Thursday, September 24, 2015

পাৰ্চেল ডেলিভাৰী(২) - এক ভিলেইন

ফাইনেন্স চেকচনৰ বৰুৱাদাৰ লগত ভাল টাৰ্মচ আছে । মাহত এবাৰ টি.এ. বিল চাবমিট কৰিবলৈ শিৱসাগৰৰ অফিচলৈ যাও । বৰুৱাদাই আমাৰ টি.এ বিলবোৰ কোনো ঝামেলা নোহোৱাকৈ পাৰ কৰি দিয়ে । কেতিয়াবা কিবা ভুল ওলালেও নিজেই মিলাই মেলি দিয়ে ।

যোৱামাহৰ কথা । দীৰুদা আৰু মই টি.এ বিল চাবমিট কৰিবলৈ গলো । বৰুৱাদাক কাগজ দিলো । বৰুৱাদাই চাই অকে বুলি হাহি এটা মাৰিলে ।

- আচ্ছা, কাম এটা কৰিব পাৰিবা নেকি........ বৰুৱাদাই সুধিলে
- কি কাম
- মানে অহাসপ্তাহত তো গুৱাহাটী যাবাই, বস্ত এটা লৈ যাবা নেকি
- হব বাৰু, পিছে কি নিব লাগিব
- নয়নাক মানে মোৰ ছোৱালীজনীক গিৰিজানন্দত দিছো, আদাবাৰীৰ হোষ্টেল এটাত থাকে, যোৱাবাৰ ঘৰলৈ আহোতে কিতাপ দুখন এৰি থৈ গল , দিব লাগিছিল
- হব, হোষ্টেলৰ এড্ৰেছটো দিব, দি আহিম.....মই কলো

শনিবাৰ এটাত ১৪ দিন ডিউটি শেষ কৰি শিৱসাগৰ এ.এছ.টি.চিত বৰুৱাদাৰপৰা পাৰ্চেলটো ললো । আবেলি গুৱাহাটী পালোগৈ । ফেচবুক খুলি নয়না বৰুৱা চাৰ্চ কৰিলো । এজনীৰ প্ৰফাইলত বৰুৱাদা আৰু বৰুৱানী বৌ উইথ তেওলোকৰ পেহনীয়া ভুটীয়া কুকুৰ লুচীক দেখা পালো । ফটোখনৰ তলত লিখা আছে...... মাই চুইট ফেমিলী । হয় এইয়েই হব ।

দেওবাৰে ৰাতিপুৱা দীৰুদাই ফোন কৰিলে
- কি কৰি আছ
- একো নাই, ফেচবুকত টাইম পাচ....মই কলো
- এক ভিলেইন চাবি নেকি
- কত
- প্ৰাগ, টু থাৰ্টি
- অকে, ডান.....মই কলো

দহটামান বজাত ব্ৰেকফাষ্ট কৰি বৰুৱাদাৰ পাৰ্চেলটো বাইকত ওলোমাই ললো । প্লেনটো হল, আদাবাৰী গৈ বৰুৱাৰ জীয়েকক কিতাপকেইখন হেন্ড অভাৰ কৰি আই.আই.টি গৈ লগৰকেইটাৰ লগত অলপ আদ্দা মাৰি আবেলি দীৰুদাৰ লগত এক ভিলইন চাই দিম ।

বেলতলাৰ পৰা লখৰা হৈ আদাবাৰীৰ জেচমিন গাৰ্লচ হোষ্টেলৰ সমুখত বাইক ৰখালো । বাইকৰ ষ্টাৰ্ট বন্ধ কৰি পাৰ্চেলটো হাতত লওতেই দেখিলো ছোৱালী এজনী হোষ্টেলৰপৰা ওলাই আহিছে । ভালকৈ চাই দেখিলো নয়নাই হয় । ভাবিলো ভালেই হল, ইয়াতেই পাই গলো, পাৰ্চেলটো দি আজৰি হব পাৰো ।

নয়না আৰু মোৰ মাজত ২০ মিটাৰৰ দুৰত্ব । কিন্ত সেই ২০ মিটাৰ যাবলৈ দুখোজ দিওতেই কৰবাৰ পৰা জানো চিবিজি এখন আহিল, নয়না চিবিজিত উঠিল আৰু চিবিজিৱালাই ৰাষ্টাত ৰজনীগন্ধাৰ পিক পেলাই এক্সিলেটৰ দবালে ।

হাজাৰ হলেও বৰুৱাদা মানুহটো ভাল । মুহুৰ্তৰ ভিতৰতে ডিচিচন ললো যে এই চিবিজিৱালাটো কোন উলিয়াব লাগিব ।
চিবিজিৰ পাছে পাছে মোৰ এক্স.চি.ডি ৰ চকা ঘুৰাই দিলো । চিবিজিৱালা আৰু নয়না দুয়ো গৈ বিশালত সোমাল । ময়ো সোমালো । নয়নাই কাপোৰ দুযোৰমান কিনিলে । চিবিজিৱালাৰ চেহেৰাটো ভালকৈ দেখা পালো । একেবাৰে য় টাইপৰ , কেকোৰা চুলি, চকুত ছানগ্লাছ, হাতত চেইন, ডিঙিত লকেট, বাওসীত টাটু । বিশালত কাপোৰ ধোৱা চাবোনত ডিচকাউন্ট আছিল । কেইপিচমান কিনিলো ।

তাৰপৰা ওলাই দুয়োটা ৰেষ্টুৰেন্ট এখনত সোমাল । ময়ো সোমাই সিহতৰ কাষৰ টেবুল এখনত বহি চাও-চাও অৰ্ডাৰ দিলো ।
সিহতৰ কথা বতৰাৰপৰা গম পালো যে চিবিজিৱালা অৰ্থাত নয়নাৰ বয়ফ্ৰেন্ডটোৰ নাম প্ৰতীম ।
ৰেষ্টুৰেন্টৰপৰা ওলাই নয়নাই বান্ধবী এজনীক লগ পালে আৰু তাইৰ লগত বাছত উঠিল । বাছত উঠাৰ আগতে প্ৰতীমক কাইলৈ লগ পাম চুইটু বুলি কলে । প্ৰতীমে হাত জোকাৰি বাই বাই দিলে ।

তাৰ পাছত প্ৰতীমৰ ফোন বাজিলে । জাষ্ট পাই আছো বুলি কৈ প্ৰতীমে বাইক ষ্টাৰ্ট কৰিলে ।
প্ৰতীমৰ পিচা নেৰিলো ।
প্ৰতীম গৈ নেহেৰু পাৰ্কৰ সমুখত ৰল । কেইটামান লৰা ৰখি আছিল । সিহতে অলপ আদ্দা জমালে । মই কাষৰ হকাৰ এটাৰপৰা আইচক্ৰীম এটা কিনিলো ।

প্ৰতীমৰ লগৰকেইটাৰ এটাক চিনি পালো । অঞ্জন । তাক মই কেইবছৰমান আগতে টিউচন পঢ়াইছিলো ।
এনেতে ৰিক্সা এখনৰপৰা ছোৱালী এজনী নামিল । প্ৰতীমে লগৰকেইটাক বাই দি ছোৱালীজনীৰ লগত দীঘলীপুখুৰীৰ ফালে গুচি গল ।

-আৰে অঞ্জন কি খবৰ তোমাৰ...... মই লৰাকেইটাৰ ওচৰ চাপি সুধিলো
- অ ছাৰ দেখোন, ইমান দিনৰ মুৰত
- ওনাচোন কথা এটা আছে

অঞ্জনৰপৰা গম পালো যে ৰিক্সাত অহা ছোৱালীজনীৰ নম বন্দনা আৰু প্ৰতীমে চাইমুলটেনিয়াছলি নয়না, বন্দনা আৰু প্ৰয়াসী নামৰ তিনিজনী ছোৱালীক চলাই আছে ।
মনতে ভাবিলো যে বৰুৱাদাক কৈ নয়নাক প্ৰতীম নামৰ ফ্লাৰ্টটোৰপৰা সাবধান কৰিব লাগিব ।

