Sunday, November 1, 2015

চাইটত চিভিল ৱৰ্ক



চাইটটো গেলেকীৰপৰা দুঘন্টা দুৰত । বছে ১৪ দিন নাইট ডিউটি লগাই দিলে । চাইট পালোগৈ । চাইটত পানী আৰু বোকা । বাংক হাউচলৈ যাবলৈ ৰাস্তাৰ অৱস্থা তথৈবছ । মাথা বেয়া হৈ গল । ড্ৰিলিং ইনচাৰ্জক ফোন কৰিলো

- চাইটত কি চিভিল ৱৰ্ক নহয় নেকি, এনেকৈ মানুহে কাম কেনেকৈ কৰিব.....মই কলো
- চাওক মই কি কৰিম কওক , মই সদায়েই মিটিঙত কৈ আছো, ওপৰতো কৈ আছো, কোনেও গুৰত্বই নিদিয়ে , মই একেবাৰে হেল্পলেচ......... ড্ৰিলিং ইনচাৰ্জে একেবাৰে নৰম সুৰত কলে
- আৰে , আপুনি ইয়াৰ ইনচাৰ্জ, এনেকৈ কলে কেনেকৈ হব, চাইটত যে চিভিল ৱৰ্ক হয়, বিলত চাইন কোনে কৰে , আপুনি নকৰে জানো ...... মই সুধিলো
- হেহ, চিভিলৰ মানুহে আমাক চাইন কৰিব দিব
- কোনে চাইন কৰে কওক

ড্ৰিলিং ইনচাৰ্জে চিভিল ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ এজনৰ নাম কলে । ড্ৰিলিং ইনচাৰ্জৰ পৰা তেওৰ ফোন নং লৈ তেওক ফোন লগালো । চাৰি-পাচবাৰ ৰিং কৰাৰ পাছতো ফোন ৰিচিভ নহল ।

চিভিলৰ মানুহজনলৈ এচ.এম.এছ এটা কৰিলো ..........The site is full of water & mud. Approach roads to bunk houses is in very poor condition. Civil work should be done at the earliest looking at the possible injury to on duty personals.
মানুহজনৰ ফালৰপৰা একো ৰিপ্লাই নাহিল ।

কোনোমতে বোকা গছকি, পাইপৰ ওপৰেৰে খোজ কাঢ়ি বাংক হাউছ পালোগৈ ।
পাছদিনা ৰাতিপুৱা , দীৰুদাই কলে........ কালি ড্ৰিলিং ইনচাৰ্জে তোক বেলে দম-চম দি ঠান্ডা কৰি দিলে বোলে
- মোক দম দিলে
- অ, ৰাতিপুৱা বাছত কৈ আছিল , কালি ৰাতি বোলে ফোন কৰিছিলি, তোক বোলে একেবাৰে ঠান্ডা কৰি দিলে
মই ড্ৰিলিং ইনচাৰ্জৰ ফালে চালো ।
- কি হল, চাইটত চিভিল ৱৰ্ক হল নে নাই.......ড্ৰিলিং ইনচাৰ্জে সুধিলে
- নাই, চিভিলৰ মানুহজনক ফোন কৰিছিলো, ৰিচিভ নকৰিলে...... মই কলো
- চিভিলৰ মানুহে ফোন ৰিচিভ কৰি, হে হে, ত্ৰিশ বছৰ হল চাকৰি কৰা, আপোনালোকতো জইন কৰিছেহে , এনেকৈয়ে চলি আহিছে
- ডন্ট ৱৰি, চিভিলৰ মানুহজনে মোক এদিন ফোন কৰিব আৰু চাইটত চিভিল ৱৰ্কো হব............ মই কলো
মিচিকিয়া হাহি এটা মাৰি ড্ৰিলিং ইনচাৰ্জ চাইটৰ ভিতৰলৈ গলগৈ ।

ৰনদীপে কলে........ আপোনাক মই চব অথৰিটী দি দিম , চিভিলৰৰ মানুহৰদ্বাৰা যদি কাম কৰোৱাব পাৰে
- মাইনিং চাইটত , যিকোনো ৱৰ্কিং চাইটৰপৰা দুটা এচকেপ ৰুট লাগে , Oil mine regulation Act-2011, ইয়াত তো দুটা দুৰৰ কথা, এটাও Escape route নাই , চেফটিৰ পুৰা ৰেচপনচিবিলিটি মাইনচ ইন্সটলেচন মেনেজাৰ মানে ড্ৰিলিং ইনচাৰ্জৰ , গতিকে যদি মই কও যে , মই এনেকুৱা কন্ডিচনত কাম নকৰো , তেতিয়া
- নাই কাম আমি বন্ধ কৰিব নোৱাৰো , কোম্পানীৰ বহুত লচ হব............ ৰনদীপে কলে

কাম বন্ধ নকৰিলো । চবেই যদি কাম কৰি আছে, কাৰোৰে যদি একো প্ৰবলেম নাই , নৰমেল মানুহ হিচাপে মোৰো থাকিব নালাগে ।
এঠাইত অনলাইন কমপ্লেইন এটা দি থলো । Complain under examination ষ্টেটাছ দেখুৱাই থাকিলে ।
দুসপ্তাহ তেনেকৈ পাৰ হল । চিভিল ৱৰ্কৰ নামত বিগ জিৰো ।

মই প্ৰথম জইন কৰোতে এনেকুৱা অৱস্থা নাছিল । চাইটত পানী নহৈছিল । কিন্ত যোৱা ডেৰবছৰৰপৰা অৱস্থাবোৰ বহুত বেয়া হৈছে । Waste pit যেতিয়া ফিল্ডৰ লেভেলতকৈ ওপৰত থাকে, তেতিয়া ফিল্ডত পানী নহৈ কত হব ।

এইবাৰ ভালকৈ কমপ্লেইন এটা দিলো , একেবাৰে প্ৰপাৰ ঠাইত , চাইটৰ বোকা-পানীযুক্ত অৱস্থাৰ ফটোসহ ।

মাত্ৰ ডেৰঘন্টা পাছত ফোন এটা আহিল । প্ৰথমদিনা এচ.এম.এছৰ ৰিপ্লাই নিদিয়া চিভিল ইঞ্জিনিয়াৰজনৰ । কমপ্লেইন দিয়াৰ বাবে তেওঁ যথেষ্ঠ অসন্টুষ্ট । তেওঁৰ মতে বৰষুণৰ বাবে আৰু চাইটত অত্যাধিক পানী খৰচ কৰা বাবেহে চাইটৰ তেনে অৱস্থা হৈছে । তেওঁ বোলে কাকো কেয়াৰ নকৰে ।

মই কলো যে......... আপুনি কেয়াৰ কৰে, নকৰে, চাইটত চিভিল ৱৰ্ক কৰে, নকৰে, আপোনাৰ পাৰ্চনেল কথা । কিন্ত চাইটত ৱাটাৰলগিংৰ কাৰনে মোৰ অসুবিধা হৈছে আৰু মোৰ অসুবিধাটো মই প্ৰপাৰ ঠাইত জনাবই লাগিব । আৰু কিয় পানী জমা হৈছে , ৱেষ্ট পিট ৰ লেভেল কিমান, মেটেৰিয়েল কি ব্যৱহাৰ কৰিছে, সেয়া ফটো আৰু ভিডিঅই কথা কব , মই একো নকও ।

চাইটলৈ ফোন কৰিলো । গম পালো যে চিভিলৰ মানুহ বহুতকেইটা লেবাৰসহ আহি চাইটত বালিৰ বস্তা পেলাই আছে ।

চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিজ্ঞতা



চিঠাৰ নকল উলিয়াব লাগে । দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গলো । নতুন অফিছটো বশিষ্ঠ চাৰিয়ালিত । অফিছৰ বাহিৰতে মহৰী বহি থাকে । এজন মহৰীৰ ওচৰলৈ গৈ এপ্লিকেচন এখন লিখিবলৈ দিলো । কাৰ্টিজ পেপাৰত মহৰীজনে দুটকীয়া কৰ্ট ফী লগাই এপ্লিকেচন লিখি দিলে । মহৰীজনক ৫০ টকা দিলো ।

