Thursday, May 15, 2014

গ্ৰন্থ মেলা আৰু এখন কিতাপ

চানমাৰিত গ্ৰন্থমেলা চলি আছে..... দুপৰীয়া বাইক ষ্টাৰ্ট দিলো, পিঠিত বেগ এটা.......পাচ টকীয়া টিকট কাটি সোমালো, মানুহৰ ভীৰ এই সময়ত কম হয়, ভালেই, বেচি মানুহত সমাগম মোৰ পচন্দ নহয়....প্ৰথমতেই আক-বাকত সোমালো........ চাংলট ফেনলা, পপীয়া তৰাৰ সাধু....... তাৰ পাছত ষ্টুডেন্ট ষ্টোৰচত অজিত বৰুৱাই অনুবাদ কৰা আলবাৰ্ট কেমুৰ প্লেগ কিনিলো.... বিভিন্ন বিপনীত ভিজিট দিলো, অনুবাদ কৰা কিতাপ কেইখনমান কিনিলো...... পীকস্কীল,ও হেনৰীৰ গল্প, সময় যন্ত্ৰ, জেকিল-হাইড, কাইলৈ এনে ঘটিছিল....... আলফাৰ ওপৰত ভিত্তি কৰি লিখা দিলীপ বৰাৰ কলিজাৰ আই.. পুৱতি তৰা, বাঘে টাপুৰ ৰাতি.... পিঠিত বেগটো ভৰ্তি হৈ গৈ আছে .........
বিপনী এখনত সোমালো, কিতাপ এখন দেখিলো, ইচ্ছা- অনিচ্ছা স্বত্তেও কিছু কথা......লেখিকা প্ৰাক্তন বিপ্লৱী , কিতাপখনৰ বেটুপাতত থকা ইচ্ছাটোৰ ওপৰত ক্ৰছ চিন এটা আছে..... মেলি ললো, দাম তিনিশ টকা...... আৰম্ভনিৰ পেজটোত নাম এটা লিখা আছে.... প্ৰাক্তন বিপ্লৱী স্বামীৰ হাতত....... চাল্লা টেমা গৰম হৈ গল.......
এটা বিপ্লৱৰ নামত পয়ত্ৰিশ বছৰত হাজাৰ হাজাৰ মানুহ মৰিল, ঘুণীয়া হল, কিমান সম্ভাৱনাপুৰ্ণ জীৱন ছাই হৈ গল....আৰু সেই ছাইবোৰক লৈ আপুনি সাহিত্য কৰিছে, বিপ্লৱ বাদ দি কিতাপ লিখি লেখিকা হৈছে..... আৰু সেই কিতাপখন উচৰ্গা কৰিছে সুশৰীৰে আৰামত থকা নিজৰ জীৱিত স্বামীৰ নামত.... ইমান স্বাৰ্থপৰ ...... কথাটো একেবাৰে হজম নহল......
আৰু আপোনালোকে যদি সচাকৈয়ে বিপ্লৱ কৰিছিল আৰু সেই বিপ্লৱৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা আছে আৰু সেই আপুনি আদৰ্শ বুলি ভৱা কথাবোৰ ৰাইজক জনাব খুজিছে, তেনেহলে কিতাপৰ দাম তিনিশ টকা কিয়... আপোনালোকেতো সাধাৰণ মানুহৰ হকে বিপ্লৱ কৰিছিল.........এইখিনি কথা অন্তত বুজিব লাগিছিল যে.....দিনত এশ টকা উপাৰ্জন কৰা সাধাৰণ খাটি খোৱা মানুহ এজনৰ তিনিশ টকা দি কিতাপ কিনাৰ সামৰ্থ নাই, নিকিনে ..... হয়তো কোনোবা অভিজাত মানুহৰ ড্ৰয়িংৰুম শুৱনি কৰিব আপোনাৰ কিতাপৰ কভাৰটোৱে.....

- এইখন দিম নেকি...... বিপনীখনৰ লৰা এজনে সুধিলে
- চা ভাই, ৰাতি টোপনি ক্ষতি কৰি, চাহবাগান আৰু জংঘলৰ মাজত মহ-ডাহ-ড্ৰিলাৰ-বছৰ কামোৰ খাই মুৰৰ ঘাম মাটিত পেলাই পইচা উপাৰ্জন কৰো, আৰু সেই সত পথেৰে অৰ্জা পইচাৰ তিনিশটা টকা কোনোবাই স্বামীলৈ লিখা বিপ্লৱৰ কিতাপৰ নামত খৰচ নকৰো

