Thursday, July 25, 2013

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী-২

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী (part-2)
Subrata Nathৰ ৰিয়েক্সন

MSc 1st sem, gallery of Chemistry Department.......... ৰসায়ন পন্ডিতৰ দলত সেইদিনা বহি আছিল এক বৃহদাকাৰ পুৰুষ, নাকৰ ওপৰত মোতকৈও গধুৰ এটি শকত বিতচকু আৰু ওজন সহিবলৈ যেন তেখেতৰ দেহাৰ সৃষ্টি, প্ৰথম দৃষ্টিত ভাবিছিলো কিতাপ পঢ়ি চকু বেয়া কৰাতকৈ চিৰদিন মুৰ্খ হৈ থকা ভাল, এই কথাষাৰ তেখেতক জনাবলৈ কাৰোবাৰ সাহস হবনে........
গ্ৰুপ থিয়ৰীৰ ক্লাছত উল্টা-পুল্টাকৈ Molecule ঘুৰাই চাই চাৰৰ লগতে চবৰে খেলিমেলি লগাবলৈ হে যেন তেওঁ আহিছে.... লাহে লাহে কৰ্ন তথা দৃষ্টি গোচৰ হল মানুহজন লংকেশ্বৰৰ সেই দলংখনৰ এইটো পাৰে (আনটো পাৰে মই) থাকে ,.......... এনেকৈয়ে লংকেশ্বৰৰ চকৰ পৰা দলঙলৈকে মোৰ মৰমৰ চাইকেলত তেওঁক লৈ যাওতে অংকুৰিত হৈছিল এটি আন্তৰিকতাৰ বীজ যিটো সাৰ-পানীৰে পৰিপুষ্ট হবলৈ সময় লাগিছিল সুদীৰ্ঘ ৩ টা ষান্মাসিক........

১ম semত নাজানো কিয় বহুত Practical কৰিও ১০৪ পালো (lowest মাৰ্ক) , আনহাতে DR এ একো নকৰিও ১১০ পালে......... ২ম semত DR ৰ লগত যুটি বান্ধি একো নকৰা দলত যোগ দিলো, এদিন প্ৰিপেৰাচন বাৰ্নাৰত বহাই ক্ৰিকেট খেলি থাকোতে DKD চাৰে আহি মোৰ ৰান্ধি থকা প্ৰডাক্ট খিনি চাই গৈছিল আৰু পাছদিনা ক্লাছত এটি সুন্দৰ মন্তব্য দিলে, সিদিনা খুব লাজ লাগিছিল......
অৱশ্যে পৰীক্ষাত DR এ ঘৰৰ পৰা লিখি অনা কেলকুলেচন খিনি উত্তৰ বহীত লিখি ১২৪ পালো.........

তাৰ পাছত আহিল ভয়ানক,উপভোগ্য আৰু আকৰ্ষনীয় ৩য় Sem

কি দৰকাৰ আছিল তাক চাপৰ্ট দি Departmental Representative(DR) বনোৱাৰ........... last ত তাক জেক দি কাম কৰোতে নিজৰ চব হাৱা ওলাই গল................... But DR has a huge heart to take some good courageous decision , but it just need some initiators (মোৰ দৰে !!)
3rd semত DR ৰ লগত খুব ORKUT কৰিলো, ক্লাছ টাইমত SMSgupshup ত চবলৈ লানি নিচিগা SMS পঠাই ক্লাচ কৰা কেইটাক তামাম disturb দিলো....... এদিন PP sir য়ে ক্লাছত সোমাবলৈ নিদিলে দুয়োটাক

