Tuesday, December 29, 2015

এটা প্ৰপজৰ পাছত

এটা প্ৰপজৰ পাছত
                                 


- শুই থাক ভাই, ইমান চিন্তা কৰি লাভ নাই, কাইলৈ যি হব দেখা যাব ....... ৰুমমেট গণেশে বিচনাৰপৰা কলে

ফৰেষ্ট স্কুলৰ ভাড়াঘৰটোত থকা মোৰ বিচনাখনত এঘন্টাতকৈও বেছি ইলুটি-সিলুটি কৰি আছো । টোপনি অহা নাই । ১২ বাই ১০ ৰ ভাড়াঘৰটোত গণেশ আৰু মই মেচ কৰি থাকো । ৰুমটোত দুখন খাট, দুখন টেবুল আৰু এডাল আলনা । দুয়োজনৰে নিজৰ নিজৰ টেবুল ফেন । ৰুমটোত অকনমানি পাকঘৰ এটা এটেষ্টড হৈ আছে । মুলত আমাৰ দৰে ইউনিভাৰ্চিটিৰ লৰাবোৰৰ কাৰণে মালিকে ভাড়াঘৰটো বনাইছে । আগৰ চেমিষ্টাৰটোত গণেশ আৰু মই লংকেশ্বৰৰ ফালে আছিলো । এইটো চেমিষ্টাৰত এইটোলৈ আহিছো ।

আচলতে কি ঘটি গল সেইটো মই এতিয়াও বুজি পোৱা নাই , কিয় এনে হল , মই এতিয়া কি কৰিম, কেনেকৈ , কিয়, কত । হাজাৰটা প্ৰশ্নই মোক শুবলৈ দিয়া নাই । এনেকুৱা ঠাইপৰ ফিলিং মই জীৱনত আগতে কেতিয়াও কৰা নাই ।
মবাইলটো চালো, ১১-৩৫ বাজিছে । নম্বৰ এটা ডায়েল কৰিলো । মোৰ বুকুৰ ধপধপনি বাঢ়ি গল । নম্বৰ ডায়েল কৰিছো ঠিকেই, কিন্ত কি কম । একো ভাবি পোৱা নাই ।

ফোনটো ৰিং হৈ হৈ কাটি গল । মানে মোৰ ফোন ৰিচিভ নকৰিলে । কিম্ত কেইটামান ঘন্টা আগলৈকে তো চব ঠিকেই আছিল । খং, অভিমান, দুখ-শোক মিশ্ৰিত অনুভৱ এটাই মোক খুন্দা মাৰিলে । মই এটা বৰ্জনীয় বস্ত হৈ পৰিলো নেকি । নিজৰ ওপৰতে মোৰ প্ৰচন্ড খং উঠিল । কিহে পাইছিল মোক । ধেত ।
হঠাত মোৰ ফোনটো বাজি বন্ধ হৈ গল । মিছকল । মবাইলটো চালো । মই ডায়েল কৰা নম্বৰটোৰপৰা মিছকল আহিছে । মই পুনৰ ডায়েল কৰিলো ।

- হেলো, ফোন কৰিছিলা নেকি........ সিফালৰপৰা মাত এটা শুনা গল
সেই সময়ৰ মোৰ বাবে পৃথিৱীৰ সকলোতকৈ মিঠা মাতটো মোৰ কাণত পৰিল । এনে লাগিল যে মই শুনিয়েই থাকিম ।

- হয় কৰিছিলো...... মই কলো
- টোপনি অহা নাই
- নাই
- শুই থাকা
- শুবলৈ চেষ্টা কৰি আছো, কিন্ত পৰা নাই... মই কলো
- ৰাতি বহুত হৈছে, শোৱা এতিয়া
- ঠিক আছে, শুম বাৰু, তুমি ফোনটো ৰাখা
- মই নাৰাখো, তুমি ৰাখা আৰু শুই থাকা
- ওহো, তুমি ফোনটো কাটি দিয়া
- নহব, মই নাকাটো....... তাই কলে

আৰে ভাই, বেলেগ কথা পাত যদি পাত, নহলে কাট , অন্তত মোক শুবলৈ দে ভাই......... কাষৰ খাটখনত বাগৰি থকা ৰুমমেট গণেশৰ মাত মোৰ কাণত পৰিল
অগত্যা ফোনটো মইয়েই কাটি দিলো । আকৌ বহুতকেইটা প্ৰশ্নই মোক বিচলিত কৰিলে । তাই ফোনটো কিয় নাকাটিলে । তাই মিছকল কিয় দিলে, নিদিলেও হলহেতেন । তাৰমানে মোৰ প্ৰতিও তাইৰ কিবা অলপ হলেও ফিলিংছ আছে । এইবোৰ কথা ভাৱি থাকোতেই কেতিয়া টোপনি গলো ধৰিব নোৱাৰিলো ।

(২)

ৰাতিপুৱা গণেশে জগাই দিলে । ইউনিভাৰ্চিটি যাবলৈ সাজু হলো । কিন্ত এতিয়া মই কি কৰিম ।
- এতিয়া মই কি কৰিম...... মই গণেশক শুধিলো
- মোৰ ভিউ কও যদি বাদ দে তাইক, তাই তোৰ কাৰণে ঠিক নহয়, একো মেটছে নহয়..... গণেশে কলে

ফৰেষ্ট স্কুলৰপৰা ইউনিভাৰ্চিটিলৈ বেছিদুৰ নহয় । আমি প্ৰায়েই খোজকাঢ়ি যাও । গণেশ আৰু মই খোজকাঢ়িবলৈ ধৰিলো । সাতমাইলৰ চকটো পাওতেই দেখিলো জীৱন আৰু অলকেশ ফটোষ্টেট দোকান এখনৰপৰা ওলাই আহিছে । এজ ইউজুৱেল জীৱনৰ কান্ধত মোনা এটা আৰু অলকেশৰ হাতত বহী এখন ।

- কি দোস্ত, ৰিজেক্ট হৈ গলা বোলে ...... জীৱনে সুধিলে
- আৰে নাই , আৰম্ভনিহে, লাহে লাহে নাটো হা হৈও যাব পাৰে..... মোৰ হৈ গণেশেই উত্তৰ দিলে
- মন বেয়া কৰিব নালাগে দোস্ত, বাছ, ট্ৰেইন আৰু ছোৱালীৰ বাবে বেছি টেনচন লব নালাগে, এক জাতা হে অউৰ দুচৰা আতা হে........ অলকেশে কলে

এনেয়ে মন-চন বেয়া তাতে দুয়োটা কামোৰ । হাহি এটা মাৰিব খুজিছিলো কিন্ত নোৱাৰিলো । একদম ডিপ্ৰেছ হৈ গৈছো ।
সাতমাইলৰ পাছত মোৰ এফালে জীৱন, আনফালে অলকেশ । দুয়োটাই ইউনিভাৰচিটী পোৱালৈকে মোক টিপছ, সান্ত্বনা, সমবেদনা, উতসাহ দি গৈছে । কথাৰ মাজে মাজে মৰেল চাপৰ্ট দিবলৈ জীৱনে মোৰ পিঠিত ঢকা মাৰি আছে ।
ইউনিভাৰ্চিটি পালোহি । ডিপাৰ্টমেন্টৰ গেটেৰে সোমাই কৰিডৰ পালো । সমুখত ভায়োলিনা এন্ড বৈশালী ।

- ইছ ৰাম চেহেৰা একেবাৰে মুৰঝাই গৈছা দেখোন...... বৈশালীয়ে কলে

নাই এনেয়ে বুলি কব খুজিও মুখেৰে একো নোলাল । মুৰঝায়া হুৱা চেহেৰাত দুখৰ এক্সপ্ৰেচন বাৰুকৈয়ে ফুটি উঠিল ।
- ছোৱালীৰ নাত হা টোও সোমাই থাকে , তাই এবাৰহে নো কৈছে, চেষ্টা নেৰিবা, আমি আছো তোমাৰ লগত , তাই হা কবই, মোৰ বিশ্বাস আছে ....... ভায়োলিনাই কলে

কোনোমতে হাফ-হাহি এটা মাৰিলো । ভায়োলিনাই চকুৰে ইংগিত এটা দিলে । পাছফালে ঘুৰি চালো । গেটেৰে তিনিজনী ছোৱালী কৰিডৰৰ ফালে সোমাই আহিছে । পৰী, পলী আৰু তাই । অকস্মাত হাৰ্টবিট আকৌ বাঢ়ি গল । তাই আহি আছে । মই স্মাইল এটা দি আই কন্টেক কৰাৰ চেষ্টা চলালো । পৰী আৰু পলীয়ে ভায়োলিনাৰ ফালে চাই হাফ স্মাইল এটা দিয়াৰ লগতে মোৰ ফালেও কেৰাহিকৈ চাই গল । কিন্ত তাই মোৰ ফালে নাচালেই । মোক টটেল এভইড কৰি তাই ক্লাছৰ ফালে গুচি গল ।

