Wednesday, August 2, 2017

চান্দা

কেইবছৰমান আগৰ কথা। তেতিয়া চাকৰিত জইন কৰা বেছিদিন হোৱা নাই । ডেৰাডুনত ট্ৰেইনিঙৰ পাছত অসমত পোষ্টিং ।
সন্ধিয়া হোটেল এখনত চাহ খাই আছো । ৰাজস্থানী হোটেল । এনেতে তজবজীয়া লৰা কেইটামান হোটেললৈ সোমাই আহিল । জাতীয়তাবাদী সংগঠন এটাৰ লৰা, বিহু পাতিছে, চান্দা লাগে ।
- ঐ ইয়াৰ নামত দছ এটা কাটি দে....... অলপ লীডাৰ যেন লগা লৰাটোৱে কলে

দছ মানে দহ হাজাৰ টকা । বাপৰে, পইচা গছত লাগে নেকি, মই মনে মনে ভাৱিলো ।
হোটেলৰ মালিকে অলপ থেৰো গেৰো, কাবৌ কাকুতি কৰিলে । কিন্ত লৰাকেইটা আকোৰগোজ, দহ মানে দহ, কম নহব, বিহু ডাঙৰকৈ পাতিব, দামী আৰ্টিষ্ট মাতিছে, বাজেট বেছি, গতিকে পইচা লাগিবই।
- আমাৰ বায়ু পানী খাই তহতি বিজনেছ কৰিছ আৰু আমাৰ জাতীয় উৎসৱত চান্দা নিদিবি, এইচব নচলিব.......... লৰা এটাই উচ্চস্বৰত কলে
- চাওক ৰে বাবা, কিমান পাৰ্টি আহে চান্দা বিচাৰি, দছ তো বহুত বেছি হৈ যায়, আমাৰ বিচনেচে নহয় ইমান....... হোটেলৰ মালিকে কলে

ঠাআআচ.......

তীব্ৰ শব্দ এটা কাণত পৰিল । হোটেলৰ মালিকৰ গালত লৰা এটাৰ পুৰ্ণহতীয়া চৰ ।
- চান্দা নিদিবি, চাল্লা & #@%, কেনেকে ইয়াত দোকান চলাৱ চাওঁ, #&@%,&%@#

দিল কপি গল । কোম্পানীৰ লগো থকা টুপী এটা পিন্ধি আছিলো মুৰত । লগে লগে টুপীটো খুলি হাতৰ মুঠিত ললো । চান্দা পাৰ্টিৰ চকুত পৰাৰ আগতেই তাৰপৰা পলালো ।

মা কচম, তাৰ পাছত কোম্পানীৰ লগো থকা টুপী, জেকেট আদি পিন্ধাই বাদ দিলো । কি ঠিক কোনদিনা চান্দা পাৰ্টিয়ে কত, কেনেকৈ হামলা দিয়ে ।
কোনে ৰিক্স লব।

অন্নপ্ৰাশনত-২

গাম্পুৰ অন্নপ্ৰাশন । গাম্পু মানে জুনিয়ৰ দীৰুদা । চুইট, লিটল , কিউট গাম্পু । অন্নপ্ৰাশনৰ ভেনু উগ্ৰতাৰা মন্দিৰ । দুপৰীয়া উগ্ৰতাৰা পালোগৈ । ইতিমধ্যে অন্নপ্ৰাশনৰ কিবা কিবি নীতি নিয়ম চলি আছিল । গাম্পুৰ গিফট অৰ্থাত চেৰেলেকৰ পেকেট এটা গাম্পুক হেন্দ অভাৰ কৰি দিলো । প্ৰত্যুত্বৰত গাম্পুই মুখ মেলি হাহি এটা মাৰি হাত দুখন জোকাৰিলে । মানে গাম্পু পুৰা হেপী ।

গাম্পুক হেপী কৰাৰ পাছত চকী এখনত বহি দিলো । মন্দিৰটোত একেলগে লগুনদানিৰ প্ৰগ্ৰেম এটা গৈ আছিল । দীৰুদা অলপ ব্যস্ত হৈ আছে । মই মানুহবোৰকে চকু ফুৰাই আছো ।
- আব্বে বেলুন নহয়নে , ইমান দিনৰ মুৰত , একদম ফুলি গলি দেখোন

কথাখিনিৰ উত্স বিচাৰি চকু ফুৰালো । শকত আৱত মোৰ বয়সৰে লৰা এটা , মোৰফালে চাই আছে ।
তাৰ চেহেৰাটো ঠিক ধৰিব পৰা নাই । মোক সি বেলুন বুলি কৈছে । কোন হব পাৰে সি । মই মনে মনে ভাৱিবলৈ ধৰিলো ।
- আব্বে ধৰিব পৰা নাই নেকি, মই ছলাসুৰ ....... লৰাজনে কলে

ছলা- সুৰ আৰু বেলুন , মানে স্কুল । ছলাসুৰ মানে.....
- আৰে চালা , ইমান দিনৰ মুৰত, কৈলাশ , চিনিবই পৰা নাছিলো দেই, বহুত বছৰ হল নহয় ............ মই কলো

