Thursday, May 15, 2014

কেফে কফি ডে

মই তেতিয়া কটনত পঢ়ি আছো, দীঘলীপুখুৰীৰৰ পাৰত নতুনকৈ দোকান এখন খুলিছে, বাহিৰৰ পৰা একেবাৰে চালিয়া দোকান, মানুহে তাত বোলে টেষ্টি কফি খাবলৈ যায়, নাম কেফে কফি ডে, দোকানখনৰ নেমপ্লেটত টেগলাইন এটা আছে..... এ লট কেন হেপেন অভাৰ এ কাপ অৱ কফি

গিৰিৰাজ আৰু মই প্লেন কৰিলো, এদিন তাৰ কফি খাই চাব লাগিব
এদিন ক্লাছ এটা বাংক মাৰি দুয়ো সোমালো, একেবাৰে নীট আৰু ক্লীন ভিতৰখন, টেবুল এখনত দুয়ো বহিলো, লৰা এজনে হাহি এটা মাৰি মেনু এখন লৈ আহিল
-দুইকাপ কফি...... গিৰিৰাজে কলে
লৰাজনে কিবা কিবি ভেৰাইটি আৰু ফ্লেভাৰৰ কথা কবলৈ ধৰিলে
- বেলেগ একো নালাগে, অকল দুইকাপ ভাল গৰম কফি...... গিৰিৰাজে স্পষ্টকৈ কলে

দুয়ো চাৰিওফালে চালো, অকল আমিহে হমজেনিয়াছ পেয়াৰ, আমাৰ আশে-পাশে বাকা গেটেইকেইটা হেটেৰোজেনিয়াছ কাপল, চবেই কফি পি পি ইন্টিমেট কনভাৰচেচনত ব্যস্ত
কিছু দেৰিৰ পাছত কফি আহিল, ট্ৰে এখনৰ ওপৰত কাপ দুটা, কাপৰ কাষত এটা প্লাষ্টিকৰ টোপোলা
- এইটো কি দিছে.... গিৰিৰাজক লাহেকৈ সুধিলো
- কমপ্লিমেন্টৰি ছাগে, এনেকুৱা দোকানত কাষ্টমাৰক গিফটো দিয়ে বোলে, পকেটত ভৰা, পাছত চাম, এতিয়া কফি খাই লও ....... গিৰিৰাজে কলে

চি.চি.ডিৰ কফিনো কেনেকুৱা চাবলৈ কাপত চুমুক দিলো, একেবাৰে কাঢ়া কফি, গিৰিৰাজলৈ চালো, গিৰিৰাজ চি.চি.ডিৰ কফিৰ সোৱাদ লোৱাত ব্যস্ত, চেহেৰাত প্লীজেন্ট স্মাইল...
প্লীজেন্ট স্মাইল দি দি আধাঘন্টাত কফিকাপ শেষ কৰিলো
বিল আহিল...... ১৫৮ টকা
পঞ্চাছটকীয়া দুখন, বিছটকীয়া দুখন আৰু দহটকীয়া এখন টেবুলত থৈ প্লীজেন্ট স্মাইল দি ৱেটাৰজনক গিৰিৰাজে কলে.. কীপ দা চেঞ্জ
ৱেটাৰজনে ঘোপাকে আমালৈ চালে....

মই পাচটকীয়া কইন দুটা জেপৰপৰা উলিয়াই নোটকেইখনৰ লগত ৰাখিলো...
দুটকা টিপছ দিয়াৰ পাছত হিৰোৰ দৰে ফিলিং এটা লৈ বাহিৰ ওলালো.... হেন্ডিকৰ ছোৱালী কেইজনী মান ৰাষ্টাৰে গৈ আছিল, গিৰিৰাজৰ প্লীজেন্ট স্মাইল কন্টিনিউ হৈ থাকিল....

দীঘলীপুখুৰীৰ পাৰে পাৰে ছোৱালী গ্ৰুপটোৰ পাছে পাছে দুয়োটা ৱাক কৰি আছো........ গিৰিৰাজে কলে.... পেকেটটো উলিয়াচোন, কি কম্প্লিমেন্টৰী গিফট দিছে চাও
পকেটৰপৰা পেকেটটো উলিয়ালো.........
পেকেটটোত সৰুকৈ লিখা আছিল, হাইলি পিউৰিফাইড চুগাৰ

কফিকাপৰ সচাই বৰ কাঢ়া আছিল, মানে সোৱাদটো তিতা টাইপৰ আছিল, গিৰিৰাজৰ দৰে ময়ো আকৌ সেইটো চি.চি.ডিৰ স্পেচিয়েল টেষ্টি ফ্লেভাৰ বুলি ভাৱিছিলো..

মহানগৰৰ এটা সন্ধিয়া

মহানগৰখনলৈ মই উভতি গৈছো, ডিউটি পেটাৰ্ণ সলনি হৈছে, চৈধ্যদিন ডিউটিৰ পাছত চৈধ্যদিন অফ, গতিকে এতিয়াৰেপৰা অহা কেইবছৰমান ধ্যান-ধাৰণা, আইডিয়া, প্লেন ইত্যাদিবোৰ গুৱাহাটীকেন্দ্ৰিক হবলৈ গৈ আছে, কিন্ত সলনি হোৱা পেটাৰ্ণটোৰ বাবে বৰ্তমানলৈ মোৰ একো প্লেন নাই.....
অফৰ সাতদিন গল, আৰু সাতদিন বাকী, ওচৰৰ ফিল্ডখনত ৰাতিপুৱা ক্ৰিকেট খেলো, দিনটো টিভি চাও, ফেচবুক কৰো, কন্পিউটাৰত গেম খেলো, আবেলি আকৌ ক্ৰিকেট খেলো, টিভি চাই খাই বই শুই দিও, কিন্ত এইটো চিডিউলতো লাহে লাহে বৰ হৈ গৈছো....

পাছবেলা বাইকখন লৈ ওলালো, নিৰ্দিষ্ট লক্ষ্য নাই, লগৰ গোটেইবোৰ এতিয়া ব্যস্ত, জিতুলে থিচিছ লিখি আছে, উমেশ মঙলদৈলৈ গল, অলকেশে বিয়া পাতিলে, গিৰিৰাজৰ শদিয়াত পোষ্টিং..........
বাইকৰ চকা ঘুৰি ঘুৰি পানবজাৰ পালেগৈ, লাহে লাহে সন্ধিয়া নামিছে, লয়াৰ্চত সোমালো...... ভৃংগেশ্বৰ শৰ্মাৰ তেজে ধোৱা সময়খন আছেনে.... মানুহজনে বিচাৰিলে, শেষ হল বুলি কলে
বনলতা পালোগৈ, তাত পাই গলো, ইলিয়াড আৰু ওডিচীৰ অসমীয়া অনুবাদ দেখিলো, সেইকেইখনো লৈ ললো
সেউজীয়া সপোন, তেজৰঙা ইতিহাস খন চালো, নতুন কথা একো নাই, কনকসেন ডেকাই আলফাৰ ওপৰত লিখা কিতাপখন পঢ়িছো, তাত থকা কথাবোৰেই আছে, নললো

