Sunday, June 8, 2014

সময়

(১)

২০১০ চন । তেতিয়া মই ইউনিভাৰচিটি এখনত পি.এইচ.ডি কৰি আছো । মোৰ নেট-জে.আৰ এফ আছিল । ইউ.জি.চি ফেলোশ্বিপ । এমাহ-দুমাহ........ চাৰিমাহ পাৰ হৈ গল । ফেলোশ্বিপৰ পইচা নাহেহে নাহে । পেটত গাঠি মাৰি তো ৰিচাৰ্চ কৰিব নোৱাৰি । গতিকে টিউচন কেইটামান কৰো । লগত জইন কৰা বাকীকেইটাৰো একে অৱস্থা ।
এদিন ইউনিভাৰচিটিৰ ডিপাৰ্টমেন্টৰ হেডৰ ওচৰলৈ গলো

- ছাৰ, চাৰিমাহ হলহি, ফেলোশ্বিপ অহাই নাই....... মই কলো
- হয় নেকি, তোমাৰটো চাৰিমাহ হৈছেহে, বছৰ বছৰ ধৰি ইউ.জি.চিৰ পইচা পেন্ডিং হৈ থাকে........... হেডে কলে
- মানে ছাৰ আপোনাৰ লেভেলত অলপ লিখালেখি কৰিলে অলপ সোনকাল আহেই কিজানি
- তোমালোকৰ ফেলোশ্বিপ,তোমালোকে ইউ.জি.চিত খবৰ কৰা , মই মাজত সোমাই কি কৰিম
- তথাপিও লেটাৰ এখন
- মই নোৱাৰো এইবোৰ কৰিব, তোমালোকে ট্ৰেজাৰাৰক ধৰা, ভি.চিক ধৰা
- ঠিক আছে ছাৰ, ফেলোশ্বিপ নহা কেইদিন ইউনিভাৰচিটিৰ ফালৰপৰা, লাম্প-চাম ৪-৫ কৈ দিলে অলপ সকাহ পালোহেতেন , এতিয়া চলাত অলপ প্ৰবলেম হৈছে
- চোৱা তোমাৰ প্ৰবলেম, মই কেনেকৈ চল্ভ কৰিম, ভি.চিক ধৰাগৈ

তেওৰ ৰুমৰপৰা সিদিনা মই ওলাই আহিলো

(২)

২০১১ চন । টিউচন কৰি চলি থাকিলো । এটা সময়ত লাকে ফেভাৰ কৰিলে । ভাগ্য আৰু পৰিশ্ৰমৰ সমন্বয়ত অ.এন.জি.চিত চাকৰি পাই গলো । ফেলোশ্বিপৰ পইচা তেতিয়াও আহি পোৱা নাই ।
কেইমাহমান পাছত লগৰ এটাই খবৰ দিলে, ইউ.জি.চিৰ পইচা আহিছে ।
দুদিনৰ ছুটী লৈ ৰাতিপুৱাই ইউনিভাৰচিটিলৈ গলো । ফেলোশ্বিপৰ বিল চাবমিট কৰিব লাগে । বিল ফৰ্ম এখন লৈ ফিল আপ কৰিলো । গাইডে চাইন কৰিলে । এতিয়া ডিপাৰ্টমেন্টৰ হেডৰ চাইন হলেই বিলখন চাবমিট কৰি আজৰি হব পাৰো ।
হেডৰ ৰুমলৈ সোমাই গলো
- ছাৰ , মোৰ ফেলোশ্বিপৰ বিল এখন আছিল, গাইডে চাইন কৰিলে, আপোনাৰ কাউন্টাৰ চাইন লাগে
- তোমাকতো ইয়াত দেখা মনত পৰা নাই
- যোৱাবছৰ মই পি.এই.চ ডি ৰিজাইন দিছো, এতিয়াহে পইচা আহিছে, বকেয়া পইচা নিব আহিছো
হেডে বিলখন চালে, তাৰ পাছত কলে
- তুমিযে পইচা পাবা তাৰ প্ৰুফ কি
- ছাৰ, মোৰ জইনিং লেটাৰ, ৰেজিগনেচন লেটাৰ , এন.অ.চি গাঠি দিছো, গাইডে চেক কৰি চাইন কৰিছে, আপোনাৰ চাইনটো বাকী আছে......... মই কলো
- এনেকে নহব, মান্থৱাইজ ষ্টেটমেন্ট লাগিব
-ছাৰ মই অফিচত খবৰ কৰি আহিছো, তেওলোকৰ ওচৰত চব ৰেকৰ্ড আছে, এইখিনি চাবমিট কৰিলেই হৈ যাব বুলি কৈছে
- মান্থলি ষ্টেটমেন্ট লাগিব , নহলে মোৰ চাইন নহব

তেওঁৰ ৰুমৰপৰা ওলাই আহিলো

(৩)

লগৰ দুটামানক ফোন কৰিলো । সিহতে সিহতৰ ডিপাৰ্টমেন্টত মান্থলি ষ্টেটমেন্ট দিব লগা হোৱা নাই । এটাই আইডিয়া দিলে......... মান্থকেইটা ব্ৰেক আপ কৰি চাৰ্ট এখন বনাই দে ।
এ-ফৰ চাইজৰ পেপাৰ এখনত হাতেৰেই চাৰ্ট এখন বনালো । সেইবোৰ কৰোতে ১২ টা বাজিল । লান্স টাইম । হেড কৰবালৈ ওলাই গল । হেডৰ ৰুমৰ বাহিৰৰ চকীখনত বহি অপেক্ষা কৰিলো । ১ টা বজাত হেড আহিল । মই সোমাই গলো ।
- এতিয়া নহয়, মই অলপ বিজি আছো, বাহিৰত ৱেইট কৰা...... হেডে কলে

বাহিৰৰ বেঞ্চখনত মই অপেক্ষা কৰিলো ।
সেই অপেক্ষাৰ কাল আছিল ১৮০ মিনিট । সেই ১৮০ মিনিটত ক্ষোভ , হতাশা আৰু এটা খঙে মোক আগুৰি ধৰিলে ।
আবেলি ৪ টা বজাত পিয়নজনে কলে......... ছাৰে আপোনাক মাতিছে

ইচ্ছাৰ বিপৰীতে পকেটৰপৰা অ.এন.জি.চি ৰ আইডেনটিটি কাৰ্ডখন উলিয়াই ডিঙিত ওলোমাই ললো ।
হেডৰ ৰুমত সোমালো । বিল ফৰ্মখন আগবঢ়াই দিলো । ডিঙিৰ আই-কাৰ্ডখন জিলিকি উঠিল ।

- তুমি অ.এন.জি.চিত সোমালা নেকি....... হেডে সুঘিলে
- হয় । ফেলোশ্বিপৰ পইচা পাতি নাই , কেনেকে চলিম । সেয়ে পি.এইচ.ডি বাদ দিলো, অ.এন.জি.চিৰ পৰীক্ষা দিলো । পাই গলো ।
- আচ্ছা , নৱজিত হত সোমাইছিল যে, তেতিয়া নেকি
- নহয় । তেওলোক টেকনিকেল এচিষ্টেন্ট পোষ্টত সোমাইছিল । মই নেচনেল লেভেলত গ্ৰেজুৱেট ট্ৰেইনী এক্সাম দি সোমাইছো । বৰ্তমান মই অ.এন.জি.চিৰ প্ৰথম শ্ৰেনীৰ বিষয়া ।
- দৰমহা পাতি ভালেই ছাগে
- হয় । ইউ.জি.চি ফেলোশ্বিপত ছমাহত মই যিমান পইচা পাম, এতিয়া এমাহতে তাতকৈ বেছি দৰমহা পাও, অন্যান্য সা-সুবিধাবোৰতো আছেই ।
হেডে বিল ফৰ্মখনত চাইন কৰিলে ।
- বহা অলপ সময় । চাহ একাপ খাই যাবা ............. হেডে কলে
- নাই ছাৰ , চাৰিটা বাজিল, বিলখন জলদি অফিছত জমা কৰিব লাগে, ৰাতিলৈ নাইট চুপাৰ আছে..... মই কলো
- আচ্ছা, এতিয়াতো ডাঙৰ অফিছৰ হলা, ইউনিভাৰচিটিৰ লগত টাচ ৰাখিবা , তোমালোক আমাৰেই এলুমিনি দিয়াচোন ।
- নিশ্চয়
- তোমাৰ এড্ৰেছ আৰু কন্টেক নং দি যাবাছোন

কাগজ এখনত নাম, ফোন নং আৰু এড্ৰেছ লিখি হেডৰ ৰুমৰপৰা ওলাই আহিলো । অফিছত গৈ বিল ফৰ্মখন জমা কৰিলো । অফিছৰ কেৰানীজনে মান্থলি ষ্টেটমেন্টৰ প্ৰয়োজন নাই বুলি কৈ সেইখন মোক ওভোটাই দিলে ।

(৪)

৪ জুন ২০১৪ । শ্বিফট গাড়ীৰে চাইটলৈ গৈ আছো । আননউন নাম্বাৰ এটাৰপৰা ফোন আহিল ।
- হেলো, বিকাশ নেকি
- হয়
- মই ইউনিভাৰচিটিৰ কে.কে.এছ ছাৰে কৈছো
- কওকচোন
- আচ্ছা ২২ তাৰিখে অ.এন.জি.চিৰ এক্সাম এটা হব যে
- হয়, গ্ৰেজুৱেট ট্ৰেইনী এক্সাম
- তাত মেকানিকেল ইঞ্জিনিয়াৰ লয় ন
- হয়
- পৰীক্ষাটো নাজিৰাৰপৰা চলায় নেকি
-নহয় । এইটো নেচনেল লেভেলৰ এক্সাম । ডেৰাডুনৰ মেইন অফিচৰপৰা কন্ট্ৰল হয় ।
- আচ্ছা তোমাৰ বাৰু কোনোবা ডাঙৰ অফিচাৰ, জি.এম, ডিজি.এম বা তেনেকুৱা লিংক আছে নেকি । মানে অলপ কৈ দিলে চাকৰি হৈ যোৱা বিধৰ ।
- তেনেকুৱাতো চিনাকি নাই
- অলপ খবৰ চবৰ কৰি মোক জনাবাচোন, মোৰ ঘৰৰেই কেন্ডিডেট এজন আছে, যি খৰচ পাতি হয় কৰি দিম ।
তেওৰ সৈতে কথা পাতি থকা সময়খিনিত মোৰ তেওৰ অফিচৰ বাহিৰত অবাবত অপেক্ষা কৰা ১৮০ মিনিটলৈ মনত পৰিছিল ।
মানুহৰ সময় সচাকৈয়ে সলনি হয় । টাইম ইজ দা গ্ৰেটেষ্ট লেভেলাৰ ।
- ঠিক আছে ছাৰ । আপুনি চিন্তা নকৰিব । মই বাৰু তেনেকুৱা লিংক-চিংক থকা মানুহৰ খবৰ লৈ আপোনাক জনাই দিম ........... মই কলো

মই ফোনটো কাটি দিলো । এটা সময়ত মই তেওৰ অফিছৰ বাহিৰত ঘন্টাৰ পাছত ঘন্টাজুৰি অপেক্ষা কৰাৰদৰে এতিয়াৰপৰা তেও মোৰ ফোনৰবাবে অধীৰবাবে অপেক্ষা কৰিব ।


