Friday, August 23, 2013

এখন আকাশ, অলপ ডাৱৰ....... Cloud in the Sky


BKD ছাৰে বৰ্ডত ক্ৰিষ্টেল এটা আকিবলৈ ধৰিছে... ঘড়ীটোলৈ চালো... ৫-০৫....
জেপৰপৰা ৰুটিনখন উলিয়ালো, আজি ৩ টা আছে... শান্তিপুৰ, চান্দমাৰী আৰু তাৰ পাছত কাহিলীপাৰা.... ইফালে তালুকদাৰেও ফোন কৰি আছে....পাৰিলে পাক এটা মাৰিব লাগিব...
পিছে BKD আজি য়ে দেৰী কৰিব.......... Nabajeet Barman , Sukanya Baruah , Suraj Pathak , Subrata Nath এ ধৰি ক্লাছৰ প্ৰায়ভাগ মানুহেই হামিয়াই-হিকটিয়াই সময় পাৰ কৰি আছে...........
UGC য়ে PhD ত course work compulsory কৰি দিয়াৰ ফলত সদায় আবেলি এঘন্টীয়া দুটা ক্লাছ কৰিবলগীয়া হৈছে..... ক্লাছ মানে এতিয়া কামোৰ..... ২ ঘন্টা সময় টোটেলি বৰবাদ....... চাল্লা মোৰ PhDৰ গৱেষণাৰ বিষয় নেনোপাৰটিকল ....... তাৰ বাবে মই ইনঅৰগেনিক ক্ৰিষ্টেল পঢ়ি কি কৰিম.......... ইফালে চাৰিমাহ ঘৰি ফেলোচিপৰো একো খা-খবৰ নাই....
ঘড়ীত ৫-১০ হলগৈ.......
...........
.... থিয় হলো, কলো....... এক্সকিউজ মি ছাৰ, লেবত ৰিয়েক্সন এটা বহাই আহিছিলো, চাই আহো ...
ছাৰে কি কলে শুনাৰ ধৈৰ্য নাছিল, কলমটো আৰু কাগজখিলা পকেটত ভৰাই গেলাৰীৰপৰা ওলাই আহিলো
(বহীজাতীয় বস্ত course work ৰ ক্লাছত কেতিয়াও ব্যৱহাৰ কৰা নাছিলো)
.....ওলায়েই বাইকখনৰ পিনে খোজ ললো.....
বাইকখন ষ্টাৰ্ট দিবলৈ লওতেই দেখিলো Subrata Nath দৌৰাদৌৰিকৈ আহি আছে....
সুব্ৰতে কলে........বলা দোষ্টি, মোৰো আজি মালিগাৱত ৰিয়েক্সন এটা আছে, বাছত গলে দেৰিয়েই হব


                                                        (2)

কেতিয়াবা দুটা ৰাষ্টা থাকে, এটা দীঘল কিন্ত সহজ.......... আৰু আনটো চুটি কিন্ত কঠিন আৰু অনিশ্চিত......

সুব্ৰতক মালিগাৱৰ ট্ৰেফিক পইন্টৰ আগত নমাই দিলো ।
সি দোস্তি বুলি কৈছিলহে....... লগে লগে কৈ দিলো যে মালিগাৱৰ গলিত সোমাই তাক জেগাত ড্ৰপ কৰিবলৈ সময় নাই ।

শান্তিপুৰ পালোগৈ । এটা তিনিমহলীয়া আৰ.চি.চি বিল্ডিং ।  মালিকৰ নাম ৰাজেন বৰকাকতি, ইৰিগেচন ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ । খৰালি কালত অসমৰ পথাৰত কৃষকে পানী কিয় নাপায় বৰকাকতিৰ ঘৰটো দেখিয়েই অনুমান কৰিব পাৰি ।

গেটখন খুলি সোমাই গলো, গেটৰ কাষত এটা প্ৰকান্ড এলচেচিয়ান, আজিকালি মই তাৰ চিনাকি হৈ পৰিছো, মোক দেখি সি নুভুকিলে ।

বৰকাকতি ঘৰতে আছিল, তেওৰ লগত কিছুসময় কথা পাতিলো ।
তেও কলে যে তেও ৯০ আশা কৰিছিল কিন্ত ৭০ হে আহিছে, যিহেতু তেও ঘন্টাত ৩০০ টকাকৈ দি আছে, গতিকে ফলাফল তেওৰ আশানুৰুপ হোৱাটো প্ৰয়োজনীয় ।
কথা কোৱাৰ ধৰনটোত তেওৰ দমনীয় মনোভাৱ ফুটি উঠিল ।

বৰকাকতিৰ লৰা অয়নক মই পঢাও ।  অয়ন ডি.পি.এছত পঢ়ে, ক্লাছ টুৱেল্ভত ।
NCERT class XII ৰ কিতাপখনৰ এমাইন chapter টো উলিয়াই ইন-টেক্সট question কেইটা অয়নক কৰিবলৈ দিলো.......
NCERT ৰ কিতাপ পঢ়াবলৈ সহজ, টু দা পইন্ট বস্তবোৰ থাকে, একেবাৰে চিষ্টেমেটিক ।

অয়নকে ধৰি মোৰ ১৪ টা ষ্টুডেন্ট আছে, সপ্তাহত প্ৰায় ৩৫ টা ক্লাছ কৰো, প্ৰতিটো ক্লাছৰ বাবে ১৫০ ৰ পৰা ৩০০ টকালৈকে ফীজ পাও ।  এইদৰে মাহত প্ৰায় ২০-২৫ হাজাৰ টকা হাতলৈ আহে ।

বহুত দিন আগতে এই অংকবোৰ কৰিছিলো..... পঢ়ি খকা কালতে JRF পোৱা হিচাপে হয়তো কোনোবা ভাল Institute ত PhD কৰি থাকিব লাগিছিল..... কিন্ত

PhD গাইড ছাৰে সুধিছিল........ কিয়

উত্তৰটো ইমান জটিল নাছিল ।
UGC য়ে মাহে যিমান ফেলচিপ দিয়ে, অসম চৰকাৰৰ তৃতীয় শ্ৰেনীৰ কৰ্মচাৰী এজনে তাতকৈ বেছি দৰমহা পায় । যু নিড মানি টু চাৰভাইভ ।

লাষ্ট চেমত ইউনিভাৰচিটিৰ MBA কেন্টিনৰপৰা আহি থাকোতে অলকেশে কৈছিল ।
উই ডু নট ৱান্ট টু বি এ হাৰ্ডকৰ ৰিচাৰচাৰ, উই নিড এ গুড জব অনলি
৫ বছৰ পাছত যদি চাকৰিয়েই কৰিব লাগে ... ..... হোৱাই নট নাও
মুল্যবান ৫ টা বছৰ এটা ডিগ্ৰীৰ বাবে উচৰ্গা কৰাৰ কোনো যুক্তিযুক্ততা নাই ।
১২ হাজাৰ টকাত লাইফ নচলে........ কোনোপধ্যে নচলে ।

অলকেশে চাকৰিৰ বাবে চেষ্টা কৰিছিল.... Reasoning, GK, aptitude, numerical ability.......
এটা সময়ত অলকেশৰ হাতত চাৰিখনকৈ অফাৰ লেটাৰ আহি পৰিছিল ।

মোৰ কেলকুলেচন একেবাৰে চিম্পল আছিল ।
ৰাতিপুৱা এটা আৰু গধুলি দুটা, বন্ধৰ দিনত কেইটামান বেছিকৈ, মাহত ৮০ টা ক্লাছ, তাৰপৰা প্ৰায় ১৫ মান আহিব, JRF ৰ ১২ মিলাই প্ৰায় ২৭ হবগৈ , ২৭ হয়তো যথেষ্ঠ অছিল ।

দুপৰীয়াৰ সময়খিনি Rongmili Gogoi Dutta, Suraj Pathak, Sukanya Baruah, Subrata Paul, Nabajeet Barman ৰ সৈতে ইউনিভাৰচিটিৰ লেববোৰত আদ্দা ।

গোটেই সময়খিনি মোৰ নিজৰ আছিল, নিজৰ ইচ্ছামতে কাম কৰাৰ, সময় কটোৱাৰ স্বাধীনতা আছিল. ।  সময় কিজানি পৃথিৱীৰ আটাইতকৈ মুল্যবান বস্ত ।

Durlov Saikia ৰ লগত এটা কচিং চেন্টাৰৰ প্লেনিং প্ৰায় finalize হৈছিল........

