Wednesday, May 14, 2014

অকনমান টোপনিৰ পাছত

১৪ ডেইজৰ অন চলি আছে,
চাৰি দিন আগতে...............
Drill site accommodation (DSA) বাংক হাউচ নং ১৬(A), গেলেকী
DSAৰ কেমিষ্ট পল্টনৰ মাজত ডিচকাচন .....
- ৰীগত ইমান কাম থাকে, ৰেষ্ট লবলৈ টাইমেই নাপাও.... চিচিদাই কলে
- মে টাইম নিকালকে এক-ডেৰ ঘন্টা ৰেষ্ট লে লেতা হু.... ৰাম সতীশ
- মোৰ ৰীগততো কামেই নাই, stuck-up হৈ আছে...... দীৰুদা

ময়ো ডায়লগ এটা মাৰি দিলো... “যোৱা আগষ্টৰ পৰা এনে এটা নাইট শ্বিফট নাই যত মই কম চে কম চাৰিঘন্টা শোৱা নাই”

- কি কৱ বে, ড্ৰিলিং চলি থাকিলেও.. দীৰুদাই সুধিলে
- অ, ন প্ৰবলেম, লেবাৰ কেইটাক ট্ৰেইন কৰি লৈছো, বাচ, কুল
- চাবি এদিন টেংক খালী হৈ যাব, তেতিয়া গম পাবি..... চিচিদাই ৰজনীগন্ধা চোবাই চোবাই কলে
- হে হে, আপোনাতকৈ মোৰ এবছৰৰ বেছি এক্সপেৰিয়েন্স আছে, এই এক্সট্ৰা এক্সপেৰিয়েন্সৰ ওপৰত বেচ কৰি মই ৰীগত ৰেষ্ট কৰো, একদম কুল......... মই উত্তৰ দিলো

দুদিন আগতে.....
নাইট শ্বিফট, ড্ৰিলাৰে ৰীগত পাইপ উলিয়াই আছে, মোৰ কাম বন একো নাই, কিনকিনীয়া বৰষুণ এজাক পৰি আছে, ডিনাৰ কৰি আৰামত শুই দিলো, টেন টু ফাইভ, পুৰা সাত ঘন্টা, ব্ৰেক ফ্ৰী শ্লীপ.......
ৰাতিপুৱা পাচ বজাত এলাৰ্ম বাজিল, ব্ৰাচত কলগেট লগাই দাত মাজি টেংকৰ ওপৰলৈ গলো, ই কি, গোটেই ফিল্ডত মাদ বিয়পি আছে, তলে ওপৰে চালো, কোনফালে লিকেজ হল ধৰিব নোৱাৰিলো, টেংকত চালো, ভলিউমো ঠিকেই আছিল যেন লাগিল

ৰাতিপুৱা মহন্তদাক শ্বিফট হেন্ড ওভাৰ কৰি DSA পালোহি
চিচিদাৰ লগত ডাইনিং হলত ব্ৰেকফাষ্ট কৰি আছো, এনেতে মহন্তদাই ফোন কৰিলে
- হে হে চইকীয়া, ফিল্ডত চোন মাদেই মাদ হৈ আছে, ড্ৰিলিং ইন চাৰ্জ পুৰা গৰম, ৰাতি কৰবাত লিকেজ হল নেকি
- আৰে মহন্ত দা, ৰাতি টেন টু ফাইভ শুলো, ড্ৰিলাৰে পাইপ ইলিয়াই আছে, গতিকে কত কি হল নাজানো

ফোনটো কাটি ব্ৰেডত বাটাৰ লগোৱাত লাগিলো
- কি কেচ হল বে........ চিচিদাই সুধিলে
চিচিদাক কেচটো কলো
- হা হা , এইবাৰ ড্ৰিলিং ইন চাৰ্জে তোক সুদাই নেৰে, খুব দায়লগ মাৰিছিলি, এইবাৰ মজা পাই যাবি........ চিচি দাৰ চেহেৰাত এটা কুল স্মাইল

চিচিদাৰপৰা দীৰুদা, দীৰুদাৰপৰা শ্যামলদা, শ্যামলদাৰ পৰা সতীশ আদি কৰি চেইন ৰিয়েক্সন এটা ইনিচিয়েট হৈ পৰিল
বিভিন্ন চৰ্চ আৰু চেনেলেৰে কেচটো স্প্ৰেড হবলৈ ধৰিলে

দুপৰীয়া লান্স কৰি থাকোতেই জিয়লজিষ্ট এজনে ফোন কৰিলে
- কি হে চইকীয়া , কালি ৰাতি চাইটত মাদৰ বানপানী আনি দিলা বোলে

টেনচন হৈ গল, কেচটো বেয়াকৈ স্প্ৰেড হৈ গলগৈ নেকি, ড্ৰিলিং ইন চাৰ্জে ৱাট লগাই দিব এতিয়া, বছেও কামোৰ দিব, জেং হৈ গল কেচটো, আৰু দুটা নাইট ডিউটি বাকী আছে, সেইকেইটা কোনোমতে ভালে কুশলে পাৰ হলেই হল আৰু, তাৰ পাছত পুৰা ১৪ দিন অফ, বিহুত ঘৰলৈ যাম

টু টেকল এ প্ৰবলেম , দা বেষ্ট ৱে ইজ............ এভইড ইট

এভইডিং ষ্টাৰ্ট কৰি দিলো.......
দুৱেল ছীমৰ চেমচাঙৰ ফোনটোত কোম্পানীৰ ছীমখন চুইচ অফ কৰিলো, এতিয়া কোনেও ফোন কৰি টেনচন দিব নোৱাৰে, দিনটো বাংক হাউচৰ পৰা নোলালো, ৰাতি চাইটত কেতিয়া সোমালো কোনেও গম নাপালে, মানুহটো নট ৰিচেবল হৈ থাকিলো, ৰাতিপুৱা ড্ৰিলিং ইন চাৰ্জক এভইড কৰিবলৈ লেবাৰৰ বাইকৰে চাইটৰপৰা ফুটি দিলো....

টাইম হিলছ এভৰিথিং, কেচটো হোৱাৰ ৩৬ ঘন্টা পাৰ হল

যোৱা সন্ধিয়া,
নাইট শ্বিফটত যাবলৈ ওলাইছো, সমুখৰপৰা ড্ৰিলিং ইন চাৰ্জ অহা দেখি মোবাইলটো টিপা টিপি কৰা যেন দেখুৱাই বেলেগ ৰাষ্টাত উঠিছো আৰু..
- ক্যা চকীয়া কাহা যা ৰহে হো.... ড্ৰিলিং ইন চাৰ্জে মাতিলে
- নহী চাৰ , চোটাপানী কা ৱ আয়া হে হে
- আজকাল হামচে বাত কৰনা চোৰ দিয়া ক্যা
- এইচা তো নহী হে
- ১ বজে কা logging কা টাইম হে, অভী পুল আউট হো ৰাহা হে, স্মুথ পুল আউট হে, মাদ কা আচ্চা ট্ৰিটমেন্ট হে, অচ্চা মাদ বনা হে
- হা চাৰ

ড্ৰিলিং ইন চাৰ্জে চিল মুড এটা লৈ নিজৰ বাংক হাউচৰ ফালে খোজ ললে
ময়ো চিল মুড এটা লৈ ফোনটোত কোম্পানীৰ ছীমখন এক্টিভেট কৰিলো

ৰাতি চাইটত logging হল, মই টেন টু ফাইভ....... মানে ৰেষ্ট অলপ লৈ ললো

বিহু এন্ড বিহু

এইকেইদিন জুবিন নামৰ চিংগাৰটোৰ ওপৰত টেমা চুটি আছে, চাল্লা বাপতি সাহোন বিহুটোৰ মঞ্চত বিজতৰীয়া গান গাবলৈ আহে,
শিবসাগৰত তিনিবছৰ থকাৰ পাছত অসমীয়া চেন্টিমেন্টটো অলপ বেছিকৈয়ে বেছি হৈ গৈছে

ৰাজীবৰ ঘৰলৈ বিহু খাবলৈ গৈছো, ৰাজীৱে তেজপুৰ ইউনিভাৰচিটিত কালচাৰেল ষ্টাদিজত কিবা ৰিচাৰ্চ কৰি আছে, বৰাচাউলৰ জলপান খাই খাই নিউজ নাও চাই আছো, নিউজ নাওত জুবিনৰ জুবিনামি দেখুৱাই আছে

