Thursday, May 15, 2014

ফেডেড জিনচ

(১)

বিহুৰ বতৰ... কোনোমতে বছক মেনেজ কৰি ১০ তাৰিখে ৰাতি নাইট চুপাৰত উঠি দিলো..... ১১ তাৰিখে ৰাতিপুৱাই গুৱাহাটীত হাজিৰ.......
বিহুৰ চাৰিদিন আগতেই মোক দেখি নিয়মমতে মম্মী খুচ হৱ লাগিছিল, কিন্ত মোৰ গেট আপ দেখিয়েই মম্মী জেকজেকাই উঠিল
- জধলা, এই বস্তাটো আৰু কিমানদিন চলাবি, এইবাৰ নতুন এটা যদি নিকন , তেতিয়া ঘৰ সোমাব নিদিও

মম্মীয়ে পুৰা আলটিমেটম দি দিলে.....
মানুহে বিশ্বাস নকৰিলেও, এট প্ৰেজেন্ট মোৰ ইউজেবল জিনচ দুটা, এটা নীলা ৰঙৰ, এটা কলা ৰঙৰ, দুয়োটা কেতিয়া কিনিছিলো মনত নাই কিন্ত নীলা ৰঙৰটোৰ কালাৰ কিনোতে নেভী ব্লু আছিল, এতিয়া মেঘ থকা আকাশৰ ৰঙৰ দৰে হৈছেগৈ, কলাটোও কিনোতে ডাঠ কলা ৰঙৰ আছিল, এতিয়া ডাৰ্তি হোৱাইট হৈছেগৈ, মম্মীয়ে দুইটা ফেদেদ জিনচক বস্তা বুলি মোক ইনচাল্ট কৰে
এইবাৰ বিহু চাবলৈ কাজিন দুজনী আহিছে...... আবেলি সিহতক লৈ ওলালো, সিহতি কাপোৰ কিনিব আৰু মই নতুন বস্তা মানে জিনচ দুটামান কিনিম
ক্লাটচ আৰু ব্ৰেকত ভৰি দি দি বিষ উঠি গৈছে... ইমান গাড়ী, লাষ্টগেটৰপৰা গনেশগুৰিলৈ মাত্ৰ ২ কিলমিটাৰ বাট যাওতেই আধাঘন্টাৰ বেছি লাগিল......
যেনেতেনে চহাম শ্বপি পালোগৈ, এইবাৰ আকৌ পাৰ্কিঙৰ প্ৰবলেম, কতো খালী স্পেচ নাই, এক কিলমিটাৰ আগৰ গৈ গাড়ীখন পাৰ্ক কৰিলো
চহামত কাজিন সহ সোমালো......মানুহৰ যথেষ্ঠ ভিৰ, কাজিন duo কাপোৰ চইচ কৰাত লাগিল, মই জেন্টচ বিভাগৰ পিনে গলো……..

চেলচমেন জনক কলো......... মোৰ চাইজৰ ভাল চালিয়া জিনচ দেখুওৱাচোন
- কি কালাৰ
- ডাঠ কালাৰ , ব্লু বা ব্লেক

চেলচমেন জনে কেইবাটাও ব্ৰান্ডেড জিনচ উলিয়ালে
জিনচকেইটাৰ দাম ২ ৰ পৰা ৪ হাজাৰৰ ভিতৰত, তাৰে জিনচ এটা পচন্দ হল, ট্ৰায়েল ৰুমলৈ গলো... ই কি......... জিনচটো তলপিনে একেবাৰে সৰু , ভৰিৰ সৰুগাঠিৰ পিনে একেবাৰে টাইট, লেডিজ নহয়তো
চেলচমেনজনক সুধিলো...... কি হে, লেডিজ জিনচ দিলাচোন, তলপিনে সৰু
- নাই দাদা, এইটো নতুন ফেশ্বন, শ্লিম ফিট
- ভাই একো ফিট চিট নালাগে, পিন্ধিব পৰা জিনচ দেখুওৱা

চেলচমেনজনে অলপ বিচাৰি-খুচৰি কলে
- দাদা ষ্ট্ৰেইট ফিট আপোনাৰ চাইজৰ নাই
- কত পাম
- অলপ আগলৈ ৰেংলাৰ ৰ শ্বৰুম এটা আছে, তাতে পাই যাব
কেচ কাউন্টাৰলৈ আহিলো, বহুত সময় ৰখিলো, চৌপাশৰ বিউটি চালো.... এট লাষ্ট কাজিন duo আহিল.... দুয়োৰে হাতত দুবেগ কাপোৰ
বেংকৰ ডেবিট কাৰ্ডখন চুইপ কৰিলো..... ৰিচিপ্তত চাইন........ দহ হাজাৰতকৈ কেইটকামান কম……….
চহামৰ বাহিৰ ওলালো , ৰেংলাৰ শ্বৰুম অলপ আগত আছে

ফুটপাথেদি খোজ কাঢ়িছো, ফুটপাথতো বহুত মানুহ, কাষৰ ৰাস্তাত বাছ, কাৰ, বাইক ... তীব্ৰ কোলাহল
ফুটপাথৰ কাষত বুঢ়ী এজনীলৈ চকু গল, বুঢ়ীৰ সমুখত এখন পলিথিনৰ ওপৰত কেইমুঠিমান ঢেকীয়া শাক.....
বুঢ়ীগৰাকীক কৰবাত দেখা দেখা যেন লাগিল......

লৱাৰ প্ৰাইমেৰী স্কুলত এবাৰেই মই অংকত ৯৯ পাইছিলো, সেইবাৰো পৰাণে ১০০ পাইছিল
বুঢ়ীক সুধিলো...... পৰাণৰ খবৰ কি
ফুটপাথটোত তেতিয়া মানুহ বহুত আছিল..... ভীৰৰ মাজত বুঢ়ীয়ে মোক মনত পেলাব নোৱাৰিলে........ বুঢ়ীয়ে এটা উদাস চাৱনিৰে মোৰফালে চাই থাকিল..

পৰাণৰ মাকে সমুখত থকা গোটেই ঢেকীয়াখিনিৰ বাবদ মোৰপৰা ৬০ টকা ললে

গাড়ীখন ষ্টাৰ্ট কৰিলো.....
মম্মীক কনভিন্স কৰিব লাগিব.... ঢেকীয়া শাকত প্ৰচুৰ খাদ্যপ্ৰাণ থাকে

(2)

গুৱাহাটীৰ ট্ৰেফিকৰ মাজত শামুকীয়া গতিৰে গাড়ী আগবাঢ়িছে.... মোৰ কাষৰ চিটত এজনী কাজিন, পাছৰ চিটত আনজনী কাজিন আৰু কাপোৰৰ বেগ দুটা.... ডিকিত ঢেকীয়া শাক এপাচি...... মোৰ নতুন জিনচ কিনা নহল..............

কাজিন duo ই অনৰ্গল কথা কৈ আছে........ আচলতে ছোৱালীবোৰৰ নেচাৰেই তেনেকুৱা ......বৰকৈ পেকপেকাই থাকে..... খুচুৰা পইচা থাকিলে তো শব্দ হবই......

