Wednesday, August 2, 2017

দুৰণিৰ নিৰলা পজা

ইউ টিউবত চাই কাহিনীটোৰ পুৰ্বানুমান এটা কৰি লৈছিলো । অনেষ্ট মেন, কৰাপচন , ইভিল , এটা পৰিয়াল , আৰু এটা স্কুল লাভ ষ্টৰী । কাহিনীটোত নতুনত্ব বা চাচপেন্স থাকিব বুলি ভৱা নাছিলো । সাধাৰণ কাহিনীটো পৰিচালকে কেনেকৈ দেখুৱায় সেইটো ইম্পৰটেন্ট আছিল ।

এজন অনেষ্ট মেন , হিৰণ্য বৰুৱা নিজৰ নীতি আদৰ্শত খামুচি খকা এজন অকৰা মানুহ । নিজৰ প্ৰিন্সিপলক সাবতি মুৰ দাঙি জীয়াই থাকিব খোজা এজন মানুহ । বছে অন্যায় কাম কৰিবলৈ দিয়ে, তেও নকৰে , ফলত তেওৰ বাবে সৃষ্টি কৰা হয় সমস্যাৰ ।
মানুহজনৰ ৱাইফ , উচ্চাকাংখী কিন্ত এডাপটিভ ।
মানুহজনৰ লৰা, আদিত্য ,দেউতাকৰ এই আদৰ্শৰ ডায়লগবোৰৰ প্ৰতি বীতশ্ৰদ্ধ ।
অকনমানি জীয়ৰী , প্ৰেৰণা ।
আৰ্ট টিচাৰ , শ্ৰম কৰি জীয়াই থাকিব খোজা এজন যুবক ।

কাহিনীৰ মাজত বছৰ সংলাপ ..... আজিৰ ডেটত মানুহক চলিবলৈ টকা লাগে, টকা নহলে একোৱেই নহয় , ষ্টেটাছ মেটাৰ

এইবোৰটো আমাৰেই কাহিনী ।

দোকানত বাকী , মাহৰ জমা-খৰচ লিখা বহীখন, হাউচিং লোণৰ কাৰণে এপ্লাই , ইংৰাজীৰ টিউচন ছাৰজন, কেৰম খেলা লৰাকেইজন , ছোৱালীৰ কাৰণে দম দিবলৈ অহা আৰু দম খোৱা পিলিঙাকেইটা , আৰু আদিত্য আৰু পল্লবীৰ টিন এজ প্ৰেম ।
কেইটামান দৃশ্য তো নিজৰ লগত আগতে ঘটি যোৱাৰ দৰেই লাগিল ।
তামাম ।
হলৰ ভিতৰত কেইবাটাও দৃশ্যত দৰ্শকৰ উল্লাস । বঢ়িয়া ।

আদিত্যই পঢ়া টেবুলত টোপনিয়াই খাকে , মাকে আহি কাণচেপা দি ধমকি দিয়ে, তাৰ উত্তৰত আদিত্যই কয়
- মা মই শোৱা নাই নহয় , প্ৰশ্ন এটাৰ চলুচন কি হব সেইটোহে চিন্তা কৰি আছিলো

ৱাও । এইবোৰতো আমিও কৰিছিলো । স্কুলত থাকোতে চাইকেল চলাইছিলো । চাইকেল ঠেলি ঠেলি কথা পাতি গৈছিলো । কি নাম আছিল তাইৰ । পাহৰিলো ।
আৰু এটা ভাল লাগিল , আৰ্ট শিকোৱা টিচাৰজনে চিনেমাখনত ONGC ৰ কাৰণে পঢ়ে আৰু ONGC ত চাকৰি পাই যায় ।
কিন্ত
অলাগতিয়াল দৃশ্য বহুত কেইটা আছে ।
এন্ডিং , ক্লাইমেক্স
বৰুৱাৰ হাৰ্ট এটেক দেখুৱাওতে পৰিচালকৰ ওপৰত তামাম খং উঠিছিল । ঘড়ীটোলৈ চাইছিলো , শেষ হৈ নাযায়টো । টেনচন হৈ গৈছিল ।
ভাগ্যে শেষ নহল ।

শেষত বৰুৱাৰ অইন ঠাইলৈ বদলি, আদিত্য-পল্লৱীৰ বিচ্ছেদ ,
ৰৈ যায় এটা " দুৰণিৰ নিৰলা পজা "

সংযোজন-
সাধাৰণ দৰ্শক এজনে চিনেমাৰ পজিটিভ এন্ডিং বিচাৰে । বৰুৱাৰ প্ৰমোচন হব লাগিছিল । আদিত্যই বহুত বেছি ভাল ৰিজাল্ট কৰিব লাগিছিল , ৭৩ পাৰচেন্ট নট এনাফ । এটা ফ্ৰেমত বছ আৰু বছৰ চামচা মজুমদাৰৰ গ্লানিযুক্ত চেহেৰা দেখা পাব লাগিছিল । এটা ফ্ৰেমত আদিত্য-পল্লৱীৰ হাহি আহিব লাগিছিল ।
চিনেমাৰ হিৰোই পলায়ণ কৰাৰ সলনি বীৰৰদৰে জিকিব লাগিছিল ।
ৰিয়েল লাইফত নহলেও ৰীল লাইফক হিৰো হিৰোৰদৰে জিকিব লাগে ।
মাত্ৰ অলপ নাটকীয়তা ।
( আশা কৰো অসমীয়া চিনেমাৰ পৰিচালক সকলে সাধাৰণ দৰ্শকে কেনেকুৱা এন্ডিং বিচাৰে সেইটো বুজি পাব )
-----------------------------------------------------------------------
( অতিৰিক্ত সংযোজন-
চিনেমাহলত মোৰ চিট নম্বৰ আছিল E5, মোৰ পাছফালে মহিলা কেইগৰাকীমান বহি আছিল । চিনেমাৰ শেষৰ দৃশ্যকেইটা চলি আছে । বৰুৱাৰ পৰিয়ালে ঘৰ এৰিছে , মানুহে বিদায় দিবলৈ আহিছে । এটা শ্বটত আৰ্টৰ টিচাৰজনে হাতত এটা বেগ আৰু পিঠিত গীটাৰ লৈ কৰবালৈ ওলাইছে ।
আৰু হঠাত মোৰ পাছৰ ছিটত বহি থকা মানুহ এজনীৰ মুখৰপৰা ওলাইছে
- আৰে ONGC

Moral-
বছৰ ডায়লগ.... আজিৰ ডেটত মানুহক চলিবলৈ টকা লাগে, টকা নহলে একোৱেই নহয় , ষ্টেটাছ মেটাৰ)

চন্দনদা VS এন্টি-চন্দনদা গেং

অহুকাণে পহুকাণে কথাবোৰ ওলাইছে । অফিচলৈ গৈ চন্দনদা সলনি হোৱা বুলি ৰাইজে উমান পাইছিলেই , কিন্ত চন্দনদাৰ যে ড্ৰামেটিক পৰিবৰ্তন হৈছে সেইটো খৰব শ্যামলদাই উলিয়াইছে ।