স্কুলৰ দিনৰ বন্ধু, কৈলাশ গোস্বামী । কৈলাশৰ খা খবৰ ললো । সি বৰ্তমান মুম্বাইত থাকে । কাজিনৰ লগুনদানিলৈ আহিছে । দুবছৰ আগতে বিয়া পাতিলে , তাৰ কোম্পানীতে একেলগে চাকৰি কৰা মাৰাঠী ছোৱালী এজনীক ।
- আৰু কি বে, বিয়া চিয়া কেতিয়া........ কৈলাশে সুধিলে
- ছোৱালী চাই আছে ঘৰৰ পৰা ...... মই কলো
- গাৰ্লফ্ৰেন্ড
- নোৱাৰিলো ভাই , তোৰ নিচিনা স্মাৰ্ট নহয় নহয় ....... মই কলো

কৈলাশে অলপ কিবা ভাবিলে । তাৰ পাছত কলে
- কাজিন এজনী আছে মোৰ, এম.বি.বি.এছ কৰি আছে
- ডাক্টৰ এফৰ্ট কৰিব নোৱাৰিম ভাই....... মই কলো
- আৰু এজনী আছে , উইপ্ৰত চফটৱেৰ ইঞ্জিনিয়াৰ
- মোৰ সাধ্যৰ বাহিৰত , অলপ কমত নাই নেকি ..... মই সুধিলো

কৈলাশে আৰু অলপ ভাবিলে ।
- ইউনিভাৰচিটীৰ পৰা এম. এ, বি.এড কৰি আছে
- এম.এ, বি এড , চলিব ........... মই কলো

কৈলাশ আৰু মই লগুনদানিৰ হলটোত এন্ত্ৰি মাৰিলো । কৈলাশে কাৰোবাক হাত বাউল দি মাতিলে । ছোৱালী এজন আমাৰ কাষ পালেহি ।
- এয়া পল্লবিকা, মোৰ আজাৰাত থকা মাহীৰ ছোৱালী আৰু এয়া মোৰ স্কুলৰ টাইমৰ একেবাৰে জিগৰী দোস্ত....... কৈলাশে চিনাকি কৰি দিলে

মই সৌজন্যমুলক হাহি এটা মাৰিলো । পল্লবিকাইও হাহিৰে প্ৰত্যুত্বৰ দিলে ।
- পল্লবিকা কিন্ত পঢ়াত তামাম দেই , মেট্ৰিকত আঠ নম্বৰ, হায়াৰ ছেকেন্ডাৰীত কটনৰপৰা চাৰি নম্বৰত ষ্টেন্ড, ইউনিভাৰচিটিৰপৰা এডুকেচনত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ............. কৈলাশে উতসাহেৰে কলে
- আচ্ছা, বঢ়িয়া, পাছে তুমি চাইন্স কিয় নপঢ়িলা, বেছিভাগে তো চাইন্সে লয়...... মই সুধিলো
- মানে ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ ইচ্চা নাছিল ... পল্লবিকাই হাহি এটা মাৰি কলে
- তেন্তে, কি হোৱাৰ ইচ্ছা আছিল
- মানে , মোৰ টিচাৰ হোৱাৰ খুব ইচ্ছা
- শিক্ষক, বহুত বঢ়িয়া , নাইচ, মোৰো শিক্ষক হোৱাৰ ইচ্ছা আছিল, কিন্ত ভাগ্যই টানি বেলেগত পেলাই দিলেগৈ ........ মই কলো

মই মনে মনে হিচাপ এটা কৰিলো । চোকা ছোৱালী , ঠিকেই আছে , লগতে স্মাৰ্টো, ঠিকেই আছে, দেখাতো ভালেই , ঠিকেই আছে । কিন্ত প্ৰবেলেমটো হল চাকৰি কৰিব । ইমান কোৱালিফাইড হোৱাৰ পাছত চাকৰি নকৰাৰ প্ৰশ্নই নাই ।
- জব এপ্লাই কৰি আছা ছাগে ...... মই সুধিলো
- এক্সুৱেলি নেট ক্লিয়াৰ হোৱা নাই, এইবাৰ জুনত ভালকে দিম, শ্লেট আছে, বি.এডটো কৰি আছো এতিয়া ...... পল্লবিকাই কলে
- চাকৰি তো পাবাই, আৰু পালে তো কৰিবাই, নহয় জানো
- সেইটো তো হয়েই দিয়কচোন..... পল্লবিকাই কলে

আকৌ হিচাপ এটা কৰিলো । যদি মই মোৰ চাকৰিটো এৰি দিও । চলি যাব । এই চাকৰিটো এৰি দিলেও মই আৰামত চলিব পাৰিম । ৱাইফে চাকৰি কৰিলে তেতিয়া প্ৰবলেম নাই । এনেও মই আৰামপ্ৰিয় জীৱ, ঘৰত টিভি চাই , কম্পিউটাৰত গেম খেলি ভালেই পাও, ৰন্ধা বঢ়াও মোৰ এটা চখ । আৰু কবলৈ গলে মোৰো মোটামোটি টেলেন্ট আছে । মইও টাইম পাচ কৰিবলৈ অইন কিবা কিবি কৰিব পাৰিম । কিবা ষ্টাৰ্ট আপ, ব্যৱসায় , টিউচন, কচিং । চলিব । আৰামত চলিব ।