এনেতে দীৰুদাই ফোন কৰিলে
- কত বে, এক ভিলেইন চোৱাৰ প্লেন আছিল যে
- ১০ মিনিটত পাই আছো... মই কলো

ট্ৰেফিক ফালি চিনেমা হল পাওতে অলপ দেৰি হল । হলৰ বাহিৰত দীৰুদাক ছৰী বুলি কৈ হলত সোমাই লাষ্টৰশাৰীৰ ছীট দুটা অকুপাই কৰিলো ।

চিনেমাহলৰ পৰ্দাত নায়িকাই জীপ এখনৰপৰা এজনক কথা শুনাই আছে । পৰ্দাত কথা শুনাজনে কলে....ফিকৰ মত কিজিয়ে মেডাম আজকে বাদ চিকায়দ কা মৌকা নেহি দুংগা ।
চিনেমা চলি আছে । সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ ..... কোই মুঝকে য়ু মিলা হে , জেইচে বনজৰে কো ঘৰ । চিনেমাত মন বহাই আছো ।

কিন্ত আমাৰ আগৰ শাৰীৰ মুৰ দুটাই চিনেমাত মন বহাব পৰা নাই । দুয়োটা মুৰ এটা হৈ পৰিছে । পৰ্দাত অলপ বেছি পোহৰ হলে তাৰ ৰিফ্লেক্সনত দুয়োটাৰ ছীট এটা নে দুটা ধৰিবলৈ দিগদাৰ হোৱা যেন লাগিল ।

দীৰুদাই মোক হেচুকি কলে....... বাদ দে, আজিৰ লৰা-ছোৱালী, চিনেমা চা , চিনেমা
সমুখৰ চিটৰ চিনেমাৰ পৰা চকু আতৰাই পৰ্দাৰ চিনেমাত মন বহালো । ইন্টাৰভেল হল । সমুখত বহি থকা পেয়াৰটোৰ চুলি চুটিকৈ কটা য়েলো টিচাৰ্ট পিন্ধা লৰাটোৱে পপকৰ্ন আনিবলৈ বাহিৰলৈ গলগৈ । ছোৱালীজনীয়ে মবাইলটো উলিয়াই পিটিক পাটাক কৰিবলৈ ধৰিলে ।

-আচ্ছা ভন্টি শুনাচোন...... মই কলো
ছোৱালীজনীয়ে ঘুৰি চালে ।

- শিৱসাগৰৰ অমল বৰুৱা মানে তোমাৰ দেউতাই তোমাৰ কিতাপ কেইখনমান মোৰ হাতত দি পঠিয়াইছিল বুলি কৈ হাতত থকা পাৰ্চেলটো ছোৱালীজনী মানে নয়নাৰ হাতত দিলো

পাৰ্চেলটো হাতত লোৱাৰ পাছত ছোৱালীজনীক অলপ টেনচড দেখিবলৈ পালো । দীৰুদাৰ চকুকেইটাও ডাঙৰ হৈ গল ।
পাৰ্চেলটো দি মই কিন্ত বৰুৱাদাই কৰিবলৈ দিয়া কামহে কৰিলো, কিচিকো চিকায়ত কা মৌকা দিয়া নাই ।

কিন্ত কেচটোত মই বাৰু এক ভিলেইন হৈ গলো নেকি ।

Tuesday, July 22, 2014

পাৰ্চেল ডেলিভাৰী

১৪ দিন অন-অফ ষ্টাৰ্ট হোৱাৰ আগৰ কথা । ছুটী পোৱাৰ বিৰাট সমস্যা । বছৰ হাতে ভৰিয়ে ধৰি চাৰি-পাচদিনৰ ছুটী মেনেজ কৰি গুৱাহাটীলৈ আহো । সাধাৰণতে মই গুৱাহাটীলৈ অহা খবটো শিৱসাগৰত ইকানে সিকানে বাগৰি পৰে আৰু সেইখিনি সময়তে বহুত মানুহৰ জৰুৰী চিঠি , পাৰ্চেল , বিভিন্ন বস্ত গুৱাহাটীৰ ৰিলেটিভলৈ পঠিওৱাৰ জৰুৰী প্ৰয়োজনীয়তা আহি পৰে । ফলত মোৰ লগতে নাইট চুপাৰত দুটা বেগ হয়গৈ, এটাত নিজৰ বস্ত, আনটোত গুৱাহাটীত ডেলিভাৰি দিবলগা বস্ত ।

গুৱাহাটী পোৱাৰ পাছতেই মোৰ কাম হয়গৈ বস্তবোৰ সঠিক ঠাইত ডেলিভাৰি দিয়া ।
তেনেকুৱা এটা ডেলিভাৰীৰ কথা..........

ৰদত ঘামি-জামি কোনোমতে ঘৰটো বিচাৰি এঘৰত কলিং বেল টিপিলো । মধ্যবয়সীয়া মহিলা এগৰাকীয়ে দুৱাৰখন খুলিলে ।
- অভিমন্যু বৰুৱাই পাৰ্চেল এটা পঠিয়াছিলে.......... মই কলো
মানুহগৰাকীয়ে পেকেটটো লৈ কলে, এক মিনিট ৰবাচেন

দুৱাৰমুখত ৰৈ আছো । মানুহগৰাকী ভিতৰৰপৰা কাগজ কেইখনমান লৈ ওলাই আহিল ।
- তুমি অভিৰ অফিছতে কৰা ন
- হয় অভিদাৰ অফিছতে কৰো
- আচ্ছা এই চিঠিখন নৰ্মেল পোষ্ট কৰিবা আৰু ইলেকট্ৰিচিটি বিলখন অফিছত জমা দি দিবাচেন........... মানুহগৰাকীয়ে এশটকীয়া দুখন আৰু পেকেট এটা আগবঢ়াই দিলে

মই হেৰাণ-পৰেচান হৈ গলো । জান না পেহচান , ইলেকট্ৰিচিটী অফিছ মে লাইন ধৰি বিল দিব লাগে ।
- চাওক এক্সুৱেলি আজি মোৰ বেলেগ কামো আছে, চিঠিখন বাৰু পোষ্ট কৰি দিম, কিন্ত ইলেকট্ৰিচিটী বিল দিব নোৱাৰিম............ মই কলো
- চোৱা তোমাৰ বছে গম পালে কিন্ত পাৰডন নকৰিব, অভিয়ে মোক বহুত মানে
- বছ মানে
- অভিমন্যু বৰুৱা, মই অভিৰ একেবাৰে নিজৰ পেহী হয়, মোৰ কথা নুশুনিলে কথা বেয়া হৈ যাব কিন্ত ....... মানুহগৰাকীয়ে দম দি দিলে

কি জেং বে । মই আকৌ হেৰান-পৰিচান হৈ গলো । মই জইন কৰিছো ২০১০ ত , অভিদাই ২০১২ ত । হিচাপত মইহে অভিদাৰ বছ হব লাগে । কিবা মিছআন্ডাৰষ্টেন্ডিং হল ছাগে ।

- চাওক , এক্সুৱেলি
- ঠিক আছে, মই অভিক ফোন লগাও......... মানুহগৰাকীয়ে ফোনটো উলিয়ালে

টেমা গৰম হৈ গল । হব বাৰু বুলি কৈ চিঠি, বিল আৰু পইচা লৈ পেহীৰ ওচৰৰপৰা পলালো ।
নিৰাপদ দুৰত্বৰপৰা অভিদাক ফোন কৰিলো
- হেলো অভিদা, এই পাৰ্চেলটো দিব দিছিল যে, মথুৰা নগৰ, বাই লেন ৮ , কোন হয় আপোনাৰ
- অ, মোৰ পেহী হয়
- আচ্ছা পেহীক কোনে পাৰ্চেল লৈ আহিব বুলি কৈছিল
- মানে
- মানে কি বুলি কৈছিল
- অফিচৰ লৰা এজন গুৱাহাটী যাব, তাৰ হাতত পঠাইছো বুলি কৈছিলো, কিয়, কিবা হল নেকি
- নাই, একো নাই

