Thursday, September 24, 2015

GMDA permission আৰু ঘোচ

মাটি টুকুৰাত ঘৰ বান্ধিব লাগে । তাৰ বাবে জি.এম.ডি.এ আৰু জি.এম.চি পাৰ্মিচনৰ প্ৰয়োজন । পাৰ্মিচনৰ বাবে কি কৰিব লাগে সেই কথা জানিবলৈ জনা মানুহ কেইজনমানৰ কাষ চাপিলো ।
এজনে কলে, ঘোচ নিদিলে আজিকালি একো কামেই নহয় । চৰকাৰী ফীজৰ উপৰিও ৬০-৭০ মান খৰচ পৰিব । বহুত টেবুল পাৰ হব লাগিব ।

আন এজনে কাৰ ৰেট কিমান সেই কথা বিস্তাৰিত ভাৱে কৈ হিচাপ এটা দিলে , লাম্প-চাম ৫৮ হাজাৰ টকা ।
কিছুমান মানুহৰ মানসিক আতিশয্য আৰু সময়ৰ অপব্যয়ৰ পৰা হাত সাৰিবলৈ কিছুমান মানুহে ঘোচ দিবলগীয়া হয় ।
ভাৱিলো কোনে কিমান টৰ্চাৰ কৰে চাওচোন । এক পইচাও ঘোচ নিদিও । কিমান দেৰি লগায় চাও । কোনে পইচা বিচাৰে চেহেৰাকেইটা চাই লও ।

জুনৰ মাজভাগত সকলো ডকুমেন্টসহ এপ্লাই কৰিলো । এসপ্তাহৰ মুৰত আকৌ আহিবলৈ দিলে । চাইটলৈ ইঞ্জিনিয়াৰ যাব ভিজিটৰ কাৰনে । এক পইচাও নিদিয়াকৈ কামটো হৈ গল । তাৰপাছত ফাইলটো অইন এজনৰ ওচৰলৈ গল । মাজে মাজে GMDAৰ তলৰ ৰিচিপচনত খবৰ লৈ থাকো । ফাইলটো সেইজনৰ ওচৰতে আছে ।
দুসপ্তাহ পাৰ হৈ গল ।
চিধা তেওৰ কেবিন পালোগৈ । তেওক কলো যে মোৰ পাৰ্মিচনৰ ফাইল এটা তিনিসপ্তাহ ধৰি আপোনাৰ ওচৰত পৰি আছে , যদি কিবা কাগজ-পাতিৰ ভুল আছে, ফাইলটো ৰিজেক্ট কৰি ওভোটাই পঠাওক, নহলে পাছ কৰক , এনেকৈ ইমানদিল ৰাথি থলে কেনেকৈ হব ।

পাছদিনাই তেও ফাইলটো পাছ কৰি পঠিয়াই দিলে ।

আকৌ ফাইলটো মুভ হল , আৰু কেইখনমান টেবুল বিনাশ্ৰমে পাৰ হল । এইবাৰ ফাইল পালেগৈ শৰ্মা উপাধিৰ এজনৰ টেবুলত । তেওঁ ভিতৰৰ হল এটাত বহে । তিনিসপ্তাহৰ মুৰতো তেওৰ টেবুলত ফাইল পৰি থাকিল ।

এইবাৰ শৰ্মাকো কিবা কিবি কলো । তেওক লকলো যে আপোনাৰ আধাঘন্টা ধৰি বাহিৰৰপৰা লক্ষ্য কৰি আছো, ইফালে সিফালে গৈছে, আদ্দা মাৰিছে , চাহ খাইছে, ঠিক আছে খাওক । কিন্ত আপোনাৰ টেবুলত যে ফাইলকেইটা আছে সেইকেইটা ক্লিয়াৰ কিয় কৰা নাই , ক্লিয়াৰ কৰে নকেৰে আপোনাৰ কথা, কিন্ত চিটিজেন চাৰ্টাৰ মতে মেক্সিমাম ৭ দিন , তাতকৈ বেছি হলে আপুনি জবাবদেহি হব লাগিব । সেইদিনাই তেও ফাইল ক্লিয়াৰ কৰিলে ।

এসপ্তাহৰ পাছত আকৌ গলো , ফাইল বিচাৰি পালোগৈ এজন বিষয়াৰ কেবিন । তেওঁক সুধিলো, দুমাহ হল, আৰু কিমানদিন লাগিব । তেও কলে যে আৰু ১০-১২ খন টেবুল পাৰ হব লাগিব, তেও দুই এদিনতে পাৰ কৰি দিব, বাকীখিনি তেও কব নোৱাৰে ।
- ঠিক আছে বাৰু , এপ্লাই কৰা ৬০ দিনতকৈ বেছি হৈ গল , আপোনাৰ ৱেবচাইটত লিখা মতে মেক্সিমাম এমাহ , বিল্ডিং ল ২০১৪ মতে নিৰ্ধাৰিত সময়ত পাৰ্মিচন দিব নোৱাৰিলে , পাৰ্মিচন দিয়া বুলি ধৰা হব , এজন সাধাৰন নাগৰিক হিচাপে মই এতিয়া কি কৰা উচিত......... মই সুধিলো
- মই সেইটো কব নোৱাৰিম ........... তেওঁ কলে

ঘৰলৈ আহি ইন্টাৰনেট খুলি GMDA grievance ত CEO-GMDA ক ইমেইলযোগে কমপ্লেইন এটা দিলো ।

তিনিদিন পাছত মেইল এটা আহিল .......... আপোনাৰ প্লেনিং পাৰ্মিচন হৈ আছে , অফিছলৈ আহি লৈ যাব পাৰে ।
মুঠতে কামটোত ৭৪ দিন লাগিল । পইচা খৰচৰ ভিতৰত ৫০৪৫ টকা প্ৰচেচিং ফী আৰু প্ৰায় দহবাৰ খবৰ কৰাৰ নামত গাড়ীত তেল ভৰাই অহা যোৱা কৰোতে প্ৰতিটো ট্ৰিপত ৫০০ টকা ।

বি.দ্ৰ.
অফিচ এটাৰ কৰ্মসংস্কৃতি নিৰ্ভৰ কৰে তাৰ মুৰব্বীজনৰ ওপৰত । মোৰ GMDAত লেন্ড চেল পাৰ্মিচন এমাহত কতো ঘোচ-ঘাচ নিদিয়াকৈ হৈ গৈছিল । সেই সময়ত CEOআছিল এন.অংগমুথু ।

এটা ট্ৰেন্সপাৰেন্ট চিষ্টেমৰ সৃষ্টি কৰা তথা চিটিজেন চাৰ্টাৰৰ বাবে অংগমুথু দেৱলৈ অশেষ ধন্যবাদ ।

IISc ৰ ইন্টাৰভিউ আৰু চিনিয়ৰচ

( Tridib Goswami দা, Bhabatosh Banik দা লৈ ফ্ৰম বটম অৱ দা হাৰ্টৰ পৰা ধন্যবাদ আৰু ভুল-ভ্ৰান্তিৰ বাবে আগতীয়া ক্ষমাপ্ৰাৰ্থনা )