এপলকত কাজিন এজনীয়ে কৈ উঠিল...... সৌৱা চোৱা ...সেই দোকানখনত অফাৰ দিছে....
সোফালে চাই পঠিয়ালো..... Cotton County........ 60+30 % off

আঠ বছৰ আগতে.... তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ..... পুজাৰ সময়........ গিৰিৰাজ আৰু মই প্লেন বনালো...... এইবাৰ ভাল জিনচ কিনিম..... ব্ৰান্ডেড.. আমি টিফিনৰ পইচা জমা কৰিলো..........
পুজাৰ দুদিনমান আগতে..... তেতিয়া গুৱাহাটীত বহুত বেছি ব্ৰান্ডেড শ্বৰুম নাছিল....... পানবজাৰত Levis ৰ শ্বৰুম এটা ......... গিৰি আৰু মই তালৈ সোমাই গলো........ হৰেক ৰকমৰ কাপোৰ.... এক চে বৰকৰ এক......... কেইটামান জিনচ ট্ৰায়েল মাৰি চালো..... একেবাৰে কমফৰটেবল........ কেইটামান খুব পচন্দ হল......
এটা জিনচ গিৰিক দেখুৱাই কলো.... কেনে.....
গিৰিয়ে লাহেকৈ কলে...... প্ৰাইচটো চা.....
প্ৰাইচ টেগটো চালো...... ১৯৯৯ অনলি
সেইটো বাদ দিলো...... কম ৰেঞ্জৰ বিচাৰিলো........
এটা ভাল ব্ৰান্ডেড জিনচৰ দাম মিনিমাম কিমান হব পাৰে তেতিয়া আমাৰ আইডিয়া নাছিল.....
গিৰিয়ে চেলচমেন এজনক সুধিলে........ ডিচকাউন্ট নাই নেকি, মানে দাম অলপ কমাই লৱ নেকি
চেলচমেনজনে বোধহয় আমাৰ কাৰ্যকলাপ নজৰ দি আছিল.......
- অলপ আগলৈ Cotton County ৰ শ্বৰুম এটা আছে, তাত অফাৰ দি আছে

মোৰ পকেটত থকা ৫৪০ আৰু গিৰিৰ পকেটত থকা ৪৮০ টকা লৈ Levis ৰ পৰা ওলাই আহিলো………….. Cotton County ত অফাৰ আছিল ৭০%........ ১৪৯৯ টকা MRP ৰ জিনচ ৪৫০ টকাত কিনি দুয়োটা হাহিমুখে ওলাই আহিলো....... দুয়ো চেটিচফাইড.... ব্ৰান্ডেদ বস্ত কিনিলো...... লগৰকেইটাক দেখুৱাব লাগিব
নাগকটা পুখুৰীৰ পাৰত ৰোল খাই থাকোতে গিৰিয়ে কলে.......... এদিন Levis ৰ পৰাও জিনচ কিনিম……….

খ্ৰীষ্টানবস্তিত ইউ-টাৰ্ণ ললো........ cotton county পাৰ হোৱা দেখি কাজিনে কলে.... ইয়াত নোলোৱা নেকি....
- নলও
- তেন্তে কত যাবা
- আগলৈ এটা ৰেংলাৰৰ শ্বৰুম আছে

মোৰ কলিগ কৌটিল্য দাই কৈছিল......... পৃথিৱীত লাখ লাখ দুখীয়া মানুহ আছে, যি খাবলৈ পোৱা নাই..... কিন্ত তাৰমানে এইটো নুবুজায় যে আমিও লঘোণে থাকিম... যদি আমি লঘোণে থাকিলেই দাৰিদ্ৰ দুৰ হলহেতেন, তেন্তে মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ, মাদাৰ টেৰেচা সদায় উপবাসে থাকিলেহেতেন......

ৰেংলাৰ শ্বৰুমত জিনচ চালো , এটা পচন্দ হল, ট্ৰায়েল ৰুমত সোমালো, আঠ বছৰ আগৰ Levis ৰ জিনচটোৰ দৰেই কমফৰটেবল, ৰেংলাৰৰ নতুন জিনচটোৰ তুলনাত পুৰণা ফেডেড জিনচ টো বস্তা যেনেই লাগিল.........

জিনচটোৰ প্ৰাইচ টেগ চোৱাৰ প্ৰয়োজনবোধ নকৰিলো, ভাল লাগিছে, পচন্দ হৈছে, এনাফ....... নো চেকেন্দ থট...... কাৰ্ড চুইপ কৰিলো......

ৰেংলাৰ শ্বৰুমৰপৰা ওলালো, গাড়ী ষ্টাৰ্ট দিলো...... ৰাষ্টাৰ ট্ৰেফিক ফালি মোৰ কাৰ আগবাঢ়িছে...... এই মহুৰ্তত পৰাণে কি কৰিছে মই নাজানো, পৰাণৰ মাকে কি কৰিছে মই নাজানো , পৃথিৱীত কোনে কি কৰিছে মই নাজানো.....
কিন্ত অন্তত মই জানো যে মই কি কৰি আছো...........

মম্মীক এক্সপ্লেইনেচন দিয়াৰ কোনো প্ৰয়োজন নাই, কাকোৱেই এক্সপ্লেইনেচন দিয়াৰ কোনে প্ৰয়োজন নাই........

(৩)

যোৱা দুবছৰৰ ভিতৰত কেইবাবাৰো মই পৰাণৰ কথা ভাৱিছো, সেইজন পৰাণ যি ক্লাছ ফৰৰ চিনিয়ৰৰ লগত ক্ৰিকেট মেটছত লাষ্ট বলত চিক্স মাৰি আমাক জিকাইছিল, যি স্কুল সপ্তাহত মেডেল কঢ়িয়াবলৈ বেগ লৈ আহিছিল..... যাৰ কেতিয়াও পাটীগণিতৰ অংক ভুল নহৈছিল.......

অংকলেশ্বৰৰ সেই মানুহজনৰ খোজ পৰাণৰ দৰে আছিল..........
চেপ্তেম্বৰ ২০১১...... কোম্পানীৰ ট্ৰেইনিং এটাত গুজৰাটৰ অংকলেশ্বৰলৈ পঠিয়াই দিলে....... অংকলেশ্বৰ সম্পুৰ্ণ ইন্দাষ্ট্ৰিয়েল ঠাই... চাৰিওফালে কল-কাৰখানা, ঠাইখিনি অত্যন্ত প্ৰদুষিত.......বতাহত, পানীত কেমিকেলৰ গোন্ধ......
ট্ৰেইনিঙৰ শেষৰ আগদিনা ইন্দাষ্ট্ৰিয়েল ভিজিটত নিলে, সাৰজা কেমিকেলচৰ প্লান্ট এটাত......