অফিচলৈ যোৱাৰ পাছত এই চাৰিমাহত চন্দনদাই চাৰিবাৰো ফোন কৰা নাই । অকল মোক বুলি নহয় , এসময়ৰ জিগৰী য়াৰ , চন্দনদাৰ ৰুম পাৰ্টনাৰ অমিত গ্ৰোভাৰেও য়ে চন্দন ক্যা চে ক্যা হো গয়া টাইপৰ ডায়লগো কবলৈ আৰম্ভ কৰিছে । দীৰুদাক মাজে মাজে ফোন কৰি খাকে , কিন্ত পিউৰলি অফিচিয়েল কামত , চেক কৰে, দীৰুদা ডিউটিলৈ ঠিকমতে গৈছে নে নাই । চন্দনদাৰ ত্ৰাসত শ্যামলদাইও ডিউটিলৈ নিয়াৰিকৈ যাবলৈ আৰম্ভ কৰি দিছে । আনকি মোৰ সাত বছৰীয়া কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অনিশ্চাস্বত্তেও দুটাকৈ কেজুৱেল লিভ হাতৰপৰা গল । এই সকলোবোৰ কেচৰ পাছৰ মাষ্টাৰমাইন্ড বুলি আমি চন্দনদাকে ঠিৰাং কৰিছো । কাৰণ চন্দনদা অফিচলৈ যোৱাৰ আগতে আমাৰ বৰ ধুনীয়া বিন্দাছ দিন চলি আছিল ।

আমাৰ কথা বাৰু বাদ দিও । বৌয়েও বোলে চন্দনদাৰ পৰিবৰ্তন ধৰা পেলাইছে । আগতে চৈধ্যদিন ডিউটিলৈ যাওতে সৰু বেগ এটাত চাৰিটা চাৰ্ট লৈ যায় । চাৰিটা চাৰ্টেৰে কাম চলি যায় । আজিকালি বৌৱে কাপোৰ ধুই ধুই তত নাপাই । এদিন পিন্ধা কাপোৰ চন্দনদাই দুনাই নিপিন্ধে । চৈধ্য দিনত চৈধ্যযোৰ বেলেগ বেলেগ কাপোৰ পিন্ধে । আগৰ নন ব্ৰান্ডেড কাপোৰবোৰ এতিয়া ঘৰ মোচা কাপোৰ হৈছেগৈ । ৰেমন্ড, ব্লেকবেৰী, এলেন চলি বাদ দি আজিকালি চন্দনদাই কাপোৰ নিপিন্ধে । আৰু আগতে ৱাইল্ড ষ্টন ডিয় মৰা চন্দনদাই আজিকালি ডিয় নামাৰে , পাৰফিউম মাৰে , সুগন্ধি পাৰফিউম ।
( এইবোৰ অহুকাণ পহুৰকাণে ওলাইছে )

অফিচৰ বাহিৰত থকা ৰমেনৰ দোকানত শ্যামলদাই জৰ্দা পাণ এটা অৰ্ডাৰ দিলে । এনেতে খুব ধুনিয়া গোন্ধ এটা শ্যামলদাই ফিল কৰিলে
- বহুত ধুনীয়া চেন্ট এটা আহিছে দেই.... শ্যামলদাই কলে
- অ, চেন্ট পাইছে ন, মানে চন্দন ছাৰ ৰুমৰপৰা ওলাল ..... ৰমেন পানদেকানীয়ে কলে

শ্যামলদাই বিচুৰ্তি খালে । সচাকৈয়ে বেনেটনৰ চাৰ্ট, লীৰ জিনছ, এডিডাচৰ জোতা আৰু ৰে-বেনৰ ছানগ্লাছ পৰিহিত সেয়া আমাৰ চন্দনদা । চালিয়া , কুল, দেচিং , ষ্টাইলিচ, হেন্ডচাম আমাৰ চন্দনদা ।

- অই ৰমেন, পাণ বান্ধি ৰাখিছনে , আৰু শ্যামল , চাইতত অপেৰেচন কি চলি আছে, অ টেষ্টিং, ব্ৰাইন বনাব লাগিব , ১.০৭ ৱেইটৰ , আজি নাইটত চেঞ্জ অভাৰ কৰি দিবা ......... চন্দনদাই কলে
- মানে চন্দনদা আপোনাৰ লগত কাম এটা আছিল ..... শ্যামলদাই কলে
- চাম-অল , আজি, মই বহুত বিজি আছো, বহুত কামৰ প্ৰেচাৰ, বুজিচাই তো , অফিচিয়েল ৱৰ্ক, দুঘন্টামান পাছত মোক কল এটা কৰিবা , চাও ......... এইবুলি কৈ চন্দনদাই ৰমেনৰপৰা পাণ লৈ হাতৰ ঘড়ীটোত টাইম চাই পুনৰ অফিচলৈ খোজ ললে ।

মা কচম । লাইফত শ্যামলদাই এনেকুৱা বিচুৰ্তি খোৱা নাছিল । আমাৰ চন্দনদা আমাৰ হৈ খকা নাই ।

দুখী শ্যামলদা নেওগদাৰ কাষ পালেগৈ । নেওগদাক শ্যামলদাই নিজৰ দুখৰ কাহিনী কলে ।
- নকবা আৰু, চন্দন আজিকালি বহুত ব্যস্ত থাকে , অফিচৰ কামবোৰ আছিলেই , তাতে ইউনিভাৰচিটীৰ দহজনীয়া ষ্টুডেন্টৰ গ্ৰুপ এটা কিবা প্ৰজেক্টৰ কাৰণে আহিছে , চব চন্দনেই চম্ভালে ......... নেওগদাই তামোল চোবাই চোবাই কলে

ডি.এছ.এত আজিকালি এন্টি-চন্দনদা গেং এটা বনোৱা হৈছে । চন্দনদাৰ দ্বাৰা উপেক্ষিত, বিতুষ্ট, টৰ্চাৰিত লোকক অতি সাবধানেৰে এই চিক্ৰেট গেঙৰ মেম্বাৰ ভৰ্তি কৰা হয় । সদস্য এতিয়া বিশজন ক্ৰছ কৰিছে ।
গেঙৰ মিটিঙৰ পাছত চন্দনদাক এসেকা দিবলৈ ঠিক কৰা হল ।

শ্যামলদাই বৌক ফোন কৰি খবৰ খাতি ললে । বৌৱেও বোলে চন্দনদাৰ পৰিবৰ্তন লক্ষ্য কৰিছে । শ্যামলদাই ইউনিভাৰচিটিৰ ষ্টুডেন্টৰ গ্ৰুপটো আৰু তাত যে সাতজনী ধুনীয়া ছোৱালী আছে সেই কথাটো বৌৰ কাণত পেলাই দিলে । ধুনীয়া শব্দটোৰ ওপৰত শ্যামলদাই বেছিকৈ এমফেছিছ দিলে ।

ফোনটো থৈ শ্যামলদাই চেটিছফাইড হাহি এটা মাৰিলে । এন্টি চন্দনদা গেঙে সৰু পাৰ্টি এটা কৰিলো ।
বেচেৰা আমাৰ মৰমৰ চন্দনদা । এইবাৰ কত সাৰিব ।
এইবাৰ চন্দনদাৰ বাজিব ।

দায়বদ্ধতা

হিমন্ত বিশ্ব শৰ্মাই জেৰা কৰিছে । শুন্য উৰ্তীৰ্ণ বিদ্যালয়ৰ শিক্ষকক জেৰা কৰিছে । কেমেৰাৰ সন্মুখত , ৰাজহুৱাভাৱে । ২০১৩ ৰ আগলৈকে ৰিজাল্ট ভাল আছিল , প্ৰাদেশীকৰণ কৰাৰ লগে লগে কিয় বেয়া হল । সকলোৱে কিবা নহয় কিবা অজুহাত দেখুৱাইছে । অজুহাত । এক্সকিউজ ।

- স্কুলখন এবুকু পানীত ডুবি থাকে ...... এজন শিক্ষয়ত্ৰীয়ে কলে
- বছৰৰ বাৰমাহে বানপানী হয়নে..... হিমন্ত বিশ্বৰ প্ৰশ্ন