বিপনীখনৰ লৰাজন আতৰি গল, মই আৰু দুখনমান কিতাপ বেগত ভৰাই গ্ৰন্থমেলাৰপৰা ওলালো..
সন্ধিয়া ঘৰ আহি পালো..... চাংলট ফেনলা মেলি ললো, কিতাপখনৰ বহুত চৰ্চা হৈছে, কি আছে কিতাপখনত... পঢ়ি গলো.... বঢ়িয়া কিতাপ, একে বহাই শেষ কৰিলো... এখন নিৰ্ভেজাল দস্তাবেজ....
চাংলট ফেনলাৰ শেষত এটা ব্ৰেকেটৰ মাজত ....... (চাংলট ফেনলাৰ প্ৰথম খন্ড সমাপ্ত)
হয়তো পৰাগ দাসে আৰু লিখিব খুজিছিল, কিন্ত তেও চাংলট ফেনলাৰ পাছৰ খন্ড লিখাৰ আগতেই হেৰাই গল....
চাংলট ফেনলাৰ শেষৰ বাক্যটো... বাহিৰত পোহৰ হবলৈ তেতিয়াও আৰু বহুপৰ বাকী...

আজি যদি পৰাগ দাস জীয়াই থাকিলেহেতেন, হয়তো তেওৰ কলমৰ আগেৰে ওলালহেতেন........ বাহিৰত এতিয়াও ঘোপ মৰা এন্ধাৰ আৰু এই এন্ধাৰবোৰ গ্ৰন্থমেলাত বিক্ৰী হয় তিনিশ টকাত, তিনিশ টকা আজিৰ তাৰিখত খাটি খোৱা মানুহৰ সাধ্যৰ বাহিৰত..........

বি.দ্ৰ. দুবছৰ আগতে লাকুৱাত মোৰ তলত কন্টিজেন্ট লেবাৰ এজনে কাম কৰিছিল, দৰমহা মাহে ২২০০ টকা, সি কাণেৰে কম শুনে, কেতিয়াবা কথা পাহৰি যায়, আন ফিজিকেল প্ৰবলেমো আছে....... যৌবনৰ আগছোৱাত তাৰ চব ঠিকে আছিল , সি সংগঠনলৈ গৈছিল, আৰ্মিয়ে বাটতে ধৰিলে.. তাৰ পাছত..... মই ভাৱো মাহে ২২০০ টকা পোৱা অজয় মহনে আজি ৩০০ টকীয়া কিতাপৰ বিলাসিতা নকৰে.......

বুক ফেয়াৰ

(১)

কেতিয়াবা অফৱাৰ্ড চিটুৱেচনত পৰি যাও, না ঘৰ কা হও না ঘাট কা, কিন্ত কিছুদেৰিৰ পাছত গম পাও যে , মোৰ নিচিনা ধোবী কা ডগ বহুত আছে, তেতিয়া মনতো একেবাৰে পাতলি যায়

বুক ফেয়াৰলৈ গৈছো, চাণক্য দা অহাৰ কথা আছে, একেলগে কিতাপ চিলেক্ট কৰি কিনিম, ১৪ দিন অনত পঢ়িম...... বুক ফেয়াৰ পাই চাণক্য দা লৈ ফোন কৰিলো
- কত
- আৰ্ৰে, তই পালিয়েই নেকি, ইমান জলদি, মোৰ অলপ দেৰি হব
- কিমান দেৰি
- এঘন্টামান লাগিব

ঘড়ীটোলৈ চালো, ৪ বাজি পঞ্চলিশ মিনিট, ৫ টা বজাত টাইম আছিল, এতিয়া চাণক্যদা এঘন্টা দেৰিকৈ আহিব, কি কৰিম, বাহিৰত বৰ হৈ যাম, পাচ টকীয়া টিকট কাটি সোমাই দিলো....
বুক ফেয়াৰত ইফালে সিফালে চকু ঘুৰাই আছো, কোনোবা চিনাকি ওলায়নেকি, নাই, চিনাকি চেহেৰা নাইয়েই, বুক-ফেয়াৰত ডাo পলচ ৰ ষ্টল এখন আছে, তাতেই টাইম পাছ কৰো বুলি খোজ দিলো.......
- আৰে চইকীয়া নহয়নে.... কোনোবাই পিছফালৰপৰা মাতিলে
ঘুৰি চালো, প্ৰশান্ত বৰ্মন, বৰ্মনদাক মই কোম্পানীৰ ট্ৰেইনিং এটাত লগ পাইছিলো, চিৰিয়াচ গহীন-গম্ভীৰ মানুহ
- আৰে বৰ্মন দা, কি খবৰ,
- ভাল, বলা অলপ চাহ-কফি খাওগৈ