২০০৯ চনৰ কথা । প্ৰদ্যুম্ন আৰু হেমন্তই লগ ধৰিলে , IISc ত পি.এইচ.ডিৰ কাৰনে যাও, ত্ৰিদিবদা আৰু ভৱতোষদা আছে, থকা-খোৱাৰ টেনচন নাই । এপ্লাই কৰিলো । কিন্ত শেষ মুহুৰ্তলৈ কলকাতাৰপৰা ৰেলৰ টিকট কমফাৰ্ম নহল । আৰ.এ.চি হৈয়েই ট্ৰেইনত উঠিলো । ডেৰটা টিকটত তিনিটা মানুহ । লাইফৰ অন্যতম জঘন্য এক্সপেৰিয়েন্স সেই ট্ৰেইন জাৰ্নিটো । আমাৰ বাথত দুটা টিকেটত মাক-বাপেকৰ সৈতে চাৰিটা পেন্ডা-পুন্ডি । এহাল চিলেটীয়া বুঢ়া-বুঢ়ী, এজন কাহি থকা বেমাৰী । পেন্ডা-পুন্ডিৰ পৰা বাচিবলৈ প্ৰদ্যুম্ন আৰু মই চাইড-আপাৰত উঠি থাকো । হেমন্ত বেলেগ বাথত বা টয়লেটত বহি থাকেগৈ ।

অবাইচ কামোৰ খাই খাই যেন তেন বেংগালুৰু পালো । 


প্ৰদ্যুম্নই ত্ৰিদিব দাক ফোন লগালে । আমি IISc পালোগৈ ।
প্ৰদ্যুম্ন আৰু হেমন্তই ত্ৰিদিব দাৰ ৰুমত খেপ দিলে । মই ভৱতোষদাৰ গেষ্ট হলো । দুয়োজন আমাৰ ইউনিভাৰচিটিৰ চিনিয়ৰ আছিল । চিনিয়ৰে তো জুনিয়ৰৰ দায়িত্ব লব লাগিবই ।

দুয়োজনে একেবাৰে নিষ্ঠাৰে চিনিয়ৰৰ দায়িত্ব পালন কৰিলে । আধা সপ্তাহ আমাৰ একো টেনচন নহল । ত্ৰিদিব দাই কোন প্ৰফেচৰে ষ্টুডেন্ট লব, কেতিয়া কত ইন্টাৰভিউ হব, কোনজনক ইম্প্ৰেছ কৰিবলৈ কি পঢ়িব লাগিব দেধাৰ টিপছ দিলে ।
আনকি প্ৰদ্যুম্ন আৰু হেমন্তই হোষ্টেলৰ ৰুম অকুপাই কৰাৰ পাছত বেচেৰা ত্ৰিদিবদা ৰাতি ৰাতি লেৱত শুবলৈ যাবলগাত পৰিল ।

ভৱতোষদাইও মোক বিচনা এৰি দি মজিয়াত পৰি থাকিল । কিন্ত মজিয়াৰেপৰা ভৱতোষদাই তামাম ট্ৰেজেদী ফালি একেবাৰে বৰ কৰি দিলে ( ৰাইজে গম পায়েই) ।

ইন্টাৰভিউ দিলো । সচা কথা কবলৈ হলে তিনিওজনৰে ইন্টাৰভিউ ভাল হৈছিল । মই মোটামোটি আধাঘন্টাতকৈও বেছি "এক্সপ্লেইন হোৱাই, হাও " কুৱেচনবোৰক টক্কৰ দিলো ।
কিন্ত দুৰ্ভাগ্যজনকভাৱে কোনেও নাপালো । সেইবাৰ মাত্ৰ দুজন ষ্টুডেন্টহে লৈছিল । যদি কেনেবাকৈ ১০ জনমান ললেহেতেন তেতিয়া হয়তো পাই গলোহেতেন ।

পাছত হেমন্তই IIT-বম্বেত পি.এইচ.ডি পালে , প্ৰদ্যুম্নই এবছৰ পাছত সহকাৰী অধ্যাপক হিচাপে বি বৰুৱাত সোমাল , মই অ.এন.জি.চিত সোমালো ।

ত্ৰিদিব দা আৰু ভৱতোষ দাক তিনিদিন-তিনিৰাতিৰ ফুড আৰু একমোডেচনৰ উধাৰ পৰিশোধ কৰিবলৈ বাকী আছে । অৱশ্যে এইটো উধাৰ আৰু চুক্তা নকৰিলেও চলি যাব বুলিয়েই ধৰি লৈছো আৰু ।

অন্নপ্ৰাশন

দীৰুদাৰ লগত শ্বিফট মিলি আছে । আমাৰ ১৪ দিনীয়া ডিউটি একেলগে আৰম্ভ হয় আৰু শেষো একেলগে হয় । অফৰ চৈধ্য দিন দুয়োজনে টাইম পাচ কৰাৰ অকেজন বিচাৰি থাকো ।

ৰাতিপুৱা ৫ বজাত টোপনি ভাগিল । বিচনাত আৰু দুইলুটি মাৰিলো । নাই টোপনি নাহে । ব্ৰাছডালত কলগেট লগাই ওলাই ৰাষ্টালৈ গলো । পেটুৱা মানুহ দুটাই হাফপেন্ট পিন্ধি খোজ কাঢ়ি আছে । মৰ্নিং ৱাক । দুই পেটুৱাৰ পাছে পাছে দাত ঘহি ঘহি ৱাকিং ষ্টাৰ্ট কৰি দিলো । ৱাকিঙত এঘন্টা গল । ছয় বাজিল । ৰাতি ১০ বজাত টোপনি যাও । এতিয়াও ১৬ ঘন্টা আছে । দিনটো কেনেকৈ টাইম কিল কৰো আজি । টিভিটো অন কৰি ললো ।

এনেতে ফোনটো বাজিল । পুৱাই পুৱাই দীৰুদাই ফোন কৰিছে
- বল একঠাইত ভিজিট দি আহো.........দীৰুদাই কলে
- কত........মই সুধিলো
- চিচি যে , আজি বাচ্চাটোৰ অন্নপ্ৰাশন আছিল যে
- অ, বঢ়িয়া, কুল ... মই কলো

চিচিদা কলেজত মোৰ চিনিয়ৰ আছিল, দীৰুদাৰ ক্লাছমেট, ৰঙিয়াত ঘৰ । এতিয়া কথাটো হল যে লাইন বাছত লটিঘটি খোৱাৰ দুয়োটাৰে ইচ্ছা নাই আৰু ৰঙিয়ালৈ গাড়ী চলোৱাৰ কনফিডেন্স দুয়োটাৰে নাই । গতিকে ঠিক হল যে দীৰুদাই ড্ৰাইভাৰ এজন লৈ আহিব । ৯ টা বজাত ওলাম ।

এঘন্টা দেৰিকে দীৰুদা মোৰ ঘৰ পালেহি । হাতত হাফ হেলমেট এটা ।

- বল বাইকতে যাও , ড্ৰাইভাৰ-চ্ৰাইভাৰৰ লাফৰা নকৰো , ৪৫ কিলমিটাৰহে, গেলেকী টু চিবচাগৰ টাইপ, এডভেন্সাৰ কৰি গৈ থাকিম আৰু

দীৰুদাৰ ১৯৯৯ মডেলৰ হিৰো স্পেলডাৰত উঠি দিলো । লখৰা হৈ জালুকবাৰীৰ ভাজবোৰ পাইছোহি
- অন্নপ্ৰাশনত গিফট দিব লাগে নেকি... দীৰুদাই সুধিলে
- নো আইডিয়া... মই কলো
- ৰহ আইডিয়া লৈ লও, নহলে ইজ্বত ডুবি যাব

কাৰোবাৰ ফোন কৰি দীৰুদাই কনফাৰ্ম কৰি ললে যে গিফট লব লাগিব । মালিগাৱৰ দোকান এখনত সোমালো । দীৰুদাই বাতি চেট-ডিনাৰ চেট কেইটাত চকু ফুৰাই দোকানীজনক কলে...... মিডিয়াম ৰেঞ্জত গিফট এটা দেখুৱাকচোন
- কাৰ কাৰণে... দোকানীয়ে সুধিলে
- মানে বাচ্চা এটা........... মই কলো
- কিমান ডাঙৰ
- চাৰি-পাচমাহমান হব, বাচ্চাক ভাত খুওৱা অকেজন এটা হয় যে, অন্নপ্ৰসন্ন
- আমাৰ ইয়াত অন্নপ্ৰাশনৰ গিফট নাপাব আগলৈ বাচ্চাৰ আইটেমৰ দোকান এখন আছে তাত চাওকচোন