কিন্ত ইয়াত প্ৰবলেম এটা আছে । কোম্পানীৰপৰা লোৱা লোণটো । চল্লিছ লাখৰ লোণ লৈ ঘৰ বনাইছো । মোটামোটি কোম্পানীৰ সৈতে বন্ড চাইন কৰাৰ নিচিনাই । অংকটোত এইখিনিতে অলপ ভেজাল আছে ।
টিপ টপ বঢ়িয়া লাইফ চলি আছে, ভেজালত সোমোৱাটো বুধিয়কৰ কাম নহব ।

কিছুদেৰিৰ পাছত লগুনদানি বাদ দিলো । অন্নপ্ৰাশনলৈ ৰিটাৰ্ণ আহি গলো । গাম্পু তেতিয়া আইতাকৰ কোলাত । গাম্পুৰ গালখন লাহেকে পিটিকি দিলো । গাম্পুই মুখখন মেলি হাহি এটা মাৰি হাত দুখন জোকাৰিলে । মানে গাম্পু পুৰা হেপী হৈ আছে ।

GATE ৰ গেটখন- (3)



( কম্পিটিচন)

আচলতে ক্ৰেডিট দিব লাগিব অপুৰ্বক । অপূৰ্ব কলিতা, বৰ্তমান বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক ।
২০০৭ চন , ডিগ্ৰী পাছ কৰি ইউনিভাৰ্চিটিত এডমিচন লৈছো । ক্লাছটোত কটনৰ সাতজন, বি বৰুৱাৰ সাতজন । কিন্ত বি বৰুৱাৰ কেইটা আমাৰ লগত নিমিলে । আমি কটনৰ কেইটা বিন্দাছ টাইপৰ । ক্লাছৰ পাছত ক্ৰিকেট খেলো, আদ্দা মাৰো আৰু হোষ্টেল, ৰুম পাওগৈ । বি বৰুৱাৰ কেইজন ইউনিভাৰ্চিটিৰ ক্লাছৰ পাছত ঘুৰি পকি আকৌ বি বৰুৱা পায়গৈ । মানে আমাৰ মতে সিহতি অলপ বেছি দেখায় । লৰাকেইটা অলপ ৰিজাৰ্ভ টাইপৰ ।

ক্লাছতো নেক টু নেক কম্পিটিচন । ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ফৰ্থ সিহতৰ, ছেকেণ্ড, থাৰ্ড আমাৰ । আমি কটনৰকেইটা কটনিয়ান বুলি ইগো এটাও পুহি ৰাখিছো । আমাৰ মতে আমি সিহততকৈ বহুত বেছি টেলেন্টেড ।
ফাৰ্ষ্ট চেমিষ্টাৰ পাৰ হল । তেতিয়ালৈ আমি ক্লাছৰ বাকী লৰা ছোৱালী কেইটাৰ লগত ভালকৈ মিক্স আপ হৈ গৈছো । বি বৰুৱাৰ কেইটা তেতিয়াও ৰিজাৰ্ভ টাইপৰ হৈ আছে ।

ছেকেণ্ড ছেমিষ্টাৰৰ আৰম্ভনি । বি বৰুৱাৰ গোটেইকেইজনে GATE ৰ ফৰ্ম ফিলাপ কৰিছে । আমি হাঁহো । ছেকেণ্ড চেমত আৰু GATE ৰ দৰে টান এক্সাম দিয়ে নেকি। বি বৰুৱাৰ কেইটাই সচাকে বেছি দেখুৱায় ।
আমি ক্ৰিকেট খেলিলো, আদ্দা মাৰিলো, সিহতি GATE ৰ পৰীক্ষা দিলে ।

এপ্ৰিল ২০০৮, ৰিজাল্ট ওলাল । অপূৰ্বই ৯৫ পাৰ্চেন্টাইল লৈ GATE ক্লিয়াৰ কৰিলে । দিনটোৰ ভিতৰতে অপূৰ্ব ডিপাৰ্টমেন্টৰ ষ্টাৰ হৈ পৰিল । জুনিয়ৰ, চিনিয়ৰ, ৰিচাৰ্ছ স্কলাৰ সকলোৰে মুখে মুখে এটাই কথা । ছেকেণ্ড চেমৰ লৰা এটাই ৯৫ পাৰ্চেন্টাইল পাইছে, সাংঘাটিক লৰা, নাম অপূৰ্ব কলিতা ।

অপুৰ্বৰ সেই ৰিজাল্টটো আছিল আমাৰ বাবে টাৰ্নিং পইন্ট । আমাৰ বাবে সেই সময়ত GATE ক্লিয়াৰ মানে আছিল IIT বা CSIR লেৱত সোমোৱাৰ এখন দুৱাৰ আৰু আমি নেদেখা এটা বেটাৰ ফিউচাৰ ।

আমি উপলব্ধি কৰিলো যে ক্ৰিকেট খেলি সময় খেদালে নহব, অপূৰ্ব টাইপ হব লাগিব । অপূৰ্বই বেট ধৰিব নাজানিলে কি হল, আল্টিমেট চিক্সাৰটো সিয়েই মাৰিলে । আমি তাৰপাছত অপুৰ্বক অনুসৰণ কৰিবলৈ ললো । অপুৰ্বৰ আশে পাশে আমি ভ্ৰমিবলৈ ললো ।