- ইয়াৰ বহুত দম্ভালি হৈছে, নিজকে বহুত ডাঙৰ ছিংগাৰ বুলি ভাৱে, আমাৰ বিহুক অপমান কৰিবলৈ সাহস কৰে........ মই কলো
- আচ্চা, কচোন অসমৰ কিমান মানুহে বিহু পালন কৰে..... ৰাজীবে সুধিলে
- আৰে , বিহু অসমৰ জাতীয় উতসৱ, চবেই বিহু পালন কৰে আকৌ
- বৰাক ভেলীত বিহু পালন কৰেনে
- নকৰে
- নেপালী, চাহ -বাগানীয়া
- নকৰে
- মুচলমানসকলে
- নাজানো
- বৰপেটা-ধুবুৰীৰ মুচলমানসকলে বিহু পতা দেখিছ
- নাই
- অসমত হিন্দু কিমান শতাংশ
- ৬৫
- এতিয়া কচোন অসমৰ ভাষিক গাঠনি কেনেকুৱা
- Assamese (48.8%), Bengali (27.5%), Bodo (4.8%), Nepali (2.12%), Hindi(5.88%), Other (11.8%)
- অসমীয়া বাদ দি বেলেগ ভাষাত তো বিহু গাব নোৱাৰি
- হয়
- তেন্তে অসমীয়াত বিহু গোৱা অসমীয়া থাকিল কিমান
- ধৰাহল দুই তৃতীয়াংশ বাংলাভাষী মুচলমান, তেতিয়া অসমীয়াত বিহু গোৱা অসমীয়া থাকিল ৩৫ শতাংশ
- মানে মুঠ অসমীয়াৰ ৩৫ শতাংশ
- ও
- আৰু সেই ৩৫ শতাংশৰ ৭০ শতাংশই গাও অঞ্চলত থাকে
- হয়তো থাকে
- গতিকে গুৱাহাটীৰ বিহু ফাংচন এখনত থকা দৰ্শকৰ "অসমীয়াত বিহু গোৱা অসমীয়া" কিমান , দহৰ চাৰিজন
- ও
- আৰু ৰাতি দৰ্শকবোৰে বিহু নহয়, জুবিনক শুনিবলৈ যায়
- ও
- গতিকে জুবিনে নিজৰ ইচ্ছানুযায়ী গান গাবই
- কিন্ত বিহুমঞ্চত বিহু গাব লাগিবই
- তেনেকৈ ভৱা মানুহ দহৰ চাৰিজনহে, বাকী ছয়জনেই নাভাৱে, বিহুতলীবোৰত যেতিয়া হুচৰি প্ৰতিযোগিতা চলি থাকে, তেতিয়া থকা দৰ্শকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা
- ও
- দোভাগ নিশালৈ মেক্সিমাম মানুহে বিহুমঞ্চবোৰত বিহু চাবলৈ যায় নেকি, ফ্ৰী কালচাৰেল প্ৰগ্ৰামহে চাবলৈ যায়, ফ্ৰীতে জুবিন-পাপন-প্ৰিয়ংকা-জুবিলী
- মই কিন্ত বিহু চাবলৈ যাও
- ঠিক আছে , পপুলাৰ বিহু গান এটা গাচোন
- জোনবাই এ.. বেজী এটা দিয়া বুলি....
- ধুৰ, সেইটো বিহুসুৰীয়া আধুনিক গীত, বিহুগীত নহয়
- ঢোল বজাব জান, পেপা, গগনা, ভালকৈ বিহু নাচিব জান নে নাই
- সৰুৰেপৰা গুৱাহাটীত আছো, মানে কাম চলাই দিব পাৰো, মানে ইয়াত টাইম......
- দহৰ চাৰিজনৰ মাজত তিনিজনেই তোৰ নিচিনা
- ও
- সেইবাবেই জুবিনে হিন্দী গান গায়, য়া আলি, মদদ আলি , মানে আল্লাক মদদৰ কাৰণে মাতে

কথাৰ মাজতে বৰাচাউলৰ বাতিটো শেষ হল...
নিউজ নাওত দি আছে, জুবিনৰ জুবিনামি কিমান দিনলৈ..........

মিন্ট্ৰা ডট কম

(১)

চাকৰিত জইন কৰাৰেপৰা অনলাইন শ্বপিংটো এটা চখ হৈ পৰিছে । বিশেষকৈ যেতিয়া ডিচকাউন্ট থাকে তেতিয়া চখটো আৰু বাঢ়ি যায় ।
মবাইলত মেচেজ এটা আহিছে, ৪০% অফ অন অল ব্ৰান্ডচ ইন মিন্ট্ৰা ডট কম ।

বিহুৰ সময়, টিচাৰ্ট কিনিম বুলি ভাবিয়েই আছিলো । অফাৰ দেখি আৰু ৰব নোৱাৰিলো । লেপি অন কৰি মিন্ট্ৰাত লগ ইন কৰিলো । হৰেক ৰকমৰ বস্ত, এডিডাছ, ৰিবক, পুমা, পেপে জিনছ ।
ৰিবকৰ এটা আৰু পুমাৰ টি-চাৰ্ট এটা চিলেক্ট কৰিলো । ডিচকাউন্ট ধৰাৰ পাছত বিল হলগৈ ২৪০০ টকা । ব্ৰান্ডেড বস্তৰ কোৱালিটি ভাল, বহুত দিন লাষ্টিং কৰে, দাম লবই ।

এসপ্তাহৰ পাছত মিন্ট্ৰাৰ কনচাইনমেন্ট আহি পালেহি । পেকেট দুটা খুলিলো । টি-চাৰ্ট দুটা একদম ঝাক্কাছ । পিন্ধি চালো, কুল, চালিয়া, কমফৰটেবল ।
পুমাৰটো চাইনিং ব্লেক, মাজত হোৱাইট ষ্ট্ৰাইপ এটা আছে । ৰিবকৰটো লাইট গ্ৰীণ আৰু য়েলোৰ কমবাইন্ড পেটাৰ্ণৰ ।

কিন্ত........... চাল্লা, এইটো হব বুলি ভাবিছিলোৱেই, ধুৰ, নিজৰ ওপৰতে টিঙিচকে খং এটা উঠি গল
ৰিবকৰটোৰ কলাৰৰ কাষতে আধা ইঞ্চি ব্যাসাৰ্ধৰ মটীয়া কালাৰৰ স্পট এটা আছে । মানে ডিফেক্টিভ মাল, ধুৰ.....
কেইবছৰমান আগত হোৱা হলে মই সেই স্পটটো মাইন্ড নকৰিলোহেতেন । কিন্ত এতিয়া মোৰ ধাৰণাবোৰ সলনি হৈছে, বিশেষকৈ নতুন চাকৰিটো জইন কৰাৰ পাছত মোৰ চচাইটি চেঞ্জ হৈছে, এতিয়া দাগ থকা ফ্লড কাপোৰ পিন্ধি পাৰ্টি বা তেনে আন ৰাজহুৱা অনুষ্ঠানলৈ যোৱাৰ কথাটো ভাবিবই নোৱাৰো । আৰু ঘৰত, ধেই কোনোবাই দেখিলে মোৰ ইজ্বত কত থাকিব ।

তেন্তে কি কৰো । ৰিবকৰ টি-চাৰ্টটো মোৰ বাবে এটা ইউজলেচ পিচ, ধুৰ.....
হঠাত আইডিয়া এটা মনলৈ আহিল । মোৰ মামা এজন আছে । গাৱৰ ভেঞ্চাৰ স্কুলৰ মাষ্টৰ কৰে । খুব নীতি-আদৰ্শৰ কথা কয় । চাকৰি পোৱাৰ আগতে মোৰ দুৰ্দিনৰ সময়ত মামাই বহুত সহায় কৰিছিল । সেইবাবে মামাৰ ওচৰত মই অলপ ধৰুৱা হৈ আছো । মামাকেই বিহুৰ গিফট বুলি দি দিও । কেচ চেটলড.........

(২)

দিন বাগৰি গল । আচলতে বহুত দিনেই পাৰ হল । এই সময়চোৱাত মই দুটামান প্ৰমোচন পালো । দুঠাইত ট্ৰান্সফাৰ হোৱাৰ পাছত ছমাহ আগতে গুৱাহাটীলৈ বদলি হৈ আহিছো । এইখিনি সময়তে বিয়া পাতিলো, সংসাৰ হল । হাই চচাইটিৰ লগত মিলা মিছা বেছি হল আৰু গাৱৰ বোকা পানী গছকিবলৈ যোৱাটো প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিল ।

দেওবাৰ এটা , দুপৰীয়া গা-পা ধুই ড্ৰয়িংৰুমত বহি প্লাজমা টিভিটো অন কৰি লৈছো ।
- হেৰা শুনিচানে, তোমাৰ মামাই ফোন কৰিছিল, আদাবাৰী পাইছেহি, আমাৰ ঘৰলৈ আহিব বোলে...... ৱাইফিয়ে চিঞৰিলে
- কোনজন মামা
- সেই যে মাষ্টৰ কৰে
- আচ্চা ঠিক আছে
- আৰু শুনা, লৰাই এইবাৰ মেট্ৰিক দিছে ছাগে, কলেজত পঢ়াব, তুমি পইচা পাতি নিদিবা কিন্ত, কৈ দিছো
- হব দিয়া হে
- কি হব দিয়া, পইচা কি খুজিলেই পাই নেকি, সিবাৰ যে টকা বিশহাজাৰ দিছিলা, মই নাজানো বুলি ভাবিছা নেকি, কথা বেয়া হৈ যাব কিন্ত.... ৱাইফিয়ে একেবাৰে টান সুৰত কলে

ট্ৰান্সফাৰ হৈ বেচ কেইবছৰমান অসমৰ বাহিৰত আছিলো । সেই সময়চোৱাত খুব বেছি চাৰিবাৰ ঘৰলৈ আহিছো । যোৱাবাৰ আহোতে মামী জি.এম.চি.এইচত । জন্ডিছ । মামাক লগ ধৰিলো । মামাই পইচা খোজা নাছিল । ভেঞ্চাৰ স্কুলখন চৰকাৰী হল যদিও গাৱৰ মাষ্টৰৰ হাতত পা-পইচা কিমান থাকে অনুমান কৰিলো । টকা অলপ মামাক দি দিলো । ৱাইফিয়ে গম পাই বৰ হুলস্থুল লগালে । পাছত গোৱালৈ ট্ৰিপত লৈ যাম বুলি কোৱাতহে চুপ হল । কিন্ত তেতিয়াৰেপৰা ৱাইফিয়ে মোৰ ফালৰ ইষ্ট কুটুম্বক একেবাৰে দেখিব নোৱাৰে ।

মামা আহিল, লগত মামাৰ লৰাটো,
মামাই মামীয়ে দিয়া গামোচা এখন আৰু বৰাচাউলৰ টোপোলা এটা আগবঢ়াই দি কলে
- হু ল, মামীয়েৰে দিছে, পাৰিলে বিহুত আমাৰফালেও পাক এটা মাৰিবি
- চাও, জানেইটো কাম বহুত, সময় নাপাৱেই..... মই কলো
- কামৰ বহুত হেচা পৰিছে ছাগে
- ও, ধন ডাঙৰেই হল, বহুত দিন হল দেখাই নাই ইয়াক, কিমান পালেগে
- টেন পাইছেগৈ, তোৰ সমান চোকা নহলেও ঈশ্বৰৰ কৃপাত গৈ আছে আৰু