সাৰজা কেমিকেলচৰ মেনেজাৰ জনে আমাক প্লান্টটো দেখুৱালে, এমনিয়া, চালফিউৰিক এচিড, টলুইন, বেনজিন মেনুফেকচাৰিং প্ৰচেচ, ইফ্লুৱেন্ট ট্ৰিটমেন্ট প্লান্ট...........
মোৰ কলিগ হেমলতাৰ মেনেজাৰক প্ৰশ্ন..... ইটচ চ পলুটেড, স্মেলিং কেমিকেলচ ইন দা এয়াৰ, হাও কেন পিপল ৱৰ্ক
মেনেজাৰৰ উত্তৰ..... পেহলে পেহলে এডজাষ্ট হোনে মে প্ৰবলেম হোতা হে, পৰ ধীৰে ধীৰে আদত হো জাতা হে
- বাট ইটছ নট ফেয়াৰ, ইটছ এ চিৰিয়াচ ইচু অৱ অকুপেচনেল হেলথ
- মেডাম এইচা হী চল ৰহা হে
- হোৱাট এবাউট দা অল লজ অৱ গৱৰমেন্ট অন ইন্ডাষ্ট্ৰিয়েল হেলথ চেফটি পলিচি
- হামলোগ পলিচিজ ফলো কৰ ৰহে হে
- মুঝে তো কোই পলিচি নহী দিখ ৰহা হে, লোগ এইচে ভী কাম কৰতে হে
- ইটচ অল এবাউট আৰ্নিং ফুড, ক্লথ এন্ড চেল্টাৰ

ফেক্টৰীৰ ৱৰ্কাৰবোৰে এটা জঘন্য পৰিবেশত কাম কৰি আছে, চাৰিওফালে কেমিকেলৰ গোন্ধ, ৱৰ্কাৰবোৰে মাত্ৰ এখন কাপোৰৰ মাক্স পিন্ধি কাম কৰি আছে, প্ৰতিটো উশাহত হেজাৰ বিজাৰ কাৰচিনোজেনৰ অণু তেওলোকৰ হাওফাওৰ মাজেৰে পাৰ হৈছে, কেমিকেলৰ প্ৰভাৱ ৱৰ্কাৰবোৰৰ ওপৰত বিদ্যমান

এজন ৱৰ্কাৰৰ ওপৰত চকু পৰিল....
- আপুনি অসমৰ নহয় জানো...... মই সুধিলো
ৱৰ্কাৰজনে মোৰফালে চালে, কাপোৰৰ মাক্সেৰে মুখখন ঢাকি ৰখা কাৰনে মুখৰ অভিব্যক্তি দেখা পোৱা নগল
- মে আচামীয়া নহী হু
ৱৰ্কাৰজনে খৰখেদাকে মোৰ ওচৰৰপৰা গুচি গল

ইতিমধ্য হেমলতা আৰু মেনেজাৰৰ ইন্ডাষ্ট্ৰিয়েল হেলথ চেফটিৰ কথা প্ৰায় শেষ হৈছিল
ঘুৰি আহোতে গাড়ীত হেমলতাই কলে......... ইটছ জাষ্ট এ চাকিং চিষ্টেম, চিয়েৰ এক্সপ্লইটেচন আৱ হিউমেন বাই হিউমেনচ

মই কলো.... আমাৰ কোম্পানীয়ে সাৰজা কেমিকেলচক ৰ মেটেৰিয়েল প্ৰভাইড কৰে আৰু তেওলোকৰপৰা ৰিফাইন প্ৰডাক্ট কিনে, গতিকে যদি চাবলৈ যাও, উই আৰ অলচো এক্সপ্লইটাৰ্চ
- হোৱাট এ হেল, ইউ হেভ এ পইন্ট.......... হেমলতাই কলে
- ইটচ অল এবাউট আৰ্নিং ফুড, ক্লথ এন্ড চেল্টাৰ, চামৱান এক্সপ্লইটচ, চামৱান গেট এক্সপ্লইটেড

অংকলেশ্বৰৰ পৰা আহমেদাবাদলৈ চিক্স লেন এক্সপ্ৰেচৱে.........আহমেদাবাদৰপৰা ফ্লাইটত গুৱাহাটীলৈ আহি আছো, এয়াৰ হোষ্টেচ গৰাকীয়ে খোৱাবস্তুৰ পেকেট এটা দি গল, পেকেটটোৰ ওপৰত লিখা আছিল..... অৰগেনিক..... মানে বস্তবোৰ কোনো ৰাসায়নিক সাৰ দি উত্পাদন কৰা নাই........

অংকলেশ্বৰৰ সাৰজা কেমিকেলচৰ ফেক্টৰীৰ মানুহজন....... সি পৰাণৰ দৰে খোজকাঢ়ি আতৰি গৈছিল, তাৰ মাতটো পৰাণৰ দৰে আছিল......... স্কুলত স্কেলেৰে তৰোৱাল-তৰোৱাল খেলোতে পৰাণৰ কপালত এটা দাগ বহি গৈছিল...... সেই দাগটোও সেই মানুহজনৰ কপালৰ ঠিক সেইখিনিতে আছিল....... সোচকুটোৰ ঠিক ওপৰতে....... এটা দাগ....

(৪)

ক্ৰেএএএএএএএ....ছ....... আগৰ গাড়ীখনে হঠাত ব্ৰেক মাৰিলে, মই অন্যমনস্ক হৈ থকাৰ বাবে অলপ ইফাল সিফাল হব ওলাইছিলেই, কিন্ত সময়ত ব্ৰেকত ভৰি পৰিল, আগৰ গাড়ীখনৰ পাছফালটো চোও নোচোওকৈগৈ মোৰ কাৰখন ৰলগৈ, সম্ভাব্য দুৰ্ঘটনা এটাৰপৰা হাত সাৰিলো..

চাৰিওফালে বিহুৰ উখল মাখল, সোৱে-বাৱে চৌদিশে গাড়ী-ধোৱা-শব্দ- ধুলি......গাড়ীৰ গ্লাছখন উঠাই এচিটো অন কৰি দিলো....... এখন বাইকে বাওফালৰে অভাৰটেক কৰি গল, কাষৰ ফুটপাথত মানুহ এহাল, ৰাষ্টাটো ক্ৰছ কৰিব খুজিছে ছাগে, কিন্ত গাড়ীবোৰৰ প্ৰকোপত পৰা নাই.........
ইফালে-সিফালে চাবলৈ কাৰো সময় নাই, সকলো নিজৰ কামত ব্যস্ত, কংক্ৰীটৰ মহানগৰৰ এখন বিশৃংখল যান্ত্ৰিক পৃথিৱী......
পৃথিৱীখনৰ মানুহবোৰৰ ভিতৰৰ মানুহবোৰ যেন বিবৰ্ণ হৈ পৰিছে
চাম ফেডেড জিনছ (genes) ৰোমিং এভৰিহোৱেৰ...........
মোৰ নিজকে তাৰ এজন যেন লাগিল..........

হোলী ২০১৩


যোৱাবছৰৰ কথা, হোলীত অফ পৰিল, কোৱাটাৰত মই অকলে থাকো, বৰ হৈ আছো, Dhiraj Kalita দাৰ ৰুমলৈ গলো, ধীৰাজদাও বৰ হৈ আছে
জেনেৰিকেলি ধীৰাজদা আৰু মই অলপ ৰিজাৰ্ভড টাইপৰ মানুহ, বেছি হাল্লা-গুল্লা পচন্দ নকৰো, হোলী খেলাৰ প্ৰতি দুয়োৰে ইন্টাৰেষ্ট নাই, দুয়োজনৰে মতে হোলী হল সময়, টকাৰ অপচয় আৰু প্ৰদুষণ সৃষ্টি কৰা এটা দিন, পৃথিৱীখন অলপ কম প্ৰদুষিত কৰিবলৈ দুয়ো হোলী নেখেলি ঘৰত সোমাই টিভি চোৱাৰ সিদ্ধান্ত ললো, লগতে ঠিক কৰিলো হোলীৰ বিষাক্ত কেমিকেলযুক্ত ৰঙৰ নামত টকা-পইচা অপব্যয় কৰাতকৈ আজি মাটন খাম