বি.দ্ৰ-
অহা ২২ জুন তাৰিখে অ.এন.জি.চিৰ বিষয়া পদৰ বাবে লিখিত পৰীক্ষা হব । লিখিত পৰীক্ষাত উৰ্তীৰ্নৰ বাবে বিষয়ভেদে ৬০-৭৩ শতাংশ কাট অফ হয়গৈ । বৰ্তমানৰ ফৰ্মেটত ৪০ শতাংশ লিখিত পৰীক্ষা , ৪০ শতাংশ একাডেমিক কোৱালিফিকেচন , ১০ শতাংশ চাইকমেট্ৰি আৰু ১০ শতাংশ পাৰ্চনেল ইন্টাৰভিউৰ নম্বৰ যোগকৰি ফাইনেল চিলেকচন ৰিজাল্ট দিয়া হয় ।
লিখিত পৰীক্ষা ভাল নহলে কোনেও চাকৰি পাব নোৱাৰে ।
(গতিকে লিংক বিচাৰি নিজৰ লগতে মোৰ দৰে মানুহৰ সময় নষ্ট কৰাতকৈ ভালকৈ পঢ়া-শুনা কৰি বিষয়বস্তৰ সম্যক জ্ঞান লৈ সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামুলক পৰীক্ষাটোত অৱৰ্তীৰ্ন হোৱাৰহে প্ৰয়োজন )

Sunday, May 18, 2014

বাৰ্থডে এন্ড গালিভাৰ

বাৰ্থডে এটাৰ ইনভিটেচন আছে । আমাৰ ভাড়াঘৰৰ মালিকৰ লৰাৰ বাৰ্থডে । লৰা ডি.পি.এছত পঢ়ে, ক্লাছ এইটত । মালিকৰ ঘৰ যথেষ্ঠ আঢ্যৱন্ত । যোৱাবাৰৰ বাৰ্থডে চাৰিটা তৰা থকা হোটেল নক্ষত্ৰত দিছিল । এইবাৰ বাৰ্থডে পাৰ্টিটো তেওলোক ঘৰৰ লনখনত হব । অৰ্থাত গাৰ্ডেন পাৰ্টি ।

পাৰ্টিটো গাৰ্ডেনত দিব সেইটো প্ৰবলেম নহয় । প্ৰবলেম হৈছে গিফট কি দিয়া যাব । যোৱাবাৰ মম্মীয়ে বোলে ফৰ ষ্টাৰ ষ্টেটাছ মিলাবলৈ গৈ য়নেক্সৰ দামী বেডমিন্টন ৰেকেট এখন বাৰ্থডে গিফট দিছিল । পাছত ৰেকেটখন বোলে তেওলোকৰ কামকৰা বাইৰ লৰাৰ হাতত দেখিবলৈ পালে । সেয়ে লৈ মম্মী আপচেট হৈ আছে । এতিয় মম্মীৰ ডায়লগ............ইমান ধনী মানুহ , গিফট দিয়া-নিদিয়া কথা একেই ।

এতিয়া কথাটো হল গিফট কিনাৰ দায়িত্ব মোৰ ওপৰত পৰিল যিটো মোৰ একেবাৰে পচন্দ নহয় । কলেজ-ইউনিভাৰচিটিত থাকোতে কিমান বিয়া বিনা গিফটত খালো ঠিকনা নাই । আৰু যত গিফটত যাও গ্ৰুপত গিফট কিনো, মানে বেলেগে চইচ কৰি কৰি দেখাত ডাঙৰ গিফট এটা কিনে, মই ৰিচেপচন হলৰ আগত গ্ৰুপত লগ হও, কন্ট্ৰিবিউচনটো দি দিও , বাচ । গিফটৰ পেকিঙৰ ভিতৰত কি আছে গমেই নাপাও ।

এই গিফটৰ জক্কৰৰ কাৰনেই বিয়া, বাৰ্থডে আদিতকৈ অন্নপ্ৰসন,ঘৰলোৱা, সত্যনাৰায়ন পুজা, এনিভাৰচাৰী আদি ইভেন্ট এটেন্দ কৰি ভাল পাও । গিফটৰ ঝামেলা নাই । যোৱাসপ্তাহত লগৰ এটাৰ মেৰেজ এনিভাৰচাৰী লগৰ কেইটামানৰ লগত দকচি খাই আহিলো । গিফট হল বিয়েৰৰ বটল এটা ।

বাৰ্থডেত কি গিফট দিয়া যায় । চফট টয়, পেঞ্চিল বক্স, কেডবাৰি চকলেট পেক । অপচন বহুত আছে ।
- কিতাপ এখনেই দিও নেকি............ মই মম্মীক সুধিলো
- বোপাই, চানাৱালাৰ তাত নেদেখিলেই হল....... ৰং চেনেলত শাহু-বোৱাৰী চিৰিয়েলত নজৰ দি থকা মম্মীয়ে ৰিপ্লাই দিলে

সচাকৈয়ে কিতাপৰ একো কদৰই নাই । বহুত বছৰ আগতে লগৰ এটাৰ বায়েকৰ বিয়ালৈ কিতাপ এখন গিফট হিচাপে লৈ গৈছিলো । বিয়াবোৰত এটা সমস্যা হল চাইজ অৱ গিফট মেটাৰছ । (বুজাই ছাগে বুজিছেই)
গিফট কিনিবলৈ সন্ধিয়া ঘৰৰপৰা ওলালো । বেলতলা তিনিয়ালিত থকা ষ্টাডি চেন্টাৰ নামৰ কিতাপৰ দোকানখনত সোমালো ।
- আব্দুল কালামৰ ইগনাইটেড মাইন্ডছ আছে নেকি...... মই সুধিলো
- অসমীয়াখন আছে, ইংৰাজীখন নাই...... দোকানৰ মানুহজনে কলে

লৰা ডিপি.এছত পঢ়ে । অসমীয়া পঢ়িব জানে নে নাই সন্দেহ আছে । পঢ়িব জানিলেও অসমীয়া কিতাপ পঢ়িবলৈ বেচেৰাই সময় পাব নে নাই সেয়াও সন্দেহ আছে । চেতন ভগত কিনো নেকি, ফাইভ পইন্ট, থ্ৰী মিচটেকচ....... নাই নজমিব । কিতাপৰ দোকানখনত কিতাপবোৰ চাই আছো । এখন কিতাপৰ ওপৰত চকু পৰিল ........ গালিভাৰচ ট্ৰেভেলছ । আৰিহন্টে প্ৰকাশ কৰা কিতাপখন হাতত লৈ মেলি চালো । ১৭৫ টকা । মম্মীয়ে যোৱাবাৰ কিনা ৰেকেটতকৈ সস্তা । কিতাপখন এখন ক্লাছিক শিশু সাহিত্য, তাতকৈয়ো মজাৰ কথা কিতাপখন ক্লাছ নাইনৰ ৰেপিড ৰীডাৰ । কুল । কামৱালী বাই বা চানাৱালাৰ হাতলৈ অন্তত গালিভাৰ নাযায় ।

গালিভাৰক গিফট পেকিং কৰাই ললো ।

ক্ৰিকেট টুৰ্নামেন্ট


মাৰ্চৰ শেষৰপিনে, ২০১৩ চন
বেলতলাত টেনিচ বল ক্ৰিকেট টুৰ্নামেন্ট এখনৰ আয়োজন চলি আছে । লগৰকেইটাই ফোনৰ ওপৰত ফোন কৰি মাতি আছে, জলদি আহিব লাগে । ইফালে কোম্পানীত মাৰ্চ এন্দিংৰ টাৰ্গেট ফিল আপ কৰাৰ প্ৰেচাৰ । তথাপিও বছক মেনেজ কৰি, ধুমিলদাৰ লগত এদজাষ্ট কৰি ১০ দিনৰ ছুটী গোটালো ।

৩১ মাৰ্চ ২০১৩.......
ৰাতিপুৱা গুৱাহাটীত নামিলো । মোৰ ঘৰৰ কাষতে বেলতলা স্কুল ফিল্ডখন, যোগেন দা , চুৰেন, নয়নহতে কামত লাগি আছে, বঙলুৱা মিঞা লেবাৰ এটাই চাইডস্ক্ৰীনৰ খুটা পুতিবলৈ গাত খান্দিছে ।

দুপৰীয়া খেলৰ হিচাপ নিকাচ কৰি আছো, উদ্বোধন কোনে কৰিব, কাক কাক গামোচা পিন্ধাব লাগিব, বাজেটমতে কালেকচন হৈছে নে নাই, টীম জইন কেইটা হব......

কথাৰ মাজতে উতপলে কলে, আমাৰ লেবাৰও এলাপেচা নহয়, মেট্ৰিকত লেটাৰ পোৱা লেবাৰ ।
মই আচৰিত হৈ সুধিলো ........ কি ?
- অ, সি বোলে তিনিটাত লেটাৰ পাইছিল

লেবাৰটোলৈ ভালকে চালো, গাৰ ৰংটো ক'লা, সি লেতেৰা হাফপেন্ট আৰু গেঞ্জী এটা পিন্ধিছে, আপাতদৃষ্টিত এটা বঙলুৱা মিঞা, অভিজাত স্বঘোষিত অসমীয়াৰ ভাষাত "সন্দেহজনক বাংলাদেশী"..........

"সন্দেহজনক বাংলাদেশী" ল'ৰাটোক হাত বাউল দি মাতিলো

- তই পঢ়ি আছ নেকি
- অ
- ক'ত
- খাৰুপেটীয়া কলেজ, ফাৰ্ষ্ট ইয়াৰ, আৰ্টছত
- মেট্ৰিকত বোলে লেটাৰ পাইছিলি
- হয় দাদা, চচিয়েল ষ্টাদি, চাইন্স আৰু অসমীয়াত
- পঢ়া শুনা বাদ দি হাজিৰা কৰিবলৈ আহিলি যে
- ঘৰৰ অৱস্থা বেয়া, HS ছেকেন্দ ইয়াৰৰ এডমিচন ফীজ গোটাবলৈ গুৱাহাটীলৈ আহিছো
- তোৰ কলেজত ষ্টুডেন্ট এইড ফান্দ আছে নে নাই
- নাজানো

মই এতিয়ালৈ ভাবি থকা "সন্দেহজনক বাংলাদেশী" টোৱে অসমীয়াত লেটাৰ পাইছে, কথাটো শুনি অলপ লাজ লাগিল ।

৭৫ টা টীমৰ যোগদানেৰে টুৰ্নামেন্ট চলি থাকিল । দুদিন পাছত চৰিফ ঘৰলৈ উভতি গল । তাৰ ঠাইত নতুন ল'ৰা এটা আহিল, আহমেদ আলি, চৰিফৰ গাৱৰ, সিও চৰিফৰ দৰেই গুৱাহাটীলৈ এডমিচনৰ পইচা গোটাবলৈ আহিছে ।