জুন ২০০৮। এইবাৰ ত্ৰিপল চেঞ্চুৰী পৰিল । ছেকেণ্ড চেমত অপূৰ্ব, অশ্বিনী, প্ৰদুম্নৰ NET-JRF । আমি আশ্বৰ্যচকিত । স্পীচলেচ । কটনিয়ান বুলি যি অলপ ভেম বাকী আছিল সেয়া হাৱা হৈ উৰি গল । বি বৰুৱাৰ স্কৰ ৪, টেলেন্টেড কটনিয়ানচ ০

মোৰ আজিও মনত আছে, সেই ৰিজাল্টৰ দিনৰপৰা ডিপাৰ্টমেন্টত ক্ৰিকেট খেল সম্পূৰ্ণ বন্ধ গৈ গৈছিল । দা বিগেষ্ট টাৰ্ণিং পইন্ট ।
ফেব্ৰুৱাৰী ২০০৯ । GATE দিবলৈ গৈছো । ব্যক্তিগত এটা সমস্যাৰ কাৰণে যোৱা দুমাহ পঢ়া শুনা একো নাই। মানে GATE ৰ প্ৰিপাৰেচনৰ নামত জিৰো । প্ৰথমতে ভালকৈ জনাৰ ভিতৰত ৩৮ নম্বৰ কৰিলো । কিছুদেৰি এনেয়ে ইফাল সিফালে চাই কটালো । মনলৈ ভাৱ আহিল যে ৩৮ ৰে নহব, আৰু কৰিব লাগিব । টুক্কা মৰাত লাগিলো । ৮৫ কৰি বাদ দিলো । বাহিৰ ওলাই অপুৰ্বক লগ পালো। টুক্কা মৰা বাবে সি বেয়া পালে । তাৰ মতে টুক্কা মাৰিব নালাগিছিল ।

এপ্ৰিল ২০০৯ । GATE ৰ ৰিজাল্ট ওলাল । অপূৰ্বকে ধৰি বি বৰুৱাৰ তিনিজন । আমাৰ হৈ গণেশে নাকটো বচালে । ৭-১ ত বি বৰুৱা আগবাঢ়িল ।

আৰু মই । ৰিজাল্ট চাই মোৰ নিজৰ গালত চৰ কেইটামান দিও যেন লাগিছিল। কাট অফ ৩২, মই পালো ৩০। কিহে পাইছিল টুক্কা মাৰিবলৈ । বহুত অনুশোচনা হল । গেটত মই বিফল হলো।

কিছুদিন পাছত NET ৰ ৰিজাল্টত জীৱন আৰু মই কাম বেক কৰিলো । কিন্ত আকৌ অপূৰ্ব, প্ৰদ্যুম্ন, হেমন্ত ই স্কৰ কৰিলে । সামগ্ৰিকভাৱে ১০-৩ ৰ বিশাল ব্যৱধানত বি বৰুৱাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলো ।

গণেশ, জীৱন,মই মিলি স্কৰ ৩, দুটা গেট, দুটা নেট মিলি অপুৰ্বৰ অকলেই স্কৰ ৪। আমি যদি ৰনাল্ডো, ৰিভাল্ডো, ৰণালডিনহো, তেন্তে অপূৰ্ব কলিতা হল মাৰাডোনা ।

আমাৰ মাজত সদায়েই প্ৰতিযোগিতাৰ ভাৱ আছিল । সুস্থ প্ৰতিযোগিতা । যত ইজনে সিজনক আগুৱাই যোৱাত সহায় কৰিছিল ।

(মিছা নো কি কম, আমিনো কি সহায় কৰিম, যি সহায় কৰিছিল অপুৰ্বহতেই কৰিছিল)

এই প্ৰতিযোগিতামূলক মনোভাৱৰ কাৰণেই আমি আমাৰ জোখাৰে বহুত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলো।
বৰ্তমান কটন বনাম বি বৰুৱাৰ আমাৰ ১০ জন লৰাৰ ৮ জনে ভাল ঠাইত চাকৰি কৰি আছে আৰু দুজন বিদেশত ভাল গৱেষণাগাৰত পোষ্ট ডক্টৰেট গৱেষণাৰত ।

সংযোজন:
আমাৰ দিনত GATE যিমান গুৰুত্বপূৰ্ণ আছিল, এতিয়া ইয়াৰ গুৰুত্ব আৰু বাঢ়িছে কাৰণ IIT, CSIR লেৱত এন্ত্ৰিৰ দুৱাৰ হোৱাৰ লগতে সকলো চৰকাৰী কোম্পানীৰ উচ্চ পদবোৰৰ ৰিক্ৰুইটমেন্ট আজিকালি GATE ৰ যোগেদি হয় ।

বি. দ্ৰ.
বৰ্তমান স্কৰ ৫০-৫০

জুবিনক ৰোধিব কোনে

জুবিন গাৰ্গ । ভূপেন হাজৰিকাৰ পাছত কবলৈ গলে অসমৰ আটাইতকৈ জনপ্ৰিয় গায়ক । জুবিনে ১৬ হাজাৰ গান গাইছে । অসমত জুবিন বৰ্তমান গায়ক বা শিল্পী হৈ থকা নাই । জুবিন এটা ব্ৰান্ড, এটা আবেগ। জুবিন এজন জীৱন্ত কিংবদন্তি । জুবিন আহিছে বুলি শুনিলে হিল দল ভাঙি ওলাই আহে মানুহ । একক, অনবদ্য, মহান জুবিন ।