কিতাপ ভৰাই দিয়া বনলতাৰ পলিথিনটো বাইকত ওলোমাই দিলো , বাইক ষ্টাৰ্ট দিলো, ঠান্ডাৰ দিন, এন্ধাৰ সোনকালে হয়, কটনৰ কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ সমুখত অলপ নষ্টালজিক হৈ পৰিলো...বাইক নিজে নিজেই স্লো হৈ গল, লৰা-ছোৱালী এজাক ওলাই আহিছে, বোধহয় প্ৰেক্টিকেল আছিল..
কলেজৰ মেইন বিল্দিঙৰ সমুখৰ ৰাস্তাটোৰে চিধা গৈ লেফট টাৰ্ণ লৈ ৰাইট টাৰ্ণ দুটা ললো, এতিয়া বাওফালে কটনৰ ছোৱালী হোষ্টেল আৰু সোফালে দীঘলীপুখুৰী, এই ৰুটটো বহুত চিনাকি, এনেকুৱা দিনবোৰত আগতে দেৰিকৈ প্ৰেক্টিকেল থাকিলে লগৰ ছোৱালীকেইজনীক এচকৰ্ট দি হোষ্টেল পোৱাই দিয়াটো নিয়মত পৰিণত হৈছিল....
অলপ আগুৱাই যোৱাৰ পাছত বাওফালে কেফে কফি ডে, আঠ বছৰ আগতে গিৰিৰাজৰ লগত ১৫৮ টকাৰে দুকাপ কাঢ়া কফি খোৱা দোকানখন আগৰ দৰেই আছে....

গুৱাহাটী ক্লাৱত এটা ৰটাৰী আছে, এতিয়া মোৰ হাতত ঘৰলৈ যাবলৈ দুটা অপচন আছে, উলুবাৰী হৈ বা চান্দমাৰী হৈ... তিনি বছৰ আগতে এনেকুৱা দিন এটাত এনেকুৱা সময়ত চান্দমাৰীত মই অৰ্পিতাক টিউচন পঢ়াইছিলো, গতিকে তেতিয়া অপচন নাছিল, এতিয়া হয়তো ইচ্চা কৰিলে ব্ৰহ্মপুত্ৰৰ সন্ধিয়াৰ বতাহজাকৰ বাবে খাৰঘুলিলৈও পোনাই দিব পাৰো , ন ইচুজ , ন লায়েবিলিটিজ
চিধা-চিধিয়েই চান্দমাৰীৰ পিনে বাইক পোনালো, টাৰ্ণিঙ লোৱাৰ কোনো প্ৰয়োজন নাই, ইচ্চাও নাই, ৰাষ্টাত বহুত গাড়ী, কিন্ত দেয়াৰ ইজ অলৱেজ স্পেচ টুৱাৰ্ডচ লেফট ফৰ এ বাইক,... আৰু এই বাওফালে থকা স্পেচখিনিৰ ব্যৱহাৰত তিনিবছৰ আগতেই মাষ্টাৰ হৈ পৰিছিলো, শিলপুখুৰী পাৰ হলো, ৰাষ্টাটো যথেষ্ঠ বহল হৈছে আগতকৈ, বাওকাষে আচাম ট্ৰিবিউনৰ বিল্ডিং, আগৰ বিল্ডিংটো ৰিনভেট হৈ নতুন বিল্ডিং এটা হৈছে, এটা সময়ত এই ট্ৰিবিউনখনৰে ফ্ৰন্ট পেজতকৈ গ্বিতীয় পেজটো বহুত আগ্ৰহেৰে চাইছিলো..

চান্দমাৰী পালো, ব্ৰীজত উঠিলো, ব্ৰীজত পাছমুৱাকৈ বহুত মানুহ বহি আছে, ডিচেম্বৰৰ সন্ধিয়াৰ মাদকতা উপভোগ কৰিছে, এটা সময়ত ময়ো কৰিছিলো, কিন্ত তেতিয়াৰ সেই সময়কন কন্ডিচনেল আছিল, কেতিয়াবা ৰাষ্টাত ট্ৰেফিক কম থাকে, তেতিয়া অৰ্পিতাক মই টিউচন পঢ়োৱা টাইমতকৈ সোনকালে আহি পাও, সেই ডিফাৰেন্স অৱ টাইমখিনি পাৰ হৈছিল চান্দমাৰী ব্ৰীজত , কেতিয়াবা পাচ মিনিট, কেতিয়াবা দহ... সেই পাচ বা দহ মিনিটত মই কিছুমান প্লেন বনাইছিলো, সেই প্লেনবোৰৰ কিছুমান চাকচেচফুল হল, কিছুমান নহল... কিন্ত তিনি বছৰ পাছত, এই মুহুৰ্তত মোৰ একো প্লেন নাই... এবচলুটলি ন প্লেনচ

ব্ৰীজৰ এঠাইত বাইকখন স্লো কৰিলো, এটা পাছমুৱাকৈ বহি থকা মানুহৰ কাষত বাইক ৰখালো
- আৰে বিনীত নহয়নে
পাছমুৱাকৈ বহি থকা মানুহটোৱে ঘুৰি চালে
-কি খবৰ তোৰ, ইমান দিনৰ মুৰত...... মই সুধিলো
- আৰে দোস্ত তই, মোৰ ভাল, তোৰ ক
- মোৰে ভালেই, ইয়াত কি কৰিছ
- অলপ ইভিনিংটো এনজয় কৰি আছো, এয়া মোৰ ফ্ৰেন্ড গীতিমা

গীতিমাক মোৰ লগত চিনাকি কৰি দিয়াৰ একো প্ৰয়োজন নাছিল, এক্সুৱেলি তিনি বছৰৰ আগৰ ইকুৱেচনমতে এই সন্ধিয়া চান্দমাৰীৰ ব্ৰীজখনত বিনীতৰ লগত মেঘালী বা গীতিমাৰ লগত সঞ্জয় থাকিব লাগিছিল, কিন্ত বোধহয় এই তিনিবছৰত বহুত কিবা কিবি সলনি হৈছে, কিছুমান সমীকৰণ সলনি হৈ পৰিছে, নতুন কম্বিনেচন হৈছে

বিনীত আৰু গীতিমাৰ সন্ধিয়াটোৰ বেছি সময় বৰবাদ নকৰিলো, কমাৰ্চ পাৰ হলো, জু-ৰোড, চিৰিয়াখানা, গণেশগুৰি, গাড়ীবোৰৰ বাওকাষৰ স্পেচখিনি ইউটিলাইজ কৰি আৰামত গৈ আছো, জনতা ভৱন, চুপাৰ মাৰ্কেট, ছিক্সমাইল......
চা্ল্লা যিটো টাইমত সময়মতে কৰবাত গৈ পোৱাৰ টেনচন আছিল, তেতিয়া প্ৰতিটো ট্ৰেফিক পইন্টত ৰঙা লাইট আছিল, আৰু আজি.... কোনো লক্ষ্য নাই, কোনো টাইম লিমিট নাই, কৰবাত নিৰ্দিষ্ট টাইমত গৈ পোৱাৰ হেডেক নাই, গতিকে হয়তো চবতে গ্ৰীণ চিগনেল.........

