ পোনালো ।

চালাড । ধুৰ । চাটনি, পাপড় বাইপাছ কৰিলো । প্লেইন ভাত আৰু ভেজ পোলাও । পোলাও এচামুচ ললো । কাষত সৰু আলুভাজি । অলপ লৈ ললো । দাইল অলপ ললো । ভেজ কোফটা । ভেজ আৰু বিয়াত খায় নেকি । কোফটাৰ কাষত চাহী পনীৰ । পনীৰ খোৱাৰ মুড নাই আৰু ।
- কি হল পেটলা, কোফটা পনীৰ লোৱা নাই যে...... লাইনত মোৰ পাছত থকা জীৱনে সুধিলে । সকলো আইটেম অলপ অলপ লৈ তাৰ প্লেটখন প্ৰায় ভৰ্তি ।
- সিংহই কেতিয়াবা ঘাঁহ বন খোৱা দেখিছা নেকি....... মই মোৰ টিপিকেল ডায়লগটো জীৱনক ডেলিভাৰ কৰি দিলো ।
মই নেক্সট আইটেমলৈ এখোজ দিলো ।

পনীৰৰ কাষত ৰসগোল্লা । ৰসগোল্লা । হিচাপমতে পনীৰৰ কাষত চিলি ফিচ বা ফিচ কালিয়া, তাৰ পাছত চিলি চিকেন, মাটন কাৰী থাকিব লাগে । নাই ।

ইফালে সিফালে চালো । কিবা মিছ কৰি আহিলো নেকি । ভুলতে ভেজ ষ্টলৰ লাইনত অহা নাই তো । নাই । অলপ চিন্তাত পৰি গলো ।
- ভাইটি চিকেন টিকেন নাই নেকি...... মই কেটাৰিঙৰ লৰাজনক সুধিলো
- দাদা, শংকৰী বিয়া হয়......... কেটাৰিঙৰ লৰাজনে বঢ়িয়াকৈ হাহি এটা মাৰি দিলে

প্লেটত সেই সময়ত মোৰ পোলাও, দাইল আৰু আলুভাজি ।

এটা টাটু, এজন হালৈ

দেবাশীষ নন্দীৰ বিয়া । হোটেল পৰশুৰামত । ৰাতি ৯-৪৫ ত পৰশুৰাম হোটেলৰ সমুখ পালোগৈ । নন্দীক ফোন কৰিলো । সি গোৱালপাৰাৰ পৰা বিবাহযাত্ৰীৰ লগত আহি আছে । এঘন্টামান লাগিব । গাড়ীখন অলপ আতৰতে পাৰ্ক কৰি মবাইলটো উলিয়ালো । কেন্ডী ক্ৰাছ খেলিয়েই টাইম কিল কৰিব লাগিব ।
- এই বিকাছ দা, কত চুকত সোমাই আছে ..... কোনাবাই মতা কাণত পৰিল

হালৈ , জোচিলা, চিয়েৰফুল, স্মাৰ্ট দীপু হালৈ । দেবাশীষৰ একে বেটছৰ, মোৰ জুনিয়ৰ, চাণক্যদাৰ খাচ পাৰ্টনাৰ । প্ৰায় ডেৰবছৰমান পাছত তাক লগ পাইছো । যোৱাবাৰ লগ পাওতে তাৰ চেহেৰাটো বেচ চাফ চিকুণ আছিল । এতিয়া সি দাড়ি ৰাখিছে । অবাইছ দাড়ি । নাকৰ তলত অনিল কাপুৰ , ওঠৰ তলত তাৰে জমীন পৰৰ আমিৰ খান আৰু থুতুৰীত .... থুতুৰীত ভোবোলা ছাগলীৰ দৰে ঘন কলা জিলিকি থকা এগালমান দাড়ি ।

হালৈ কাষ চাপি আহিল ।
- আৰে বাবা, ইমান দিনৰ মুৰত , চালিয়া দাড়ি বনাইছা দেখোন ....... মই কলো

হালৈয়ে কম্প্লিমেন্ট পাই হাহি এটা মাৰিলে ।
ঠান্ডাৰ দিন । মই জেকেট এটা পিন্ধিছো । হালৈয়ে ব্লেজাৰ, ছাৰ্ট আৰু তলত হাফ চুৱেটাৰ এটা । তথাপিও ঠান্ডা ফিলিং এটা আহি আছে ।
হালৈৰ সৈতে কথা বতৰা পাতিলো । ৰীগ, ড্ৰিলিঙ , ডি.আই.চি ইত্যাদি ।