বহুত বছৰ আগৰ কথা । বেলতলা বিহু । মঞ্চত জুবিন । তেতিয়া গেংষ্টাৰ ৰিলিজ হৈছে । য়া আলি গানটো জনপ্ৰিয় হৈছে ।
অসমত হাজাৰ হাজাৰ মঞ্চ বিহু হয় । তাৰ মাজত কেইখন বিহুত হিন্দী গান গাবলৈ দিয়া নহয় । সেইকেইখনৰ মাজত বেলতলা বিহুও আছিল । স্থানীয় পূবেৰুণ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা বেলতলা বিহুই গতি লাভ কৰিছিল স্বৰ্গীয় মৃগাংক চলিহাৰ দিনত ।

বেলতলা বিহুত হিন্দী গান নচলে । এই কথাষাৰ তেতিয়া সত্য আছিল আৰু বেলতলা বাসী হিচাপে আমি ইয়াকে লৈ গৰ্বিত আছিলো যে অন্তত বেলতলা অইনবোৰতকৈ পৃথক । লোকেল মানুহখিনিৰ এটা চেন্টিমেন্ট আছিল ।
কিন্ত সিদিনা মঞ্চত জুবিন । জুবিনে য়া আলী গাবলৈ আৰম্ভ কৰিলে । ৰাইজে চাপৰি বজাই, সুহুৰি মাৰি আৰু কেইটামান চেঙেলীয়াই বান্দৰৰ দৰে জপিয়াবলৈ আৰম্ভ কৰিলে ।

আয়োজক সমিতিৰ পুৰণা সদস্যসকলৰ মাজত উচপিচনিৰ আৰম্ভ হল। বহুতেই য়া আলীৰ তালে তালে সুৰ মিলাব নোৱাৰিলে ।

জুবিনে য়া আলী শেষ কৰিলে । আয়োজক সমিতিৰ ফালৰপৰা ঘোষণা কৰা হল
"বেলতলা বিহুত হিন্দী গান গাবলৈ দিয়া নহয় কিন্ত যিহেতু জুবিন গাৰ্গ অসমৰ এজন শিল্পী, অসমৰ উজ্বল ৰত্ন, গতিকে তেওঁক নিজৰ হিন্দী গান গোৱাত আপত্তি কৰা হোৱা নাই। "

বহুত বছৰৰ এটা পৰম্পৰা, ঐতিহ্য, আবেগক জুবিনে সিদিনা তচ-নচ কৰি পেলালে ।
এটা চেন্টি ধ্বংস হৈ পৰিল ।

সিদিনা বেলতলা বিহুত মৃগাংক চলিহা নাছিল কাৰণ তাৰ বহুবছৰ আগতেই তেওঁ আততায়ীৰ হাতত নিহত হৈছিল ।
মই তেতিয়া বিহুত ভলন্টিয়াৰৰ ৰূপত । সৰুৰেপৰা বেলতলাৰ ডাঙৰ দীঘল হৈছো । বেলতলা বুলি কলে এটা টান আছে । কেইবছৰমান আগতে বেলতলালৈ প্ৰবজন কৰা বা বিহুৰ ফাংচন চাবলৈ অহা অস্থায়ী মানুহবোৰে এই টানটোৰ কথা নুবুজিব ।

তাৰ পাছৰপৰা মই বিহুত জুবিনৰ প্ৰগ্ৰাম চোৱা নাই ।
জুবিনে হাজাৰ হাজাৰ গান গাইছে । হিন্দী গান হাতৰ আঙুলিত লেখিব পৰা । যা আলী বাদ দি বাকী হিন্দী গানকেইটা কাৰোবাৰ যে মনত আছে সন্দেহ । য়া আলীৰ সুৰকাৰ প্ৰীতম, সুৰটোও কোৰিয়ান চিনেমা এখনৰ পৰা চুৰ কৰা । জুবিনৰ ইমানসোপা অতুলনীয় গান থকাৰ পাছতো হিন্দী গান গাবলৈ ইমান উত্ৰাৱল কিয় । নে এইটো জুবিন গাৰ্গৰ জেদ, অহামিকা, অহংকাৰ । মই যি ইচ্ছা তাকে কৰিম কাৰন মই জুবিন, মই নহলে মঞ্চ বিহুৰ গ্লেমাৰ নাথাকে, হু কেয়াৰচ ।

তেতিয়াই মই ভাৱিছিলো, জুবিনক ৰোধিব কোনে । জুবিন বাদ দি তেতিয়া কোনো গ্লেমাৰাছ ছিংগাৰ নাই । জুবিন নাহে মানে বিহুখনত গ্লেমাৰ নাই। বিহু পেন্দেল হাউচফুল নহয় । কেইবছৰমান পাছত অংগৰাগ ওলাল । জুবিনে অশ্বমেধ ঘোৰা চলাই গৈ থাকিল ।