ভালেই পালো, অন্তত অলপ টাইম পাচ হব, বৰ্মনদা গহীন মানুহ, বৰ্মনদাৰ আগত মোৰো চিৰিয়াছ ইমেজ এটা আছে.....
বুক ফেয়াৰত থকা ৰেষ্টোৰেন্টত বহিলো, চিৰিয়াছ ডিচকাচন ষ্টাৰ্ট হৈ গল, কোম্পানীৰ মাৰ্কেটিং পলিচি, শ্বেয়াৰ ভেলু, অইল ইন্দ্ৰাষ্ট্ৰিৰ লেটেষ্ট টেকনোলজি, একেবাৰে টেকনিকেল ডিচকাচন, কফি আহিল, টপিক চেঞ্জ হল, আম আদমী পাৰ্টি, কেজৰিৱালে দিল্লীত লাইটৰ বিল কেনেকৈ কমাব, কনজিউমাৰ ইকনমি, ডিচকাচন কিন্ত একদম চিৰিয়াচ, কোনো বাজে কথা নাই....

কফিকাপৰ আধা শেষ হল, সময় পাচ বাজি বিশ মিনিট, বৰ্মনদাই কোম্পানীৰ বিদেশৰ জইন্ট-ভেঞ্চাৰৰ লাভালাভৰ প্ৰজেকচনৰ বিষয়ে এনালাইচিচ কৰি আছে, ময়ো চিৰিয়াছ এক্সপ্ৰেচন দি মনোযোগৰে শুনি আছো

- আৰে, আপুনি বিকাচদা নহয় জানো
ভইচটোৰ পিনে চালো, য় টাইপৰ ৰকষ্টাৰ এপিয়াৰেন্সৰ লৰা এটা, দীঘল কেকোৰা চুলি, হাফ-ফ্ৰেন্সকাট ডাঢ়ি, কাণফুলি
- হয়, কিন্ত তুমি... মই কলো
- মই ৰক্কি, আপোনাৰ ফেচবুক ফ্ৰেন্ড.
-আচ্ছা, ৰক্কি , মানে ৰাজকমল গগৈ, ডুলিয়াজানৰ নহয়জানো
- হয় হয়, আপুনি কিন্ত তামাম ফানি দেই, তামাম ফানি ফানি আপদেট দিয়ে, ঝাক্কাছ, একদম ফানি লাগে, চিল হৈ যাও.......... কাণফুলিয়ে উতসাহিত হৈ কলে

কাণফুলিয়ে ফানি কেইটা অলপ জোৰ দিয়ে কৈছিল, বৰ্মনদাৰ আগত মোৰ চিৰিয়াছ ইমেজ আৰু তামাম ফানি... একেবাৰে নিমিলিল
- আকি, বিত্তু, এইফালে আহি যা, এইয়া বিকাচ দা, ফানি পাৰ্চন, মই যে কৈ থাকো, ফানি ফানি ষ্টৰী আপদেট দিয়ে যে...... কাণফুলিয়ে তাৰ জি.এফ আংকিতা আৰু ফ্ৰেন্ড বিতুপনক চিনাকি কৰাই দিলে....... বিতুপনে ৰজনীগন্ধা প্লাছ তুলচীৰ মিক্সাৰ মুখত ভৰাই নাইচ টু মিট ইউ বুলি মোৰপিনে হাতখন আগবঢ়াই দিলে, বিত্তুৰ থুতুৰিতো এটা ফুলি......

ইমানদিনে মেইনটেইন কৰি থকা চিৰিয়াছ ইমেজটোৰ বৰ্মনদাৰ সমুখত মা বহিন হৈ গল......

(২)

বৰ্মনদাৰ সমুখত মোৰ চিৰিয়াছ ইমেজৰ ধজ্জিয়া উৰাই কাণফুলি, নাকফুলি আৰু থুতুৰিফুলি গলগৈ..... মই সেমেনা সেমেনিকৈ বহি থাকিলো, নিজৰ ওপৰতে খং উঠিল, চাল্লা কি দৰকাৰ ফেচবুকত জকচ লিখিবলৈ, এতিয়া মোৰে জকচ বনি গল, ধেই, আজিৰেপৰা ফেচবুক ডি এন্ড, ইমেজ ৰিক্ৰিয়েট কৰিবলৈ বহুত দিন লাগিব.........