কথামতেই কাম, শিৱসাগৰৰ ষ্টেচন চাৰিয়ালিৰ মাৰ্কেটৰ পৰা মাটন আধাকিলো লৈ আহিলো, দুয়ো মিলি দকচি খাম, মই ৰান্ধিম, শিৱসাগৰত গৈ এটাই ইম্প্ৰুভমেন্ট হৈছিল যে ভালকৈ ৰান্ধিবলৈ শিকিলো, মই চিকেন-মাটন বনালে মানুহে আঙুলি পৰ্যন্ত চেলেকি খায়, মানে মই তামাম কুক আৰু.......
মাটনখিনি মেৰিনেট কৰি থৈ দিলো, অলপ ৰীগ আৰু ড্ৰিলিং ফ্লুইডৰ ডিচকাচন কৰিলো, কেবুলত চিনেমা এখন লগালো, খাই বই অলপ টোপনি মাৰিম, কাইলৈ দুয়োটাৰে মৰনিং ডিউটি আছে

চব থিকেই চলি আছিল, কিন্ত মানুহে পাতে , ইশ্বৰে ভাঙে, চাল্লা সেই সময়তে কামোৰ এজন আহিল...... কামোৰৰ নাম Chanakya Choudhury , চাণক্য দা নাজিৰাৰ নিজৰ য়াৰ-দোস্তৰ লগত ফাকু খেলি ধীৰাজদাৰ ৰুমলৈ আহিছে
(চাণক্যদাক দেখি আমাৰ প্ৰথম চিন্তা- কেনেকৈ খেদিব পৰা যায়, নহলে খুব কামুৰিব, মাটনখিনিৰো শ্বেয়াৰহল্ডাৰ বাঢ়ি যাব)

- অই, তহত বৰ বোৰ মানুহ দেই, হোলীৰ দিনা ৰুমত টিভি চাই থাকেনে.... চাণক্যদাৰ কামোৰ আৰম্ভ হল
- নাই বে দোস্ত, হোলী খেলাৰ প্ৰতি একদম ইন্টাৰেষ্ট নাই.. ধীৰাজদাই কলে
- ধেই, বল বল, অফিচাৰ্চ ক্লাবত মাহল জমি আছে, বছহত আছে, বছহতৰ ৱাইফ-ডটাৰচব আছে, কলনিত ধুনীয়া ধুনীয়া আপী আছে, হোলী লগাম, মজা লাগিব
- নাই চাণক্য দা, আমি গা-পা ধুলো, ভাত খাব টাইম হৈছে, আপুনি খেলকগে, আমি ইয়াতে আছো........... মই চাণক্য দাক খেদাবলৈ চেষ্টা কৰিলো

কিন্ত চাণক্য দাই নেৰিলে, আমি ওলাব লগা হল, এতিয়া টটেল কামোৰ তিনিজন- চাণক্যদা, ধীৰাজদা আৰু মই
- প্ৰথমতে কত হামলা দিও..... চাণক্যদাই সুধিলে
- ইন্দ্ৰজিত বৰা, ওচৰতে থাকে

ইন্দ্ৰজিত দাৰ ভাড়াঘৰ পালোহি, ইন্দ্ৰজিতদাই দুৱাৰ খোলাৰ লগে লগে ৰং-বিৰংগী কৰি দিলো, বৌ ঘৰতে আছিল, চাহ খালো
ইন্দ্ৰদাক ধৰি এইবাৰ টটেল কামোৰ চাৰিজন হলগৈ
শিৱসাগৰ এচ.পি অফিচ গলো, চাণক্যদাই ফোন কৰি Manuj Kumar Das ক মাতিলে, থানাৰপৰা মনোজদা ওলাল আৰু কালাৰ্ড হৈ পৰিল

নেক্সট ভিক্টিম Surjakamal Chaliha , সুৰ্যক চাৰপ্ৰাইজ দিলো, মুহুৰ্তৰ ভিতৰতে কলা মানুহটো ৰঙা-হালধীয়া-সেউজীয়াৰ কম্বিনেচন হলগৈ
Drumil Baruah নাইট ডিউটি কৰি গেঞ্জী পিন্ধি শুই আছিল , বেচেৰাই কাপোৰ পিন্ধিবলৈ টাইম নাপালে, ধুমিলদাৰ দাত পৰ্যন্ত ৰঙা হৈ পৰিল
Rahul Bora কোৱাটাৰতে আছিল, ৰাহুলদাকো ৰঙীন কৰি দিলো
কলনিৰ ভিতৰতে Mohit Kumar Sharma কো পাই গলো...... বৰ্তমান চাৰিখন বাইকত ছয়টা কামোৰ

-চলো আব বছলোগোকি লেতে হে..... মোহিত শৰ্মাই কলে
হোলী হে বুলি ডাঙৰ ডাঙৰকৈ চিঞৰি কলনিৰ মাজেৰে অ.এন.জি.চি মাদ চাৰ্ভিচৰ টীম আগবাঢ়িল

চীফ কেমিষ্ট নাৰায়ণ শংকৰ বগা ধুতি আৰু ছাৰ্ট পিন্ধি আছিল......... আমাক দেখি তেও কলে, আৰে লগাও, কোই প্ৰবলেম নহী, য়ে দিন বাৰ বাৰ থোৰে আতে হে.... আমি হেপী হোলী কৈ এৰি অহাৰ সময়ত শংকৰ ছাৰৰ চেহেৰা কোনোমতেই চিনিব নোৱাৰি

ডেপুটী মেনেজাৰ শ্ৰীকান্ত চাহু অফিচাৰ্চ ক্লাবত আছিল, চাহু ছাৰক ৰং লগাবলৈ এমটি স্পেচ নাছিল
- ছাৰ আপ তো পেহলে চেহী ৰংগে হুৱে হে, হাম কাহা লগায়েগা....... চাণক্য দাই কলে

চাহু চাহাবে এক মিনিট ৰব কৈ বেচিনত চেহেৰাটো ধুই আহি গালখন পাতি কলে... য়হা লগাও
চাহু চাহাবে ৰীগত গৈ বধ্যম কামোৰ দিয়ে, চাঞ্চ পাই এনেকে ৰং লগালো যে কেইবছৰমানলৈ মনত ৰাখে
চাহু চাহাবে ড্ৰিলিঙৰ ডি.জি.এম এজনক কলে........ য়ে হামাৰে বচ্চেলোগ হে, কেমেষ্ট্ৰী কে, হামাৰে চাথ হোলী খেলনে আয়ে হে, তুমহাৰা তো কোই নহী আয়া, য়হী হে ডিফাৰেঞ্চ কেমেষ্ট্ৰী অউৰ ড্ৰিলিং কা

তাৰ পাছত ডেপুটী মেনেজাৰ হালডাৰ চাহাবৰ কোৱাটাৰলৈ গলো, ৰং-বিৰংগী হোৱাৰ পাছত হালডাৰ চাহাবে কোকা-কোলা আৰু স্কটছ অফাৰ কৰিলে