জুবিনক ৰোধিব কোনে ।

কালি টিভিত দেখিলো নুনমাটিত জুবিনক বাধা দিয়া হৈছে, জুবিনে মঞ্চ ত্যাগ কৰিছে । অন্তত কোনোবাই জুবিনৰ অহামিকা, অহংকাৰৰ অশ্বমেধ ঘোঁৰাটোক বাধা দি খেদিবলৈ সক্ষম হৈছে ।
নুনমাটিৰ চশমা পৰিহিত লোকজনৰ সচাকৈয়ে দম আছে ।

বৰ্তমান মই জুবিনৰ লগত নাই ।
বৰ্তমান মই নুনমাটি বিহু কমিটীৰ লগতো নাই ।
বৰ্তমান মই ঘৰত আছো।
(কোনোবাই ইচ্ছা কৰিলে বিহু খাবলৈ মাতিব পাৰে :p )

শিপা

২০১১ চন । ডেৰাডুনত অ.এন.জি.চি ৰ ইনডাকচন ট্ৰেইনিং । ১২০ জনীয়া বেটছটোত অসমীয়া তিনিজন । মই, ধেমাজিৰ নৱজিত বৰুৱা আৰু গুৱাহাটীৰ ৰাকেশ পাতিৰ । ১২০ জনীয়া বেটচটো চাৰিটা গ্ৰুপত ভগাই ক্লাছবোৰ হয় । আমাৰ তিনিওজনৰ গ্ৰুপ বেলেগ বেলেগ ।

চফট স্কিলৰ ক্লাছ চলি আছে । ক্লাছবোৰত বহুত কিবা কিবি এক্টিভিটি কৰিবলৈ দিয়ে । এই ক্লাছকেইটা আমাৰ ভাল লাগে ।
ইন্সট্ৰাকটৰ জনে মোক ডাইচলৈ মাতিলে ।

- চিং এ চং ফৰ আচ........ তেওঁ কলে

মই প্ৰফেচনেল ছিংগাৰ নহয় । আচলতে মই ছিংগাৰে নহয়। ইউনিভাৰ্চিটিত থাকোতে দুবাৰমান কোৰাচত ওঠ লৰাইছিলো । সেয়াই এক্সপেৰিয়েন্স ।
- কেইচা টাইপ কা গানা....... মই সুধিলো
- এনিথিং দেট ইউ লাইক

ক্লাছৰ বাকীকেইটাই মোৰ ফালে চাই আছে । মই বহুত হিন্দী গান জানো, কেইবাটাৰো লিৰিকচ প্ৰায় মুখস্থ, অসমীয়া, ভুপেন, জুবিন, বহুত গান মুৰত ঘুৰিবলৈ ধৰিলে ।

তাৰপাছত মোৰ মুখেৰে ওলাল
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ ঐ মাকো.......

৪-৫ মিনিটমান গালো । কব নোৱাৰাকৈ মোৰ হাত দুখনো সুৰৰ তালে তালে নাচিবলৈ ধৰিলে ।
পাৰফৰমেন্স শেষ হোৱাত হাততালি কেইটামান পালো ।
ঘুৰি দি চিটত বহিলো ।

মোৰ কাষৰ চিটত ৰাজস্থানৰ নীতেশ।
- চইকীয়া ভাই, ক্যা গায়া চমজ মে তো নহী আয়া, লেকিন টিউন অউৰ ৰীডম জবৰদস্ত থা, ক্যা গানা হে য়ে........ নীতেশে সুধিলে
- যে বিহু গানা হে, আছাম কা........ মই কলো

ট্ৰেইনিংৰ শেষত হোৱা কালচাৰেল প্ৰগ্ৰেমত নৱজিত আৰু ৰাকেশ গালে......... অ মোৰ আপোনাৰ দেশ

অসমত উত্তৰ আধুনিক অসমীয়াসকলক অসমত অসমীয়া নালাগে, হিন্দী লাগে, ইংৰাজী লাগে । কিন্ত অসম পাৰ হোৱাৰ লগে লগে কব নোৱাৰাকৈ কথাবোৰ সলনি হৈ যায় ।

তেতিয়া আমি শিপা বিচাৰো ।
আমাৰ স্বকীয় বৈশিষ্ট্যৰ অৱহেলিত শিপাডাল ।

চন্দনদাৰ ৰিটাৰ্ণ

অফিচলৈ যোৱাৰেপৰা চন্দনদা পুৰা সলনি হৈ গৈছে । এতিয়া চন্দনদা আমাৰ মৰমৰ চন্দনদা হৈ থকা নাই । চন্দনদা পুৰা বছ টাইপৰ কামোৰ চন্দনদা হৈ গৈছে । চন্দনদাৰ কামোৰৰ ত্ৰাসত শ্যামলদাও হাৰ মানি গৈছে । আজিকালি শ্যামলদা ৰেগুলাৰ টাইমত ডিউটিলৈ আহে । দীৰুদাও চন্দনদাৰ ওপৰত নাৰাজ হৈ গৈছে । চন্দনদাই দীৰুদাৰ কামৰ ওপৰতো সন্দেহ কৰিবলৈ লৈছে । চাইটত চন্দনদাই দীৰুদাৰ লগত নতুন লৰা এজন পঠিয়াইছিল। দীৰুদা বহুত আনন্দিত হৈছিল যে চন্দনদাই এক্সট্ৰা মেনপাৱাৰ এজন দিছে । কিন্ত লৰাজন আছিল চন্দনদাৰ ইনফৰমাৰ । দীৰুদাই চাইটত কি কি কৰে বা নকৰে চন্দনদাই পুৰা ইনফৰমেচন লৈ এদিন দীৰুদাৰ পুৰা চলিড ক্লাছ লৈ ললে । চন্দনদাৰ এনে এটিটিউডত দীৰুদা পুৰা ইমচনেলি হাৰ্ট হৈ গল ।