- ফেচবুক নেকি..... বৰ্মনদাই নীৰবতা ভাঙি সুধিলে
- মাজে মাজে কিবা-কিবি এনেয়ে আপদেট দি থাকো, মানুহে লাইক মাৰে , কমেন্ট দিয়ে
- সুৰাঞ্জনা দি. বৰ্মনক চিনি পোৱানে

আৰ.ডি.বৰ্মন, এছ.ডি.বৰ্মনৰ নাম শুনিছো ....... কিন্ত সুৰাঞ্জনা দি. বৰ্মন, গান চান গায় ছাগে
- নামটো শুনা শুনা লাগিছে, কিন্ত চিনি নাপাও....... মই কলো
- কিয় ফেচবুকৰ ফ্ৰেন্ডলিষ্টত নাই নেকি
- নাই...... বহুত ভাৱি চিন্তি উত্তৰ দিলো
- কোনো কথা নাই........ এইবুলি বৰ্মনদাই বেগটো খুলিলে

বেগৰপৰা বৰ্মনদাই কিতাপ দুখন উলিয়ালে,
-এইদুখন লোৱা, কবিতাৰ কিতাপ, সুৰাঞ্জনাই লিখিছে, ৰাতিৰ জোনাকী, পুৱাৰ হেঙুল

কিতাপ দুখন মোক হেন্ড ওভাৰকৰি বৰ্মনদাই কলে...... নকবা বুজিছা, প্ৰথমতে ঠিকেই আছিল, সুৰাঞ্জনাৰ কুকিংৰ হবি আছিল, সদায় নতুন নতুন ডিছ বনায়, ইটালিয়ান, ফ্ৰেন্স,চাইনিজ..... নিমখ-চেনী কম-বেছি হলেও মৰমত কমপ্লিমেন্ট দি থৈ দিও, কিন্ত এই ফেচবুকডাল, সুৰাঞ্জনাই কলেজত থাকোতে কবিতা লিখিছিল বোলে, এদিন কবিতা এটা পোষ্ট কৰি দিলে, কিবা লাইক আৰু কমেন্ট আহিল বোলে, তাৰ পাছত সদায় কবিতা লিখে, আপদেট দিয়ে, মোৰ ইটালিয়ান-চাইনিজ ডিচৰ মুদা মৰিল ....... বৰ্মনদা অলপ চিৰিয়াছ হৈ পৰিল

-তাৰ পাছত......... ময়ো তেতিয়া চিৰিয়াছ মুডত
- তাৰ পাছত , এদিন সুৰাঞ্জনাই কলে যে সকলোৱে তাইৰ কবিতা এপ্ৰিচিয়েট কৰে, ভাল পায়, কবিতাৰ কিতাপ উলিয়াব, মোক কথা পাত্তাই নিদিলে, এই যে অলপ আগতে অহা কাণফুলি, মানে ৰকি, সিও সুৰাঞ্জনাৰ ফ্ৰেন্ড, তাইৰ চব কবিতাতে লাইক-কমেন্ট মাৰে....ৱাও, নাইচ, মাষ্টাৰ পিচ......এইধৰণৰ কমেন্ট দি মানুহবোৰে তাইক জেক দি দি উঠাই দিলে জানানে...... মই কলো, ঠিক আছে কিতাপ উলিয়াম, দুশমান কপি চপাও, কিন্ত সুৰাঞ্জনা নাচোৰবোন্দা, তাইৰ আপদেটত দুশ-তিনিশ লাইক আহে বোলে, প্লাছ বাকী ফ্ৰেন্ড আৰু জেনেৰেল পাবলিক আছেই, এহেজাৰ কপিকৈ প্ৰিন্ট কৰিলো, ভাল কোৱালিটিৰ পেপাৰত, পইচা পাতি দি সাহিত্যিক এজনক মাতি প্ৰেছ ক্লাৱত উন্মোচন কৰালো, ভাড়াতীয়া দৰ্শক গোটালো, পেপাৰত এড...... চাৰিমাহৰ দৰমহা চেটেপ ................. বৰ্মনদা আৰু অলপ চিৰিয়াচ হৈ গল

- চেল কেনেকুৱা........ মই লাহেকে সুধিলো
- বিছ কপিও বিক্ৰী হোৱা নাই, কিন্ত সুৰাঞ্জনাই মনত দুখ পাব বুলি তাইক বিক্ৰী ভাল বুলিয়েই কৈছো , হাজাৰ হলেও মোৰেই ৱাইফ দিয়াছোন, কিতাপদুখন ৰাখা, পইচা পিছত দিলেও হব............ বৰ্মনদাৰ চেহেৰাত চিৰিয়াছনেচৰ চাপ

ইতিমধ্যে কফিকাপ শেষ হল, কিতাপ দুখন ললো, চাণক্য দাই ফোন কৰিলে, আহি পালে বোলে, মোক বিদায় দি বৰ্মনদাই আশে পাশে অইন চিনাকি মানুহ বিচৰাত লাগিল

ঘৰলৈ আহি ফেচবুক খুলিলো, সুৰাঞ্জনা. দি. বৰ্মন,....... ফ্ৰেন্ড ৰিকুৱেষ্ট পঠালো, লগে লগে একচেপ্ট, ৱালখন চালো, সুৰাঞ্জনা বাইদেৱে গল্প এটা আপদেট দিছে....... কুল......পাছত টাইম পালে পঢ়িম....... লাইক এটা মাৰিলো, কমেন্ট দিলো....... মাৰভেলাছ, ব্ৰিলিয়ান্ট ডেপিকচন........ মোৰ কমেন্টত লগে লগে লাইক পৰিল, মোক টেগ কৰি সুৰাঞ্জনা দি. বৰ্মনে কমেন্ট দিলে........ থেংক ইউ

অহাবাৰ বুক ফেয়াৰত সুৰাঞ্জনা দি. বৰ্মনৰ এখন গল্প সংকলন আৰু বৰ্মনদাৰ চিৰিয়াছ এক্সপ্ৰেচন........কম্বিনেচনটোৰ ইমাজিনেচন এটা কৰি ললো......