কেচটো বুজি পাই গলো । অভিৰ পেহীয়েকে মোক অফিচৰ লৰা মানে অভিৰ তলতীয়া পিয়ন টাইপৰ কৰ্মচাৰী বুলি ভাৱি আছিল ছাগে ।

তাৰ পাছত..............
তাৰ পাছত কি হব আৰু । চিঠিখন পোষ্ট বক্স এটাত পেলালো আৰু চিধা ঘৰ সোমালো । ডেলিভাৰী চাৰ্ভিছ ক্লজড । বাকী থকা ডেলিভাৰীকেইটাৰ অনাৰক কৈ দিলো যে বস্ত মোৰ ঘৰত আছে, কোনোবা আহি কালেক্ট কৰি লৈ গলেই হল ।

তাৰ নেক্সট ট্ৰিপত পাৰ্চেলবোৰ নিবলৈ "পাহৰি" থাকিলো ।
দুবাৰমান পাহৰাৰ পাছত মই যে "পাৰ্চেল" লৈ গৈছিলো সেইটো বহুতে "পাহৰি" থাকিল ।

Monday, July 7, 2014

কিতাপ


(১)

তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত । কেমেস্ত্ৰী মেজৰ । পানবজাৰলৈ কৰ্চৰ কিতাপ কেইখনমান কিনিবলৈ গলো । বুক হোমত কিতাপ চাই আছো, এখন কিতাপত চকু পৰিল- Organic Chemistry-Clayden । ৰংচঙীয়া কিতাপখন ভালেই লাগিল । পাছে দামটো দেখি সেপ ঢুকি গলো । ১৬৫০ টকা । ক্লেইডেন বাদ দিলো । আৰু এখন চালো । অৰেগেনিক কেমেস্ত্ৰী- ফাইনাৰ । দুটা ভলিউম মিলি ১৫০০ টকা । সেইখনো বাদ দিলো । শেষত বাজেট মিলাই ইন্ডিয়ান ৰাইটাৰৰ সিং-মুখাৰ্জী-কাপুৰ কিনি লৈ আহিলো ।

এইটো নহয় যে লাইব্ৰেৰী নাই । আছে, কিন্ত লাইব্ৰেৰীৰ কিতাপবোৰ বেছিদিন ৰাখিব নিদিয়ে । প্ৰায়ভাগেই অল্দ এডিচন । নিজৰ অনিচ্ছাই হওক বা সহজতে নম্বৰ পোৱাৰ মানসিকতাই হওক চিনিয়ৰৰ নোটছ, ক্লাছ নোটছ পঢ়ি ডিগ্ৰী কমপ্লিট কৰিলো । ইউনিভাৰচিটীত নৱম ৰেংক সহ ফাৰ্ষ্ট ক্লাছ পালো ঠিকেই কিন্ত IISc entrance, JAMকে ধৰি যিমান কম্পিটিটিভ এক্সাম দিলো চবৰে অৰগেনিকৰ প্ৰশ্ন দেখি মুৰ ঘুৰাই গল ।

(২)

JAM নাপালো । গতিকে গুৱাহাটী ইউনিভাৰচিটীত এডমিচন ললো । ছেকেন্ড ছেমিষ্টাৰৰ কথা । সপ্তাহটোৰ বুধবাৰে ডিপাৰ্টমেন্টৰ লাইব্ৰেৰী খোলে । লাইব্ৰেৰীৰ ইনচাৰ্জ প্ৰফেছাৰ দিলীপ কাকতি । তেনেকুৱা বুধবাৰ এটাত ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত পিলিং-পালাং কৰি আছো ।
- কোন চেমিষ্টাৰৰ........... কাকতি ছাৰে সুধিলে
- ছেকেন্ড চেম..... মই কলো
- স্পেচিলাইজেচন কি লম বুলি ভাবিছা
- অৰ্গেনিক
(আচলতে সেই সময়ত মই একো ভৱা নাছিলো কিন্ত ছাৰ অৰ্গেনিকৰ মানুহ বাবে অৰ্গেনিক বুলি কৈছিলো)
কাকতি ছাৰে Organic Chemistry-Clayden আৰু Organic Synthesis-Carruthers নামৰ কিতাপ দুখন মোক জোৰ জবৰদস্তি ইচু কৰাই দিলে ।
এসপ্তাহ ৰুমত কিতাপ দুখন ওপৰে ওপৰে চালো । পাছৰ বুধবাৰটোত কিতাপ দুখন ওভোটাবলৈ গলো ।
- কিতাপকেইখন পঢ়িলানে নাই........... কাকতি ছাৰে শুধিলে
- ওপৰে ওপৰে চালো আৰু............ মই কলো
- ওপৰে ওপৰে চালে হৈ যাবনেকি
- ছাৰ এসপ্তাহতনো কত থৰলি পঢ়া হব
- দিজ আৰ ইমপৰটেন্ট বুকচ ফৰ বিলডিং কনচ্প্টচ, ৰীড দেম থৰলি আৰু যেতিয়ালৈ কমপ্লিট নহয় ঘুৰাই দিব নালাগে
কিতাপকেইখন ৰাখিলো । বহুত দিন ৰাখিলো । প্ৰায় এবছৰ । ৰখাৰ লগতে অলপ-অচৰপ পঢ়িলোও ।
থাৰ্ড চেমত যেতিয়া NET পৰীক্ষা দিবলৈ যাও.......... কচম চে, এটাও অৰ্গেনিক প্ৰশ্ন এৰি থৈ আহিবলগীয়া নহল । এম.এছ.ছি কমপ্লিট নৌহওতেই থাৰ্ড ছেমত NET(JRF) পাই গলো ।
(নেটৰ ৰিজাল্ট পোৱাৰ পাছত কিতাপকেইখন ছাৰক ঘুৰাই দি আহিলো)
তাৰ পাছত যিমানটা কেমেস্ত্ৰী থকা কম্পিটিটিভ পৰীক্ষা দিছিলো তাৰ অৰ্গেনিকৰ প্ৰশ্নবোৰৰপৰা কেতিয়াও আমনি পোৱা নাছিলো ।

(৩)

তাৰ পাছত বহুত ঘটনা-পৰিঘটনাৰে পাচটা বছৰ পাৰ হৈ গল । চাকৰিত জইন কৰাৰ পাছত কেমেস্ত্ৰীৰ কিতাপবোৰ আলমাৰীৰ চুকত ঠাহ খালেগৈ । মায়ে কেতিয়াবা জাৰি-জোকৰি চফা কৰি থয় । কেইখনমান কিতাপ সম্পৰ্কীয় চিনাকি লৰা এজনক দিলো । এদিন আৱিষ্কাৰ কৰিলো যে কেইখনমান কিতাপ পোকে খাইছে । কিতাপবোৰ আলমাৰীৰপৰা ওলাই তলাবন্ধ বাকচত সোমাল ।
এদিন মোৰ কলেজৰ ছাৰ এগৰাকীয়ে ফোন কৰিলে.........
- আচ্ছা, বিকাচ নহয়নে
- হয় ছাৰ কওক
- আমি মানে আমাৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটো অলপ ষ্ট্ৰং কৰিব খুজিছিলো, কিতাপৰ সংখ্যা অলপ বঢ়াও, যাতে আমাৰ ষ্টুডেন্টখিনিয়ে ভাল ভাল কিতাপৰ ক্ৰাইছিছত ভুগিবলগীয়া নহয় ।

- হব ছাৰ, মই সকলোপ্ৰকাৰে সহায় কৰিম । মোৰ ঘৰত বহুতকেইখন কিতাপ আছে যিবোৰ এতিয়া মোক নালাগে । সেইবোৰৰ সৈতে আৰু কেইখনমান ভাল কামত অহা কিতাপৰ নিউ এডিচন লাইব্ৰেৰীলৈ দি দিম ......... মই কলো