- হিন্দী মেডাম নাছিল কাৰণে হিন্দীত ফেইল কৰিলে..... এজনৰ অজুহাত
- বাকী শিক্ষক কোনেও হিন্দী নাজানে নেকি ...... হিমন্ত বিশ্বৰ প্ৰশ্ন
- আমাক স্কুলৰ লৰা-ছোৱালীবোৰ গাধা.... অইন এজনৰ কথা
- দুই কিলমিটাৰ দুৰত থকা স্কুলখনৰ ৰিজাল্ট ভাল দেখোন , চব গাধা আপুনিয়ে পায় নে ...... হিমন্ত বিশ্বৰ প্ৰশ্ন
- আপুনি এইমাহত দৰমহা কিমান পালে.... হিমন্ত বিশ্বৰ প্ৰশ্ন
- বিয়াল্লিশ হাজাৰ ন টকা........ এজনৰ উত্তৰ
- আৰু আপুনি ইমান টকা দৰমহা চৰকাৰৰ পৰা লৈ কি কৰিলে, আমাৰ আঠটা লৰা-ছোৱালীৰ লাইফ বৰবাদ কৰি দিলে ...... হিমন্ত বিশ্বৰ তীৰ্যক মন্তব্য

দায়বদ্ধতা লাগে, জবাবদিহি হব লাগে, একাউনটিবিলিটি লাগে ।
অকল শিক্ষা বিভাগৰে নহয়, সকলো বিভাগৰে পাৰ্ফমেন্সৰ জবাবদিহি হব লাগে ।

ষ্টৰী ১-
পাচ বছৰ আগৰ কথা । লগৰ এজন । কলেজৰ লেকচাৰাৰ । কলেজখন গুৱাহাটীৰপৰা দুঘন্টাৰ বাট । সি গুৱাহাটীৰপৰা অহা-যোৱা কৰে । ৰাতিপুৱা ৮ টাত ঘৰৰপৰা ওলায় , আবেলি ২ বজাত গুৱাহাটী ৰিটাৰ্ণ পায় যায় । মন্তব্য নিষ্প্ৰয়োজন ।

ষ্টৰী ২-
২০১২ চনৰ কথা , মই তেতিয়া শিৱসাগৰত । বহুত ফ্ৰী টাইম । টাইম কিল কৰিবলৈ মই ফেচবুকত বিতৰ্কত অংশগ্ৰহন কৰো । অসমীয়া কথা বতৰা নামৰ গোটটোত এটা বিতৰ্কত টাইম কিল কৰি আছো ।
এনেতে এজনে মন্তব্য দিলে - অ.এন.জি.চিত মানুহে এনেয়ে লাখ লাখ টকা দৰমহা লৈ আছে ।
হাজাৰ হলেও গাত লাগিব । গগৈ উপাধিৰ তিনিচুকীয়াৰ কলেজ এখনৰ অধ্যাপিকা তেখেত ।
মই মন্তব্য দিলো- বাইদেউ , যোৱা দহ বছৰত আপোনাৰ বিভাগৰ কিমানজনে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উৰ্তীৰ্ণ হৈছে সেই তথ্য কওকচোন

উত্তৰত গগৈ বাইদেউৰ কথা
- আমাৰ ইয়ালৈ চোকা ষ্টুডেন্ট নাহে, যিখিনি আহে চব গাধা

- বাইদেউ, আপুনি ফেচবুকত চুপতি মৰাতকৈ সেই গাধা ষ্টুডেন্টবোৰকে ৰিমেডিয়েল ক্লাছ লব পাৰে দেখোন , সময়ৰ সদব্যৱহাৰ হব , আপোনাৰ চেলাৰীৰো জাষ্টিফিকেচন হব , ময়ো এটা সময়ত গাধাই আছিলো, কিন্ত ভাগ্যে ভাল শিক্ষক কেইজনমানৰ ছত্ৰছায়া পাইছিলে জীৱনৰ ক্ৰুচিয়েল টাইমত ................ মই মন্তব্য দিলো

চিনিয়ৰ দাদা এজন গগৈ বাইদেউ আৰু মোৰ কমন ফ্ৰেন্ড আছিল । দাদাৰপৰা গম পালো যে গগৈ বাইদেউৰ মতে শইকীয়া উপাধিৰ মক্কেলটো অসভ্য, অভদ্ৰ আৰু অহংকাৰী , শিক্ষকক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে ।

হিমন্ত বিশ্ব শৰ্মাইও নাজানে ।

প্ৰস্ততি পৰাশৰৰ বিয়াত

কটনত হায়াৰ ছেকেন্ডাৰী পঢ়ি থকা সময়ৰ কথা । অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্ততি পৰাশৰৰ ভায়েক প্ৰবাহন পৰাশৰ আমাৰ লগত পঢ়ে । বায়েকৰ বিয়া । নিমন্ত্ৰণ পালো ।
তাৰিখটো পাহৰিলো । ঘৰৰ ওচৰৰ পাজৰৰ মানুহৰ আগত বুকু ফিন্দাই আছো । প্ৰস্ততি পৰাশৰৰ বিয়ালৈ যাম । বিশ্বাস নকৰা কেইটাক বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাইছো । মুঠৰ ওপৰত চেলিব্ৰেটি টাইপ ফিলিঙ আহি গৈছে ।

নিমন্ত্ৰণী পত্ৰত উল্লেখ থকামতে অভ্যৰ্থনাৰ সময় বিয়লি দুই বজাৰ পৰা । মই বহুত পানচুৱেল মানুহ । বেলতলাৰপৰা চিটিবাছত উঠি ১-৪৫ বজাত শিলপুখুৰী পালো । শিলপুখুৰীত থকা কালী মন্দিৰৰ ফিল্ডখনত বিয়াৰ পেন্ডেল । ১-৫০ ত পেন্ডেলত এন্ত্ৰি মাৰিলো ।

পেন্ডেলত সোমাই টেনচন হৈ গল । ভিতৰত বৰ বেছি মানুহ নাই । এজনক সুধি গম পালো যে অলপ আগতে জোৰোণ হৈ গৈছে , মানুহবোৰ কাপোৰ সলাবলৈ ঘৰাঘৰি গৈছে । প্ৰবাহন নাই । কাকো চিনিও নাপাও । ঘড়ীটোলৈ চালো , কাৰেক্ট আবেলি দুটা ।

- ঐ ভাইটি এইফালে আহ, এইখন ধৰি দে ....... হটঙা মানুহ এজনে মাতিলে

টেবুল এখন ধৰি দিলো । মই ইষ্ট্ৰি কৰা বগা চাৰ্ট, ক'লা পেন্ট, ক'লা জোতা পিন্ধি গৈছিলো । টেবুলৰ আনটো মুৰতো মোৰ দৰেই ড্ৰেছকোডত আন এটা লৰা ।

টেবুলখল যথাস্থানত থৈ মই হটঙা মানুহটোক কলো...... মই মানে প্ৰবাহনৰ লগৰ , কটনত পঢ়ো, বিয়া খাবলৈ আহিছিলো
- ইছ ৰাম ছৰি দেই, মই আকৌ কেটাৰিঙৰ লৰা বুলিহে ভাৱিছিলো ...... হটঙাই কলে
- মানে প্ৰবাহন কেতিয়াকৈ আহিব ...... মই সুধিলো
- কব নোৱাৰো, অলপ আগতে গৈছেহে, চাৰিটা-পাচটা বাজিব

তেতিয়া মবাইল ফোন নাছিল । পেন্ডেলত এনেকৈ থকাটো মোৰ স্বাস্থ্যৰ বাবে সুবিধাজনক নহয় বুলি চিন্তা কৰি বাহিৰ ওলালো । কিন্ত কথাটো হল যাম কত । পাহাৰত ওপৰত নৱগ্ৰহ মন্দিৰ । পাহাৰৰ ৰাস্তাত খোজ পেলালো । কিছুদেৰিৰ পাছত মন্দিৰ পালো । ঘড়ীটোলৈ চালো, এতিয়াও বহুত সময় আছে ।