মামাৰ লৰাটোক ঘৰত ধন বুলি মাতে, সৰুতে সি বৰ মৰমলগা আছিল, লৰাটোলৈ চালো, লৰাটো মামাৰ নিচিনাই হৈছে , অলপ ক্ষীণ, কিন্ত টি-চাৰ্টটো জোখতকৈ অলপ ডাঙৰ হৈছে, হলৌচোলাৰ দৰে ওলমি আছে
- চোলাটো কোনে কিনিছিলনো, অলপ ডাঙৰ হল নেকি
- অ সেইটো, সেইটো তই যে এবাৰ বিহুত দিছিলি, পিন্ধিয়েই গাটো একেবাৰে শাত পৰি যায় অ, ইমানদিন হল, একেবাৰে নতুন হৈয়ে আছে, অলপো ৰং যোৱা নাই, মামীয়েৰে বৰ আটোম-টোকাৰীকৈ ৰাখে, মোক পিন্ধিবই নিদিয়ে, তই মৰমত দিয়া বস্ত যে
- ও
- জাননে ধন, ককায়েৰে যেতিয়া মোক এই চোলাটো দিছিল, তেতিয়া এই চোলাটোৰ দাম মোৰ দৰমহাতকৈও বেছি আছিল । কাপোৰটো বৰ ভাল আছিল । চা আজি অতবছৰে একেই হৈ আছে ......... মামাই মামাৰ লৰাজনক উদ্দেশ্যি কলে

কব নোৱাৰাকৈয়ে মোৰ হাতখন মামাৰ লৰাজনে পিন্ধি থকা সেউজীয়া-হালধীয়া স্পৰ্টিংটোৰ কলাৰটোৰ পিনে গল । কলাৰটো অলপ মোটোকাই দিলো । আধা ইঞ্চি ব্যাসাৰ্ধৰ মটীয়া দাগ এটা ওলাই পৰিল ।

মটীয়া দাগটোৰ অৱস্থিতি মোৰ অন্তৰৰ ঠিক সোমাজতে অনুভুত হল ।

সংযোজন-
হয়তো এটা সময়ত কাহিনীটোৰ এটা চিকুৱেন্স এনেকুৱাই হলহেতেন.... কিন্ত নহল
ডিফেক্টিভ স্পৰ্টিংটো লিৰিকি বিদাৰি থাকোতেই, মিন্ট্ৰাৰপৰা ফিডবেক লবলৈ কল এটা আহিল
ফোনটোৰপৰা গম পালো যে মিন্ট্ৰা ডট কমৰ এটা এক্সচেঞ্জ কাম ৰিটাৰ্ণ পলিচি আছে ।
মিন্ট্ৰা ডট কমত লগ ইন কৰি এক্সচেঞ্জ প্ৰডাক্ট বুটামটো টিপিলো ।
মোৰ চাইজ XL , সেইটো সলনি কৰি M কৰিলো ।
মামাৰ চাইজ M
হয়তো কেইবছৰমান পাছত মামাৰ লৰাটোৰ চাইজো M হবগৈ

মিন্ট্ৰা ডট কমৰ এক্সচেঞ্জ পলিচিয়ে মোক দাগ এটাৰপৰা বচাই দিলে ।

চেন্টি আৰু ইলেকচন

ইলেকচনৰ বতৰ । হাটে-বাটে, কাগজে-পত্ৰই সতেচন নাগৰিকসকলৰ দপদপনি, পৰিবৰ্তন, বিবেক ভোট, দিছ দেট এটচেত্ৰা, এটচেত্ৰা
কেতিয়াবা হাহি উঠে, হাহি উঠাৰো কাৰণ আছে ।

চন ২০০৮, ইউনিভাৰচিটিৰ কথা, তেতিয়া আমি থাৰ্ড চেমিষ্টাৰত । ইউনিভাৰচিটিৰ ইলেকচনৰ সময় ।
সেই সময়ৰ জি.এছ পদৰ ষ্ট্ৰং কেন্ডিডেট এজন কেম্পেইনিংৰ বাবে ডিপাৰ্টমেন্টলৈ আহিল ।
(ষ্ট্ৰং কেন্ডিডেট মানে বেকগ্ৰাউন্ডত ছাত্ৰ সংগঠন এটা আছে)

গেলাৰীত বহি আছো । কেন্ডিডেটক এজনে চিনাকি কৰি দিলে । তাৰ পাছত কেন্ডিডেটে ভাষণ দিলে । অলপ সময় পাছত কেন্ডিডেটে কলে
- এতিয়া আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমাৰ কালচাৰেল গ্ৰুপ আছে

লৰা এটাই আহি গীটাৰত টিউন দিছিলহে, মই ইন্টাৰফেয়াৰ কৰি দিলো
- এক মিনিট, মোৰ এটা কুৱেচন আছে

গীটাৰিষ্ট ৰৈ গল, কেন্ডিডেটে মুখত হাহি এটা লৈ আগুৱাই আহিল
- মানে গান-চান তো শুনিমেই, কিন্ত যিহেতু আপুনি জি.এছ. হব যেনেই লাগিছে, আপোনাক প্ৰশ্ন এটা সোধো......... মই কলো
- কওকচোন
- মানে, আমাৰ ইউনিভাৰচিটিৰ বৰ্তমান আৰ্থিক সংকট চলি আছে, ইয়াৰ বাবে আপোনাৰ কিবা প্লেন আছে নেকি
- আমি চৰকাৰৰ সৈতে যোগাযোগ কৰিম, প্ৰয়োজন হলে সকলো ছাত্ৰ-ছাত্ৰী মিলি জংগী আন্দোলন গঢ়ি তুলিম
..............কেন্ডিডেটৰ পাছফালে থকা চাপৰ্টাৰ অৰ্থাত হোষ্টেলীয়ান গ্ৰুপৰ হাতচাপৰি, কেন্ডিডেটৰ মুখত হাহি

- আচ্ছা, সেইটো বুজিলো, কিন্ত পৰত আশ-বনত বাস , কথাটোতো জানেই , আপুনিও জানে, আমিও জানো, আনৰ আগত হাত পতাতকৈ ইউনিভাৰচিটি আৰ্থিক দিশত স্বনিৰ্ভৰশীল হবপৰা কিবা প্লেন আছে নেকি..... মই আকৌ সুধিলো
- মানে কেনেকুৱা প্লেনৰ কথা কৈছে, আপুনিয়ে কওকচোন
- মানে ধৰক ইউনিভাৰচিটিৰ ওচৰতে হাইৱেটো আছে, চো হাইৱেত ঠায়ে ঠায়ে হৰ্ডিং লগাবলৈ দি ইউনিভাৰচিটিয়ে দুটকামান পাব পাৰে দেখোন, অন্তত পি.জি.এছ.ইউৰ খৰচটো ওলাব, তাৰ উপৰি ইউনিভাৰচিটিত ইমান জলাশয় আছে, তাতে মীন পালন কৰিব পাৰি দেখোন, হোষ্টেলৰ লৰাই ফ্ৰীতে মাছো খাবলৈ পাব, ৰাহি হোৱা মাছকেইটা বেচি পোৱা টকাৰে হোষ্টেলত দেখোন চুণ তেলো দিব পৰা যাব

মাছ বেপাৰৰ আইডিয়া শুনি চবেই হাহি দিলে, ওচৰতে প্ৰদ্যুম্ন বহি আছিল
- কিমান কামোৰ দিয়া হে, ইলেকচনত জিকাৰ পাছত চব নাপাত্তা হৈ যাব , চব ফান্ডাবাজি, নাচ-গান এনজয় কৰি টাইম পাছ কৰিব লাগে

মই হাহি এটা মাৰিলো, কেন্ডিডেটেও হাহি এটা মাৰি কলে, "আইডিয়াকেইটা ভালেই, মই জিকিলে এইবোৰৰ ওপৰত নিশ্চয় বিবেচনা কৰা হব "

তাৰ পাছত গেলাৰীত গান-বাজানা ষ্টাৰ্ট হৈ গল । কেন্ডিডেটেও আমাৰ অনুৰোধত গান এটা গাই দুপাকমান নাচি দিলে ।

মৰেল অৱ দা ষ্টৰী-
কলেজ-ইউনিভাৰচিটিৰ সময়ত আমি সৰহভাগ শিক্ষিত যুব নাগৰিকেই হোষ্টেল চেন্টি, বন্ধুত্বৰ খাতিৰত, গাৰ্লফ্ৰেন্ডৰ চেন্টিত , যিয়ে বেছিকৈ খুৱায় তাক ভোট দিও........
আৰু আমিয়েই এক্সপেক্ট কৰো যে দেশৰ ডাঙৰ ইলেকচনত অশিক্ষিত, অৰ্ধশিক্ষিত নাগৰিকসকলে তেওলোকৰ "চেন্টি" বোৰ বাদ দি সকলোতকৈ যোগ্য প্ৰাৰ্থীজনক নিৰ্বাচিত কৰিব
ভাল কৌতুক নহয়নে !!!!