জীৱনত পাহৰিব নোৱাৰা এটি ঘটনা হল ডিপাৰ্টমেন্টেল ফ্ৰেচাৰ্চ, কিমান কষ্ট কৰিছিলো এই অনুষ্ঠানটিক সফলতাৰ পৰশ দিবলৈ.... Department ৰ ফান্দৰ আৰ্থিক অনুদানৰ বাবে ১ম দিনৰ ৬ বজালৈকে JNG চাৰ নাই......২য় দিনা এক্সট্ৰিম ডে, কাৰন পাছদিনা অসম বন্ধ, বাহিৰত ধাৰাসাৰ বৰষুন, ৰাতি ৮ টা বজালৈকে ডিপাৰ্টমেম্টত প্ৰবল বৰষুনত তিতি বুৰি সেইদিনাই ৰাতি ফটাশিল গৈছিলো সম্বৰ্ধনা আৰু বিদায় পত্ৰ প্ৰিন্ট কৰিবলৈ, সেইদিনা বৰষুনৰ প্ৰচন্দ ধাৰাত নলাত পৰি এটা ১৫ বছৰীয়া লৰাৰ আনকি মৃত্যুও হৈছিল.... কিহৰ তাড়নাত সেয়া কৰিছিলো , DR ক সহায় কৰিবলৈ নে নিজৰ যোগ্যতা পৰীক্ষা কৰিবলৈ সেই উত্তৰটো আজিও নাপালো.... কিন্ত প্ৰতিদানত প্ৰিন্ট কৰি কিছু পইচা হৰলুকি কৰাক ক্ষনিক আভাৰ বিচ্ছুৰন মোৰ মুৰত পৰিল, যাৰ বাবে Teachers Day ত গা এৰা দিছিলো......... কিন্ত Nayanjyoti Rajbangshi আৰু DR এ গা এৰা দিবলৈ নিদিলে...... সীমিত বাজেট (মাত্ৰ ১৮০০ টকাত) টিচাৰ্চ ডে পাতিবলৈ সমৰ্থ হৈছিলো,
টিচাৰ্চ ডেত মোৰ ৰুমত বনোৱা লিষ্টখন, ৰাতি ৭ বজাত দিয়া কেকৰ অৰ্দাৰটো, ১৮০০ টকীয়া বাজেটৰ ভিতৰত ২০০ জনৰ বাবে পেকেট লান্স, গিফট, অন্যান্য বস্ত আৰু সেই প্ৰকান্দ কেকটো কেনেকৈ মেনেজ হৈছিল সেইটো অকল্পনীয় আছিল, কোনেও কমপ্নেন কৰাৰ বিন্দুমাত্ৰও অৱকাশ পোৱা নাছিল......

Departmental ৱাল মেগাজিনৰ মই সম্পাদক আছিলো, সকলোৱে যথেষ্ঠ সহায় কৰিছিল........ কিন্ত সম্পাদকীয় উপযুক্ত নোহোৱাৰ প্ৰধান কাৰনটো হল সম্পাদকক সম্পাদনা কৰিবলৈ চেষ্টা কৰা আমাৰ সহ-সম্পাদিকাগৰাকী... কিমানটা সম্পাদকীয় লিখালে আৰু কেনচেল কৰালে ফাচি বজাৰত কাপোৰ পচন্দ কৰাৰ দৰে,....... অৱশ্যে DR হস্তক্ষেপত মেগাজিনত at least কবিতা এটা নিজৰ ইচ্চামতে লিখাৰ সুযোগ পাইছিলো............

সেইদিনা আমি Cricket খেলি থাকোতে অলপ আগতে নামি ষোৱা ক্লাছমেটকেইজনীৰ পাছে পাছে হঠাত DR নামি গল....... তাৰ পাছত Nabajeet Barman ৰ পৰা কথাটো গম পোৱাৰ পাছত মই Shocked হৈ গলো, মোৰপৰা ইমান ডাঙৰ কথা এটা DR এ লুকুৱাই ৰাখিব বুলি কেতিয়াও ভবা নাছিলো, নিজকে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বুৰ্বকটো যেন লাগিল..........মই DR ক বহুত close friend বুলি ভাবিছিলো........DRক বহুত বিশ্বাস কৰিছিলো.................কিন্ত..........