আজিকালি বোলে চিষ্টেমটো ভাল কৰিছে । অফিচটোত ৰিচিপচন কাউন্টাৰ এটা আছে । তাত এপ্লিকেচন জমা কৰিলে একনলেজমেন্ট নাম্বাৰ এটা দিয়ে । পাছত সেই নাম্বাৰেৰে ষ্টেটাছটো চাব পাৰি । চিটিজেন চাৰ্টাৰ মতে নিৰ্দিষ্ট সময়ত কাম কৰিবলৈ সংস্লিষ্ট কৰ্তৃপক্ষ বাধ্য ।

ৰিচিপচন কাউন্টাৰ পালোগৈ । ভিতৰত দুগৰাকী মহিলা আৰু দুজন লৰা । এগৰাকীয়ে কাউন্টাৰৰ মুখত এখন টেবুল লগাই বহী এখন চাই আছে, আনগৰাকীয়ে অলপ দুৰত টেবুল এখনত ফাইল খুচৰি আছে, লৰা দুজনে কম্পিউটাৰৰ আগত বহি ডাটা এন্ট্ৰি কৰি আছে ।

এপ্লিকেচনখন হাতত লৈ কাউন্টাৰৰ মুখত ৰৈ আলেখ লেখ চালো । কাউন্টাৰৰ মুখত থকা মানুহজনীয়ে এনেকুৱা দেখুৱাই আছে যে তেও বহুত ব্যস্ত, কিন্ত অলপ চাইয়েই গম পালো যে তেও আচলতে একো কৰা নাই ।

- এপ্লিকেচন ইয়াতে জমা লয় নেকি ......... মই সুধিলো

ভিতৰৰ মানুহকেইজনৰ একো প্ৰতিক্ৰিয়া নাই । চিন্তা হৈ গল, মই বাৰু ভুল ঠাইত আহিলো নেকি । কাউন্টাৰৰ বাহিৰৰ ৱালখন আকৌ চালো । জন সেৱা কেন্দ্ৰ বুলি লিখা আছে ।
- এপ্লিকেচন ইয়াতে জমা লয় নেকি ......... এইবাৰ অলপ চিঞৰি সুধিলো

মা কচম, একো প্ৰতিক্ৰিয়া নাই ।
ওচৰতে উকিলৰ ড্ৰেচত ছোৱালী এজনী আছিল । তেও ব্যস্ত দেখুৱাই থকা মহিলাগৰাকীক দেখুৱাই কলে যে সেইগৰাকীয়ে জমা লয় ।

এইবাৰ চিধা মহিলাগৰাকীক উদ্দেশ্য কৰি কলো
- বাইদেউ, এপ্লিকেচন জমা দিব আহিছিলো
- কিহৰ............ মহিলাগৰাকীয়ে এনেকুৱা এটা ভয়ংকৰ চাৱনি দিলে যে সাধাৰন মানুহ পলাই পত্ৰং দিব
- চিঠাৰ কপিৰ এপ্লিকেচন, কি কি চাপৰ্টিং ডকুমেন্ট লাগিব কাইন্ডলি এবাৰ চাই দিবচোন ......... এইবুলি মই কাউন্টাৰৰ ফুটাটোৰে এপ্লিকেচন, দলিল, নামজাৰি কপি ভৰাই দিলো ।

দলিল আৰু নামজাৰিৰ কপিটো এপ্লিকেচনৰ সৈতে ষ্টেপল কৰা নাছিলো । মানুহগৰাকীয়ে কাগজখিনি হাতত ললে, কাগজবোৰ এবাৰো নোচোৱাকৈ মোৰফালে দলিয়াই দি কলে.......... এইবোৰ পিন মাৰি আনক

মানুহগৰাকীৰ টেবুলখনতে ষ্টেপল এটা দেখিবলৈ পালো ।
- বাইদেউ আপোনাৰ টেবুলতে ষ্টেপল আছে দেখোন........ মই কবলৈহে পালে মানুহগৰাকীয়ে ভয়ংকৰ চাৱনি এটা দিলে

অইন এটা ৰুমৰপৰা ষ্টেপল মাৰি আনি আকৌ কাউন্টাৰ পালো । এইবাৰ চিধা কাগজখিনি ভৰাই কলো............ লওক
মানুহজনীয়ে কাগজখিনি লৈ একো নোচোৱাকৈ এঠাইত থৈ দিলে ।
- বাইদেউ ৰিচিপ্ত নিদিয়ে নেকি .......... মই সুধিলো
- ৰিচিপ্ত নাই
- নাই মানে, এপ্লিকেচন জমা দিছো , ৰিচিপ্ত নিদিলে কেনেকৈ হব, ৰিচিপ্ত নাই যদি পিয়ন বুকত এন্টি কৰি ডাক নম্বৰ দিয়ক
- আজি নহব, কম্পিউটাৰৰ মানুহজন ছুটীত আছে ......... খালী হৈ থকা চকী এখন দেখুৱাই মানুহজনীয়ে হুটা মাতেৰে কলে
- কেতিয়া হব
- আজি নহব মুঠতে
- ঠিক আছে , কাইলৈ আহিম, এপ্লিকেচনখন দিয়ক মোক ............ এইবুলি কৈ এপ্লিকেচনখন লৈ কাউন্টাৰৰ মুখৰপৰা গুচি আহিলো ।

মানুহগৰাকীৰ অভদ্ৰ ব্যৱহাৰে যথেষ্ঠ দুখিত কৰিছিল । এইবাৰ চাৰ্কোল অফিচাৰৰ ৰুমৰফালে খোজ ললো । কম্প্লেইন এটা দি যাও । ইয়াত একো নহলে ডিচিৰ ওচৰত কম্প্লেইন দিম ।

চাৰ্কোল অফিচাৰ দুয়োজনৰ ৰুমত সোমালো । কাঠকটীয়া আৰু নাথ উপাধিৰ দুয়োজন এচি.এছ বিষয়াক সেই সময়ত ৰুমত নাপালো । খবৰ লৈ গম পালো যে তেওলোক ওলাই গৈছে, কেতিয়া আহিব সঠিকলৈ কোনেও কব নোৱাৰিলে ।

বি.দ্ৰ.
হয়তো কেইশমান টকা উপঢৌকন দি বা চাৰ্কেল অফিছৰ মানুহ লগাই মোৰ কামটো মই আৰামত কৰাই আনিব পাৰিলোহেতেন । মাত্ৰ পাচশমান টকা খৰচ হলহেতেন । কিন্ত মই নকৰিলো ।
গাড়ীৰ তেল পুৰিবলৈ, সময় খৰচ কৰিবলৈ, অসভ্য কিছুমানৰ সাধাৰন মানুহক কৰা মানসিক আতিশয্য দেখিবলৈ মই ৰাজী আছো কিন্ত ঘোচ দিবলৈ নহয় ।

সংযোজন-
চক্ৰ বিষয়াৰ কাৰ্যালয়ত মোৰ তিক্ত অভিজ্ঞতাৰ কথা ফেচবুকৰ যোগেদি জানিব পাৰি চক্ৰ বিষয়া প্ৰশান্ত কাঠকটীয়া ডাঙৰীয়াই ৭ অক্টোবৰ তাৰিখে দুখ প্ৰকাশ তথা ভৱিষ্যতে এনে নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মোলৈ মেচেজ দিয়ে ।

এপ্লিকেচন দিয়াৰ পাছত ৮ অক্টোবৰ তাৰিখে ৰিচিপচন কা
উন্টাৰত ৰিচিপ্ত নম্বৰ লাভ কৰো ।
১৪ তাৰিখে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ঘোচ দিবলগীয়া নোহোৱাকৈ মই বিচৰা চাৰ্টিফিকেটখন লাভ কৰো ।

জব চেটিচফেকচন

দুবছৰ এঘাৰমাহ বাইশদিন আগতে যেতিয়া কোম্পানীত জইন কৰিবলৈ ঘৰৰপৰা ওলাইছিলো, তেতিয়া মম্মীক কৈছিলো........ এতিয়া মই কৰ্পৰেট চেক্টৰত যাম, হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জ আৰু তামাম কামৰ টেনচন থাকিব... কিন্ত তুমি চিন্তা নকৰিবা....... বছৰেকত দুই-চাৰিবাৰ আহিবলৈ চেষ্টা কৰিম....