কুল ভোটিং

চিচিদাই কেতিয়াবা বহুত টেনচন দিয়ে । যোৱা সপ্তাহৰ কথা । চিচিদাৰ হাল-চালৰ খবৰ লবলৈ চিচিদাৰ ঘৰলৈ গলো । কথাই কথাই ইলেকচনৰ কথা ওলাল ।
- এইবাৰ ভোট দিবিনে নাই........ চিচিদাই সুধিলে
- মানে কথাটো হল, ২৫ ৰ পৰা ডিউটি আছে, ২৪ তাৰিখে ৰাতিপুৱা ওলাব লাগিব, কত নো দিব পাৰিম, গতিকে ..... মই লাহেকে কলো
- কি গতিকে-চতিকে , আমাৰ নিচিনা পঢ়া লিখা মানুহেই যদি ভোট নিদিয়ে কেনেকৈ হব, মই গাড়ীত তেল ভৰাই গাৱলৈ গৈ ভোট দিমগৈ, কিয়, কাৰণ মই এজন দায়বদ্ধ চিটিজেন, প্ৰতিজন সচেতন নাগৰিকে সংবিধানপ্ৰদত্ত ভোটৰ অধিকাৰৰ মুল্য হৃদয়ংগম কৰিলেহে দেশ সলনি হব, সমাজ সলনি হব

মুঠৰ ওপৰত চিচিদাই আধাঘন্টামান তামাম লেকচাৰ দি চিৰিয়াচ ফেচিয়েল এক্সপ্ৰেচনেৰে শেষত কলে, “এইবাৰ যদি তই ভোট নিদিয় তেন্তে তোৰ-মোৰ দোস্তি খতম ।“

বৈধ্যম কামোৰ খাই মই কলো, “হব দিয়ক, লাগিলে ছুটীয়েই লম কিন্ত ভোটটো দিহে যাম”

২৪ এপ্ৰিল, ৰাতিপুৱা ৬ টাত উঠিলো । গা-পা ধুই বস্তু পেকিং কৰি ৬-৫০ ত বেলতলাৰ পলিং বুথ পালোগৈ ।
চাল্লা, তামাম দীঘল লাইন । মানুহবোৰ আগৰেপৰা শাৰী পাতি আছে । কৰবাত চিনাকি মানুহ আছে নেকি চালো । কথা পতাৰ চলেৰে লাইনত সোমাই দিব পৰা যাব । নাই, ৰিক্স নলও আৰু, এতিয়া লাইনত থিয় হলে কমেও এক-ডেৰ ঘন্টা, মানে চাৰে আঠটা, তাৰ পাছত বাছ ধৰোতে নটা বাজিব । শিৱসাগৰ পাও মানো শ্বিফটৰ বাছ ওলাই যাব । আবেলি আকৌ গেলেকীলৈ বাছ-টেম্পো একো নাপায় । মিচামিছি কামোৰ খাই যাম ।
কেলকুলচন এটা কৰি খানাপাৰালৈ পোনাই দিলো । প্ৰাইভেট বাছ এখনত ভাল চিট এটা পালো । কানত হেডফোন লগাই চিটত আউজি দিলো ।

ৰাতিপুৱা দহটা বজাতে চিচিদাই ফোন কৰিলে
- ভোট দিলি নে নাই
- দিলো
- এতিয়া কত
- বাছত
- কি পালি
- নগাও
- নগাও পালিয়েই নে, ভোট নিদিলি যেন পাও
- কিয় নিদিম, ৰাতিপুৱাই লাইন পাতি ভোট দি দৌৰাদৌৰিকৈ বাছ ধৰিলো কোনোমতে
- সচাই কৈছ তো, চাবি কিন্ত, ৰিস্তা খতম হৈ যাব

অকে বুলি কৈ ফোনটো কাটি দিলো । মাজে মাজে মোৰ মুখেৰে মিছা কথা অটমেটিকেলি ওলাই যায় । চিচিদাকো গাজা মাৰি দিলো । নহলে আকৌ ফোনত কামোৰ দিব ।

পাৰফেক্ট টাইমত শিবসাগৰ পালো । শ্বিফটৰ বাছ ধৰি আৰামত ড্ৰিল চাইট একমোডেচনত সোমালো ।
ৰীগত মৌজ-মস্তিৰে ডিউটি চলি আছে । এইবাৰ নতুন টেনচন এটা হৈ গল । তিনিদিন পাছত চিচিদা ড্ৰিল চাইট একমোডেচন পাবহি । তেতিয়া যদি গম পায় যে মই মিছা কথা কৈছো আকৌ জেং হৈ যাব । যেনে-তেনে চিচিদাক চলিড প্ৰুফ দি কলভিন্স কৰাব লাগিব যে মই ভোট দিহে আহিছো ।

ভোট দিয়া মানুহৰ তৰ্জনী আঙুলিত চিঞাহীৰ দাগ এটা থাকে । মোৰতো আঙুলিত দাগেই নাই । চিচিদাৰ নিচিনা এক্সপেৰিয়েন্সড মানুহে লগে লগেই গম পাই যাব । কি কৰা যায় চিন্তা কৰাত লাগিলো ।
নেটত চাৰ্চ কৰিলো......... হাউ টু প্ৰিপেয়াৰ ইংক
লিংক কেইটামান ওলাল, আধাঘন্টামান লিংক কেইটাৰ মেটেৰিয়েল পঢ়িলো, চিয়াহীৰ বাবে লাগে চিলভাৰ নাইট্ৰেট, মেটেল কমপ্লেক্স, পিগমেন্ট........
ড্ৰিল চাইটৰ লেৱত চিলভাৰ নাইট্ৰেট থাকেই । লেবাৰ কেইটাক কৈ আৰু কেইটামান বস্ত অনাই হিট এন্ড ট্ৰায়েল কৰাত লাগি গলো । কেইবাবাৰো অসফল হোৱাৰ পাছত ডাঠ কলা বস্ত এটা বনিল । আঙুলিত লগাই ট্ৰায়েল মাৰি চালো । পানীৰে ঘহি ধোৱাৰ পাছতো ক'লা ৰংটো যোৱা নাই.......... কুল

২৭ এপ্ৰিল, চিচিদা অহাৰ দিন ।
ড্ৰিল চাইট একমোডেচনৰ গেটত চিচিদাক ৰিচিভ কৰিবলৈ ৰৈ আছো । শ্বিফট বাছ আহি পালেহি । কান্ধত মস্ত ডাঙৰ বেগ এটা দাঙি ৰজনীগন্ধা চোবাই চিচিদা বাছৰপৰা নামিল ।
- চিচিদা........... মই চিঞৰি মাতিলো

ৰজনীগন্ধাৰ পিক পেলাই চিচিদাই মোৰ ফালে চালে ।
মই হাতখন দাঙি তৰ্জনী আঙুলিটোৰ কলা চিয়াহীৰ দাগটো চিচিদাক দেখুৱালো ।
চিচিদাই স্মাইল এটা দি বুঢ়া আঙুলি দাঙি থামছ আপ দিলে ।

মই হাতৰ দুটা আঙুলি আকাশৰ ফালে দেখুৱাই V ফৰ ভিক্টৰী চিম্বলটো বনাই দিলো........

হৃদয়হীনতাৰ এদিন


(১)
ছাৰ বহুত ভাল মানুহ । ছাৰে নিশ্চয় সহায় কৰিব........ বাংক হাউচটোৰ ভিতৰত সোমাবলৈ লৈ বাবুল আলিয়ে মনে মনে ভাবিলে

বাবুল আলি বাংক হাউচটোলৈ সোমাই গল । ছাৰে লেপটপত কিবা টাইপ কৰি আছিল । বাবুল আলিয়ে দৰখাস্তখন ছাৰলৈ আগবঢ়াই দিলে । ছাৰে কাগজকেইখন চালে । এখন দৰখাস্ত, লগত অসম মেডিকেল কলেজৰ ডায়গনিচৰ ৰিপৰ্ট । ৰেডিয়লজিষ্টৰ আখৰকেইটা ছাৰে চিনি পালে । পলাশ বৰদলৈ, হায়াৰ ছেকেন্ডাৰীৰ ক্লাছমেট ।
- ছাৰ জানেইতো , মানুহজনীৰ অসুখ, ডাক্টৰে ব্ৰেইন হেমাৰেজ হৈছে বুলি কৈছে, বাহিৰলৈ নিব লাগিব বোলে....... বাবুলে কলে
- ব্ৰেইন হেমাৰেজ, অপাৰেচন কৰাব লাগিব, বহুত পইচা লাগিব, লাখৰ ঘৰত
- হয় ছাৰ, সেয়েহে ড্ৰিলিং ইনচাৰ্জ ছাৰলৈ এপ্লিকেচন কৰিছো, পইচা-পাতি নায়েই, অলপ সহায় পালে সকাহ পালোহেতেন
- বেয়া নোপোৱা যদি এটা কথা কও
- কওকচেন ছাৰ
- তোমাৰ আৰ্থিক অৱস্থা ভাল নহয়, তিনিজনীকৈ ছোৱালী আছে নহয় জানো
- হয় ছাৰ, এজনী হায়াৰ ছেকেন্ডাৰী, এজনীয়ে মেট্ৰিক দিছে, আনজনী এইট পাইছে
- মানুহজনীৰ বেমাৰৰ নামত বহুত পইচা খৰচ হৈছে, মাটি-বাৰীও বিক্ৰী হৈছে ছাগে
- হয় ছাৰ, ভেটিটোহে বাকী আছেহি
- লাখ টকা ভৰি মানুহজনীৰ চিকিতসা কৰোৱাতকৈ সেইখিনি টকা ছোৱালী তিনিজনীৰ পঢ়া-শুনাত খৰচ কৰা, নিজৰ ভৰিত নিজে থিয় হব পৰাকৈ সিহতক শিক্ষিত কৰি তোলা
- কিন্ত মোৰ মানুহজনী
- ঢুকাই থাকিব, কিন্ত চিকিতসাৰ নামত বাটৰ ভিকহু হৈ যাবা, তেতিয়া তোমাৰ ছোৱালী তিনিজনীৰ কি হব । মই তোমাক নিৰাশ কৰিব খোজা নাই । বি প্ৰেক্টিকেল । জীৱনত কিছুমান সিদ্ধান্ত কষ্টকৰ হয়, কিন্ত ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব । মানুহজনী যিমানদিন জীয়াই থাকে ভালকৈ ৰাখা । বাচ
- কিন্ত ছাৰ
- চোৱা, তোমাৰ অৱস্থাটো মই বুজি পাইছো । এপ্লিকেচনখন ৰীগৰ ড্ৰিলিং ইনচাৰ্জক দিবা, তেও যি কৰে কৰিব, আৰু মোৰপৰা এই ক্ষেত্ৰত একো আশা নকৰাই ভাল ।