তথাপিও ডিপাৰটমেন্টৰ পিকনিক আয়োজন কৰাত DRক সহায় কৰিলো
DR এ ২৫ ত পিকনিকৰ ডেট ফিক্স কৰিলে, ইফালে ২৩ তাৰিখে নেট পৰীক্ষা, গতিকে লাগিভাগি দিবলৈ কাৰো সময় নাই, পিছে DR নাচোৰবোন্দা....... ২৫ তাৰিখ মানে ২৫ তাৰিখ, লৰচৰ নহয়, যোন যায় যাব, নগলে খাতিৰ বাতিৰ কৰাত নাই.... নেট দি ৰ লগত ৰাতি ৭ টা লৈকে মালিগাও-আদাবাৰীত গাড়ী বিচাৰিলো, খোজকাঢ়ি ভৰি বিষাই গল..... এট লাষ্ট গাড়ী ঠিক হল ৩X২ চিটাৰ

তুমি কথা কব পাৰা বুলিহে তোমাক লগ ধৰো বুলি তেল মাৰি DR এ মোক মোক ফোন কৰিব দিয়ে, তাৰ পাছত সকলো কামোৰ মোক চম্ভালিবলৈ উতসাহিত কৰে, বাছৰ এডভান্স মোক চমজাই নিজে ঘৰত ফষ্টি মাৰি শুই থাকে আৰু মই সেই ডিচেম্বৰ মাহৰ নিয়ৰসিক্ত সুপ্ৰভাতত মৰমৰ বিচনা ত্যাগ কৰি পইচা দিবলৈ যোৱা সকলো যেন এক অবুজ সাথৰ........ কিন্ত DR ৰ পৰা দুটা প্ৰশ্নৰ উত্তৰ মই নাপালো
প্ৰথম...... পিকনিকৰ আগত সদায় পইচাৰ হিচাপ কৰা DR এ পিকনিকৰ পাছত এদিনো জমা-খৰচৰ হিচাপ মোৰ লগত নকৰিলে
দ্বিতীয়তে..... ইমান দিন মোৰ লগত ঘুৰি ঘুৰি ধিতিঙালি কৰিলে, ইফালে নেটও লগালে, কিন্ত তাইৰ কথাটো ঘুনাক্ষৰেও জানিবলৈ মোক সৰু আভাষ এটাও কোনোদিনে নিদিলে

হয়তো DR এ মোক Close Friendৰ লিষ্টত ৰাখিবলৈ পাহৰিলে....... বা........... হয়তো নাৰাখিলে

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী (part-1)

২৫ নৱেম্বৰ ২০০৮ , ডিপাৰ্টমেন্ট অৱ কেমেষ্ট্ৰী, গৌহাটী ইউনিৰ্ভাৰচিটী, সময় আবেলি ৩-৩০ , ডিপাৰ্টমেন্টৰ বাহিৰৰ খালী ঠাইখিনিত ৩য় চেমিষ্টাৰৰ লৰাবোৰে ক্ৰিকেট খেলি আছে,
Alokesh Chanda বেটিং এন্দত , হেমন্ত বলিং কৰিবলৈ আহিছে, অলকেশে হাতখন দাঙি হেমন্তক ৰবলৈ চিগনেল দিলে..........এইকেইজনীক গৈ লৱলৈ দে......... থাৰ্ড চেমিষ্টাৰৰ তিনিজনী ছোৱালী ক্ৰিজৰ মাজেৰে গৈ তললৈ নামি যোৱা ষ্টেপকেইটাইদি ডিপাৰ্টমেন্টৰপৰা ৰাষ্টাৰ ফালে নামি গল.........
হেমন্তই বলিং কৰিলে, অলকেশৰ শ্বট, মিচ, বল কীপাৰৰ হাতত, অলকেশে দেখিলে.... লেগ চাইডত ফিল্ডিং কৰি থকা DR ছোৱালীকেইজনীৰ পাছে পাছে নামি গৈছে, তলৰ কদম গছজোপাৰ তলত গোটেইকেইটা ৰৈছে, অলপ পাছত দুজনী অলপ আতৰলৈ গৈছে, বাকী থকাজনীক DR এ কিবা কৈছে, ছোৱালীজনীয়ে ইফালে সিফালে চাইছে, তাৰ পাছত আন এজনী ছোৱালী সিহতৰ কাষলৈ আহিল, কিবা কলে, DR এ মিচিকিয়াই হাহি ওপৰৰপিনে চালে, ইতিমধ্য সিহতে খেলা বন্ধ কৰি তলৰ পৰিস্থিতিটো চাই আছে,
অলপ পাছত ছোৱালীকেইজনী ৰাষ্টাৰপিনে গুচি গল, ডি.আৰ ওপৰলৈ উঠি আহিল,
Violina Sharma সুধিলে..... কি হল
DR এ মুৰ জোকাৰিলে, তাৰ পাছত হাহি কলে...... একো নাই, নাথিং