এতিয়া ভাবো....... আই ক্ৰেকড এ গুড জকচ দেন......
ট্ৰেইনিঙৰ চাৰিমাহ বাদ দি এনেকুৱা এটা মাহ নাই যিটো মাহত ঘৰলৈ যোৱা নাই.....

আজি চাৰিসপ্তাহ হল, পুজাৰ আগে-পিছে দুসপ্তাহ ঘৰত মৌজ-মস্তি কৰাৰ পাছত হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জ আৰু তামাম কামৰ টেনচনৰ আশাত ৱৰ্কষ্টেচনলৈ আহিছিলো । পিছে যোৱা দুবছৰ এঘাৰমাহ বাইশদিনৰ দৰেই এইবাৰো আশাভংগ । দুসপ্তাহে অফিচ ডিউটি অপাৰেটিং ফ্ৰম হম কৰি আছো । এতিয়া নিজৰ ওপৰতে সন্দেহ হৈছে । সচাকৈয়ে চাকৰি কৰি আছো তো ।  যোৱা দুসপ্তাহত প্ৰায় বিশ পৃষ্ঠা টাইপ কৰিছো । চাৰি পৃষ্ঠা ইংৰাজী আৰু যোল্ল পৃষ্ঠা অসমীয়া । অসমীয়াখিনি অবভিয়াচলি ফেচবুকত আপলোড কৰি আছো ।

১৪ চিন অন-অফ হোৱাৰ কথা চলি আছে, অন্তত ১৪ দিন কাম পাম........ হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জৰ খবৰ বিচাৰি বছৰ ওচৰলৈ গলো
- চাৰ য়ে ১৪ ডেজ কা কিতনা প্ৰগ্ৰেছ হে
- অগলে হফতে চুৰু হো জানা চাহিয়ে
- মেৰা কবচে হোগা
- আপকো কল তক বতা দেংগে

কল কিচনে দেখা হে..... চিচি দাৰ লগত যোৰহাট টুৰ মাৰি আহিলো..... ঢেকীয়াখোৱা, লাচিত মৈদাম..........

পাচদিনা বছৰ ফোন আহিল..........
- হেলো চইকীয়া, আপকো "এ-কিউ" মে ডালা হে
- কব জানা পৰেগা
- এক্সুৱেলি আপ জিচকে জাগা জায়েংগে উচকা অফ ষ্টাৰ্ট হো গয়া হে
- মতলব চৌধা দিন
- হা চৌধা দিন বাদ
- মে য়ে চৌধা দিন ক্যা কৰুংগা
- য়ু কন্টিনিউ হোৱাট য়ু আৰ ডুয়িং
- লেকিন মে তো কুচ ভী নহী কৰ ৰহা হু, অফিচ ডিডটি মে হু, ছাৰ কহী এডজাষ্ট কৰ দিজিয়ে, ৰুম পে বহত বৰ হ ৰহা হু
- আৰে টেনচন মত লো, আৰাম চে ৰহো, পাৰ্টি-ৱাৰ্টি কৰো, এনজয় কৰো, লেকিন ৱৰ্কষ্টেচন চে জাদা দুৰ নহী জানা
- অকে ছাৰ, হেভ এ নাইচ ডে

হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জৰ ড্ৰীম আৰু কেইদিনমানৰ বাবে পষ্টপন্ড কৰিলো........ কাইলৈ চিচি দাৰ লগত ডিব্ৰুগড় টুৰৰ প্ৰগ্ৰেম........

এক জমানে মে এটা সপোন দেখিছিলো...... কাম নকৰাকৈ চেলাৰী পোৱাৰ সপোন
মেৰা চপনা চাকাৰ হো ৰহা হে..

ধন-তেৰাচ

অফিচত বৰুৱাক লগ পালো.......
সোণ অলপ কিনি থব লাগিব, ধন-তেৰাচ যে, আপুনিও কিনি থওক, তেতিয়া গোটেই বছৰ লক্ষ্মী বসতি কৰিব.... বৰুৱাই উচাহৰে কলে

বৰুৱাক কলো....... এক্সুৱেলি সোণৰ দাম কমিছিল যে, তেতিয়াই অলপ কিনা আছিল, এতিয়া সোণৰ দাম বঢ়াত বেচাৰ ধান্দাত আছো, কিনাৰ একদম ইচ্চা নাই

আবেলি ওলাই গলো চিচি দাৰ লগত, চেন্ট্ৰেল মাৰ্কেটলৈ বুলি
ৰাষ্টাৰ কাষে কাষে বহুত অস্থায়ী দোকান, দোকানবোৰক আগুৰি জাক জাক মানুহ.......মাইক বাজি আছে...... কি চলি আছে চাবলৈ এখন দোকানৰ ওচৰলৈ গলো........

ফান্ডা একদম চিম্পল....... টিকট এটা লব লাগে, ১০ ৰ পৰা ১০০ টকালৈকে, তাৰ পাছত খেল হয়, খেল মানে গুৱাহাটীৰ মীনা বজাৰৰ নিচিনা, দোকানত বহুত বস্ত সজাই থোৱা আছে, টিকটৰ নম্বৰ মিলিলে সেই নম্বৰটো থকা বস্তটো পোৱা যায়, নিমিলিলে....... বেড লাক.......
মুখেদি সৰুকৈ ওলাই আহিল........ জুৱা

মানুহ এটা লক্ষ্য কৰিলো, ৰমেন সৌকাধৰা, যোৱাবছৰ মোৰ কোৱাটাৰত ৰং দিছিল, হাজিৰা কৰা মানুহ, টিকট কিনিয়েই আছে..... ইতিমধ্যে প্লাষ্টিকৰ মগ, ফনি, এক লিটাৰৰ ফৰচুন বটল এটা জিকিছে..... আৰু এটা টিকট, বেড লাক, একো নাহিল...... ৰমেন দোকানৰ ওচৰৰপৰা আহিল......
- কি ৰমেন, কিমান গল...... মই সুধিলো
- টকা আঠশ আছিল, শেষ হল, চাৰ ভালেই হল আপোনাক পালো, দুশমান দিয়কচোন
- ভাই দীপাৱলীৰ সময়, ঘৰলৈ যোৱা, লৰা-ছোৱালীক ফটকা-ফুলজাৰি কিনি দিয়া, জুৱা খেলি কিয় পইচা উৰাই আছা

এজ ইউজুৱেল ৰমেনে বেয়া পালে, মই মোৰ পইচা খৰচ কৰিছো ই কোন জাতীয় চাৱনি এটা দি ৰমেন আতৰ হল......... ইফালে, ধনী-দুখীয়া, পুৰুষ-মহিলা নিৰ্বিশেষে জাক জাক মানুহে টিকট কিনিয়েই আছে

চিচিদাই কলে..... দেৱালীত এইদৰে পাবলিক-লি ভাগ্য পৰীক্ষা খেলাটো ইয়াৰ মানুহৰ পৰম্পৰা, ৰিৱাজ, কালচাৰ
- হয় , যি দেখা পাইছো মানুহবোৰ অলপ বেছিয়েই পৰম্পৰাপৰায়ণ... মই কলো

পাছফালে আকাশলৈ ফটকা ৰকেট কেইটামান উৰি গল আৰু বৰ জোৰকৈ শব্দ কৰি ফুটিলে, আকাশত ৰং বিৰঙৰ চিকমিকনি দেখা গল ।


সন্ধিয়া কোৱাটাৰত সোমালো, কি কৰিম আৰু, ফেচবুক খুলি ললো, দেবাশীষে নতুন বাইকখনৰ ফটো আপলোড কৰিছে, চিবিজি-Xtreme.......