ক্লাছত সোমাই লাষ্টৰ ফালে চুক এটাত বহি দিলো । লাইফত পুৰা ট্ৰেজেদি হৈ গৈছে । মই কেতিয়াও ভাৱা নাছিলো যে তাই নো কব । এদিন আগলৈকে কিমান প্লেন-কিমান ড্ৰীম আছিল । চব চকনাচুৰ হৈ গৈছে । কালিলৈকে ডিপাৰ্টমেন্টটোত সিংহৰদৰে বিচৰণ কৰি থকা মই বৰ্তমান ভিজা মেকুৰী হৈ পৰিছো । সকলোৰে মই এতিয়া পুতৌৰ পাত্ৰ । ইস বেচেৰা মই । ক্লাছত কি পঢ়াইছে একো গম পোৱা নাই । কালি ক্লাছত নহাকেইটাইও মাজে মাজে মোৰ ফালে ঘুৰি চাই আছে । সিহতৰ এক্সপ্ৰেচনৰপৰা লাগিছে যে সিহতে মোৰ কথাই চিন্তা কৰি আছে ।
ক্লাছৰপৰা ওলালো । ওলায়েই জুনিয়ৰ গ্ৰুপ এটাৰ মুখামুখি হল ।

- দাদা আপোনাৰ কালিৰ কথাটো গম পালো, উই ফিল ভেৰি ছৰি, বায়ে আপোনাক নো কব নালাগিছিল..... মোতকৈ এবছৰ জুনিয়ৰ লক্ষ্যৰ মাতত সহানুভুতিৰ চাপ
তাৰ লগত থকা বাকী জুনিয়ৰকেইটাৰ চেহেৰাকেইটাটো দেখিলো মোৰ প্ৰতি আন্তৰিকতা আৰু সমবেদনাৰ আভাস ।

(৩)

কি কৰিছিলো মই যাৰবাবে আজি এই অৱস্থা । বিশেষ একো কৰা নাই । লগৰ এজনীক মোৰ ভাল লাগে । মানে ডিপাৰ্টমেন্টৰ চবকে মোৰ ভালেই লাগে কিন্ত তাৰে এজনীক অলপ বেছিকৈ ভাল লাগে । আবেলি চাৰিটামান বাজিছিল । ক্লাছ শেষ হোৱাৰ পাছত এনেয়ে ডিপাৰ্টমেন্টৰ কৰিডৰত আদ্দা দি আছিলো । সেই সময়তে লগৰ চাৰিজনী ছোৱালী আমাৰ আগেৰে পাৰ হৈ গল । কি জানো হল ময়ে অলপ পাছত সিহতৰ পাছে পাছে গলো । সিহত জাষ্ট গেটখন পাৰ হৈছিলহে ।

- শুনাচোন
ছোৱালীকেইজনী ৰল । গোটেইকেইজনীয়ে মোৰ ফালে চালে ।

- তোমাৰ লগত অলপ কথা আছিল...... মই কলো
তাই ৰল, বাকীকেইজনী অলপ আতৰত কৃষ্ণচুড়া গছ এডালৰ তল পালেগৈ ।

- মানে মই কব খুজিছিলো যে মই তোমাক ভাল পাও, আই লাভ ইউ ......... মোৰ মুখত তেতিয়া এটা মৰমীয়াল হাহি ।
আচলতে মই ভাৱিছিলো যে মই প্ৰপজ কৰাৰ পাছত তাই প্ৰথমতে অলপ লাজ কৰিব, এটা মিঠা হাহি মাৰিব , লাহেকৈ মুৰটো দুপিয়াব, চিনেমাৰ ষ্টাইলত মই শ্বাহৰুখ খানৰ দৰে হাত দুখন প্ৰসাৰিত কৰি লাহে লহে আগুৱাই যাম, আৰু তাই মোৰ চকুত চকু থৈ কব..... ধেত অকৰাটো, ইমান দিল লগালেনে ।

সেইখিনি সময়ৰ আগলৈকে মই ২০০০ পাৰচেন্ট চিউৰ আছিলো যে তাইও মোক ভাল পায় ।

কিন্ত তেনেকুৱা একো নহল । তাই অলপ ইফালে সিফালে চালে , অলপ ইতস্তত কৰিলে আৰু কলে........ নো, মই তোমাক ভাল নাপাও
- আই এম চিৰিয়াচ , আই ৰিয়েলি লাভ ইউ..... মই অলপ জোৰ দি কলো
- আই ডন্ট
- কিন্ত মানে
- প্লীজ, আই ডন্ট লাভ ইউ, তুমি নুবুজা কিয়....... তাইৰ চেহেৰাত অস্বস্তিৰ ভাৱ
তাই খৰখোজৰে আতৰি গলগৈ । হঠাত কিবা এটা যেন খেলিমেলি হৈ গল । এনে লাগিল যেন বুকুত কোনোবাই হাতুৰীৰে কোবাইছে । খোজকাঢ়িবলৈও যেন মোৰ শক্তি নাইকীয়া হৈ পৰিল । কি হল, কি নহল, কিয় নহল বুজিবই নোৱাৰিলো । মোৰ চিন্তাশক্তি যেন লোপ পালে ।
- কি কলে........ তেতিয়া ভায়োলিনা আৰু নীতু আহি মোৰ কাষত
- নো
- চিন্তা নকৰিবা , হৈ যাব........ এইবুলি কৈ ভায়েলিনা গলগৈ

ইমানবছৰ তাইৰ লগত একোটা ক্লাছতে, কথা পাতো, ধেমালি কৰো, আদ্দা মাৰো, একো এবনৰমেলিটি নাই । কিন্ত প্ৰপজৰ আনছাৰ নো হোৱাৰ পাছত তাইৰ কথা ভাৱিলেই হাৰ্টবিট বাঢ়ি যায়, অন্যমনস্ক হৈ বেলেগ দুনীয়া এখনত গুচি যাও । এনিটাইম মন বেয়া লাগি থাকে ।

ঘটনাটোৰ চৌবিশ ঘন্টা নৌহতেই চৌদিশৰপৰা মোৰ বাবে সহানুভুতিৰ ঢল বৈ আহিছে । কিন্ত যিমানেই সহানুভুতি পাইছো সিমানেই মোৰ ট্ৰেজেদী বাঢ়ি গৈ আছে ।

ঘড়ীটোলৈ চালো । চাৰি বাজিছে । প্ৰপজ দিয়াৰ পাছত পুৰা এদিন পাৰ হল । প্ৰফেছৰ ৰুপম শৰ্মা চাৰ মোৰ ফালে আহি থকা দেখিলো । মই থিয় হলো ।

- কি হে, কি চলি আছে.... ছাৰে সুধিলে
- ভালেই চাৰ
- কি ভাল হে, ডন্ট গেট চেড, লাইফত এনেকুৱা হৈ থাকে, যেছ-নো চলি থাকেই, কীপ ট্ৰাইইং...... স্মাইল এটা দি ছাৰ পাৰ হৈ গল

মানে ডিপাৰ্টমেন্টত মই এটা ডাঙৰ টপিক হৈ পৰিছো । ইতিমধ্যে জমা হোৱা দুখ-বেদনাৰ লগতে ভয় আৰু সংশয়ৰ ভাৱ কেইটামানেও মোক কপাই থৈ গল ।
ডিপাৰ্টমেন্টত এটা ........বেচেৰা মই !

(৪)

এনেয়ে লাইফত ট্ৰেজিক ফেজেৰে গৈ আছো, তাতে কামোৰ । যেতিয়াই তেতিয়াই যিয়ে-সিয়ে মোৰ খা-খবৰ লয়, সহানুভুতি উপদেশেৰে ভৰাই পেলায় ।
টোপনি বোলা বস্তটো নোহোৱা হৈ গৈছে, খোৱা বোৱাও কমি গৈছে । চকু কলা পৰিছে, চুলি অবিন্যস্ত , কেইদিনমানতে বহুত ক্ষীনাই গৈছো । মুঠৰ ওপৰত টটেল দেৱদাস টাইপৰ ট্ৰানজিচন ।

ডিপাৰ্টমেন্টৰ ৰুম এটাত বহি ডেক্সত মুৰটো থৈ টোপনিয়াই আছো । এনেতে চুলিত কোনোবাই হাত বুলাই দিয়া যেন লাগিল । মুৰ তুলি চালো । স্বাতী, সুকন্যা আৰু মৃদু ।
- ইচ ৰাম, বেচেৰাটোৰ কি যে হই গল....... স্বাতীয়ে কলে
- জানো পাই, একেবাৰে মৰামুৱা হৈ গৈছা দেখোন....... মৃদুই কলে
- চিন্তা নকৰিবা, আমি আজি লংকেশ্বৰ মন্দিৰ গৈছিলো, তাত তোমাৰ কাৰনেও প্ৰাৰ্থনা কৰি আহিছো, তোমাৰ লাভ চাচচেচ হবই , এয়া চোৱা মন্দিৰৰ ধাগাও লৈ আহিছো............ এইবুলি কৈ সুকন্যাই ৰঙা সুতা এডাল মোৰ বাওহাতত বান্ধি দিলে