এটা বিষন্ন মন লৈ বাবুল আলি বাংক হাউচৰপৰা ওলাই আহিল । ইমানদিনে ছাৰক বহুত ভাল বুলি ভাবিছিল । কিন্ত আচল ৰুপটো আজিহে ওলাই পৰিল । তেও যে প্ৰকৃততে এজন হৃদয়হীন মানুহ । ছাৰৰ প্ৰতি অতদিনে থকা শ্ৰদ্ধাবোৰ নিমিষতে আকাশত মিলি পৰিল ।

(২)

বাবুল বাংক হাউচটোলৈ সোমাই অহাৰ সময়ত মই লেপটপত এটা পাৱাৰপইন্ট বনাই আছিলো , হাও টু কোৱালিফাই নেট । বাবুল আলিয়ে দিয়া মেডিকেল ৰিপৰ্টটো ডা. পলাশ বৰদলৈয়ে চহী কৰা । ৰিপৰ্টটো পঢ়িলো । ব্ৰেইন হেমাৰেজ, কন্ডিচন ক্ৰিটিকেল, নিড টু অপাৰেট চুন ।
বাবুল আলি বহুত আশাৰে মোৰ ওচৰলৈ আহিছিল । তাৰ সলনি নিৰুতসাহিত কৰি মই পঠিয়াই দিলো ।

বাবুল আলি যোৱাৰ এঘন্টামান পাছত ৰফিক মোৰ বাংক হাউচলৈ আহিল । বাবুল, ৰফিক একেটা শ্বিফটৰে মাদ লেবাৰ ।
- ছাৰ আপুনি বাবুলকাক বোলে অলপ বেয়াকৈ কলে....... ৰফিকে সুধিলে
- তুমি কি শুনিছা
- আপুনি বোলে তাৰ ঘৈণীয়েকক মৰি যাব লাগে বুলি কৈছে

লেপটপৰপৰা মুৰ তুলি মই ৰফিকৰ ফালে চালো । ৰফিকে মোৰ ফালে চাই আছে । মই হাহিলো ।
- মই বাৰু তেনেকৈ কলো নেকি..... মই সুধিলো
- বাবুলকাই তো তেনেকৈয়ে কৈছে..... ৰফিকে কলে
- আচ্ছা ৰফিক , তোমাৰ মই এটা ঘটনা কও....

দুবছৰ আগৰ কথা, মই তেতিয়া লাইপালেঙৰ ৰীগ এটাত । মোৰ শ্বিফটত লৰা এটা আছিল, প্ৰশান্ত গগৈ । তাক কিছুদিন অবজাৰ্ভ কৰি ধাৰণা কৰিলো যে সি চোকা বুদ্ধিৰ লৰা, সুযোগ-সুবিধা পালে সি পঢ়া-শুনাত ভাল ফল দেখুৱালেহেতেন । প্ৰশান্তৰ লগত কথা বতৰা পাতি গম পাল যে প্ৰশান্তৰ দেউতাক খেতিয়ক আছিল । কিন্ত খেতিয়ক হলেও ঢেৰ মাটিবাৰী আছিল, ধান-মাহ বেচি যথেষ্ঠ ধন পায় । প্ৰশান্তৰ এজন ককায়েক আৰু ভনীয়েক এজনী আছিল । প্ৰশান্ত যেতিয়া ক্লাছ চিক্সত তেতিয়া ককায়েকৰ কেঞ্চাৰ ধৰা পৰিল । ককায়েক আছিল মাক-দেউতাকৰ অতি মৰমৰ । তাৰ পাছত চিকিতসা চলিল । খৰচী চিকিতসা । মাটিবাৰী বিক্ৰী গল, অলপ অলপকৈ ঘৰখন ধাৰত পোত গল । চাৰিবছৰমান চিকিতসা চলাৰ পাছত এদিন ককায়েক ঢুকাই থাকিল । প্ৰশান্তই মেট্ৰিকত দুটা লেটাৰ পাই ফাৰ্ষ্ট ডিভিজন পাইছিল, কিন্ত ঘৰৰ অৱস্থা এনেকুৱা হল যে কলেজৰ ফীজৰ বাবে পইচা নাই । সেই সময়তে বাপেকৰো অসুখ হল । খেতিমাটি বোৰ ককায়েকৰ চিকিত্সাৰ নামত বিক্ৰী হৈছিলেই । তাৰ পাছত প্ৰশান্তৰ ওপৰত ঘৰৰ দায়িত্ব পৰিল । প্ৰশান্তই ৰীগত কন্টিজেন্টৰ কাম কৰা কৰিলে আৰু আজিও কৰি আছে ।
এতিয়া চোৱা, কোনোবাই ৰীগত লেবাৰৰ কাম কৰে, মানে পইচা-পাতিৰ প্ৰবলেম আছে । তোমাৰো আছে, বাবুলৰ আছে, চবৰে আছে । কিন্ত যদি প্ৰশান্তহতৰ পইচা-পাতিৰ অভাৱ নহলহেতেন, তেতিয়া আজি কিজানি প্ৰশান্তই পঢ়া-শুনা কৰি ডাক্টৰ-ইঞ্জিনিয়াৰ-প্ৰফেচাৰ এইধৰণৰ কিবা এটা নিশ্চয় হব পাৰিলেহেতেন ।
- হব পাৰে ছাৰ....... ৰফিকে কলে
- এই যে ড্ৰিলিং ডিপাৰ্টমেন্টৰ বৰকাকতি, লৰা যে বাহিৰত পঢ়ি আছে বুলি কৈ থাকে
- অ, সেই যে চাপৰকৈ
- বৰকাকতিৰ লৰাই গুৱাহাটীত দুবছৰ কচিং ললে, কিন্ত এন্ট্ৰেন্স ক্লিয়াৰ কৰিব নোৱাৰিলে, তাৰ পাছত বাহিৰত প্ৰাইভেট ইঞ্জিনাৰিং কলেজত নাম লগালে, তাৰ প্ৰতিভা তোমাৰ টেলেন্টতকৈ বহুত গুণে কম, কিন্ত সি সুযোগ সুবিধা পাইছে, গতিকে আগুৱাই গৈ আছে, আৰু তোমাৰ টেলেন্তক সাৰ-পানী দিব পৰাকৈ তোমালোক আৰ্থিকভাৱে সবল নহয়, গতিকে তুমি আজি ইয়াত আছা, হয় নে নহয়
- হয় ছাৰ
- মই বাবুলক কৈছিলো যে যিহেতু পইচা-পাতিৰ অভাৱ, গতিকে চিকিতসা কৰাই সৰ্বস্বান্ত হোৱাতকৈ সেইখিনি পইচাৰে ছোৱালী তিনিজনীক খুটি খাব পৰা কৰক । চিকিতসা নকৰালে ঘৈনীয়েক সোনকালে ঢুকাই থাকিব সচা কিন্ত যদি ছোৱালীকেইজনীৰ ভৱিষ্যত ভাল হয় তেন্তে সেইটোৱেই উচিত বুলি মই ভাৱো ।
- ও
- আৰু এনেকৈ ভৱাৰ বাবে যদি পৃথিৱীৰ কোনো মানুহে মোক বেয়া মানুহ বুলি ভাৱে, তেন্তে মই এজন বেয়া মানুহ ।

ৰফিক মোৰ বাংক হাউচৰপৰ ওলাই গল । বাংক হাউচৰ খিড়িকীয়েদি দেখিলো, বাবুল আৰ্থিক সহায়ৰ দৰখাস্তখন হাতত লৈ ড্ৰিলিং ইনচাৰ্জৰ ৰুমৰ ফালে গৈ আছে ।

(৩)

আজিৰেপৰা কেইবছৰমান আগতে হোৱা হলে চিধাচিধিকৈ প্ৰেক্টিকেল কথা কোৱা বাবে বাবুল, ৰফিকৰ মনত মই এটা হৃদয়হীন মানুহ হৈ পৰিলোহেতেন ।

বাবুল আলি মোৰ বাংক হাউচলৈ এপ্লিকেচন লৈ অহাটো সচা আৰু হয়তো মই প্ৰেক্টিকেল কথাই কলোহেতেন ।
কিন্ত প্ৰবলেম আছে, যোৱা কেইবছৰৰ অভিজ্ঞতাই মোক শিকাইছে যে এনেকুৱা ক্ষেত্ৰত ডিপ্লমেটিক হোৱাটো প্ৰয়োজন, নহলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা ।
মই বাবুল আলিৰ হাতত থকা মেডিকেল ৰিপৰ্টটো চালো, ব্ৰেইন হেমাৰেজ, ক্ৰিটিকেল কন্ডিচন, বচাৰ আশা যথেষ্ঠ কম ।
বাবুল আলিৰ চেহেৰাত ঘৈনীয়েকৰ প্ৰতি থকা চেনচিটিভনেচ বিদ্যমান ।
আই ষ্টাৰটেড ডিপ্লমেচি..........
- বাবুল, অসুখটো গুৰুতৰ , কিন্ত বচাব পাৰিলে ভাল আছিল, আল্লাৰ ওপৰত ভৰষা ৰাখা, ওপৰৱালাই চব চাই আছে, ড্ৰিলিং ইনচাৰ্জক দৰখাস্তখন দিয়াচোন, কিবা সহায় হয়েই
- ছাৰ আপুনিও কিবা এটা........ বাবুল আলিয়ে কলে