ছাৰৰ মুখৰ কিতাপৰ ক্ৰাইচিচ শব্দযোৰা কাণত পৰাৰ লগে লগে মোৰ ক্লেইডেনখনলৈ মনত পৰিছিল । ইউনিভাৰচিটীত এটা সম্পুৰ্ন বছৰ মই আজিৰ তাৰিখত ২০২৫ টকা মুল্যৰ ক্লেইডেনখন ব্যক্তিগত সম্পত্তিৰ দৰে ৰাখিছিলো, সেইকালচোৱাত কিজানি কিমানজন সহপাঠী ক্লেইডেনৰ কিতাপখন লাইব্ৰেৰীত নেদেখি বিমুখ হৈ গৈছিল ।

(বি.দ্ৰ-
ৰসায়ন বিজ্ঞান বিভাগ , কটন কলেজৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত ভাল কিতাপৰ সংখ্যা বঢ়াই অলপ শক্তিশালী কৰাৰ প্ৰচেষ্টা চলি আছে । কোনোবা প্ৰাক্তন ছাত্ৰ বা ডিপাৰ্টমেন্টৰ শুভাকাংখীয়ে যদি এই প্ৰচেষ্টাত সহযোগ কৰিব খোজে , বিভাগৰ লগত বা বিভাগীয় পুথিভড়ালৰ তত্বাৱধায়ক ঋতুৰাজ কলিতা ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে )

দেউতা (2)



(৪)

বহুতদিনৰ মুৰত মই দেউতাৰ লগত একেলগে চাহ খাইছো । চাহেই নহয়, বহুতদিনৰ মুৰত দেউতাৰ লগত ভালদৰে কথা পাতিছো ।
- ট্ৰিবিউনখনত এডভাৰটাইজ কেইটামান ওলাইছে, মই চিন দি থৈছো, সময় পালে চাবিছোন.... দেউতাই কলে

অতবছৰে ,সংসাৰৰ ভাৰ কান্ধত লৈ দেউতা কুজা হৈ পৰিছে, দেউতাইও মনে প্ৰাণে ভাৱে... মোৰ সোনকালে কিবা এটা সংস্থাপন হলে সকাহ হলহেতেন ।

ট্ৰিবিউনৰ এডকেইটা চালো । কচিং চেন্টাৰ এটাত মানুহ লাগে, বেংকৰ ক্লাৰিকেল জব ওলাইছে আৰু বৰপেটা কলেজত লেকচাৰাৰ পদ এটা । ইউ.জি.চি স্কেল হোৱাৰপৰা লেকচাৰৰ পোষ্টত দৰমহা বহুত দিয়ে । কলেজত পাৰ্মানেন্ট সোমাব পাৰিলে মোৰ চব প্ৰবলেম চল্ভ হৈ যাব । কিন্ত শুনিছো আজিকালি কলেজৰ চাকৰিতো চেনেল লাগে, নহলে নাপায় ।

বৰপেটা কলেজত মোৰ সম্বন্ধীয় মাহী এগৰাকীৰ খুলশালীয়েকে কাম কৰে । মাহীৰ ৰেফাৰেন্সত তেওৰ লগত যোগাযোগ কৰিলো । মাহীৰ খুলশালীয়েকে বেলেগ এজন মানুহৰ লগত ফোনত যোগাযোগ কৰাই দিলে । তেও মোক আস্বাস দিলে, কামটো কৰি দিব । লগতে কলে যে অলপ থৰচ-পাতি কৰিব লাগিব । জি.বি, প্ৰিন্সিপাল, এক্সপাৰ্ট চবকে খুচ কৰিব লাগিব । যিহেতু ইউ.জি.চিৰ স্কেলটো বাঢ়িছে, গতিকে খুচ কৰাৰ এমাউন্টও বাঢ়িছে । তেও কলে যে আন কেন্ডিডেটেও যোগাযোগ কৰিছে । গতিকে সোনকালে নকৰিলে হাতৰ পৰা চান্সটো ওলাই যাব পাৰে ।

মোক পাচ লাখ টকাৰ প্ৰয়োজন আছিল । মোৰ নিজৰ একাউন্টত ত্ৰিশ হাজাৰ গোট খাইছিল । দেউতাক সকলো কথা ভাঙি পাতি কলো ।
দেউতাই কথাবোৰ শুনিলে , তাৰ পাছত কলে, "মোৰ বেংকত ৰেকাৰিংটো ভাঙিব লাগিব, তোৰ চাকৰিটো মোৰ বাবে, ঘৰখনৰ বাবে অতি প্ৰয়োজন । "

কথাখিনি কৈ দেউতা ভিতৰলৈ সোমাই গল । মই লক্ষ্য কৰিলো, দেউতা সহজ হব পৰা নাই । টকা দি মই চাকৰি কিনিব ওলাইছো । দেউতাৰ নীতি-আদৰ্শৰ যে কেনো মুল্য নাই সেয়া বোধহয় দেউতাই বুজিব পাৰিছে ।

ৰাতি এটা ভাৰাক্ৰান্ত মন লৈ বিচনাত পৰিলো । চিলমিলকৈ টোপনি আহিছিল । মাজনিশা মই অনুভৱ কৰিলো, কাষৰ ৰুমটোত কোনোবাই উচুপিছে ।

(৫)

- আজি ৰেকাৰিংটো ভাঙিবলৈ বেংকত দৰখাস্ত দিব লাগিব, তোক পইচা লাগিব নহয়..... ৰাতিপুৱা চাহ খাবলৈ লৈ দেউতাই কলে

দেউতাৰ মুখখন শেতা পৰি আছে । চকুকেইটাও উখহি আছে । বোধহয় কালি ৰাতি টোপনি হোৱা নাই ।
- দেউতা পইচা দি চাকৰি নলও দে, আজিলৈকে কাৰো একো অন্যায় কৰা নাই, ঘোচ দি অন্যায় নকৰো দে, কপালত যি আছে সেয়াই হব, কিবা নহয় কিবা এটা নিশ্চয় কৰিব পাৰিম....... মই দেউতাক কলো

চাহ কাপত শোহাটো মাৰিবলৈ লৈ দেউতাই মুৰ তুলি চালে । বহুতদিনৰ মুৰত দেউতাৰ চকুত চকু থৈ কথা কৈছো । মই চকু নমাই আনিলো । জৰুৰী টিউচন এটা আছে বুলি কৈ মই ঘৰৰপৰা ওলালো । মোৰ ভাৱ হল, মইয়েই পৃথিৱীৰ সকলোতকৈ স্বাৰ্থপৰ, অৰ্কমন্য, অপদাৰ্থ মানুহ ।

নিয়মমাফিক মই পাচশ টকাৰ ড্ৰাফট কাটি কলেজত এপ্লাই কৰিলে । কেইসপ্তাহমান পাছত ইন্টাৰভিউৰ বাবে কলিং লেটাৰ আহিল ।
ইন্টাৰভিউৰ দিনা দেউতাৰ ভৰি চুই আশীৰ্বাদ ললো । দেউতাই কলে, সজ পথত থাকিলে ভগবানে চকু মেলি চাবই ।

বগা চোলা, ক'লা পেন্ট, কলা জোতা, ফৰেমেল ড্ৰেচত কলেজ পালোহি । প্ৰায় সোতৰজনমান কেন্ডিডেট হৈছে, প্ৰায়ভাগেই মোৰ চিনাকি । বেছিভাগৰে মোৰ দৰেই অৱস্থা ।প্ৰত্যেককে চাকৰি এটাৰ খুবেই প্ৰয়োজন ।
ইন্টাৰভিউ ভালেই হল । প্ৰায়ভাগ প্ৰশ্নৰে উত্তৰ দিব পাৰিলো । বৰদলৈ ছাৰ ইন্টাৰভিউ বৰ্ডত আছিল । মনত সাহ এটা আহিল । বৰদলৈ ছাৰ আমাৰ ডিপাৰ্টমেন্টৰ হেড, খুব কাঢ়া মানুহ । তেও থাকিলে অন্তত দুই নম্বৰী নহয় । ঘৰলৈ আহি দেউতাক ইন্টাৰভিউ ভাল হোৱা কথাটো কলো । দেউতাৰ চকুত এটা তিৰবিৰনি দেখিবলৈ পালো ।