তাৰপাছত তিনিওজনী ওলাই গল ।মই একো কবই নাপালো । হাতত থকা ৰঙা সুতাডাল চাই আকৌ ডেক্সত মুৰটো পেলাই দিলো ।

ডিপাৰ্টমেন্টত দুটা ভাগৰ সৃষ্টি হল । এভাগে কয়..... বাদ দে তাইক, দুনীয়াত ছোৱালীৰ কমি আছে নেকি । গণেশ, জীৱন অলকেশ, সুব্ৰত, হাফু, জয়ন্ত আদি লৰা পল্টন এইটো ভাগত ।
আনটো ভাগে কয় ...... লাগি থাকা, আজি না, কাইলৈ হা, আমি জানো নহয় । পৰী-পলী-ভায়ো-মৃদু-সুকু-স্বাতী কে ধৰি লেডিজ গেং আনটো ভাগত ।
আৰু এই দুয়োটা ভাগৰ মাজত...... বেচেৰা মই । আৰু যিটো বস্তই সকলোতকৈ বেছি মেটাৰ কৰে, মানে তাই, মোক মাতবোল নকৰে , এভইড কৰি গুচি যায় । আৰু মোৰ ট্ৰেজেদী বাঢ়ি বাঢ়ি গৈ থাকে । ইউভাৰচিটীৰ দুনীয়া মোৰ বাবে ব্লেক এন্ড হোৱাইট হৈ গল ।

দুসপ্তাহমান তামাম ট্ৰেজেদী গল । দুসপ্তাহ পাছত পৰীয়ে মুখ খুলিলে ।
- আচলতে তাইৰ ঘৰত বিয়াৰ কথা চলি আছে....... পৰীয়ে কলে
- কাৰ লগত
- মানে এন.আৰ.এলত কাম কৰা লৰা এজন আহিছে
- এন.আৰ এল !! ............. মই সেপ ঢুকিলো
- তাই কি কয়
- এতিয়ালৈ একো ঠিক হোৱা নাই
- ঠিক হৈ যাব পাৰে নেকি
- আমাৰ ছোৱালীবোৰৰ কথাটো জানাই, ঘৰৰ বহুত প্ৰেচাৰ থাকে এইবোৰ ক্ষেত্ৰত, নিজৰ ডিচিচন বুলি একো নাথাকেই .......... পৰীয়ে নিজৰ স্বভাৱজাত ভংগিৰে ফেচিয়েল এক্সপ্ৰেচন এটা দিলে ।

হিমাংশু দাসৰ কবিতা এটা মনত পৰিল........ চাল্লা এই ডাক্টৰ ইঞ্জিনিয়াৰবোৰেই আমাৰ প্ৰধান শত্ৰ্ৰু ।
কিন্ত কথাটো হল পৰীয়ে কি বুজাব খুজিছিল । যেছ নে নো । নে কন্ডিচনেল ইযেছ ।

কনফিউজনটো গণেশে দুৰ কৰি দিলে ।
- মষ্ট প্ৰবেবলি তই জব এটা বিচাৰিব লাগে....... গণেশে কলে

(৫)

তেতিয়া আমি আছিলো থাৰ্ড চেমিষ্টাৰত । সময় ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ । জব মানে প্ৰথমতেই আহে বেংকৰ চাকৰি । ফৰেষ্ট স্কুলৰ আমাৰ ভাড়াঘৰটোৰ কাষৰ ৰুমটোত উতপল চৌধুৰী আছিল । সি বেংকিঙৰ চাকৰিৰ বাবে খুব লাগি আছে । তাৰ ওচৰ পালোগৈ । তাৰপৰা লজিকেল ৰিজনিঙৰ কিতাপ এখন লৈ আনিলো ।
মটিভ এটা পাই গলো । সোনকালে এটা জব লাগে । ডিপাৰ্টমেন্টৰ হেড আছিল পি.জে.দাস ছাৰ । ছাৰক কাকুতি মিনতি কৰি নেট পৰীক্ষাৰ দোহাই দি দুসপ্তাহ ক্লাছ কেঞ্চেল কৰাৰ লগতে থাৰ্ড চেমৰ পৰীক্ষা পিছুৱালো । বিহুৰ আগত প্ৰেক্টিকেল, বিহুৰ পাছত থিয়ৰী ।

ডিচেম্বৰৰ ২৫ তাৰিখে ডিপাৰ্টমেন্টৰ পিকনিক । অৰ্গেনাইজ কৰাৰ দায়িত্ব মোৰ ওপৰত । ট্ৰেজিক ফেজৰপৰা লাহে লাহে নৰ্মেল হৈ আহিছো । মাজে মাজে অলপ হাহিটোও ওলাই পৰা হৈছে । কিন্ত মনত ফুৰ্তি বোলা বস্ত নাই । বাছৰ ভিতৰত চবেই নাচি বাগি আছে, আৰু মই কেবিনত বহি কন্ডাক্টৰৰ লগত কথা পাতি আছো । যাওতে ঠিকেই গলো । পিকনিক স্পটটো তাইৰ লগত মাত-বোল নাই । চাল্লা ইউনিভাৰচিটী লাইফৰ লাষ্ট পিকনিকো ব্লেক এন্ড হোৱাইট ।
ৰিটাৰ্ন জাৰ্নিত আকৌ ট্ৰেজেদী হৈ গল । বাছখনৰ মাজৰফালে মই চুপ-চাপ বহি আছিলো । পিপলুই জোৰ-জবৰদস্তি পাছলৈ উঠাই লৈ গল । লাষ্টৰ আগৰ চিটটোত পৰীৰ আৰু তাইৰ কাষত মোক বহাই দিলে । মইও বহি দিলো । আচলতো মোৰে ইচ্চা এটা আছিল । লগৰকেইটাই হৈ হাল্লা কৰি জোকাবলৈ ধৰিলে ।

- ই উঠি নাযায় কিয়.......... ইমান হৈ হাল্লাৰ মাজতো তাই পৰীক কোৱা কথাষাৰ মই স্পষ্টকৈ শুনিবলৈ পালো

কি কৰিম আৰু, চিটৰপৰা উঠি আহিলো । লাজ-অপমান-অনুশোচনাত তামাম ট্ৰেজেদী হৈ গল । কেৱল চকুৰ পানী ওলাবলৈ বাকী । এনেকুৱা লাগিলে যে মই বাছখনৰপৰা এতিয়াই নামি দিম আৰু দুৰ কৰবালৈ খোজকাঢ়ি গৈ থাকিম । নিজকে তেৰে নামৰ চলমান আৰু ডৰৰ শ্বাহৰুখ যেন লাগিল । মানে ভিলেইন ।

কাৰোবাক বাৰে বাৰে আমনি কৰি থকা মই বাৰু ভিলেইন হৈ পৰিছো নেকি ।

(৬)

মাত্ৰ এটা মাহ আগলৈকে মই নিজকে হিৰোৰ দৰেই কিবা এটা বুলি ভাৱিছিলো , আৰু এতিয়া বিগ জিৰো , এটা ভিলেইন । প্ৰত্যাখিত, নিষ্কাসিত, বৰ্জিত ,অৱহেলিত এটা ভিলেইন । জোচ-জুনুন চব খটম । আজিকালি কথাও বেছি নকও । আগতে ডিপাৰ্টমেন্টৰ কামত লীড লৈছিলো, এতিয়া চুপ চাপ চবৰে মাজত লুকাই থকা হলো । মোৰ অৱস্থা দুৰ্দশাগ্ৰস্ত, হতাশাগ্ৰস্ত , সম্পুৰ্ন বিধ্বস্ত ।
থাৰ্ড চেমিষ্টাৰৰ পৰীক্ষা হৈ গল । ফৰ্থ চেমিষ্টাৰত স্পেচিলাইজেচন ভাগ ভাগ হৈ গল । তাইৰ আৰু মোৰ স্পেচিলাইজেচন বেলেগ বেলেগ হলগৈ । মই সোনকালে ডিপাৰ্টমেন্টলৈ আহো, প্ৰথম মহলাৰ আমাৰ ক্লাছৰুমৰ খিড়িকীৰ কাষত বহি তলৰফালে চাই থাকো । তাই লগৰকেইজনীৰ লগত ৰাষ্টাৰপৰা খোজকাঢ়ি আহে, মই চাই থাকো, কিবা এটা ভাল লাগে । তাই দেখিব বুলি মই খিড়িকীৰ ফাকেৰে চাও । তাইৰপৰা যিমান পাৰি আতৰত থাকো । মুঠৰ ওপৰত তামাম ট্ৰেজিক কাৰবাৰ ।
এসপ্তাহ দুসপ্তাহকৈ তিনিমাহ পাৰ হৈ গল । তামাম ট্ৰেজেদি ষ্টেটাছটো কম ট্ৰেজেদিলৈ আহিল । মাজে মাজে তাইৰ লগত হাই-হেলো হয় । তাইক দেখিলে এতিয়া আগৰদৰে বুকুখন চিৰিংকৈ নামাৰে । ট্ৰুথ আৰু ৰিয়েলিটি মই মোটামোটি একচেপ্ট কৰি লৈছো ।
মাৰ্চ মাহ পালেহি । এটা শুকুৰবাৰত নেটৰ ৰিজাল্ট দিলে । জে.আৰ.এফ পাই গলো । ফাষ্ট পেপাৰ ক্লিয়াৰ হোৱা বুলি ডিপাৰ্টমেন্টত কাকো কোৱা নাছিলো । ফাইনেল ৰিজাল্টৰ কথাটোও সিদিনা কাকো নকলো ।