৬ এপ্ৰিল ২০১৩, শনিবাৰ
আবেলি...... ফিল্ডত থকা কমিটীৰ অস্থায়ী কাৰ্যালয়ত বহি আছো, লগত ৰঞ্জিত দা, বিষ্ণু, প্ৰবাল আৰু মুকুল ।
মই ক'লো, এইবাৰ খেলখন পতাৰ লগতে অলপ সামাজিক কামো কৰো, বেলতলা স্কুলত লাইব্ৰেৰীৰ কিতাপ কিনিবলৈ দুহেজাৰ টকাৰ অনুদান দিও, লগতে আমাৰ টুৰ্নামেন্টত যে কাম কৰি আছে লৰা দুটা, সিহতক হাজিৰাৰ উপৰিও কমিটীৰ ফালৰ পৰা কলেজৰ এদমিচন ফীজ দি দিও ।

সকলোৱে লগে লগে সন্মতি দিলে ।

আহমেদক মাতি কলো, কাইলৈ টুৰ্নামেন্টৰ লাষ্ট দিন, তহতক কলেজৰ এদমিচন ফীজ যিমান হয় দি দিম । চৰিফক গাৱৰ পৰা মাতি দে, আৰু আহোতে তহত দুটাৰ মেট্ৰিকৰ মাৰ্কচিতৰ জেৰক্স কপি লৈ আহিব দিবি ।

৭ এপ্ৰিল ২০১৩, দেওবাৰ, টুৰ্নামেন্টৰ অন্তিম দিন.....
সেইদিনা বটা বিতৰণীত মন্ত্ৰী অহাৰ কথা, ৰঞ্জিত দাক কলো, মন্ত্ৰী ডাঙৰীয়াৰ ভাষন শেষ হোৱাৰ পাছতে আমাৰ ঘোষণাটো কৰি দিব ।

আবেলি চৰিফ আৰু আহমেদক কলো, আজি এডমিচনৰ লগতে ফৰ্ম ফিলাপৰ পইচাও পাই যাবি ।

যথাসময়ত মন্ত্ৰী ডাঙৰীয়া আহিল,লগত বহুতো নেতা-পালিনেতা.....
মন্ত্ৰী ডাঙৰীয়াৰ ভাষন শেষ হোৱাৰ লগে লগে ৰঞ্জিত দাই কৈ উঠিল...... বেলতলাৰ পুমা ক্লাৱৰ সৌজন্যত ক্ৰিকেট খেল আয়োজন কৰাৰ লগতে আমি কিছু সামাজিক কামত আগবাঢ়িব খুজিছো, ইয়াৰ অংশস্বৰুপে বেলতলা স্কুললৈ আৰ্থিক অনুদান তথা দুজন আৰ্থিকভাৱে দুৰ্বল কিন্ত উদ্যমী ছাত্ৰক ক্ৰিকেট টুৰ্নামেন্টৰ কমিটীৰ তৰফৰ পৰা কলেজৰ এডমিচন ফীজ দিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছো ।

চৰিফ আৰু আহমেদ মঞ্চলৈ উঠি গল, মই মন্ত্ৰী ডাঙৰীয়াৰ ফালে দুটা খাম আগবঢ়াই দিলো,

মন্ত্ৰী ডাঙৰীয়াই সুধিলে, " কিমান আছে ?"

মই কলো, "এওঁলোকৰ সম্পুৰ্ন এডমিচন ফীজ । "

মন্ত্ৰী ডাঙৰীয়াই নিজৰ ফালৰপৰাও খাম দুটাত এহেজাৰটকীয়া নোট কেইখনমান ভৰাই দিলে ।

২৫ এপ্ৰিল ২০১৩,
ৰীগত নাইট শ্বিফট কৰি কোৱাটাৰ সোমাইছো, ফোনটো বাজি উঠিল, অচিনাকী নাম্বাৰ
- দাদা মই চৰিফে কৈছো, কালি মই এদমিচন ললো, এইবাৰ ফী়জটো বাঢ়িছে, আপোনালোকে আশীৰ্বাদ কৰিব , মই ভালকে পঢ়িম....

Thursday, May 15, 2014

দেউতা

(১)

দেউতাক মই বেয়া পাও । বহুত বেয়া পাও । দেউতাই জীৱনত একো কৰিব নোৱাৰিলে । এটা চৰকাৰী চাকৰি কৰি গুৱাহাটী হেন চহৰত অতবছৰে থকাৰ পাছতো নিজৰ বুলিবলৈ এটা ঘৰ, এটুকুৰা মাটি কিনিব নোৱাৰিলে । দেউতা এটা অপদাৰ্থ, অকৰ্মন্য মানুহ । আজিৰ দিনত মানুহক চলিবলৈ টকা লাগে, বহুত টকা । নীতি আদৰ্শৰ ডায়লগৰে পেট নভৰে.............. ডিম্বেৰ দোকানত মিঠাপাণখন মুখত ভৰাই মই ওচৰতে থকা মনোজক কলো

আচলতে মই হতাশ হৈ পৰিছো । এম.এছ.ছি পাচ কৰা এবছৰ হল । এতিয়ালৈ একো এটা কৰিব পৰা নাই । টিউচন কৰি চলি আছো । ৰাতিপুৱা সাতটা বজাতে ঘৰ নামৰ ঠাইটুকুৰাৰপৰা ওলাও । বাছত উঠি টিউচন পঢ়াবলৈ যাও । দুপৰীয়া প্ৰাইভেট কলেজ এখনত পঢ়াও । ডেৰহাজাৰ টকা দৰমহা । আবেলিও টিউচন কেইটামান কৰো । ঘৰ সোমাওতে কেতিয়াবা ৰাতি দহ বাজেহি ।
বাইক এখন হলে ভাল আছিল । অন্তত দুটা টিউচন বেছিকৈ কৰিব পাৰিলোহেতেন । বাছত বহুত সময় নষ্ট হয় । কিন্ত পইচা গোট খোৱা নাই । অলপ অলপকৈ পইচা গোটাইছো । আৰু তিনিমাহমান লাগিব ।

দেউতাক কৈছিলো, বাইক এখন লাগে । বহুদিন আগতেই কৈছিলো । ইউনিভাৰচিটিত পঢ়ি থাকোতেই । কিন্ত পইচা নাই বোলে । বাইক বোলে বিলাসৰ বস্ত । নিম্নবিত্ত মানুহৰ বিলাসী বিলাস । সেইদিনা কাজিয়া হৈছিল । দেউতাক বহুত গালি পাৰিছিলো । অকৰ্মন্য, অপদাৰ্থ , জীৱনত একো কৰিব নোৱাৰা এটা বেকাৰ মানুহ । হাততে পোৱা কিবা এটা দলিয়াই দিছিলো । ঘৰত এটা শ্বকেচ আছিল । আইনাখন ভাগি থাকিল ।

তাৰ পাছৰেপৰা দেউতাক পইচা খোজাৰ কথা ভাবিব পৰা নাই । দেউতাক আজিকালি মই ভালকৈ মাতবোলো নকৰো । কাট মাৰি কথা কও । প্ৰতিদিনে সোৱৰাই দিও যে দেউতাই জীৱনত একো কৰিব নোৱাৰিলে ।

(২)

আত্মীয় - স্বজনৰ ঘৰলৈ যোৱা মই বাদ দিছো । কথাই প্ৰতি তেওলোকে মোক কি কৰি আছো সোধে । আচলতে তেওলোকে জানে যে মই বিশেষ একো কৰি থকা নাই । তথাপিও সোধে, ৰং চায় । মোৰ প্ৰতি সহানুভুতি দেখুৱায় । তেওলোকেও কয়, দেউতাৰে জীৱনত একোৱেই কৰিব নোৱাৰিলে ।
বহুদিন হল বিয়া-বাৰু, জন্মদিন ইত্যাদি ফাংচনলৈ যোৱা নাই । কলেজৰ এলুমিনি মিট আছিল যোৱামাহত । বিভাস, ৰঞ্জন, নীহাৰহত আহিছিল । বিভাসে ফোন কৰি মাতিছিল । সি মাল্টিনেচনেল কোম্পানী এটাৰ মেনেজাৰ । এলুমিনি মিটত নাচ-গান কৰিবলৈ নগলো । ইম্পৰটেন্ট টিউচন এটা আছিল ।

এইটো নহয় যে মই কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই । কৰিছো , কষ্ট কৰিছো । চৰকাৰী-বেচৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছো, পৰীক্ষাবোৰ দি আছো, ইন্টাৰভিউও দিছো । কিন্ত এতিয়ালৈ একো হোৱাগৈ নাই । এটা ফ্ৰাচট্ৰেচনত আছো ।

ঘৰত থকা সময়ত এই হতাশাবোৰ আক্ষেপলৈ ৰুপান্তৰিত হয় । যদি দেউতাই মাষ্টৰ নোহোৱা চৰকাৰী স্কুলৰ সলনি মোক ভাল প্ৰাইভেট স্কুলত পঢ়ালেহেতেন, যদি ভাল মাষ্টৰৰ টিউচন দিয়ালেহেতেন, যদি এন্ট্ৰেন্সৰ বাবে নামী কচিং চেন্টাৰত কচিং দিয়ালেহেতেন...... তেতিয়া হয়তো .......
আক্ষেপবোৰ ওলাই আহে, খঙৰ ৰুপত, দেউতাক হিয়া উজাৰি গালি পাৰো তেওৰ অপদৰ্থতা, অক্ষমতা, অকৰ্মন্যতাৰ বাবে ।

দেউতা কেইমাহমান পাছত ৰিটায়াৰ হব । তাৰ পাছত ঘৰখন চলাবলৈ আকৌ প্ৰবলেম হব । তাৰ আগতেই যদি বাইকখন কিনা নহয় তেতিয়া কাহানিও কিনা নহব । সেয়ে মই পইচাবোৰ যা-তাকৈ খৰচ কৰা নাই । বহুদিন হল নিজৰ বাবে কাপোৰ-জোতা এইবোৰ একো কিনা নাই । এইবোৰো মই বৰ্তমান বিলাসৰ বস্ত বুলি ভাৱি লৈছো ।

(৩)

ডিম্বেৰ দোকানত মিঠাপাণখন চোবাই কথাবোৰ পাগুলি আছো । মাহৰ প্ৰথম সপ্তাহ । দুটা টিউচনৰ পইচা পালো । দুহেজাৰমান টকা পকেটত আছে । নেক্সট টিউচনটোলৈ এঘন্টা আছে । ঘৰলৈ যাবলৈ মন যোৱা নাই ।

দোকানলৈ মানুহ এজন আহিল । মানুহজনক মই দেখিছো আগতে । মানুহজনে ঠেলা চলায় । মানুহজনে ডিম্বেৰপৰা খেলনা পেপা এটা কিনিলে ।
- কি পোলেন দা, মন-চন বেয়া কৰি আছে চোন...... ডিম্বেই সুধিলে
- লৰাটোৱে বৰ আমনি কৰি আছে অ, কৰবাত ৰিমট কন্টল গাড়ী এখন দেখিলে, এতিয়া সেইখন লাগে লাগে বুলি কন্দা-কটা কৰি আছে, ঠেলা চলাই কেইটানো টকা পাও, ইমান দামৰ গাড়ীখন কেনেকৈ কিনি দিও তইয়েই কচোন......... পোলেনে কলে