কেতিয়াবা দুটা ৰাষ্টা থাকে, এটা দীঘল কিন্ত সহজ.......... আৰু আনটো চুটি কিন্ত কঠিন আৰু অনিশ্চিত......

অনিশ্চিত ৰাষ্টাটো কেতিয়াও সহজ নাছিল .......



                                                      (3)

ফুটবল খেল এখনত Reserve bench ত বহি কেতিয়াও Goal score কৰিব নোৱাৰি.... গল দিবলৈ ফিল্ডত নামিব লাগিব......... ষ্ট্ৰাইকাৰ হৱ লাগিব...........

এঘন্টীয়া ক্লাছটো শেষ কৰি বৰকাকতিৰ ঘৰৰপৰা ওলাই আহিলো, ঘড়ীটোলৈ চালো.... ৬-৪৫, পোন্ধৰ মিনিটৰ ভিতৰত চান্দমাৰী পাব লাগিব ।

ৰাস্তাত ট্ৰেফিক জাম....... বহুত গাড়ী....... বাইক বোৰৰ বাবে এটা সুবিধা আছে....... বাওপিনে সদায় অলপ খালী ঠাই থাকে, সেইফালে বাইকবোৰৰ ৰাজত্ব..... গাড়ীৰ ফাকে-ফাকে আগবাঢ়িলো ।
চান্দমাৰীত মই দুজনী ষ্টুডেন্টক পঢ়াও, অৰ্পিতা আৰু মঞ্জুষা ...... অৰ্পিতাৰ দেউতাৰ ৰণেণ সাহা বিজনেচমেন, মাক উকিল তথা ষ্টেট বেংকৰ লিগেল এডভাইজাৰ ।

তেওলোকৰ আগৰেপৰা কেমেষ্ট্ৰীৰ টিউচন আছে, কিন্ত অৰ্গেনিক টান পাইছে, গতিকে এমাহত অৰ্গেনিক পাৰ্টটো কমপ্লিট কৰি দিব লাগে, ১৪ টা ক্লাছ, প্ৰতিটো ক্লাছত ৩০০, প্ৰথমতে অৰ্পিতা আছিল , দুটা ক্লাছৰ পাছত তাইৰ বেষ্ট ফ্ৰেন্ড মঞ্জুষাও টিউচন লবলৈ আহিল....... দুয়োজনী যথেষ্ঠ চোকা, পঢ়ুৱাবলৈ সহজ, সহজতে বুজি পায় ।
এই টিউচনটো মোক ৰংমিলীয়ে কন্টেক কৰি দিছিল, গতিকে লেবত তাইক চাহ-চিঙৰা খুৱাই থাকিব লাগে ।

আজিৰ ক্লাছটো ১৪ নম্বৰ, অৰ্থাত অন্তিম ক্লাছ, ১২ টা ক্লাছত ছিলেবাছ শেষ কৰিছো, আজি ৰিভিজন, আজি ফীজৰ পেমেন্টো পাম ।

চান্দমাৰীৰ অৰিয়ন এনক্লেভৰ তলত বাইকখন ৰখালো,  লিফটখনৰ বুটাম টিপিলো

ছাৰ অৰ্গেনিক গোটেইবোৰ পাৰিছোৱেই ,আজি ৰিভিজনৰ সলনি বেলেগ টপিক কৰো নেকি...... অৰ্পিতাই কলে
- কি টপিক কৰিবা
- ছাৰ থাৰমোডাইনামিক্স টা টান লাগে , ফাৰ্ষ্ট ইয়াৰত ৰট্টা মাৰি কৰিলো, আপুনি যদি..
- ঠিক আছে, ফাৰ্ষ্ট ইয়াৰৰ কিতাপখন লৈ আহা

অৰ্পিতাই কিতাপখন আনিলে........
- ছাৰ এই entropy, enthalpy, energy একদম টান লাগে
- মই কেৱল ১৫ মিনিট কথা কম , মন দিবা, এইবাৰত বুজিলে তোমালোকে থাৰমোডাইনামিক্সৰ যিকোনো প্ৰবলেম কৰিব পাৰিবা....... মই কলো

প্ৰায় আধাঘন্টা থাৰমোডাইনামিক্স বুজালো, মাজে মাজে ষ্টুডেন্ট দুজনীয়ে প্ৰশ্ন কৰি থাকিল

chapter টো শেষ হল, মই তেওলোকক exercise ৰ প্ৰশ্নবোৰ কৰিবলৈ কলো

মুখে মুখেই তেওলোকে প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰিলে

- ছাৰ আপুনি সাংঘাটিক পঢ়ায়, আধাঘন্টা আগতে একো নাজানিছিলো, এতিয়া দেখোন চব ইমান ইজি ইজি লাগিছে...... অৰ্পিতাই কলে
...মই হাঁহিলো....
- ছাৰ বেয়া নাপায় যদি কথা এটা সোধো
- সোধা
- আপুনি টো প্ৰফেচাৰ-চফেচাৰ হৱ লাগে, তেন্তে home টিউচন কিয়
- কোনোবাই তো তোমালোকক টিউচন পঢ়াব লাগিব
- মানে আপুনিতো ডাঙৰ Job পাব ইলিজিবল
- আচলতে vacancy ওলোৱা নাই, vacancy নোলালে apply কেনেকে কৰিম, apply নকৰিলে Job কেনেকে পাম

মিচেছ সাহাই চাহ লৈ আহিল.......
- আজি ১৪ টা ক্লাছ হল, তোমাক ফীজটো দিব লাগিব, অৰ্পিতাৰ ১৪ টা ক্লাছ আৰু মঞ্জুষাৰ ১২ টা , মুঠ ৭৮০০ হয়, তুমি ৮০০০ ৰেই ৰাখা
এইবুলি মিচেছ সাহাই ৮ খন হাজাৰটকীয়া নোট আগবঢ়াই দিলে

মই তেখেতক কলো যে মই প্ৰফেচনেলিজেমত বিশ্বাস কৰো, গতিকে বেছিকৈ নলও, এইবুলি তেওক দুশ টকা ওভোটাই দিলো

- আচ্ছা, তুমি job-sob ৰ বাবে এপ্লাই কৰা নাই নেকি, আমাৰ SBIত বহুত job ওলাইছে, written টো যদি clear কৰিব পাৰা, I have some contacts..... মিচেছ সাহাই কলে
- এক্সুৱেলি ভাল জবৰ বাবে ট্ৰাই কৰি আছো, Recently এটা ইন্টাৰভিউ দি আহিছো, খুব সম্ভৱ পাই যাব লাগে
- যিয়েই নহওক, ইহতে তোমাৰ টিচিং যথেষ্ঠ ভাল পাইছে, যদি তোমাৰ সময় হয় সপ্তাহত ২-৩ টা ক্লাছ লৈ বাকী চেপ্তাৰ খিনিও ব্ৰাছ-আপ কৰি যাবা
- ঠিক আছে, কিন্ত এসপ্তাহ পাছৰপৰাহে আহিব পাৰিম