কিছুসময় পাছত এগালবান বৰযাত্ৰীৰ সৈতে দেবাশীষ আহি পালে । কইনাঘৰীয়াৰ ফালৰ পৰা ঢোল-পেপা-নাচনী বাজি উঠিল । দেবাশীষৰ ফালৰপৰা ফটকা-আচছবাজী চলিল । হোটেল পৰশুৰাম ঢোল-পেপা-আতছবাজীৰে ৰজনজনাই উঠিল । ফটকাৰ ছিটিকনিৰপৰা বাচিবলৈ হালৈ আৰু মই অলপ দুৰলৈ আতৰিলো ।

শব্দ অলপ কমা যেন পোৱাত স্কৰপিয়ৰ মাজছিটত দৰাৰ সাজত বহি থকা দেবাশীষক মাত লগাবলৈ আগবাঢ়িলো । ইতিমধ্যে সৰু সুৰা ভীৰ এটাই দৰাৰ গাড়ীখন আগুৰি ধৰিছে ।

মই দেবাশীষৰ পৰা পাচফুট দুৰত । কিন্ত হালৈ, হালৈ কত । ভীৰৰ মাত চকু ফুৰাই হালৈক আবিষ্কাৰ কৰিলো । হালৈ পুৰা ষ্টেচনাৰী হৈ আছে । হালৈৰ সমুখত টাটু এটা । টাটুটো আছে পিঠি এখনত । পিঠিখনৰ ৯০ শতাংশ অনাবৃত । আৰু হালৈ , দিন-ৰাতি-পাহাৰ-ভৈয়াম নেওচি একেঠাইত স্থিৰ হৈ ৰোৱা হালৈ ।
- অই হালৈ, এইফালে........ মই চিঞৰি হালৈক মাতিলো

হালৈয়ে সম্বিত ঘুৰাই পালে । লগে লগে পিঠিৰ টাটুটোৰ পৰা চকু আতৰাই সি মোৰফালে আহিল । দেবাশীষক মাত লগাই আমি অলপ আতৰলৈ আহিলো ।
- বাপৰে বিকাছ দা ......... হালৈয়ে কলে
- কি হল
- এই জানুৱাৰী মাহৰ ৰাতি, ইমান ঠান্ডা, আপুনি জেকেট , মই কোট পিন্ধিও ঠান্ডা লাগিছে , আৰু সিফালে চাওক ........... হালৈয়ে টাটু খকা যুবতীগৰাকী, আশে-পাশে থকা ছোৱালী-যুবতী-মহিলাসকললৈ দেখুৱাই দিলে ।

মই আৰু এবাৰ চকু ফুৰালো । মাত্ৰ তিনিগৰাকী একেবাৰে বুঢ়ী আইতাৰ গাত শ্বল । বাকী যিমান যুবতী-মহিলা কাৰোৰে গাত না চুৱেটাৰ, না জেকেট, না শ্বল ।
প্ৰাইমাৰী স্কুলত গাত ৰদ নলগা আৰু বৰষুণ নপৰা মানুহৰ কথা পঢ়িছিলো , হালৈ আৰু মই এটা বস্ত পুনৰ হৃদয়ংগম কৰিলো ।
গাত ঠান্ডা নলগা মানুহ....... বিয়ালৈ অহা মহিলাসকল ।

ডাইলেমা

চাইটত আজি পাৰ্টি আছে । খঞ্জনে চিকেন ৰান্ধি আছে । ৰীগৰ ইনচাৰ্জ সুভাষ শইকীয়াই ককালত হাত দি মনতে দিনটোৰ কামৰ প্লেন বনাই আছে । উতপল কোৱৰে কাণত হেডফোন লগাই মবাইলত গেম খেলি আছে । মই মবাইলত ফেচবুক চাই আছো । অলপ আগতে মোলৈ এটা মেচেজ আহিছে । মেচেজটো পঢ়ি মই অলপ চিন্তাত পৰি গৈছো । অদুৰত ধুলি উৰুৱাই চাইটলৈ আহি থকা গাড়ীখন এৰিয়া মেনেজাৰ ৰমেশ কালৰাৰ ।