খাৰঘুলিৰ ফালে নামি দিলো । অলপদুৰ যোৱাৰ পাছত মনত পৰিল যে লগৰ জ্যোতিৰ্ময় পাঠকৰ ঘৰ খাৰঘুলি পাহাৰত । অকাই পকাই জ্যোতিৰ্ময়ৰ ঘৰ ওলালো । খুড়ীয়ে লুচি-কাবুলী বুট খুৱালে । প্ৰস্ততি পৰাশৰৰ বিয়ালৈ অহা বুলি কোৱাত বিশ্বাস নকৰাত জ্যোতিৰ্ময়কো নিমন্ত্ৰণী পত্ৰখন দেখুৱালো । পাচটামান বজাত জ্যোতিৰ্ময়ৰ ঘৰৰপৰা ওলালো ।
এইবাৰ পাহাৰে পাহেৰে ৰিটাৰ্ণ জাৰ্ণি । এটা পইন্টত ৰৈ গলো । ৰাস্তা ভুল হল । এখন আঠফুট ওখ গাৰ্ড ৱাল । ৱালৰ সিফালে নৱগ্ৰহ মন্দিৰৰ পাছছোৱা । ইফালে সন্ধিয়াও হৈ আহিছে । কি কৰো ।
তেতিয়া ক্ষীণ আছিলো । এথেলেটিক । জপিয়াই গাৰ্ড ৱালত উঠিলো । তাৰ পাছত সিফালে জপিয়ালো । মন্দিৰৰ পুজাৰী এটাই কোন অ সেইটো বুলি চিঞৰা কাণত পৰিল । বেগাবেগিকৈ খোজ ললো ।
জপিওৱা প্ৰচেচটোত কলা পেন্টটোত অলপ মাটি লাগিল । মন্দিৰৰ পানীৰ টেপত ৰুমালখন তিয়াই পেন্টটো মচিলো । এইবাৰ শিলপুখুৰীৰ ফালে নামিলো । নামোতে অসুবিধা নহল ।

বাহিৰত পাৰ্ক কৰা গাড়ী এখনত চাই চুলি-তুলি ঠিক-ঠাক কৰি আকৌ পেন্ডেলত এন্ত্ৰি মাৰিলো । এইবাৰ প্ৰবাহনক পালো । সি ৱেলকাম কৰিলে । লগৰ অভীক বৰাকো বুকে এটাৰ সৈতে দেখা পালো । উশাহ আহিল, অন্তত চিনাকি লগৰ এটা আছে ।

কিছুদেৰিৰ পাছত প্ৰবাহনে বায়েক প্ৰস্ততি পৰাশৰক আমাৰ ওচৰলৈ লৈ আহিল । বাইদেৱে চফৰ বটাটো আগবঢ়াই মিচিকিয়াই হাহি এটা মাৰিলে । বাইদেউৰ হাহি দেখি নাৰ্ভাছ হৈ গলো । কপা কপা হাতেৰে মই চফ ললো ।
- বাইদেউ আপুনি ইমান ধুনীয়া ........ অকস্মাত মুখেৰে ওলাই গল
- হা , থেংক ইউ দেই...... প্ৰস্ততি বাইদেৱে ভালকৈয়ে হাহি এটা মাৰিলে ।

তাৰ পাছৰপৰা দুটা কথা মনত ৰৈ গল......
প্ৰথমতে....., বিয়াত ফৰমেল কলা-নীলা পেন্ট , প্লেইন চাৰ্ট পিন্ধি যাব নালাগে
দ্বিতীয়তে....... , আবেলি ছয় বজাৰ আগতে গুৱাহাটীৰ বিয়াৰ ৰিচিপচনত এন্ট্ৰি মাৰিব নালাগে ।

প্ৰস্ততি পৰাশৰ বাইদেউৰ বিয়াত উপহাৰ দিছিলো কিতাপ এখন ....
" সুখী দাম্পত্য জীৱনৰ কিটিপ "