সচাকৈয়ে মহানগৰখনৰ সন্ধিয়াবোৰ বহুত সলনি হৈছে, ট্ৰিবিউনৰ বিল্দিংটোৰ এপিয়াৰেম্স সলনি হৈছে, বিনীত-গীতিমাৰ দৰে বহুত কম্বিনেচন সলনি হৈছে.........
আৰু এই সলনি হোৱা মহানগৰখনৰ সন্ধিয়াবোৰৰ লগত খাপ খুৱাই হয়তো ময়ো সলনি হব লাগিব,
সলনি হোৱাৰ প্ৰয়োজন এটা আছে...........

বি.দ্ৰ..... ঘৰ পাই নয়নক ফোন কৰিলো, সঞ্জয়ৰ বিষয়ে সুধিলো, পাছ বছৰ আগতে গীতিমা আৰু সঞ্জয়ৰ ষ্টৰীটোত মই আৰু নয়নে কেটালিষ্টৰ ৰোল প্লে কৰিছিলো ............আই এম শ্বকড, সঞ্জয় বোলে এতিয়া নগাৱত থাকে, ইউনিয়ন বেংকত চাকৰি..... আৰু ছমাহ আগতে গীতিমাৰ সৈতে ব্ৰেক আপ হোৱাৰ পাছত সি বৰ্তমান মেঘালী নামৰ মই চিনি পোৱা ছোৱালী এজনীৰ লগত ৰিলেচনশ্বিপত আছে......

ৱেডিং ৰিচেপচন(৩)

চৈধ্য দিন অফৰ নৱম দিন, কাম বন একো নাই, লেপটপত এজ অৱ এম্পায়াৰচ গেমটো খেলি টাইম পাচ কৰি আছো, মম্মীয়ে কলে, বৰুৱানীহতৰ বিয়ালৈ যাব লাগিছিল, মোৰ গাতো ভাল লগা নাই, তয়ে যা...

মম্মীয়ে এড্ৰেছটো দিলে, হাতীগাও, চম্পক নগৰ, নৰনাৰায়ণ পথ, হাউচ নং-৪
জিনচ আৰু পুল অভাৰ লগাই ৰেডি হৈ গলো, ঘৰত বৰ হৈ আছো, অলপ টাইম পাচ কৰি আহো, গিফট পেক কৰাই আছিল, বাইকত ওলমাই ললো....
বৰুৱানী মম্মীৰ বান্ধৱী, মম্মীৰ এগালমান বান্ধবী আছে, কিছুমানক চিনি পাও, কিছুমানক নাপাও, এই নোপোৱাকেইগৰাকীৰ মাজত বৰুৱানীও আছে, বিয়া তেওলোকৰ ঘৰতেই পাতিছে

বেলতলা তিনিয়ালি পালো, ট্ৰেফিক চিগনেল, বাইকৰ গীয়েৰ নিউট্ৰেল কৰি হেলমেট খুলি ৰিয়াৰভিউ মিৰৰত চেহেৰাটো চাই ললো, ঠিকেই আছে,
ট্ৰেফিক পুলিছজনে যাবলৈ চিগনেল দিলে, মা কচম , পাচ বছৰ ধৰি বাইকখন চলাই আছো, তেল মবিল ঠিকেই ভৰাই আছো, আজিলৈকে মোক ধোকা দিয়া নাছিল, কিন্ত কিক মাৰোহে মাৰো ষ্টাৰ্ট নহয়হে, ইফালে পাছফালে গাড়ীৰ হৰ্ণ,পে পু পে পু, নট কুল
ঐ চাল্লা নাযাৱ কিয়........ পিছফালৰপৰা কোনোবাই চিঞৰিলে, লগতে কেইটামান আনচেনচৰড শব্দ
হিউমিলেট হৈ গলো, বাইকৰপৰা নামিলো...... কি কৰিম আৰু , ট্ৰেফিকৰ মাজেৰে বাইক ঠেলি ঠেলি ৰাস্তাৰ সিটোমুৰে পাই গলো, ইফালে সিফালে চালো, কোনোবাই দেখিলে নেকি, আফটাৰ অল ৰেপুটেচনৰ কথা আছে..

এক ডৰ্জন কিক আৰু কেইটামান ঘোচা মৰাৰ পাছত বাইকখন ষ্টাৰ্ট হল, হাতীগাও চাৰিআলি পালো, দোকান এখনত সুধিলো, চম্পক নগৰ কোন ফালে...... দোকানীয়ে দেখুৱাই দিয়া ফালে বাইকৰ চকা ঘুৰালো.......
কিছুদুৰ যোৱাৰ পাছত পেন্ডেল এটা দেখিলো, পেন্ডেললৈ যোৱা গলিটোৰ ফলকখন চালো, ঠিকেই আছে, নাৰাযণ পথ.... জলি এটিটিউড আৰু নাইচ এক্সপ্ৰেচন এটা লৈ বিয়াঘৰত সোমালো, ধুনীয়া ছোৱালী এজনীয়ে ধুনীয়া হাহি এটাৰে আহক বুলি মাতিলে..... কুল স্মাইল এটা নিজে নিজেই আহি গল......
কুল স্মাইলটো কন্টিনিউ কৰি কইনাক গিফটটো দি দিলো, ফটো উঠিলো
কইনাৰ মাক আহিল, শইকীয়ানীৰ লৰা বুলি চিনাকি দিলো, বৰুৱানীয়ে মম্মীৰ খবৰ সুধিলে, ময়ো খবৰ খাতি ললো..... মই চিনি নোপোৱা বৰুৱানী এন্ড ফেমিলী একেবাৰে নিজৰ মানুহৰ দৰে হৈ পৰিল...
খোৱাৰ চিষ্টেমটো বুফে নাছিল, ন প্ৰবলেম, তিনিবাৰকৈ মাংস খুজি ভাত খাই দিলো, খোৱা-বোৱাত মই কেতিয়াও কম্প্ৰমাইজ নকৰো........

এক্সুৱেলি মই মানুহটোৱে তেনেকুৱা , একেবাৰে কুল টাইপৰ, হম জাহা জাতে হে মাহল আপনে আপ বন জাতে হে.... মাহল বনি গল, কইনাৰ ফ্ৰেন্ড কেইজনীমানে লৰা কেইটামানৰ লগত অন্তাক্ষৰী খেলি আছিল, ময়ো কন্ত্ৰি কৰি দিলো, আধাঘন্টামান অকলে লৰাৰ টীমটো চম্ভালিলো, কুল মাহল এটা এষ্টাব্লিছ হৈ গল......
হ আখৰৰে গান এটা গাব লাগে........ ন প্ৰবছ..... হামকো তুমছে প্যাৰ হে,জিয়া বেকৰাৰ হে, আজা মেৰে বুলবুল..

সেই সময়তে মম্মীয়ে ফোন কৰিলে, ৰিচিভ কৰিলো
- কত আছ... মম্মীয়ে সুধিলে
- ইয়াতে, বিয়াঘৰত
- তই কিন্ত দৰাৰ লগত নাযাবি, কাইলৈ মোক হস্পিতাল লৈ যাব লাগিব
- দৰা, কিন্ত ইয়াততো কইনা.....