চন্দনদাই মোৰো ক্লাছ লও লও কৰি আছে । এতিয়ালৈ কিন্তু লব পৰা নাই ।

ডে শ্বিফট, ড্ৰিলিং চলি আছে । চাইট গৈ পালো । মাদ লেবাৰ এটাক টেংকৰ ওপৰলৈ পঠিয়ালো ।
- ছাৰ ভলিউম অলপ কমি আছে......... লেবাৰটোৱে চাই আহি কলে
- পানী খুলি দে যা, টেংক ভৰ্তি হলে বন্ধ কৰি দিবি, আৰু চাই থাকিবি, কিবা প্ৰব্লেম হলে মাতি দিবি...... মই কলো
বাংক হাউছৰ এচি অন কৰি প্লেন এটা বনালো । দুঘন্টা শুই লও, তাৰ পাছত লান্সৰ আগত এখন চিনেমা, লান্সৰ পাছত এখন ।

দুঘন্টাৰ টোপনি কমপ্লিট কৰাৰ পাছত লেপটপটো অন কৰি ললো । বুদ্ধা ইন এ ট্ৰেফিক জাম ষ্টাৰ্ট কৰিলো । মাওবাদী সমস্যাক লৈ কৰা চিনেমা। লেপটপত বুদ্ধা চলি আছে। অৰুনোদই সিঙে অনলাইন মাৰ্কেটিঙৰ আইডিয়াটো থ্ৰ কৰিছে ।
সেই সময়তে চন্দনদাৰ ফোন আহিল ।
- হেই বিকু, কি চলি আছে...... চন্দনদাই সুধিলে
- ড্ৰিলিং
- চব ঠিকে চলি আছে তো
- আছে
- আচ্ছা শুনা, শ্বেলত ড্ৰিলিং চলি আছে, কম্লিকেটেড আৰু ইম্পৰটেন্ট জন, প্ৰতিটো কানেচনত হাই ভিচ দিব লাগিব আৰু আচফাল্ট পিল দিব দিব লাগিব ছঘন্টাৰ মুৰে মুৰে
- হয় চন্দনদা
- আৰু এতিয়া ৱেইট-ভিচকচিটি বঢ়াব লাগিব, সন্ধিয়ালৈ মোক ৱেইট ১.৩৩ লাগিব, এতিয়া ১.২৯ আছে, প্ৰায় ১৫ টন বেৰাইট লোডিং কৰিব লাগিব, লোডিং ষ্টাৰ্ট কৰি দিয়া, আবেলিলৈ হবই লাগিব, ওপৰৰ কাঢ়া অৰ্ডাৰ...... চন্দনদাই কলে
- অকে চন্দনদা..... মই কলো

ধুৰ, দিমাগ কা দহী । কামোৰ চন্দনদা । কোন কাহানিবাই পিল-চিল বনোৱা বাদ দিছো । এইবোৰ এক্সট্ৰা হেডেক কোনে লব । আবেলি পঠিয়াবলগীয়া মেচেজটোত ৱেইটটোত এডিট কৰি ১.২৯ ৰ ঠাইত ১.৩৩ কৰি বুদ্ধাত মনোনিবেশ কৰিলো ।

এজ পাৰ প্লেন লান্সৰ পাছত ৰেংগুন ফিনিচ কৰি অলপ টোপনি মাৰো বুলি চোফাখনত আউজিবলৈ লৈছো ।
সেই সময়তে চাইততবাংক হাউছত চন্দনদাই এন্ট্ৰি মাৰিলে । বহুদিনৰ পাছত চন্দনদাৰ আনএক্সপেকটেড চাইট ভিজিট ।
- বিকু, কি চলি আছে...... চাইটত শুই থকা অৱস্থাত হাতে লোটে ধৰা পেলাই চন্দনদাই কঠোৰ মাতেৰে সুধিলে
মই থতমত খাই গলো । দিনটো চিনেমা চাই কটালো, এটা বেগো ধলা নাই । আজি চন্দনদাই মোক বজাব ।
- মানে চন্দনদা...... মই সেমেনা সেমেনিকৈ কলো
- টেংকৰ ওপৰলৈ বলা...... চন্দনদাই কলে

টেংকৰ ওপৰলৈ গলো । চন্দনদাই কেমিকেল ষ্টৰ চাই অনুমান আৰু মাদ লেবাৰ এটাক শুধি কনফাৰ্ম কৰিলে যে আজি একো কেমিকেল ধলা নাই । চন্দনদাই মোৰ ফালে চাই তীক্ষ্ণ চাৱনি এটা দিলে । মোৰ দিল কপি গল ।