পাছদিনা শনিবাৰ আছিল । তাইৰ হোষ্টেল পালোগৈ । পৰীক ফোন কৰিলো
- তাইৰ লগত এটা কথা আছিল .... মই পৰীক কলো

হোষ্টেলৰ সমুখত মই ৰৈ আছো । তাই আহিল , লগত পৰী ।
- তোমাক কথা এটা সুধিব লগা আছিল ..... মই কলো
- কি, মানে মই তো কৈছোৱেই ..... তাই পৰীৰ ফালে চাই কলে
- মানে তুমি মোক ভাল নোপোৱা, ঠিক আছে, কিন্ত জীৱনত কাৰোবাক তো ভাল পাবা, বিয়া পাতিবা, চামডে য়ু উইল গেট মেৰিড....... মই সুধিলো
- ও
- মই জানিব খুজিছো , যদি মই ফৰমেলি তোমাক এপ্ৰোচ কৰো, মানে মোৰ ঘৰৰ মানুহ তোমাৰ ঘৰলৈ গৈ, অৱভিয়াচলি জীৱনত কিবা এটা হোৱাৰ পাছত , তোমাক আৰ্থিক-মানসিক নিৰাপত্তা দিব পৰাকৈ কিবা এটা হোৱাৰ পাছত, তেতিয়া তুমি একচেপ্ট কৰিবা নে নাই ......... মই তাইৰ ফালে চালো, পৰীৰ চকুও তাইৰ ওপৰত
- নো, মই তোমাক ভাল নাপাও......... তাইৰ চেহেৰাত অস্বস্তিৰ চাপ দেখিবলৈ পালো

হয়তো মোৰ দুখ লাগিব লাগিছিল, খং উঠিব লাগিছিল বা হতাশাত ডুব যাব লাগিছিল । কিন্ত তেনেকুৱা একো অনুভৱ নহল ।
- থেংক ইউ ...... মই শান্তভাৱে কলো

পাচলৈ এবাৰো নোচোৱাকৈ হোষ্টেলটোৰপৰা মই উভতি আহিলো ।
যদিও মই বিফল হলো, আই ট্ৰাইড মাই বেষ্ট । দুখ-খং-হতাশাৰ সলনি মোৰ এনে অনুভৱ হল যেন কিবা এটাৰপৰা মই মুক্তি লাভ কৰিলো । নিজৰ ইচ্ছামতে চলিবলৈ, কৰিবলৈ মই সম্পুৰ্ন মুক্ত । এনে লাগিল যেন লৰামতীয়া ধ্যান-ধাৰণাবোৰৰপৰা মুক্ত হৈ জীৱনত খোজ দিবলৈ মই পৰিপক্ক হৈ উঠিছো ।

(৭)

কেইদিনমান পাছত ............
ডিপাৰ্টমেন্টৰ কৰিডৰত সুহুৰিয়াই সুহুৰিয়াই বিন্দাছ ষ্টাইলত মুৰ নচুৱাই খোজকাঢ়ি আছো । তালুকদাৰ ছাৰৰ লেবৰ সমুখ পাইছোহি
- কি ঐ পোৱালি, খুব ফুৰ্তিত দেখিছো, য়েছ কলে নেকি......... বনানীবাই সুধিলে
- ধেই বনানীবা, কি যে কয়, য়েছ কলে ইমান কুল হৈ থাকিলোহেতেন নেকি, চিংগল ইজ মিংগল, বুইছে , কুল........ মই সুহুৰিয়াই সুহুৰিয়াই বনানীবাক ক্ৰছ কৰি পি.জে.ডি ছাৰৰ লেৱৰ ফালে খোজ ললো । বহুদিন হ'ল, পি.জে.ডি ছাৰৰ লেৱৰ ৰিচাৰ্চ স্কলাৰ জুপিবা, সুদেষ্ণাবা আৰু আকাশীবাক কামোৰ দি দি ব'ৰ কৰা নাই ।

চাৰিটা মাহৰ বিৰতিৰ পাছত মই আকৌ ঘুৰাই পালো উতসাহ-উদ্দীপনাৰে ভৰপুৰ চ কল্ড "বিন্দাছ" মোক ।

দৰ-দাম

                                  

মানুহগৰাকীৰ কাষত ৭-৮ বছৰীয়া লৰা এটা । সমুখত মুগা ৰঙৰ কাপোৰ এযোৰ । নখৰা বজাৰৰ অস্থায়ী কাপোৰৰ দেকানখনৰ দোকানীজনৰ লগত মানুহগৰাকীয়ে দৰদাম কৰি আছে । মানুহগৰাকীয়ে ৪০০ টকা দিছে, দোকানীয়ে ৭০০ৰ তলত নামানে । সাজপাৰৰপৰা অনুমান কৰিব পাৰি যে মানুহগৰাকী নিম্নবিত্ত ঘৰৰ হব । লৰাটোৱ ইফালে সিফালে পিলিং পালাংকৈ চাই আছে ।

সাধাৰনতে মায়ে মোক বজাৰলৈ নপঠায় । কাৰন মই দৰদাম কৰিব নাজানো । দোকানীয়ে কিলো ত্ৰিশ বুলি কলে মই পচিশ বুলি কও । দোকানীয়ে দি দিয়ে । একেই ফুলকবি মায়ে বিশটকাত আনে । মুঠতে মোক লখৰাৰ দেওবৰীয়া বজাৰলৈ অকলে পঠালে ১০-২০ শতাংশ বেছি খৰচ হয় । সেয়ে সাধাৰন অৱস্থাত মা আহে, মই মোনা দঙা হৈ আহো । প্ৰতিটো দৰ-দামৰ পাছত মায়ে সন্টুষ্টিৰ চাৱনি এটা দি মোক টিপছ দিয়ে । কিন্ত আজিলৈকে মই দৰদামৰ কৌশল আয়ত্ব কৰিব পৰা নাই ।

আচলতে টেনচন-হেডেক এইবোৰ মই বেয়া পাও । মানুহ আৰামত থাকিব লাগে । আৰু আৰামত থাকিবলৈ মানুহক টকা-পইচা লাগে । ৰদত গোটেই বজাৰখন ঘুৰি পকি দৰ দাম কৰি কৰি দুটকা সস্তাত বস্ত কিনিবলৈ যিখিনি কষ্ট কৰিব লাগিব, সেই কষ্ট খিনি কৰিবলৈ মন নাযায় । প্ৰায়ভাগ বস্তৱেই আজিকালি অনলাইন কিনো । ঘৰত বহি বহি ইন্টাৰনেটত অৰ্ডাৰ দিও , ঘৰত ডেলিভাৰি পাই যাও । কোনো হেডেক নাই ।

মায়ে যিখন লিষ্ট দিছে সেইখনৰ বস্তখিনি কিনোতে মোৰ অতি বেছি আধাঘন্টা লাগিব । কিন্ত সোনকালে ঘৰ গৈ পালে প্ৰবলেম । মায়ে দৰ-দাম নকৰা বাবে গালি পাৰিব । গতিকে অতি কমেও দুঘন্টা মই টাইম কিল কৰিব লাগিব । সেয়ে বজাৰখনৰ মাজে মাজে ঘুৰি বস্ত-মানুহ চাই আছো ।

চবজি বজাৰখন চাই মেলি মাছৰ বজাৰ ক্ৰছ কৰি কাপোৰৰ দোকানকেইখনৰ গলিটোত সোমাইছো । তাতেই মানুহজনীয়ে দোকানীজনৰ লগত দৰ-দাম কৰি আছে । কাপোৰযোৰৰ ৰংটো মুগা , কিন্ত কাপোৰযোৰ আচলি মুগা-পাট নহয় । আচল মুগা কাপোৰ এযোৰৰ দাম আজিৰ তাৰিখত বিশ হাজাৰৰ ওপৰত । কিন্ত এম্ব্ৰইদাৰী কৰা ঘুৰনীয়া ফুলখিনিৰে কাপোৰযোৰ ধুনীয়া দেখাইছে ।

দৰ-দাম চলি আছে, দহ মিনিটতকৈও বেছি হৈ গল । দোকানীয়ে চিৰপৰিচিত হোলচেল ৰেট, এক টকাও লাভ নাই , বেলেগত কতো নাপাব আৰু মানুহজনীয়ে ইমান দাম নহয়, এমাহ আগতে এনেকুৱা এযোৰ কিনিছিলোহে ইত্যাদি কৈ আছে । আচলতে দুয়ো পক্ষই মিছা কথা কৈ আছে ।