(৬)

বহুদিন পাৰ হৈ গল, কলেজৰপৰা একো খা-খবৰ পোৱা নাই । এদিন ৰাতিপুৱা টিউচন এটা অতাই চান্দমাৰী বজাৰত সোমাইছো । দেখিলো বৰদলৈ ছাৰে মাছ বেপাৰী এজনৰ সৈতে দৰ-দাম কৰি আছে । মই ওচৰ চাপি গলো ।
- ছাৰ ভালনে......... মই সুধিলো
- অ তুমি, ভালনে তোমাৰ..... ছাৰে উত্তৰ দিলে
- ভালেই
- এতিয়া কি কৰি আছা
- কে.ডি জুনিয়ৰ কলেজত কৰি আছো
- অ
- ছাৰ বৰপেটা কলেজৰ ইন্টাৰভিউটোৰ কিবা গম পায় নেকি
- কোনটো
- সেই যে লেকচাৰাৰ পোষ্টটোৰ
- অ, আচলতে কি জানা, এইবোৰ বহুত কথা, তাত লোকেল কেন্ডিডেট আছিল, এমেলেৰে বেকিং, চব আগতেই ফিটিং হৈ আছিল, ইন্টাৰভিউ এটা ভেকোভাওনা
- ছাৰ
- নকবা বুইচা, এইবোৰ কাৰ বাবেই মফচলীয় অঞ্চলৰ কলেজবোৰৰ ইন্টাৰভিউবোৰলৈ মই যাবই নোখোজো, একেবাৰে মাছৰ বজাৰ বনাই ৰাখিছে, কলেজবোৰত এই ইন্টাৰভিউ নামৰ চিষ্টেমটোকে উঠাই দিব লাগে
- হয় ছাৰ............ মোৰ মুখৰে এটা হুমুনিয়াহ ওলাই আহিল

লোকেল ৰৌমাছ এটা মিডিয়াম চাইজৰ পিচ কৰি কটাই লৈ বৰদলৈ ছাৰ গলগৈ । বোধহয় তেওৰ ঘৰলৈ আজি কোনো বিশেষ আলহী আহিছে । দুপৰীয়া মই বৰপেটা কলেজলৈ ফোন কৰিলো । তাত প্ৰিন্সিপালৰ সহায়কে জনালে যে ৰিজাল্ট আজি ওলাইছে আৰু অনন্যা শইকীয়াই চাকৰিটো লাভ কৰিছে ।

আবলিৰ টিউচন দুটা কৰি ঘৰ পাওতে ৰাতি ন বাজিল । দেউতাই ভাত খাই আছিল ।
- দেউতা, বৰপেটা কলেজৰ ইন্টাৰভিউটোৰ ৰিজাল্ট দিলে, ছোৱালী এজনীয়ে চাকৰিটো পালে..... মই কলো

দেউতাই একো নকলে । কাহীখনত অলপ ভাত বাকী আছিল । দেউতাই নিৰুদ্বেগভাৱে বাতিটোৰপৰা দাইল অকনমান ভাতখিনিৰ ওপৰত বাকি ললে ।

মই ভিতৰৰ ৰুমটোত সোমালো । ৰুমটোত এটা ডাঙৰ ষ্টীলৰ আলমিৰা আছে । আলমিৰাটোত এখন ফুল চাইজড গ্লাছ । মই আয়নাখনৰ সমুখত থিয় হলো । কেইমাহমান পাছত দেউতা ৰিটায়াৰ্ড হব । মই দেখিলো আয়নাখনৰ মোৰ প্ৰতিবিম্বটো অলপ কুজা হৈ পৰিছে । ঘৰভাড়া, চাউল-দাইল-তেল-নিমখ, ঔষধ, ভাইটিৰ কলেজৰ ফীজ , এটা প্ৰকান্ড বোজা । বোজাটোৰ বাবে মোৰ ভাৰসাম্য হেৰাই গৈছে । মই চিঞৰিব খুজিছো, কিন্ত..... মোৰ মুখৰে এটা শব্দও ওলাই অহা নাই ।
পৃথিৱীখনৰ বোজাৰ ভৰত মই কুজা হৈ পৰাৰ লগতে কিজানি বোবাও হৈ পৰিছো ।

Tuesday, July 1, 2014

ফুটবল


অফত ঘৰত আছো । কাম-বন একো নাই । ব'ৰ হৈ
আছো । আগবেলা ৰাজবংশীৰ লগত ইউনিভাৰচিটি গৈ টাইম কিল কৰিলো । আবেলি টিভিটো এনেয়ে খুলি ললো ।

ঘৰৰ ওচৰতে ফিল্ড এখন আছে । দে
খিলো পিলিঙা কেইটামানে ফুটবল এটা মাজত লৈ টীম ভগাবলৈ ধৰিছে । হাফপেন্ট আৰু টি-চাৰ্ট এটা লগাই নামি গলো ।
- ভাইটি ময়ো খেলো দিয়া..... মই কলো
- অ দাদা, আপুনি সেইফালে মাৰিব, বেকত খেলক.... পিলিঙা এটাই কলে

পিলিঙা জাকটোত ১১ৰ পৰা ২০ বছৰৰ লৰা আছে । তাৰ তুলনাত মই যথেষ্ঠ বুঢ়া । আৰু বেলতলা ফিল্ডৰ নিয়মমতে বুঢ়া মানুহে বেকত খেলে । তাৰ কাৰণ দুটা । প্ৰথম হল বেছিভাগ বুঢ়া মানুহ (চিনিয়ৰ) পেটুৱা হয়, দৌৰিব নোৱাৰে, গতিকে আগত খেলাই লাভ নাই । দ্বিতীয়তে বুঢ়া মানুহে বলটো জোৰেৰে লঠিয়াব পাৰে , গতিকে বেকৰপৰা বলটো ক্লিয়াৰ কৰাত সহজ হয় ।
চেন্টাৰ বেকত পজিচন লৈ ললো ।
দহ মিনিটমান পাৰ হল । দৌৰাদৌৰি কৰি আছো । স্পৰ্টিং-পেন্ট ঘামত তিতি গল । ভাগৰত ফোপাই আছো । কিন্ত এটাও বল ভৰিত পৰা নাই । পোৱালিকেইটাই একেবাৰে চাৰ্প মুভ কৰে । পাট্টাই পোৱা নাই । বাঢ়ি অহা পেটটোৰ ওজন বাৰুকৈয়ে অনুভৱ কৰিছো । ভৰিত বিষ, পিঠিত বিষ, অসহ্য গৰম । স্পৰ্টিংটো খুলি হাতেৰে চেপি দিলো । আধালিটাৰমান পানী ওলাল ।