স্নেপশ্বট ১-

একোতে মন বহাব পৰা নাই দিগন্তই । নয়নিকাক চাবলৈ গুৱাহাটীৰ পৰা মানুহ আহিছে । বহুত ডাঙৰ ঘৰৰ মানুহ , টকা-পইচা থকা মানুহ । নয়নিকাক ঘৰৰ মানুহে এইকেইদিন ঘৰৰ পৰা ওলাব দিয়া নাই । তাইৰ ফোনটোও কাঢ়ি খৈছে । দিগন্তই কি কৰিব ভাবি পোৱা নাই ।
সি নয়নিকাক ভাল পায় । তায়ো তাক ভাল পায় । স্কুলীয়া দিনৰে পৰা সিহত দুটা বন্ধু । এতিয়া একোখন কলেজতে দুয়োটা পঢ়ে । তাই চাইন্স, কেমেষ্ট্ৰী মেজৰ ফাইনেল চেমিষ্টাৰ । সি আৰ্টছত , পল চাইন্স ।
কিন্ত তাৰ মাজতো এটা কথা আছে । তাৰ ঘৰৰ অৱস্থা ভাল নহয় । তাৰ ওপৰত বায়েক দুজনী আছে । দেউতাকৰ সৰু গেলামালৰ দোকান । সি পঢ়াত ইমান চোকাও নহয় । মুঠৰ ওপৰত বি.এ টো কৰাৰ পাছত কি কৰিব সি নাজানে । কিন্ত এটা কথা সি জানে যে সি আৰু নয়নিকাই ইটোৱে সিটোক বহুত বহুত ভাল পায় ।

স্নেপশ্বট ২ -

- আব্বে দিগ্গু , তোৰ মালপিচৰ বাবে পাৰ্টি আহিছে বে ......... এইবুলি কৈ লৰাটোৱে বাইকখন ৰখাই ৰজনীগন্ধা পেকেট মুখত ধালি দিলে
- কোনপিচ ........ দিগ্গু যেন লগা লৰাটোৱে সুধিলে
- সেই যে তই বহুত চান্স মাৰিছিলি, তোক যে হাৱাই নিদিলে
- আব্বে নয়নিকা, এম.এন.চিৰ পিচটো...... দিগ্গুই হাতত থকা চিগাৰেটটো এবাৰ ফুকিলে
- অ বে , গুৱাহাটীৰ পাৰ্টি , ডাঙৰ পাৰ্টি , ৰিফাইনাৰীৰৰ পাৰ্টি বোলে , পচন্দ কৰি গৈছে বোলে ........... লৰাটোৱে ৰজনীগন্ধাৰ পিক পেলালে
- কে# মা%@& , চাই লম বে তাইক , মোক ইনচাল্ট কৰে , কি নাই বে মোৰ , চাল্লা @#$%& , *^%$##% ......... দিগ্গুৰ ভইচটো অলপ ডাঙৰ হৈ গল

দিগ্গুৰ পুৰা নাম দিগন্ত । কলেজলৈ সি সদায় যায় যদিও সি কি পঢ়ি আছে কোনেও নাজানে । বাপেক ৱাৰ্ড মেম্বাৰ । সোৱে বাৱে অগাধ সম্পত্তি । তাৰ চাৰিখনমান বাইক আছে , নতুনকৈ সি ডুকাটি এখন লৈছে । সি টাউনৰ ছোৱালীবোৰ তাৰ বাবে পাগল বুলি ভাৱে । সিও চোলা সলোৱাদি গাৰ্লফ্ৰেন্ড সলায় । কিন্ত নয়নিকা নামৰজনীক সি পতাব নোৱাৰিলে । সি বহুত ট্ৰাই কৰিছিল , বহুত দানা পেলালে, কিন্ত বৰশীত নয়নিকা নালাগিল । সেইটো সি লাইফৰ এটা ফেইলাৰ বুলি ভাৱে ।
----------------
এৰিয়া মেনেজাৰ ৰমেশ কালৰাৰ গাড়ীখন চাইটত সোমাইছে । ৰীগ ইনচাৰ্জ গাড়ীখনৰ ফালে আগুৱাই গৈছে । উতপল কোৱৰে মবাইলত গেম এৰি অলপ সতৰ্ক হৈছে । খঞ্জনে কিন্ত চিকেন এৰি দিয়া নাই ।

এৰিয়া মেনেজাৰ চাইট ভিজিটত অহা কথাটোতকৈ বেছি চিন্তাত পেলাইছে মোলৈ অহা মেছেজটোৱে । কোনোবা দিগন্ত নামৰ লৰাই মেচেজ দিছে । নয়নিকা নামৰ ছোৱালী এজনীৰ সৈতে তাৰ বহুদিনৰ ভালপোৱাৰ সম্পৰ্ক । দৰকাৰ হলে সি বোলে তাৰ বহুত প্ৰমাণো দিব পাৰে । মই বোলে ভালে ভালে আতৰি যোৱাই তিনিওজনৰ কাৰণেই ভাল ।
এৰিয়া মেনেজাৰ আহি চাইটত অন ডিউটি ফেচবুক কৰি থকা অৱস্থাত হাটে লোটে ধৰাৰ চিন্তাতকৈও ডাঙৰ চিন্তা টো হৈছে এই দিগন্ত বোলাটো দিগন্ত-১ টাইপৰ নে দিগন্ত-২ টাইপৰ ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...