দোকানী ৬৫০ লৈ নামিল । মানুহগৰাকীয়ে ৪৫০ লৈ দিম বুলি কলে । দুশ টকাৰ ব্যৱধান । মানুহগৰাকীয়ে হাতৰ সৰু বেগটোলৈ চালে । বোধহয় কৰিবলগীয়া বজাৰ আৰু হাতত থকা পইচাৰ হিচাপ কৰিছে ।

- লাষ্ট বাৰ কৈছো, ৪৫০ ........... মানুহজনীয়ে কলে
- নাই বাইদেউ, আপুনি চাৰা বাজাৰ ধুৰি আহক, এই দামত এই মাল নাপাব...... দোকানীজনে কাপোৰযোৰ জাপিবলৈ আৰম্ভ কৰিলে

মানুহজনীৰ চেহেৰা জই পৰি গল । নালাগে দে কাপোৰ বুলি কৈ সৰু লৰাটোৰ হাতত টানকৈ ধৰি দোকানখনৰ পৰা লাহে লাহে খোজ লবলৈ ধৰিলে । দোকানীজনে ইতিমধ্যে কাপোৰযোৰ জাপি অইন গ্ৰাহকৰ বাবে অপেক্ষাত ব্যস্ত ।
সৰুতে মায়ে প্ৰায়েই মোক বজাৰলৈ লৈ গৈছিল আৰু যেতিয়া মায়ে কোৱা দামত বেপাৰীয়ে বস্ত নিদিছিল তেতিয়া সেই বেপাৰীটোৰ ওপৰত মোৰ বহৰত খং উঠিছিল আৰু ভাৱিছিলো যে ডাঙৰ হৈ মই তাৰ দোকানত থকা বস্তবোৰতকৈয়ো বেছিকৈ বস্ত থকা দোকান দিম ।

- ঐ দোস্ত শুনচোন ............ মই দোকানীজনক মাতিলো
দোকানীজনে মোৰফালে চালে ।

- এই ল দুশ টকা , মানুহজনীক মাতি কাপোৰযোৰ দি দে........ মই এশটকীয়া নোট দুখন দোকানীজনৰ ফালে আগবঢ়াই দিলো
দোকানীজনে অলপ সময় তভক মাৰি ৰল । তাৰ পাছত মানুহজনীৰ ফালে চাই কলে
- ঐ বাইদেউ আহক, লৈ যাওক

মই লগে লগে সেই ঠাইৰপৰা আতৰি আহিলো ।

দুঘন্টা পাছত
মায়ে লিষ্টমতে দিয়া বস্তবোৰ কিনি গাড়ীৰ ডিকিত ভৰাই গাড়ী ষ্টাৰ্ট কৰিবলৈ লৈছো । ৰিয়াৰভিউ আইনাখনত দেখিলো সেই দৰ-দাম কৰা মানুহগৰাকী । মানুহগৰাকীৰ এখন হাতত বজাৰৰ মোনা, আনখন হাতত কাপোৰৰ মোনাটো, চেহেৰাত হাহি, পাছে পাছে সৰু লৰাটোৱে আনন্দমনে দুটকীয়া আইছক্ৰীম এটা চুহি আহি আছে ।

Monday, November 30, 2015

কাফে হেনৰিক্সত

                                                    

গুৱাহাটীৰ পেন্টালুনৰ সমুখৰ কাফে হেনৰিক্সত ৰনদীপ, ডাক্টৰ চাহাব আৰু মই । কৰ্নাৰ চাইডৰ টেবুল এখনত বহি আছো । টেবুলখনত দুটা ৩০ এম.এল পেগ, এটা ২৫০ এম.এল ইটালিয়ান মকটেইল । ওচৰৰ টেবুলখনত মোৰ আধা বয়সৰ দুজন তৰুণ, এজনী তৰুণী । তিনিওৰে সমুখত বিয়েৰভৰ্তি গ্লাছ । তৰুণীৰ হাতত জ্বলন্ত চিগাৰেট ।

- চাওক বিকাচদা, আপুনি লাজ পোৱা উচিত, ছোৱালীয়ে বিয়েৰ খাই আছে আৰু আপুনি লেডিজ ড্ৰিংক, আপোনাৰ আচলতে দম নাই ........... ৰনদীপে পেগটো হাতত লৈ কলে

পিছফালে কেৰাহিকৈ ঘুৰি চাই দেখিলো তৰুণীয়ে চিগাৰেটটো হুপি মুখেদি অলপ ধোৱা উলিয়াই , কাষৰ তৰুণজনলৈ চিগাৰেটটো পাছ কৰি দিছে ।

- এক্সুৱেলি ৰনদীপ, মই লাজ পাবই লাগে, মই ভীৰু, মোৰ দম নাই , মানে আই এম এ কাৱাৰ্ড এন্ড আই একচেপ্ট ইট ........... মই মকটেইলটোত চুমুক এটা দিলো

কাফে হেনৰিক্সৰ পৰা ওলোৱাৰ পাছত গাড়ীখন চলাই দুয়োকে নিজৰ নিজৰ ঘৰত ড্ৰপ কৰি চহী-চলামত ঘৰ পাবগৈ লাগিব ।

কাফে হেনৰিক্সপৰা তিনিওজন বাহিৰ ওলালো । গাড়ীৰ চাবি মোৰ হাতত । ডাক্টৰ চাহাব আগচিটত , ৰনদীপ পাছৰ চিটত । বাৰত হাৰ্ড ড্ৰিংক নোখোৱাৰ বাবে ৰনদীপে তামাম ডাউন দিলে । এনেও পেগ কেইটামান খোৱাৰ পাছত ৰনদীপ চবৰে হামদৰ্দ হৈ যায় ।

- বিকাচ দা, আপোনাৰ কাৰনে এইবাৰ মই চিন্তা কৰিমেই ....... ৰনদীপে পাছৰ চিটত হাউলি কলে ।
- থেংক ইউ, তুমি মোৰকাৰনে যে চিন্তা কৰিবা......চুপাৰমাৰ্কেটৰ ট্ৰেফিক চিগনেলত ব্ৰেক মাৰি মই কলো
- নহয়, সচাকৈ, মোৰ ফ্ৰেন্ড জিতুমনিৰ খুলশালীৰ ফ্ৰেন্ডৰ কাজিন এজনী আছে, আপোনাৰ লগত পুৰা মিলিব.... ৰনদীপে কলে

দিল ভৰি গল । অৱচেতন মনত মানুহে সচা কথা কয় । ৰনদীপ সচাকৈয়ে মোৰ ৱেলউইচাৰ । ট্ৰেফিক চিগনেলটো গ্ৰীন হোৱাত এক্সেলেটৰ দবাই দিলো ।
ৰনদীপক গীতানগৰত ড্ৰপ কৰিব লাগিব, ডাক্টৰ চাহাবক চানমাৰিত , তাৰপাছত ঘৰলৈ যাব লাগিব । গনেশগুৰিৰ ব্ৰীজৰ তলদি চানমাৰিৰ ৰাষ্টাত উঠিলো । ৰনদীপ গালফ্ৰেন্ডৰ লগত ফোনত প্যাৰ-মুহাব্বতৰ কথাত ব্যস্ত । ডাক্টৰ চাহাব চেমি-স্লিপিং মডত আগচিটত ।

গাড়ী চিৰিয়াখানা পোৱাই নাই, কৰপৰা জানো ট্ৰেফিক পুলিচৰ গাড়ী এখন আহি কাষ পালেহি । পুলিচ এজনে হাত জোকাৰি গাড়ী ৰখাবলৈ চিগনেল দিলে । গাড়ীখন ৰখালো । কান্ধত তৰা থকা পুলিচ এজন কাষচাপি আহিল ।
- কৰপৰা, কত ....... পুলিচজনে সুধিলে
- হেনৰিক্স বাৰৰপৰা আহিছো, ডাক্টৰ চাহাবক ঘৰত থবলৈ যাও......... মই কাষৰ চিটৰ চেমি স্লিপড ডাক্টৰ চাহাবক দেখুৱাই কলো
- পুৰা পেল নেকি
- মইনো কি কম
- দেখাতটো ড্ৰাইভাৰ যেন লগা নাই .......... পুলিচজনে মোক নিৰীক্ষণ কৰি কলে
- গাড়ীখন চলাই আছো যেতিয়া ময়েই ড্ৰাইভাৰ । মই এলকহল কনজিউম কৰা নাই , মানে ডাক্টৰ চাহাবে মোক খাবই নিদিলে । ইচ্চা কৰিলে ব্ৰেথ এনালাইজাৰ লগাই চাব পাৰে ......... মই মুখখন মেলি দিলো

অলপ শুঙাশুঙি কৰি পুলিচজন ভানখনত উঠিলেগৈ । ৰনদীপ তেতিয়াও পাছৰ চিটত হাউলি ফোনত গাৰ্লফ্ৰেন্ডৰ লগত কথা পতাত ব্যস্ত ।

ইউনিভাৰচিটী- প্ৰেক্টিকেল পৰীক্ষাত

                                                