চাহখিনি শেষ কৰি তললৈ নামি আহিলো....... ঘড়ীত ৮-১৫ বাজিছে
ইতিমধ্য দুই এটোপ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল
৮-৩০ বজাত কাহিলীপাৰা পাবগৈ লাগিব ।

কিন্ত সিদিনাখন কাহিলীপাৰা মোৰ Destiny নাছিল ।
আকাশখন তেতিয়া ডাৱৰৰে ভৰ্তি....... clouds in the sky


                                                  (4)

“Autumn is a second spring when every leaf is a flower.” ― Albert Camus

চান্দমাৰীৰ ফ্লাইঅভাৰখন পাৰ হলো ।  আকাশখনত ডাৱৰৰ পৰিমান বাঢ়িছে । দুই-এটোপ বৰষুণ পৰিছে যদিও সেয়া বেছি নহয় ।  কাহিলীপাৰালৈ ইয়াৰপৰা প্ৰায় ৮ কিলমিটাৰ ।
জু-ৰোড ট্ৰেফিক পইন্টত ৰৈ গলো ।  আগত চিগনেল আছে । গাড়ীবোৰৰ মাজে-মাজে বাইকখন কাটি-কুটি নি যিমান পাৰি আগলৈ নিলো ।
এঠাইত ৰৈ দিলো ।  আগলৈ যাবলৈ কোনো সুৰুঙা নাই ।  ইয়াত কমেও ৫ মিনিট ৰব লাগিব ।  বাইকৰ ষ্টাৰ্ট বন্ধ কৰি হেলমেটটো খুলিলো ।
মোৰ সোকাষত এখন ইন্ডিগো গাডী, গাড়ীখনৰ পাছছিটত থকা ছোৱালীজনীৰ হাতত এটা ভুটীয়া কুকুৰ, পাছৰ গ্লাছখনেদি সি জিভাখন মেলি মোৰপিনে চাই আছে যেন লাগিল ।

মোবাইলটো উলিয়ালো ..... মেচেজ এটা..... বতৰ ভাল নহয়,ঘৰলৈ সোনকালে আহিবি ।

কেইমাহমান আগলৈকে ভবা নাছিলো যে ৰাতি ৮ বজাত মহানগৰৰ ব্যস্ত ৰাজপথৰ অগণন গাড়ীৰ কোলাহলৰ মাজত কেতিয়াবা ৰৈ থাকিম ।
মই ভাৱো যে মোৰ ডিমান্ড বাঢ়িছে ।  প্ৰথমতে দিনত মাত্ৰ দুটা ক্লাছ কৰাৰ টাৰ্গেট আছিল ।  এমাহতে scenario সলনি হৈ গল ।

ষ্টুডেন্টৰ অভিভাৱকে কয়...... সপ্তাহত এটা ক্লাছ ললেও হব । ৰাতিপুৱা ৫ টা বা ৰাতি ১০ টা কোনো প্ৰবলেম নাই, কেৱল আপুনি অলপ চাই দিব আৰু... প্লীজ

এই প্লীজ শব্দটো সকলো অনৰ্খৰ মুল.... প্লীজ শুনিলে মোৰ জিভাৰপৰা No শব্দটো ওলাবলৈ টান পায়....... আৰু সেয়েহে আজি মহানগৰৰ ধোৱা আৰু ধুলিৰ মাজত মই ৰৈ আছো ।

ইউনিভাৰচিটিত মই বিভাগৰ student-representative আছিলো....... ফ্ৰেচাৰ্চ, ফেয়াৰৱেল, পিকনিক আদিকে ধৰি বিভাগৰ যিকোনো ৰাজহুৱা অনুষ্ঠানত লীড লৈছিলো, ভাৰচিটি উইকত ফুটবলত ডিপাৰ্টমেন্টৰ হৈ একমাত্ৰ গলটো ময়ে দিছিলো... ৱাল মেগাজিনৰ সকলোতকৈ দীঘল গল্পটো মোৰ আছিল....... তেতিয়াও ছাগে মোৰ ডিমান্ড আছিল ।

কিন্ত বৰ্তমান সময়ত সেইবোৰ কথাৰ কোনো অৰ্থ নাই, এতিয়া ভাবো সেইবোৰ আছিল waste of time.........কিছুমান দুদিনীয়া চখ ।
ফ্ৰেচাৰ্চৰ আগদিনা দোপালপিটা বৰষুণত তিতি নিশা ৯ বজাত জে.এন.গাংগুলী ছাৰৰপৰা অনা চেকখন, ১৮০০ টকা বাজেটৰ টিচাৰ্চ ডে ৰ ছয় কিলগ্ৰামৰ কেকটো বা নেটৰ পৰীক্ষা দি পান্ডু কলেজৰপৰা আদাবাৰীলৈ খোজকাঢ়ি খোজকাঢ়ি বিচাৰি পোৱা ফুলপাহি নামৰ ৩X২ বাছখনৰ কথা কোনেও মনত নাৰাখে ।

বৰ্তমান মোৰ পৰিচয়...... ইউনিভাৰচিটিত এজন ৰিচাৰ্চ স্কলাৰ, আৰু ইউনিভাৰচিটিৰ বাহিৰত এজন প্ৰফেচনেল টিউটৰ ।

ৰিচাৰ্চ স্কলাৰ হিচাপে মাৰ্কেটত টিকি থাকিবলৈ ভাল জাৰ্ণেলত research paper উলিওৱাটো যেনেদৰে জৰুৰী, ঠিক তেনেদৰে টিউচনৰ মাৰ্কেটত টিকি থাকিবলৈ ষ্টুডেন্ট, গাৰ্জেন ৰ মাজত নিজৰ পপুলাৰিটি অনাটো খুবেই প্ৰয়োজনীয় ।

প্ৰথম অপচনটো মুঠেই সহজ নাছিল, কাৰণ ইউনিভাৰচিটিত বস্তবোৰৰ analysis ৰ বাবে পৰ্যাপ্ত instrument নাছিল..... analysis ৰ বাবে বেলেগ instituteৰ ওপৰত ভৰষা কৰিব লগাত পৰিছিল যত বহুত সময় লাগিছিল ।

সেই সময়খিনি মই দ্বিতীয় অপচনটোত ব্যৱহাৰ কৰিছিলো ।  ফলত পপুলাৰিটি আৰু মাৰ্কেট ভেলু বাঢ়িছিল........ next session ৰ পৰা Durlov Saikia, Subrata Nath আৰু Nabajeet Barman ৰ সৈতে পাৰ্টনাৰশ্বিপত এটা কচিং চেন্টাৰ আৰম্ভ কৰাৰ প্লেন আছিল ।  নামো ঠিক হৈছিল...... চি-এইচ অৰ্থাত কেম-হাব ।  তাৰ পাছত এখন জুনিয়ৰ কলেজ..... তাৰ পাছত আৰু কিবা কিবি ।

আমি গছৰ পাতবোৰকো ফুল হিচাপে ভাবিবলৈ ধৰিছিলো ।

But it was not never Autumn......... neither a second spring

কাহিলীপাৰাৰ দুই নং বাইলেনত হৰমীত সিং  chemistry টিউচন ছাৰৰ বাবে ৰৈ আছিল ।

I never reached there.