হালডাৰ চাহাবৰ ৰুমৰ পৰা ওলাই আহোতেই কৰিডৰত আমাৰ ডিপাৰ্টমেন্টৰ হেড, জেনেৰেল মেনেজাৰ অ.পি.সিং চাহাবক লগ পালো, সিং ছাৰ গহীন মানুহ, অমি চবেই ভয় আৰু সমীহ কৰি চলো..... সিং ছাৰ গা-পা ধুই ভাল কাপোৰ পিন্ধি অফিচাৰ্চ ক্লাবত লাঞ্চৰ বাবে গৈ আছিল
- হোলী খেলনে আয়ে হো....... সিং ছাৰে সুধিলে
- হা ছাৰ
- ইতনা লেট কিউ, আব তো লাঞ্চ কা টাইম হো গয়া
- হা ছাৰ
- অৱ ক্যা কৰোগে
- ছাৰ ঘৰ জায়েংগে, অউৰ খানা খায়েংগে
- তুমলোগ চলে যাৱগে তো মুঝে ৰং কৌন লগায়েগা
- লেকিন আপ তো অচ্ছা কপড়া পেহনা হুৱা হে, কপড়া খাৰাব হো যায়েগা
- ক্যা প্ৰবলেম হে, ফিৰচে নহা লেংগে, দুচৰা কপড়া পেহেন লেংগে, লেকিন হোলী তো লগানাহী পৰেগা

অৱশিষ্ট যিমান ৰং আছিল চব সিং ছাৰৰ ওপৰত বৰচাই দিলো................

হোলীৰ প্ৰগ্ৰাম শেষ কৰি ধীৰাজদাৰ ৰুমলৈ আহিলো, আধাকিলো মাটনৰ শ্বেয়াৰহল্ডাৰ সাতজন হলগৈ

থেংকচ টু চাণক্য চৌধুৰী ফৰ মেকিং এ ডে,,,,,,,,,,,,,,,

বৰ্তমান সময়ত-
কাইলৈ হোলী, চাণক্যদা, ধীৰাজদাৰ ৰীগত ডিউটি আছে, মোহিত শৰ্মা বাৰানসীত, ধুমিলদা ডিব্ৰুগড়ত, মোৰ অফ, বৰ্তমান গুৱাহাটীত, মিচিং শিৱসাগৰ, মিচিং হোলী

উত্তৰ আধুনিকতাবাদত ফেমিলী প্ৰবলেমছ

(ইন্টাৰনেটৰপৰা অনুদিত)

ফ্লৰিডাৰ এখন বিয়েৰ বাৰত ভাৰতীয় মানুহ এজনে আমেৰিকান বন্ধু এজনৰ লগত হুইস্কী পান কৰি আছিল
ভাৰতীয়জনে আমেৰিকানজনক কলে, " মোৰ বহুত ফেমিলী প্ৰবলেম বুইছ l মা-দেউতা একেবাৰে আধুনিক নহয় l মোৰ বিয়া ঠিক কৰিছে কোনোবা এখন গাৱৰ গাৱলীয়া এজনীৰ লগত যাক মই কেতিয়াও দেখাই নাই l তইয়েই কচোন, যাক কেতিয়াও দেখাই নাই, তাইক কেনেকৈ বিয়া পাতো l এই সস্তীয়া ভাৰতীয় মানুহবোৰ মৰ্ডাৰ্ণ কেতিয়া হবগৈ l "
- হু................ আমেৰিকানজনে কলে
- এতিয়া মা-দেউতাক মোৰ সিদ্ধান্তৰ বিষয়ে কলো যে সেই গাৱলীয়াজনী মোৰ লগত কোনোপধ্যে নিমিলিব l গতিকে কেঞ্চেল, কিন্ত এতিয়া বুঢ়া-বুঢ়ীৰ যিহে কন্দা-কটা l ধেৰ প্ৰবলেম, কি যে আউটডেটেড ফেমিলীত জন্ম ললো l হে গড , আই হেভ লটছ অৱ ফেমিলী প্ৰবলেমছ l

এটা পেগ পি আমেৰিকানজনে কলে, "এতিয়া মোৰ কাহিনী শুন, মোতকৈ পাছবছৰ ডাঙৰ এজনী বিবাহ-বিচ্ছেদিতা মহিলাৰ সৈতে মোৰ প্ৰেম হল l তিনিবছৰ ডেটিঙৰ পাছত আমি বিয়া পাতিলো l কিন্ত এবছৰ পাছত তাইৰ আগৰফালৰ জীয়েকজনী মোৰ দেউতাৰ প্ৰেমত পৰিল l দেউতাইও প্ৰেম-বিবাহ কৰি ললে l নিয়মমতে এতিয়া মোৰ দেউতা মোৰ জোৱাই হৈ পৰিল আৰু মই মোৰ দেউতাৰ শহুৰ l "
- কি কৱ বে........... ভাৰতীয়জনে কলে
- তাৰ পাছত মোৰ এটা সন্তান জন্ম হল l বৰ্তমান পাৰিবাৰিক নিয়মমতে মোৰ সম্তান আৰু মোৰ দেউতাৰ ঘৈনীয়েক ভাই-ভনী l আৰু ইফালে চাবলৈ গলে মই মোৰ সন্তানৰ খুডাক l
- .................... ভাৰতীয়জনে পেগটো টেবুলত থলে
- সমস্যা আৰু জটিল হৈ পৰিল যেতিয়া মোৰ দেউতাৰ সন্তান এটা জন্ম হল l এতিয়া মোৰ দেউতাৰ সন্তানটো, অৰ্থাত মোৰ ভাইটি চাবলৈ গলে মোৰ নাতি l
-.................... ভাৰতীয়জনৰ নিচা ফাটি গল
- এতিয়া এফালৰপৰা চাবলৈ গলে, মই মোৰ নিজৰে ককা আৰু আনফালে মই মোৰ নিজৰে নাতি, আৰু তুমি কোৱা যে তোমাৰ ফেমিলী প্ৰবলেম আছে, গিমি এ ব্ৰেক ডুড ........আমেৰিকানজনে হুইস্কীৰ শেষ পেগটো শেষ কৰিলে

কেইদিনমান পাছতে ভাৰতীয়জন বিবাহৰ বাবে ভাৰত পালেহি

টিচাৰ্চ ডে

২০১২ চনৰ চেপ্তেম্বৰৰ প্ৰথম সপ্তাহ, কোম্পানীৰপৰা এসপ্তাহৰ ছুটী লৈ ঘৰলৈ গলো
৩ ছেপ্তেম্বৰ , ইউনিভাৰচিটিৰ মই কাম কৰা পুৰণা লেৱত বহি আছো, পুৰণা ক্লাছমেট মন্টুৰ লগত কথা পতাত ব্যস্ত
এনেতে জুনিয়ৰ দুজনী সোমাই আহিল
- দাদা টিচাৰ্চ ডেৰ কন্ট্ৰিবিউচনটো........ ছোৱালী এজনীয়ে মন্টুক কলে
- এক মিনিট ৰবা.... মন্টুই ৰিপ্লাই দিলে

ভাবিলো ময়ো কন্ত্ৰি এটা কৰি দিও, জুনিয়ৰকেইজনীৰ আগত কুল ইমেজ এটা বনি যাব, মানুহেতো গম পাব লাগিব যে ময়ো দিলদাৰ মানুহ হয়
- কিমানকে তুলিছা ভন্টি.......... মানিবেগটো উলিয়াবলৈ পকেটত হাত ভৰালো
- টু ফিফটি.......... এজনীয়ে কলে
- অকল ৰিচাৰ্চ স্কলাৰ নে চবৰে টু ফিফটি.......... মই সুধিলো
- ফাৰ্ষ্ট চেম, থাৰ্ড চেম চবৰে টু ফিফটি
- আচ্ছা, আচ্ছা, এক্সুৱেলি মই ভিজিটৰহে, ৰিচাৰ্চ স্কলাৰ নহয়...... মই হাহি এটা মাৰি কলো