আপোনাৰ মা আহিছে, আপোনাক মাতিছে........বৰুৱানীৰ লৰাজনে আহি কলে.....বৰুৱানীৰ লৰাজনে বিয়াঘৰত উপস্থিত হোৱা শইকীয়ানীৰ ফালে দেখুৱাই দিলে, শইকায়ানী কইনাৰ লগত ফটো উঠি আছে, মোৰ মম্মী অলপ শকত, পিছে এই চাইজ জিৰোৰ নিচিনা...

অলপ মাইনাছ কৰি আহো বুলি পেন্ডেলৰ পাছফালে গলো, চাৰিফুট ওখ ৱালখন একেজাপে পাৰ হলো, একেটা কিকতে বাইকখন ষ্টাৰ্ট কৰিলো, মা কচম.......দুঘন্টাৰ ভিতৰত দ্বিতীয়বাৰ হিউমিলেট হোৱাৰ আগতেই ফুটি দিলো

নিৰাপদ দুৰত্বলৈ গৈ থকা সময়তে কাষৰ ৰাষ্টাৰ এখন দোকানৰ চাইনবৰ্ডত চকু পৰিছিল
সৰুবাপু হোটেল, ভেটাপাৰা, চন্দন নগৰ

চাল্লা.. চন্দন আৰু চম্পক, দুয়োখন নগৰেই হাতীগাৱত থাকিব লাগেনে....

টু বি আৰ নট টু বি

চৈধ্য দিন অফৰ দশম দিন, এজ ইউজুৱেল ৰাতিপুৱা ওচৰৰ ফিল্ডখনত গৈ ক্ৰিকেট খেলিলো, এজ ইউজুৱেল চিক্স-ফৰ মাৰিলো, দুখন মেচ জিকিলো , এখন হাৰিলো......... ফেচবুকত কভাৰ ফটো এখন দি দিলো
এচেজ চাই আছো , ইংলেন্ডৰ বেটিং
ফোনটো ৰিং কৰিলে, চুচান্ত খাৰেৰ ফোন, চুচান্ত মোৰ লগত একেটা বেটছত কোম্পানীৰ ট্ৰেইনিং কৰিছিল, তেতিয়াই চিনাকি....
- ক্যা চইকীয়া জী, ক্যা হাল হে.... চুচান্তে সুধিলে
- মে ঠিক হু , আপ চুনাইয়ে
- মে ভী আচ্চা হু, চুনা হে আচাম মে অন-অফ ষ্টাৰ্ট হো গয়া হে
- হা
- আপকাভী হো গয়া হে ক্যা
- হা, অভী মে অফ পে হু
- বঢ়িয়া হে, অফ মে ক্যা কৰতে হে
- কুচ নহী য়াৰ, ফেচবুক, গেম, মুভীজ এটচেট্ৰা এটচেট্ৰা
- আপকে লিয়ে মেৰে পাচ এক অফাৰ হে

চুচান্তে অফাৰ এটা দিলে, মেট্ৰো চিটি এখনত চুচান্তৰ সম্পৰ্কীয় কাৰোবাৰ কচিং চেন্টাৰ এটা আছে, প্ৰতিমাহে অফত এসপ্তাহ তাত গৈ নেটৰ কচিঙৰ ক্লাছ কৰিব লাগে, অহা-যোৱা, থকা খোৱাৰ উপৰিও পাৰ ক্লাছ হিচাপে ৰিমুনেচন দিব , প্ৰতিটো স্লটত ইন হেন্ড ২০ মান পাম

ট্ৰেইনিঙৰ প্ৰথম কেইদিনমান মোৰ বাকী মানুহৰ লগত বিশেষ ইন্টাৰএকচন নাছিল, ক্লাছ কৰো, লান্স-দিনাৰ-ব্ৰেকফাষ্ট কৰো আৰু ৰুমত ফেচবুক কৰি কৰি টোপনি যাও, আই ৱাজ এ বৰিং পাৰ্চন, এক্সুৱেলি মোক প্ৰথমবাৰৰ বাবে লগ পোৱা বেছিভাগ মানুহৰ মতে মই খুব কম কথা কোৱা এটা বৰিং মানুহ

ট্ৰেইনিঙৰ আমাৰ ১২০ জনীয়া বেটছটোক চাৰিটা শাখাত ভগোৱা হৈছিল, গংগা, অলকনন্দা, ভাগিৰথী আৰু মন্দাকিনী, মই গংগা গ্ৰুপত আছিলো, ক্লাছত মই না আগত বহিছিলো না পাছত, মই একেবাৰে মাজে মাজে থাকিছিলো.......
ট্ৰেইনিঙত ইন্টাৰ গ্ৰুপ কম্পিটিছন হয়, আমাৰ গ্ৰুপত কে.ভগবান নামৰ তামিলীয়ান এটা আছিল, খুব চেচ খেলে, আনন্দ-পেট্ৰভ-কাচপাৰভৰ মুভৰ বিষয়ে কয়, আমাৰ গ্ৰুপৰ পৰা বিনা প্ৰতিদন্দিতাৰে সি চিলেক্ট হল........
কম্পিটিচনৰ দুদিন আগৰ কথা...... কে.ভগৱানে মোক সুধিলে যে মই চেচ খেলিব জানো নে নাই..... মই অলপ-অলপ জানো বুলি কলো........
কে.ভগৱানে কলে ... লেটছ প্লে, আই উইল চো ইউ চাম মুভচ অৱ কাৰপভ
সাধাৰণতে বেছি ওষ্টাদি মৰা মানুহ মোৰ পচন্দ নহয়, কে.ভগবানে দিচ ইজ কাৰপভ মুভ বুলি ফাষ্ট মুভ দিলে, মই নৰ্মেল চাল এটা দিলো,..... খেল ষ্টাৰ্ট হল... দহ-বিশ-ত্ৰিশ মিনিট পাৰ হৈ গল, কে.ভগবানে মোক হৰুৱাব পৰা নাই, এজন-দুজনকৈ কেইবাজনো লগৰ আহি চেচ খেলা চাবলৈ ধৰিলে...... এক ঘন্টা পাৰ হৈ গল, কে.ভগবান আৰু মোৰ সমান সমান গুটি বৰ্ডত আছে, কে.ভগবানৰ চেহেৰাত আশংকাৰ চাপ, কে.ভগবানে বহুতসময় ভাবি মুভ এটা দিয়ে, মই লগে লগে মোৰ চাল দিও আৰু লগৰকেইটাৰ লগত কথা পাতো, কে.ভগবানে আকৌ নেক্সট মুভৰ কথা ভাবোতে বহুতসময় লয়.... দুই ঘন্টা, আঢ়ৈ ঘন্টা, এটা সময়ত কে.ভগবানৰ গাল-মুখ-কাণ স্পষ্টকৈ ৰঙা হৈ পৰিল.... তাৰ পাছত কেইটামান মুভৰ পাছত মই হাৰি গলো

সেই গেমটো চুচান্তেও চাই আছিল
পাছদিনা ক্লাছত চুচান্তে সুধিলে........... আপ অচ্চা খেল লেতে হে
- কভী কভী.... মই কলো
- আপ প্ৰফেচনেলি খেলতে হে ক্যা
- নহী, কভী কভী খেলতা হু
- আপনে কল কে.ভগবান কো অচ্চা চবক চিখায়া, ৱ বহত জাদা দিখাতা থা
- এইচা কুচ নহী হে
- লেকিন কল আপ জিতনেৱালা পজিচন মে থে, ফিৰ কিউ হাৰ গয়া
- কে.ভগৱান জীতা, দেট মিনছ কল ৱ মেৰেচে বেহতৰ খেলা