দোকানৰপৰা ওলাই দুয়োটাই ডিচকাচ কৰিলো । যাক গিফট দিম তাৰ কামত অহা বস্ত হব লাগিব । বহুত দিচকাচনৰ পাছত চেৰেলেকৰ পেকেট দুটা কিনিলো । এটা হুইট, আনটো এপল ফ্লেভাৰ ।
চেৰেলেকৰ পেকেট দুটা ৰঙীন কাগজৰে গিফট পেক কৰি উঠি দোকানৰ লৰাজনে হাহি মাৰি কলে..... চেৰেলেকৰ গিফট পেক কৰা মোৰ এইটো প্ৰথম অভিজ্ঞতা

গিফট লোৱাৰ পাছত আকৌ জাৰ্নি ৰিজিউম কৰিলো । চানগ্লাছযোৰে কোনোমতে চকু দুটা ধুলিৰ পৰা বচাই ৰাখিছে ।

কোনোমতে চিচিদাৰ ঘৰ পালোগৈ । দীৰুদাই বাচ্চাটোক গিফটটো হেন্ড ওভাৰ কৰিলে । বাচ্চাই কিউট হাহি এটা মাৰিলে ।
- গিলাছ নে বাতি, চাইজ চাই বাতি যেনেই লাগিছে..... চিচিদাই কলে
- ধুৰ তোৰ নিচিনা পাইছ নেকি, বাচ্চাৰ ডাইৰেক্ট কামত অহা বস্ত আছে.... দীৰুদাই উত্তৰ দিলে
বহুত ভোক লাগি আছিল । খানাত মাছ আৰু মাংস দুয়োটা আছিল । নিজৰ ঘৰত খোৱাৰ দৰে দকচি দিলো । লালমোহন মোৰ প্ৰিয় । চাৰিটা পেটত সুমুৱাই থলো ।
খানা খাই চিচিদাৰ ড্ৰয়িংৰুমত চিচিদাৰ লগত জকচ মাৰি ফেনৰ হাৱা খাই আছো । ৰুমটোলৈ অলপ বয়সীয়া মানুহ এগৰাকী সোমাই আহিল ।
- তোৰ লগৰ অ.এন.জি.চিৰ অফিচাৰ অহাৰ কথা আছিল নহয় , এতিয়ালৈ আহি পোৱা নাই নেকি, ভিতৰৰ টেবিলতে খোৱাৰ যোগাৰ কৰিছিলো
- অহ জেঠাই, ইহতে খালেই নহয়...... চিচিদাই আমাক দেখুৱাই কলে

আমি জেঠাইৰ ফালে চাই চেটিচফাইড স্মাইল দিলো । জেঠাইয়ে আমাক ভালকৈ নিৰীক্ষণ কৰিলে, তাৰ পাছত কলে....... তোমালোক সেই মামৰে ধৰা মটৰচাইকেলখনত অহা নাছিলা জানো, বাহিৰত যে আছে, বকুলডালৰ তলত
- হয় ....... মই কলো
- মই আকৌ ডাঙৰ গাড়ীত মানে ভাৰ্না-চাৰ্নাত আহিব বুলিহে ভাবিছিলো
- মানে , বাইকত বেলেগ মজা এটা আছে... দীৰুদাই কলে
- থোৱাহে , কিহৰ মজা, কমচে কম কোম্পানীৰ মান-সন্মানৰ কথা তো চিন্তা কৰা, মই আকৌ ইমানপৰে তোমালোকক টেন্ট হাউচ পাৰ্টিৰ মানুহ বুলিহে ভাৱি আছিলো

দীৰুদাৰ চেটিচফাইড স্মাইলটো ডিম হৈ পৰিল । মই যিমান পাৰো মোৰ চেটিচফাইড স্মাইলটো ধৰি ৰাখিবলৈ চেষ্টা কৰিলো ।

ভাৰচিটি ডেইজ - ইলেকচন

চেপ্তেম্বৰ ২০০৮ , ইউনিভাৰচিটিত ইলেকচনৰ বতৰ । ইলেকচনৰ বতৰ মানে কেম্পেইনিং, ঢোল-গীটাৰ-নাচ গানৰ টীম লৈ কেন্ডিডেটসকলৰ ডিপাৰ্টমেন্ট-ডিপাৰ্টমেন্টে প্ৰচাৰ । ইউনিভাৰচিটিত সেইকেইদিন যথেষ্ট উখল-মাখল তথা উত্তেজনা থাকে । ব্যক্তিগতাৱে মই এনেধৰনৰ প্ৰচাৰ ভাল নাপাও । আৰে ভাই জি.এছৰ পোষ্টত উঠিছ যেতিয়া জিকিলে ইউনিভাৰচিটিৰ উন্নতিৰ কাৰনে কি কি কৰিবা, পৰিকল্পনা কি আছে সেয়া কোৱা, তুমি গান গাব জানা নে নাই কি মতলৱ আছে ।

মই আছিলো কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ । মানে ডিপাৰ্টমেন্টত ফ্ৰেচাৰ্চ- টিচাৰ্চ ডে, চেমিনাৰ এইবোৰ আয়োজনত এনাৰ্জি আৰু টাইম অফুৰন্তভাৱে খৰচ কৰাত আগৰনুৱা লীডাৰ টাইপৰ মক্কেল ।

তেতিয়া ডিপাৰ্টমেন্টৰ হেড আছিল পি.জে.দাস ছাৰ । ছাৰ যথেষ্ট পজিটিভ মাইন্ডেড, এনথুৱাষ্টিক আৰু হেভি পাৰচনেলিটিৰ মানুহ । ছাৰৰ লগত আমাৰ বেটছৰ ফ্ৰিকুৱেন্সি বঢ়িয়াকৈ মেটছ কৰিছিল । আমাৰ পাছত ছাৰৰ সম্পুৰ্ন বেকিং আছিল । আমাৰ সময়ত কবলৈ গলে আমি নিজে চেমিষ্টাৰ পৰীক্ষাৰ ডেট ঠিক কৰিছিলো আৰু সোনকালে ৰিজাল্টো লৈছিলো ।

আগবেলা আমাৰ থিয়ৰী ক্লাছ থাকে । লান্সৰ পাছত প্ৰেক্টিকেল । প্ৰায় প্ৰতিটো হোষ্টেলতে জনাই দিলো যে আমাৰ ডিপাৰ্টমেন্টত লান্সৰ আগত কোনোধৰনৰ কেম্পেইনিং নহব । লান্সৰ পাছত আহিলেই হল । ফলত আৰ্টছ বিল্ডিঙত যেতিয়া ঢোল-পেপা-গীটাৰ বাজি আছিল তেতিয়া আমাৰ ডিপাৰ্টমেন্টত নিয়াৰিকৈ ক্লাছ হৈ আছিল ।

এদিন প্ৰথমটো ক্লাছ কৰি ক্লাছত বহি আছো । ডিপাৰ্টমেন্টৰ জুনিয়ৰ এজনীয়ে মাতিবলৈ আহিল । তলত ছোৱালী হোষ্টেল এটাৰ কেম্পেইনিঙৰ গ্ৰুপ এটা আছে ।