মন্টুই নিজৰ কন্ট্ৰিবিউচনটো দিলে
- আচ্ছা বাৰু টু ফিফটি কে টো ২০-২৫ হাজাৰমান হবগৈ, এইবাৰ স্পেচিয়েলি ডাঙৰকে পাতিবা নেকি........ মই সুধিলো
- ও, এইবাৰ ফুকন ছাৰক ফেলিচিটেত কৰিম, আৰু প্লেনো আছে

ছোৱালীকেইজনী যোৱাৰ পাছত মন্টুই কলে, "কি কনজুচ মানুহ বে, ইমান দৰমহা পোৱা আৰু টিচাৰ্চ ডেৰ নামত পইচা দিব টান পোৱা, তোমাৰ নিচিনা চিপচ দেখা নাই "
- আব্বে, দুশ পঞ্চাশ টকা ধেমালি নেকি বে
- তোমাৰ কাৰণে যদি বেছি হয় তেন্তে হৈছে আৰু
- চোৱা ভাই , বি লজিকেল, আমিওতো টিচাৰ্চ ডে পাতিছিলো
- ও
- কিমানকে তুলিছিলো
- কিমানকেবা, পাহৰিলো নহয়
- পাহৰিবাইতো, পচিশ টকাকে তুলিছিলো, তাকো তুমি আৰু কেইটামানে দিয়া নাছিলা
- হয়
- ২০০৮ চনৰ পচিশ টকা ডেফিনেটলি ২০১২ চনত ২৫০ টকা নহয়
- সেইটো নহয়, তেন্তে
- মই এইটো বুজাব খোজা নাই যে জুনিয়ৰকেইটাই পইচা খাব, মই বুজাব খুজিছো মিছমেনেজমেন্ট
- কেনেকৈ
- প্ৰথম কথা আমি ইমান কম বাজেটেৰে কৰিব পাৰিছিলো কাৰণ আমাৰ প্লেনিং আছিল, ইহতে ৰিপোজৰ কেক আনিব, ৩৫০ টকা কিলো, কেৰিং চাৰ্জ এক্সট্ৰা, আমাৰ কেক বিনা খৰচত ডিপাৰ্টমেন্টত ডেলিভাৰী দি গৈছিল, সেই সময়ৰ বজাৰ দামতকৈ ৩০ টকা কম দৰত, তেনেকৈ এওলোকে যদি জেবিজৰপৰা পেকেট লাঞ্চ আনে, বহুত পৰিব, আমি এচেম্বলড কৰিছিলো, ছটকীয়া মিঠাই, পাচটকীয়া চিঙৰা পৰিছিল চাৰে তিনি টকাকৈ , তেনেকৈ বহুত কম খৰচত হৈছিল
- অ
- আৰু এটা কথা , আজিৰ তাৰিখতো ২৫০ টকা কাৰোবাৰ বাবে বহুত টকা, তুমি-মই ঠিকে আছে, দিব পাৰো, কিন্ত তেনেকুৱা কাৰোবা আমাৰ ডিপাৰ্টমেন্টত বহুত আছে, ৰাজহুৱা কন্ট্ৰিবিউচন এটা ঠিক কৰোতে এইবোৰ কথাও ভৱা উচিত
- হয়
- আৰু এটা কথা , এইবাৰ কন্ট্ৰিবিউচনটো ২৫০ হৈছে, অহাবছৰ নিশ্চয় নকমে, বাঢ়িবহে, ২৮০, ৩০০... চো ইট ইজ এ বেড প্ৰেকটিছ, উই চুড নট এনকাৰেজ ইট
- কথাটো হয়

আৰু কেইটামান ডায়লগ এড কৰি মন্টুক তামাম লেকচাৰ দিছিলো, কিন্ত লেকচাৰ দি থাকোতে জিভা পিচলি ওলাই গল যে ২০০৮ চনত ইউনিভাৰচিটিত আমাৰ ডিপাৰ্টমেন্টত টিচাৰ্চ ডে পাতোতে ২৬৫০ টকা মোৰ হাতত গোট খাইছিল আৰু তাৰে ২১৫০ টকা খৰচ হৈছিল..... বাকী ৫০০ টকা মোৰ পকেটত সোমাইছিল

জানে অনজানে টিচাৰ্চ ডেৰ বাজেটৰ ২০% আত্মসাত কৰাৰ কৰাপচনটোৰ কনফেচন হৈ গল

পদুমপুখুৰীৰ সন্ধিয়া

ইউনিভাৰচিটিৰ কথা, ফাৰ্ষ্ট চেমিষ্টাৰত এডমিচন লোৱা বেছিদিন হোৱা নাই, লগৰ এজনীয়ে কলে, পদুমপুখুৰীৰ পাৰলৈ আহিবা , সন্ধিয়া
প্ৰথমবাৰৰ বাবে কোনোবাই মাতিছে, তাকো সন্ধিয়া !!!

অকলে যাবলৈ ভয় লাগিল, লগৰ এটাক লৈ পদুমপুখুৰীৰ পাৰ পালোহি...
১০-১২ জনীমান ছোৱালী হোষ্টেলটোৰপৰা ওলাই আহিছিল, ধুনীয়া , ক্ষীণাংগী, লাস্যময়ী গাভৰুৰ জাক........

তাৰ পাছত............

অই মাইনা, হাড়কেইদাল ওলাই আছে দেখোন
অই মাইনা, সৰুতে হৰলিক্স খাবলৈ নেপালা নেকি
অই মাইনাকেইটাৰ ক্ষীণোৱা অসুখ হৈছে পায়

লেডিজ গেংটোৱে চিঞৰি থাকিল, মাজে মাজে শূৰ্পনখা টাইপত অটহাস্যৰ মিক্সাৰ......
বৈধ্যম বেয়াকৈ জোকালে, বহুত বেইজ্বতি হল.....
বচা-খুচা ইজ্বত লৈ দুয়োটা হস্পিতালৰ কাষেৰে পলালো.........
............................
.......................
- অলপ ধেমালি কৰিলো, ডন্ট মাইন্ড..........পাছদিনা লগৰজনীয়ে কলে
- ক্ষীণ মানুহৰো এখন চেনচিটিভ হৃদয় থাকে...... মই কলো

- হাড়- হৰলিক্স বুজি পালো, কিন্ত এই ক্ষীণোৱা অসুখটো কি বস্ত.... মই সুধিলো
- ধেই , মই কব নোৱাৰো..... লগৰজনীয়ে দুষ্ট হাহি এটা মাৰি কলে

বেলেগ এজনীক সুধিলো.... তায়ো দুষ্ট হাহি এটা মাৰিলে

ক্ষীণোৱা অসুখ কি জানিবলৈ মন ইচাট-বিচাট কৰিবলৈ ধৰিলে, কি বস্ত এইটো...
লগৰ কেইবাজনীকো সুধিলো, সকলোৰে মুখত দুষ্ট হাহি........