কম্পিটিচনৰ দিনা গম পালো যে কে.ভগৱান বিশেষ কামৰ বাবে বাহিৰলৈ যাব আৰু সি কম্পিটিচনৰ বাবে আমাৰ গ্ৰুপৰ বাবে মোৰ নামটো দি গৈছে

চাৰিওটা গ্ৰুপৰ চাৰিজন পাৰ্টিচিপেন্ট, গংগাৰ মই, অলকানন্দাৰ ভগত সিং , মন্দাকিনীৰ প্ৰচান্ত মিশ্ৰ, ভাগিৰথীৰ অভিমন্যু পাৰিদা
প্ৰথম খেলখন প্ৰচান্ত মিশ্ৰৰ লগত হল, জিকিলো, আনখন খেলত অভিমন্যুই ভগতক হৰুৱালে
খেলৰ নিয়মমতে উইনাৰ আৰু উইনাৰৰ মাজত জিকাজনে ফাইনেল পাব
আনহাতে লুজাৰ আৰু লুজাৰৰ মাজত যিয়ে জিকিব সি উইনাৰ আৰু উইনাৰৰ হৰাজনৰ লগত খেলিব আৰু সেইখনত যি জিকিব সি ফাইনেল খেলিব..........

সেইমতেই অভিমন্যুৰ লগত দ্বিতীয়খন খেল হল, অভিমন্যুই ইঞ্জিনাৰিং চাৰ্ভিচৰ বাবে প্ৰিপেৰাচন কৰি আছে, সি ভাল খেলে, কিন্ত মোৰ লগত তাৰ টেমা গৰম হৈ গল, সি বহুত ভাবি ভাবি চাল এটা দিয়ে, মই লগে লগে মোৰ চাল দিও, দেখাত এনেকুৱা হৈছিল যে খেলখনত অকল সিহে ভাবি আছে, আৰু মই টাইম পাচ কৰি আছো, আধাঘন্টা মানৰ পাছত অভিমন্যু হাৰিল......... হৰাৰ পাছত সি কলে, আপ বেহতৰীন খেলতে হে, আপচে খেলনা ইজি নহী হে, কুচ হমে ভী চিখাইয়ে
- মে চিৰ্ফ আপকো কাউন্টাৰ কৰ ৰহা থা, মে জীতা কিউকি আপ খাৰাব খেলে.... মই কলো

আনফালে ভগতে প্ৰচান্তক হৰুৱালে তাৰ পাছত অভিমন্যুৰ লগত ৱাক অভাৰ পালে
ফাইনেল ভগত আৰু মোৰ মাজত..........
ৰাতি ডাইনিং হলত ডিনাৰ কৰি আছো, ভগতে কলে... চইকীয়া জী আজ ফাইনেল হো জায়ে
- ঠিক হে, মুঝে ৰুম চে বুলা দেনা... মই কলো
ৰুমলৈ গলো, ফেচবুক কৰিলো, এঘাৰ বাজিল, ভগত অহা নাই, শুই দিলো
চাৰে এঘাৰ বজাত ভগতে মোক টোপনিৰপৰা জগালে
গেম ষ্টাৰ্ট হল, প্ৰথম চালটোৱেই ভগতে ভুল কৰিলে, মাত্ৰ চাৰিটা চালৰ পাচতে চেকমেট, মাত্ৰ দহ মিনিটত ফাইনেল শেষ, ভগতৰ চেহেৰা চালো, সি বিশ্বাসেই কৰিব পৰা নাই
- চলিয়ে য়ে ট্ৰায়েল মেচ চমঝ লিজিয়ে, ফাইনেল ইতনী জলদি খতম হোতা হে ক্যা, চুৰু কিজিয়ে...... মই কলো, চাই থকা সকলো আচৰিত হল

আকৌ নতুনকৈ গেম ষ্টাৰ্ট হল, এটা সময়ত সি এটা চাল দিলে, মই কলো যে তাৰ মন্ত্ৰীটো মোৰ হাতীটোৰে কাটিব পৰা অৱস্থাত আছে আৰু দুটামান মুভৰ পাছতেই সি হাৰি যাব
- অৱ ক্যা কৰে, চাল টো দে দিয়া.......... ভগতে সুধিলে
- বাপচ লে লো, কোই প্ৰবলেম নহী.......... মই কলো

তাৰ আধাঘন্টামান পাছত মই গেমটো হাৰি গলো, ভগত চেম্পিয়ন, মই ৰাণাৰ্চ আপ
গোটেই ট্ৰেইনিংটোত মই মাজৰ বেঞ্চত বহা মানুহ হৈ থাকিলো, এটা একেবাৰে বৰিং পাৰ্চন

কিন্ত চুচান্ত বোলাটোৱে মোক কামোৰ দিয়া হল, তাৰ আৰু মোৰ চাবজেক্ট একে, তাৰ বম্বে হাইত পোষ্টিং, আধামাহ কাম কৰে আৰু বাকী আধামাহো....... কাম কৰে, মানে কচিং কৰায়, সি মোৰ লগত কম্পিটিটিভ এক্সামবোৰৰ কুৱেচন ডিচকাচ কৰে, মই কেতিয়াবা আমনি পাই কও....... চালে বৰ মত কৰ বে
যিমানলৈকে পাৰি মই তাক এভইড কৰিবলৈ চেষ্টা কৰিছিলো....

কিন্ত চুচান্তে মোক আকৌ কামোৰ দিছে, অৱশ্যে কামোৰটো দি সি মোক এটা আইডিয়া দিছে, নেট-গেটৰ কচিংৰ আইডিয়া, যিটো মোৰ বাবে বৰ্তমানৰ ডিউটি পেটাৰ্ণত সম্ভৱ
অৱশ্যে এই সম্ভৱ বোলা কথাটোত ইয়াত দুটা পইন্ট আছে, টু বি আৰ নট টু বি

প্ৰখম, আজি যদি মই নেটৰ কচিং দিয়া ষ্টাৰ্ট কৰো মই নিজে কোনোধৰনৰ ফীজ নলও, অৰ্থাত ফ্ৰী চাৰ্ভিচ হৱ, বিনামুলীয়া সেৱা.....
আৰু দ্বিতীয়তে, বিনামুলীয়া আৰু মুল্যহীনৰ অৰ্থ আশে পাশে থকা বেছিভাগ মানুহে একেই বুলি ভাৱে.....