বাওহাতেৰে পোলেনে চকুপানীখিনি মচি ললে ।

পকেটত টকা দুহেজাৰ আছিল । দেউতাৰ বাবে চোলা এটা কিনিলো । দেউতাই পিন্ধা চোলাকেইটা বহুতদিন পুৰনি । দেউতাই কাজু-বৰফি খাই ভাল পায় । ওচৰৰে মিঠাইৰ দোকানখনৰ পৰা কাজু-বৰফি কেইটামান ললো । এবাৰ দেউতাৰ অফিচত হোৱা মিটিঙত দিয়া পেকেট লান্সৰ মিঠাইকেইটা দেউতাই লৈ আহিছিল । সেইকথাটো মই পাহৰি গৈছিলো ।

ঘৰত সোমালো । দেউতাই আচাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাটো চাই আছিল । মোক দেখি দেউতা ভিতৰৰ ৰুমলৈ যাবলৈ উঠিল ।
- দেউতা................ মই মাতিলো

দেউতাই ঘুৰি চালে । এটা অজান আশংকা দেউতাৰ চকুত দেখা পালো ।

- আপোনাৰ অফিচলৈ যোৱা চোলাটো কাষলতিৰ তলত ফাটি গৈছে । চোলা এটা আনিছো , আপোনাৰ বাবে । আপুনি বৰফি খাই ভাল পায় নহয়, কাজু-বৰফি কেইটামান আনিছো । মাক চাহ অকন কৰিব দিয়ক ................. মই বৰফিৰ পেকেটটো খুলি এটা বৰফি দেউতাৰ মুখৰফালে নিলো

দেউতাৰ দুগালেৰে চকুপানী দুধাৰি বৈ আহিল । কিন্ত মই দেখিলো, দেউতাৰ মুখত পাতল হাহি এটা । বহুতদিনৰ মুৰত দেউতাই হাহিছে ।

অতদিনে দেউতাই মোৰ আক্ষেপগ্ৰস্ত ব্যৱহাৰত দুখী হৈ মোৰ বাবে টোকা প্ৰতিটোপাল চকুপানীৰ মুল্য মই কিজানি কাহানিও পৰিশোধ কৰিব নোৱাৰিম ।

মহানগৰ.....

(১)

বিস্মিতা গগৈক ভাল লাগে ।  ভাল লাগে মানে ভাল লাগে আৰু, বিস্মিতাৰ হাহিটো ভাল লাগে , চুলিখিনি ভাল লাগে, কথা কোৱাৰ ষ্টাইলটো ভাল লাগে...... মুঠতে এভৰিথিং ভাল লাগে ।
বিস্মিতা কলেজত মোৰ জুনিয়ৰ আছিল । অৱশ্যে এই ভাল লগা ফিলিংটো বহুত পুৰনি নহয় । মানে কলেজত থাকোতে একো এফেয়াৰ-চেফেয়াৰ নাছিল ।
এক্সুৱেলি ওজন কমাবৰ বাবে মই ধীৰাজ কলিতাৰ লগত ৱাকিং কৰা আৰম্ভ কৰিছিলো...... কলনিৰ পৰা বৰপুখুৰীলৈ যাও, বৰপুখুৰীৰ পাক কেইটামান মাৰো ।
এদিন ৱাকিং কৰি আছো, মোৰ স্পীড স্লো........ধীৰাজ কলিতা বহুত আগুৱাই গল,

- কিহে ডেকা লৰা, এই স্পীডত নহব
পিছফালে ঘুৰি চালো...... HR চেকচনৰ সদানন্দ গগৈ
- ভাগৰ লাগিছে, নোৱাৰিছো আৰু

গগৈৰ লগত কথাবতৰা পাতি লাহে লাহে খোজ কাঢ়িলো
- বলা, মোৰ ঘৰ এইখিনিতে, চাহ একাপ খাই লোৱা........ গগৈয়ে কলে
গগৈৰ ঘৰ পালোগৈ, কোম্পানীৰ HR পলিচিৰ ওপৰত ডিচকাচন হৈ থাকিল

- চাহ খাওক
মাতষাৰত কিবা এটা মেজিক আছিল, চাহ লৈ অহা ছোৱালীজনীলৈ চালো....... কৰবাত দেখা দেখা লাগিছে
- তুমি আমাৰ কলেজৰ নাছিলা জানো
- হয় দা, আপোনাৰ দুটা বেটছ পাছৰ

কোৱাটাৰত আহি অলপো কনচেনট্ৰেট কৰিব নোৱাৰিলো......
এফেয়াৰৰ মোৰ কোনো আগৰ এক্সপেৰিয়েন্স নাই । গতিকে এইবোৰ ক্ষেত্ৰৰ Experienced খিলাড়ী মৃদুল আৰু প্ৰয়াসক কন্টেক কৰিলো । মৃদুল পাক্কা Playboy, সাতটা simultaneous এফেয়াৰ হেন্দেল কৰা মানুহ । আনহাতে প্ৰয়াস এখোপ চৰা, আমি নাম দিছিলো  Playman ........ এটা সময়ত প্ৰয়াসে বিবাহিত-অবিবাহিত মিলি টটেল ১৪ টা virtual+non-virtual এফেয়াৰ চলাইছিল ।
বৰ্তমান দুয়ো পি.এইচ.ডি স্কলাৰ.....

Playboy মৃদুল আৰু Playman প্ৰয়াসে মোক প্ৰথমতে দিয়া চাজেচনকেইটা একেবাৰে মনপুত নহল ।
- আৰে ভাই এতিয়া কলেজীয়া লাফাংগা নহয় বে, মোৰ এটা নীট এন্দ ক্লীন ইমেজ আছে, ৰেপুটেচন আছে, প্ৰেচটিজ আছে

তাৰ পাছত সিহতে স্লো এন্ড স্টেদি টাইপৰ এটা বেলেগ চাজেচন দিলে......

চাৰিদিনৰ ভিতৰত দুদিন অফ পাও । সেই দুদিন বৰপুখুৰীৰ ৱাকিং আৰম্ভ হল, প্ৰায়েই গগৈক লগ পাও...... প্ৰায়েই গগৈৰ ঘৰত ইভিনিঙ টি চলিল...... গগৈয়ে বহুত কথা কয়, বহুত মানে একচেচ কামোৰ । কামোৰ সহ্য কৰি হয় হয় আপুনি ঠিক কথাই কৈছে কৰি থাকো ।
কেইদিনমান পাছত বিস্মিতাও ৱাকিঙলৈ আহিবলৈ ধৰিলে । মাজে মাজে মই বিস্মিতাৰ ফালে চাও । মাজে মাজে বিস্মিতাই মোৰ পিনে চায় । মই হাহো, তাই মিচিকিয়ায় ।
তাৰ এদিন-দুদিন পাছত পাছত হাই-হেলোৰ উপৰিও এটা-দুটা কথা আৰম্ভ হল । কেইদিনমান পাছত ফেচবুক ফ্ৰেন্দ হৈ পৰিলো । চাটিং আৰম্ভ হল, বহু ৰাতি চাটিং কৰি কৰি পুৱাই গল ।
মোবাইলত মেচেজ... Gd mrng, gd nte, swt drm, bht khla ne nai ইত্যাদি

এটা কুল এফেয়াৰ ষ্টাৰ্ট হৈছিল আৰু ।

(২)

কুল এফেয়াৰ এটা ষ্টাৰ্ট হৈ আছিল ।

সেই সময়তে মৃদুলে খবৰ দিলে....... সি শিৱসাগৰলৈ আহিব, শিৱসাগৰ কলেজত ইন্টাৰভিউ এটা আছে ।
ইন্টাৰভিউৰ আগদিনাই মৃদুল আহি পালে ।
তাক তাৰ লেটেষ্ট এফেয়াৰৰ বিষয়ে সুধিলো.....
- নাই বে, PhD গাইড ৰঞ্জনকুমাৰে তামাম কামোৰ দিয়ে, লেবৰপৰা ওলাবই নিদিয়ে, এফেয়াৰ-চেফেয়াৰ বাদ দিছো, বৰ্তমান এজনীয়ে গাৰ্লফ্ৰেন্দ আছে, বঙাইগাৱৰ, ডালিয়া
- ডালিয়া, মানে সেই য়ে খিচিৰি টাইপৰ চুপ
- আব্বে নহয়, একটাইপৰ ফুল আছে যে, হালধীয়া
- তোক জক্কৰত পৰিছে যদি ফুলেই হৱ, ৱাইজ হলে পৰেনে আৰু
- ডাউন নিদিবি বে, ৰহ তোক দেখাই আছো

মৃদুলে ফেচবুক খুলি ডালিয়াৰ প্ৰফাইলটো উলিয়ালে
- কি মাল বে, তামাম দেখুন
- মাল বুলি নকবি, ভাবী হে তেৰা
- হোৱা নাই এতিয়াও

সিদিনা নাইট শ্বিফট আছিল । মৃদুলক কোৱাটাৰৰ চাবি দিলো, আৰু লেপটপটো লগত লৈ গলো । মৃদুলৰ ওপৰত ভৰষা কৰিব নোৱাৰি ।

পাছদিনা ৰাতিপুৱা আহি কোৱাটাৰ সোমালো । মৃদুলে ঝাৰু লৈ ৰুম সাৰি আছে ।
- কেনেকে লেতেৰাকে থাক বে, কালি মোৰ এলাৰ্জি হৈ গল, চব ধুই দিছো

মোৰ বিচনাৰ তুলীখন বাহিৰৰ বেলকনিত, বিচনাচাদৰখন চাৰ্ফৰ পানী থাকা বাল্টিত । মৃদুল কেতিয়াৰে পৰা নীট এন্ড ক্লীন হল বে । বোধহয় ডালিয়া এফেক্ট ।

মৃদুল ইন্টাৰভিউ দিবলৈ গল । ভগবানক মনে-প্ৰানে খাতিৰ কৰিলো । মৃদুল যাতে শিৱসাগৰত চেট নহয় । নহলে শিৱসাগৰৰ ছোৱালীবোৰ নাবাচিবগৈ । মৃদুল আহিলে প্ৰয়াসো আহিব । প্ৰয়াস আহিলে তো শিৱসাগৰৰ লেডিজবোৰ Danger zone ত আহি যাব ।

ইন্টাৰভিউ দি মৃদুল আহি পালে
- এই চাল্লা হিমন্ত বিশ্ব, কি নিয়ম উলিয়ায় সি
- কি হল
- পি.এইচ.ডি থকা কেন্ডিদেট আছে, সিহতৰ মাৰ্কচ মোতকৈ বেছি হৈ যায়, নহলে কিবা ফিটিং-চিটিং কৰিলোহেতেন, এতিয়া উপায়েই নাই ।

ভাল বাচিলো.......অন্তত পি.এইচ.ডি দিক্লেয়াৰ নোহোৱালৈকে মৃদুলৰ পৰা খাতৰা নাই ।
হিমন্ত বিশ্ব কী জয়..............