Saturday, July 2, 2016

বৰা হোটেলত মহতৰ সন্ধান

এট লাষ্ট শ্যামলদাই পাৰ্টি দিলে । বৰা হোটেল , গেলেকী । পাচজন মানুহ । চন্দনদা, দীৰুদা , শ্যামলদা, খঞ্জন আৰু মই । লাহে লাহে আদ্দা জমি উঠিল । এটা সময়ত আদ্দাৰ টপিক গৈ গৈ আই.এ.এছ আৰু এচিএছ পালেগৈ ।
- চাল্লা পঢ়ি থাকোতে গমেই নাপালো নহয়, এম.এছ.চিৰ পাছত চিধা পি.এইচ.ডি জইন কৰি দিছিলো, তাৰ পাছত সেইবোৰ মুৰতেই নেখেলাল ....... চন্দনদাই দুখেৰে কলে
- ময়ো কেম্পাছত চাকৰি পাই গলো, অ.এন.জি.চি চাকৰি , তাৰপাছত আৰু কত পঢা-শুণা কৰি কষ্ট কৰাৰ ইচ্চা যায়............ খঞ্জনে কলে
- মই তো এতিয়াহে গম পাইছো যে আমিও দিব পাৰিলোহেতেন...... দীৰুদাই কলে
- ই কিন্ত দিব পাৰিলেহেতেন, বেকাৰ ইয়াত মৰি পৰি আছে........... শ্যামলদাই মোৰ ফালে আঙুলি টোৱাই কলে
- অ ই ইয়াত থাকি বৰবাদ কৰিলে ....... চন্দনদাই কলে
মই অলপসময় মনে মনে ৰলো ।
- ভাৰতত চৰকাৰী খন্ডত সকলোতকৈ বেছি দৰমহা আৰু সা-সুবিধা পোৱা চাকৰি কোনকেইটা জানেনে ......... মই সুধিলো
- IAS-IPS বিষয়া, মহাৰত্ন-নৱৰত্ন PSUৰ ইঞ্জিনিয়াৰ আৰু অফিচাৰকেইটা, কলেজ-ইউনিভাৰচিটীৰ প্ৰফেছৰ .......... শ্যামলদাই কলে
- হয়, এন্ত্ৰি লেভেলত কলেজ টিচাৰ ,IAS এজনৰ basic+ grade pay মিলি 22000-23000, পাৰ্কচ, ডি.এ. হাউচ ৰেন্ট মিলি আৰু টেক্স-চিপি.এফ কাটি কুটি IAS এজনৰ হাতলৈ আহে প্ৰায় ৪৫ ৰ ওচৰা ওচৰি , কলেজৰ প্ৰফেছাৰ এজনৰ হাতলৈ আহে ৪০ ৰ ওচৰা ওচৰি আৰু PSUৰ অফিচাৰ এজনৰ হাতলৈ আহে ৬০ ৰ ওচৰা ওচৰি, চো কাৰনটো অবভিয়াছ..... মই কলো
- এচি.এছ এজনে কিমান পায় হে.......... দীৰুদাই সুধিলে
- কলেজৰ প্ৰফেছাৰতকৈ কম...... মই কলো
- কিন্ত সেইবোৰত পাৱাৰ পালাহেতেন, সদায় মানুহে ছাৰ বুলি চালাম ঠুকিলেহেতেন , বিডিঅ কেইটাকে চোৱা , কি আদৱ কায়দাত থাকে ......... চন্দনদাই কলে
- নকব দেই চন্দনদা, মাটিৰ অফিছৰ নিচিনা আফিছ নাই, মন্ডলেই ৰজা , পইচা নহলে মানুহে কথাই নাপাতে ..... দীৰুদাই কলে
- কিয়, ডি.পি.আই, পেঞ্চন অফিছ, চেক্ৰেটেৰিয়েট, এচিএছ কেইটাকে চোৱা.......
- পুলিচৰ কথা নকলেই যে , জলসিঞ্চনৰ ইঞ্জিনিয়াৰকেইটা , নিবনুৱা ছাত্ৰনেতা, এম.এল.এ, মন্ত্ৰী .......
- আৰু ফৰেষ্ট, মহত তালুকদাৰ
- গোটেই অসমত কিমান মহত আছে বাৰু
- চিষ্টেমটোত মুষ্টিময় কেইজনমান বাদ দি গোটেইবোৰটো মহত , চাল্লা মই ভাৰতত সকলোতকৈ বেছি দৰমহা দিয়া কোম্পানীটোত কাম কৰাৰ পাছবছৰ পাছতো ঘৰ কিনিবলৈ লোণ, গাড়ী কিনিবলৈ লোণ লৱ লগা হৈছে, ই.এম.আই মাৰোতে দৰমহাৰ আধা পইচা যায় , মাহত কেতিয়াবা চলিবলৈয়ে টান হয় , আৰু কিচুমানে চাল্লা চাকৰি দুই বছৰে হোৱা নাই, গুৱাহাটীত ফ্লেটৰ ওপৰত ফ্লেট, গাড়ীৰ ওপৰত গাড়ী........ দীৰুদাই খঙেৰে কলে
- সচাকে দেই গলিয়ে গলিয়ে কিমান মহতৰ অট্টালিকা বুকু ফিন্দাই থিয় দি আছে............ খঞ্জনে যোগ দিলে
বৰা হোটেলৰ সমুখেৰে পি.ডব্লিউ.ডিৰ গাড়ী এখন পাৰ হৈ গল । গাড়ীখনত পি.ডব্লিউ.ডিৰ বিষয়া এজন আছিল । ডিব্ৰুগড়ত থকা বিষয়াজন আৰু তেওৰ পত্নীৰ সম্পত্তিৰ তালিকাখন শ্যামলদাই গাই দিলে । গেলেকী-বৰছিলাৰ গাতৰ মাজে মাজে থকা ৰাষ্টা বোলা বস্তটোৱে মানুহজনে ষ্টেন্ডাৰ্ড অৱ লিভিং কেনেকৈ মেইনটেইন কৰিছে বুজাই দিছে ।
- চৰকাৰে কলা ধন বিচাৰি চুইজাৰলেন্ড যাবই নালাগে, চৰকাৰী বিভাগকেইটাত থকা মহতবোৰক ধৰিলেই ইকনমি আহি যাব............ শ্যামলদাই কলে
- কিন্ত তেতিয়া ডিপাৰ্টমেন্টবোৰ চোন একেবাৰে খালী হৈ যাব..... খঞ্জনে কলে
- আৰে বাবা, এইবোৰ থিয়ৰিটিকেলী ভাল লাগে, এটা মহত ধৰা পৰিল, তাৰ লাক বেয়া আছিল, ওপৰৰ মহতৰ লগত তাৰ অংক নিমিলিল, ফচি গল, মহতে মহতক ধৰা কেতিয়াবা পচিবল হব জানো............... চন্দনদাই কলে
বৰা হোটেলৰ স্পেচিয়েল ডাক ফ্ৰাইৰ সৈতে ভাত আহিল । শ্যামলদাক খেংকচ এটা দি আমি মহতৰ সংখ্যা গন্তি কৰাৰ সলনি ভাত খোৱাত লাগিলো ।

ৰনদীপ - ৰিটাৰ্ণছ টু ডিএছএ

বিয়াৰ পাছত একৈছদিন হনিমুনৰ ছুটী লৈ মস্তি মাৰি ৰনদীপ ডিএছএ লৈ উভতি আহিল।
ডাইনিং হলত আমি বহি আছো।
- বিয়াৰ পাছত সিংহ বোলে নিগনি হৈ যায়, কিন্ত জলহস্তী হোৱা দেখিছে নেকি....... প্ৰজাপতিয়ে কলে
- জলহস্তী, কত.......... খঞ্জনে সুধিলে
- সৌটো চা, ৰনদীপ এ.কে.এ হিপো-দীপ

ৰনদীপ ডাইনিং হলত সোমাই আমাৰ টেবুলত বহিল। বিয়াৰ আগত হাৰবেল-লাইফ খাই অলপ খীণাইছিল, কিন্ত এতিয়া আকৌ সি আগতকৈও বেছি লোদোৰ-পোদোৰ হৈ পৰিছে।
- কি ৰনদীপদা একদম ফুলি গৈছে দেখোন........ খঞ্জনে সুধিলে
- মৰম বুইছ মৰম, বৌৱেৰে ঘৰৰ বাহিৰেই ওলাব নিদিয়ে, টিভি চোৱা, গেম খেলা আৰু দকচি খোৱা, কিং টাইপৰ লাইফ, একদম কিং......... ৰনদীপ কলে
- তোমাৰেই দিন আৰু, আমাৰ আকৌ ১৪ দিন ডিউটিতেই ভাল লাগে, ঘৰত বৌৱেৰাই যি ৰুদ্ৰমুৰ্তি ধৰে, জীউ উৰি যায়.......... শ্যামলদাই দুখেৰে কলে
ৰনদীপে বুকু ফুলাই হাহি এটা মাৰি দিলে। এনেতে ৰণদীপৰ ফোনটো বাজিল। ৰনদীপে ৰিচিভ কৰি কলে
- অ ডাৰ্লিং কোৱা
ৰণদীপৰ ফোনত ভলিউমটো বেছি হৈ আছিল।
- ইমান সোনকালে গলা যে........... ফোনটোৰ সিফালৰপৰা মিঠা অথচ কৰ্কশ সুৰ এটা শুনিবলৈ পোৱা গল
- নাই মানে
- ৱাচিং মেচিনটো বেয়া হৈ আছে বুলি পাহৰিলা নেকি, কাপোৰবোৰ তোমাক ধুবলৈ কৈ গৈছিলো, কিয় নুধুলা......... সিফালৰ মিঠা মাতটো আৰু কৰ্কশ হৈ পৰিল
- মানে ডাৰ্লিং
- আৰু যোৱাৰ আগতে ঘৰটো চফা কৰিব কৈছিলো, সেয়াও নকৰিলা
- মানে অলপ দৌৰাদৌৰি হল
- আৰু বজাৰৰপৰা কালি যে ভেণ্ডি আৰু বেঙেনা আনিব কৈছিলো
- আনিছো ডাৰ্লিং, ফ্ৰীজটোত
- ধুৰ গোটেইবোৰ বেয়া, বুঢ়া ভেণ্ডি লৈ আহিছা, তুমি মানে একেবাৰে ইউজলেছ দেই, আৰু শুনা, মই মাৰ ঘৰলৈ যাও, তাৰপৰা এই ১৪ দিন অফিছ কৰিম, তুমি আহি এইবোৰ চব ঠিক-ঠাক কৰিবা, তাৰপাছত মোক আনিব যাবা
ফোনটো কাট খাই গল। ভয়াৰ্ত চাৱনিৰে ৰণদীপে আমাৰফালে চালে।
- লাজ কৰিব নালাগে ৰনদীপ, আমাৰো একেইহে, হু এইডাল ৰাখ, নেক্সট টাইম ৱাইফৰ লগত কথা পাতিলে হেডফোনত পাতিবি, কম চে কম ইজ্জতটো ইয়াত বাচি থাকিব......... এইবুলি দীৰুদাই হেডফোন এদাল ৰণদীপৰ ফালে আগবঢ়াই দিলে
- তোমাক কি চিমপেথি দিম ৰণু বাবা, হোৱেৰপুলৰ অটমেটিক ৱাচিং মেচিন উইথ এৰিয়েল ডিটাৰজেন্ট, কষ্ট বহুত কমি যায়......... চন্দনদাই মোলায়ম হাহি এটা মাৰি কলে
- ময়ো এৰিয়েলেই ইউজ কৰো..... শ্যামলদাই কলে
খঞ্জনে এতিয়ালৈ বিয়া পতা নাই। কিন্ত গাৰ্লফ্ৰেণ্ড এজনী আছে। বেচেলৰ লাইফ খটম হবলৈ তাৰো বেছিদিন নাই। খঞ্জনে চিকেন ভাল বনায়। ঘৰত মাজে মাজে ভাত-দাইল-ভাজিতো হাত চফা কৰি লৈছে। সি চাফ-চফাইও কৰি ভাল পায়। কুমলীয়া আৰু বুঢ়া ভেণ্ডিও খঞ্জনে চিনি পায়। তথাপিও তাক যথেষ্ট চিন্তিত তথা ত্ৰাসিত দেখা গল।
- ভাল অটমেটিক ৱাচিং মেচিন এটা এতিয়াই লৈ থোৱা ভাল হব, ফাংচনবোৰ শিকোতে অলপ টাইম লাগিব পাৰে না......... খঞ্জনে মনে মনে ভাৱিলে