দেবাশীষলৈ ফোন লগালো, চিধা-চিধি ডাইৰেক্ট পইন্টলৈ আহিলো
- ভাই, তিনিমাহতে ঘুৰাই দিম বুলি দহ টো যে লৈছিলি আঠমাহ আগতে, খবৰেই নাই দেখোন তোৰ
- কি টকা টকা কৰি থাক হে, ইমান দৰমহা পাৱ, মৰিলে লগত লৈ যাবি নেকি, মোৰ দহ হাজাৰ নাপালে তই কিবা নাখাই মৰিবি নেকি
- নমৰো
- তেন্তে, দিম আৰু লাহে লাহে, এতিয়া ৰাখ, বিনীতাক ডিনাৰ কৰাব লাগে খৰিকাত, পিছত কথা পাতিম

এশ-দুশ, পাচশলৈকে খুচুৰা খুচুৰিবোৰ বাদ দি হিচাপ এটা কৰিলো...... চাহগছ আৰু জংঘলৰ মাজত মহ-ডাহ-ড্ৰিলাৰ-বছৰ কামোৰ সহ্য কৰি পোৱা ধনৰ এক লাখ ১২ হাজাৰ টকা ১৪ জন শুভাকাংখীৰ চন্দুকত সোমাই আছে, ইনডেফিনিট ফিক্স ডিপজিট উইডাউট ইন্টাৰেষ্ট, নো গেৰান্টি অৱ ৰিটাৰ্ণ

সেই সময়তে আকৌ ফোনটো বাজিল........ বনজিতৰৰ ফোন
- আৰে বিক্স কি খবৰ
- ভাল
- দিৱালী কেনেকুৱা
- বঢ়িয়া
- কোম্পানীয়ে দিৱালীৰ বনাচ-চনাচ টো দিয়েই চাগে
- পাৰফৰমেন্সৰ ওপৰত ইনচেনটিভ এটা দেৱালীৰ আগতে দিয়ে
- এটা কাম কৰ, তোৰ ই-বেংকিং তো আছেই ছাগে, ত্ৰিশ এটা অনলাইন ট্ৰেন্সফাৰ কৰি দিবিচোন
- কিয়, কিবা প্ৰবলেম
- মই লেপি এটা ললো, সত্তৰ তাতে গল, ভাল কনফিগুৰেচন তাৰ তলত নাইয়েই, ইফালে নৱনীতাই ডিষ্টেন্স লাৰ্নিঙৰ কৰ্চ এটা কৰে বোলে, ফিজটো চাবমিট কৰিব লাগে, সোমবাৰে লাষ্ট ডেট, মই একাউন্ট নং পঠাই দিছো

অলপ আগতে মই হিচাপ কৰা ১৪ জন শুভাকাংখীসকলৰ ভিতৰত বনজিতো এজন
টেটৰ চাইন্স টিচাৰ বনজিত আৰু সত্তৰ হাজাৰটকীয়া লেপটপ........ গালফ্ৰেন্ড বনজিতৰ আৰু ফীজ মোৰ পকেটৰ ।

ধন-তেৰাচত সোণ নিকিনা এটিটিউডৰ বাবে মই মানুহটো বাৰু বেলবুং হৈ গৈছো নেকি ।

ইংলিচ ডিক্সনেৰীৰৰ প্ৰথম শব্দটো A .......... আজিৰেপৰা A টো NO ৰে ৰিপ্লেচ কৰাৰ সংকল্প ললো

বনজিতৰপৰাই NO কোৱাটো ষ্টাৰ্ট কৰি দিলো ......বনজিতক ডাইৰেক্ট কলো- NO
ধন-তেৰাচৰ দিনা সোণৰ সলনি NO কোৱাটো শিকিলো ।

লক্ষ্মী আয়া বা লক্ষ্মী নহী গয়া....... কথাটোৰ মিনিং একেটাই ........... ছাগে

(ডেডিকেটেড টু অল মাই শুভাকাংখীজ........ হেপী ধন-তৰচ)

১৪ দিন অন-অফৰ প্লেনিং

১৪ দিন অন-অফ হোৱাটো খাটাং বোলে...... দীৰুদাই পাক্কা খবৰ আনিছে.... এইবাৰ হবই হব, ১১ নভেম্বৰৰপৰা ষ্টাৰ্ট...... কনফিডেনচিয়েল খবৰ

আচলতে জইনিঙৰে পৰা ১৪ দিন অন-অফৰ কথা শুনি আছো, এই হব , এই হব, হবই আৰু....... কিন্ত ঋতু আহে ঋতু যায়...... তেনেকৈ ১৪ দিনৰ হাৱা আহে আৰু যায়....... নহয়গৈ

বৰ্তমান আমি ২ দিন অন-অফ কৰি আছো..... মানে দুদিন ডিউটি, দুদিন বন্ধ...... দুদিন বন্ধত আকৌ গুৱাহাটীলৈ যাব পৰা নহয়গৈ..... নিমিলেগৈ.... অগত্যা বছক ছুটীৰ বাবে খাতিৰ কৰিব লাগে.... দুদিন অফতো ইয়াত আমাৰ দৰে চিংগল-মিংগল বেচেলৰৰ বাবে কুকিং কৰা, টিভি-চিনেমা চোৱা বা ফেচবুক কৰাৰ বাদে একো নহয়গৈ ।

১৪ দিন অন-অফ হলে মাহৰ চৈধ্যদিন একেলেথাৰীয়ে ডিউটি, বাকী চৈধ্যদিন একেলেথাৰীয়ে বন্ধ, থকা-খোৱা চব ফ্ৰী, ৰন্ধা-বঢ়াৰ ঝামেলা নাই,
এইবাৰ হব লাগে...... দীৰুদাৰ ইনফৰমাৰৰ ওপৰত পুৰা ভৰষা আছে ।

আবেলি শিৱদৌলৰ কাষত দীৰুদা, নিচিদা , ধুমিলদা আৰু মই লগ হও........ ৱাকিং কৰো, ফেটছ বাৰ্ণ কৰো (এক্সুৱেলি সন্ধিয়া কোৱাটাৰত তামাম বৰ হও, গতিকে পুখুৰীৰ পাক দুটামান মাৰি , আদ্দা দি টাইম পাচ কৰো)

১৪ দিন অন অফত কোনো কি কৰিব কথা ওলাল.......... অনত থকাকেইদিন ডিউটি কৰি টাইম পাচ কৰিম....... অফৰ কেইদিন.........

নিচিদাই কলে....... মই সমাজৰ কামত লাগিম, গুৱাহাটীৰ ওচৰৰ ৰাণীত বহুত অনগ্ৰসৰ জনজাতীয় ৰাভা মানুহ আছে, মই এন.জি.অৰ লগ লাগি তেওলোকৰ বাবে কাম কৰিম
দীৰুদাই কলে....... মই ফেমিলি বিচনেচটো ডাঙৰ কৰিম, চৈধ্য দিন একেৰাহে টাইম দিব পাৰিমতো
ধুমিলদাই কলে...... মই নলেজ গেইন কৰিম, পি.এইচ.ডি কমপ্লিট কৰিম

তিনিওজনে মোলৈ চালে....... তু ক্যা কৰেগা

সাধৰনতে মোক তিনিওজনে আউট অৱ দা বক্স খিংকাৰ বুলি ভাৱে (ৱৰ্কষ্টেচনত জাষ্ট চিল টাইপৰ কুল ইমেজ এটা বনাই লৈছো আৰু )....... কিন্ত এই সময়ত নিজকে Lakhya চিনেমাৰ ঋতিক ৰোচনৰ দৰে Lakhyaবিহীন যেন লাগিল....... মেৰা তো কোই প্লান হি নহী হে ।