(৩)

মৃদুলক বাচষ্টেন্ডত ড্ৰপ কৰি কোৱাটাৰলৈ আহি আছো, বাটতে মোহিত শৰ্মাই পালে
- আৰে অনিমেশ জী কল কেইচা ৰহা
- বৰহিয়া হে ভাই , চকা-চক চল ৰহা হে
- হা আপ হী কি দিন হে, মস্তি চল ৰহা হে

পাছদিনা শাক-চবজি কিনি কোৱাটাৰ সোমাবলৈ ধৰিছো, এনেতে সমুখৰ কোৱাটাৰৰ আন্টিয়ে মাতিলে
- তুমহাৰা ফেমিলী আয়া হুৱা হে ক্যা
- নহী তো, কিউ
- নহী কল কুচ জাদা লোগ কোৱাটাৰ মে মহচুচ হুৱা, কোই লড়কী ভী থী

কোৱাটাৰত সোমাই লেপটপ অন কৰি ফেচবুক খুলিলো । বিস্মিতাৰ প্ৰফাইল চালো । কোনো আপদেট নাই ।
এনেতে ৰুমৰ চুকত অকনমানি বস্তু এটা চকুত পৰিল, বস্তটো পোহৰত জিলিকি আছে, বস্তটো হাতত লৈ চালো ।
দেহৰ শিৰা উপশিৰাদি এটা গৰম কাৰেন্ট পাৰ হৈ গল ।

মৃদুললৈ ফোন কৰিলো
- এক্সেক্টলি কি হৈছিল
- নাই বে , মালপিচ ঝাকাচ আছিল, তামাম
- মাল বুলি নকবি....... মোৰ দাত কৰচি উঠিল
- মালক মাল নুবুলি কি বুলিম
- তই ভাল নকৰিলি মৃদুল......... তই একেবাৰে ভাল নকৰিলি.........

অলপ কুল হৈ ললো......... আবেলি চিধাচিধি গগৈৰ ঘৰ ওলালো
বিস্মিতাই চাই লৈ আহিল........ চাহ খাওক
এইবাৰ কোনো ধৰনৰ ফিলিং নাহিল
- তোমাৰ কাণফুলি এপাট হেৰাইছে নেকি, নীলা বাখৰ থকা
- অ, কত বা থলো, আপুনি পিছে কেনেকৈ জানিলে

পকেটৰপৰা অকনমানি বস্তটো উলিয়াই চাহকাপৰ কাষত থলো
- কলনিৰ চি-১০২ মোৰেই কোৱাটাৰ

চাহকাপ হয়তো গৰম হৈয়েই আছিল.........

সেই ৰাতিয়েই ঘৰলৈ বুলি নাইট চুপাৰত উঠিলো । কানত হেডফোন লগালো । গান এটা বাজি উঠিল..........
চুপকে চে কহে, ধীমী আচ পে, তুমতো থে য়হী অজনবী, কুচ ভী না কহা, কুচ ভী না চুনা, ফিৰ কিউ কেহ দিয়া আলবিদা....... আলবিদা ........ আলবিদা ,,মেৰী ৰাহে আলবিদা, মেৰী চাচে আলবিদা........... আলবিদাআআআআআআআআআআ...................

(৪)

আলবিদা ........ আলবিদা........... মবাইলৰ ৰিংটোনৰ প্ৰচন্দ শব্দত সাৰ পাই গলো
প্ৰয়াসৰ ফোন
- কি যা-তা আপদেট দি থাকা বে, বেলেগ কাম বন নাই নেকি
- কি হল
- কি কি হল, মই কি অউৰতবাজ,  মৃদুল ফায়াৰ হৈ আছে, গালফ্ৰেন্দৰ লগত ব্ৰেক আপ হও হয়, গালফ্ৰেন্দে বিস্মিতা কোন বিস্মিতা কোন সুধি কন্দা-কটা কৰি আছে,
- নহয় মানে ইমাজিনাৰী ষ্টৰী এটাহে, ক্ৰিয়েটিভ ৰাইটিং
- ঘেন্টা ক্ৰিয়েটিভ ৰাইটিং, ৰাম,হৰি,যদু,মধু কিমান আছে, মৃদুল আৰু প্ৰয়াসকহে বিচাৰি পোৱানে........ ইয়াত আমি জকাৰ বনি গৈছো, চবেই অবাইচ নজৰ দি চোৱা আৰম্ভ কৰিছে, জল্দি ডিলিট মাৰা, নহলে কথা বেয়া হব, কৈ দিছো

প্ৰয়াসে বেয়া দম দিলে । অলপ আগতে ফেচবুকত আপদেট এটা দিছিলো........
ফেচবুক খুলিলো.... আপদেটতো চালো........ ৪০ টা লাইক, লগত কমেন্ট......
নাই এইটো ডিলিট নকৰো........ যি হয় দেখা যাব
মবাইলটো চুইচ অফ কৰিলো............ প্ৰয়াসে এতিয়া দম দিব নোৱাৰে

(৫)

ফোনটো চুইচ অফ । প্ৰয়াসৰ টেমা গৰম হৈ গল । ৰাতিপুৱাৰেপৰা মুড অফ হৈ আছিল । আৰু সহ্য নহয়, হল বুলিনো কিমান চুপ থাকিব । চিধাচিধি character assassination কৰা হৈছে ।
ইয়াৰ উচিত জবাব দিব লাগিব । ইত কা জবাব পাথৰ ।
প্ৰয়াসও লিখিব । চব লিখিব । প্ৰথমৰে পৰা শেষলৈ । প্ৰয়াসে ট্ৰাংকটো খুলিলে । পুৰণা কিতাপ-বহীবোৰ উলিয়ালে । এখন ডায়েৰী ওলাই পৰিল ।
প্ৰয়াসে ডায়েৰীখন হাতত ললে । ইয়াত বহুত কথা সোমাই আছে ।
কিন্ত ই কি , এইখন প্ৰয়াসে বিচৰা ডায়েৰীখন নহয় । প্ৰয়াসৰ মনত পৰিল,  এইখন memo , ইউনিভাৰচিটিৰ শেষ দিনকেইটাত এইখন কেইজনমান friend ক দিছিল । তেওলোকে প্ৰয়াসৰ বিযয়ে ইয়াত লিখিছিল । এখন স্মৰনিকা........

অনিমেশে এ memo ত কি লিখিছিল প্ৰয়াসৰ চাবলৈ খুব মন গল.........
প্ৰয়াসে পাত লুটিয়ালে..........

২১.০৭.২০০৯
প্ৰয়াস,...... আনৰ memo ত শব্দৰ মায়াজাল ( জাল নহয়- কিছুমান দন্তভংগুৰ শব্দৰ সংমিশ্ৰণ) সৃস্টি কৰা তোমাৰ memo ত কি লিখিম, ভাবিছো.... (চিন্তা নকৰিবা, কবিতা-চবিতা নিলিখো)........ কিন্ত বহুত কথা আছে যিবোৰ লিখিব পাৰো......
সকলো সচা কথা লিখিব নোৱাৰি, লিখিলে বিপদ, নিলিখিলেও বিপদ, গতিকে মিক্সাৰ কিবা এটা...
হয়তো আমাৰ বহুত মিল আছে, চাইজত নহয় , বেলেগ কিবাত.... আমি একেখন নাৱৰে যাত্ৰী

সুদুৰ যোৰহাটৰপৰা এখন চাইকেল আহিছিল , চাইকেলখনত মই বহুদিন উঠিছিলো... চাইকেলখন এতিয়াও আছে, চলি আছে........
এই memo বোৰ যে আছে, কোনোবাই জানো বেয়াকে লিখে, এনেকুৱা লাগে যেন পৃথিৱীত বেয়া মানুহ নায়েই, চবেই এনজয় কৰে, চাল্লা তোমাৰ নিচিনা ফ্ৰেইন্দ নায়েই , লাইফ যেন অধুৰা হলহেতেন.....etc etc.... মই কিন্ত সেইচব নিলিখো......
তুমি নাথাকিলেও মোৰ লাইফ চলিলহেতেন....... কিন্ত তুমি আৰু মই মানে আমি নাথাকিলে ডিপাৰ্টমেন্টত বহুত কাম সময়ত নহলহেতেন.........
ফৰেষ্ট স্কুলৰ চাহৰ দোকানত তুমি, মই আৰু অলু ...... কৃষ্ণ আৰু ভৱদাই কৈছিল.. জলদি কৰা, নহলে কোনো নাথাকিব, তাৰ পাছত ফ্ৰেচাৰ্চ কাম ফেয়াৰৱেলৰ ইনষ্টেন্ট প্লেনিং........ পাছদিনা ৰাতি আঠ বজা, ধাৰাষাৰ বৰষুণ, আমি সেই বৰষুণত তিতি এখন চেক আনিব গৈছিলো.......
এতিয়া ভাৱো, কিয় ইমান নলগা জেং চপাই লৈছিলো...... সেইবোৰ নকৰিলেও হলহেতেন, লাইফ চলি থাকিলেহেতেন.... হয়তো আমাৰ দুটাৰ বেলেগ কাম নাছিল......
এটা সময়ত প্ৰেচাৰত পৰি তুমি চত্ৰভংগ দিছিলা...... মনত আছে ছাগে.... তুমি যে মোক কৈছিলা..... যোনে যি কৰে কৰিব, মই এইচবত নাই......
Actually you ডন্ট হেভ দা গাটছ......
সেইকেইদিন আমাৰ ক্ৰিকেট খেলা বন্ধ হৈছিল, বহুতৰ পঢ়াৰ প্ৰতি ধাউতি বাঢ়িছিল, orkuting কমিছিল
কিন্ত মই তোমাক কনভিন্স কৰি ঘুৰাই আনিছিলো.....
তুমি ৱাল মেগাজিনৰ চেক্ৰেটাৰী আছিলা কিন্ত এটা ফাল্টু এডিটৰিয়েল লিখিছিলা, এডিটৰিয়েলটো সচাকৈয়ে ফাল্টু হৈছিল......
মোক জেক দি যদি কোনোবাই কাম কৰাইছে সেয়া হল মি. প্ৰয়াস......... এই পিকনিকজাতীয় বস্ত এৰেঞ্জ কৰাৰ মোৰ মুঠেই মন নাছিল (Dec 1st week ত 1st sem ৰ পৰীক্ষা, 22 ত NET , তাৰ পাছত winter break, তাৰ পাছত জানুৱাৰীত আমাৰ 3rd sem পৰীক্ষা..., কত স্পেচ আছিল)
তুমি জেক দি মোক 1st semক দম দিবলৈ প্ৰভক কৰিছিলা......
....1st sem এ rebel টাইপৰ এটিটিউদ দেখুৱাইছিল...... . মুৰ গৰম হৈ গৈছিল....কিমান আইডিয়া লগাই অৰবিন্দক লীডাৰ পাতি 1st sem ৰ পৰা পিকনিকৰ কন্ট্ৰিবিউচন উঠাইছিলো......... বেলেগ মানুহে যেতিয়া পঢ়া-শুনাত বিজি আছিল, আমি তেতিয়া চাউল-দাইল-মাংসৰ বাজেট মিলাই আছিলো .......বাটৰ জেং চপাই লোৱাৰ বাবে নিজৰ ওপৰত বিৰাট খং উঠিছিল
যেন তেন পিকনিক হৈ গল, কানত ধৰি শপত খালো যে এনেকুৱা টেনচন আৰু কেতিয়াও নলও...
তাৰ পাছত মই inactive হৈ গলো..... তেতিয়া তোমাৰো activity নোহোৱা হৈ পৰিল.... নহয় জানো

প্ৰয়াসৰ সমুখত পুৰনি দিনবোৰৰ ফ্লেছবেক এটা পাৰ হৈ গল । ঠিকেই, কথাবোৰ সচা, সি বহুতকেইবাৰ পলাব খুজিছিল, কিন্ত অনিমেশে  তাক কেতিয়াও পলাব নিদিলে ।
 প্ৰয়াসে পৃষ্ঠা লুটিয়ালে.......