Subrata Nath ৰ ৰিয়েক্সন
আই এম শ্বকড, প্ৰথম, কেতিয়াও ভবা নাছিলো যে ডি.আৰ এ তাইক......, তাতকৈও বেছি শ্বকড যে ........
কিন্ত ভৱা নাছিলো যে কেইমাহমান পাছত তাতকৈও বেছি শ্বকিং নিউজ পাম

Pallabi Saikia ৰ কথাৰে
আমি অনুমান কৰিছিলো যে সেইকেদিনতে কিবা এটা হৱ, DR এ তেনেকুৱা কিবা এটা কৰিব, কিন্ত তাই কি ভাবিছিল আমি বুজা নাছিলো, তাই......
যিয়েই নহওক,৪ৰ্থ চেমত DR আৰু মই একে গাইডৰ লগত প্ৰজেক্ট কৰিছিলো, DR বহুত বিন্দাচ আছিল, তাৰ পাছলৈ কি হব মই সন্দিহান আছিলো, খুব সম্ভৱ..........

গনেশ আচাৰ্যৰ ফিলিং
মুজে শ্বক যিতনা লগা উচচে জাদা দুখ হুৱা, মেৰা ৰুমমেট হোনে কে বাবজুদ উচনে মুজে কুচ নহী বতায়া, মে উচকা মদদ কৰ চকতা থা, লেকিন চায়দ..... উচকো মদদ কি কভী জৰুৰত হী নহী থা.........

to be continued
part-2 # Subrata Nath's reaction
part-3# Pallabi Saikia's opinion
part-4# Ganesh Acharya's feeling
part-5# DR's confession

new characters in the nxt parts
Nabajeet Barman, Nayanjyoti Rajbangshi, Anjumani Talukdar, Sukanya Baruah et
গাজা নহয় দেই !!!

(ONGC Rigলৈ Drilling Fluid বনাবৰ বাবে KCl,CMC,PAC,XC-polymer,PHPA ইত্যাদি যথেষ্ঠ দামী কেমিকেল আহে.....কিন্ত কেমিকেল কঢ়িয়াই অনা ট্ৰাকবোৰে কেমিকেলৰ বহুত হেৰাফেৰি কৰে)

ৰিগলৈ কেমিকেলৰ ট্ৰাক এখন আহিল....সিদিনা ডিউটিত আছিল কামোৰ কেমিষ্ট এটা
(কামত ধেৰ ৰাপ থকা আৰু জোখতকৈ বেছি ছিনচিয়াৰ মক্কেলক মানুহে কামোৰ বোলে !!!) .......

কেমিষ্টে কেমিকেলৰ বেগকেইটা চেক কৰিলে....২৫ কিলোৰ বেগবোৰত ১০-১২ কিলোহে আছে....... কেমিষ্টে চিধা কৈ দিলে........ এনেকুৱা আধা আধা বেগ মই ৰিচিভ নকৰো..... ঘুৰাই লৈ যা আৰু ভৰ্তি বেগ লৈ আন...........

ট্ৰাকৰ ড্ৰাইভাৰটোৱে বাটত অলপ পানী ধৰি টং হৈ আছিল..... কেমিষ্টৰ কথা তাৰ পচন্দ নহল......
সি প্ৰথমতে অলপ নৰম সুৰত কলে......ছাৰ.......চেহেৰাত নিমাখিত এক্সপ্ৰেচন

কিন্ত কেমিষ্ট অলৰ অচৰ.......