                                                       (5)

কিনকিনীয়া বৰষুণ..... গাড়ীবোৰৰ ফাকে ফাকে মোৰ বাইক আগবাঢ়িছে ।  জোনালী , চিৰিয়াখানা, গনেশগুৰি..... গাড়ীৰ লানি নিচিগা শাৰী ।
ফাক এটাৰে বাইক ভৰাই দিলো.... কিন্ত অনুমান ভুল হল. ।সমুখত এখন চিটিবাছ, পাছপিনে, বাওপিনে গাড়ী, সোফালে ডিভাইডাৰ । ফচি গলো । চাৰিওফালে বন্ধ ।  ইপিনে ওপৰৰপৰা পৰা বৰষুণৰ টোপালৰ সংখ্যা বাঢ়ি আহিছে ।
সচাকৈয়ে সময় যোৱাৰ লগে লগে ৰাস্তাবোৰ লাহে লাহে বন্ধ হৈ আহিছে ।

ৰাস্তা বন্ধ হল বুলিয়েই ৰৈ থাকিব নোৱাৰি ।  সময়মতে কাহিলীপাৰা পাবগৈ লাগিব ।
ডিভাইদাৰ আৰু চিটিবাছখনৰ মাজত সামান্য ফাক আছিল ।  সেইফালে বাইক আগুৱাই দিলো.... নো ৰিস্ক নো গেইন ।
হঠাত বাছখনে ধোৱা এৰি দিলে ।  কাৰ্বন আৰু অক্সিজেনৰ গেছীয় মিশ্ৰ এসোপা নাকে মুখে সোমাল ।
তথাপি নৰলো । বাইকখন হেলনীয়া কৰি কোনোমতে চিটিবাছখন ক্ৰচ কৰিলো ।
কাৰবাৰটো বিপদজনক আছিল ।  সেই মুহুৰ্তত বাছখন চলিলে নিৰ্ঘাত চেপা খালোহেতেন ।
কিন্ত মই চিটিবাছখন পাৰ কৰিলো ।

গনেশগুৰিৰ দলঙৰ তলেৰে গৈ গণেশ মন্দিৰটোৰ কাষেৰে কাহিলীপাৰাৰ ৰাষ্টাত সোমালো ।
লক্ষ্যস্থানলৈ আৰু কেইশমান মিটাৰহে বাকী আছিল ।
কিন্ত.........

মাত্ৰ চাৰিশ মিটাৰ ব্যৱধানত মই ৰৈ গলো....... , সমুখৰ ৰাষ্টাত এককাল পানী ।
ইফালে বৰষুণজাকো ডাঙৰ হৈ আহিবলৈ ধৰিলে ।  আগুৱাবলৈ কোনো উপায় নাই ।

বাইকখন ৰাষ্টাৰ কাষত থৈ নিৰুপম মাৰ্কেট কমপ্লেক্সৰ ছাদৰ তলত সোমালো
হৰমীত সিঙলৈ ফোন কৰিলো..... ৰাষ্টাত এককাল পানী, যাব নোৱাৰিম ।
বৰষুন ক্ৰমান্বয়ে বেছিকৈ আহিবলৈ ধৰিলে ।

I had to give up........ সময়ৰ হাতত মই হাৰি গলো......... I quit

ৰুমালেৰে মুখখন মচিলো ।  পাতল নীলা ৰুমালখন ছাইবৰনীয়া ৰঙৰ হলগৈ ।

টিং টিং......... মোবাইলত এটা এচ.এম.এচ আহিল.........SMS টো চালো ।
ওচৰতে এটা মাৰ্কেট কমপ্লেক্স আছিল  । তাত সোমালো ।
মাৰ্কেট কমপ্লেক্সটোত এখন ইন্টাৰনেট কাফে আছিল ।
এচ.এম.এচ টোত দিয়া ৱেবচাইটটো খুলিলো...... ৰেজিষ্ট্ৰেচন আই.ডি..... তাৰ পাছত পাছৱৰ্ড
web পেজখনত View result বুটাম এটা আছিল
মাউচেৰে cursor ডাল বুটামটোৰ ওপৰলৈ আনিলো ।

এটা ক্লিক.... এইটো ক্লিকত সকলো সলনি হৈ যাব পাৰে বা একো সলনি নহবও পাৰে........... বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে ।
তাৰ পাছত এটা ক্লিক...... Dialog box এটা ওলাল ........ দা পেজ ইজ লোডিং

ফিউ চেকেন্ডচ ।

পেজটোত এখন ডকুমেন্ট ওলাল ।  এখন অফিচিয়েল চিঠি । ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজহুৱা কোম্পানীটোৰ  নিযুক্তিপত্ৰ ।
কেইসপ্তাহমান আগতে দিল্লীত দি অহা ইন্টাৰভিউত মোক চিলেক্ট কৰিছে ।  দুসপ্তাহৰ ভিতৰত জইনিং ।

কেফেৰ বাহিৰলৈ ওলাই আহিলো ।
বৰষুণজাক নাই...... বৰষুণজাকে মহানগৰৰ সকলো ধুলি চাফা কৰি লৈ গৈছে ।
বাহিৰত এছাতি নিৰ্মল শীতল বতাহ  ।

ওপৰত এখন ফৰকাল আকাশ ।  অগনন তৰা আকাশখনত জিলিকি আছে ।
 ডাৱৰ আৰু নাই ।
No clouds in the sky............

(end)

উপহংসাৰ-
মই গুৱাহাটী এৰি গুচি আহিলো...... coaching center ৰ প্লেন এৰিলো..... .....আধৰুৱা টিউচন বোৰৰ দায়িত্ব Subrata Nath , Nabajeet Barman ললে... মোৰ PhD complete নহল
তিনি বছৰ পাছতো ইউনিভাৰচিটিয়ে ফেলোচিপৰ ধন সম্পুৰ্নকৈ আদায় নিদিলে.

অয়ন GIMT ত আৰু মঞ্জুষা চেন্নাইত বি.টেক কৰি আছে, অৰ্পিতাই  দিল্লীত কেমেস্ট্ৰী অনাৰ্চ লৈ বিএছ.চি তাৰপাছত এম.এছ.চি কৰি বৰ্তমান   IIT-Guwahati ত গৱেষণাৰত ...........
সুব্ৰত আৰু নৱজিত বৰ্তমান IIT-Guwahati ত গৱেষণাৰত
মই.... 

Thursday, July 25, 2013

ক্ৰিকেট টুৰ্নামেন্ট

চৰিফ আলীয়ে ফোন কৰিলে......দাদা মই এডমিচন ললো, এইবাৰ ফী়জটো বাঢ়িছে, আপোনালোকে আশীৰ্বাদ কৰিব , মই ভালকে পঢ়িম

মাৰ্চ শেষৰপিনে, ২০১৩ চন
বেলতলাত টেনিচ বল ক্ৰিকেট টুৰ্নামেন্ট এখনৰ আয়োজন চলি আছে, ইফালে কোম্পানীত মাৰ্চ এন্দিংৰ টাৰ্গেট ফিল আপ কৰাৰ প্ৰেচাৰ...... তথাপিও বছক মেনেজ কৰি ১০ দিনৰ ছুটী গোটালো.......

৩১ মাৰ্চ ২০১৩.......
ৰাতিপুৱা গুৱাহাটীত নামিলো, মোৰ ঘৰৰ কাষতে বেলতলা স্কুল ফিল্ডখন, যোগেন দা , চুৰেন, নয়নহতে কামত লাগি আছে, মিঞা লেবাৰ এটাই চাইডস্ক্ৰীনৰ খুটা পুতিবলৈ গাত খান্দিছে

দুপৰীয়া খেলৰ হিচাপ নিকাচ কৰি আছো, উদ্বোধন কোনে কৰিব, কাক কাক গামোচা পিন্ধাব লাগিব, বাজেটমতে কালেকচন হৈছে নে নাই, টীম জইন কেইটা হব......