সমাজৰ কাম (?) ...... এনেয়ে ডিউটিত জংঘলৰ মাজত থাকিব লাগে, ৰাণীৰ জংঘলৰ মাজৰ জনজাতীয় ৰাভা গাও...... নো..... নিচিদা কেঞ্চেল......
ফেমিলি বিজনেচ(?)........দেউতাই লাইফত চাকৰিটোৰ বাহিৰে একো ভৱা নাই, ময়ো ভৱা নাই...... দীৰুদাৰ অইডিয়া নহব.
নলেজ গেইন(?).........পি.এইচ.ডি........... তিনিবছৰ আগতে হিৰোৰ টাইপত পি.এইচ.ডি লাথ মাৰি আহিছিলো...... এতিয়া আকৌ গলে মোৰ বেক টু দা ফিউচাৰ হৈ যাব..... ধুমিলদা বাই বাই ।

তিনিওজনে মোৰ পিনে চাই আছে ।


পাই গলো........ বেক টু দা বেচিকচ........
- মোৰ সমাজ-সেৱা, বিজনেচ আৰু নলেজ গেইন একেলগে কৰাৰ প্লেন আছে
- কেনেকৈ........... তিনিওজনৰ মুখত আতংকৰ চাপ (এইবাৰ আউট অৱ দা বক্সট বা কি)

বুকু ফুলাই কলো.......... ১৪ দিন অফত মই গুৱাহাটীত টিউচন কৰিম
- ??????? (আতংকৰ পৰা অবিশ্বাসলৈ এক্সপ্ৰেচনৰ সলনি হল)
- মোৰ ভেলুৱেবল নলেজ এন্ড টাইম মই দি আছো- সমাজ সেৱা .......... পইচা পাম- বিজনেচ ......... আৰু পঢ়াবলৈ ময়ো পঢ়ি নলেজ গেটাব লাগিব---নলেজ গেইন........ থ্ৰী ইন ওৱান.......এভৰিথিং এচিভড
- !!!!!!!!! (চেঞ্জ অৱ এক্সপ্ৰেচন ফ্ৰম অবিশ্বাস টু বিস্ময় !!!!)
- জাষ্ট চিল , কুল....

চাৰিওজনে শিবদৌলৰ পুখুৰীৰ পাৰত ফেটছ বাৰ্ণ কৰাত লাগিলো........... ১৪ ডেইজৰ অপেক্ষাত

দীপাৱলী


ধাম-ধুম , ধাম-ধুম । শিৱসাগৰ অ.এন.জি.চি কলনিৰ ভিতৰত বোমা আৰু ধোৱা, ৰকেট উৰিছে, ৰং বিৰঙৰ পোহৰ বিয়পি পৰিছে । ফুল ফেজত দেৱালী ।

বেলকনিৰ পৰা মাজে মাজে বাহিৰলৈ গৈ চাইছো........ সকলো দেৱালীৰ আনন্দত মগ্ন ।

আব্বে..... গাড়ীখন....... বেলকনিপৰা দেখিলো... গাড়ীখন থকা গেৰেজটোৰ ওচৰতে.... ধাম-ধুম-ধাৰাম ।

লগে লগে গাড়ীৰ ওচৰলৈ দৌৰিলো । গাড়ীখন পাৰ্কিং কৰা গেৰেজটোৰ দৰ্জা নাই, গেৰেজটোৰ ওচৰতে বহুতে ফটকা ফুটাই,ৰকেট উৰাই আছে । গাড়ীখন চেক কৰিলো, ভাগ্য ভাল, একো হোৱা নাই ।

খনিকৰ দা এতিয়াও আছে, আবেলি এইফালে পাক এটা মাৰিছিলো, তেতিয়াও বম ফুটাই আছিল, এতিয়াও চলিয়েই আছে ।
- আৰে খনিকৰ দা, শেষ কৰক আৰু কিমান ফুটাব, কোম্পানীয়ে দিয়া বোনাছ ফটকাতে উৰাই দিলে নেকি
- কি চইকীয়া, আপুনি নুফুটাই নেকি, দিৱালী আছে, এনজয় কৰক....... এইবুলি খনিকৰে আলুবম এটা আকাশলৈ দলিয়াই দিলে...... ধাৰাম...... প্ৰচন্ড শব্দত কাণ বাজি গল
- টকা-পইচাৰে ধোৱা আৰু শব্দ উলিয়াই নইজ পলুচন কৰি মানুহক ডিষ্টাৰ্ব দিয়াত মোৰ একেবাৰে মন নাই, আপুনিয়ে এনজয় কৰি থাকক, কিন্ত চাব মোৰ গাড়ীখনত যাতে এনজয়মেন্টৰ চাপ নপৰে

মই তো কথাখিনি নৰ্মেলভাৱে কৈছিলো......... কিন্ত খনিকৰ দেখোন গহীন হৈ গল ।

খনিকৰে একদম কৈ দিলে...............
-দেৱালী বুলিলে দহ-বাৰহাজাৰৰ বিভিন্ন ধৰণৰ ফটকা মই কিনোৱেই৷ প্ৰতি বছৰে কিনি আহিছোঁ৷ মই যেতিয়া সৰু আছিলোঁ তেতিয়া মা-দেউতাই মোক দেৱালীৰ নামত যেনে-তেনে টকা এটাহে দিব পাৰিছিল৷ কাৰণ দুখীয়া আছিলোঁ আমি৷ তাৰে জলকীয়া ব'ম কেইটামান কিনি আনি ফুটাইছিলোঁ৷ কোনোবাটো ফুটে, কোনোবাটো নুফুটে৷ আশা থাকিলেও সিমানেই৷ নুফুটাটো আকৌ ৰিপেয়াৰ কৰোঁ৷ গতিকে নিজৰ সময়ত আনন্দকণ কৰাই নহ'ল দেখোন৷ এতিয়া মোৰ ছোৱালী দুজনী৷ সিহঁতক সিহঁতৰ জীৱনৰ আনন্দকণ লভাৰ পৰা বঞ্চিত কৰিব নোখোজোঁ৷ গতিকে মই নিজেই গৈ ব'ম কিনি আনিছোঁ, সকলোৱে মিলি ফুটাম, উৎসৱৰ আনন্দ লম৷দেৱালীৰ উপলক্ষ্যত কোনোবাই কাণত ঠিলা মাৰি থাকে, চকুত কাপোৰ বান্ধি থাকে, পচন্দ অপনা-অপনা৷ ...সেয়া বাহিৰত ধাম-ধুম ফুটি আছে, ৰং-বিৰঙৰ পোহৰ ওলাই আছে, ধোঁৱা উৰি গৈ আছে৷ ৰ'বলৈ নাই, ৰখাবলৈও কোনো নাই৷ কোনে কাক ৰখাব পাৰেহে'? আনন্দৰ কথাবোৰ তেনেকুৱাই৷ ভাগ আপুনি লয় নে নলয়, সেইটো আপোনাৰ কথা৷

আৰে ইমচনেল ডায়লগ........ মোৰো মনত পৰিল ..... হয় তো....... মোকো সৰুতে মায়ে মাত্ৰ দুপেকেট জলকীয়া বম আৰু এপেকেট ফুলজাৰি কিনি দিছিল........ মোৰো ইমচন জাগি উঠিল ।

- ঠিকেই খনিকৰদা , আমাকো আগতে মায়ে মাত্ৰ দুপেকেট জলকীয়া বম আৰু এপেকেট ফুলজাৰি কিনি দিছিল, আমাৰ ওচৰতে এঘৰ মাৰোৱাৰী আছিল, সিহতৰ লৰা-ছোৱালীয়ে যেতিয়া বান্ডোলে বান্ডোলে বম ফুটাইছিল, তেতিয়া আমি মাৰপিনে চাও...... কিজানি...