বাবুলক একো উপদেশ দিয়াৰ চেষ্টা নকৰিলো । এনেয়ে ঝামেলাত পৰাৰ ইচ্চা নাই । ড্ৰিলিং ইনচাৰ্জলৈ লিখা দৰখাস্তখনত কাইন্ডলি কনচিডাৰ বুলি লিখি চহী মাৰিলো । পকেটৰপৰা মানিবেগটো উলিয়ালো, চাইটলৈ যাওতে মই বেছিকৈ পইচা-পাতি লৈ নাযাও । কেইটামান টকা বাবুলৰ হাতত দিলো ।
- বাবুল, এইকেইটা ৰাখা, মোৰো কন্ডিচন বৰ্তমান ভাল নহয়, বেংকৰ ডাঙৰ লোন মাৰি আছো. পইচা-পাতি যিকেইটা পাও হাতত নাথাকেই, জানাই নহয় গুৱাহাটীত চলিবলৈ কিমান পইচা লাগে
- হয় ছাৰ, মই ড্ৰিলিং ইনচাৰ্জ ছাৰৰ ওচৰৰ পৰা আহোগৈ

বাবুল আলি ওলাই গল । কিছুসময় পাছত ৰফিক আহিল । ৰফিকেও বাবুলৰ প্ৰসংগ উলিয়ালে । মই বাবুল লগত সহমৰ্মিতা প্ৰকাশ কৰিলো । ভগবানৰ ওপৰত ভৰষা ৰাখিবলৈ উপদেশ দিলো । মোৰ শুনি ভাল লগা ডিপ্লমেটিক কথাবোৰ শুনি ৰফিকৰ মনত মই আৰু ভাল মানুহ হৈ পৰিলো ।

ৰফিক মোৰ বাংক হাউচৰপৰ ওলাই গল । বাংক হাউচৰ খিড়িকীয়েদি দেখিলো, বাবুল আৰ্থিক সহায়ৰ দৰখাস্তখন হাতত লৈ ড্ৰিলিং ইনচাৰ্জৰ ৰুমৰ ফালে গৈ আছে ।

(৪)

বহুত এনেকুৱা মানুহ লগ পাইছো যি আপোনাৰ প্ৰবলেমৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰে, সহানুভুতিৰে ওপচাই পেলায়, এনেকুৱা দেখুৱায় যে আপোনাৰ দুখত তেওতকৈ দুখী আৰু কোনো নাই । কিন্ত প্ৰকৃতাৰ্থত তেওলোকে আপোনাৰ একো সহায় নকৰে । নানান অজুহাতৰে গা এৰা দিয়ে । কিন্ত তথাপিও আমি তেওলোকক ভাল পাবলৈ নেৰো, কাৰণ ডে স্পীক ভেৰি ডিপ্লমেটিক, ডে কেন স্পীক ভেৰি চুইট । আৰু সেইবাবেই তেওলোকক আমি বহল হৃদয়ৰ ভাল মানুহ বুলি ভাবো ।

বাবুলৰ প্ৰবলেমটোৰ মোৰ হাতত একো চলুচন নাই । বিশেষ সমস্যা নোহোৱাকৈ ডিপ্লমেটিক কথাৰে মই ভাল ইমেজটো ৰাখিবলৈ সক্ষম হলো । ড্ৰিলিং ইনচাৰ্জে বাবুলক সাহাৰ্য হিচাপে দুটা ৰীগত থকা দুটা খালী ড্ৰাম দিলে । ড্ৰাম দুটা বিক্ৰী কৰি বাবুলে খুব বেছি তিনিশ টকা পাব । বাকী মানুহখিলিয়েও মিলি কেইশমান টকা বাবুলৰ হাতত তুলি দিলে । প্ৰেক্টিকেলি চাবলৈ গলে বেমাৰী এজনক গেলেকীৰপৰা ডিব্ৰুগড় মেডিকেললৈ নিবলৈ তাতকৈ বেছি ধনৰ প্ৰয়োজন হব ।

শ্বিফট শেষ হোৱাৰ পাছত কোম্পানীৰ বাছেৰে গৈ আছো । মানুহ আশাতেই জীয়াই থাকে । নিশ্চিত মৃত্যু বুলি জানিও মানুহে আশা নেৰে । যেতিয়ালৈকে হাতত পা-পইচা থাকিব, তেতিয়ালৈ ডাক্তৰী চিকিত্সা, এলপেথিক ঔষধ । তাৰ পাছত পইচা পাতি নোহোৱা হৈ আহিব , বেজ, কবিৰাজ, গাৱলীয়া চিকিত্সা । তাৰ পাছত এদিন...............
অস্থায়ী শ্ৰমিক বাবুল, বেমাৰী ঘৈনীয়েক, তিনিজনী ছোৱালী । লাইপালেঙৰ প্ৰশান্ত গগৈ । ৱৰ্ল্ড ইজ এ স্মল প্লেচ । হয়তো এদিন প্ৰশান্তৰ দৰেই কৰবাত আচিফা, আমৰিণ বা ৰাবিয়াক দেখা পাম ।
তেতিয়া হয়তো ভাবিম.........
সিদিনাখন ডিপ্লমেটিক হৈ ভাল হৈ থকাৰ সলনি অলপ হৃদয়হীন হৈ বেয়া হৈ থাকিলেই কিজানি ভাল আছিল ।

নষ্টালজিয়া, অপৰাধবোধ, জীৱনবিহীনতা ইত্যাদি.... ইত্যাদি............


(১) ......নষ্টালজিয়া.....

সকলোতকৈ ডাঙৰ প্ৰশ্নটো আছিল, বৈশালীয়ে চিনি পাব তো....... ১০ বছৰ আগতে কটনত হায়াৰ ছেকেন্ডাৰীত যি এৰা-এৰি হোৱা, তাৰ পাছত ফেচ টু ফেচ কেতিয়াও দেখাদেখি হোৱা নাই । অৱশ্যে ফেচবুকত ইটোৱে সিটোৰ ফটো-ষ্টেটাছত লাইক-কমেন্ট দি থাকো ।

সন্ধিয়া ৬ বাজিছে, ৱেডিং হললৈ সোমাই গলো । প্লেন আছিল সোনকালে গৈ সোনকালে ঘুৰি অহা । গিফটটো হাতত লৈ বৈশালীৰ পিনে আগুৱাই গলো । বৈশালীৰ পিনে চালো, উফ ৰক্ষা, বৈশালীয়ে চিনি পোৱা যেন লাগিছে ।
- আহা, অহাৰ বাবে বহুত ধন্যবাদ....... বৈশালীয়ে কলে
- চিনি পাইচা তো........ মই মুখস্থ কৰি অহা ডায়লগটো মাৰি দিলো
- কিয় নাপাম, ফেচবুকত ফটোৰ ওপৰত ফটো আপলোড কৰি বৰ কৰি দিছা

বৈশালীৰ হাতত থকা শৰাইখনৰপৰা চফ ললো ।ফটোৰ কাৰণে পজ দিলো, ফটোগ্ৰাফাৰৰ কেমেৰাই ক্লিক কৰিলে ।
অলপ পাছত ওপৰ মহলালৈ খাবলৈ উঠি গলো । ফ্ৰাইড চিকেনৰ আইটেম আছিল, লেগ পিচ কেইটামান পেটত সোমাল, তললৈ নামি আহিলো । ৱেডিং হলত বহিলো ।

আমি হায়াৰ ছেকেন্ডাৰী কটনত একেলগে আছিলো । সেই সময়ত ক্ষীণ-মীন, ডাঠ চশমা পিন্ধা বৈশালী চৌধুৰীৰ লগত বহুত বেছি মিলা-মিছা নাছিল । একে ক্লাছৰ ছোৱালী বুলি মাত্ৰ চিনাকি আছিল । আচলতে সীমান্ত, কুলদীপ, অমৰেন্দ্ৰ, বিবেকানন্দ, মাৰ্তন্দ আদিৰ আমাৰ গ্ৰুপ এটা আছিল, আমি ছোৱালী নামৰ আপদবোৰৰপৰা যিমান পাৰি দুৰত অৱস্থান লৈছিলো আৰু সেয়ে ফাৰ্ষ্ট ইয়াৰৰ শেষলৈকে দুই-এজনীৰ বাদে বহুতৰ নামেই নাজানিছিলো ।

মোৰ যিমানদুৰ মনত পৰে ছেকেন্ড ইয়াৰৰ শেষলৈকে বৈশালী চেন্ট মেৰীজ স্কুলৰপৰা পাছ কৰিছিল বোলা ইনফৰমেচনটোৰ বাদে এটা কথাই মনত আছে যে এবাৰ কেমেস্ত্ৰী প্ৰেক্টিকেলত মই বৈশালীৰ টেবুলৰপৰা টেষ্ট টিউব হল্ডাৰ এটা নোকোৱাকৈ লৈ আনিছিলো আৰু ঘুৰাই দিয়া নাছিলো । পাছত বৈশালীয়ে সেই হল্ডাৰ চোৰ জন ৰোল নং ৫০১, এ.আৰ.বি হোষ্টেলৰ অমৰেন্দ্ৰ বুলি সন্দেহ কৰিছিল.. (দুয়োজনৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী)

যেতিয়াই পুৰণা কথা মনত পৰে , মানুহ নষ্টালজিক হৈ যায় । হায়াৰ ছেকেন্দাৰীৰ কি দিন আছিল, আমি আছিলো ইয়ং , এন্থুৱাস্টিক, এনাৰ্জিৰে পৰিপুৰ্ণ টিনেজাৰ । এটা ক্লাছ শেষ হোৱাৰ পাছত আনটো ক্লাছলৈ দৌৰো, ক্লাচত উল্টা-পুল্টা প্ৰশ্ন কৰো, অফত ক্ৰিকেট খেলো, পাণবজাৰৰ কিতাপৰ দোকানত ঘুৰো, বেষ্ট টাইমচ অৱ আৱাৰ লাইভছ......আমাৰ ক্লাছৰ গোটেইকেইটা গ্ৰুপ আৰু প্ৰায় গোটেইকেইজন সহপাঠীৰ সৈতে মোৰ এটা সৌহাৰ্দ্যপুৰ্ণ ৰিলেচন হৈ পৰিছিল ।