তললৈ নামি গলো ।
- তুমিয়ে ডি.আৰ নেকি ......... এজনীয়ে সুধিলে
- হয় ... মই কলো
- আমি কেম্পেইনিং কৰিবলৈ আহিছিলো
- আমাৰ ডিপাৰ্টমেন্টৰ থিয়ৰীৰ ক্লাছ চলি আছে , এতিয়া নহব, লান্সৰ পাছত আহক.... মই কলো
ছোৱালী গ্ৰুপটোৱে অলপ বেয়া পালে ।
- কোনে এইচব নিয়ম বনাইছে, আমি কি টাইম লৈ আহিম নেকি , ইমান ডিপাৰ্টমেন্টলৈ যাব আছে, টাইম লৈ আহিলে কেনেকে হব .......... ঢোলটো কান্ধত লৈ থকা ছোৱালী জনীয়ে কলে
- সেইবোৰ মই নাজানো, এতিয়া মুঠতে নাচ-গান নহব , আফটাৰ লান্স আহক , গেলাৰীত ষ্টুডেন্টখিনি মই গোটাই দিম
- এইচব নিয়ম আমি নামানো, এতিয়া আমি কেম্পেইনিং কৰিমেই .......... ছোৱালী এজনীয়ে খঙত কলে
মোৰো খং উঠি গল ।
- আপোনালোকৰ কেন্ডিডেট কোনহে , এতিয়াই আমাৰ দৰে জেনেৰেল ষ্টুডেন্টৰ কথা নুশুনে, জিকিলে দেখোন গুৰু গোসাই নমনাই হব ............. ধুনীয়াকৈ মেখেলা-ছাদৰ পিন্ধি থকা কেন্ডিডেট যেন লগা ছোৱালীজনীলৈ চাই কলো

মনে মনে মোক বেয়াকৈ গালি পাৰি ছোৱালী গ্ৰুপটো ফিজিক্স ডিপাৰ্টমেন্টৰ ফালে গলগৈ । মই ক্লাছলৈ আহিলো ।

তাৰ পাছৰ দিনাৰ কথা । ক্লাছলৈ আহোতে অলপ দেৰি হল । ক্লাছত সোমাই আলপ আচৰিত হলো । ভি.পি. কেন্ডিডেট এজনে উদাত্ত কন্ঠৰে ভাষন দি আছে ।

- এইচব কি চলি আছে , এতিয়াতো কেম্পেইনিঙৰ টাইম নহয় ............ ৰুমটোত সোমাই মই কলো
কেন্ডিডেটজন আছিল আৰ.চি.চি হোষ্টেল এটাৰ । লগত এমখা লৰা । মোৰ কথা শুনি কেন্ডিডেটজনৰ ভাষণ বন্ধ হল ।
- এতিয়া ক্লাছৰ সময়, আপোনালোক লান্সৰ পাছত কেম্পেইনিঙৰ বাবে আহিব ............ মই কলো
- কোন বে ই , ইয়াৰ কি প্ৰবলেম হৈছে........... এমখা লৰাৰ মাজৰপৰা এজনে কলে
"বে" ৰ উত্সটোৰ ফালে চালো , তাৰপাছত ভি.পিৰ কেন্ডিডেটজনৰ ফালে চাই কলো
- হোৱাট ইজ দিছ , এতিয়াই ইমান উদ্ধতালি , পাছলৈ কি হব

ভি.পিৰ কেন্ডিডেটজনে ছৰি বুলি কৈ লৰাজাকক লৈ গলগৈ ।

লগৰ এটাই কলে...... হোষ্টেলৰ লৰাৰ লগত জেং হৈ গল , কথাটো ভাল নহল ,পাছত সিহতে চাই লব ।

পিছে পাছত কোনেও মোক চাই নললে । কিন্ত কথাটো জনাজনি হৈ গল যে কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত আগবেলা কোনোপধ্যে এন্ট্ৰি মাৰিব নিদিয়ে । তাৰ পাছত সকলো কেন্ডিডেটেই পাছবেলা সময় লৈ কেম্পেইনিং কৰিলৈ আহিছিল ।

পেট্ৰল পাম্পত জেং

কোনো এংগেলৰপৰাই মই জেং কৰা মানুহ নহয় । কিন্ত মেৰে চাথ হি জেং কিউ হোতা হে । ১ আগষ্ট ২০১৫ , দিনত উত্তৰ গুৱাহাটী গলো । সুব্ৰত পালৰ ভৰি মোচোকা খাই পৰি আছে, জয়ন্তৰ চৰ্দি । জয়ন্তৰ ৰুমত থাকোতেই চন্দনদাই ফোন কৰিলে । পি.চি.চৰকাৰৰ যাদু শ্ব হৈ আছে বোলে মাছখোৱাত, যাম নেকি সুধিলে । ক্ৰিকেট মেচ বা আই.এছ.এল হলে বেলেগ আছিল, যাদু শ্বো যে চাব নোৱাৰি আৰু দেই । চন্দনদাক ন বুলি কলো ।

সন্ধিয়া উত্তৰ গুৱাহাটীৰপৰা ঘৰলৈ ৰিটাৰ্ন আহি আছো । গাড়ীখনৰ ফুৱেল-মিটাৰটো চালো , তিনিটা ব্লক আছে , পেট্ৰল ভৰাই থোৱাটো ভাল হব । বালাজীৰ ওচৰত পেট্ৰল পাম্প এটাত সোমালো ।

- পাচশ টকাৰ পেট্ৰল দিয়া......... মই পাম্পৰ কৰ্মচাৰীজনক কলো
কৰ্মচাৰীজনে মিটাৰটো ৫০০ ত চেট কৰি ফুৱেলিং নিপলটো টেংকৰ মুখত ভৰাই দিলে আৰু হাতেৰে ধৰি থাকিল । মই তেওৰ হাতত চকু দিলো । তেও মাজে মাজে নিপলটোৰ লিভাৰডাল অলপ প্ৰেচ কৰে, এৰি দিয়ে । এই কাৰবাৰটো চকুত পৰাত মই কলো
- ৫০০ টকা চোন চেট কৰাই আছে, তেন্তে সেইডাল কিয় টনা-টনি কৰিব লাগে

কৰ্মচাৰীজনে নিপলটোৰপৰা হাতখন এৰি দিলে । কিন্ত মই লক্ষ্য কৰিলো যে লিভাৰডাল বেকা হৈ আছে । টেনচন হৈ গল, তেল গৈছেনে নাই । তেল ভৰোৱা শেষ কৰাৰ পাছত কৰ্মচাৰীজনক পাচশটকীয়া নোট এখন দিলো ।

গাড়ীখন ষ্টাৰ্ট কৰি আচৰিত হলো । ফুৱেল-মিটাৰটো একেবাৰে বঢ়া নাই । লগে লগে পাম্পটোৰ কাউন্টাৰত কথাটো কলো ।
- এনেকুৱা প্ৰবলেম হয়েই কেতিয়াবা, আপুনি অলপ চলাই লওক, মিটাৰত আহি যাব......... কাউন্টাৰৰ মানুহজনে কলে
- ঠিক আছে, এটা চক্কৰ মাৰি আহো, যদি কাটা নুঠে আকৌ আহিম কিন্ত ....... মই কলো

গড়চুকৰ ফালে গৈ চক্কৰ এটা মাৰিলো । তেলৰ কাটা সামান্য উঠিছে কিন্ত ৫০০ টকাৰ ৭.৭ লিটাৰ পেট্ৰলৰ তুলনাত সেয়া নামমাত্ৰ । আকৌ পেট্ৰল পাম্পটো পালোগৈ । মেনেজাৰক লগ কৰি কথাটো জনালো । মেনেজাৰ কোনোপধ্যে মান্তি নহয় যে কম তেল গৈছে ।