অলপ সময় ৰলো....... খনিকৰে আৰু এটা বম ফুটালে ।

- কিন্ত জানেনে খনিকৰদা.... এইটো নহয় যে দেউতাৰ এক বান্ডোল বম কিনি দিয়াৰ সামৰ্থ নাছিল, নিশ্চয় আছিল, কিন্ত দীপাৱলীৰ দিনা বোমা কিনি দিয়াৰ সলনি মায়ে মোৰ লগত ক্ৰিকেট খেলা বন্ধুকেইটাক লুচি-পুৰি-মিঠাই খুৱাইছিল, প্ৰত্যেককে চিয়াহী দোৱাত এটা এটা উপহাৰ দিছিল, সিহত দুখীয়া ঘৰৰ আছিল , সিহতি বৰ তৃপ্তিৰে লুচি-ঘুগুনি খাইছিল ।
বম এটা দলিয়াবলৈ খুজি খনিকৰ ৰৈ গল....... খনিকৰে মোৰ পিনে চালে

- যেতিয়াৰেপৰা আমি জনা হলো যে বৃদ্ধ মানুহ, হাৰ্টৰ পেচেন্টৰ দিৱালীৰ দিনা কি অৱস্থা হয়, আমি নিজেই ফটকা ফুটুৱা বাদ দিলো, স্কুলত থাকোতে কেইটামানে উইলচ ফিল্টাৰ চিগাৰেট টানি আনন্দ লভিছিল, কাইলৈ যদি আপোনাৰ ছোৱালীয়েও তেনেদৰে আনন্দ লাভ কৰিব খোজে, তেতিয়া আপুনি সিহতক সেই আনন্দ লোৱাৰপৰা বঞ্চিত কৰিব নে নকৰে.......... দীপাৱলী পোহৰৰ উতসৱ, মায়ে আমাক পোহৰ বিলাবলৈ শিকাইছিল, মানুহ হবলৈ শিকাইছিল, উই লাৰ্ণড হিউমেনিটি, মৰেল ভেলুজ......... আপোনাৰ ধাৰণাৰ লগত মোৰ একো কনফ্লিক্ট নাই, আপুনি আপোনাৰ ঠাইত শুদ্ধ......আপুনি যি কৰে কৰি থাকক, পচন্দ অপনা-অপনা৷ ...সেয়া ধাম-ধুম ফুটি আছে, ৰং-বিৰঙৰ পোহৰ ওলাই আছে, ধোঁৱা উৰি গৈ আছে৷ ৰ'বলৈ নাই, ৰখাবলৈও কোনো নাই৷ কোনে কাক ৰখাব পাৰেহে'? আনন্দৰ কথাবোৰ তেনেকুৱাই..... কিন্ত চব কামৰে লিমিট আছে, আপোনাৰ উৎসৱৰ আনন্দৰ ফলত মোৰ গাড়ীখনত যাতে দাগ নপৰে ।

চিৰিয়াচ মুডত কথাখিনি কৈ কোৱাটাৰলৈ আহিলো ।

অলপ সময় পাছত বেলকনিৰপৰা দেখিলো..... মোৰ গাড়ীখনৰ ওচৰত খনিকৰে ফটকা ফুটুৱা নাই, খনিকৰে কতো ফটকা ফুটুৱা নাই....... খনিকৰ নিজৰ কোৱাটাৰৰ পিনে গৈ আছে ।

(Dedicated to one of my Great colleague ............যিয়ে আজি নিজৰ কোৱাটাৰত কাম কৰা কামৱালী দিদিক দিদিৰ পৰিয়ালসহ শিৱদৌললৈ ফুৰাবলৈ গৈছে, তাকো নিজৰ গাড়ীত, নিজে ড্ৰাইভ কৰি.... )
(কৃতজ্ঞতা স্বীকাৰ- Abdus Sazid, তেওৰ অসমীয়াত কথা বতৰা গোটত দিয়া এটা কমেন্টৰ পৰা কিছু অংশ ধাৰ কৰা হৈছে)

এটা প্ৰেমৰ গদ্য


(১)

- নিশান্ত দত্তই কিন্ত তামাম আপদেট দিয়ে দিয়ে দেই... ভাস্বতীয়ে কলে
- মানে.... মৃগাক্ষীয়ে একো আও ভাও নাপাই সুধিলে
- মানে ফেচবুকত, কাহিনী এবাৰ পঢ়িলে শেষ নকৰাকৈ এৰিব নোৱাৰি
- কোনোবা ৰাইটাৰ নেকি
- ৰাইটাৰ নহয়, কিন্ত মই তো ফেন হৈ গৈছো
- আচ্চা, কোন আইটেম এইটো, ময়ো চাওচোন

ভাস্বতীয়ে মৃগাক্ষীক নিশান্ত দত্তৰ প্ৰফাইল দেখুৱালে, মানুহজনে ডিগবৈত চাকৰি কৰে, অইলৰ ইঞ্জিনিয়াৰ, ৱালত এগালমান আপদেট, বোধহয় অফিচত কাম বন একো নকৰে

-এইটো পঢ়ি চাচোন, তোৰেই ষ্টৰী যেন লাগিব...ভাস্বতীয়ে কলে

....নিমিশা যেতিয়া সেই ৰাষ্টাটোৰে ৰাতিপুৱা ক্লাছলৈ আহিছিল এটা লৰা লৱদাৰ পাণদোকাণত চিগাৰেট জ্বলাই তাইৰ অহা বাটটোৰ পিনে চাই আছিল, নিমিশা ওচৰ পোৱাৰ লগে লগে সি ......... এইদৰে নিশান্ত দত্তই কাহিনীটো আৰম্ভ কৰিছে..... প্ৰথম লাইনটো পঢ়াৰ লগে লগে মৃগাক্ষীৰ বুকুখন চিৰিংকে মাৰিলে, নিশান্ত দত্ত ৰঞ্জন নহয়তো, বা ৰঞ্জন নিশান্ত দত্তৰ চিনাকি নহয়তো.......

লগে লগে মৃগাক্ষীয়ে নিশান্ত দত্তৰ প্ৰফাইল পিকচাৰখন আৰু আন ফটোবোৰ ভালকে চালে, নহয়, ৰঞ্জন নহয়..... মৃগাক্ষীয়ে কাহিনীটো পঢ়িবলৈ আৰম্ভ কৰিলে...... কাহিনীটোত লৰাজনৰ নাম প্ৰদীপ, কলেজৰ কাহিনী, কিছুমান ঘটনাৰ বৰ্ণনা, তাৰ পাছত এদিন নিমিশাই পাণদোকাণখনত প্ৰদীপক নেদেখে, সিদিনাখন তাই পাণদোকাণখনৰ সমুখত ৰয়, ঘড়ীটো চায়, তাই আজি সোনকালে অহা নাই তো, ওচৰৰ মানুহ এজনক এক্সেক্ট টাইম কিমান হয় সোধে...... ইফালে সিফালে চায়... কিন্ত প্ৰদীপ... ইয়াতেই নিশান্ত দত্তই কাহিনীটোৰ প্ৰথম অংশ শেষ কৰিলে... তলত লিখিলে... টু বি কন্টিনিউড

- প্ৰদীপ কলৈ গল..... মৃগাক্ষীয়ে সুধিলে
- এইটোৱেইতো নিশান্ত দত্তৰ স্পেচিয়েলিটি, ইয়াৰো এন্ডিং আনএক্সপেকটেড হৱ... ভাস্বতীয়ে কলে
- মানে
- মানে ইন ৰিয়েলিটিত নিমিশা আৰু প্ৰদীপ আছে, নিশান্ত দত্তই সিহতক অৱজাৰভ কৰি আছে, যেতিয়া টাইম আহিব, কাহিনীটো আপদেট হৈ যাব
- মানে বেচড অন ট্ৰু ইভেন্টচ
- নিশান্ত দত্তই ইন্সপায়াৰ্ড বাই ৰিয়েলিটি বুলি কয়