কথাৰ মাজতে উতপলে কলে, আমাৰ লেবাৰও এলাপেচা নহয়, মেট্ৰিকত লেটাৰ পোৱা লেবাৰ
মই আচৰিত হৈ সুধিলো ........ কি
- অ, সি বোলে তিনিটাত লেটাৰ পাইছিল

লেবাৰটোলৈ ভালকে চালো, গাৰ ৰংটো ক'লা, সি লেতেৰা হাফপেন্ট আৰু গেঞ্জী এটা পিন্ধিছে, আপাতদৃষ্টিত এটা বঙলুৱা মিঞা, অভিজাত স্বঘোষিত অসমীয়াৰ ভাষাত "সন্দেহজনক বাংলাদেশী"..........

ল'ৰাটোক হাত বাউল দি মাতিলো

- তই পঢ়ি আছ নেকি
- অ
- ক'ত
- খাৰুপেটীয়া কলেজ, ফাৰ্ষ্ট ইয়াৰ, আৰ্টছত
- মেট্ৰিকত বোলে লেটাৰ পাইছিলি
- হয় দাদা, চচিয়েল ষ্টাদি, চাইন্স আৰু অসমীয়াত
- পঢ়া শুনা বাদ দি হাজিৰা কৰিবলৈ আহিলি যে
- ঘৰৰ অৱস্থা বেয়া, HS ছেকেন্দ ইয়াৰৰ এডমিচন ফীজ গোটাবলৈ গুৱাহাটীলৈ আহিছো
- তোৰ কলেজত ষ্টুডেন্ট এইড ফান্দ আছে নে নাই
- নাজানো

মই এতিয়ালৈ ভাবি থকা "সন্দেহজনক বাংলাদেশী" টোৱে অসমীয়াত লেটাৰ পাইছে, অলপ লাজ লাগিল

৭৫ টা টীমৰ যোগদানেৰে টুৰ্নামেন্ট চলি থাকিল, দুদিন পাছত চৰিফ ঘৰলৈ উভতি গল, তাৰ ঠাইত নতুন ল'ৰা এটা আহিল, আহমেদ আলি, চৰিফৰ গাৱৰ, সিও চৰিফৰ দৰেই গুৱাহাটীলৈ এডমিচনৰ পইচা গোটাবলৈ আহিছে ..

৬ এপ্ৰিল ২০১৩, শনিবাৰ
আবেলি...... ফিল্ডত থকা কমিটীৰ অস্থায়ী কাৰ্যালয়ত বহি আছো, লগত ৰঞ্জিত দা, বিষ্ণু, প্ৰবাল আৰু মুকুল
মই ক'লো, এইবাৰ খেলখন পতাৰ লগতে অলপ সামাজিক কামো কৰো, বেলতলা স্কুলত লাইব্ৰেৰীৰ কিতাপ কিনিবলৈ দুহেজাৰ টকাৰ অনুদান দিও, লগতে আমাৰ টুৰ্নামেন্টত যে কাম কৰি আছে লৰা দুটা, সিহতক হাজিৰাৰ উপৰিও কমিটীৰ ফালৰ পৰা কলেজৰ এদমিচন ফীজ দি দিও

সকলোৱে লগে লগে সন্মতি দিলে

আহমেদক মাতি কলো, কাইলৈ টুৰ্নামেন্টৰ লাষ্ট দিন, তহতক কলেজৰ এদমিচন ফীজ যিমান হয় দি দিম, চৰিফক গাৱৰ পৰা মাতি দে, আৰু আহোতে তহত দুটাৰ মেট্ৰিকৰ মাৰ্কচিতৰ জেৰক্স কপি লৈ আহিব দিবি

৭ এপ্ৰিল ২০১৩, দেওবাৰ, টুৰ্নামেন্টৰ অন্তিম দিন.....
সেইদিনা মন্ত্ৰী অকন বৰা অহাৰ কথা, ৰঞ্জিত দাক কলো, মন্ত্ৰী ডাঙৰীয়াৰ ভাষন শেষ হোৱাৰ পাছতে আমাৰ ঘোষণাটো কৰি দিব,

আবেলি চৰিফ আৰু আহমেদক কলো, আজি এডমিচনৰ লগতে ফৰ্ম ফিলাপৰ পইচাও পাই যাবি

যথাসময়ত মন্ত্ৰী ডাঙৰীয়া আহিল,লগত বহুতো নেতা-পালিনেতা.....
মন্ত্ৰী ডাঙৰীয়াৰ ভাষন শেষ হোৱাৰ লগে লগে ৰঞ্জিত দাই কৈ উঠিল...... বেলতলাৰ পুমা ক্লাৱৰ সৌজন্যত ক্ৰিকেট খেল আয়োজন কৰাৰ লগতে আমি কিছু সামাজিক কামত আগবাঢ়িব খুজিছো, ইয়াৰ অংশস্বৰুপে বেলতলা স্কুললৈ আৰ্থিক অনুদান তথা দুজন আৰ্থিকভাৱে দুৰ্বল কিন্ত উদ্যমী ছাত্ৰক ক্ৰিকেট টুৰ্নামেন্টৰ কমিটীৰ তৰফৰ পৰা কলেজৰ এডমিচন ফীজ দিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছো

চৰিফ আৰু আহমেদ মঞ্চলৈ উঠি গল, মই মন্ত্ৰী ডাঙৰীয়াৰ ফালে দুটা খাম আগবঢ়াই দিলো,

মন্ত্ৰী ডাঙৰীয়াই সুধিলে, কিমান আছে

মই কলো, এওঁলোকৰ সম্পুৰ্ন এডমিচন ফীজ

মন্ত্ৰী ডাঙৰীয়াই নিজৰ ফালৰপৰাও খাম দুটাত এহেজাৰটকীয়া নোট কেইখনমান ভৰাই দিলে

২৫ এপ্ৰিল ২০১৩,
নাইট শ্বিফট কৰি কোৱাটাৰ সোমাইছো, ফোনটো বাজি উঠিল, অচিনাকী নাম্বাৰ
- দাদা মই চৰিফে কৈছো, কালি মই এদমিচন ললো............
Rig-2000-4 ৰ Chemistry bunk house ৰ চাৰিওপিনে একাঠু পানী..........

DIC ধৰ্মেন্দ্ৰ বৰুৱাৰ কৃপাত সৃষ্টি হোৱা "ধৰ্মেন্দ্ৰ সাগৰৰ" (Dharmendra Sagar) মাজত মাজুলীৰ নিচিনাকৈ যোগাযোগবিহীনভাৱে পৰি আছে Chemistry bunk house টো....... টেম্পৰাৰী লাল (Lal) জুলনা ( দুদাল Drill পাইপৰ নিৰ্মিত চাৰ্কাচৰ দৰে সন্তলন বজাই চলাচল কৰিব লগা হোৱা সেতু) ইতিমধ্যে Waste pit ৰ পৰা সিচা পানীৰ তলত.........

কেমিষ্টে ৱেল চাইটক ফোন কৰি জনালে "চাৰ বাংক হাউচ কা চাৰো চৰফ ইতনা পানী হে কে আজ ৱাহা তক পহুচ নেহী পাউংগা"

As usual ৱেল চাইটে SOS মেচেজ টো ওপৰলৈ কনভে কৰি দিলে........