পানী চেপি স্পৰ্টিংটো পিন্ধি মোৰ ৱান পেক এব ঢাকি ললো । বৰ্তমান মই ফিল্ডৰ একেবাৰে লেফট-মিডিলত । পিলিঙাকেইটাই চেন্টাৰত বলটো লৈ কেৰী কৰি আছে ।
হঠাত কাৰোবাৰ ভৰিত লাগি বলটো মোৰ ফালে আহিল । প্ৰথমবাৰৰ বাবে ভৰিত বল পৰিল । গলপোষ্টলৈ চালো ৫০ মিটাৰ আছে । বলটো লাহেকে আগলৈ ঠেলি আগুৱাই গলো । কেইবাটাও পিলিঙাই বলটো খেদি আহিল ।
প্ৰথম পিলিঙাই তীব্ৰ চোচা মাৰি আহি সো-ভৰিখনৰে লেং মৰাৰ প্লেন লৈছিল । বলটো ঠেলি জপিয়াই দিলো । পিলিঙাৰ ঠেং ভগাৰপৰা বাচিল । তাৰ পাছত দাত কৰচি থিয় হৈ থকা পিলিঙাটোৰ ভৰি দুখন ফাক হৈ আছিল । ফাকেদি বল ভৰাই দিলো । গললৈ ২০ মিটাৰ আছে । এইবাৰ সমুখত দুটা পিলিঙা, এটা ক'লা, এটা বগা । তাৰ পাছফালে গলত গলকীপাৰ পজিচন লৈ আছে । মাজলৈ পাছ দিয়াৰ দৰে কৰিলো । বগা পিলিঙা পিছুৱাই মাজলৈ গল । তাৰ পাছত বলটো বাওফালে নিয়াৰ দৰে বাওভৰিখন উঠালো । ৰিফ্লেক্স এক্সনত ক'লা পিলিঙাটো অলপ বাওফালে হাউলি যোৱাৰ মুহুৰ্ততে বাওভৰিৰে বলটো অলপ সোফাললৈ নি সোভৰিৰে পুচ কৰি দিলো । বল গৈ সোফালৰ পোষ্টত লাগি গ'লত সোমাল ।
কুল । গ'ল দেখি মোৰ টীমৰ পিলিঙা কেইটা খুচ হৈ গ'ল ।
চেন্টাৰ বেকৰপৰা চেন্টাৰ মিডফিল্ডলৈ প্ৰমট হৈ গলো ।

কিন্ত দুখৰ কথা যে তাৰ পাছত মিডফিল্ডৰপৰা ছয়-সাতটা এটেম্প্ট লৈছিলো যদিও শ্বট গ'লৰ সোৱে-বাৱে-ওপৰৰে গ'লগৈ, মানে এটাও গ'ল দিব নোৱাৰিলো ।

বৰ্তমান সময়ত-
বাওভৰি-ককাল-পিঠিত প্ৰচন্ড বিষ । মাতৃদেৱীয়ে আধাঘন্টামান বকি বকি মুৰত হিমগংগা আৰু ভৰি-পিঠিত ভলিনী লগালে । বিচনাত পৰি কোনোমতে ফেচবুকাই আছো ।

মাজুলী


(১)

সৰুতে কিতাপত পঢ়িছিলো, মাজুলী অসমৰ ঐতিহ্য । তেতিয়াই মনত প্ৰশ্ন জাগিছিল..... মাজুলীলৈ এতিয়ালৈ দলং কিয় হোৱা নাই ।

২০১৩ চন । মাজুলী যোৱাৰ প্লেন এটা বনালো । মই, যোৰহটীয়া কলিগ অৱনীদা আৰু অন্ধ্ৰপ্ৰদেশৰ আন্নাবাবু আইটুৱেন্টি লৈ ওলালো । যোৰহাট, নিমাতীঘাট পালোহি । ঘাট পাইয়েই বুকুখন চিৰিংকৈ গল । এখন ভুটভুটীত মানুহ, বস্ত, বাইক, গাড়ী চব বোজাই হৈ আছে । অৱনীদাৰ নতুন আই-২০ খন ভুটভুটীৰ ওপৰত তুলিম নে নুতুলিম চিন্তা কৰিবলৈ ঘৰিলো । অৱনীদায়েই কলে.. যি হয় হৱ, চব মানুহ তো গৈয়েই আছে ।

ব্ৰহ্মপুত্ৰৰ সিপাৰে মই নেদেখা অসমৰ ঐতিহ্য । ঈশ্বৰক চিন্তি ভুটভুটিত উঠিলো । ইঞ্জিন ষ্টাৰ্ট হল । মাল্টিকেৰিয়াৰ নাওখন চলিবলৈ ধৰিলে ।
আন্নাবাবুৰ কেমেৰা খোল খালে । নাওৰ দুই-এজন মানুহৰ লগত চিনাকি হল । অমায়িক যেন লগা মানুহ এজন মাজুলীৰ স্কুল এখনৰ হেডমাষ্টৰ ।
- আচ্ছা, ইয়াত দলং এখন হলে ভাল হলহয়চোন , আপোনালোকে দলং এখনৰ বাবে চৰকাৰক প্ৰেচাৰ নিদিয়ে কিয়......... অৱনীদাই সুধিলে
- দলং নালাগে , এবাৰ চৰকাৰে জৰীপ কৰিছিল, আমি বাধা দিলো..... মানুহজনে কলে
- কিয়
- দলং হলে মাজুলী বহিৰাগতৰে ভৰি যাব, ই আমাৰ ঐতিহ্য ধ্বংস কৰিব
- কিন্ত যাতায়ত ব্যৱস্থা ভাল হলে আপোনালোকৰে ভাল নহব জানো । টুৰিষ্ট বেছিকৈ আহিব, বয়-বস্ত অনা নিয়াত সহজ হব, চিকিতসা ব্যৱস্থা, শিক্ষাব্যৱস্থা উন্নত হব, ইকনমি বাঢ়িব ।
- চাওক অসমখন আজি বিদেশী-বহিৰাগতৰে ভৰি পৰিছে, কিন্ত অকল মাজুলীতে আমি আমাৰ ঐতিহ্য ধৰি ৰাখিছো, ইয়াৰ ভাওনা, মুখাশিল্প, সত্ৰ চাবলৈ হাজাৰ হাজাৰ মানুহ আহে , কিয় আহে, কাৰণ আমি আমাৰ ঐতিহ্যক বিজতৰীয়া নকৰাকৈ ধৰি ৰাখিব পাৰিছো
- তথাপিও যোগাযোগ ব্যৱস্থা উন্নত হলে ভাল হয় দিয়কচোন ...... অৱনীদাই মোলায়ম সুৰত কলে

তাৰ উত্তৰত হেডমাষ্টৰজনে কীৰ্তন নে নামঘোষাৰ শ্লোক অলপ গাবলৈ ধৰিলে । শ্লোকৰ অৰ্থ নুবুজিলেও হেডমাষ্টৰে যে অৱনীদাৰ কথা ভাল পোৱা নাই সেইটো অৱনীদাই বুজি পালে ।

(২)

ভুটভুটী মাজুলীৰ ঘাটত ৰলহি । গাড়ী নমালো । এতিয়া সন্মুখত বহুদুৰলৈ কেৱল বালি আৰু বালি । অৱনীদাই কথা পতা হেডমাষ্টৰজনে আমাৰ গাড়ীতে লিফ্ট ললে । আগত বালি উৰুৱাই যোৱা গাড়ীবোৰৰ পাছে পাছে আমাৰ গাড়ী আগবাঢ়িল ।

কিছুদেৰিৰ পাছত আমাৰ গাড়ীয়ে মাটি স্পৰ্শ কৰিলে । ১৫-২০ তকৈ বেগাই গাড়ী নিব নোৱাৰি ।
- এই ৰাষ্টাটো সদায় এনেকুৱাই নে আগতে কেতিয়াবা ভাল আছিল...... মই সুধিলো
- পি.ডব্লিউ.ডি য়ে বনাইছিল মাজতে, যোৱাবেলি বানে বেয়া কৰি গল...... হেডমাষ্টৰজনে কলে

কিছুদেৰি যোৱাৰ পাছত অলপ ভাল ৰাষ্টা পালো । বাওফালে গীৰ্জা এটা চকুত পৰিল ।
- ইচ ৰাম, মহাপুৰুষৰ ঘাটিতেই গীৰ্জা । আপোনালোক থাকোতেও বিদেশী সোমালেই দেখোন ..... অৱনীদাই কলে
- এইবোৰ চব পাপীষ্ঠ । মানুহক টকা দিয়ে, লোভ দি ধৰ্মৰপৰা বিপথে লৈ গৈছে ......... এইবুলি কৈ হেডমাষ্টৰজনে আৰু কেইটামান কীৰ্তনৰ শ্লোক মাতিলে