দীৰুদাৰ মিছন

(১)

- কি হে বাপু, ৰাতিপুৱাই মিচনত ওলালাইযে , আজি মিচন কত ...............পাছফালৰপৰা বৰদলৈৰ মাতটো শুনি দীৰুদাৰ টেমা গৰম হৈ গল ।
দীৰুদাই ঘুৰি চালে । বৰদলৈয়ে নিজৰ আগচোতালৰ জাবৰবোৰ কোৰেৰে চিকুনাই এটা ঠাট্টাৰ হাহি মাৰি আছে ।
- খুড়া চানমাৰিৰ ফালৰপৰা আহো ৰব.........উঠি থকা খংটো লুকুৱাই দীৰুদাই কৃটিম হাহি এটা মাৰি কলে

চব ঠিকে চলি আছিল । চিংগল-মিংগল লাইফ , টেনচনফ্ৰী কুল লাইফ । কিন্ত তিনিমাহ আগত ডি.এছ. গেলেকীৰ ২৫ নম্বৰ বাংক হাউচত শ্যামলদাই যিপাত ডাউন দিলে, তাৰ পাছৰপৰাই দীৰুদা চিৰিয়াছ হৈ পৰিল ।
দীৰুদাই প্ৰথমত কামটো সহজ বুলি ভাৱিছিল । দুনীয়াত সোৱে-বাৱে-আগে-পাছে-ফেচবুক-ৱাটছএপে ইমানগাল ছোৱালী । কোনোবা নহয় কোনোবা মিলি যাবই ।
দীৰুদাৰ বৰমাকৰ ঘৰত ছোৱালী পিজি এটা আছে । প্ৰথম টাৰ্গেট দীৰুদাই তাতে লৈছিল । ২৪ জনী ছোৱালী থাকে পিজিটোত । কিন্ত নাই, চব অলৰেডি এংগেজড । কেইজনীমানটো ২-৫ জনৰ লগত এংগেজড ।
দীৰুদাই মেচেজটো আশে পাশে এৰি দিলে । খবৰ আহিল । এজনী বেংলুৰত আই-টি চাকৰি কৰি আছিল , চাকৰি নেৰে বোলে । নিমিলিল । এজনী ডাক্টৰী পঢ়ি আছিল । সেইজনীক চন্দনদাই ব্ৰেইনৱাছ কৰি কেঞ্চেল কৰাই দিলে । দীৰুদাৰ ট্ৰেন্সফাৰেবল জব । গতিকে ডাক্টৰ-ইঞ্জিনিয়াৰ দীৰুদাই বাদ দিলে । এজনী বিউটি পাৰ্লাৰত কাম কৰা বিউটিফুল আছিল । প্ৰসাধনৰ কালাৰ আৰু পাৰফিউমৰ গোন্ধ দেখিয়েই দীৰুদাই ফৰিংচিটিকা দিলে । দীৰুদাই ভাৱি পাৰ নাপালে যে মানুহে কৈ থকা ভাল টাইপৰ ছোৱালীবোৰ কত লুকাই খাকে ।
দীৰুদাইও বাহ খাইছে । এঘৰত ছোৱালী চাবলৈ গৈ ছোৱালীৰ মহাকৰ লগত আদ্দা জমাই দিলে । পাছত মহাকে ফিডবেক দিলে যে লৰাৰ পাৰচনেলিটি নাই, চুলুঙা ।
চুলুঙা অপবাদৰ পাছত নেক্সট ঘৰত দীৰুদা একেবাৰে চিৰিয়াছ এক্সপ্ৰেচন দি থাকিল । তাত কোৱা হল যে লৰা গোমেঠা, একোৰে চচিয়েল নহয়, গতিকে দীৰুদা ৰিজেক্ট । এঘৰতটো দীৰুদাই ছোৱালী চাবলৈয়ে নাপালে । মাক-বাপেক-ককায়েক-খুৰাক-পেহীয়েকে এনেকৈ ইন্টাৰভিউ ললে যে দীৰুদাৰ অৱস্থা নাজল নাথল । তথাপিও দীৰুদাই টেকল কৰিছিল । পাছত কইনাঘৰৰপৰা কোৱা হল যে , লৰাটো পেটুৱা, আমাৰ ইমান ধুনীয়া ছোৱালীজনীৰ লগত নিমিলিব ।
- বেইজ্তিৰো এটা সীমা থাকে বে , দুনীয়া চব মিছা, ঘৰৰুৰা ওলাবই নোৱাৰো, মানুহে সুধি সুধি টেমা গৰম কৰি দিয়ে .......... দীৰুদাই কেতিয়াবা খঙতে কয়
যিয়েই নহওক দীৰুদাই পুৱা-গধুলি ৱাকিং আৰু ডি.এছ.এ গেলেকীত জিম কৰা আৰম্ভ কৰিলে, কিজানি পেটটো অলপ কমেই ।
কৰবাত ৰাশি নিমিলে, কৰবাত গোত্ৰ । মুঠৰ ওপৰত দীৰুদাই ত্ৰ্ৰাহি মধুসুদন সৱৰি গৈছে ।
এইটো তিনিমাহত ১৭ নম্বৰ মিছন , চানমাৰি , বকুল পথ, জোনালী ডেকা, এম.এ , অসমীয়া , এটা ভায়েক , দেউতাক ৰিটায়াৰ্ড । দীৰুদাই বাইকখনত কিক মাৰি ভগবানৰ নাম ললে......... আজিৰ মিছনটো যেনেতেনে চাকচেছ হলেই হয় আৰু ।

(২)