অলপ পাছত DGM এ কেমিষ্টলৈ ফোন কৰিলে " This is a hard situation, a problem,a challenge for you, be innovative, apna dimak lagao, ye soso ke ye situation tackle kaise kiya jaye, think out of box & reach your bunk house...... aur bunk house pahush ke mujhe call karo "

ওপৰত টিকাফটা ৰদ , innovative innovation অনিবাৰ্য
G.K.Mishra কিন্ত মামুলী কেমিষ্ট নহয়, একেবাৰে হালদিয়াৰ B.Tech

অলপ পাছত চাইকেল চলাই কেমেষ্ট্ৰীৰ লেবাৰ দুটা আহিল.........
কেমিষ্টে Mentoss চাৰিটামান খাই ললে........

তাৰ পাছত scene টো এনেকুৱা ....
কেমিষ্ট বুঢ়া হিৰো চাইকেলৰ চিটত, দুটা লেবাৰে চাইকেলখন পানী ফালি ঠেলি লৈ গৈছে, কেমিষ্টৰ ভৰি চাইকেলৰ হেন্দেলৰ ওপৰত.......
ওপৰৰপৰা Shift i/c বকলিয়ালে পুটুককে ফটো একপি উঠাই ললে.......

যিয়েই নহওক, কেমিষ্ট Bunk house পালেগৈ,
পকেটৰপৰা ৫০ টকা এটা দি লেবাৰকেইটাক কলে, "য়ে আনে কা..."
তাৰ পাছত আৰু ৫০ টকা দি কলে, "৫ বজে আ জানা, য়ে জানে কা .....এডভান্স...."

Chemist এ বাংক হাউচৰ ৰ AC টো অন কৰিলে,
তাৰ পাছত DGM ক SMS কৰিলে , "Reached B/House"

DGM এ ৰিপ্লাই দিলে , " Good, now SMS your experience to me, keep it up "

তেৰি মা কী..... Chemist এ ফোনটো নট ৰিচেবল কৰি AC ৰ ঠান্দা হাৱা খাই শুই থাকিল......

৫০+৫০=১০০ টকা লৈ লেবাৰ কেইটাই ফুৰ্তিতে ফুৰ্ত্তিপানী খাই ঘৰলৈ ফুটি দিলে বুলি G.K.Mishra ই খবৰ পালে......
এতিয়া যোৱাৰ চিন্তা লাগিল
Mishra ই আৰু দুটামান Mentoss খাই Nearby rescue team লৈ SOS কৰিলে
খবৰ আহিল , Rig ত Drilling চলি আছে, পাছবেলা visit দিয়া হব..

Afternoon ত ecofriendly-2-wheeler ত rescue team ৰ চেইকীয়া আৰু বইচা আহিল.....
(ইনচেটৰ ফটোত বগাজন চেইকীয়া, কলাজন বইচা)

তেওলোকে situation টো analyse কৰি contigency plan এটা বনালে
শেষত Lal Jula ওপৰত sand bag দি G.K.Mishra ক Assam offshore ৰ Majuli ৰপৰা recover কৰা হল...........

.............মিচন একমপ্লিচড.............
.....Making tomorrow brighter.......

# অসম সম্পদৰ(Assam Asset) টাৰ্গেট ফিল-আপৰ বাবে Mudক পানী কৰি, DPRক গাৰু কৰি দিনে নিশাই সৰ্বস্ব উজাৰি নাক বজাই টোপনি মাৰি "Sleep & let Sleep"মৰ্মাৰ্থ অনুধাবন কৰা প্ৰতিজন সচা Chemist বাবে উ্তসৰ্গিত........

Drumil Baruah, Jayantajit Baruah, Chanakya Choudhury, Pankaj Borah, Parashmoni Baishya, Achinta Borthakur, Dhiraj Kalita, Prasanta Goswami, Bipul Hazarika, Pranjal Bordoloi,

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী-২

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী (part-2)
Subrata Nathৰ ৰিয়েক্সন

MSc 1st sem, gallery of Chemistry Department.......... ৰসায়ন পন্ডিতৰ দলত সেইদিনা বহি আছিল এক বৃহদাকাৰ পুৰুষ, নাকৰ ওপৰত মোতকৈও গধুৰ এটি শকত বিতচকু আৰু ওজন সহিবলৈ যেন তেখেতৰ দেহাৰ সৃষ্টি, প্ৰথম দৃষ্টিত ভাবিছিলো কিতাপ পঢ়ি চকু বেয়া কৰাতকৈ চিৰদিন মুৰ্খ হৈ থকা ভাল, এই কথাষাৰ তেখেতক জনাবলৈ কাৰোবাৰ সাহস হবনে........
গ্ৰুপ থিয়ৰীৰ ক্লাছত উল্টা-পুল্টাকৈ Molecule ঘুৰাই চাই চাৰৰ লগতে চবৰে খেলিমেলি লগাবলৈ হে যেন তেওঁ আহিছে.... লাহে লাহে কৰ্ন তথা দৃষ্টি গোচৰ হল মানুহজন লংকেশ্বৰৰ সেই দলংখনৰ এইটো পাৰে (আনটো পাৰে মই) থাকে ,.......... এনেকৈয়ে লংকেশ্বৰৰ চকৰ পৰা দলঙলৈকে মোৰ মৰমৰ চাইকেলত তেওঁক লৈ যাওতে অংকুৰিত হৈছিল এটি আন্তৰিকতাৰ বীজ যিটো সাৰ-পানীৰে পৰিপুষ্ট হবলৈ সময় লাগিছিল সুদীৰ্ঘ ৩ টা ষান্মাসিক........

১ম semত নাজানো কিয় বহুত Practical কৰিও ১০৪ পালো (lowest মাৰ্ক) , আনহাতে DR এ একো নকৰিও ১১০ পালে......... ২ম semত DR ৰ লগত যুটি বান্ধি একো নকৰা দলত যোগ দিলো, এদিন প্ৰিপেৰাচন বাৰ্নাৰত বহাই ক্ৰিকেট খেলি থাকোতে DKD চাৰে আহি মোৰ ৰান্ধি থকা প্ৰডাক্ট খিনি চাই গৈছিল আৰু পাছদিনা ক্লাছত এটি সুন্দৰ মন্তব্য দিলে, সিদিনা খুব লাজ লাগিছিল......
অৱশ্যে পৰীক্ষাত DR এ ঘৰৰ পৰা লিখি অনা কেলকুলেচন খিনি উত্তৰ বহীত লিখি ১২৪ পালো.........

তাৰ পাছত আহিল ভয়ানক,উপভোগ্য আৰু আকৰ্ষনীয় ৩য় Sem

কি দৰকাৰ আছিল তাক চাপৰ্ট দি Departmental Representative(DR) বনোৱাৰ........... last ত তাক জেক দি কাম কৰোতে নিজৰ চব হাৱা ওলাই গল................... But DR has a huge heart to take some good courageous decision , but it just need some initiators (মোৰ দৰে !!)
3rd semত DR ৰ লগত খুব ORKUT কৰিলো, ক্লাছ টাইমত SMSgupshup ত চবলৈ লানি নিচিগা SMS পঠাই ক্লাচ কৰা কেইটাক তামাম disturb দিলো....... এদিন PP sir য়ে ক্লাছত সোমাবলৈ নিদিলে দুয়োটাক