হেডমাষ্টৰজনক তিনিয়ালি এটাত নমাই আমি চৰকাৰী পৰিদৰ্শন বঙলা এটালৈ গলো । তাতেই ষ্টে কৰাৰ প্লেন আছিল ।
ৰাতি বঙলাৰ কেয়াৰটেকাৰজনৰ লগত আদ্দা চলিল । আদ্দাত মাজুলীৰ কথা ওলাল ।
- আচ্ছা সঞ্জয় ঘোষক লগ পাইছিল নেকি আপুনি ....... অৱনীদাই সুধিলে
- এবাৰ নে দুবাৰ পাইছিলো..... কেয়াৰটেকাৰজনে কলে
- শুনিছো মানুহজন বহুত ভাল আছিল, মাজুলীৰ কাৰণে বহুত কিবা-কিবি কৰিছিল
- কিবা-কিবি কৰিছিল হয় , গছ ৰুইছিল, ডাক্তৰ আনি গাৱত কেম্প কৰিছিল, কিন্ত মানুহজনৰ চিন্তাধাৰা আমাৰ লগত মিলা বিধৰ নাছিল
- মানে
- মানে অদ্ভুত কিবা-কিবি কথা কৈ ফুৰিছিল লুইতক ভেটিব বোলে, লুইতক জানো কোনোবাই ভেটিব পাৰে
- লুইতক ভেটিব কোনে............. অৱনীদাই হাহি এটা মাৰিলে

(৩)

পাছদিনা সত্ৰ এখনলৈ ওলালো । কেয়াৰটেকাৰজনে দিয়া নিৰ্দেশনামতে সত্ৰখন পালোহি । ডাঙৰ গেট এখন । দেহ-মন শিহৰিত হৈ পৰিল । ইমানদিনে শুনি থকা অসমৰ ঐতিহ্যৰ অংশ এডোখৰত খোজ পেলাইছো । সত্ৰৰ ভিতৰখন যথেষ্ঠ চাফ-চিকুণ । শুভ্ৰ সাজত বহুকেইজন ভকতক দেখা পালো । ঘৰ এটাৰ ভিতৰৰুৰা নাম-কীৰ্তনৰ সুৰ ভাহি আহিল । আন্নাবাবুক কলো............ দিছ ইজ আৱাৰ হেৰিটেজ । এ ৰিচ এন্ড কালচাৰ্ড হেৰিটেজ । আন্নাবাবুই আমাৰ হেৰিটেজৰ ফটো লৈ থাকিল ।

সত্ৰৰ ভকত এজন আমাৰফালে আগুৱাই আহিল । আমি আমাৰ কোম্পানীৰ নাম কৈ পৰিচয় দিলো । ভকতজনে গোসাইৰ দৰ্শনৰ বাবে আমাক ঘৰ এটাৰ ভিতৰলৈ লৈ গল ।
ঘৰটোৰ ভিতৰত নাম-প্ৰসংগ চলি আছে । ধুপ-ধুনাৰ সুবাস । আমি ভকতসকলৰ লগত বহিলো । আমাৰ সম্নুখত মনিকুট আৰু মনিকুটৰ কাষত সুঠাম-নিপোটল চেহেৰাৰ মানুহ এজন । তেওৱেই গোসাই । কিছুদেৰিৰ পাছত নাম-প্ৰসংগ শেষ হল । সকলোৱে আঠু ললে । ভকতজনে আমাক কলে...... গোসাইয়ে মাতিছে আপোনালোকক ।

আমি গোসাইৰ ওচৰ পালোহি । পদ কেইটামান মাতি গোসাইয়ে আমাক আশীৰ্বাদ তথা প্ৰসাদ দিলে । অৱনীদাই সত্ৰলৈ বৰঙনিৰুপে নোট কেইখনমান আগবঢ়ালে ।
এনেতে দেখিলো ভকত এজনে কাগজ এখন গোসাইৰ ওচৰলৈ লৈ আহিছে, কাগজখন ওলোটাই ধৰিছে আৰু কাগজত লিখা কথাখিনিৰ তলত গোসাইয়ে ওলোটাকৈ চহী কৰিছে ।

ঘৰটোৰপৰা ওলাই ভকতজনক সুধিলো......... আচ্ছা, গোসাইয়ে ওলোটাকৈ চহী কিয় কৰিলে
- ওলোটাকৈ নহয়, গোসাই ঈশ্বৰৰ অৱতাৰ, আন মনুষ্যতকৈ শ্ৰেষ্ঠ, সেয়ে আন মনুষ্যই লিখা কখাৰ তলত চহী নকৰে, কাগজখন ওলোটাকৈ লৈ কথাখিনিৰ ওপৰত নিজৰ চহী কৰে....... ভকতজনে বুজাই দিলে

চহীৰ কেচটো কিবা এটা সাথৰ যেন লাগিল । এনেতে দেখিলো অৱনীদাই আন এজন ভকতৰ লগত কথা পাতি আছে । অৱনীদা কপি আছে, মাতটোও জোখতকৈ বেছিকৈ ওলাইছে । মাজে মাজে ভকতজনৰ ফালে আঙুলি টোৱাইছে । কোবাকুবিকৈ মই অৱনীদাৰ ওচৰ পালোহি ।
- গোসাইৰ ওচৰত এতিয়া মোৰ সেৱা আছে, মোক এইবোৰ কথা কৈ নাথাকিবি, মই যাও....... এইবুলি কৈ ভকতজন আতৰি গলগৈ

-কি হল অৱনীদা, কি কেচ .......... মই সুধিলো
- বল ইয়াৰপৰা যাও, ফেৰীৰ টাইম হৈছে.......... অৱনীদাই কলে

আমাৰ আই-২০ ওখোৰা মোখোৰা বাটটোৰ ধুলি উৰুৱাই ঘাটৰফালে আগবাঢ়িল
- সেই ভকতটো কোন আছিল......... মই সুধিলো
- সি মোৰ লগত কলেজত একেলগে আছিল । বিমান, বিমান পেগু , মিচিং লৰা ।
- সি আকৌ পঢ়া-শুনা এৰি ভকত কিয় হল
- নকবি আৰু, সি পঢ়াত খুব ভাল আছিল , কলেজত খেলা-ধুলা, নাটক চবতে আগভাগ লৈছিল । সি মোক কৈছিল যে সি ডাক্তৰ হব কাৰণ তাৰ গাৱত ডাক্তৰ নাই, বানপানীত প্ৰায়েই সিহতৰ গাৱৰ বহুত মানুহ বেমাৰত পৰে ।
- তেন্তে
- কলেজৰ পৰীক্ষা দি যেতিয়া সি গাৱলৈ গল তেতিয়া সি জানিবলৈ পালে যে গোসাইয়ে তাক শৰণ দিব আৰু সি এতিয়াৰেপৰা সত্ৰৰ সেৱাত নিযুক্ত হব
- আৰে , এইবোৰ কি আকৌ
- চা, গোসাইৰ কথাৰ নামানিলে ইয়াৰ ৰাইজে সিহতৰ ঘৰখন এঘৰীয়া কৰিব, এঘৰীয়া কৰা মানে তো বুজিছই
- আৰে বাবা

ঘাটলৈ অলপ দুৰ আছে । কালি দেখা গীৰ্জাটো ৰাষ্টাৰ সোহাতে দেখিলো ।

(৪)