কিন্ত....এটা কথাৰ বাবে মোৰ নিজকে কেতিয়াবা অপৰাধী যেন বোধ হয়.... সেই সময়খিনিৰ ভিতৰত আই হাৰ্ট চাম ফিলিংচ, মে বি আনইনটেনচনেলি, আনউইলিংলি, বাট ছি ৱাজ হাৰ্ট, তাই বৈশালীৰ একে স্কুলৰ আছিল, নীলাক্ষী............ নীলাক্ষী ডেকা, আই থিংক ছি লাইকড মি, নাজানো কিয়, মোক তাইৰ ভাল লাগিছিল..... কিন্ত মই, সেই সময়ত আই ৱাজ টেন য়াৰ্ডছ এৱে ফ্ৰম লাভ-এট্ৰাকচন এটচেট্ৰা এটচেট্ৰা........
সাধাৰণতে সেই সময়ত কোনো ছোৱালীৰ লগত মই বেছি কথা নাপাতিছিলো, একেবাৰে জুখি-মাখি কথা কৈছিলো আৰু সেয়ে মোৰ নিক নেম হৈছিলগৈ - চিৰিয়াচনেচাৰ

কিন্ত , এদিন..... বাছৰ কাৰণে পাণবজাৰত ৰখি আছো, বগা ৰঙৰ ডিলাক্স বাছ এখন আহিল । সেই সময়ত বাছবোৰত পাছৰ দৰ্জাখন নাছিল......বাছত উঠিলো, মোৰ আগে আগে ছোৱালী এজনী উঠিল । তাই গৈ লাষ্টৰ চিটটোত খিড়িকীৰ কাষত বহিল । লাষ্টৰ পাচজনীয়া চিটটোত তেতিয়া দুটা চিট খালী হৈ আছিল । মই খালী চিটটোত বহিম নে নবহিম ঠিৰাং কৰিব নোৱাৰি প্ৰথমতে মই থিয় হৈ যাম বুলিয়েই ভাবিছিলো ।
- চিট খালী আছে চোন, বহা আকৌ, লাজ কৰিছা নেকি....... তাই মোক কলে

মই গৈ তাইৰ কাষৰ চিটৰ বহিলো । কথা-বতৰা ষ্টাৰ্ট হল, যি ষ্টাৰ্ট হল, ক্লাছৰ পৰা আৰম্ভ কৰি লেটেষ্ট চিনেমালৈকে, পচন্ডৰ খেলৰপৰা সৰু মাছ ভজালৈকে, প্ৰায় ডেৰঘন্টা নন-ষ্টপ , বেলতলাত মই নমালৈকে কথা চলি থাকিল । মই নমাৰ পাছত তাই লাষ্ট চিটৰপৰা আহি আগৰ খালী চিট এটাত বহিছিল... জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীৰ লগত মই ইমান সময় কথা কৈছিলো । সিদিনা মই বহুত কথা কৈছিলো ।
ফ্ৰেংকলি স্পিকিং, আই ডন্ট হেভ এনি চাচ কাইন্ড অৱ ফিলিং ফৰ হাৰ, বাট ছি হেজ ফিলিংচ এন্দ ছি ৰিভেল্ড হাৰ ফিলিংচ ।

সেই সময়ত মোৰ একো আইডিয়া নাছিল, সাহস, পৰিকল্পনা একোৱেই নাছিল আৰু সেয়ে আই ডেনিড হাৰ ফিলিংচ এন্ড আই এভইডেড হাৰ । হায়াৰ ছেকেন্ডাৰীৰ দুবছৰত তাইক বাদ দি মই কাকো ইমচনেলি হাৰ্ট কৰা নাই । কিন্ত ইচ্ছা-অনিচ্ছাকৃতভাৱে তাইক দুখ দিয়াৰ বাবে........... আজিও মই এটা অপৰাধবোধত ভোগো....

আজিৰ বৈশালীৰ বিয়ালৈ নীলাক্ষী আহিবনে......

মবাইলটো উলিয়াই ফেচবুক চাৰ্চ কৰিলো, বৈশালী-ইন্দ্ৰনীলৰ ৱেডিং ইভেন্ট, নাই,.......আমাৰ বেটছৰ মই, অমৰেন্দ্ৰ, লীনা বাচ........ অমৰেন্দ্ৰক ফোন কৰিলো, সি ডিব্ৰুগড়ত আছে, নাহে, লীনাক ফোন কৰিলো....... অহাত দেৰি হব । নীলাক্ষী ডেকা , ফেচবুকত চাৰ্চ কৰিলো, হয় , মোৰ ভুল হব নোৱাৰে, একেই চেহেৰা, একেই হেয়াৰষ্টাইল, ওঠত লাগি থকা মিচিকিয়া হাহি, নীলাক্ষী একেবাৰে সলনি হোৱা নাই....
ময়ো হয়তো একো সলনি হোৱা নাই..... এঘাৰ বছৰ আগতে ঠিৰাং কৰিব পৰা নাছিলো, বাছখনৰ চিটটোত বহিম নে নাই, আৰু.....আজি ঠিৰাং কৰিব পৰা নাই, নীলাক্ষীলৈ ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাম নে নাই.......

কফি খাব নেকি । হাটত ট্ৰে লৈ থকা কেটাৰিঙৰ লৰা এজনে সুধিলে । এটা নষ্টালজিয়াৰপৰা সাৰ পাই মই মুৰ জোকাৰিলো...ঘড়ীত ৭-৪৫ হল । বৈশালীক মাত লগাবলৈ উঠি গলো ।
- যাও দিয়া, আমাৰ লগৰ কোনো আহি পোৱাই নাই
- কন্টেক যাৰ যাৰ লগত আছে চবকে মাতিছিলো, তুমি অহাৰ বাবে থেংকচ..... বৈশালীয়ে কলে
- তোমাৰ বিয়াত আহিছো কিন্ত, মোৰ বিয়াতো আহিব লাগিব ..... মই কলো
- তোমাৰ বিয়া কেতিয়া হব ভগবানেহে জানে
- দুবছৰ মান লাগিব, তুমি কেচুৱা এটা কোলাত লৈ আহিব পাৰিবা

বৈশালীয়ে মোৰ পিনে ঘোপাকৈ চালে, ........ মই তেতিয়া এটা নষ্টালজিয়াৰ আৱৰ্তনত

(২) ......অপৰাধবোধ............

ছেপ্তেম্বৰ ২০০৩, কটন কলেজ কফি হাউচ । অমৰেন্দ্ৰ, বাবলু, কুলদীপ, প্ৰবাহন, হিৰণ্য, গুলেনুৰ, অংশু আমি একেটা প্ৰেক্টিকেল গ্ৰুপত আছিলো, প্ৰতি শুকুৰবাৰে আবেলি আমাৰ প্ৰেক্টিকেলৰ গ্ৰুপটোৰ ডেৰঘন্টা সময় অফ আছিল । তেনেকুৱা এটা শুকুৰবাৰতে আমি আঠজনে কফি হাউচত এটা পেপচি আৰু এটা ষ্প্ৰাইট শ্বেয়াৰ কৰি খাইছিলো.....তাৰ পাছত গ্ৰুপ ফটো উঠিছিলো , হায়াৰ ছেকেন্ডাৰীৰ মেমৰী হিচাপে সেই এখনেই ফটো মোৰ লগত আছে । বহুত কথা পাহৰি গৈছো, আৰু কিছুমান কথা থুপ খাই আছে মস্তিষ্কৰ চেৰিবেলাম নামৰ অংশটোৰ নিউৰণবোৰৰ শাখা-প্ৰশাখাবোৰত.......

সেইদিনাখনেই, হয়, সেই গ্ৰুপ ফটোখন উঠাৰ দিনাই অমৰেন্দ্ৰই মোক কামোৰ দি দি মোৰ মুখৰ পৰা নাম এটা উলিয়াইছিল...আশাপুৰ্ণা......তাৰ পাছৰেপৰা এটা ট্ৰাইএংগোল সৃষ্টি হৈছিল......আমি আছিলো ১৭-১৮ বছৰীয়া টিনএজাৰ, নীলাক্ষী-মই-আশাপুৰ্ণা........ নীলাক্ষী আৰু আশাপুৰ্ণা ফ্ৰেন্ড আছিল...... সেই সময়ত চিনেমা এখন ৰিলিজ হৈছিল, নাম ইস্ক-বিস্ক, আৰু আমাৰ ট্ৰাইএংগোলাৰ চিটুৱেচনটো প্ৰায় চিনেমাখনৰ ট্ৰাইএংগোলটোৰ দৰেই আছিল...