এই খবৰটো দীৰুদাক মোমায়েকে দিছে । মোমায়েকৰ মতে বৰ ভাল , কোনো প্ৰবলেম নাই । চানমাৰিত দীৰুদাই মোমায়েকক লগ ধৰিলে ।
- চা দীৰু, একেবাৰে জুখিমাখি কথা কবি, বেছি গহীন হৈও নাথাকিবি , বুইছ.......... মোমায়েকে কলে
ভয় আৰু শংকাৰ মাজেৰে দীৰুদা ছোৱালীঘৰত সোমাল । প্ৰথমতেই ছোৱালীৰ দেউতাক আৰু খুড়াকে দীৰুদাৰ ইন্টাৰভিউ এটা লৈ ললে ।
- লৰাই ছোৱালীয়ে আলপ কথা পাতক , হে হে, নে কি কয়........ মোমায়েকে কলে
দীৰুদাক ঘৰটোৰ ছাদখনলৈ লৈ যোৱা হল । দীৰুদাই সেপ ধুকি তাতে চকী এখনত বহি থাকিল । এনেকুৱা পৰিস্থিতিত কি কথা আৰম্ভ কৰিব দীৰুদাই ভাৱিবলৈ ধৰিলে । নাৰ্ভাছ দীৰুদাই চন্দনদাক ফোন লগালে
- ঐ দীৰু, কি হে ইমান দিনৰ মুৰত , কি খবৰ.......... চন্দনদাই কলে
- মানে চন্দনদা, মিছন এটাত আহিছো, কি কম ভাৱি পোৱা নাই, মানে নাৰ্ভাছ হৈ আছো........ দীৰুদাই কলে
- কুল বাবা কুল, সিটো পাৰ্টিয়ে যি কয় চব অকে বুলি কবা, হয়, হব, কৰিম ইত্যাদি , এনেও বিয়াৰ পাছতটো সেইটোৱেই কৰিব লাগিব .... ফোনৰ সিপাৰত জুনকা বজাৰ শুনা গল
- চন্দনদা , জুনুকা কত বাজিছে........ দীৰুদাই সুধিলে
- এস নকবা, বৌয়েৰা বিউটি পাৰ্লাৰলৈ গল নহয় , পুতুকণক নচুৱাই আছো, এতিয়া ৰাখো দেই, মানে কাপোৰকেইটা ধুবলৈ আছে, আৰু এও অহাৰ আগতে ভাতকেইটাও ৰান্ধি থব লাগিব........ এইবুলি কৈ চন্দনদাই ফোনটো কাটি দিলে
দীৰুদা আৰু অলপ নাৰ্ভাছ হৈ গল । এনেতে কোনোবা ছাদত অহাৰ শব্দ শুনা গল ।
- আছা , আপুনিয়েই দীৰু .......... ছোৱালীজনীয়ে সুধিলে
- হয় ময়েই ......... দীৰুদা সসন্মানে থিয় হল
- হব বহক, মই জোনালী, ফটোতকৈ আপোনাক অলপ ভালেই দেখিছো , আচ্ছা, আফটীৰ মেৰেজ কি প্লেন আপোনাৰ
আছলতে দীৰুদাৰ প্লেন চিম্পল আছিল । ৩০ ত বিয়া, ৩১ ত এটা বাচ্ছা, ৩৪ ত ছেকেন্দ , হাম দো হামাৰে দো, হেপী লাইফ । কিন্ত ৩০ পাৰ হৈ ৩৩ হলগৈ, গতিকে দীৰুদাই জুখি মাখি উত্তৰ দিলে ।
- মানে , তোমাৰ মতেই তো চব হব, আফটাৰ অল , আফটাৰ মেৰেজ তুমিয়েই তো অল ইন অল হব লাগিব........... দীৰুদাই হাহি এটা মাৰি কলে
- মদ-চিগাৰেট খাইনে............ জোনালীয়ে সুধিলে
- মানে , কৃষ্ণ কৃষ্ণ, একেবাৰে এইবোৰ মুখতে দি পোৱা নাই , বিদ্যা শপত ...................... এইবুলি দীৰুদাই ভোলা ভালা এক্সপ্ৰেচন এটা দিলে
জোনালীয়ে আৰু কিবা কিবি সুধিলে , দীৰুদাই যিমান পাৰি পজিটিভ আনছাৰ দি গল ।
যথা সময়ত দীৰুদাই ছোৱালীঘৰৰপৰা বিদায় ললে । বিদায়ৰ পৰিবেশ দেখি দীৰুদাই এইবাৰো মিছন ফেইল বুলিয়েই ধৰি ললে ।
সন্ধিয়া দীৰুদা ঘৰ সোমাবলৈ লৈছে ।
- কি ঐ বাপু, মিছন কি হল , আকৌ ফেইল নেকি........... বৰদলৈয়ে নিজৰ চোতালৰপৰা ত্যাচ্ছিল্যতা ভৰা সুৰত চিঞৰিলে
দীৰুদাৰ কাণ-মুৰ গৰম হৈ গল । একো উত্তৰ নিদিয়াকৈ দীৰুদা ঘৰ সোমাল । চাল্লা স্মাৰ্ট কিয় হব নোৱাৰিলো । ধুৰ । দীৰুদাই নিজকে নিজে কলে ।
এনেতে ফোনটো বাজিল , মোমায়েকৰ নম্বৰ
- ঐ তোৰ ৱাটছএপ আছে নে নাই .......... মোমায়েকে সুধিলে
- কিয়
- মানে ছোৱালীয়ে তোৰ ৱাটছএপ নম্বৰ বিছাৰিছে , কথা পাতে বোলে............ মোমায়েকে কলে
দীৰুদাৰ হৃদয়ৰ মৰুভুমিত কি বৰষুণৰ টোপাল সচাকৈয়ে পৰিলনেকি ।

(৩)

দীৰুদাই হোৱাটছএপৰ নম্বৰটো দি দিলে ।
২০১৪ চনৰ ডিচেম্বৰৰ কোনোবা এটা দিন । ডি.এছ.এ গেলেকীৰ ২৫ নম্বৰ বাংক হাউছত ছেমি নিদ্ৰাৰত অৱস্থাত দীৰুদা । টুইন শ্বেয়াৰিং কোঠাটোত কাষৰ বিচনাত ডিউটিৰ পৰা আহি ভাত-পানী খাই চন্দনদাই গা টঙাবলৈ লৈছে । এনেতে দীৰুদাৰ মোবাইলত খুটুংকৈ শব্দ এটা হল । দীৰুদাই মবাইলটো চালে ।
হোৱাটছএপত মেছেজ এটা আহিছে .......... হাই
মেছেজৰ নম্বৰটো অচিনাকি কিন্ত মেছেজ পঠিওৱা নম্বৰটোৰ প্ৰফাইল পিকচাৰখন চিনাকি.... মানে জোনালী ।