ভোগালী উইচেচ



- শ্ৰাৱণীৰ বয়ফ্ৰেন্ড আছে নেকি........ পাৰ্থই ফোন কৰি সুধিলে
- কোন শ্ৰাৱণী বে....... মই কলো
- এই যে ইউনিভাৰচিটিত আমাৰ জুনিয়ৰ আছিল, কে.জি.বি ছাৰৰ লেৱৰ
- নাজানো, থাকিবও পাৰে, কিন্ত দোস্ত, ৱ মে নহী হু
- খবৰ লৈ দে না
- কেনেকে লম বে
- আব্বে তোমাৰ জুনিয়ৰবোৰ চিনাকি দেখোন, লৈ দিয়া না
- ৰক্তিমক ফোন কৰ আকৌ, সিতো কেজিবিৰ লেৱৰে
- ৰক্তিম জেং আছে, চবকে কৈ দিব, ইনফৰমেচন এটা লৈ দিব নোৱাৰা, কাম নাই তোৰ, এনেয়ে ফালি থাকা
- জেক নিদিবা, মই সুধি কৈ আছো

পাৰ্থই বিয়াৰ বাবে ছোৱালী চাই আছে, আচলতে যোৱা তিনিবছৰমান হল, চাইয়েই আছে, প্ৰথম প্ৰথম পাৰ্থই ছোৱালী চাব গৈছে বুলি খবৰ পালে তামাম থ্ৰীল ফিল কৰিছিলো, কিন্ত বৰ্তমান এইটো এটা কমন কথা হৈ পৰিছে, এতিয়ালৈ পাৰ্থই চাবলৈ যোৱা ছোৱালীৰ সংখ্যা হাফচেঞ্চুৰী পাৰ কৰিলে, কিন্ত একো হোৱাগৈ নাই

এইবাৰ ছাগে শ্ৰাৱণী নামৰ আমাৰ জুনিয়ৰজনী পাৰ্থৰ ৰাডাৰত আছে, শ্ৰাৱণীক মই জানো, আমাৰ কলেজৰ জুনিয়ৰ, কলেজত থাকোতে জুনিয়ৰকেইটাই নোটছ মোৰপৰাই লৈছিল, তাৰ পাছত ইউনিভাৰচিটিতো মই দীপাংকৰদাৰপৰা লোৱা নোটছবোৰ শ্ৰাৱণীহতক পাছ কৰি দিছিলো, এতিয়া কিবা কামত ইউনিভাৰচিটি গলে শ্ৰাৱণীহতক হাই-হেলো কৰো, মোটামুটি এটা সৌহাৰ্দ্যপুৰ্ণ ৰিলেচন আছে

কিন্ত প্ৰবলেম হল যে শ্ৰাৱণীক কেনেকে সুধিম, মই চিধা চিধি কথা কোৱা মানুহ, চিধাই যদি সুধি দিও বয়ফ্ৰেন্ড আছে নে নাই, জেং হৈ যাব, মিচআন্ডাৰষ্টেন্ডিং হৈ ইমপ্ৰেচন খাৰাব হৈ যাব, বেলেগৰ থ্ৰু সুধিলে...., নাই, তেতিয়া আৰু বেয়া হব, বেটাৰ ফ্ৰী এন্ড ফ্ৰেংক, চিধাই শ্ৰাৱণীক ফোন কৰো, ডাইৰেক্ট টু দা পইন্ট কথা পাতো যে মোৰ বন্ধু এজনে তোমাক পচন্দ কৰে, বন্ধুই চৰকাৰী চাকৰি কৰে, ত্ৰিশমান দৰমহা পায়, যোৰহাটৰ টাউনত নিজৰ ঘৰ আছে , তুমি যদি এংগেজ হৈ থকা নাই মাই ফ্ৰেন্ড উইল ইনিচিয়েট দা প্ৰচেচ, বাচ, হৈ যাব, টু দা পইন্ট
লাইফত বহুত ৰোল প্লে কৰিছো, এইবাৰ ঘটকৰ ৰোল প্লে কৰিবলৈ মেন্টেলি প্ৰিপেয়াৰ হলো