জীৱনত পাহৰিব নোৱাৰা এটি ঘটনা হল ডিপাৰ্টমেন্টেল ফ্ৰেচাৰ্চ, কিমান কষ্ট কৰিছিলো এই অনুষ্ঠানটিক সফলতাৰ পৰশ দিবলৈ.... Department ৰ ফান্দৰ আৰ্থিক অনুদানৰ বাবে ১ম দিনৰ ৬ বজালৈকে JNG চাৰ নাই......২য় দিনা এক্সট্ৰিম ডে, কাৰন পাছদিনা অসম বন্ধ, বাহিৰত ধাৰাসাৰ বৰষুন, ৰাতি ৮ টা বজালৈকে ডিপাৰ্টমেম্টত প্ৰবল বৰষুনত তিতি বুৰি সেইদিনাই ৰাতি ফটাশিল গৈছিলো সম্বৰ্ধনা আৰু বিদায় পত্ৰ প্ৰিন্ট কৰিবলৈ, সেইদিনা বৰষুনৰ প্ৰচন্দ ধাৰাত নলাত পৰি এটা ১৫ বছৰীয়া লৰাৰ আনকি মৃত্যুও হৈছিল.... কিহৰ তাড়নাত সেয়া কৰিছিলো , DR ক সহায় কৰিবলৈ নে নিজৰ যোগ্যতা পৰীক্ষা কৰিবলৈ সেই উত্তৰটো আজিও নাপালো.... কিন্ত প্ৰতিদানত প্ৰিন্ট কৰি কিছু পইচা হৰলুকি কৰাক ক্ষনিক আভাৰ বিচ্ছুৰন মোৰ মুৰত পৰিল, যাৰ বাবে Teachers Day ত গা এৰা দিছিলো......... কিন্ত Nayanjyoti Rajbangshi আৰু DR এ গা এৰা দিবলৈ নিদিলে...... সীমিত বাজেট (মাত্ৰ ১৮০০ টকাত) টিচাৰ্চ ডে পাতিবলৈ সমৰ্থ হৈছিলো,
টিচাৰ্চ ডেত মোৰ ৰুমত বনোৱা লিষ্টখন, ৰাতি ৭ বজাত দিয়া কেকৰ অৰ্দাৰটো, ১৮০০ টকীয়া বাজেটৰ ভিতৰত ২০০ জনৰ বাবে পেকেট লান্স, গিফট, অন্যান্য বস্ত আৰু সেই প্ৰকান্দ কেকটো কেনেকৈ মেনেজ হৈছিল সেইটো অকল্পনীয় আছিল, কোনেও কমপ্নেন কৰাৰ বিন্দুমাত্ৰও অৱকাশ পোৱা নাছিল......

Departmental ৱাল মেগাজিনৰ মই সম্পাদক আছিলো, সকলোৱে যথেষ্ঠ সহায় কৰিছিল........ কিন্ত সম্পাদকীয় উপযুক্ত নোহোৱাৰ প্ৰধান কাৰনটো হল সম্পাদকক সম্পাদনা কৰিবলৈ চেষ্টা কৰা আমাৰ সহ-সম্পাদিকাগৰাকী... কিমানটা সম্পাদকীয় লিখালে আৰু কেনচেল কৰালে ফাচি বজাৰত কাপোৰ পচন্দ কৰাৰ দৰে,....... অৱশ্যে DR হস্তক্ষেপত মেগাজিনত at least কবিতা এটা নিজৰ ইচ্চামতে লিখাৰ সুযোগ পাইছিলো............

সেইদিনা আমি Cricket খেলি থাকোতে অলপ আগতে নামি ষোৱা ক্লাছমেটকেইজনীৰ পাছে পাছে হঠাত DR নামি গল....... তাৰ পাছত Nabajeet Barman ৰ পৰা কথাটো গম পোৱাৰ পাছত মই Shocked হৈ গলো, মোৰপৰা ইমান ডাঙৰ কথা এটা DR এ লুকুৱাই ৰাখিব বুলি কেতিয়াও ভবা নাছিলো, নিজকে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বুৰ্বকটো যেন লাগিল..........মই DR ক বহুত close friend বুলি ভাবিছিলো........DRক বহুত বিশ্বাস কৰিছিলো.................কিন্ত..........

তথাপিও ডিপাৰটমেন্টৰ পিকনিক আয়োজন কৰাত DRক সহায় কৰিলো
DR এ ২৫ ত পিকনিকৰ ডেট ফিক্স কৰিলে, ইফালে ২৩ তাৰিখে নেট পৰীক্ষা, গতিকে লাগিভাগি দিবলৈ কাৰো সময় নাই, পিছে DR নাচোৰবোন্দা....... ২৫ তাৰিখ মানে ২৫ তাৰিখ, লৰচৰ নহয়, যোন যায় যাব, নগলে খাতিৰ বাতিৰ কৰাত নাই.... নেট দি ৰ লগত ৰাতি ৭ টা লৈকে মালিগাও-আদাবাৰীত গাড়ী বিচাৰিলো, খোজকাঢ়ি ভৰি বিষাই গল..... এট লাষ্ট গাড়ী ঠিক হল ৩X২ চিটাৰ

তুমি কথা কব পাৰা বুলিহে তোমাক লগ ধৰো বুলি তেল মাৰি DR এ মোক মোক ফোন কৰিব দিয়ে, তাৰ পাছত সকলো কামোৰ মোক চম্ভালিবলৈ উতসাহিত কৰে, বাছৰ এডভান্স মোক চমজাই নিজে ঘৰত ফষ্টি মাৰি শুই থাকে আৰু মই সেই ডিচেম্বৰ মাহৰ নিয়ৰসিক্ত সুপ্ৰভাতত মৰমৰ বিচনা ত্যাগ কৰি পইচা দিবলৈ যোৱা সকলো যেন এক অবুজ সাথৰ........ কিন্ত DR ৰ পৰা দুটা প্ৰশ্নৰ উত্তৰ মই নাপালো
প্ৰথম...... পিকনিকৰ আগত সদায় পইচাৰ হিচাপ কৰা DR এ পিকনিকৰ পাছত এদিনো জমা-খৰচৰ হিচাপ মোৰ লগত নকৰিলে
দ্বিতীয়তে..... ইমান দিন মোৰ লগত ঘুৰি ঘুৰি ধিতিঙালি কৰিলে, ইফালে নেটও লগালে, কিন্ত তাইৰ কথাটো ঘুনাক্ষৰেও জানিবলৈ মোক সৰু আভাষ এটাও কোনোদিনে নিদিলে

হয়তো DR এ মোক Close Friendৰ লিষ্টত ৰাখিবলৈ পাহৰিলে....... বা........... হয়তো নাৰাখিলে

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী (part-1)

২৫ নৱেম্বৰ ২০০৮ , ডিপাৰ্টমেন্ট অৱ কেমেষ্ট্ৰী, গৌহাটী ইউনিৰ্ভাৰচিটী, সময় আবেলি ৩-৩০ , ডিপাৰ্টমেন্টৰ বাহিৰৰ খালী ঠাইখিনিত ৩য় চেমিষ্টাৰৰ লৰাবোৰে ক্ৰিকেট খেলি আছে,
Alokesh Chanda বেটিং এন্দত , হেমন্ত বলিং কৰিবলৈ আহিছে, অলকেশে হাতখন দাঙি হেমন্তক ৰবলৈ চিগনেল দিলে..........এইকেইজনীক গৈ লৱলৈ দে......... থাৰ্ড চেমিষ্টাৰৰ তিনিজনী ছোৱালী ক্ৰিজৰ মাজেৰে গৈ তললৈ নামি যোৱা ষ্টেপকেইটাইদি ডিপাৰ্টমেন্টৰপৰা ৰাষ্টাৰ ফালে নামি গল.........
হেমন্তই বলিং কৰিলে, অলকেশৰ শ্বট, মিচ, বল কীপাৰৰ হাতত, অলকেশে দেখিলে.... লেগ চাইডত ফিল্ডিং কৰি থকা DR ছোৱালীকেইজনীৰ পাছে পাছে নামি গৈছে, তলৰ কদম গছজোপাৰ তলত গোটেইকেইটা ৰৈছে, অলপ পাছত দুজনী অলপ আতৰলৈ গৈছে, বাকী থকাজনীক DR এ কিবা কৈছে, ছোৱালীজনীয়ে ইফালে সিফালে চাইছে, তাৰ পাছত আন এজনী ছোৱালী সিহতৰ কাষলৈ আহিল, কিবা কলে, DR এ মিচিকিয়াই হাহি ওপৰৰপিনে চালে, ইতিমধ্য সিহতে খেলা বন্ধ কৰি তলৰ পৰিস্থিতিটো চাই আছে,
অলপ পাছত ছোৱালীকেইজনী ৰাষ্টাৰপিনে গুচি গল, ডি.আৰ ওপৰলৈ উঠি আহিল,
Violina Sharma সুধিলে..... কি হল
DR এ মুৰ জোকাৰিলে, তাৰ পাছত হাহি কলে...... একো নাই, নাথিং