তিনিওজনে ইজনে সিজনৰ ফিলিংচবোৰ বুজি পোৱাত অলপো অসুবিধা হোৱা নাছিল । কিন্ত......আই নেভাৰ ডাইৰেক্টলি প্ৰপজড আশা, নীলাক্ষী নেভাৰ ডাইৰেক্টলি প্ৰপজড মি এন্ড আই নেভাৰ নিউ হোৱাট আশা থট..... নীলাক্ষী কনফিউজড, আশা কনফিউজড আৰু এবভ অল.... ময়ো কনফিউজড...দেট টাইপ অৱ চিটুৱেচন ইন ৰিয়েল লাইফ ৱাজ ভেৰি কনফিউজিং

ফাইনেলৰ আগত হোৱা কলেজৰ চিলেকচন পৰীক্ষা, ফিজিক্সৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্লৰত থকা প্ৰেক্টিকেল ৰুম, ইন্টাৰনেল হিচাপে ড০ মহাদেৱ পাটগিৰি ছাৰ, মোৰ ভাগত বাৰ-মেগনেট পৰিল । ছাৰৰপৰা মেগনেট আৰু বিয়াৰাৰৰপৰা কম্পাছ আৰু পেপাৰ লৈ খালী টেবুল এখনৰ ফালে গলো । টেবুলখনৰ এটা পাৰ্টত ইতিমধ্যে নীলাক্ষীয়ে অলপ বস্ত থৈছিল । বাকী খালী ঠাইখিনিত মই মোৰ বস্ত ৰাখিলো ।
- কি পৰিছে.... নীলাক্ষীয়ে সুধিলে
- বাৰ-মেগনেট... মই কলো

নীলাক্ষীয়ে হাহি এটা মাৰিলে, টেবুলখনৰপৰা অলপ আতৰি গল আৰু কৰ পৰা জানো আশাপুৰ্ণাক লৈ আনিলে
- দুয়োজনৰে একে পৰিছে, বাৰ-মেগনেট, একেলগে কৰ...... নীলাক্ষীয়ে আশাক উদ্দেশ্যি কলে

নীলাক্ষীই নিজৰ বস্তখিনি লৈ বেলেগ এখন টেবুললৈ গল, আশাই বাৰ-মেগনেটৰ লাইন ড্ৰ কৰাত লাগিল
- ই ৰাম, মেগনেটটোৱে কি যে দেখাইছে, অলপ চাই দিয়া না...... আশাই মোক উদ্দেশ্যি কলে

মই আশাৰ পেপাৰখনত মেগনেটতো থৈ লাইন দুদালমান ড্ৰ কৰি দিলো
- থেংকচ, নকবা আৰু, মা জল্ডি কলেজ গল আজি, স্পৰ্টছ উইক চলি আছে .... আশাই কলে
- তোমাৰ মাই মানে খেলা-ধুলা কৰে নেকি...... বেলবুং টাইপৰ প্ৰশ্ন এটা মুখেদি ওলাই গল
- নহয়, মা আকৌ কিয় খেলিব, মা কলেজ উইকৰ কেইটামান গেমছৰ চুপাৰভাইজাৰ

তাৰ পাছত আশাই চাই দিয়ানা বুলি কয় আৰু মই লাইন ড্ৰ কৰি দিও....কিন্ত..... আশা বাৰ-মেগনেটৰ লাইন ড্ৰ কৰাত এক্সপাৰ্ট আছিল, তাই লগৰ বহুতক প্ৰেক্টিকেল ক্লাছত সেই প্ৰেক্টিকেলটো কৰি দিছিল,.....মই তাই যে বাৰ-মেগনেটৰ এক্সপাৰ্ট সেইকথা জনা স্বত্তেও আশাক সেইদিনা প্ৰেক্টিকেলটোৰ প্ৰায় আধা বাৰ-মেগনেটৰ লাইন ড্ৰ কৰি দিছিলো.....
সেইদিনা...... প্ৰেক্টিকেলৰ ৰুমটোত মাজে মাজে হঠাত যেতিয়া মই নীলাক্ষীৰ ফালে চাইছিলো, প্ৰায়েই চকুৱে চকুৱে পৰিছিল,........ এন্ড দেট ফেচিয়েল এক্সপ্ৰেচন অৱ হাৰ.......জোৰকৈ ক্ষীণ হাহি এটা ধৰি ৰাখিবলৈ কৰা চেষ্টা...... আই ফেল্ট গিল্টি, ভেৰি ভেৰি গিল্টি.......

আৰু সেই অপৰাধবোধটো মই যোৱা এঘাৰ বছৰে কঢ়িয়াই লৈ ফুৰিছো.....

(৩)-....... জীৱনবিহীনতা..........

ৱেল , দিজ ৱাজ চাম টিনএজ ইভেন্টচ । হায়াৰ ছেকেন্ডাৰী শেষ হল, ইভেন্টবোৰো শেষ হল । এভৰিৱান ৱেন্ট দেয়াৰ অউৱ ৱে । অমৰেন্দ্ৰ, বাবলু মেডিকেল পঢ়িবলৈ গল । হিৰণ্য, প্ৰবাহন ইঞ্জিনাৰিং, কুলদীপ, নীলাক্ষী বেলেগ এখন কলেজলৈ গল, আশাপুৰ্ণা বাংগালোৰ পালেগৈ । হায়াৰ ছেকেন্ডাৰীৰ পাছত নীলাক্ষী, আশাপুৰ্ণাৰ লগত মোৰ একো যোগাযোগ নাথাকিল । আই নেভাৰ মেট দেম দেয়াৰআফটাৰ ।

কিন্ত এটা অপৰাধবোধ মই কঢ়িয়াই লৈ ফুৰিলো । ভাবিছিলো এদিন এই অপৰাধবোধৰ পৰা নিস্কৃতি পাম, সময়ৰ লগে লগে কথাবোৰ ধুৱলী-কুৱলী হৈ থাকিল, নীলাক্ষী, আশাপুৰ্ণা, কফি হাউচ, ফিজিক্স প্ৰেক্টিকেল স্মৃতিৰ কোনোবা গহ্বৰত নিমজ্বিত হৈ পৰিল ।

সেই সময়ত কলেজলৈ যাওতে মায়ে মোক পোন্ধৰটকা দিছিল, পাণবজাৰলৈ তেতিয়া ভাড়া আছিল পাচটকা, ৰিজাৰ্ভ বেংকলৈ চাৰিটকা, এটকা বচাবলৈ মই প্ৰায়েই ৰিজাৰ্ভ বেংকত নামি দিছিলো, কেন্টিনত পৰঠা এখন তেতিয়া ছয়টকা আছিল......সেই সময়ত দেউতাৰ নাৰ্ভাচ ব্ৰেকডাউন হৈছিল, ডাক্টৰ-হস্পিতালৰ ফীজ, ঔষধ, দৰমহা নাছিল, এটা সময়ত পোন্ধৰটকাটোৰপৰা পাচটকীয়া নোট এখন হেৰাই গৈছিল...

তেতিয়া আমি থকা দুশ স্কুৱেৰফুটৰ ভাড়াঘৰটোত দুটা কোঠালি আছিল আৰু কেম্পাছটোত থকা চৈধ্যঘৰ মানুহে দুটা বাথৰুম শ্বেয়াৰ কৰিছিল , কলেজলৈ যাবৰ জোখাৰে মোৰ তিনিটা চাৰ্ট আছিল, এটা বগা ৰঙৰ আন দুটা নীলা......
দুশ স্কুৱেৰফুটত থকা এই দুটা ৰঙৰ মাজত নীলাক্ষী ডেকা বা আশাপুৰ্ণা কাকতিৰ বাবে ঠাই থকাৰ কোনো প্ৰশ্নই নাছিল...... দেয়াৰ ৱাজ ন স্পেচ ফৰ এনি ফিলিংচ.......

বাহিৰত কিনকিনীয়া বৰষুণ এজাক আৰম্ভ হৈছে, খিড়িকীখন খুলি দিলো.......
চেচা বতাহ এজাক খিড়ীকিয়েদি সোমাই আহিল.... বতাহজাকে এটা ফিলিংচক কপাই তুলিলে
যোৱা এঘাৰ বছৰত ফিলিংচবোৰৰৰ বাবে কেতিয়াবা স্পেচ ক্ৰিয়েট হৈছিল নেকি...............

আশাপুৰ্ণা কাকতি বৰ্তমান অস্ত্ৰেলিয়াত চেটল কৰিছে, তাইৰ হাজবেন্ড চফটৱেৰ ইঞ্জিনিয়াৰ, হাজবেন্ড আৰু তাই বৰ্তমান অস্ত্ৰেলিয়াৰ চিটিজেন....নীলাক্ষী ডেকা, ৰিলেচনচিপ ষ্টেটাছ, এংগেজদ, মোৰ নটিফিকেচনত যোৱামাহত হৈ যোৱা তাইৰ এংগেজমেন্টৰ ফটো ওলাইছে, তাইৰ মুখত এটা ক্ষীণ হাহি........

অমৰেন্দ্ৰলৈ ফোন কৰিলো..
- কেইমাহমান আগতে তুমি মোক ফোন কৰিছিলা, মনত পেলোৱাচোন
- কেতিয়া............অমৰেন্দ্ৰই সুধিলে
- তুমি যে নীলাক্ষীৰ কথা উলিয়াইছিলা
- হয়, যোৱাবছৰ মাৰ্চত তোমাক ফোন কৰিছিলো
- নীলাক্ষীয়ে তোমাক ফোন কৰিব দিছিলনেকি
- য়েছ
- অহ, হে ভগবান............, জীৱনত বহুত ডাঙৰ ভুল হৈ গল, এন ইৰিভাৰচিবল মিচটেক, হু টু ব্লেম, মোৰ বাহিৰে কোনো দোষী নহয়

বাহিৰৰপৰা চেচা বতাহজাক বেছি জোৰেৰে সোমাই আহিল, খিড়িকীখন জপাই দিয়াৰ ইচ্ছা নগল......
অমৰেন্দ্ৰৰ ফোনটো কাটি মোৰ পোন্ধৰশ স্কুৱেৰফুটৰ ফ্লেটটোৰ বেলকনিলৈ ওলাই গলো....
যোৱা এঘাৰ বছৰত..... হোৱাট আই আৰ্ণড..... ফিউ স্কুৱেৰফুটছ.......

কিনকিনীয়া বৰষুণজাক, হিমশীতল চেচা বতাহ,
মই অনুভৱ কৰিলো...... হাহি এটা সংক্ৰমিত হৈছে, ফিজিক্সৰ প্ৰেক্টিকেল ৰুমত নীলাক্ষীৰ চেহেৰাৰ জোৰকৈ ধৰি ৰাখিব খোজা হাহিটো এঘাৰ বছৰ পাছত সংক্ৰমিত হৈছে ......... মোৰ মুখমন্ডললৈ...

বাহিৰত ঘোপমৰা এন্ধাৰ........পৃথিৱীখনত জীৱনবিহীনতাৰ নিৰ্জনতা

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...