শ্ৰাৱণীলৈ ফোন লগালো
- হেলো, শ্ৰাৱণী নহয় জানো
- আৰে দা , ইম্মান দিনৰ মুৰত মনত পৰিল যে, কি খবৰ আপোনাৰ
- ভাল, তোমাৰ কেনেকুৱা
- ভাল ভাল, পিছে বিয়া কেতিয়া আপোনাৰ, বিয়াত মাত্তিব কিন্তু, ছোৱালী ঠিক হল নে নাই

চাল্লা এইটোৱেই প্ৰবলেম, শ্ৰাৱণীয়ো মোক কামোৰ দিলে, ৰীগ, অফিছ, পাৰ্টি, চচিয়েল গেদাৰিং, ৰিয়ুনিয়ন মীট, চবতে একেটাই কামোৰ, কিন্ত এট দিচ মমেন্ট অবজেকটিভ বেলেগ, পাৰ্থক ইনফৰমেচন দিব লাগে

- মোৰ বাৰু হৈ থাকিব, তোমাৰ কোৱা, বিয়া-বাৰুৰ কথা চলি আছে বোলে ঘৰত.... কনভাৰচেচন ষ্টাৰ্ট কৰিলো
- মোৰ বিয়া, নহয়, কোনে কলে আপোনাক.....শ্ৰাৱণীয়ে আচৰিত হোৱাদি কলে
- মোৰ আৰু ইনফৰমাৰৰ অভাৱনে
- এনেকুৱা একো চলা নাই, আপোনাক কোনে মিছইনফৰমেচন দিছে
- যোৱাবাৰ গুৱাহাটী যাওতে চিনেমাহল এটাৰ সন্মুখত দেখিছিলো তোমাক, কুল ডুড এজনৰ লগত বেয়া হাহি হাহি কথা কৈ আছিলা, কি বয়ফ্ৰেন্ড আছিল নেকি , নাম কি............... মই আন্দাজত ফৰমুটি এটা মাৰি কলো
- চিনেমাহল, কেতিয়া, কত, মই একো বুজা নাই

বহুত এৱে দা পইন্ট কথা হল, চিধা পইন্টত আহিলো, নহলে বেচেৰী কনফিউজ হৈ যাব

- এক্সুৱেলি তোমাক কথা কেইটামান সুধিব লাগে, ডন্ট মিছ আন্ডাৰষ্টেন্দ......মই কলো
- কওকচেন
- মানে মোৰ ফ্ৰেন্ড এটা আছে, হি ৱান্ট টু এপ্ৰোচ য়ু ফৰমেলি, যদি তুমি অলৰেডি এংগেজ হৈ আছা তেতিয়াতো সি এপ্ৰোছ কৰি লাভ নাই, গতিকে আই ৱান্ট টু ন হোৱেডাৰ হি কেন এপ্ৰোচ য়ু অৰ নট
- অকে, আপোনাৰ বন্ধুক এপ্ৰোচ কৰিব কওক......শ্ৰাৱণীয়ে অলপ সময় ভাবি কলে
- মানে তোমাৰ ফালৰপৰা একো প্ৰবলেম নাই তো
- নাই
- ঠিক আছে, মই বাৰু তাক জনাই দিও
- অকে

শ্ৰাৱণীৰ ফোনটো কাটি পাৰ্থৰ নম্বৰ ডায়েল কৰিলো, পাৰ্থক ইনফৰ্ম কৰিলো যে সি আগবাঢ়িব পাৰে, কোনো ইচু নাই, তাক আৰু কলো যে ভাই মোক আৰু ঘটকালি কৰিবলৈ কামোৰ নিদিবি, এইবাৰেই প্ৰথম, এইবাৰেই লাষ্ট, নাই বুলিলেও মোৰ ইমেজ এটা আছে

দিন কেইটামান পাৰ হল, মাঘ বিহুৰ বতৰ, কলিগ কেইজনমানৰ শুভেচ্ছামুলক এচ.এম.এছ আহিছে, বাকী পুৰনা বন্ধু-বান্ধৱ কাৰো এচ.এম.এছ নাই, চব বিজি চিডিউলত ব্যস্ত, কাৰো সময় নাই
পাৰ্থকে ফোন কৰি শ্ৰাৱণী আৰু তাৰ কেচটো কি হল সুধিলো, সি দুখৰে কলে যে শ্ৰাৱণীয়ে বোলে পি.এইচ.ডি শেষ কৰিহে এইবোৰ চিন্তা কৰিব বুলি প্ৰচেচটোৰ লিংক-ওমেনগৰাকীক জনাইছে, গতিকে শ্ৰাৱণী কেঞ্চেল