আবেলিৰ ভুটভুটীখনত গাড়ীখন উঠালো । আকাশখন ডাৱৰীয়া হৈ আছে । হে ভগবান, কেনেবাকৈ সিপাৰ পালেই হয় ।
নাওখনত বহুত মানুহ । কাষতে প্ৰায় অচেতন মানুহ এটা । মানুহটোৰ হাতখন কপি আছে । মানুহটোৰ কপি থকা হাতথন সাবতি মাইকী মানুহ এজনী । বোধহয় যোৰহাটলৈ চিকিত্সাৰ বাবে নি আছে ।
- এনেকৈয়ে মাজুলীত মানুহ আছে আৰু থাকিব, মুৰ্খ মানুহ চব......... ওচৰৰে লৰা এজনে মানুহজনলৈ চাই কলে
- আপুনি.......... মই সুধিলো
- মই ইয়াত স্কুল এখনত কাম কৰো । টেটত সোমাইছো । আপোনালোক ।
- আমি ফুৰিবলৈ আহিছিলো
- অসমৰ হেৰিটেজ চাবলৈ আহিছিল মানে
- হয়
- চালে, অসমৰ ঐতিহ্য মাজুলী , টুৰিষ্ট ষ্পট
- হয়
- চাল্লা যত বৰষুণ দিলেই নাও বন্ধ হৈ পৰে, যিখন ঠাইলৈ ভাল যোগাযোগৰ ব্যৱস্থা নাই , ৰাস্তা-ঘাট বোলা বস্ত নাই, সেই খন আকৌ হেৰিটেজ টুৰিষ্ট স্পট । কমেডি আৱ এৰৰচ ।
- কথাটো নোহোৱা নহয়
- ইয়াত ধৰ্ম-সংস্কৃতি-ঐতিহ্যৰ দোহাই দি এচামে সাধাৰন মানুহখিনিক বুৰ্বক বনাই লুটিপুটি ৰজা হৈ আছে । এফালে মাজুলীৰ মাটি চপৰা-চপৰে খহি নাইকীয়া হব ধৰিছে আৰু আনহাতদি ঠিকাদাৰ-দালাল-পলিটিচিয়ান-ধৰ্মগুৰুবোৰৰ সম্পত্তিৰ পাহাৰখন ডাঙৰ হৈ হৈ গৈ আছে । কেৱল এই নদীখন পাৰ হব নোৱাৰি কিমান মানুহ চিকিতসাৰ নোহোৱাকৈ মৰিছে সেইবোৰ কাৰো খবৰ নাই আৰু সেই মানুহবোৰেই ইয়াত দলং বনোৱাত বাধা দিয়ে , আমাৰ ঐতিহ্য বোলে ধ্বংস হব । ধুৰ ........ লৰাজনৰ চেহেৰাত খং আৰু ক্ষোভৰ সংমিশ্ৰণ এটা দেখা গল

ব্ৰহ্মপুত্ৰৰ বুকুত জোখতকৈ বেছি বয়-বস্ত-মানুহ কঢ়িয়াই ভুটভুটীখন আগুৱাইছে । সমুখৰ ঘাটটো ৰিনিকি ৰিনিকি চকুত পৰিছে ।সুৰ্যটো লাহে লাহে লুইতলৈ নামি আহিছে । আন্নাবাবু ফটো লোৱাত ব্যস্ত । ৰুগীয়া মানুহজনৰ হাতখন কপি আছে । মানুহজন এতিয়াও জীয়াই আছে ।
পাছফালে দা কালচাৰেল হেৰিটেজ অৱ আচাম ।

ব্ৰহ্মপুত্ৰৰ বুকুত লাহে লাহে অদৃশ্যমান হৈ পৰিছে এসময়ৰ পৃথিৱীৰ এটা সৰ্ববৃহত নদীদ্বীপ ।

এহাত ডাবা

এইকেইদিন দীৰুদাৰ লগত চেচ খেলি আছো । এক্সুৱেলি দুযোজনৰে নাইট শ্বিফট চলি আছে আৰু দুয়েজনৰে ৰীগত কাম-বন নাই । ৰাতি ঘুমটি মৰাৰ পাছত দিনত টাইম কিল কৰিবলৈ চেচ খেলো ।

ডি.এছ.এৰ ৰিক্ৰিয়েচন হলত চেচ খেলাৰ সুবিধা আছে । প্ৰথমতে দীৰুদাই মোক চেলেঞ্জ কৰিলে........ বল চেচ খেলো

ষ্টেপ ১- ইনিচিয়েচন

দীৰুদাৰ হোৱাইট, মোৰ ব্লেক । দীৰুদাই প্ৰথম চালত ঘোৰা উলিয়ালে ।
- আপুনি মানে কাৰপভক ফলো কৰে.......... মই সুধিলো
- কিয়.......দীৰুদাই সুধিলে
- ২০০০ চনত ৱৰ্লড টাইটেলৰ বাবে আনন্দৰ লগত খেলোতে কাৰপভে এইটো চাল দিছিল । কাৰপভে সাধাৰণতে এইটো চালৰেই আৰম্ভ কৰে ।
- কেনেকৈ গম পালি
- আপুনি মোক কচ্চা খিলাড়ী বুলি ভাবিছে নেকি

দীৰুদাক অলপ মেন্টেল প্ৰেচাৰ দি দিলো । ফলত দীৰুদাই অতি সাবধানেৰে খেলিবলৈ লাগিল ।
খেল চলি আছে , দীৰুদাই ঘোৰা বঢ়িয়া মুভ কৰে । দীৰুদাৰ ডিফেন্স ভেদ কৰিব পৰা নাই ।

ষ্টেপ ২- প্ৰভকেচন

হামলা অপজিচন কে দিমাগ পে কৰনা চাহিয়ে । আপুনি কিচ্ছু খেলে দেই, আপুনি এইটো তামাম চাল দিছে দেই বুলি দীৰুদাক উঠাই আছো । দীৰুদাৰ চেহেৰাত প্লীজেন্ট স্মাইল । এবাৰ মুৰে কপালে হাত দি গভীৰ চিন্তাত পৰা যেন দেখুৱাই কলো, ফচি গলো, ধুৰ
দীৰুদাৰ চেহেৰাত "মোক ডায়লগ দিছিলি বেটা" টাইপত আত্মতুষ্টিৰ এক্সপ্ৰেচন ।

হাতী এটা চাৰিটা ঘৰ আগুৱাই দি ঘোৰা এটা ভালনাৰেবল কৰি দিলো । দীৰুদাই নিজৰ হাতীটোৰে ঘোৰাটো খাই পেলালে । মই নাওখনেৰে হাতীটো খালো আৰু তাৰ পাছত দীৰুদাই মন্ত্ৰীৰে মোৰ নাওখন খালে । এই খোৱাখুয়িৰ কাৰবাৰটোত মোৰ এটা পাৱাৰ বেছিকৈ গল । মই মুৰে কপালে হাত দিলো । দীৰুদাৰ হাহিটো ডাঙৰ হৈ আহিল ।

ষ্টেপ ৩- টাৰ্মিনেচন

এই কাৰবাৰটোত দীৰুদাৰ মন্ত্ৰীটোৰ পজিচন চেঞ্জ হোৱাৰ ফলত দীৰুদাৰ ডিফেন্সত সুৰুঙা ওলাল । দীৰুদাৰ ৰজাটো কেচলিং কৰাৰ পাছত চুকত সেমাই আছিল । দীৰুদাৰ নাওখন মন্ত্ৰীয়ে ধৰি আছিল । মন্ত্ৰীৰ পজিচন চেঞ্জ হোৱাৰ পাছত নাওথন দুৰ্বল হৈ পৰিল । হাতীৰে নাওখন খালো । দীৰুদাৰ ৰজাই হাতীটো খালে । ৰজাৰ কেষ্টলৰ দৰ্জা ভাঙি গল । লগে লগে মই মন্ত্ৰীটোৰে চেক দিলো, ৰজা মুকলিলে ওলাব লগাত পৰিল । দুটা চালৰ পাচত দীৰুদাৰ ৰজা ফ্ৰীজ হৈ পৰিল । চেক-মেট ।

-২০০২ চনত কাছপাৰভে এলেকচান্দ্ৰভক এনেকুৱা পজিচনত হৰুৱাইছিল ....... মই কুল স্মাইল এটা দি কলো

(তাৰ পাছত দীৰুদাই মোক গেম পৰিশোধ কৰিলে । ইন দা মিনটাইম মই দীৰুদাৰ উইক পইন্ট স্পট কৰিলো । দীৰুদাৰ ঘোৰা ওলালেই মই খাই থৈ দিও । ঘোৰা নহলে দীৰুদাৰ টেনচন বাঢ়ি বেচেৰা অপাহিজ টাইপৰ হৈ যায় )

ফাইনেল স্কৰ................ মই(৭)- দীৰুদা(২)

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...