চন্দনদাই মনে মনে ভাবিলে যে আজি বুঢ়াৰ হাতত চেঙেলী পৰিল । শ্যামল, দীৰুৰ পাছত এইবাৰ বিকুক বজাব লাগিব । চাইট শুবলৈ নহয় কাম কৰিবলৈ, এইবোৰৰ কাৰণেই ডিপাৰ্টমেন্টৰ বদনাম, চেলাৰী জাষ্টিফাই কৰিব লাগে আদি কেইটামান ডাইলগ চন্দনদাই মনে মনে আওঁৰাই ললে । এতিয়া পেৰামিটাৰ চেক কৰি ৱেইট কম পালেই বিকুক বজাব লাগিব । চন্দনদাই মোৰ ফালে চাই ক্ৰুৰ হাহি এটা মাৰিলে । মই ভগবানক স্মৰণ কৰিলো ।

চন্দনদাই নিজহাতে মাদ পেৰামিটাৰ চেক কৰিলে । মুঠতে তিনিবাৰ । চন্দনদাই নিজকে বিশ্বাস কৰিব নোৱাৰিলে । ৱেইট ১.৩৩ , পুৰা একুৰেট ।

চন্দনদাৰ ক্ৰুৰ চাৱনি মোলায়ম হাঁহিলৈ সলনি হল ।
- ৱেইটতো ঠিকেই আছে..... চন্দনদাই কলে
এইবাৰ মোৰ পাল । চন্দনদাৰ পজিচন অলপ উইক হৈ গৈছে ।
- চন্দনদা, আপোনাক আচলতে আৰু অলপ এক্সপেৰিয়েন্সৰ প্ৰয়োজন, মানে অভিজ্ঞতা...... মই চন্দনদাক মিহিকে এটা দি দিলো

বি. দ্ৰ.
চন্দনদাই এতিয়াও ভাৱি আছে যে, চাইটত একো নকৰাকে, দিনটো চাইটত শুই বহি চিনেমা চাই থকাৰ পাছতো মাদ ৱেইট বাঢ়িল কেনেকে ?

দীৰুদাৰ মতে এইটো সাথৰ ভাঙিবলৈ এক্সপেৰিয়েন্সৰ প্ৰয়োজন, মানে অভিজ্ঞতা।

জখলাবন্ধা

১৪ দিন ডিউটি শেষ হল । উৎপল কোঁৱৰে চাইটৰপৰা উঠাই যোৰহাটত ড্ৰপ কৰিলে । তাৰপৰা বৈকুণ্ঠ ট্ৰেভেলছৰ বাছেৰে গুৱাহাটীলৈ আহি আছো ।

বাছ আহি জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ হোটেলত ৰখাই দিলে । প্ৰচন্দ ভোক লাগি আছিল । মাংস ভাত অৰ্ডাৰ দিলো ।
ভাত খাই আছো । গোগ্ৰাসে । টেবুলখনত অকল মই ।
- মাংস জোল দিবছোন..... মই হোটেলৰ লৰা এজনক কলো

ভাত চোবাই আছো । হঠাৎ যুবতী এজনী মই বহি থকা টেবুলখনত মোৰ সমুখৰ চকীখনত বহিল । গাঢ় নীলা টি চাৰ্ট, জিনছ, মৰমলগা ধুনীয়া ছোৱালী । মই ইফালে সিফালে চালো । ওচৰৰ দুখনমান টেবুল খালী আছে ।

কিছুমান কথা লাইফত প্ৰথমবাৰৰ বাবে হয় । যোৱা সাত বছৰ ধৰি প্ৰতিমাহে দুবাৰকৈ শিৱসাগৰ-গুৱাহাটী জাৰ্নি কৰি আহিছো । এয়াই প্ৰথম, জখলাবন্ধাৰ হোটেলত কোনোবা যুৱতী মোৰ টেবুলত বহা ।

ছোৱালীজনীৰ ফালে চালো । চকুৱে চকুৱে পৰিল । ছোৱালীজনীয়ে চাহৰ কাপটোত চুমুক দি ধুনীয়া চাৱনি এটা দিলে । ময়ো ঠিক ঠাক চাৱনি এটা দিয়াৰ চেষ্টা কৰিলো ।

ছোৱালীজনীয়ে কাৰোবাক ফোন কৰিলে
- হেলো পাপা, মই জখলাবন্ধা পাইছো , যোৰহাট পাওঁতে ৪ টা মান বাজিব, মই বাইপাছত নামি দিম
ছোৱালীজনী বোধহয় গুৱাহাটীৰ পৰা যোৰহাটৰ ঘৰলৈ আহিছে । আকৌ এবাৰ ছোৱালীজনীৰ ফালে চালো । আকৌ চকুৱে চকুৱে পৰিল ।
তাৰ পাছত.........
.............
তাৰ পাছত কি হব আৰু । মই ভাত খোৱাত মনোনিবেশ কৰিলো । ভাত খালো, হোটেলৰ বাহিৰ ওলাই ডেইৰী মিল্ক এটা কিনিলো ।

এতিয়া সেই ডেইৰী মিল্কটো চোবাই চোবাই গুৱাহাটীলৈ আহি আছো ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...