পাৰ্থৰ ফোনটো ডিচকানেক্ট কৰিছোহে, এচ.এম.এছ এটা আহিল..............
মাটি মাহৰ সোৱাদেৰে, মিঠা আলুৰ মিঠাৰে, বৰা চাউলৰ আঠাৰে, জহা চাউলৰ সুগন্ধৰে জীৱন ভোগালী হৈ পৰাৰ কামনাৰে ভোগালী বিহুৰ ওলগ জনালো !!!! উইথ লাভ এন্ড এফেকচন.....ইণী
চেন্দাৰ নেম........Shravani.jr.univ

জানে-অনজানে কনফিউজন এটা ক্ৰিয়েট হৈ গল নেকি, ময়ো ভাবি ভাবি কনফিউজ হৈ গলো
আৰু এটা কথাই মোৰ কনফিউজন বঢ়াই তুলিলে, মই নোটছ দিয়া জুনিয়ৰ দুজনীৰ শকতজনীৰ নাম শ্ৰাৱনী আছিল নে ক্ষীণজনীৰ নাম আছিল, দুয়োজনীয়েইতো কেজিবি ছাৰৰ লেৱৰ, কনফিউজন

কাৰ্ড এলিমিনেচন

DSA ৰপৰা অনা কাজু-পিস্তা-কেক-বিস্কুটৰ কনচাইনমেন্টৰ বেগটো বাছৰ চিটৰ তলত সুমুৱাই চিটত বহি ললো, বাছ চলিবলৈ ধৰিলে, নাইট ডিউটিত শুই অহা স্বত্তেও চিলমিলিয়া টোপনিৰ ভাৱ এটা আহিল, কেইঘন্টামান পাছতে গুৱাহাটী পামগৈ, চিটটো হাওলাই চকু দুটা মুদি দিলো

কিবা এটা গন্ডগোলৰ শব্দত সাৰ পাই গলো, বাছৰ কন্ডাক্টৰে মানুহ দুজনৰ লগত তৰ্কাতৰ্কি কৰিছে, কেচটো কি বুজিবলৈ কথাবোৰত কাণ দিলো, মানুহ দুজনৰ আগদিনাই টিকট লোৱা আছিল, ৬,৭ নং চিট, কিন্ত কন্ডাক্টৰে ৰাস্তাতে দুজন মানুহ উঠাই বহাই দিলে, এতিয়া বহি থকা মানুহ দুজনৰ উঠাৰ প্ৰশ্নই নাহে, এবাৰ যি চিটত বহিল, বহিলেই,
এতিয়া আগতে টিকট লোৱা মানুহ দুজনৰ বাবে চিট নাই, মানুহ দুজনে ভাড়া ঘুৰাই বিচাৰিলে, ভাড়া ঘুৰাই দিয়াতো প্ৰবলেম আছে, মানুহ দুজনে টিকট এজেন্টক ৩০০ কৈ ৬০০ টকা দিছিল, এজেন্টে কন্ডাক্টৰক প্ৰটিটো টিকটত ৫০ টকা কমিচন কাটি ৫০০ টকা দিছে,
এতিয়া কন্ডাক্টৰৰ মতে যিহেতু সি ৫০০ টকা পাইছে, গতিকে সি ৫০০ টকাহে ঘুৰাই দিব বাকী ১০০ টকা এজেন্টে দিব, কিন্ত মানুহদুজনৰ বাবে মানুহদুজনে যিহেতু টিকটৰ বাবে ৬০০ টকা পে কৰিছে, আৰু কন্ডাক্টৰেই খেলিমেলি কৰিছে, গতিকে ৬০০ টকা কন্ডাক্টৰেই ঘুৰাই দিব লাগিব

বাছৰ আন মানুহখিনিয়ে খেলখনৰ মজা লৈ আছে, কোনেও মাত মতা নাই, আনৰ জেং চপাই লোৱাৰ কাৰো মতলৱ নাই
মোৰো বেলেগৰ জেং চপাই লোৱাৰ মতলৱ নাছিল, আনৰ জেঙত সোমাবলৈ গৈ অতদিনে নিজৰে বহুত সময়-ধন-এনাৰ্জি খৰচ হৈছে, গতিকে আজিকালি নিউট্ৰেল ফিলিং এটা আনি লও, যাৰ যি হয় হওক, মোৰ কিনো যায়.....