তাৰ পাছত সি শিবসাগৰৰ ছালফা এটাই সিহতক যে ভালকৈ চিনি পায় সেইটো কথা কলে....

কেমিষ্ট নিৰ্বিকাৰ.......

তাৰ পাছত সি কাহিনী এটা কলে যত কেমিষ্টৰ ওপৰৱালা বছকেইটাক সিহতে গাড়ীৰপৰা নমাই পিটিছিল....

এইবাৰ কেমিষ্টে মুখ খুলিলে, "ভালেই কৰিলি,সিহতি মোক ছুটী খুজিলেও ছুটী নিদিয়ে,এইবাৰৰপৰা তেনেকুৱা কেচ হলে মোকো মাতি দিবি, ময়ো দুচাটমান দি দিম..... কিন্ত বোপাই, তহতি অনা কেমিকেলৰ আধা আধা বেগবোৰ মই কোনোপধ্য ৰিচিভ নকৰো"

কেমিষ্টৰ খাৰংখাচ কথা ট্ৰাকৰ লৰাকেইটাৰ পচন্দ নহল........
পিছফালৰপৰা ট্ৰাকৰ লৰা এটাই মাত লগালে, "আপুনি শিৱসাগৰত নেথাকে জানো, আমিও শিৱসাগৰৰ, লোকেল, আপোনাক এদিন কৰবাত ভালকৈ চাই লৱ লাগিব"

এইবাৰ কেমিষ্ট অলপ অপ্ৰস্তত বল, তাৰ পাছত পকেটৰপৰা মানিবেগটো উলিয়ালে.......
(ভয় খালে চাগে......আখিৰ জান হেই তো জাহান হেই !!)
.
.
.
.
মানিবেগত কেমিষ্টৰ পাছপৰ্ট ফটো কেইখনমান আছিল........
তাৰে এখন ফটো লৰাটোৰ পিনে আগবঢ়াই কেমিষ্টে কলে, "হু, এইখন ল,মোৰ পাচপৰ্ট ফটো, যেতিয়াই মন যায় তেতিয়াই চাই থাকিব পাৰিবি, আৰু যদি ফুল চাইজ লাগে, কাইলৈ আকৌ আহিবি"

মা কচম

পাছদিনা কেমিকেলৰ বেগবোৰ ভৰ্তি হৈ আহিল
Our shift bus driver usually picks passengers on the route. Few days ago a local tempo driver warned him not to do so. Today, while returning from night shift, few passengers were picked up by our bus.

Suddenly, our bus was stopped, the tempo driver made a dynamic entry...... & then.............

He slapped the bus driver 3-4-5-6 times & scolded him using all good words in his dictionary..........

Then he moved towards the Shift i/c in the bus,
" Tuk k*** agore edin warn kori disilu bus ot manuh nutulibiloi, toi shift i/c hoi ne nohoi, salla ****** & etc etc ****** "

After releasing most of his agony on the driver & shift i/c ,
The shift i/c was like "benge muta goru"

Then the tempo driver suddenly pointed towards me & angrily said,
"Aap shift ka manuh hai ke nahi, bus mei manuh uthane kyun deta hai"

Maa kosom, dil kopi gol.....forgotten "Matribhasha", started "Rastrabhasha"

Politely replied, "Bhai ............mei 2 shift ka 'manuh' hu, ab 'manuh' 'manuh' ko uthayega to 'manuh' kya kor sakta hai "
Few influential Quotes.................