(৬)

প্ৰয়াসে পৃষ্ঠা লুটিয়ালে.......

এসময়ত তাইৰ সৈতে মই যিমান ক্লজ হৈ পৰিছিলো, এতিয়া তুমি হৈছা, মই তাইৰ বাবে আন হৈ পৰিছো, কাৰণ এসময়ত কোনোবাই বিচৰা নাছিল যে মই তাইৰ লগত কথা পাতো...... কিন্ত এতিয়া সেই কোনোবাৰ পৰা মই বহুত দুৰলৈ গুচি গলো, বহুত দুৰলৈ...... তোমাক ডিচটেন্স মেইনটেইন কৰিব দি নিজেই ডিচটেন্ট হৈ পৰিলো

" কেতিয়াবা ভাবো
যদি কোনোবাই বুজিলোহেতেন
মনৰ মকৰাজালখনৰ
জটিল বিন্যাসবোৰ...... "

কি কৰিবা দোস্ত, ইমচনেল হলে কবিতা-চবিতা ওলাই যায়
মই বাহিৰত যিমানেই ডায়লগ নামাৰো কিয়...... মই ভাগি পৰিছো.... সিদিনাখন তোমাক বহুত কিবা কিবি কৈছিলো.

" জ্বলি আছো একুৰা জুইত
হয়তো বুকুৰ মাজত
সদায় জ্বলি থাকিব
এয়া নহয়
প্ৰাপ্তি-অপ্ৰাপ্তিৰ পৰিসংখ্যা
বা পোৱা নোপোৱাৰ ৰসায়ণ
হয়তো এয়া
আশাৰ সমাধিত
হৃদয়ৰ উচুপনি.."

এটা কথা কও, শুনিবানে, জীৱনত কাকো ইমানকৈ বেছি ভাল নাপাবা যে...... নহলে মোৰ নিচিনা অৱস্থা হব

" যদি হৃদয় নোহোৱাকৈও
জীয়াই থাকিব পাৰিলোহেতেন
কাপুৰুষ অন্তৰখন
নিক্ষেপ কৰিলোহেতেন
ৰাষ্টাৰ ডাষ্টবিনলৈ
কাউৰী শগুনবোৰৰ বাবে "

বহুত চেন্টি ফালিলো..... হৱ, আৰু ট্ৰেজেডী নাফালো......... অৱশ্যে তোমাৰ আগত নাফালি কাৰ আগত ফালিম........
এন্ধাৰ দেখিছিলো, কেৱল এন্ধাৰ, কি কৰিম কি নকৰিম ভাৱি পোৱা নাছিলো..... কিন্ত মই হয়তো ভাগ্যবান আছিলো.... তোমালোকৰ দৰে বন্ধু লগত আছিল.... এটা বিধ্বস্ত অৱস্থাৰপৰা নৰ্মেল হৈছিলো, তোমালোকৰ প্ৰেচেষ্টাত...... depression, frustration নামৰ শব্দবোৰৰ প্ৰেক্টিকেল অৰ্থ বুজা হৈছিলো

" উকা সেই সেউজী পথাৰ
এতিয়া তাত শইচ নাই
আছে মাথো
এখন চিৰালফটা আকাশ
আৰু অনুৰ্বৰ হৃদয়
অপেক্ষা মাথো
এজাক......
ধাৰাষাৰ বৰষুণৰ..........."

কথাখিনি পঢ়ি প্ৰয়াস ইমচনেল হৈ পৰিল । হয়, এটা ট্ৰেজিক ষ্টৰী, তাৰ চকুৰ সমুখতেই পাৰ হৈ যোৱা এটা ট্ৰেজিক কাহিনী । অনিমেশৰ কাহিনী,  পাপৰি চলিহা নামৰ এজনী ছোৱালীৰ বিট্ৰেৰ কাহিনী ।
memo ৰ কেইটামান পাত তেতিয়াও বাকী আছিল........

(৭)

memo ৰ কেইটামান পাত তেতিয়াও বাকী আছিল........

কেতিয়াবা হয়তো ভাবিব পাৰা, কেনেকৈ চবৰে memo ত পৃষ্ঠা ভৰাই লিখো..
আৰে বাবা, অলপ emotion আছে, feelings আছে, টেলেন্ট আছে..... কথাবোৰ ওলাই আহে আৰু
লাইফত বহুত মানুহ লগ পাইছো, মাছৰ বেপাৰীৰ পৰা মন্ত্ৰীলৈকে........ আচলতে relation বোৰ কেমিকেল bondৰ দৰে , covalent বা আয়নিক...... ইলেক্ট্ৰন sharing বা আদান-প্ৰদানৰ দ্বাৰাহে bond দাল টিকি থাকে, যেতিয়াই মাজৰ ইলেক্ট্ৰনবোৰ নোহোৱা হৈ যায়, atom বোৰ দুৰলৈ গুচি যায়, নতুন atom বিচাৰি......... এটা উদাহৰণ দিও, ছমাহ-বছেৰেকৰ পাছত কোনোবাই যদি তোমাক ফোন কৰে (কিবা কামত নহয় কিন্ত, এনেয়ে তোমাৰ খবৰ লবলৈ, মাত্ৰ দুই মিনিট )
আচলতে এই competition ৰ যুগত সকলোৰে নিজৰ নিজৰ problem থাকে, সেইবোৰ solve কৰোতে সময়বোৰ এনেকৈ পাৰ হৈ যায় যে আনৰ কথা মনলৈ আহিবলৈ সময়েই নহয়.....
হঠাত এদিন মনত পৰে, অমুকত অমুক আছে, নিশ্চয় মোৰ help হৱ......... সিদিনাখন কিন্ত help কৰিবা, কাৰণ তুমিও এদিন কাৰোবাৰ help লৱ লাগিব....... আৰু যদি কোনোবাই help নকৰে, তেতিয়া নিজকে নিজে কবা....... এদিন মোৰো দিন আহিব...........বেলেগে ধোকেবাজী কৰিলে বুলিয়েই তুমিও ধোকেবাজ হা যাবা নেকি.... নহবা বে.... বেয়া লাগিব
তোমাৰ বাকী বোৰ characterization বেলেগে কৰিব, বহুত মানুহ ৰৈ আছে তোমাৰ memo ত লিখিবলৈ, হয়তো বহুত লিখিলো..... কি কৰিবা, যিটো নকৰো নকৰোৱোই.... আৰু যিটো কৰো, প্ৰয়োজনতকৈ বেছিকৈ কৰো.....
এটা কথা মনত ৰাখিবা......
Every people has potential, but he should know that he has it

তোমাৰ বিয়া-চিয়াত নেমাতিলেও কথা নাই, বেয়া নেপাও, কিন্ত যিদিনা lifeত settle হৈ যাবা (বা ভাল চাকৰি পাবা) সিদিনা কিন্ত মোক জনাবা, বাট চাম সেই দিনলৈ.....
যোৱা দুবছৰত Orkut কৰি কম time waste কৰিলোনে, free পাই দুয়োজনে তামাম ফাইদা উঠালো, বেলেগক আমনি দিলো, তোমাৰ কথা নেযানো, মই কিন্ত হয়তোবাহে Orkut কৰিম
Lifeত তোমাৰ আৰু মোৰ বহুত কাম বাকী আছে, আৰু কথাটো হল আমিয়েই কৰিব লাগিব, কাৰণ আমাৰ windows ৰ background ত যিখন wallpaper আছে সেইখন formatting হোৱা নাই, designing আমি কৰিব লাগিব, brightness-contrast-color আমিয়েই মিলাব লাগিব.... সময় লাগিব, কিন্ত কৰিব পাৰিবই লাগিব.....
I hope we will do it soon

শুভেচ্ছাৰে
অনিমেশ হাজৰিকা
জালুকবাৰী
22/7/2009

প্ৰয়াসৰ চকুৱেদি দুধাৰি লোতক বৈ আহিল...... চাৰি বছৰ, হয়, চাৰিটা বছৰ পাৰ হৈ গল...... কিন্ত এইবোৰ যেন সৌ সিদিনাহে ঘটি গৈছে...... প্ৰয়াসে বহুত কথা পাহৰি গৈছিল, memo খনে সেইবোৰ সোৱৰাই দিলে......... প্ৰয়াসে অনিমেশৰ character assassination কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে
প্ৰয়াসে অনিমেশলৈ ফোন কৰিলে...... এতিয়াও চুইচ অফ.......


(৮)

I hope we will do it soon
প্ৰয়াসে ডায়েৰী খন বন্ধ কৰিলে....... চাৰি বছৰত কত কি হল, কিয় , কেতিয়া...... প্ৰয়াসে নাজানে.....

ইউনিভাৰচিটীৰ ডিগ্ৰীটো পোৱাৰ পাছত সি কেইদিনমান এনেয়ে আছিল । লগৰ কেইটামানে PhD ত জইন কৰিলে, কেইজনমান ঘৰলৈ গুচি গল, কেইজনমান পাৰ্ট টাইম হিচাপে কলেজ কেইখনমানত সোমাল ।

সি মনত পেলাবলৈ চেষ্টা কৰিলে, সিহতৰ বেটছৰ প্ৰথমতে ভাল চাকৰিত কোন সোমাইছিল...... নীহাৰ, দীপ , সাত্যকি  নে অনিমেশ.......
সিও এসময়ত এটা চৰকাৰী চাকৰি কৰিছিল ।

প্ৰথমতে সি ইউনিভাৰচিটিৰ প্ৰজেক্ট এটাত সোমাইছিল, প্ৰজেক্ট লিডিং টু PhD .......
মৃদুল তেতিয়া অৰুনাচলত , দেউতাকৰ বিচনেচ চোৱা-চিতা কৰি আছে, কেতিয়াবা নিজেই গাড়ী ভাড়া মাৰে । সেই সময়তে আন এজন প্ৰফেচাৰৰ প্ৰজেক্ট এটা ওলাল । অৰ্গেনিক specialization লাগে । প্ৰয়াসে মৃদুলক মাতি পঠালে । মৃদুল অৰুনাচলৰপৰা গুচি আহিল । মৃদুল আৰু প্ৰয়াস একেলগে মেচ কৰি থাকিল ।

সেইকেইদিন বঢ়িয়া চলি আছিল । সি, মৃদুল, পাল, নৱ, অনু, ভীতি , নীতু, অনিমেশ । এটা ডাঙৰ গ্ৰুপ আছিল । ডিপাৰ্টমেন্টত খুব জমিছিল ।

প্ৰথমতে পাল আৰু ভীতি এৰি গৈছিল, তাৰ পাছত নৱ..... , মৃদুল , অনিমেশ....... এজন এজনকৈ ইউনিভাৰচিটী এৰি গুচি গৈছিল ।