এম এছ ছি থাৰ্ড ছেমৰ প্ৰেক্টিকেল ফাইনেল পৰীক্ষা । ছিলেবাছত মুঠতে ৪০ টা মান প্ৰেক্টিকেল আছে । দুদিনত দুটা কৰিব লাগে । কিন্ত সেইবাৰ ইনভিজিলেটৰ আছিল ফুকন ছাৰ । বহুত কাঢ়া । পুৰা ঘুৰাঘুৰি কৰি থাকে । কাকো পুৰিয়া মাৰিব নিদিয়ে ।
প্ৰেক্টিকেল পৰীক্ষাত নকল কৰাটো চাইন্সৰ ষ্টুডেন্টৰ অলিখিত নিয়ম , আমাৰ জন্মস্বত্ব অধিকাৰ । কিন্ত ফুকন ছাৰে প্ৰতিবছৰে সেই অধিকাৰ নিৰ্দয়ভাৱে হৰণ কৰি আহিছে ।

প্ৰথম দিন
ছাৰৰ তীক্ষ্ণ নজৰৰপৰা কোনো বাচি যাব পৰা নাই । কেইজনমানক ৰেড হেনডেড ধৰি ছাৰে ত্ৰাসৰ সৃষ্টি কৰিছে । পুৰিয়া মাৰিব নোৱাৰি প্ৰায়ভাগৰে অৱস্থা কাহিল হৈ গৈছে । মোৰ ভাগত পৰিছে চাৰফেচ টেনচন । গোটেই চেমিষ্টাৰটোত প্ৰেক্টিকেলত পাল মাৰিছিলো । ফলত চাৰফেচ টেনচনে টেনচন দি আছে । যেন-তেন এক্সপেৰিমেন্ট টো কৰিলো । গ্ৰাফ এডাল প্লট কৰিব লাগে । প্লট কৰিলো । কিন্ত এয়া কি , থিয়ৰিমতে গ্ৰাফডাল পজিটিভ এংগোলত থাকিব লাগে , কিন্ত মোৰডাল নিগেটিভ এংগোলত আছে । টেনচন হৈ গল ।
ভাক চালা । পজিটিভ এংগোলত আচ এডাল টানিলো । তাৰপৰা বেক-কেলকুলেট কৰি ডাটা বহীত লিখিলো ।

দ্বিতীয় দিন
প্ৰথম দিনাৰ বৰবাদিৰ পাছত দ্বিতীয় দিনাৰ বাবে সাজু হলো । কিন্ত ভাগ্য বেয়া । ৰেট কন্সটেন্টৰ এক্সপেৰিমেন্ট পৰিল । আগতে কেতিয়াও কৰা নাই, কেনেকৈ কৰে তাকো নাজানো , কিন্ত পকেটত এক্সপেৰিমেন্টটোৰ ডাটা আছে, সেয়াই সাহস । ফুকন ছাৰে অনবৰত টহল দি আছে । পকেটৰপৰা পুৰিয়া উলিয়াও কেনেকৈ । মোৰ কাষত থকা চৌধুৰীৰো একেই অৱস্থা ।
ভাক চালা । দুয়োটা ডিপাৰ্টমেন্টৰপৰা গায়ব হৈ হোষ্টেল পালোগৈ । লগত এক্সামৰ বহী । হোষ্টেলত বহি দুয়োটাই ডাটা-গ্ৰাফ লিখিলো । লান্সৰ পাছত ডিপাৰ্টমেন্টলৈ ঘুৰি গলো । ডিপাৰ্টমেন্ট পাই বুৰেট-পিপেট-বিকাৰ-কনিকেল ফ্লাক্স হিলাহিলি কৰি টাইম কিল কৰি এক্টিং কৰিবলৈ ধৰিলো ।

কনিকেল ফ্লাক্স এটাত টেপ ৱাটাৰ অলপ লৈ বাৰান্দাত এনেয়ে ঘুৰাঘুৰি কৰি আছো । ফুকন ছাৰে দেখা পালে ।
- কি কৰি আছা
- ছাৰ এইটো ডিজল্ভ হোৱা নাই , ষ্টাইৰিং কৰি আছো ............ হাতত থকা ধোৱাবৰনীয়া টেপৰ পানীখিনি থকা কনিকেল ফ্লাক্সটো দেখুৱাই কলো

ছাৰে ফ্লাক্সটো হাতত ললে, অলপ গোন্ধও লৈ চালে । অলপ জোকাৰিলেও । তাৰ পাছত কলে
- হিট কৰা হিট, অলপ কুহুমীয়া গৰম কৰি শ্বেক কৰা , পুৰা চলুবুল হৈ যাব
- থেংক ইউ ছাৰ................... এইবুলি কৈ মই প্ৰেক্টিকেল ৰুমৰ ভিতৰ সোমালো

টেপৰ পানীখিনি পেলাই ফ্লাক্সটোত ডিষ্টিল্ড পানী ভৰালো । অলপ গৰম কৰি আধাঘন্টামানৰ পাছত আকৌ ছাৰৰ ওচৰ পালোগৈ ।
- ছাৰ ডিজল্ভ হৈ গল............ মই চাফা পানী থকা কনিকেল ফ্লাক্সটো ডাঙি ধৰিলো

ছাৰে ফ্লাক্সটো হাতত ললে, অলপ গোন্ধও লৈ চালে । অলপ জোকাৰিলেও । তাৰ পাছত কলে
- গুড, এক্সিলেন্ট, মই কৈছিলো নহয় , বস্তবোৰ অলপ ভাৱিব লাগে, তোমালোকে একেবাৰে চিন্তা নকৰা, অকল কিতাপখন পঢ়িলেই নহয়, বিষয়বস্তৰ গভীৰতালৈ সোমাই যোৱাটোহে আচল চাইন্স ......ছাৰৰ চেহেৰাত এটা সন্টুষ্টিৰ হাহি
- থেংক ইউ ছাৰ ............ মই কলো
- অকে , এতিয়া বুজিলা নহয়, কীপ ইট আপ............. ফুকল ছাৰে থামছ আপ এটা দি দিলে

বাচ আৰু কি । ১৫০ ৰ ভিতৰত ১৩৫ । সেইবছৰ প্ৰেক্টিকেল পৰীক্ষাত হায়েষ্ট নম্বৰ মোৰ নামত ।
( "চৌধুৰী " লৈ ক্ষমাপ্ৰাৰ্থনাৰে)

NET ৰ পৰীক্ষা

                             


ডিচেম্বৰ ২০০৮ ৰ কথা । তেতিয়া এম.এছ.চি থাৰ্ড চেমত । ২৩ তাৰিখে নেট এক্সাম । ২০০৮ ৰ জুনৰ পৰীক্ষাটোত লগত তিনিজনে JRF পাই থৈছে । অশ্বিনী, অপুৰ্ব আৰু প্ৰদ্যুম্ন । গতিকে পৰীক্ষাটোৰ প্ৰতি থকা ভয়ভাৱ বহুত পৰিমানে আতৰি গৈছে । জুনৰ ৰিজাল্টৰ পাছত তিনিওজন আমাৰ বাবে অতি বিশিষ্ট ব্যক্তি । আমি তেওঁলোকৰ পৰা টিপছ লৈ প্ৰিপাৰেচন কৰি আছো ।

মোৰ প্ৰিপাৰেচনৰ মানে পুৰণা কুৱেচন পেপাৰ চল্ভ কৰা । লগৰ বি.বৰুৱা কলেজত ডিগ্ৰী পঢ়ি অহা কেইজন আমাৰ মেন্টৰ । তেওলোকৰ হাতত থাকা আঠখনমান পেপাৰ জেৰক্স কৰি লৈছো । কাকতি ছাৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীৰ ইনচাৰ্জ । ছয়খনমান কিতাপ ইচু কৰাই লৈছো । ৰুমমেট গনেশৰ হাততো সমসংখ্যক কিতাপ । পেপাৰত প্ৰশ্ন চাই কিতাপবোৰত উত্তৰ বিচাৰো ।

পৰীক্ষাৰ দিন আহিল । পান্ডু কলেজত চেন্টাৰ । তেতিয়া দুখন পেপাৰ থাকে । আগেবেলা ফাষ্ট পেপাৰ অবজেকটিভ । পাছবেলা চাবজেকটিভ পেপাৰ । ফাষ্ট পেপাৰ কোৱালিফাই কৰিলেহে ছেকেন্ড পেপাৰ চোৱা হয় ।

লাহে ধীৰে ফাষ্ট পেপাৰখনত ১৪০ টাৰ ভিতৰত ৫৫ টা কৰিলো । হাতৰ ঘড়ীটোলৈ চালো । এঘন্টা এতিয়াও আছে । কুৱেচন বুকলেটখন জপালো, কলমটো জেপত ভৰাই OMR শ্বিটখন ওলোটা কৰি থলো । জাদা লালচ নহী কৰনেকা । বাকী এঘন্টা এঙামুৰি লৈ , মুৰ খজুৱাই, ইফালে সিফালে চাই পাৰ কৰিলো ।