"Read books, only quality books can build your concepts"
----- Dr. Manjit Bhattacharyya, Dept of Chemistry, Cotton College, during a class of TDC 2nd year, Year 2005

"Always dream high......if you fail, you will still fall in a better height"
------- Dr. Archana Goswami, Dept of Chemistry, Cotton College, during a class of TDC 3rd year, Year 2006

"ভীমৰ গদা ঘুৰাবলৈ গাত ভীমৰ বল থাকিব লাগিব"
------- Prof. P.J Das, Dept of Chemistry, Gauhati University, during departmental picnic at Suryapahar, Year 2007

"Tag is very important"
---------- Prof. D.K.Kakati, Dept of Chemistry, Gauhati University, during a conversation when I consulted him for PhD, Year 2009

"Materialistic achievement to bahut hai zindeki mei, par mera sabse bara achievement ye hai ke sach bolne ke liye kabhi bhi katraya nahi"
------------ Animesh Shukla, AEE(Electronics), during ONGC-GT outbound training in Jayalgarh, Year 2011

কোৱাটাৰ নং চি-১০২

নতুন কোৱাটাৰ এটা এলটমেন্ট পাইছো, নং-চি ১০২ , চি টাইপ ২ বি এইচ কে ফ্লেট, আজিৰেপৰা ৰং দিয়াব লাগিব.....কালি ঠিকাদাৰক খবৰ দিলো..........ঠিকাদাৰটোক ফোন লগালো
-হেল্লো, মই চি-১০২ ৰপৰা কৈছো, আজি কেইটাৰপৰা কাম আৰম্ভ কৰিব
-অ দাদা, ৯ টা বজাত পাই যাম , চিন্তা নকৰিব

ৰঙৰ কামটো আৰম্ভ হৈ যাব, আৰু দুটামান কাম আছে, দৰ্জা-খিৰিকী দুখনমানৰ অৱস্থা খুব এটা ভাল নহয়, বাথৰুমটোও ঠিক কৰাব লাগিব......তাৰ বাবে কলনি মেইনটেনেনচ ডিপাৰ্টমেন্টত গৈ কমপ্লেন দিব লাগিব......... এলটমেন্ট লেটাৰখনৰ কপি এটা গাঠি দিব লাগিব.........

দ্ৰয়াৰটো মেলি চালো....কালি এলটমেন্ট লেটাৰ খন ইয়াতেই থৈছিলো.........কিন্ত নাই দেখোন........ বেলেগত থৈছিলো নেকি......মনত পেলাবলৈ চেষ্টা কৰিলো...... নাই...... ইয়াৰ বাহিৰে আন ঠাই মনলৈ অহা নাই.........টেবুলত থৈছিলো নেকি.......টেবুলত থকা কিতাপবোৰ লুটিয়াই বগৰাই চালো....নাই...
এলটমেন্ট লেটাৰখন নহলে বৰ দিগদাৰ হব..... ইষ্টেট চেকচনৰ সেনগুপ্তক কলে ডুপ্লিকেট কপি এটা পাম....... কিন্ত মানুহটোক একেবাৰে পচন্দ নহয়........

ধেত, আকৌ পাহৰি গলো, এই পাহৰা বেমাৰটো বৰ বেছি নতুন নহয়, পুৰনিও নহয়.........আগতে কথাবোৰ ঠিকেই মনত থাকিছিল........ স্কুলত স্মৃতি পৰীক্ষাত প্ৰাইজ ও পাইছিলো...... কিন্ত কিছু বছৰৰপৰা পাহৰা বেমাৰটোৱে লগ দিছে.......... আছলতে এটা সময়ত কিছুমান কথা পাহৰিবলৈ যত্ন কৰিছিলো........ Subrata , Nayan এ চেলেঞ্জ দিছিল............পাহৰাটো সহজ নহয়.........চেলেঞ্জটো লৈ ললো.............. লগতে বহুত কিবা কিবি চেৰিবেলাম নামৰ অংশটোৰপৰা মচ খাই গল ....... লাহে লাহে পাহৰাটো স্বভাৱ হৈ পৰিল.......... এটা এৰাব নোৱাৰা স্বভাৱ........

অৱশ্যে পাহৰা স্বভাৱটোৰপৰা লাভেই হৈছে.......অফিচত বচে কিবা এটা কাম দিলে........পাহৰি যাও.........প্ৰথমতে বচে খং কৰিছিল.......পাচত মোৰ পাহৰা স্বভাৱটোৰ লগত এদজাষ্ট হৈ গল........এতিয়া মোৰ ওপৰত কামৰ বোজা নিদিয়া হল.....