মৃগাক্ষীৰ নিশান্ত দত্ত মানুহজন ইন্টাৰেষ্টিং যেন লাগিল, এফালৰপৰা মৃগাক্ষীয়ে নিশান্ত দত্তৰ আপদেটবোৰ চাই যাবলৈ ধৰিলে, বহুত আপদেট, কেইটামান আপদেটত মৃগাক্ষী ইমচনেল হৈ গল, কেইটামান পঢ়ি প্ৰাণখুলি হাহিলে, কেইটামান আপদেটত চচাইটি ৰিলেটেড চিৰিয়াচ কথা আছে,

- নিশান্ত দত্তই লিখা চব কথাই ৰিয়েল নেকি...মৃগাক্ষীয়ে সুধিলে
- নাজানো, চব নহয় ছাগে, কিন্ত তামাম ভাল লাগে .... ভাস্বতীয়ে উত্তৰ দিলে
- নিশান্ত দত্তক সুধিছিলি নেকি
- কেনেকে সুধিম
- আৰে বুদ্ধু, ফেচবুকৰ মেচেজত
- নাই
- ধুৰ
- নিশান্ত দত্ত অনলাইন কেতিয়া থাকে
- সকলো সময়তে

নিশান্ত দত্ত তেতিয়াও অনলাইন হৈ আছিল ।

ভাস্বতীৰ প্ৰফাইলৰপৰা মৃগাক্ষীয়ে মেচেজ দিলে
- হাই
- হেলো.... নিশান্ত দত্তই ৰিপ্লাই দিলে
- বিজি
- নো
- য়ৰ ষ্টৰিজ আৰ ফেন্টাবুলাছ
- থেংকচ
- ইমান ষ্টক কত পায়
- চাৰাউনডিংচ
- আৰ ডে ৰিয়েল
- ইন্সপায়াৰড বাই ৰিয়েলিটি
- ভাত খালে
- ইটছ ১ অ ক্লক মৰনিং

মৃগাক্ষীয়ে লাজ পালে, ধেই, কি যে

(২)

বৰ্তমান মৃগাক্ষী ডিব্ৰুগড় ইউনিভাৰচিটিৰ লাইফ চাইন্সৰ ৰিচাৰ্চ স্কলাৰ ,মৃগাক্ষী আচলতে অনুশ্ৰীৰ বিয়ালৈ আহিছে, পৰহিলৈ বিয়া, গুৱাহাটীত আহি মামাকৰ ঘৰত আছেহি, ভাস্বতী তাইৰ মামাকৰ ছোৱালী ।

শিৱম মেৰেজ হল, মৃগাক্ষী লগৰকেইজনীমানৰ সৈতে বহি আছে, মানুহবোৰ আহিছে, কইনাক গিফট দিছে, ডাইনিং হললৈ গৈ খাইছে, অলপ আদ্দা মাৰিছে...

- এক্সকিউজ মি, এখন ফটো তুলি দিব নেকি

মৃগাক্ষীয়ে মুৰ তুলি চালে, মানুহজনক দেখা দেখা লাগিছে দেখোন, নিশান্ত দত্তৰ প্ৰফাইল পিকচাৰখনৰ সৈতে মানুহজনৰ অলপ মিল আছে..... মানুহজনে দিয়া কেমেৰাটোৰে মৃগাক্ষীয়ে কেইবাটাও ক্লিক কৰিলে

-নিশান্ত দত্তই নতুন আপদেট দিছে, কিছু আপদেট দিয়ে দেই ...... ভাস্বতীয়ে কলে
-চাও কি দিছে

মৃগাক্ষীয়ে পঢ়ি গল
নিশান্ত দত্তই টাইটেল দিছে... ৱেডিং ৰিচিপচন

ভনীয়েক নথকা বান্ধৱীৰ বিয়াবোৰতকৈ লগৰ লৰাৰ ভন্টিৰ বিয়ালৈ নিমন্ত্ৰণ পালে মনটো কিবা ৰাইজাই কৰি যায়, আমাৰ বাবে বিয়াৰ মেইন এট্ৰেকচন কইনাজনী নহয়, কইনাৰ সোৱে-বাৱে বহি থকা কইনাৰ ফ্ৰেইন্ড আৰু হলৰ চিনাৰিক বিউটিত চাৰ চান্দ লগাই থকা দীপলীপাসকলহে........ নিশান্ত দত্তই অনুশ্ৰীৰ ৱেডিং হলটোৰ বৰ্ণনা দিছে, ভায়োলেট ড্ৰেচৰ অপৰুপা ছোৱালী এজনীয়ে ফটো তুলি দিয়াৰ কথা লিখিছে যিজনী নিশান্ত দত্তৰ লগে লগে ডাইনিং হললৈ সোমাই গৈছে, মাত্ৰ এটা আইচক্ৰীম খাইছে, আইচক্ৰীমৰ ফ্লেভাৰটোও নিশান্ত দত্তই সঠিককৈ লিখিছে, ভেনিলা, তাৰ পাছত নিশান্ত দত্তই ছোৱালীজনীৰ প্ৰতি উইক হৈ পৰিছে কিন্ত ছোৱালীজনীক বয়ফ্ৰেন্ডৰ লগত দেখি ছোৱালীজনীৰ লগত ইন্ট্ৰডিউচ নোহোৱাকৈ গুচি আহিছে...

নিশান্ত দত্তই সকলো কথা হুবহু লিখিছে, মৃগাক্ষীৰ শাড়ীৰ ৰঙৰপৰা চকুৰ কাজল, বিন্দি আৰু হেয়াৰ ষ্টাইললৈকে, কিন্ত এটা কথা নিশান্ত দত্তই ভুলকৈ লিখিছে, ডাইনিং হলৰপৰা ওলাই মৃগাক্ষীয়ে যিজন লৰাৰ লগত কথা পাতিছিল সেইজন মৃগাক্ষীৰ পেহাকৰ লৰা, কোনো বয়ফ্ৰেন্ড নহয় ।

তাৰ মানে নিশান্ত দত্তই মৃগাক্ষীক অৱজাৰভ কৰিছিল , প্ৰথম দ়ৃষ্টিতে নিশান্ত দত্ত মৃগাক্ষীৰ প্ৰেমত পৰিছে নেকি.......

মৃগাক্ষীয়ে ফ্ৰেন্ড ৰিকুৱেষ্ট এটা নিশান্ত দত্তলৈ পঠিয়াই দিলে

আই.এচ.বি.টি... ডে চুপাৰৰ চিংগল চিট, মৃগাক্ষীৰ চিটৰ নম্বৰ ৭, বাছ এৰিবলৈ কেইমিনিটমান আছে, মৃগাক্ষীয়ে চিটটো অলপ চিধা কৰি হেডফোনডাল কাণত লগাই ললে... জাজীত ভাত খাবলৈ বাছ ৰখিল, মৃগাক্ষী নামি গল, ভাত পানী খাই মৃগাক্ষী বাছত উঠিল, খিড়ীকিয়েদি দেখা পালে.... হাৰে নিশান্ত দত্ত, নিশান্ত দত্তই ফোনত কথা পাতি আছে, নিশান্ত দত্ত মৃগাক্ষীৰ বাছখনৰ ফালে আহিল, মৃগাক্ষীৰ বুকু ধপধপাবলৈ ধৰিলে, নিশান্ত দত্ত বাছত উঠিল, ফোনত কথা পাতিয়েই নিশান্ত দত্ত ১০ নম্বৰ চিটত বহি পৰিল, নিশান্ত দত্তই নিশ্চয় মাত দিব , মৃগাক্ষীয়ে ভাবিলে, নাই কোনো ইন্ডিকেচনেই নাই, মৃগাক্ষীয়ে পাছলৈ ঘুৰি চালে, নিশান্ত দত্ত চিটত আউজি ঘোৰ টোপনিত ।

বাছ ডিব্ৰুগড় পালেহি, মৃগাক্ষী বাছপৰা নামিল , নিশান্ত দত্ত তেতিয়াও টোপনিত, বাছষ্টেন্ডত মৃগাক্ষীৰ মাক ৰৈ আছিল, মৃগাক্ষী অটোত উঠিল, বাছৰ পিনে চালে, কিজানি নিশান্ত দত্তই তাইৰফালে চাইচেই কিজানি, নাই , নিশান্ত দত্তই তাইৰপিনে চাই থকা নাই ।