কিন্ত বাহিৰ ওলাই টেনচন হৈ গল । অপুৰ্বই ৮২ টা কৰিছে, চিনিয়ৰ এজনে ৮৮ , মুঠতে ৭০ ৰ তলত কোনেও কথাই কোৱা নাই ।
- অই কেইটা কৰিলি........... চিনিয়ৰ এজনে সুধিলে
- ৫৫ টা ......... মই কলো
- ধুৰ, তোৰ নহব, ৬০ তলত কাট অফ নাহেই, ঘৰলৈ যা, অহাবাৰ ভালকৈ দিবি........ চিনিয়ৰজনে এডভাইচ এটা দিলে

লগত আছিল চৌধুৰী, সিও ৬০ টা মানহে কৰিছে, তাৰো ৬-৭ টা মান ভুল হোৱাৰ সম্ভাৱনা । ব্ৰেকত পৰঠা খাবলৈ গলো । চবেই ডিচকাচ কৰি আছে । আৰু কেইটামান ভুল হোৱা যেন লাগিল ।

চৌধুৰীৰ লগতে আৰু কেইজনমান ছেকেন্ড পেপাৰ নিদিয়াকৈ ঘৰলৈ গলগৈ । মই এক্সাম হললৈ আহিলো ।
কুৱেচন বুকলেটখনত ৪৩ টা চাবজেকটিভ প্ৰশ্ন আছিল । তাৰে ১৪ টা কৰিব লাগে । প্ৰথমতে পেপাৰখন পঢ়ি জনাকেইটা চিলেক্ট কৰি ললো । তাৰপাছত লিখি গলো । এক মিনিটো মুৰ নাদাঙিলো , মানে পুৰা ফালি দিলো ।

তাৰপাছত এটাই চিন্তা, কেনেবাকে ফাষ্ট পেপাৰখনত সৰকি যাও, লাইফৰ গতি লাগি যাব ।

ফ্ৰেব্ৰুৱাৰী মাহত ফাৰ্ষ্ট পেপাৰৰ ৰিজাল্ট ওলোৱাৰ দিন । লগৰ প্ৰায় সকলোৱে ৰিজাল্ট চালে । আমাৰ লগৰ ছয়জনৰ ক্লিয়াৰ হৈছে । অপুৰ্ব, প্ৰদ্যুম্ন, হেমন্ত, পৰমাৰ্থ, জীৱন, ৰাহুল । আনন্দৰ পৰিবেশ এটা বিৰাজ কৰিছে ।

সকলো ঘৰাঘৰি যোৱাৰ পাছত সন্ধিয়া ডিপাৰ্টমেন্টৰ কম্পিউটাৰ লেৱত সোমালো । ইফালে-সিফালে চালো কোনোবাই চাই থকা নাই তো । চুকৰ কম্পিউটাৰ এটা খুলি চি.এছ.আই.আৰ ৱেৱচাইট উলিয়ালো । বহুত নম্বৰ ভৰি থকা পি.ডি.এফ এখন ওলাল । চাৰ্চ অপচনটোত ৰোল নম্বৰটো ভৰালো । ১০৩৪৭২ ।

তৰ্জনী আঙুলিটো এন্টাৰ বুটামটোৰ ওপৰত । হাৰ্টবিট বাঢ়ি গৈছে । বুকৰ ধপধপনি কাণেৰে শুনা পাইছো । ভৱিষ্যত, ভাল-বেয়া, চয়-নিশ্চয়, জয়-পৰাজয়, সুখ-দুখ সকলো যেন নিৰ্ভৰ কৰে এন্টাৰ বুটামটোৱে দিয়া ৰিজাল্টটোৰ ওপৰত ।
মই চকুদুটা মুদি দিলো । এন্টাৰ বুটামটো টিপি হাতদুখনৰে মুখখন ঢাকি ধৰিলো । হাৰ্টবিট তুংগত । লাহে লাহে চকুদুটা মেলি হাতৰ ফাকেৰে চালো ।

কম্পিউটাৰটোৰ স্কীনত নম্বৰ এটা হাইলাইট হৈ আছে , ১০৩৪৭২ ।
স্বতস্ফুতভাৱে হাৰ্টবিট নৰ্মেল হৈ পৰিল , হাতদুখন নিজে নিজ প্ৰসাৰিত হৈ চকীত দেহাটো আউজি পৰিল । প্ৰশান্তিত চকুদুটা মুদ খাই গল, এটা সন্টুষ্টিৰ হাহি, এটা স্বস্তিৰ নিশ্বাস ওলাই আহিল ।

এনে লাগিল যেন লাইফৰ ৯০% টেনচন কৰবাত নোহোৱা হৈ গৈছে ।

( ইউনিভাৰচিটীৰ দিনৰ মোৰ ইন্সপিৰেচন অপুৰ্ব, অশ্বিনী আৰু প্ৰদ্যুম্নলৈ কৃতজ্ঞতা । আনন্দৰ কথা যে তিনিওজন বৰ্তমান কলেজৰ শিক্ষকতাৰ লগত জড়িত )

Sunday, November 1, 2015

জিতুমনিৰ পঞ্জা

                                

- শ্বেৰ ঝুন্দ মে চিকাৰ কৰতে হে লেকিন পঞ্জা তো বব্বৰ শ্বেৰ হি মাৰতা হে......... ডায়লগতো মাৰি জিতুমনিয়ে গহীন ভাৱ এটা দিলে
- এইটো মুহাবৰাতো আগতে শুনা নাই কেতিয়াও........ মই কলো
- এইটো মই বনাইছো....... জিতুই গহীন ভাৱটো কন্টিনিউ কৰি থাকিল

চাইটত কাম-বন একো নাছিল । নাইট শ্বিফটত গৈ বাংক হাউচত শুই দিলো । সাৰ পালো ৰাতিপুৱা ছয় বজাত । বছক DPR দিব লাগে । ৰাতি চাইটত কাম কি হল খবৰ কৰিবলৈ ব্ৰাছডালেৰে দাত ঘহি ঘহি ডেৰিক ফ্লৰ পালোগৈ । জিতুই ডাইৰেকচনেল ড্ৰিলাৰ এজনৰ লগত কথা পাতি আছিল ।

- আচ্চা জিতু , ৰাতি কাম কি হল চাইটত......... মই সুধিলো

জিতুমনিয়ে পেন্দোৱাকৈ মোৰফালে চালে ।
- আচ্চা বিকাচদা, কওকচোন কেটায়নিক পলিমাৰ মাদ কি বস্ত
- নাজানো ভাই
- ক্ৰুড অইলে ক্লেৰ লগত কেনেকৈ ৰিয়েক্সন কৰে
- ......
- গেলেকী গিৰুজান ক্লে আৰু লাকুৱা গিৰুজান ক্লেৰ মাজত ডিফাৰেন্স কি
- এক্সুৱেলি জিতু, নাজানো
- এনেকে কেনেকে হব, আপুনি চোন একোই নাজানে , আই এম ডিচএপইনটেড, এইকেইটাৰ কিন্ত মোক আনচাৰ লাগিব, আপুনি কাইলৈ মোক আনচাৰ দিব লাগিব, ধৰি লওক কাইলৈ আপোনাৰ টেষ্ট, নহলে , মোৰ একো নাই, কিন্ত আপোনাৰ কথা বেয়া হব

লগত থকা স্লামবাৰ্জাৰৰ ডাইৰেকচনেল ড্ৰিলাৰটোৱেও বিষাক্ত হাহি এটা মাৰি দিলে ।

দীৰুদাই মোক আগতেই সাৱধান কৰি দিছিল । চাইটত জিতুৰপৰা সাৱধানে থাকিব লাগে । কিন্ত চাল্লা মোৰেই ভুল । একেবাৰে বব্বৰ পঞ্জা মাৰি ইজ্বতৰ ধজ্জিয়া উৰাই দিলে জিতুৱে ।

ইজ্বতৰ বেলুন ফুটুৱাই চাইটৰপৰা ডি.এছ.এ পালো । আহিয়েই নেটত চাৰ্চ কৰিলো । তিনিঘন্টা চাৰ্চ কৰাৰ পাছতো প্ৰত্যয়জনক একো নাপালো । টেনচন হৈ গল । জিতুই আৰু কিমান ডাউন দিয়ে ঠিকনা নাই ।

চন্দনদাক ফোন লগালো । কেচটো কলো ।
- আৰে টেনচন লব নালাগে, জিতুমনিহে, মই তাক কিমান ফান্ডা দিলে , ফান্ডা দুটামান দিবা , হৈ যাব .......... চন্দনদাই কলে