ফাইন এন্ড প্লট

যোৱা এবছৰ ধৰি বহুতকেইটা পাহাৰ বগালো, আঠুলৈকে লংপেন্ট কোচাই পিতনি গছকিলো, খেতি-বাতি নথকা পথাৰ পাৰ হলো কিন্ত এতিয়ালৈকে চাকচেচ জিৰো.....মাটি এটুকুৰা কিনিব লাগে, আয়-ব্যয় ৰ হিচাপ আৰু মাটিৰ ভেলুৰ এনালাইচিচ কৰি এটা সিদ্ধান্তত উপনীত হৈছিলো যে, যিকেইটা দৰমহা পাও, সেইকেইটাৰে গুৱাহাটীৰ কৰ জন দুৰৰে কথা বাফাৰ জনতো দহলেচা মাটি কিনাটো সম্ভৱ নহয় .... অগত্যা গুৱাহাটীৰ ওচৰ পাজৰ এৰিয়াত চাৰ্চ চলি আছে.....ম্যাদী,একচনীয়া, দখলী, তৰ্জু , একো বাদ পৰা নাই

মাটি নোপোৱা নহয়, কিন্ত কৰবাত দাম-দৰ নিমিলে (অৰ্থাত যিটো দাম কয়, সেইটো শুনাৰ পাছত চিন্তা কৰি পাছত জনাম বুলি কৈ কেতিয়াও জনোৱা নহলগৈ) , কৰবাত মাটি ভেজাল, কৰবাত মাটিৰ মালিক ভেজাল, কৰবাত আকৌ মাটি আৰু মালিক দুয়োটাই ভেজাল...
বহুতে কলে.....ফ্লেট লৱ লাগে, কিন্ত কেলকুলেচন কৰি দেখিলো যে ফ্লেট মোৰ হিচাপত একেবাৰে ফিট নহয়,
প্ৰবলেম আছে, চছাইটি ফিজ, কমুনিটি কন্ট্ৰিবিউচন ইত্যাদি মিলি ভাড়াঘৰৰ দৰেই হয়গৈ
চিনিয়ৰ এজনে লোন লৈ ফ্লেট এটা লৈছিল, ভাড়ালৈ দিছে, ভাড়া পায় আঠ হাজাৰ, লোন ৰিটাৰ্ণ কৰে মাহে পচিশ হাজাৰ, তাকো পচিশ বছৰৰ লোন, সেয়ে ভাবিছো ফ্লেট লোৱাতকৈ আঠ হাজাৰ টকা ভাড়া দি খকাটোৱে ভাল....আৰু গুৱাহাটীত যিটো হাৰত ফ্লেট হৈ আছে, আগন্তক কেইটামান বছৰ ফ্লেটৰ প্ৰাইচ ষ্টেডি হৈ থাকিব.....

ৰাতিপুৱা ওলালো, নৰ্থ গুৱাহাটীত এটা চালিয়া প্লট আছে বোলে , একেবাৰে আই.আই.টিৰ ওচৰতে, ৰাতি বোলে তাত আই.আই.টিৰ পোহৰ পৰি থাকে.... মাটিৰ খবৰ দিয়া মানুহজনক পানবজাৰত পিক কৰিলো,

দেওবাৰৰ দিন , ৰাষ্টাত ট্ৰেফিক বেছি নাই, মালিগাও পালো, তাতেই জেং হৈ গল
ঠিক মালিগাও তিনিআলি পাৰ হৈছো, ট্ৰেফিক পুলিচ এজনে গাড়ীখন চাইড কৰি ৰখোৱাৰ চিগনেল দিলে
গাড়ী ৰখালো, চিট-বেল্ট চেক কৰে আজিকালি... গতিকে চিট বেল্ট লগায়েই আহিছো, কাগজ পাতিও ঠিকেই আছে
- গাড়ীত কলা গ্লাছ আছে, ১০০০ টকা ফাইন দিব লাগিব....ট্ৰেফিক পুলিচজনে কলে

পাতল প্লাষ্টিকৰ ষ্ট্ৰাইপ লগোৱা আছে গ্লাছকেইখনত, দুবছৰ আগতে কিনোতেই লগোৱা, কিনোতে ৯০ পাৰচেন্ট ট্ৰান্সপাৰেন্ট বুলি কৈছিল
- কলানো কত দেখিলে, পাতল প্লাষ্টিকহে লগোৱা আছে, ৯০ পাৰচেন্ট ট্ৰান্সপাৰেন্ট... মই কলো
- কৰ্টৰ অৰ্ডাৰ আছে, হান্ড্ৰেড পাৰচেন্ট ট্ৰান্সপাৰেন্ট হব লাগিব, ফাইন দিব নে নিদিয়ে
- নিয়ম যদি ভংগ কৰিছো ফাইন তো দিবই লাগিব , ফাইনৰ ৰিচিপ্ট কাটক, কোনটো চেকচনৰ কোনটো ৰুল ভংগ হৈছে লিখি দিয়ক, ৰুলটো মটৰ ভেহিকেল এক্টত ভালকৈ পঢ়ি লম, আগলৈ ৰুল মানি চলিম

আন এজন ট্ৰেফিক পুলিচ আহি গ্লাছৰ পৰা প্লাষ্টিক ষ্ট্ৰাইপবোৰ গুচোৱাত লাগিল, চাৰিখন গ্লাছৰ তিনিখনৰ এৰুওৱাৰ পাছত চাৰি নম্বৰখনলৈ আঙুলিয়াই কলে ... এইখন নিজেই গুচাই লৱ
ট্ৰেফিক পুলিচজনে ৫০০ টকাৰ ফাইন কাটিলে, ৰিচিপ্টখন লৈ পাচশ টকীয়া এখন দিলো
পাণবজাৰত উঠোৱা মানুহজনে কলে... আপুনি এনেয়ে ফাইন ভৰিলে, চাহ খাবলৈ কিবা এটা দিলেই হলহেতেন
- কেতিয়াবা ফাইনো দিব লাগে দিয়কচোন....... মই কলো

নৰ্থ গুৱাহাটী পালো, পাণবজাৰত উঠোৱা মানুহজনে আন এজন মানুহক মাতি পঠালে, গোটেইকেইজন মাটিৰ প্লট চাবলৈ গলো
আই.আই.টিৰ পৰা এক কিলমিটাৰ আতৰৰ পথাৰ এখনত ৰলো, নামিলো, দ্বিতীয় জন মানুহে আঙুলিয়াই দেখুৱালে...... সেই যে খেজুৰগছজোপা আছে, তাৰপৰা সেইটো খুটি মাৰি থোৱাখিনিলৈকে...
এতিয়া খৰালি কাল, পথাৰখনত অলপ অলপ পানী আছে, আচলতে পিতনি শব্দটোহে ভালকৈ খাপ খাব
দ্বিতীয় মানুহজনক বিদায় দিলো......... পাণবজাৰৰ মানুহজনক লৈ আৰু দুটা প্লট চালো, এই দুটাত পানী জমা হৈ থকা নাই...

ৰিটাৰ্ণ আহিলো, মানুহজনক প্লট দুটাৰ ভিতৰত এটাৰ কাগজ পাতিৰ কপিৰ কথা কলো, অফিচত ৰেকৰ্ড চাব লাগিব
পানবজাৰত মানুহজনক ড্ৰপ কৰি জু-তিনিয়ালি পাইছো, আকৌ ট্ৰেফিক পেট্ৰলিং গাড়ী এখনৰ পৰা চাইডত ৰাখিবলৈ চিগনেল দিলে
- কলা গ্লাছ আছে, ফাইন লাগিব....... ট্ৰেফিক পুলিচ এজনে কলে
ৰিচিপ্টখন দেখুৱাই মই কলো........ মালিগাৱত ফাইন দি আহিছো, তাত তিনিখন এৰুৱালে, এখন মোক এৰুৱাব দিছে, বেলতলাত খাকো, ঘৰ গৈ পাই চাৰি নম্বৰখনৰ প্লাষ্টিক এৰুৱাই দিম
অকে বুলি কৈ পেট্ৰলিং গাড়ীখন আগবাঢ়িল.....