এটা এডভাৰটাইজমেন্ট ওলাইছিল, তাৰ ডিগ্ৰী চাই চাকৰিটো বহুত ডাঙৰ নহয়, কিন্ত চৰকাৰী চাকৰি...
সি এপ্লাই কৰিছিল । কিছুমান মানুহে কৈছিল...... টকা ঢালিব নোৱাৰিলে চাকৰি নাপায় । তাৰ ঢালিবলৈ টকা নাছিল । Written ক্লিয়াৰ হৈছিল, ইন্টাৰভিউ দিছিল..... ইন্টাৰভিউত তাক বৰ বিশেষ একো সোধা নাছিল । মানুহবোৰে চিঞৰি আছিল...... টকা নিদিলে চাকৰি নাপায়........ ফিটিং নাথাকিলে চাকৰি নাপায়.......... তাৰ কাণ-মুৰ ঘোলা হৈ গৈছিল

অকল সিয়েই নহয়, বহুত লৰা-ছোৱালী মানুহবোৰৰ কথা শুনি demotivate হৈছিল । বহুতে নাপাম বুলি ইন্টাৰভিউ নিদিলেই ।
কেইদিনমান পাছত ৰিজাল্ট দিলে । এপইচাও ঘোচ নিদিয়াকৈ সি চৰকাৰী স্থায়ী চাকৰিটো পাই গল । চাকৰিৰ মহঙা দিনত চৰকাৰী স্থায়ী চাকৰি পোৱা তাৰ বেটছৰ সি প্ৰথম আছিল । সি প্ৰজেক্ট বাদ দি চাকৰিত জইন কৰিলে ।
তাৰ লগত ১২৪ জনে জইন কৰিছিল । সি প্ৰতিজনকে অৱজাৰ্ভ কৰিলে, প্ৰায়ভাগৰে ১০ লাখ দুৰৰে কথা ১০ হাজাৰ টকা ঘোচ দিয়াৰো সামৰ্থ নাছিল ।
সি বুজি উঠিল........ মানুহবোৰে তাক মিচলীড কৰিছিল ।
অকল অনিমেশে  তাক কৈছিল.......... ভালকৈ পঢ়ি পৰীক্ষা দিয়া , written ফালি দিয়া, ইন্টাৰভিউ ভালকে দিয়া, তাৰ পাছত চাও কোনে ৰখাব পাৰে........
হয়.... অকল অনিমেশে তেনেকে কৈছিল

কেইদিনমান পাছত সি সেই চাকৰিটো নোপোৱা লগৰ এজনক পালে । লগৰজনে তাক চিধাই সুধিলে....... কিমান দিলি, আমাকো চেনেলটো দিবিছোন
প্ৰয়াসৰ কাণ-মুৰ গৰম হৈ গৈছিল । প্ৰয়াসে উত্তৰ দিয়াৰ প্ৰয়েজনবোধ কৰা নাছিল ।

সি হয়তো তেনেকৈয়ে থাকিলেহেতেন.......চৰকাৰী চাকৰি আৰু ইউনিভাৰচিটীত পাৰ্ট টাইম PhD.
কিন্ত অনিমেশ  তাক change কৰি দিলে........
নহয় , প্ৰকৃততে সি অনিমেশক দেখি change হৈ গল......

(৯)

অনিমেশ যদি নাথাকিলেহেতেন, তাৰ লাইফ গতানুগতিকভাৱে চলি থাকিলেহেতেন ।

প্ৰয়াসৰ লাইফ বঢ়িয়া চলি আছিল । চৰকাৰী অফিচটোত কাম একো নাই, কেতিয়াবা দুই এটা ফাইল আহে, put up কৰিব লাগে, তাৰ বাহিৰে চাহ খাই আদ্দা মাৰি সময় কটায় । শনিবাৰ বা বন্ধৰ বাৰত ইউনিভাৰচিটিত আহি পি.এইচ.ডিৰ কাম কৰে....... মস্তি লাইফ

ফেচবুকে তাৰ লাইফ আৰু মস্তি বনাই দিলে । কেইবাজনীও ছোৱালীৰ লগত ফেচবুক ফ্ৰেন্দ হল । তাৰ পাছত ছাটিং, ফোন নং, তাৰ পাছত ডেটিং....... নেহেৰু পাৰ্ক, অপ্সৰা- প্ৰাগজ্যতিৰ ভিজিট চলি থাকিল । লাইফ ৰঙীন হৈ পৰিল ।

ইফালে অনিমেশে চাকৰি পালে.........
অনিমেশ প্ৰতিমাহতে গুৱাহাটী আহে । সিহতৰ লগত আগৰ দৰে আদ্দা মাৰে । নিজৰ কোম্পানীৰ কথা কয় ।
মৃদুল আৰু প্ৰয়াসে সিহতৰ এফেয়াৰবোৰৰ সৰস describe কৰে । পাৰ্কৰ বেঞ্চ, ধাবাৰ কটেজ, চিনেমাহলৰ এন্ধাৰ । মচলা সানি অলপ বেছিকৈয়ে কয় ।
নৱ আৰু অনিমেশে মন দি শুনে, হাহে, কমেন্ট দিয়ে আৰু তাৰ মাজতে অনিমেশে কয়........ APSC-UPSC দিয়া না , অলপ চেষ্টা কৰিলেই পাই যাবা........ মৃদুল আৰু প্ৰয়াসে হাহি উৰুৱাই দিয়ে

কেইমাহমান পাছত মৃদুল আৰু নৱ ইউনিভাৰচিটী এৰি Institute লৈ গুচি গল... ইউনিভাৰচিটীত প্ৰয়াস অকলশৰীয়া হৈ পৰিল ।
এদিন প্ৰয়াসে গম পালে ... অনিমেশ গাড়ী এখন কিনিলে...........
কেইদিনমান পাছত প্ৰয়াসে দেখিলে........ অনিমেশক....... হিল ষ্টেচন, মনুমেন্টৰ বেকগ্ৰাউন্দ.......

প্ৰয়াসে co-relateকৰিব নোৱাৰিলে......... অনিমেশৰ তুলনাত সি বাৰু বহুত টোকোনা হৈ গল নেকি....চব কাম টো একেইধৰনৰে কৰিছিল, একেলগে কৰিছিল , কত difference থাকি গল
দিনে ৰাতিয়ে প্ৰয়াসৰ মনটোৱে উত্তৰ বিচাৰি থাকিল ।

প্ৰয়াসে আকৌ মানুহবোৰৰ কথা শুনিবলৈ ধৰিলে ।
সুজয়ে কলে....... Tag, fame, glamour, repo
এদিন সুযোগ মিলিল........ প্ৰয়াসে Institute ত PhD ৰ বাবে এপ্লাই কৰিলে
দুটা বছৰ পাৰ হৈ গৈছিল । এইবাৰো অনিমেশ ফ্ৰেমলৈ আহিল । এজন Research scholar ৰ পৰা Research institute ত কি বিচাৰে, interview ত কি কব লাগিব, কি নালাগে , অনিমেশ এ ভালকৈ বুজাই দিলে ।

প্ৰয়াসে Institute ৰ Tag লাভ কৰিলে........
অনিমেশে তেতিয়া কৈছিল..... এইবাৰ কষ্ট কৰিব লাগিব । ৰিচাৰ্চ পেপাৰ উলিয়াব লাগিব । জলদি কমপ্লিট কৰা । কম্পিটিচন বাঢ়ি গৈ আছে ।
প্ৰয়াসে ভাবিছিল...... ইয়াত আহিছো যেতিয়া চিন্তা নাই আৰু.... আৰামত হৈ যাব

(১০)

ইউনিভাৰচিটীত কেইজনমানে কুৱা কেইটামানৰ পানী এনালাইচিচ কৰি PhD ডিগ্ৰী পোৱা প্ৰয়াসে দেখিছিল.......

Institute ত প্ৰথম বছৰ আৰামত গলগৈ । গাইড নতুন, লেৱটো ভালকৈ চেট হোৱা নাই । গাইডে অলপ টপিকবোৰ ষ্টাডি কৰিবলৈ কলে । ইফালে Institute ত আনলিমিটেড ইন্টাৰনেট । প্ৰয়াসৰ ভাৰচুৱেল-আনভাৰচুৱেল এফেয়াৰবোৰ চলি থাকিল । ৰিদীপে  এদিন কথাই কথাই প্ৰয়াসক খিতাপ দি দিলে .....অউৰতবাজ
Actually প্ৰয়াসে কি কৰিব । এপাত তাল অকলে নাবাজে । তাক কোনোকালে দেখি নোপোৱা ছোৱালীয়ে যদি তাৰ লগত ফ্ৰেন্দশ্বিপ কৰিব খোজে, সি কি কৰিব । এজনীতো তাৰ বাবে একেবাৰে ডেচপাৰেট হৈ পৰিছিল । তাক বিচাৰি লেৱ ওলাইছিল । ভাগ্যে সি সিদিনা লেৱলৈ নগল । সি কথাবোৰ আনক মচলা মাৰি অলপ বেছিকৈয়ে শুনায়, কিন্ত আজিলৈকে একো নকৰিবলগীয়া কাম কৰি পোৱা নাই ।

চব ঠিকে ঠাকে হৈ আছিল, কিন্ত লাহে লাহে গাইড কামোৰ হৈ পৰিল । ৰিয়েক্সন লাগে, কাম লাগে....... প্ৰয়াসৰ সময় চৰটেজ হবলৈ ধৰিলে
তাৰ গোটেই এফেয়াৰবোৰ দি এন্দ হৈ পৰিল ।

JACS পেপাৰ এখনৰ মতে প্ৰয়াসে ৰিয়েক্সনটো লগাইছে । এইটো পঞ্চমবাৰ...... পেপাৰখনৰ মতে ৯৫% yield হব লাগে । প্ৰয়াসে কিন্ত ২০ ৰ ওপৰত পোৱা নাই । এইবাৰ আহিলেই হয় । নহলে গাইডে আকৌ গালি পাৰিব । প্ৰয়াসে ভগবানক প্ৰাৰ্থনা কৰিলে ।
ভগবানে নুশুনিলে চাগে । এইবাৰো yield নাহিল । প্ৰয়াসৰ চিন্তা লাগিল । গাইডে কি ৰুপ দেখুৱায় ।

ইউনিভাৰচিটিত প্ৰয়াসে নিজৰ ইচ্ছামতে কাম কৰিছিল । মন গলে কৰিছিল, নহলে নকৰিছিল । চাকৰি কৰোতেও কোনো হকা-বধা কৰা মানুহ নাছিল । কিন্ত এতিয়া...... সময় বহুত নিষ্ঠুৰ

এতিয়ালৈ প্ৰয়াসৰ এখনে ৰিচাৰ্চ পেপাৰ হোৱা নাই । কথা নাই , কিন্ত আন এটা কথাইহে প্ৰয়াসক ৰাতি শুবলৈ দিয়া নাই ।
মৃদুল.... হয় মৃদুল....... মৃদুলে অনিমেশৰ কোম্পানীৰ written পাছ কৰিছে, ইন্টাৰভিউ দিবলৈ গৈছে । মৃদুলে তাক এৰি গলে সি বৰ অকলশৰীয়া হৈ যাব । তাৰ ভয় লাগিল........ প্ৰয়াসে চিৰিয়াছলি ভগবানক খাটিলে । মৃদুলে যাতে চাকৰিটো নাপায় । সি অকলশৰীয়া হবলৈ নিবিচাৰে.....