মেনেজাৰে মোক কলে যে তেওৰ পাম্পৰ সকলো ঠিকেই আছে আৰু পাম্পৰ ফিলিং কৰা মিটাৰকেইটা মেনিপুলেট কৰিব নোৱাৰি ।
- মই আপোনাৰ মেচিন বা মিটাৰৰ কথা কবলৈ যোৱা নাই , মই কব খুজিছো যে যোৱা চাৰিবছৰ ধৰি মোৰ গাড়ীখন চলাই আছো আৰু মোৰ গাড়ীৰ ফুৱেল মিটাৰটো ১০০ শতাংশ ঠিকেই আছে আৰু ফুৱেল মিটাৰটোৰ মতে ৫০০ টকাতকৈ বহুত কম পেট্ৰল আপোনাৰ পাম্পৰপৰা মোৰ গাড়ীলৈ গৈছে আৰু মেটিনচ আৰ মেড বাই হিউমেন বিংচ এন ডেয়াৰ ইজ ন মেচিন ইন দা ৱৰ্লড দেট কেন নট বি মেনিপুলেটেড বাই হিউমেন বিং ............... মই কলো

তাৰপাছত মেনেজাৰজনে এক লিটাৰৰ টেমা এটাত পাম্পৰপৰা এক লিটাৰ তেল ভৰাই পাম্পৰ মিটাৰটো যে ঠিকেই আছে তাক দেখুৱালে । মেনেজাৰজনৰ চেহেৰাত এটা সন্টুষ্টিৰ হাহি দেখা গল ।
- ঠিক আছে , এই এক লিটাৰ মোৰ গাড়ীত ভৰাওক , লগতে আৰু এটা পাচ লিটাৰ ড্ৰামত জুখি মোৰ গাড়ীত ভৰাওক, মই পইচা দি আছো......... মই কলো

ড্ৰাম এটাত পাচ লিটাৰ জোখা হল । গাড়ীত ভৰোৱা হল , লগে লগে মই চাবি অন কৰিলো । চাবি অন কৰাৰ লগে লগে গাড়ীৰ ফুৱেল টেংক ইন্ডিকেটৰ তিনিটা ঘৰ বাঢ়ি গল ।
- এইয়া চাওক ৬ লিটাৰ পেট্ৰলত ভৰোৱাৰ লগে লগে কাটা তিনিটা ঘৰ বাঢ়ি গল , তাৰমানে মোৰ গাড়ীৰ কাটা ভালকৈ কাম কৰি আছে আৰু বৰ্তমান ফুৱেল ইন্ডিকেটৰত ৭টা ঘৰ আছে, পাম্পত সোমাৱাৰ আগতে তিনিটা ঘৰ আছিল, মানে বেক কেলকুলেট কৰি এইটো কব পাৰি যে পাছৰবাৰ ৬ লিটাৰ ভৰাওতে যিমান তেল ভৰিল , আগৰবাৰ ৭.৭ লিটাৰ ভৰাওতে তাৰ আধাতকৈও কম তেল ভৰোৱা হৈছিল ...... মই কলো
- কিন্ত মোৰ পাম্পৰ মিটাৰ পুৰা ঠিক আছে, কতো মেনিপুলেচন নাই, সেইটো মই দেখুৱালো দেখোন, এতিয়া ইহতে যদি কিবা মেনিপুলেট কৰিছে (কৰ্মচাৰীজনলৈ দেখুৱাই) তেতিয়া মই কব নোৱাৰিম ......... মেনেজাৰজনে কলে
উইক পইন্ট এটা পাই গলো ।
- তাৰমানে আপুনি স্বীকাৰ কৰিছে যে এওলোকৰগ্বাৰা মেনিপুলেচন সম্ভৱ, এই কথাটোৱেই মই আপোনাক ইমানপৰে কৈ আহিছো যে ফিলিং কৰা কৰ্মচাৰীজনৰ ওপৰত মোৰ সন্দেহ হৈছে যে তেল কমাই দিছে আৰু যিখিনি কমাই দিছে সেইখিনি মোক দিব লাগে............ মই কলো

মেনেজাৰজন অলপ থতমত খাই গল ।

- নাই , তেল ঠিকেই গৈছে, আপোনাৰ গাড়ীৰ কাটাৰ প্ৰবলেমো তো হব পাৰে ........ মেনেজাৰজনে কলে
ইতিমধ্যে মানুহ বহুত গোট খাইছিল । তৰ্ক গৈ উত্তপ্ত পৰিস্থিতিত পৰিনত হৈছিল ।
- কি বে, এইটো পাম্পত তেল কমাই দিয়ে নেকি ............ বাইকত তেল ভৰাব অহা মানুহ এজনে কাৰোবাক চিঞৰি সুধিলে

মেনেজাৰে কোনোপধ্যে মানি নলয় যে পাম্পত কিবা খেলিমেলি আছে । কাউন্টাৰৰ কৰ্মচাৰীজনেও কলে যে আজিলৈকে কোনেও কম্প্লেইন দিয়া নাই ।

- চাওক ডাঙৰীয়া, ৭.৭ লিটাৰ তেলৰ ০.৭ লিটাৰ মাৰি দিলে কোনেও গম নাপাব, কোনোবাই মিটাৰ চাই গম পাব নেকি কিন্ত মোৰ ক্ষেত্ৰত ৫ লিটাৰমান তেল কম হৈছে , সেয়ে মই ধৰিব পাৰিছো, আৰু তেল ভৰাইয়ে মই আপোনাক কৈছো , কৈছিলোনে নাই .................. মই কাউন্টাৰৰ কৰ্মচাৰীজনক সুধিলো

মানুহৰ জুমটো বাঢ়ি আহিছিল । মোৰ লগত আছিল মা । ইমানপৰে মায়ে কথাবোৰ শুনি আছিল । এইবাৰ মায়ে কলে.......
- চাওক আমি আপোনালেকৰ গ্ৰাহক । আমি যদি তেল নিকিনো আপোনালোকৰ ডিপোৰ কি হব , ডিপো বন্ধ বৈ গলে ইয়াৰ কৰ্মচাৰীসকলৰ কি হব , আজি তেল আমাক কমাই দিছে , আমি গম পাইছো কাৰনেহে ইয়াত আছো, এই যে আমি গম পালো যে এইটো ডিপোত তেল কমাই দিয়ে, এই কথাটো আমি আন দহজনক কম, সেই দহজনে আন দহজনক, এনেকৈ চলিলে এদিন আপোনালোকৰ ডিপো বন্ধ হৈ যাব । আৰু আমি তো এনেয়ে কোৱা নাই , আমাৰ হাততো প্ৰমান আছে । আমি প্ৰয়োজন হলে আপোনালোকৰ তেলৰ মেইন কোম্পানীত যাম আমাক ঠগা হৈছে বুলি ।

মেনেজাৰজন নিজৰ কেবিনলৈ সোমাই গৈছিল । মই পাছে পাছে গলো ।

- মই তো চব দেখুৱালো, আমাৰ পাম্পৰ চব ঠিকেই আছে, এতিয়া মই কি কৰিম কওক........... মেনেজাৰজনে কলে
- চাওক আপুনিতো দেখিলেই তিনিশ টকাৰ তেলত ফুৱেল-মিটাৰৰ কাটা উঠিল , ৫০০ টকাৰ তেলত কাটা উঠা নাছিল, ইয়াৰপৰা সাধাৰন মানুহ এজনে কি ইন্টাৰপ্ৰীট কৰিব , সেইটোৱেই মোৰ প্ৰশ্ন ............. মই কলো

মই মেনেজাৰৰ ৰুমৰ পৰা ওলাই আহিলো ।

- বল মা, গড়চুক থানালৈ যাও, সদ্যহতে এফ.আই.আৰ. এখন দি আহো, বাকী পাছত দেখা যাব ............ মই মাক কলো
যুদ্ধংদেহি মনোভাৱেৰে গাড়ীখন ষ্টাৰ্ট কৰিবলৈ লৈছো । এনেতে কাউন্টাৰৰ কৰ্মচাৰীজনে কলে................ হব দিয়ক , পাচশ টকাৰ তেল ভৰাই লওক