দীৰুদা একেজাপে বিচনাত বহি পৰিল । হাৰ্টবিট বাঢ়ি গল । দীৰুদা নাৰ্ভাছ হৈ পৰিল ।
- চন্দনদা, অ চন্দনদা, হাই দিছে হোৱাটছএপত, মই কি পঠাম ......... দীৰুদাই চন্দনদাক উদ্দেশ্যি কলে
- আবে, হাই দিছে তো হেলো বুলি পঠিওৱা......... চন্দনদাই চিলমিলীয়া টোপনিৰ পৰা কলে
দীৰুদাই হেলো এটা পঠিয়ালে ।
- কি কৰি আছা ......... সিফালৰপৰা আকৌ মেচেজ আহিল
- চন্দনদা , কি কৰি আছা বুলি মেচেজ দিছে, কি ৰিপ্লাই দিম...... দীৰুদাই সুধিলে
- আব্বে ৰাতি এঘাৰটা বাজিছে , নৰ্মেল মানুহে শোৱে এতিয়া...... চন্দনদাই টোপনিৰ পৰা কলে
দীৰুদাই "শুই আছো" বুলি টাইপ কৰাত লাগিল । হঠাত চন্দনদা খপজপকৈ উঠিল আৰু দীৰুদাৰ ওচৰ পালেহি ।
- হেই, কি কৰা ,কি কৰা, ধুৰ, কুল বাবা কুল, এনেকে নহব, ফিলিংছ আনিব লাগিব ...... চন্দনদাই কলে
- কাৰোবাৰ চকুযুৰিয়ে আমনি কৰি আছে, তেওৰ কথাই ভাৱি আছিলো ......... চন্দনদাই কোৱামতে দীৰুদাই মেচেজ পঠিয়ালে
- কাৰ কথা ........ সিফালৰপৰা মেছেজ আহিল
- হয় আৰু কোনোবা
- কোন বাৰু
- বকুল পথৰ কোনোবা এগৰাকী
- বকুল পথ, নামটো শুনা যেন লাগিছে
- মই যে তাতে হেৰাই আহিছো
................
..................
গোটেই ৰাতি হোৱাটছএপ চলিল । পুবে ধলফাট দিলে । দীৰুদাৰ খাটিৰত চন্দনদাইও টোপনি চেক্ৰিফাইছ কৰি দিলে ।
পাছদিনা ৰাতিও ফুল স্পীডত হোৱাটছএপ । চন্দনদাই নিজৰ পুৰণা স্মৃতি ৰোমন্থন কৰি দীৰুদাক টিপছ দি থাকিল ।
এনেকৈয়ে সাতদিন গল । আঠনম্বৰ দিনা মই দীৰুদাৰ ৰুমত এন্ত্ৰি মাৰিলো । দীৰুদাই গেঞ্জী এটা পিন্ধি বিচনাত ওপৰমুৱাকৈ শুই কিবা ভাৱি ভাৱি মিচিক-মাচাককৈ হাহি আছিল ।
- আৰে দীৰুদা , কি হল , একো খবৰ-খাতি নাই যে, মানুহটো গুমচুডা হৈ আছে যে .......... মই সুধিলো
- আৰে বিকু , আই থিংক আই এম ইন লাভ ................. এইবুলি কৈ দীৰুদাই বিচনাখনত হাত-ভৰি প্ৰসাৰিত কৰি দিলে
দীৰুদাৰ কাষৰপৰা পটককে দীৰুদাৰ মবাইলটো উঠালো । মবাইলত হোৱাটছএপ অন হৈ আছিল । অনলাইনত জোনালী । মবাইলটোত পটককে "আই লাভ ইউ" টাইপ কৰি চেন্দ কৰি দিলো । দীৰুদা তেতিয়াও হাত-ভৰি প্ৰসাৰিত কৰি মিচিক-মাচাককৈ হাহি থকা অৱস্থাত ।
কেইছেকেন্ড মানৰ ভিতৰতে ৰিপ্লাই আহিল ......... "আই লাভ ইউ টু "
- ঐ দীৰুদা চাওক, সিফালেও আপোনাক ভাল পায় , দুইফালে সমান সমান ........... এইবুলি কৈ মবাইলৰ স্ক্ৰীণখন দীৰুদাৰ ফালে আগুৱাই দিলো ।
মিনিটৰ ভিতৰতে দীৰুদাৰ কেছটো কনফাৰেম তথা চেটল কৰি আত্মসন্টুষ্টি লাভ কৰিলো । মোৰ কথা হল চীধী বাত- নো বকৱাছ । কিন্ত মবাইলটো চাই দীৰুদাই মোৰফালে যিটো চাৱনি দিলে ভয় লাগি গল আৰু মুহুৰ্ততে ২৫ নম্বৰ বাংক হাউছৰপৰা মই অদৃশ্য হৈ দিলো ।

(৪)

ৰনদীপ-প্ৰজাপতি-জিতুমনি বহুত টেনচনত আছে । কাৰণটো দীৰুদা । দীৰুদা বোলে এবনৰমেল হৈ গৈছে । অনবৰতে মবাইলটো চাই থাকে আৰু কোনো কাৰণ নোহোৱাকৈ হাহি থাকে । কথা পাহৰি যেৱাৰ লগতে আন বহুত এবনৰমেল বিহেভিয়াৰ ।
কেন্টিনত ডিচকাচন হৈ আছে
- আব্বে যোৱাৰাতিৰ কথা , মই টেংকৰ ফালে চালো , দীৰুদা টেংকৰ ওপৰত, একেবাৰে ৰেলিঙৰ কাষত থিয় দি টাইটানিকৰ পজত হাত দুখন মেলি আছে , ভয় লাগি গৈছিল দেই............ জিতুমনিয়ে কলে
- আৰে, পৰহি মই ফোন কৰি কলো যে মোৰ পাচ মিনিট দেৰি হব, শ্বিফট বাছখন ৰখাবলে. চাল্লা গৈ দেখো বাছ গায়ব , দীৰুদাক ফোন কৰিলো, কয় বোলে পাহৰি গলো , ধুৰ............ প্ৰজাপতিয়ে কলে
- আৰে মোৰ লগততো তামাম কেছ, সন্ধিয়া চাৰেপাছটামানত চাইটত, দেখিলো দীৰুদাই দাত ব্ৰাছ কৰি আছে , ওচৰ চাপি গলো, দীৰুদাই কি কয় জান, বোলে গুডমৰ্নিং , ডি.পি.আৰ লাগে বোলে........ ৰণদীপে কলে

শ্যামলদাই একো নকলে । কাৰণ এটা সময়ত শ্যামলদাইও এনে এবনৰমেল বিহেভিয়াৰৰ চিকাৰ হৈছিল ।
এনেতে দীৰুদা কাণত হেডফোন লগাই কেন্টিনলৈ আহিল । দীৰুদাৰ মিছন মেচেজৰপৰা ফোনলৈ উন্নীত হৈছে ।
- কি দীৰুদা , কত থাকে আজিকালি , দেখাই নাপাও যে........ জিতুমনিয়ে সুধিলে
- আজিকালি কাৰোবাৰ দিলত থাকো অ, তহতৰ হবলগীয়া বৌ ........... এইবুলি কৈ দীৰুদাই মবাইলত জোনালীৰ ফটোখন উলিয়াই দেখুৱালে
- আব্বে, লংগুৰৰ হাতত আংগুৰ, শক্তি কাপুৰৰ থোপৰা, কাদেৰ খানৰ ফিজিক লৈ এই হেমামালিনীক কেনেকে পটালা হে................. শ্যামলদাই কাট মাৰি কলে
দীৰুদাই খং কৰিব লাগিছিল । কিন্ত নকৰিলে ।
- শক্তি কাপুৰৰ থোপৰা হব পাৰে কিন্ত দিল তো ধৰ্মেন্দ্ৰৰ হয় না, দিল চে দিল মিলে আউৰ হো গয়া প্যাৰ, অব কুত্তে ভৌকে য়া শ্যামল বোলে, দিলৱালে জুদা না হোংগে য়াৰ .......... দীৰুদাই হাহি হাহি শ্যামলদাক ডাউন এটা দি দিলে
ৰণদীপ-প্ৰজাপতি-জিতুমনিয়ে দীৰুদাক কংগ্ৰেচুলেট কৰিলে । খুচ হৈ দীৰুদাই বৰা হোটেলত পাৰ্টি এটা থ্ৰ কৰি দিলে । ৰুমতো তিনিদিনলৈ জবৰদস্ত বেচেলৰ পাৰ্টি চলিল ।
দীৰুদা আৰু জোনালীক উমানন্দ, খাৰঘুলি, নেহেৰু-তৰুনৰাম-সতী ৰাধিকা পাৰ্কত সঘনাই দেখা পোৱা গল । শ্যামলদাই এবাৰ কাজিৰঙাৰ ভিউ পইন্টতো দীৰুদাক ৰোমান্টিক মুডত দেখা পালে ।
ছমাহ জোৰদাৰ প্ৰেমৰ পাছত দীৰুদাই এৰেঞ্জ কাম লাভ মেৰেজ কৰি দিলে ।
মিছন একমপ্লিছড ।



কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...