কিন্ত কি ফান্ডা দিম । ফান্ডা দিবলৈও কিবা জানিব লাগিব । ডি.এছ.এৰ সমুখৰ চাইটত ধুমিলদা আছিল । ধুমিলদাক চাইটৰপৰা উঠাই আনিলো ।
- চোৱা একো টেনচন লব নালাগে, ইউজ টেকনিকেল টাৰ্ম , পলি-কেটায়ন, ব্ৰান্চ-পলিমাৰ, মৰমলিনাইট-কেয়লিনাইট, কেমি-এবচৰপচন, পুৰা দি দিবা হৈ যাব । ফান্ডা দিয়েই কিমান মানুহ চলি আছে, মইয়েই কিমান ড্ৰিলাৰক কিমান ফান্ডা দিলো ........... ধুমিলদাই কলে
- আপোনাৰ চাইটত ড্ৰিলাৰ কোন আছে........ মই সুধিলো
- আমাৰ নীলপদুম আকৌ ....... ধুমিলদাই হাহি এটা মাৰি কলে

পাছদিনা চাইট পাইয়েই জিতুক বিচাৰি বিচাৰি উলিয়াই এগালমান টেকনিকেল টাৰ্ম খটুৱাই ফাল্ডা এগালমান চিপকাই দিলো । আনচাৰবোৰ পাই জিতু পুৰা খুচ হৈ গল ।
- আপুনি এতিয়াহে গুড কেমিষ্ট, ময়ো নেটত আনচাৰকেইটা বিচাৰি পোৱা নাছিলো ....... জিতুই কলে

- চাইট পে ড্ৰিলাৰ গ্ৰুপ মে ঘুমতা হেই লেকিন জো অকেলা ৰহনে কি হিম্মত ৰখতা হে উচে কেমিষ্ট কহতে হে.......... মই কলো
- এইটো মুহাবৰা আগতে শুনা নাই দেখোন...... জিতুই সুধিলে
- এইটো মই বনাইছো......... মই গহীন ভাৱ এটা দি দিলো

চাইটত চিভিল ৱৰ্ক



চাইটটো গেলেকীৰপৰা দুঘন্টা দুৰত । বছে ১৪ দিন নাইট ডিউটি লগাই দিলে । চাইট পালোগৈ । চাইটত পানী আৰু বোকা । বাংক হাউচলৈ যাবলৈ ৰাস্তাৰ অৱস্থা তথৈবছ । মাথা বেয়া হৈ গল । ড্ৰিলিং ইনচাৰ্জক ফোন কৰিলো

- চাইটত কি চিভিল ৱৰ্ক নহয় নেকি, এনেকৈ মানুহে কাম কেনেকৈ কৰিব.....মই কলো
- চাওক মই কি কৰিম কওক , মই সদায়েই মিটিঙত কৈ আছো, ওপৰতো কৈ আছো, কোনেও গুৰত্বই নিদিয়ে , মই একেবাৰে হেল্পলেচ......... ড্ৰিলিং ইনচাৰ্জে একেবাৰে নৰম সুৰত কলে
- আৰে , আপুনি ইয়াৰ ইনচাৰ্জ, এনেকৈ কলে কেনেকৈ হব, চাইটত যে চিভিল ৱৰ্ক হয়, বিলত চাইন কোনে কৰে , আপুনি নকৰে জানো ...... মই সুধিলো
- হেহ, চিভিলৰ মানুহে আমাক চাইন কৰিব দিব
- কোনে চাইন কৰে কওক

ড্ৰিলিং ইনচাৰ্জে চিভিল ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ এজনৰ নাম কলে । ড্ৰিলিং ইনচাৰ্জৰ পৰা তেওৰ ফোন নং লৈ তেওক ফোন লগালো । চাৰি-পাচবাৰ ৰিং কৰাৰ পাছতো ফোন ৰিচিভ নহল ।

চিভিলৰ মানুহজনলৈ এচ.এম.এছ এটা কৰিলো ..........The site is full of water & mud. Approach roads to bunk houses is in very poor condition. Civil work should be done at the earliest looking at the possible injury to on duty personals.
মানুহজনৰ ফালৰপৰা একো ৰিপ্লাই নাহিল ।

কোনোমতে বোকা গছকি, পাইপৰ ওপৰেৰে খোজ কাঢ়ি বাংক হাউছ পালোগৈ ।
পাছদিনা ৰাতিপুৱা , দীৰুদাই কলে........ কালি ড্ৰিলিং ইনচাৰ্জে তোক বেলে দম-চম দি ঠান্ডা কৰি দিলে বোলে
- মোক দম দিলে
- অ, ৰাতিপুৱা বাছত কৈ আছিল , কালি ৰাতি বোলে ফোন কৰিছিলি, তোক বোলে একেবাৰে ঠান্ডা কৰি দিলে
মই ড্ৰিলিং ইনচাৰ্জৰ ফালে চালো ।
- কি হল, চাইটত চিভিল ৱৰ্ক হল নে নাই.......ড্ৰিলিং ইনচাৰ্জে সুধিলে
- নাই, চিভিলৰ মানুহজনক ফোন কৰিছিলো, ৰিচিভ নকৰিলে...... মই কলো
- চিভিলৰ মানুহে ফোন ৰিচিভ কৰি, হে হে, ত্ৰিশ বছৰ হল চাকৰি কৰা, আপোনালোকতো জইন কৰিছেহে , এনেকৈয়ে চলি আহিছে
- ডন্ট ৱৰি, চিভিলৰ মানুহজনে মোক এদিন ফোন কৰিব আৰু চাইটত চিভিল ৱৰ্কো হব............ মই কলো
মিচিকিয়া হাহি এটা মাৰি ড্ৰিলিং ইনচাৰ্জ চাইটৰ ভিতৰলৈ গলগৈ ।

ৰনদীপে কলে........ আপোনাক মই চব অথৰিটী দি দিম , চিভিলৰৰ মানুহৰদ্বাৰা যদি কাম কৰোৱাব পাৰে
- মাইনিং চাইটত , যিকোনো ৱৰ্কিং চাইটৰপৰা দুটা এচকেপ ৰুট লাগে , Oil mine regulation Act-2011, ইয়াত তো দুটা দুৰৰ কথা, এটাও Escape route নাই , চেফটিৰ পুৰা ৰেচপনচিবিলিটি মাইনচ ইন্সটলেচন মেনেজাৰ মানে ড্ৰিলিং ইনচাৰ্জৰ , গতিকে যদি মই কও যে , মই এনেকুৱা কন্ডিচনত কাম নকৰো , তেতিয়া
- নাই কাম আমি বন্ধ কৰিব নোৱাৰো , কোম্পানীৰ বহুত লচ হব............ ৰনদীপে কলে

কাম বন্ধ নকৰিলো । চবেই যদি কাম কৰি আছে, কাৰোৰে যদি একো প্ৰবলেম নাই , নৰমেল মানুহ হিচাপে মোৰো থাকিব নালাগে ।
এঠাইত অনলাইন কমপ্লেইন এটা দি থলো । Complain under examination ষ্টেটাছ দেখুৱাই থাকিলে ।
দুসপ্তাহ তেনেকৈ পাৰ হল । চিভিল ৱৰ্কৰ নামত বিগ জিৰো ।

মই প্ৰথম জইন কৰোতে এনেকুৱা অৱস্থা নাছিল । চাইটত পানী নহৈছিল । কিন্ত যোৱা ডেৰবছৰৰপৰা অৱস্থাবোৰ বহুত বেয়া হৈছে । Waste pit যেতিয়া ফিল্ডৰ লেভেলতকৈ ওপৰত থাকে, তেতিয়া ফিল্ডত পানী নহৈ কত হব ।

এইবাৰ ভালকৈ কমপ্লেইন এটা দিলো , একেবাৰে প্ৰপাৰ ঠাইত , চাইটৰ বোকা-পানীযুক্ত অৱস্থাৰ ফটোসহ ।

মাত্ৰ ডেৰঘন্টা পাছত ফোন এটা আহিল । প্ৰথমদিনা এচ.এম.এছৰ ৰিপ্লাই নিদিয়া চিভিল ইঞ্জিনিয়াৰজনৰ । কমপ্লেইন দিয়াৰ বাবে তেওঁ যথেষ্ঠ অসন্টুষ্ট । তেওঁৰ মতে বৰষুণৰ বাবে আৰু চাইটত অত্যাধিক পানী খৰচ কৰা বাবেহে চাইটৰ তেনে অৱস্থা হৈছে । তেওঁ বোলে কাকো কেয়াৰ নকৰে ।

মই কলো যে......... আপুনি কেয়াৰ কৰে, নকৰে, চাইটত চিভিল ৱৰ্ক কৰে, নকৰে, আপোনাৰ পাৰ্চনেল কথা । কিন্ত চাইটত ৱাটাৰলগিংৰ কাৰনে মোৰ অসুবিধা হৈছে আৰু মোৰ অসুবিধাটো মই প্ৰপাৰ ঠাইত জনাবই লাগিব । আৰু কিয় পানী জমা হৈছে , ৱেষ্ট পিট ৰ লেভেল কিমান, মেটেৰিয়েল কি ব্যৱহাৰ কৰিছে, সেয়া ফটো আৰু ভিডিঅই কথা কব , মই একো নকও ।

চাইটলৈ ফোন কৰিলো । গম পালো যে চিভিলৰ মানুহ বহুতকেইটা লেবাৰসহ আহি চাইটত বালিৰ বস্তা পেলাই আছে ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...