পেট্ৰল পাম্পৰ কৰ্মচাৰীজনে ৭.৭ লিটাৰ কম্প্লিমেন্টৰী তেল ভৰাই দিলে । মোৰ গাড়ীখনৰ ফুৱেল টেংকৰ কাটা আৰু তিনিঘৰ বাঢ়ি গল ।

ডাৰউইনৰ স্পিচিচ

(1)

এজ ইউজুৱেল ৰনদীপে তুলসীৰ পেকেটটো খুলি ৰজনীগন্ধাৰ পেকেটটোত ভৰালে, অলপ মিক্সাৰটো শ্বেক কৰিলে , ডাঙৰকৈ মুখখন মেলি আধা অংশ মুখত ভৰাই বাকী আধা থকা পেকেটটো ভাজ কৰি পকেটত সুমুৱাই থলে । তাৰপিছত কিছুসময় চোবাই খিৰিকিয়েদি প্ৰথমবাৰ পিকাই দিলে ।

মই ৰনদীপৰ ঠিক কাষৰ চিটত । ৰাতিপুৱা গেলেকীৰ পৰা শ্বিফটৰ বাছখনত ৰনদীপ চাইটলৈ আৰু মই গুৱাহাটীলৈ বুলি ওলাইছো ।
- বিকাচ দা, আপুনি পেটটো কমাওক , কিমানবাৰ যে কৈছো আপোনাক, আপুনি কানসাৰেই নিদিয়ে , নিজৰ কথা নাভাৱে, ঘৰৰ মানুহৰ কথা টো চিন্তা কৰক , এইবাৰ ঘৰলৈ গৈ ট্ৰাইগ্লিচাৰাইড চেক কৰাব , 400 ৰ ওপৰ হব আপোনাৰ , ভেৰি প্ৰন টু হাৰ্ট এটেক.......... ৰনদীপে খিড়িকিয়েদি আৰু এবাৰ পিকাই দিলে
- ঠিক আছে বাৰু , কৰিম চেক ........ মই কলো

এই বিষয়টো লৈ ৰনদীপে মোক প্ৰায়েই কামোৰ দিয়ে । আনকি ডি.এছ.এত ৰনদীপে মোক চিকেনো বেছিকৈ খাব নিদিয়ে । ৰনদীপৰ মতে মাত্ৰ দুই পিচ চিকেন, তাতকৈ বেছি নহয় । ফলত খোৱাৰ টাইমত মই ৰনদীপৰপৰা লুকাই থাকিবলগীয়াত পৰিছে । ৰনদীপৰ কেনেকৈ কামোৰ দিও ভাৱিবলৈ ধৰিলো ।

- আচ্চা ৰনদীপ তুমি যে ৰজনীগন্ধা খোৱা, দিনত কিমান খোৱা........ মই সুধিলো
- লান্সৰ আগতে পাচ পেকেট, লান্সৰ পাছত পাচ পেকেট....... ৰনদীপে কলে
- মানে দিনে দুশমান টকাৰ
- অ কিয়
- ভাৱাচোন ৰনদীপ, তুমি দিনে দুশ টকাৰপৰা এশ টকালৈ ৰজনীগন্ধা খোৱা যদি কমাই দিয়া ,দিনে এশ টকাকৈ মাহত তিনিহাজাৰ টকা চেভ কৰিব পাৰিবা, সেই তিনিহাজাৰ টকাৰে কোনোবা অভাৱী , গৰিব, নিসহায় মানুহক সহায় কৰি চাবাচোন, কিমান আনন্দ লাগে , পৃথিৱীখনত তেতিয়া তুমি তিনিহাজাৰ টকাৰ ৰজনীগন্ধাৰ লেতেৰা পিকৰ সলনি, অলপ হাহি, অলপ সুখ, অলপ আনন্দৰ সঞ্চাৰ কৰিব পাৰিবা ,আৰু এনেকৈয়ে ইজনে সিজনক কৰা মৰম-ভালপোৱা-সহযোগিতাৰে পৃথিৱীখন এখন বাসোপযোগী ধুনীয়া পৃথিৱী হৈ পৰিব....... মই কলো

তৃতীয়বাৰৰ বাৰে পিকাবলৈ গৈ ৰনদীপ ৰৈ গল । ৰনদীপৰ কান দুখন ৰঙা পৰা স্পষ্টকৈ দেখিবলৈ পালো । একেবাৰে জেগাত পৰিছে কথাটো । মোক কামোৰ দি অহা ৰনদীপৰ ওলোটাই কামোৰ দি এটা সন্টুষ্টি অনুভৱ কৰিলো ।

সেই সময়ত ৰনদীপৰ চেহেৰাত ৱাচড আউট এক্সপ্ৰেচন আৰু মোৰ চেহেৰাত এটা কুল স্মাইল।

(2)

ৰনদীপ লৰাটো বহুত টেলেন্টেড । সি সহজে হাৰ মনা ভকত নহয় ।
- আচ্চা বিকাচ দা, আপুনিটো ডাৰউইনৰ থিয়ৰি পঢ়িছে
- অ
- কি কৈছিল ডাৰউইনে
- চাৰভাইভেল ইজ ডা ফিটেষ্ট, পৰিবৰ্তনীয় পৰিস্থিতিৰ সৈতে যিটো জীৱই নিজকে খাপ খুৱাই লৱ পাৰে সিহে চাৰভাইভ কৰিব পাৰিব , বাকীবোৰ এক্সটিন্ট হৈ যাব
- এক্সেক্টলি , এতিয়া চাওক, যিবোৰ অভাৱী, নিসহায় মানুহ, সিহত তেনেকুৱা কিয়, কাৰন সিহতে চাৰভাইভ কৰিব নোৱাৰে, সিহত যোগ্য হব পৰা নাই কাৰনে ভোগ্যও হব পৰা নাই , আৰু মই যে কোম্পানীৰপৰা দৰমহা পাও,দিনেবাৰ ঘন্টাকৈ কাম কৰাৰ কাৰনে পাও আৰু তাৰ ওপৰতো মই টুৱেন্টি পাৰচেন্ট টেক্স দি আছো ,আৰু চৰকাৰে সেই টেক্সবোৰ কত লগাইছে, দুখীয়া মানুহবোৰৰ নামত, এনেৰেগা, মিড ডে মিল, ইন্ডিৰা আৱাস যোজনা, আল-বাল বহুত যোজনা । চাবলৈ গলে মই উপাৰ্জনৰ টুৱেন্টি পাৰচেন্ট চোন আপুনি কোৱা নিসহায়-অভাৱী মানুহবোৰক দিয়েই আছো । আৰু মই যে ৰজনীগন্ধা খাও, সেইটো মোৰ চখ । মোৰ চখটো মই নিজে কষ্ট কৰি পুৰাইছো , বেলেগৰ কাৰনে মই মোৰ চখৰ লগত কম্প্ৰমাইজ কিয় কৰিম ।

ৰনদীপে আৰু এবাৰ খিড়িকীয়েদি পিকাই দিলে ।

- মানে মই কব খুজিছিলো, হিউমেনিটি বুলিও এটা কথা আছে , বিল গেটছৰ এক্সামপল চোৱা , কিমান চেৰিটি কৰি আছে ..... মই কলো
- হিউমেনিটি আৰু ডাৰউইন একেলগে এক্সিষ্ট কৰিব নোৱাৰে , আৰু বিল গেটছৰ যে এক্সামপল দিলে আপোনাৰ-মোৰ বয়সত বিল গেটছে চেৰিটি কৰিছিল নেকি,তেতিয়া চোন সি পইচা ঘটিছিল, বিজিনেছ বঢ়াইছিল । এতিয়া বুঢ়া বয়সত পইচা ঘটি আমুৱালে, চেৰিটি কৰাৰ চখ জাগিল , চেৰিটি কৰি চখ পুৰাই আছে..... ৰনদীপে কলে
- ও
- যেতিয়া মই বিল গেটছৰ নিচিনা ধনী হৈ যাম, তেতিয়া চেৰিটি কৰিম, বা যেতিয়া ৰজনীগন্ধা খোৱাৰ চখৰ সলনি চেৰিটি কৰাৰ চখ জাগিব, তেতিয়া ৰজনীগন্ধাৰ বাদ দি চেৰিটি কৰিম ।