Subrata Nath ৰ ৰিয়েক্সন
আই এম শ্বকড, প্ৰথম, কেতিয়াও ভবা নাছিলো যে ডি.আৰ এ তাইক......, তাতকৈও বেছি শ্বকড যে ........
কিন্ত ভৱা নাছিলো যে কেইমাহমান পাছত তাতকৈও বেছি শ্বকিং নিউজ পাম

Pallabi Saikia ৰ কথাৰে
আমি অনুমান কৰিছিলো যে সেইকেদিনতে কিবা এটা হৱ, DR এ তেনেকুৱা কিবা এটা কৰিব, কিন্ত তাই কি ভাবিছিল আমি বুজা নাছিলো, তাই......
যিয়েই নহওক,৪ৰ্থ চেমত DR আৰু মই একে গাইডৰ লগত প্ৰজেক্ট কৰিছিলো, DR বহুত বিন্দাচ আছিল, তাৰ পাছলৈ কি হব মই সন্দিহান আছিলো, খুব সম্ভৱ..........

গনেশ আচাৰ্যৰ ফিলিং
মুজে শ্বক যিতনা লগা উচচে জাদা দুখ হুৱা, মেৰা ৰুমমেট হোনে কে বাবজুদ উচনে মুজে কুচ নহী বতায়া, মে উচকা মদদ কৰ চকতা থা, লেকিন চায়দ..... উচকো মদদ কি কভী জৰুৰত হী নহী থা.........

to be continued
part-2 # Subrata Nath's reaction
part-3# Pallabi Saikia's opinion
part-4# Ganesh Acharya's feeling
part-5# DR's confession

new characters in the nxt parts
Nabajeet Barman, Nayanjyoti Rajbangshi, Anjumani Talukdar, Sukanya Baruah et
গাজা নহয় দেই !!!

(ONGC Rigলৈ Drilling Fluid বনাবৰ বাবে KCl,CMC,PAC,XC-polymer,PHPA ইত্যাদি যথেষ্ঠ দামী কেমিকেল আহে.....কিন্ত কেমিকেল কঢ়িয়াই অনা ট্ৰাকবোৰে কেমিকেলৰ বহুত হেৰাফেৰি কৰে)

ৰিগলৈ কেমিকেলৰ ট্ৰাক এখন আহিল....সিদিনা ডিউটিত আছিল কামোৰ কেমিষ্ট এটা
(কামত ধেৰ ৰাপ থকা আৰু জোখতকৈ বেছি ছিনচিয়াৰ মক্কেলক মানুহে কামোৰ বোলে !!!) .......

কেমিষ্টে কেমিকেলৰ বেগকেইটা চেক কৰিলে....২৫ কিলোৰ বেগবোৰত ১০-১২ কিলোহে আছে....... কেমিষ্টে চিধা কৈ দিলে........ এনেকুৱা আধা আধা বেগ মই ৰিচিভ নকৰো..... ঘুৰাই লৈ যা আৰু ভৰ্তি বেগ লৈ আন...........

ট্ৰাকৰ ড্ৰাইভাৰটোৱে বাটত অলপ পানী ধৰি টং হৈ আছিল..... কেমিষ্টৰ কথা তাৰ পচন্দ নহল......
সি প্ৰথমতে অলপ নৰম সুৰত কলে......ছাৰ.......চেহেৰাত নিমাখিত এক্সপ্ৰেচন

কিন্ত কেমিষ্ট অলৰ অচৰ.......

তাৰ পাছত সি শিবসাগৰৰ ছালফা এটাই সিহতক যে ভালকৈ চিনি পায় সেইটো কথা কলে....

কেমিষ্ট নিৰ্বিকাৰ.......

তাৰ পাছত সি কাহিনী এটা কলে যত কেমিষ্টৰ ওপৰৱালা বছকেইটাক সিহতে গাড়ীৰপৰা নমাই পিটিছিল....

এইবাৰ কেমিষ্টে মুখ খুলিলে, "ভালেই কৰিলি,সিহতি মোক ছুটী খুজিলেও ছুটী নিদিয়ে,এইবাৰৰপৰা তেনেকুৱা কেচ হলে মোকো মাতি দিবি, ময়ো দুচাটমান দি দিম..... কিন্ত বোপাই, তহতি অনা কেমিকেলৰ আধা আধা বেগবোৰ মই কোনোপধ্য ৰিচিভ নকৰো"

কেমিষ্টৰ খাৰংখাচ কথা ট্ৰাকৰ লৰাকেইটাৰ পচন্দ নহল........
পিছফালৰপৰা ট্ৰাকৰ লৰা এটাই মাত লগালে, "আপুনি শিৱসাগৰত নেথাকে জানো, আমিও শিৱসাগৰৰ, লোকেল, আপোনাক এদিন কৰবাত ভালকৈ চাই লৱ লাগিব"

এইবাৰ কেমিষ্ট অলপ অপ্ৰস্তত বল, তাৰ পাছত পকেটৰপৰা মানিবেগটো উলিয়ালে.......
(ভয় খালে চাগে......আখিৰ জান হেই তো জাহান হেই !!)
.
.
.
.
মানিবেগত কেমিষ্টৰ পাছপৰ্ট ফটো কেইখনমান আছিল........
তাৰে এখন ফটো লৰাটোৰ পিনে আগবঢ়াই কেমিষ্টে কলে, "হু, এইখন ল,মোৰ পাচপৰ্ট ফটো, যেতিয়াই মন যায় তেতিয়াই চাই থাকিব পাৰিবি, আৰু যদি ফুল চাইজ লাগে, কাইলৈ আকৌ আহিবি"

মা কচম

পাছদিনা কেমিকেলৰ বেগবোৰ ভৰ্তি হৈ আহিল
Our shift bus driver usually picks passengers on the route. Few days ago a local tempo driver warned him not to do so. Today, while returning from night shift, few passengers were picked up by our bus.

Suddenly, our bus was stopped, the tempo driver made a dynamic entry...... & then.............

He slapped the bus driver 3-4-5-6 times & scolded him using all good words in his dictionary..........

Then he moved towards the Shift i/c in the bus,
" Tuk k*** agore edin warn kori disilu bus ot manuh nutulibiloi, toi shift i/c hoi ne nohoi, salla ****** & etc etc ****** "

After releasing most of his agony on the driver & shift i/c ,
The shift i/c was like "benge muta goru"

Then the tempo driver suddenly pointed towards me & angrily said,
"Aap shift ka manuh hai ke nahi, bus mei manuh uthane kyun deta hai"

Maa kosom, dil kopi gol.....forgotten "Matribhasha", started "Rastrabhasha"

Politely replied, "Bhai ............mei 2 shift ka 'manuh' hu, ab 'manuh' 'manuh' ko uthayega to 'manuh' kya kor sakta hai "

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...