(১১)

এই সময়ত প্ৰয়াসৰ নিজকে বৰ দৰিদ্ৰ যেন লাগিল.......
গোটেই কথাবোৰ ফ্লেছবেক হৈ তাৰ চাৰিওফালে ঘুৰিবলৈ ধৰিলে...
I hope we will do it soon

এটা মুহুৰ্তত ফ্লেছবেক ৰৈ গল.........
প্ৰয়াসে কাৰোবাক দৰিদ্ৰ কৰি তুলিছিল নেকি

সকলোৱে ভৱা পাপৰি চলিহা অনিমেশৰ  বিস্মিতা গগৈ নাছিল........ অনিমেশে কেতিয়াও পাপৰিক লৈ কবিতা লিখা নাছিল

বিদিশা.... বিদিশা গোস্বামী.... ফাৰ্ষ্ট চেম...... ৰেগিং চেচন...... বিদিশাই ফুলপাহ অনিমেশক দিছিল...... কৈছিল ......অনিমেশ ভাল, হেল্পফুল ..... বিদিশা অনিমেশৰ কলেজৰ জুনিয়ৰ..........
ফ্ৰেচাৰ্চ... প্ৰয়াসৰ হাৰমনিয়াম, বিদিশাৰ গান....... ইউনিভাৰচিটীৰ কেন্টিন.... প্ৰয়াস আৰু বিদিশা........ কিছু আতৰৰ এচুকত এখন অকলশৰীয়া টেবুল.... টেবুলত এটা চিচাৰ গিলাচ, ........আৰু হয়.... সি অনিমেশই আছিল...... অনিমেশে সিহতৰপিনে চাই আছিল..... সি সচাকৈয়ে সিহতক চাই আছিল...........
অনিমেশে বহুতদিনলৈ সিহতক চাই আছিল...... সিহতক হৱ নোৱাৰে.... বিদিশাক........

সেই সময়ত প্ৰয়াসৰ বাবে অনিমেশ হাজৰিকা সচাকৈয়ে দৰিদ্ৰ হৈ গৈছিল নেকি..........

সন্ধিয়া নামিছে..... পাহাৰটোৰ সিপাৰে লাইটবোৰ জ্বলি উঠিছে......
লাইটবোৰ আৰু পাহাৰটোৰ মাজত বিশাল ব্ৰহ্মপুত্ৰ.........
অদুৰত এখন মহানগৰ....

ইজ্জতৰ ফালুডা

কেতিয়াবা ইজ্জতৰ ফালুডা হৈ যায় ।
১৪ দিনৰ অফত কৰিবলৈ একো নাই । আই.আই.টিত লগৰ কেইবাটাইও গৱেষণা কৰি আছে । সিহতৰ লগতে কেতিয়াবা আদ্দা দিবলৈ যাও ।
যোৱা পৰহিৰ কথা । আই.আই.টি-গুৱাহাটীলৈ গৈছো । আই.আই.টিৰ মাৰ্কেট গেটেৰে সোমালো । একাডেমিক বিল্ডিঙলৈ বাওফালে টাৰ্ণ লৱ লাগে । বাইকখনৰে টাৰ্ণটো লওতেই দেখিলো চিনাকি জুনিয়ৰ এজনী । ওপৰত প্ৰচন্ড ৰ'দ । জুনিয়ৰজনীয়ে ছাতি এটা মুৰত ওপৰত লৈ ৰুমাল এখনৰে মুখৰ ঘাম মচি খোজকাঢ়ি আছে । জুনিয়ৰজনীৰ অৱস্থা দেখি বেয়া লাগিল । জুনিয়ৰজনীৰ ওচৰ পাই বাইকখন ৰখালো ।
- ভন্টি কলৈ যোৱা....... মই সুধিলো
- অ দা, চিটি গৈছিলো, এতিয়া হোষ্টেল যাও.... ভন্টিয়ে কলে
- হোষ্টেলটো বহু দুৰ আছে, বলা ড্ৰপ কৰি দিও
-নাই দা , হৱ, পাৰিম
- ধেই, ইমান গৰমত ৱাকিং কৰি গৈ পোৱা মানে তিতি জুৰুলি-জুপুলি হৈ যাবা

অগত্যা ভন্টি বাইকত উঠিল ।
(লাইন চাইন মৰা বুলি মিচআন্ডাৰষ্টেন্দ কৰিব নালাগে দেই । মই এনেয়েও বহুত হেল্পফুল মানুহ । আগতেও বহুত মানুহক মোৰ বাইকেৰে লিফ্ট দি ডেষ্টিনেচন পোৱাই দিছো )

বাইকৰ পাছৰ চিটটো অকুপাই কৰি ভন্টিয়ে কলে........ বলক দা
বাইকত চেল্ফটো বেয়া হৈ আছে । হেলমেটটো পিন্ধি কিক মাৰিলো.......
......
এবাৰ
....
দুবাৰ
......
তিনিবাৰ
.......
.......
.......
বাইক ষ্টাৰ্ট নহয়হে নহয় । ওপৰত টিকাফটা ৰ'দ । ঘাম আৰু টেনচনত তিতি জুৰুলি জুপুলি হৈ গলো । ভৰি বিষাই গল । বাইক ষ্টাৰ্ট হোৱাৰ কোনো উমঘামেই নাই । কটা ঘাত চেঙাতেল দি ওচৰৰে পাৰ হৈ যোৱা চেঙেলীয়া এজাকে কেৰাহিকৈ চাই হাহি কেইটামান দি গল ।

মোৰ অৱস্থা দেখি ভন্টিৰ বেয়া লাগিল ছাগে । ছাতিটো মেলি ভন্টিয়ে কলে......
- দা মই ৱাক কৰিয়েও যাও দিয়ক, আপুনি বাইকখনৰ এবাৰ ভালকৈ চাৰভিচিং কৰাই লৱ

ইজ্জতৰ ফালুডা হৈ গল । ভন্টি খোজকাঢ়ি গৈ আগৰ টাৰ্ণিংটোত নেদেখা হৈ পৰিল ।
বাইকখনৰ ওপৰত বহুত খং উঠিল ।
আৰু চাল্লা................ভন্টি নেদেখা হোৱাৰ পাছত মৰা প্ৰথম কিকটোতে বাইকখন ষ্টাৰ্ট হল ।

ৱেডিং ৰিচিপচন (1) - এটা লিফ্ট


আজি অংশুমান দাৰ ৱেডিং ৰিচিপচন আছিল..... শিৱম মেৰেজ হল, গীতানগৰ
Dhiraj Kalita দাৰ লগত প্লেন ফিক্স হল..... ৫ বজাত মই বেলতলাৰ পৰা ওলাম, ৫-৩০ ত হলত দুয়ো একেলগে এন্ত্ৰি মাৰিম.... Chanakya Choudhury দাও আহিব............ ধীৰাজদা গীতানগৰ পুলিচ থানাৰ সন্মুখত ৰৈ থাকিব, মই পিক আপ কৰিব লাগিব.........

বেলতলাৰপৰা গীতানগৰ যোৱাৰ দুটা ৰাস্তা আছে... এটা গনেশগুৰি হৈ চিটিৰ মাজেদি, আনটো চয়মাইল, নাৰেংগী হৈ........ মই ছয়মাইল হৈ যোৱাটো ঠিক কৰিলো...... এইফালে ট্ৰেফিক কম হয়.........

ছয়মাইল পাৰ হৈ চচল পাইছো......... এনেতে........
আৰে এইয়া কি.... ধুনীয়া অৰেঞ্জ চুৰিদাৰ পিন্ধা ছোৱালী এজনীয়ে দেখোন ৰবলৈ হাত জোকাৰিছে, মানে লিফ্ট বিচাৰিছে...... ছোৱালীজনীক আগতে কৰবাত দেখিছিলো নেকি মনত পেলাবলৈ চেষ্ট কৰিলো.... নাই মনত পৰা নাই.....
যিয়েই নহওক লাইফত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীয়ে মোৰপৰা লিফট বিচাৰিছে..... দিল বাগ বাগ হৈ গল...... পাচ বছৰ ধৰি গুৱাহাটীৰ ৰাস্টাত বাইকৰ চকা ঘুৰাই আছো, পিছে বাইকৰ পাছৰ চিটটো খালীয়ে হৈয়ে আছে.......
ৱেডিং ৰিচিপচনলৈ বুলি একদম চালিয়া পাৰ্টিৱেৰ চাৰ্ট আৰু নিউ ব্ৰান্ডেড জিনচ মাৰি ওলাইছো, ৰিবকৰ স্পৰ্টচ চু আৰু য়াৰ্ডলি পাৰফিউমৰ কথা নকওৱেই........

ব্ৰেক এটা মাৰি দিলো.......
- এনি প্ৰবলেম.......... একদম ষ্টাইলত সুধিলো
- মানে আজি ট্ৰেকাৰ কম, বহুতসময় হল , এখনো অহা নাই, ইফালে সন্ধিয়াও হৈ আহিছে, কাইন্ডলি অলপ আগলৈ ড্ৰপ কৰি দিব নেকি
- মই এক্সুৱেলি নাৰেংগী হৈ গীতানগৰলৈ যাম
- মোক নাৰেংগী তিনিআলিত ড্ৰপ কৰিলেই হৱ
- অকে

অৰেঞ্জ চুৰিদাৰ মোৰ বাইকৰ পাছৰ চিটত....... ৩০-৪০ ৰ ভিতৰত স্পীড ৰাখিছো, জল্ডি পাই গলে মমেন্টবোৰ মিচ হৈ যাব...... বাইকৰ ওপৰতে ড্ৰীম দেখা ষ্টাৰ্ট কৰিলো....... নাৰেংগী পোৱাৰ লগে লগে অৰেঞ্জ চুৰিদাৰে আকৌ কাইন্ডলি বুলি অলপ ওচৰতে থকা ঘৰত ড্ৰপ কৰাৰ কথা কৱ, মই অৰেঞ্জ চুৰিদাৰৰ ঘৰৰ ফ্ৰন্টৰ গেটৰ ওচৰত ব্ৰেক মাৰিম..... তাৰ পাছত ইমান হেল্প কৰাৰ বাবে অৰেঞ্জ চুৰিদাৰে একাপ চাহ খাবলৈ জোৰ কৰিব..... চাহ খাম.......... এটা বিউটিফুল ষ্টৰী ষ্টাৰ্ট হবলৈ গৈ আছে.......

(অংশুমান দাৰ ৱেডিং ৰিচিপচন আছে, ধীৰাজদা ৰৈ আছে........ বাদ দে..... অৰেঞ্জ চুৰিদাৰৰ কাৰণে অংশুমানদা, ধীৰাজদাৰ কুৰবানী দি দিম )

নাৰেংগী তিনিয়ালিত বাইক ৰখালো.....
অৰেঞ্জ চুৰিদাৰ নামিল.....
অৰেঞ্জ চুৰিদাৰে মৌসনা মাতেৰে কলে........
.
.
.
থেংক ইউ আংকল.......... থেংকচ এ লট

সোৱে-বাৱে- পাছফালে একদম নাচালো........ যিমান পাৰি এক্সিলেটৰ দবাই দিলো.... শিৱমত অংশুমান দাৰ ৱেডিং ৰিচিপচন, ধীৰাজদা ৰৈ আছে....

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...