গাড়ীখন কিনোতে যিখিনি নিদিলে নহয় সেইখিনি দিহে কিনিছিলো..... গ্লাছত কটিং-চটিং লগোৱাৰ একোবাৰে ইচ্চা নাছিল, নালাগে বুলিয়েই কৈছিলো, ডীলাৰে প্লাষ্টিকৰ কটিংটো ফ্ৰী বুলি লোভ লগাই দিছিল...........এতিয়া গ্লাছৰ পৰা কটিং এৰুৱাই আছো
ফ্ৰী বস্তুৰ লালচ সচাকৈয়ে বহত বুৰী চীজ হে.......

এ বুকে অৱ হেপিনেছ

অন-অফৰ লাষ্ট ডিউটি, নাইট শ্বিফট আছে, দিনত অফিচলৈ আহিলো, মানে গেলেকী ড্ৰিল চাইট একমডেচনৰ পৰা শিৱসাগৰৰ অফিছলৈ
কোম্পানীৰ জনেল ৰিক্ৰুইটমেন্টৰ ৰিজাল্ট দিয়াৰ পাছত চিলেক্ট হোৱা লৰা-ছোৱালীবোৰে মেডিকেল এক্সামিনেচন কৰি আছে...... জুনিয়ৰ দুজনীও আহিছে, এজ এ গুদ চিনিয়ৰ , জুনিয়ৰ দুজনীক লগ কৰিলো, এনি প্ৰবলেম, ঠিকে ঠাকে হৈছে নে নাই, খবৰ খাতি ললো
জুনিয়ৰ দুজনীৰ অলমষ্ট হৈ গৈছে, কেৱল ই.এন.টি হোৱা নাই, ই.এন.টিৰ ডা.সবিতা নেওগ ছুটীত আছে বোলে, চো আজিও নহব, তেওলোকৰ লগতেই অলপ আদ্দা দি কিবা প্ৰবলেম হলে ফোন কৰিবা বুলি কৈ অফিছ আহিলো.....

অফিছৰ টুৰ ৰিকুৱেষ্ট, ট্ৰিপ এপ্ৰুভেলৰ জেংবোৰ ক্লিয়াৰ কৰি ওলাই আহিছো..... হাতত হেলমেট এটা লৈ লৰা এটা, পাছে পাছে ছোৱালী এজনী, লৰাজনক মই চিনি পাও, মোৰ জুনিয়ৰ, দুই-তিনিবছৰমান সৰু হব.......
কি হে একেবাৰে পৰিয়ালসহ আহিছা দেখোন........ মই কলো
লৰাজনে পাছে পাছে অহা ছোৱালীজনীক চিনাকি কৰি দিলে, এয়া বিকাশ দা, আৰু এয়া মোৰ ৱাইফ....... মৰমলগা ছোৱালীজনীৰ নমস্কাৰৰ প্ৰত্যুত্বৰত ময়ো হাত দুখন লগ লগালো
লৰাজনে HR অফিছ বিচাৰি ফুৰিছিল..... এড্ৰেছটো দিলো
এক্সুৱেলি মই লৰাজনক অফিছত থৈ আহিব পাৰিলোহেতেন, কিন্ত নথলো, কাৰণ মই ভাৱো তাক সহায়ৰ প্ৰয়োজন নাই, সি পাৰিব...
চাকৰি পোৱাৰ পাছত লৰাজনে মোক যেতিয়া ফোন কৰিছিল, তেতিয়া মোৰ এটা কনফিউচন হৈছিল, বোধহয় লৰাজনক চিনি পোৱা সকলোৰে কনফিউজন হৈছিল.....এ ব্ৰিলিয়ান্ট বয় লাইক হিম উইল এন্ড আপ উইথ.... আই ৱাজ টটেলি কনফিউজদ......

অৰ্ধনিৰ্মিত বহুত কাহিনী দেখা পাইছো, বহুত অসফল প্ৰতিশ্ৰুতি........ তাৰ মাজতো আছে নিজৰ প্ৰমিজত অটল থকা কৌটিল্য দা, দীপু দা, ৰিস্তা বা ..... ভাল লাগে যেতিয়া তেওলোকৰ দুৰ্দান্ত ষ্টৰীৰ কথা শুনো...
লৰাজনৰ হাতত হয়তো অপচন আছিল..... কেৰিয়াৰ অৰ ফেমিলি.....এন্ড হি কেপ্ট হিজ প্ৰমিজ, হি প্ৰিফাৰড দা ৰাইট অপচন...........ফেমিলি
লক্ষীমপুৰৰপৰা লৰা-ছোৱালীহাল ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ শিৱসাগৰলৈ জইনিংৰ বাবে আহিছে, একেলগে অহিছে... "একেলগে আহিছে" , দিছ ইজ মষ্ট ইমপৰটেন্ট......দে কেন ফেচ এনি অবস্টাকলচ ইন লাইফ, বিকজ ডে আৰ টুগেদাৰ............
লৰাজন সম্পৰ্কে মোৰ সকলো কনফিউচন দুৰ হৈ গল............
ইটছ জাষ্ট এন ইনোচেন্ট এন্ড পিউৰ বুকে অৱ হেপিনেছ......

বাংকিং ৰিলোডেড

আচলতে যেতিয়াই এটা হিন্ট পাও যে ৰীগত কাম নাই, তেতিয়াই এটা টেনডেন্সি আহি যায়, টেনডেন্সিৰ লগতে জোচ এটা আহি যায় আৰু মই একেবাৰে কুল আৰু কেয়াৰ ফ্ৰী হৈ যাও.... টেনচনফ্ৰী, প্ৰেচাৰফ্ৰী আৰু ৰেচপনচিবিলিটিফ্ৰী হৈ তিনি বছৰ জব লাইফ পাৰ হোৱাৰ ফলত এই টেনডেন্সিটো বাঢ়ি গৈ গৈ আছে........ এই টেনডেনচি টোৱেই হল বাংকিং টেনডেন্সি..........