চেহ.......এলটমেন্ট লেটাৰখন নেপালে দিগদাৰ হব............আকৌ মনত পেলাবলৈ চেষ্টা কৰিলো............কালি দ্ৰুমিল দাৰ ৰুমলৈ গৈছিলো.........ৰুম নহয় যেন বিয়েৰৰ বটলৰ ভৰাল......তাত হয়টো এৰিব পাৰো..........
দ্ৰুমিল দা লৈ ফোন লগালো......ধেই.......... নট ৰিচেবল..............চাইটত আছে ছাগে....

লাহে লাহে মুৰটো গৰম হৈ আহিল..... নিজৰ ওপৰতে খং উঠিবলৈ আৰম্ভ কৰিলে.....মোৰ হাই-প্ৰেচাৰৰো প্ৰবলেম আছে......বেছি টেনচন লব নোৱাৰো.......... আচলতে টেনচনবোৰৰপৰা বাচিবলৈ এসময়ত কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিছিলো............

ফোনটো বাজিছে, ইষ্টেট চেকচনৰ সেনগুপ্তৰ ফোন, ৰিচিভ কৰিলো
-হেল্ল , শইকীয়া, কালি আপুনি এলটমেন্ট লেটাৰখন মোৰ টেবুলত এৰি থৈ গল, লৈ যাব

Drumil Baruah, Subrata Nath, Nayanjyoti Rajbangshi
.........Casual Leave...........

তিনিমাহমান আগৰ কথা........

বছ সলনি হল, আগৰজনৰ ঠাইত নতুন এজন আহিল.......
নতুন বছজনক ফোন কৰিলো.........
- ছাৰ , আপ অফিছ মে হে ক্যা
- হা
- অকে

অফিছ পালোগৈ......... নতুন বছে কম্পিউটাৰত ৰিপৰ্ট এটা চিজিল কৰি আছিল......
- ছাৰ, এক এপ্লিকেচন দেনা থা
- কিচ ছিজ কা
- চুট্টী চাহিয়ে, দচ দিন কা, চাৰ শ্বিফট মে নহী ৰহুংগা, দো অফ, চি.এল, চেটাৰডে, ছানডে, চি. এল, চাৰ চি অফ, টোটেল দচ দিন উইথ ষ্টেচন লিভ

ছুটীৰ কথা শুনি বছৰ এক্সপ্ৰেচন অলপ সলনি হৈ পৰিল..........
- দেখো, অভী তো মেনপাৱাৰ কা চৰটেজ হে , চুট্টী মুচকিল হোগা, চাহাব নে ভী কিচিকো চুট্টী দেনে কে লিয়ে মনা কিয়া হে
- চাৰ দোস্ত কা চাদী হে
- হা, চমজটা হু, লেকিন অভী মুচকিল হোগা
- ঠিক হে , আপ এপ্লিকেচন ৰখ লিজিয়ে, দেখিয়ে কুচ হো পাতা তো
- অকে, এপ্লিকেচন ৰখ লেতা হু , লেকিন মেৰী তৰফ চে না হী চমজিয়ে

কিছুসময় পাছত নতুন বচে ডিপাৰ্টমেন্টৰ হেডলৈ ফোন কৰিলে.........
- চাৰ এক লড়কা চুট্টী মাংগ ৰহা থা
- আৰে, কিতনী বাৰ বোলা হে কিচিকো ছুট্টী নহী দেনা
- ঠিক হে মে চইকীয়া কো বোল দেতা হু
- কৌন চইকীয়া, বিকাচ ক্যা
- হা, ৱহী
- আৰে, চইকীয়া তো আভী ঘৰ চলা ভী গয়া হোগা, এক কাম কৰো, আপ কুচ মেনেজ কৰ লো

তেতিয়া মই বোকাখাট পাইছো , গুৱাহাটীমুখী বাছৰ ১০ নম্বৰ চিটত..........

Moral- First leave, than ask for leave !!!

N.B. পুৰা ৩০ দিন হল ছুটী নোলোৱা..........missing Guwahati

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...