ৰনদীপ বহুত টেলেন্টেড । এন.আই.টিৰ পাচ আউট । আৰ্গুমেন্টত মই ৰনদীপক বলে নোৱাৰো । আৰু কিবা কলে নিজৰ কথাৰ সপক্ষেকিমান যুক্তি দি মোক নেফানেফ কৰিব ঠিকনা নাই ।

- মানে ৰনদীপ, যেনেকৈ ৰজনীগন্ধা তোমাৰ চখ, তেনেকৈ ডি.এছ.এ ত পেট ভৰাই চিকেন খোৱাটোও মোৰ চখ দিয়াচেোন....... মই কলো
- ঠিক আছে, আজিৰেপৰা আপোনাৰ খোৱাৰ ওপৰত মই চকু নিদিও......... ৰনদীপে কুল স্মাইল এটা দি কলে

(3)

বাছ আহি নাজিৰা পালে । মই নামিলো । ইয়াৰপৰা অইন বাছত শিৱসাগৰ গৈ তাৰপৰা গুৱাহাটীলৈ চুপাৰ ধৰিব লাগিব । চাইটৰপৰা ৰিটাৰ্ন হোৱা অ.এন.জি.চিৰ বাছ এখনত উঠিলো । কন্ডাক্টৰটো মোৰ ওচৰলৈ আহিল । দহটকা এটা দিলো । নিয়মমতে এমপ্লয়িয়ে বাছত পইচা নিদিলেও হয় , কিন্ত বাছৰ ড্ৰাইভাৰকেইটা বৰ ধুৰন্ধৰ । সিহতে ৰাষ্টাত পেচেঞ্জাৰ উঠাব ঠিকেই কিন্ত ভাড়া নিদিয়া এমপ্লয়িয়ে ৰাষ্টাত হাত ডাঙিলে বাছ নৰখায় । আগতে মইও অইন চাইটৰ বাছত পইচা নিদিছিলো , কিন্ত বহুতবাৰ এনে তিতা-কেহা অভিজ্ঞতা হোৱাৰ পাছত পৰিস্থিতিৰ লগত খাপ খুৱাই দহটকা ভাড়া এটা দি দিও । কোম্পানীৰ বাছত ভাড়া দিয়াটো একপ্ৰকাৰৰ চাৰভাইভেল ষ্ট্ৰেটেজি বুলিব পাৰি ।

শিৱসাগৰৰ পৰা এ.এছ.টি.চিৰ এয়াৰকন্ডিচন বাছখনত টিকেট ললো । এক নম্বৰ চিটটো ললো । এইটো চিটত আগৰ মানুহজনে চিট হাউলাই টেনচন দিয়া ঝামেলা নাই । সোফালৰ চিটটোত কলেজীয়া ছোৱালী এজনী । কানত হেডফোন লৈ আছে , কথা পাতি আছে নে গান শুনি আছে ধৰিব নোৱাৰিলো । বাহিৰত প্ৰখৰ ৰদ , ফোনটো চুইচ অফ কৰি চিটটো হাওলাই চকু দুটা মুদি দিলো ।

দিনৰ বাৰ বজাত বোকাখাট পালো । বাছ ৰখিল । বাছৰপৰা নামি অনুভৱ কৰিলো যে সচাকৈয়ে প্ৰচন্দ গৰম পৰিছে , নৰমেল বাছত অহা হলে সিজি গলোহেতেন ।

বাছ নগাও সোমাল । ডাব এটা খাই ললো । আৰু দুঘন্টা পাছত গুৱাহাটী পাই যাম । দীৰুদাক ফোন লগালো , দীৰুদাই খুব ট্ৰেজেদী ফালিলে, বছে বোলে খুব কামোৰ দি আছে । মই গুৱাহাটী গৈ আছো বুলি কোৱাত দীৰুদা আচৰিত হল ।
- কেনেকে মেনেজ কৰিলি বে, এদিন আগতেই ফুটি দিলি .......... দীৰুদাই দুখেৰে সুধিলে
- চাৰভাইভেল ইজ দা ফিটেষ্ট, এডাপটেচন উইথ চাৰাউনডিংচ , কুল ......... মই কলো

নগাওৰপৰা ফৰলেনত কোবাল গতিৰে বাছ চলি আছে । তেতিয়াই লাগিল কেনাটো । ৰহাত বাছখন ৰৈ গল । ইঞ্জিন বন্ধ । এজন দুজনকৈ কেইজনমান মানুহ বাছৰ পৰা নামিল । বাকীবোৰ বাছতে বহি আছে । কন্ডাক্টৰে কলে যে তেল শেষ হল । তেল শেষ হোৱাৰ কথা শুনি কেইজনমান পেচেঞ্জাৰৰ মাথা গৰম হৈ গল । ষ্টেচনত কটা টিকেটৰ ভাড়া ড্ৰাইভাৰ-কন্ডাক্টৰে ঘুৰাই দিব নোৱাৰাৰ কথা শুনাৰ লগে লগে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল ।

দুবছৰমান আগতে হোৱা হলে ময়ো উত্তপ্ত পৰিস্থিতিত যোগ দি এ.এছ.টি.চিৰ অফিছত ফোন কৰি কনজিউমাৰ কৰ্ট-চৰ্টৰকথা কৈ তেল অনাই গাড়ী ষ্টাৰ্ট কৰাই লৈ আহিলোহেতেন ।

চাৰিটা বাজিছে , প্ৰচন্ড ৰদ , ভাৰ মে জায়ে দুনিয়া, বেছি মগজমাৰি কৰি লাভ নাই । বেগটো লৈ নামি আহিলো । পেচেঞ্জাৰ কেইজনমান কি কৰা যায় আলোচনাত ব্যস্ত , ড্ৰাইভাৰে ডিজেল বেচে, এনেকৈয়ে চৰকাৰী নিগম ডুবে, চৰকাৰখনেই বেয়া ,মাৰ-পিট নকৰিলে ইহত চিধা নহয় ইত্যাদি কথা কানত পৰিল ।

কন্ডাক্টৰজনে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল ।
- আচ্ছা, মোৰ অলপ আৰ্জেন্সি আছে, এ.এছ.টি.চিৰ আৰু বাছ আহি আছে নহয়, নেক্সটখনত মোক এডজাষ্টকৰি দিব .......... মই কলো

কন্ডাক্টৰজনে চকুৰ চাৱনিৰে হব বুলি কলে । দহমিনিটৰ পাছত ৰঙা বাছ এখন আহিল, তিনিচুকীয়া-গুৱাহাটী চুপাৰ । ৰেডি হৈয়ে আছিলো , বাছখন ৰখাৰ লগে লগে জপিয়াই উঠি দিলো । বাছখনত মাত্ৰ দুটা চিট খালী আছিল । তাৰে এটাত বহি দিলো । এতিয়া টেনচন নাই, টাইমত গুৱাহাটী গৈ পাম ।

ছটা বজাত গুৱাহাটী পালো । বাংকিং, এডজাষ্টমেন্ট, মেনেজ, মেনিপুলেট কৰি দীৰুদাতকৈ এদিন আগতে গুৱাহাটী পোৱা মোৰ নিজকে পৰিবৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই চাৰভাইভ কৰি থকা ডাৰউইনৰ স্পিচিচটোৰ দৰে লাগিল ।