যোৱা ছয়টা ডিউটিৰ দুটা চান্স পাই বাংক মাৰি দিছো.... লাষ্ট নাইট শ্বিফ্ট ডিউটি আছিল, দিনত অফিছ গলো, কথাই কথাই বছৰপৰা গম লৈ ললো যে তেওৰ গুৱাহাটী যোৱাৰ কোনো প্লেন নাই, জইনিং কৰিব অহা দুজনী জুনিয়ৰৰ লগত আদ্দা দিলো, চিনাকি লৰা এজনৰ পৰা বুকে অৱ হেপিনেচ লৈ গেলেকীৰ ড্ৰিল চাইট একমডেচনলৈ উভতি আহিলো
আবেলি ডে শ্বিফটৰ ডিউটিত খকা অনন্ত কুমাৰলৈ ফোন কৰিলো
- ক্যা চল ৰহা হে
- আৰে কুচ নহী, মেইনটেনেন্স কা কাম চালু হে
- ৰাত মে ক্যা হোগা
- কুচ নহী, কম্বল-ৱম্বল লেকে আনা, আৰাম চে চো জানা

বাংকিং টেনডেনচি ইনিচিয়েট হৈ গল, লগালগ কাপোৰ কানি পেক কৰিলো, প্ৰকান্ড বেগ এটা পিঠিত বান্ধি শ্বিফট বাছৰ বাবে ৱেইট কৰি আছো
- আৰে চইকীয়া দা, আপুনি কাইলৈ যোৱাৰ কথা আছিল, আজিয়েই যায় নেকি....... ড্ৰিলাৰ এজনে সুধিলে
- ৰীগৰ পৰা বাহিৰে বাহিৰে ওলাই যাম...... মই কলো

শ্বিফট বাছ আহিল, উঠি ৰীগ পালোহি, অলপ গমি পিতি চাই দেখিলো যে বাংকটো দি দিব পাৰি, কোনো জেং নাই.....বছক ফোন কৰি আৰু এবাৰ কনফাৰ্ম কৰি ললো যে বছক কাইলৈ অফিচতে পাম..... কুল
যিখন বাছত গৈছিলো সেইখনতে শিৱসাগৰ পালোহি, যিখন নাইট চুপাৰ গুৱাহাটীলৈ প্ৰথমতে এৰিব সেইখনতে উঠি দিলো , চেফটি প্ৰিকউচন হিচাপে বান্দৰ টুপী ইন্সটল কৰাৰ পাছত অকল চকু দুটা গেটেই প্ৰচেচটোত ভিজিবল হৈ আছিল...... বাছ ষ্টাৰ্ট দিলে... ফিলিং ফ্ৰি........

জখলাবন্ধাত বাছ ৰখিল, নামিলো, ফ্ৰেছ হৈ ললো
- আৰে চইকিয়া, আজি ডিউটি নাছিল নেকি
দেখিলো মোতকৈ চিনিয়ৰ ধুমিল বৰুৱা, দাত নিকটাই হাহি আছে
- নাই, এক্সুৱেলি এডজাষ্টমেন্ট এটা কৰি দিলো..... মই কলো
- তোমাৰে ভাল হে, আমাৰ বছে আকৌ এডজাষ্টমেন্ট কৰিব নিদিয়েই... ধুমিল দাই দুখৰে কলে
এইবাৰ মই দাত নিকটাই দিলো....... কুল

শেহ ৰাতি বাছৰ ভিতৰত এজাক চেচা বতাহ বলিছিল, থৰ থৰকৈ কপিছিল মোৰ দেহ.....
চাল্লা বাছৰ খিড়িকী এখন বেয়া, বতাহ সোমায়.... ফৰ লেয়াৰ প্ৰটেকচন লৈ আহিছো, তথাপিও ঠান্ডা লাগিছে, ফৰ লেয়াৰ মানে গেঞ্জী,তাৰ ওপৰত চাৰ্ট, তাৰ ওপৰত হাফ চুৱেটাৰ, তাৰ ওপৰত পুল অভাৰ...... পুৰা চাৰিটা লেয়াৰ....... দৌৰাদৌৰিত এৰী চাদৰখন আনিব পাহৰিলো....নহলে প্ৰবলেমে নাছিল.....
বাছৰ কন্ডাক্টৰক মাতি আনিলো, পেচেঞ্জাৰৰ সা-সুবিধাৰ প্ৰতি একো ভ্ৰুক্ষেপ নাই বুলি গালি দিলো, দম দিলো, বাছৰ বাকী পেচেঞ্জাৰ কেইটামানেও মোৰ পক্ষ ললে, লাইক মাৰিলে, কমেন্ট দিলে....... কন্ডাক্টৰে দম খাই কিবা কিবি কৰি খিড়িকীখন ঠিক কৰিলে.....
কালি ৰাতি কিন্ত তামাম ঠান্ডা পৰিছিল দেই, মোৰ নিচিনা কুল মানুহৰো কুলনেচ চাফল কৰি দিছিল ইয়াৰ এন্ডিঙৰ প্ৰচন্ড ঠান্ডাই...........

ৰাতিপুৱা বাছৰপৰা খানাপাৰাত নামিলো, পোহৰ হোৱাই নাই, ঘন কুৱলি, সাধাৰনতে খানাপাৰৰপৰা বেলতলালৈ মই খোজকাঢ়ি মৰনিং ৱাক কৰি যাও, কিন্ত এই ঠান্ডাত নোৱাৰি, অটো ললো, ঘৰ সোমালো, মম্মীয়ে গেছ জ্বলাই পানী গৰম কৰিলে, হাত-মুখ ধুই বিচনাত পৰিলো.....বাংকিং একমপ্লিচড....... কুল টোপনি এটা আহি গল

কুল টোপনিত ধুনীয়া ড্ৰীম এটা দেখি আছো...... মোবাইল ৰিং কৰিলে.... বছৰ ফোন.....ড্ৰীমটো অলপ ৰিচাফল হৈ গল
- গুড মৰনিং চাৰ........ যিমান পাৰো মিহি ভইচৰে কলো
- হা চইকীয়া, কাহা মে হো
- চো ৰহা হু ছাৰ, ৰাত মে বহত ঠান্ডা থা, বহত প্ৰবলেম হুৱা, হাড়-মুৰ তক কপা দিয়া, এক আদমীকে চাথ ঝগৰা ভী হো গয়া, আপ নহী চমঝেগা .... ভইচ টোনটো অলপ চেঞ্জ কৰিলো
(আচলতে চাইটত লজিকেল কথাত জেং কৰা, ইলজিকেল মানুহৰ লগত দুৰ্বাদল কাজিয়া কৰা বুলি ডিপাৰ্টমেন্টত মোৰ এটা জেং টাইপৰ ইমেজ আছে)
- হা, ঠিক হে, এক্সুৱেলি আজ মে চাইট মে জাউংগা, অফিছ মে নহী মিলুংগা, তুম আজ অফিচ আনেৱালা থা না, ইচিলিয়ে বতা দিয়া
- অকে চাৰ, মে অগলা অন-অফ মে আ জাউংগা
- ৰাত মে বহত ঠান্ড থা ক্যা , নীন্দ খাৰাব হুৱা হোগা..... বছে প্যাৰ চে সুধিলে
- হা চাৰ, ঠান্ডা নে নীন্দ কা মা-বেহেন কৰ দিয়া.... ময়ে প্যাৰ চে উত্তৰ দিলো
- আচ্চা ঠিক হে, চাইট পে এক অচ্চা চা হিটাৰ ভিজৱা দুংগা, আভী অউৰ টেনচন নহী লেনা, আৰামচে কুল হোকে আচ্চে চে চো যাও

ৰীগত নে বাছত ঠান্ডাই মোক কপাই দিলে বছে এক্সুৱেলি ধৰিব নোৱাৰিলে ছাগে ...
যিয়েই নহওক, বছ ইজ বছ, বছৰ কথা শুনিব লাগে, গতিকে ফোনটো চুইচ অফ কৰি বছৰ কথামতে কুল হৈ আৰামত শুই দিলো.......ফিলিং কুল এন্ড কেয়াৰ ফ্ৰী.

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...