সন্ধিয়া মৃগাক্ষীয়ে ফেচবুক খুলিলে, নিশান্ত দত্তই ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে ।

নিশান্ত দত্তই আপদেট এটা দিছে, শিৰোনামা.... ডে চুপাৰ

যাৰ কথা মই যোৱা দুদিনে ভাৱি আছিলো, সেই ভায়েলেট ড্ৰীমকুইনগৰাকী কলা ৰঙৰ বেগ এটা পিঠিত ওলোমাই বাছখনত উঠিল আৰু মোৰ সমুখৰ চিটটো অকুপাই কৰিলে..... নিশান্ত দত্তই বাছৰ সময়খিনিৰ সুন্দৰ বৰ্ণনা কৰিছে, খিড়ীকিয়েদি সোমাই অহা ফিৰফিৰিয়া বতাহ, বতাহত ঢৌ খেলা চুলি, আনকি অটোখনৰ নম্বৰটিও নিশান্ত দত্তই সঠিককৈ লিখিছে ।
পাছদিনা মৃগাক্ষী ইউনিভাৰচিটিলৈ গল, লগৰ কেইজনীৰ লগত নিশান্ত দত্তৰ বিষয়ে কৈ চুপতি কৰিলে, গোটেইকেইজনীয়ে নিশান্ত দত্তৰ প্ৰফাইল তন্ন তন্নকৈ চালে, লগৰ নীহাৰীকাই কলে.... তোৰ ওপৰত তো ফিদা হৈয়েই আছে, মানুহটো কুল আৰু চাৰমিং যেন লাগিছে, তাতে অইলৰ ইঞ্জিনিয়াৰ, পতাই ল আৰু ।

(৩)

সন্ধিয়া মৃগাক্ষীয়ে ফেচবুক খুলিলে, নিশান্ত দত্ত অনলাইন নাই, ৰাতি ন বজাত নিশান্ত দত্ত অনলাইন হল
- হাই....মৃগাক্ষীয়ে মেচেজ দিলে
- হেলো

মৃগাক্ষীয়ে বহুত সময় ৰল, নিশান্ত দত্তৰপৰা একো মেচেজ নাই, কি হল, নিশান্ত দত্তই গম পোৱা নাই নেকি যে তাইয়েই নিশান্ত দত্তৰ তাই, বোধহয় নিশান্ত দত্তই তাইৰ প্ৰফাইল চেক কৰা নাই, মৃগাক্ষীয়ে তাইৰ ধুনীয়া হাহি থকা ফটো এখন প্ৰফাল পিকচাৰ লগালে, লগে লগে এগালমান লাইক পৰিল, ইফালে তাইৰ বহুত ভাৰচুৱেল প্ৰেমিকৰ হাই-হেলো মেচেজৰ পপ আপ উইন্ডো স্ক্ৰীণৰ তলপিনে ওলাব ধৰিলেই... নিশান্ত দত্তই তাইৰ ফটোত কিন্ত এতিয়ালৈ লাইক কৰা নাই ।

মৃগাক্ষীয়ে আকৌ মেচেজ দিলে... কি খবৰ
- ভাল

মৃগাক্ষী আৰু অলপ সময় ৰল, নিশান্ত দত্তই তাইৰ ফটোখনত লাইক কৰিলে, মৃগাক্ষীয়ে মনে মনে হাহিলে, এসময়ৰ কলেজৰ বিউটি কনটেষ্টৰ উইনাৰ, ইউনিভাৰচিটিৰ শ্ৰেষ্ঠ সৌন্দৰ্য খিতাপ পোৱা মৃগাক্ষীক কোনোবাই লাইক নকৰি থাকিব পাৰেনে , কিন্ত নিশান্ত দত্তই মেচেজ দিয়া নাই, মৃগাক্ষী অধৈৰ্য হৈ পৰিল ।

- কি কৰি আছে...... মৃগাক্ষীয়ে মেচেজ দিলে
- তোমাৰ ফটোখন চাই আছো
- চিনি পাইচানে
- পাইছো
- বাই দা ৱে আপোনাৰ ৰাইট আপবোৰ ভাল লাগে
- থেংকচ
- স্পেচিয়েলি লাষ্ট দুটা আপদেট
- হু
- এটা কথা, ৱেডিঙত মোৰ লগত কথা পতা লৰাটো মোৰ কাজিন হয়, প্লীজ ডন্ট মিচআন্ডাৰষ্টেন্ড
- অকে

মৃগাক্ষীৰ হিচাপমতে এতিয়া নিশান্ত দত্তই তাইৰ লগত আৰু অলপ মেচেজা-মেচেজি কৰিব, ফোন নং খুজিব, কৰবাত লগ ধৰাৰ কথা কব, আজিলৈকে বহুতেই তাইৰ লগত এনেকুৱাই কৰিছে আৰু তাই সেইসকলক নিজৰ ইচ্চামতে আঙুলিৰ মুৰত নচুৱাইছে, নিশান্ত দত্তও তাইৰ ওপৰত ফিদা হৈ আছে, তায়ো হিন্ট এটা দি দিছে,..... নিশান্ত দত্তক গ্ৰীণহাব বা মাইহং ৰেষ্টুৰেন্টলৈ মাতিব, দুয়োখন নতুনকৈ খুলিছে, তাৰ পাছত নিৰুজ বুটিকত অলপ শ্বপিং কৰিব, মৃগাক্ষীয়ে প্লেন এটা বনাই ললে ।

কিন্ত নিশান্ত দত্তই মেচেজ দিয়া নাই..... মৃগাক্ষীয়েই আৰু এটা মেচেজ দিলে
- ভাত খালেনে
- খালো
- এতিয়া
- ফেচবুক
- অকে
- এতিয়া কত আছে
- ৰুম
- হুৱেৰ
- ডিগবৈ
মৃগাক্ষীৰ খং উঠি গল, একদম বেৰসিক মানুহ, চাল্লা ধুনীয়া ছোৱালীৰ লগত কেনেকৈ কথা পাতি পতাব লাগে নাজানে, ধুৰ, ইডিয়ট কৰবাৰ
- মোক চিনি পাইছে তো
- মানে
- মইয়েই ৱেডিঙৰ ভায়লেট ড্ৰেচ, ডে চুপাৰৰ বতাহত উৰি থকা চুলি
- আচ্চা, হয় নেকি

মৃগাক্ষীৰ টেমা গৰম হৈ গল, ননচেন্স, ইডিয়ট, ৰাচকেল ।

নিশান্ত দত্তই পিকচাৰ এখন আপলোড কৰিলে, কেইবাবছৰ পুৰনি ফটো.....

মৃগাক্ষীয়ে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে..... এয়াতো ৰঞ্জন, ৰঞ্জনৰ ফটো, খীন-মীন লৰা এটা, জপৰা চুলি, চকুত হাই পাৱাৰৰ ডাঠ চশমা, মাই গড, নিশান্ত দত্তই ৰঞ্জনৰ ফটোখন কত পালে

- এক্সুৱেলি মোৰ প্ৰকৃত নাম ৰঞ্জন বৰুৱা, ফেচবুকত নিশান্ত দত্ত নাম দি আপডেট দিও..... নিশান্ত দত্তই মেচেজ দিলে
- কিন্ত তোমাৰ চশমা
- লাচিক কৰালো, এতিয়া চশমাৰ দৰকাৰ নাই, আগতকৈ শকত হলো, এপিয়াৰেন্স চেঞ্জ হল, তুমি সেইকাৰনে ধৰিব নোৱাৰিলা ছাগে

মৃগাক্ষী বজ্ৰপাত পৰা মানুহৰ দৰে হৈ পৰিল, লৱদাৰ পাণ দোকানত তাইৰ অহা বাটটোলৈ চাই থকা ৰঞ্জনকো এসময়ত তাই নচুৱাইছিল আৰু পাছত ডাম্প কৰি দিছিল ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...