অৱশেষত চিনিয়ৰ এটাই বুজাই দিলে..... ক্ষীণোৱা অসুখ কি বস্ত, লগত দুষ্ট হাহি এটা

ক্ষীণোৱা অসুখ..........
বুজি পাই গলো, কিন্ত ছোৱালীকেইজনীয়ে মোৰো সচাকৈয়ে ক্ষীণোৱা অসুখ হৈছে বুলি ভাবি লৈছে নেকি, টেনচন হৈ গল.......
(কি বুজিছিলো ৰাজহুৱাভাৱে কব নোৱাৰিম)

তাৰ পাছত..........
শকত হব লাগে, সদায় ৰাতি এপোৱা ব্ৰইলাৰ খাও, লগত একাহী ভাত.... কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ চব একেলগে
বহুদিন ব্ৰইলাৰ খালো, ব্ৰইলাৰ নহলে ভাত পেটলৈ নোযোৱা হৈ পৰিল......

এতিয়া........
মানুহে মোক মৰমতে পেটুৱা বুলি মাতে

( ধেমালি নহয়.....আপোনালোকে পেটুৱা বোলা মানুহবোৰৰো এখন চেনচিটিভ হৃদয় থাকে )

ডে বিফৰ টুমৰু

আচলতে মই এটা কুল মানুহ l বেলেগে যিয়েই নাভাবক মই নিজকে কুল বুলি ভাবো l

আৰে এয়া কি, মোৰ হাতত দুটা বেগ দেখোন, আৰু মই দেখোন শ্বপিং মলত, মোৰ আগে আগে এজনী মহিলা, মহিলাই মোক ডেবিট কাৰ্ডখন খুজিছে, আৰু মই দি দিছো....... কি হৈছে মোৰ, বেংক বেলেন্সৰ চত্যানাচ হোৱাৰ পাচতো মই দেখোন স্মাইল হে কৰি আছো !
মহিলাগৰাকীয়ে কলে....... বলা এতিয়া
বেগ দুটা দাঙি গাড়ীত উঠিলো...... চিধা কোৱাটাৰলৈ
কোৱাটাৰত সোমাই আচৰিত হৈ গলো... পুৰা হোলিয়া হী বদলি হৈ গল দেখোন
যোৱাবছৰ গ্ৰীণ কালাৰ কৰিছিলোহে, কোৱাটাৰটো দেখোন, ৰঙা, কমলা, বেঙুনীয়া ৰঙৰ ভেৰাইটিজ হৈ গৈছে l আৰু বাওফালৰ ৱালখনত চে গুৱেভাৰাৰ ফুল চাইজদ পষ্টাৰখন ......কত

চে গুৱেভাৰা কত বুলি সুধিছিলোহে, মহিলাগৰাকী ভেকাহি মাৰি উঠিল l
মোক আচৰিত কৰি ভেকাহিৰ উত্তৰত মই মৌন হৈ থাকিলো l

কি খাবা আজি...... মহিলাগৰাকীয়ে সুধিলে
- চিকেন আকৌ, মই চিকেন খাই ভাল পাও বুলি জানাই দেখোন....... মই কলো

কামৱালী বাইৰ হতুৱাই মহিলাগৰাকীয়ে মোৰ বাবে দুখন শুকান ৰুটি আৰু একাপ নিমখ-চেনী একো নিদিয়া ৰঙা চাহ বনোৱালে
- তোমাৰ পেটটো ওলাই গৈছে, মিচেচ চলিহাই মিচেচ গোহাইৰ আগত সিদিনা মিচেচ বৰুৱাৰ এনিভাৰচিৰি পাৰ্টিত কৈছিল, মই কিমান লাজ পাইছো জানা, এয়াই খাব লাগিব........ মহিলাগৰাকীয়ে মোক উদ্দেশ্য কৰি কলে

মই মোৰ পেটৰ পিনে চালো...... কতা, পেট চোন নাইয়েই
আৰু ......মই দেখোন ৰুটি চোবাই আছো.....মা কচম......... কি হৈ গল মোৰ

এদিন দীৰুদাই মোক আচাৰ আৰু পদিনাৰ চাটনিৰে জুতি লগাই নিৰামিষ ভাত খুৱাম বুলি কৈছিল...... মই কৈছিলো, সিংহই কেতিয়াবা ঘাহ-বন খোৱা দেখিছে নেকি, মোৰ ডায়লগ শুনি দীৰুদাই মাটন কাৰী বনাইছিল l সেইদিন আৰু আজি এই দিন !

মা কচম, কি হৈ গল, কেনেকে.......... ভাবি আছো

একদম ৱেল ডেকৰেটেড ৰুম, ৰুম ফ্ৰেচনাৰেৰে আমোলমোলাই আছে, মই দেখোন এতিয়া বিউটি পাৰ্লাৰ এখনত আছো.....
- ইয়াক চম্ভালিবা, মই মেনিকিউৰ, পেডিকিউৰ, থ্ৰেডিং চব কৰাই লও, কাইলৈ মিচেচ কলিতাৰ পাৰ্টি আছে নহয় ......... এইবুলি কৈ মহিলাগৰাকী পাৰ্লাৰলৈ সোমাই গল

ইয়াক মানে...আব্বে.... মোৰ হাতত... এটা বাচ্চা দেখোন !.. কি কেচ !.. কাৰ কেচ !
বাচ্চাটোক নচুৱাই আছো... পে.পে.পে.. বাচ্চাটোৱে কান্দিবলৈ ষ্টাৰ্ট কৰিছে, কি কৰো এতিয়া

- বটলৰপৰা গাখীৰ খুৱাই দে....... বাওফালৰপৰা কোনোবাই কলে

চিনাকি মাত দেখোন....... বাওফালে চালো, আব্বে চাল্লা, দীৰুদা দেখোন, দীৰুদাই এজ ইউজুৱেল স্মাইল কৰি আছে, কিন্ত সেই স্মাইলটো খোলা নহয়...... দীৰুদাৰ কোলাতো... মা কচম..... এটা বাচ্চা ! এটা ফুল চাইজড বাচ্চা !!

- কি হল দীৰুদা, এনেকুৱা কেনেকুৱা....... মই সুধিলো
- কি কৰিবি দোস্ত, ৰিলেটিভছবোৰে ফচাই দিলে, চাদী কা লাড্ডু..... দীৰুদাই হতাশ চাৱনিৰে কলে

মা কচম..... কি দুনীয়া কি হৈ গল, কত চিবচাগৰত এইচ কৰি আছিলো, দুদিনৰ মুৰে মুৰে হলত ফিলিম, আউটিং, ট্ৰেভেলিং... আৰু এতিয়া... বাচ্চা আৰু.........

পে.পেএপেএ.....বাচ্চাটোৱে কান্দিছে...... টি.টিংটি.টিং.লা.লা....... আব্বে ফোনটোও এইসময়তহে বাজিব লাগেনে...... ফোন ধৰো নো বাচ্চাক গাখীৰ খুৱাও....... গাখীৰৰ বটলটো কেচুৱাটোৰ মুখত লগোৱাৰ চেষ্টা কৰিলো...... ধেই ....বটলটো পৰি গল.......পে.পে.পে. ...টি.টিংটি.টিং.লা.লা.......পে.পে.পে.
বাচ্চাই কান্দি আছে..... ফোন বাজি আছে... বাচ্চাই কান্দি আছে.........পেএএএএএএএএএএ

মা কচম, এই জালিম দুনিয়াত মই থাকিব নিবিচাৰে..... ইমান জেং, ইমান টেনচন !
মা কচম, নট কুল... একদম কুল নহয়, হে ভগ্গু গিভ মি এ ব্ৰেক
একেজাপে বিচনাৰপৰা জপিয়াই দি উচেইন বল্টৰ দৰে পজিচন ললো, যিমান সোনকালে পাৰি পলাব লাগিব .....