ছুটী ফ্ৰম চাহু চাহাব

জইনিং কৰাৰ দ্বিতীয় বছৰৰ পুজাৰ সময়ৰ কথা । আমাৰ ডিপাৰ্টমেন্টৰ বছ আছিল অ.পি.সিং ছাৰ আৰু চাহু ছাৰ । চাহু চাহাবৰ বিশেষত্ব হল যে কাকো ছুটী নিদিয়ে । চাহুৰ পৰা ছুটী উলিওৱা মানে বহুত ডাঙৰ এচিভমেন্ট । পুজাৰ সময়, ঘৰলৈ যাবলৈও মন গৈছে । ছুটী বিচাৰিবলৈ অফিছ পালোগৈ । চাহু চাহাবৰ ৰুমৰ বাহিৰত থিয় হৈ কেনেকৈ ছুটী খুজিম তাৰ প্লেনটো বনাই আছো । সেই সময়তে অৱনীদাও অফিচলৈ আহিল

- কি ৰে বিকাচ , আজি অফিছত যে ........ অৱনীদাই সুধিলে
- নাই মানে পুজাৰ ছুটী লাগে, আপুনি....... মই কলো
- মইও ছুটী লম, চাহুক জনাই যাও
- আপোনালোকে কলেই ছুটী পায় মানে
- আৰে, টেকনিক আছে , টেকনিক , বল ভিতৰত যাও , কিন্ত মই আগতে ছুটীৰ কথা কম..... অৱনীদাই কলে

দুয়োটা চাহু চাহাবৰ ওচৰ পালোগৈ । মই চুপ-চাপ অৱনীদাই কি টেকনিক লগায় ছুটী লয় চাবলৈ ধৰিলো ।

অৱনীদাই প্ৰথমতে কুল হাহি এটা মাৰিলে , চাহু চাহাবৰ কুশল মংগল বতৰা ললে, চাহু চাহাবৰ ছোৱালীৰ পঢ়া-শুনা কেনে চলিছে তাৰ খবৰ ললে । তাৰ পাছত অৱনীদাই ৱাইফ নামৰ কামোৰবিধৰ কথা উলিয়ালে, ৱাইফে কেনেকৈ ফৰমাইছ দি দি অৱনীদাৰ জীনা হাৰাম কৰি দিছে তাক দুখেৰে কলে । চাহু চাহাবেও অৱনীদাৰ দুখত দুখী হোৱা যেন দেখুৱালে ।

- ক্যা বেলিয়েগা চাহাব, ৱাইফ নে বোলা হে কে মাজুলী জানা হে , অব ডিউটি হে , কেইচে জায়েগা, হাম বহুত চমঝায়া পৰ চমজতাহি নেহী, অউৰত জাত হি এইচা হে , হামকো ধমকি দিয়া হে কি মাইকে চলা জায়েগা , বাচ দো দিন কা লিভ মিল জাতা তো মাজুলী ঘুমা লাতা , টেনচন কম হো জাতা .......অৱনীদাৰ চকুত উপায়হীনতাৰ চাৱনি

অৱনীদাৰ টেকনিকটো বুজি পাই গলো । কিন্ত চাহু চাহাবো কম নহয় ।

- দেখো অৱনী, তুমহাৰা টেনচন মে সমজ গয়া হু, লেকিন মেনপাৱাৰ কা হবত চৰটেজ হে, তুম মেৰা জান মাংগ লো , দে দুংগা, লেকিন ছুটী নেহী মাংগনা........ চাহু চাহাবে কলে
- লেকিন চাহাব, মেৰা মেৰেজ কা চৱাল হে
- নহী মিলেগা মতলব নহী, কিচিকো অভী ছুটী নহী মিলেগা ...... চাহুই কঠোৰ মাতেৰে কলে
বহুত চেষ্টা কৰিও অৱনীদাই ছুটী উলিয়াব নোৱাৰিলে ।
- তুম ভী ছুটী কে লিয়ে আয়ে হো ক্যা.......... চাহু চাহাবে মোৰ ফালে চাই কলে
- আৰে নহী চাহাব, বেচেলৰ হু, হাৰ দিন তো চুটী হি হে, মে এক্সুৱেলি আয়া থা কে হামাৰে ৱেল মে লিগনাইট চাহিয়ে, বহুত জেল আতা হে, আউৰ ট্ৰিটমেন টেংক কা এজিটেটৰ খাৰাব হে, ৱ থীক হো জাতা তো মাদ কা ট্ৰীটমেন্ট আচ্চা হোতা ............. মই কলো
- আভী মে ডি.আই.চি চে বাত কৰতা হু, তুম ফিকৰ মত কৰো, মে হু না ............... চাহু চাহাবে লগে লগে ট্ৰিটমেন্ট টেংকৰ বিষয়ে কাৰোবালে ফোন কৰিলে

বিষন্ন মন লৈ অৱনীদা আৰু মই চাহু চাহাবৰ ৰুমৰপৰা ওলাই আহিলো । ছুটী নাপালো ।

ঘৰলৈ যাবলৈ টেনডেনচিটো বেছি হৈ গৈ আছে । ভাৰ মে জায়ে দুনিয়া । নো ৰিক্স নো গেইন । বাহটো আলটিমেটলি প্ৰনৱদাক দি দিলো । পুজাৰ আগৰ অফটোত গুৱাহাটী পালোহি । ডিউটি থকাৰ আগনিশা মই ৰিলিভ কৰিবলগীয়া প্ৰনৱদাক ফোন কৰি কলো যে বহুত জৰুৰী কাম এটাত গুৱাহাটী গৈ আছো , একেবাৰে ইমাৰজেন্সী চিটুৱেচন । গতিকে কাইলৈ ডিউটি নাযাও । প্ৰনৱদাই টেনচন খাই চাহু চাহাবক ফোন কৰিলে । চাহু চাহাবে মোলৈ ফোন লগালে । মই ইতিমধ্যে নট ৰিচেবল । পুজাৰ চিজনত দিনৰ বাবে ৰিলিভাৰ যোগাৰ নহল । মই ৰফুচক্কৰ হৈ যেৱা বাবে বেচেৰা প্ৰনৱদাই দুটা শ্বিফট কন্টিনিউ কৰিবলগাত পৰিল ।

২৪ ঘন্টাৰ মুৰত চাহু চাহাবক কল বেক কৰিলো
- ছাৰ একদম ছৰী, ইমাৰজেন্সী মে আনা পৰা , আভী গুৱাহাটী মে হু, আপকো কল নহী কৰ পায়া ..... মই কলো
- আৰে নহী, ইমাৰজেন্সী তো চবকা আতা হে , ৱাপচ কাম আয়োগে...... চাহু চাহাবে কলে
- চাহাব ইমাৰজেন্সী চিটুৱেচন হে, ফোন পে নহী বোল চকতা, এক হাফটা লাগ জায়েগা

চাহু চাহাবে এসপ্তাহৰ বাবে অৱনীদাক মোৰ ঠাইত ডিউটি কৰিবলৈ লগাই দিলে । পুজাৰ এসপ্তাহ গুৱাহাটীত আৰামত কটালো । এসপ্তাহ পাছত শিৱসাগৰ পালোহি, চিধা ডিউটি ধৰিলো । ছুটী খটম ইমাৰজেন্সীও খটম ।
অৱনীদাই আজিও মোক লগ পালেই সোধে যে মই সেইটো পুজাত ছুটী কেনেকৈ মেনেজ কৰিলো ।
( মৰেল আৱ দা ষ্টৰী - ছুট্টী লেনেকা চীজ হে, মাংগনেকা নহী )

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...