চে গুৱেভাৰাক দেখি বল্টৰ ৰাণিং হল্ট কৰি দিলো, ৰুমটোৰ ৱালৰ ৰং সেউজীয়া, ৱালখনত চে গুৱেভাৰাৰ পষ্টাৰখন ঠিকেই আছে......মা কচম....লেপটপত ডাউনলড এটা দি থৈছিলো....... লেপটপটোও চলি আছে......

উফ ৰক্ষা ! দুনিয়াখন এতিয়াও জালিম হোৱা নাই I খিৰিকিখনেদি ৰাতিপুৱাৰ ৰদ এচমকা সোমাই আহিল l

কুল কেমিষ্ট

.কুল কেমিষ্ট...
(সকলো নন-কুল কলিগলৈ ক্ষমাপ্ৰাৰ্থনাৰে)

মই তেতিয়ালৈ নিজকে ডিপাৰ্টমেন্টৰ সকলোতকৈ কুল পাৰ্চন বুলি ভাবিছিলো
কিন্ত এদিন মই অৱনীদাদাক লগ পালো... অৱনীদা মোৰ চিনিয়ৰ
লাকুৱাৰ এটা ৰীগ, বছে অৱনীদাৰ লগত শ্বিফটত লগাই দিলে, মৰনিং শ্বিফটত যাবলৈ ৰাতিপুৱা ৫ বজাতে শ্বিফট বাছ ধৰিব লাগে, সময়ত বাছ ষ্টেচন গৈ পালো, অৱনীদা আহিল, হাতত দুটা ডাঙৰ মোনা
- ইমানকৈ কি লৈ আহিছে
- হে হে, কুল, চাইটত গম পাবাই..... অৱনীদাই কলে

চাইট গৈ পালো, অৱনীদাই মাদ টেংকৰ মনিটৰ কৰি আহিল, তাৰ পাছত বাংক হাউচৰ পৰা বাল্টি দুটা , আৰু চাৰ্ফ এক্সেল উলিয়ালে, এটা টোপোলা নিজে দাঙি মোক এটা টোপোলা দাঙিবলৈ কলে, আৰু ৱাটাৰ টেংকৰ ওচৰলৈ গল........
অৱনীদাই বাল্টিটোত পানী ভৰালে, তাৰ পাছত টোপোলা খুলিলে, চাৰ্ট,পেন্ট, বনিয়ান, মেখেলা., চাদৰ , শাড়ী...
প্ৰথমতে কাপোৰখিনি এটা বাল্টিত তিয়াই ললে..... আনটো বাল্টিত চাৰ্ফ মিক্স কৰিলে
তাৰপাছত কাপোৰখিনি চাৰ্ফত তিয়াই দিলে
- হৈ গল, কুল, বল বাংক হাউচত যাওগৈ

দুয়োটা বাংক হাউচ পালোগৈ, অলপ গাটো টঙাই লও বুলি অৱনীদা বাংক হাউচৰ বিচনাত পৰিল, চিনিয়ৰ কলিগক দেখি মইও চকীখনত আউজি চকু দুটা মুদি দিলো
প্ৰায় ১০ টা মান বজাত সাৰ পালো, অৱনীদা বাংক হাউচত নাই, বাহিৰ ওলালো, দেখিলো অৱনীদাই কাপোৰবোৰ মেলি আছে
- আপুনি ইয়াত কাপোৰ ধোৱে যে, কি কেচ.........মই সুধিলো
- এ নকবি আৰু, ৱৰ্কিং ওমেন বিয়া পাতিলো, এতিয়া ঘৰুৱা কামবোৰ ময়ে কৰিব লাগে, কুল
- কাম কৰা ছোৱালী নাৰাখে কিয়
- এ নকবি আৰু, ৰাখি চাইছিলো, কিন্ত কাম কৰা মানুহকলৈ বৰ প্ৰবলেম, একদম কুল নহয়

কাপোৰ মেলা হেৱাৰ পাছত অৱনীদা বাংক হাউচলৈ আহিল, তাৰ পাছত লেপটপটো অন কৰি কিবা কিবি টাইপ কৰাত লাগিল
- লেপিত কি কৰি আছে......মই সুধিলো
- এ নকবি আৰু, পি.এইচ.ডি কৰি আছো, পেপাৰ লিখিব লাগে, গাইডৰ প্ৰেচাৰ, ইফালে ঘৰত টাইম নাপাওৱেই নহয় , কুল

অৱনীদাই লেপিত পেপাৰ টাইপ কৰি আছে, ময়ো নিজৰ লেপি উলিয়াই ফেচবুকৰ বাবে আপদেট টাইপ কৰাত লাগিলো
দুপৰীয়া ভাত খাই অৱনীদাই আৰু এবাৰ গা টঙাই ললে...
আবেলি ৩ টা বজাত অৱনীদা উঠিল, লেপি ভৰাই থ, বল মাদ টেংকৰ ওপৰত যাও, অৱনীদা টেংকৰ ওপৰত উঠিল, কিছুসময় পাছত ওপৰৰপৰা ড্ৰিলাৰ সন্দিকৈয়ে টং টং কৈ কিবা চিগনেল দিলে
অৱনীদাই চিগনেল ইন্টাৰপ্ৰীট কৰি চিঞৰিলে..... লাল গাড়ী, লাল গাড়ী
টেংকৰ ওপৰত থকা চব মানুহ কামত বিজি হৈ পৰিল, চবেই কিবা নহয় কিবা কাম কৰি আছে, পানী মৰাই পানী মাৰিছে, কেমিকেল ঢলাই কেমিকেল ঢালিছে, কুল

ৰঙা ৰঙৰ বলেৰো এখন চাইটত সোমাল , বলেৰোখনৰপৰা বছ ওলাল, তীখী নজৰ চে ৩৬০ এংগোলত চালে, টেংকৰ ওপৰত উঠিল, বছ পুৰা খুচ, কাম দনাদন চল ৰহা হে
অৱনীদাক থামছ আপ এটা দি দিলে, মোৰ পিনে পেন্দোৱাকৈ চাই বছে ইংগিতৰে কলে.... কুচ চিখো ইনচে

আধাঘন্টা মান পাছত বছ গলগৈ, বছৰ লাল গাড়ী ডিচএপিয়াৰ হোৱাৰ লগে লগে টেংকৰ ওপৰৰ বিজি মানুহবোৰ ডিচএপিয়াৰ হৈ পৰিল, কুল
মোৰো কুল এক্সপেৰিয়েন্স এটা হৈ গল...

কেইদিনমান পাছত........
হাতত বেগ দুটা দাঙি শ্বিফট বাছত উঠিছো......... ড্ৰিলিঙৰ নতুনকৈ জইন কৰা মানস ৰাৱাটে সুধিলে.... আৰে চেকিয়া দা, য়ে বড়া বড়া পোটলী মে ক্যা লেকে জা ৰহে হে
- হে হে, কুল.......... মই কলো

ময়ো অৱনীদাক টক্কৰ দিব পৰাকৈ কুল কেমিষ্ট হৈ পৰিলো...

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...