কিন্ত দেৰী হৈছে, গুৱাহাটী সোনকালে গৈ পাব লাগে, মম্মীয়ে চিকেন ৰান্ধি আছে বুলি ফোনত খবৰ দিছে, দুৰৰপৰাই চিকেনৰ গোন্ধ নাকত ফিল কৰিলো, নাই আৰু কন্ট্ৰল নহয়
গন্ডগোলটো বাঢ়ি গৈছে আৰু মোৰ দেৰী হৈছে, চাৰ্টৰ হাত দুটা কোচাই দাত মুখ কৰচি উঠি গলো
- কি কেচ বে, ইমান গোলমাল কিয় কৰি আছ........ বাছৰ কন্ডাক্টৰক কলো

কন্ডাক্টৰে তাৰ কেচটো আৰু মানুহ দুজনে তেওলোকৰ কেচটো নিজৰ ভাযাত কলে, শুনিলো, বুজি ললো, তাৰ পাছত কন্ডাক্টৰৰ পিনে চাই কলো
- তই জাননে , এই মানুহদুজনৰ হাতত অথৰাইজড টিকট আছে আৰু সেই টিকটৰ এগেইন্ষ্টত তহতে চিট দিব পৰা নাই, এই লৈ এই মানুহদুজনে যদি এখন এফ.আই.আৰ দিয়ে তেতিয়া কি হব, চিট এন্দ ফ্ৰডৰ কেচত ইন্ডিয়ান পেনেল কোডৰ ধাৰামতে, টিকট ইচু কৰোতা, বাছৰ মালিক, কন্ডাক্টৰ আৰু ড্ৰাইভাৰ সকলোৰে অতি কমেও দহ হাজাৰ টকা জৰিমনা আৰু তিনি মাহৰ সশ্ৰম কাৰাদন্ড আৰু জৰিমনা অনাদায়ে আৰু দুমাহৰ কাৰাদন্ড হব

কন্ডাক্টৰ অলপ থতমত খাই গল, তাৰ পাছত মই মানুহ দুজনৰ ফালে চাই কলো
- আপোনালোকে ভয় নকৰিব, আপোনাৰ হাতত টিকট আছে, মানে আইন আপোনাৰ পক্ষত আছে, আপোনালোকে ইচ্ছা কৰিলে ইহতক বিহু দেখুৱাই দিব পাৰে
- কিন্ত আপুনি....... মানুহ দুজনৰ এজনে সুধিলে

মই পকেটৰপৰা মানিবেগটো উলিয়ালো, মানিবেগৰপৰা কাৰ্ড এখন উলিয়াই মানুহজনক দি কলো........... ধ্ৰুব কমল দত্ত, এডভোকেট, গুৱাহাটী হাইকৰ্ট, কাৰ্ডত ফোন নং দিয়া আছে

মানুহ দুজনৰ মুখত হাহি বিৰিঙি উঠিল, আগফালৰপৰা ড্ৰাইভাৰে কন্ডাক্টৰক কলে, ইয়াতে মামলা ক্লিয়েৰ কৰি ল, পাছত জেং-চেং নালাগে

কন্ডাক্টৰে ভাড়া ৬০০ টকা আৰু মানসিক আতিশয্যৰ ক্ষতিপুৰণৰুপে ৪০০ টকা মুঠ ১০০০ টকা ঘুৰাই দি মামলা ৰফা-দফা কৰিলে

পাচ মিনিটতে কেচ চেটল, হিৰোৰ টাইপৰ ফিলিং এটা আহি গল, ফিলিংটো এনজয় কৰি চিটত আউজি দিলো, বাছ চলিবলৈ ধৰিলে,ফুল স্পীডত

খানাপাৰা পালোহি, বাছৰপৰা গধুৰ বেগটো পিঠিত লৈ নামি দিলো
- এক্সকিউজ মি....... পাছফালৰপৰা মানুহ এজনে মাতিলে
- কওক
- আপুনি হাইকৰ্টত প্ৰেকটিছ কৰে ন, আজি কিন্ত আপুনি ভাল শিক্ষা দিলে ইহতক

মই একো নকৈ মাত্ৰ হাহিলো, মানুহজনে হেন্ডশ্বেক দি আকৌ লগ পাম বুলি কৈ গুচি গল

চাৰিমাহমান আগতে হাইকৰ্টৰ ওচৰৰে বাইকৰে গৈছিলো, কলা কোট পিন্ধি থকা লগৰ এটা দেখা পাই বাইক ৰখাইছিলো, সি কিন্ত তেতিয়া বহুত কামোৰ দিলে আৰু তাৰ কাৰ্ড এখন দি কেচ-চেচ থাকিলে তাক কন্টেক কৰিব কলে, তাৰ কামোৰ খাই তেতিয়া তাৰ কাৰ্ডখন তাক দেখুৱাই আগ্ৰহৰে মানিবেগত ভৰাই থৈছিলো..............

যিয়েই নহওক, আজি চান্স পাই এডভোকেট ধ্ৰব কমলৰ কাৰ্ডখন মানিবেগটোৰপৰা এলিমিনেট কৰিলো

হোটেল নক্ষত্ৰ

কোনোবা শুভাকাংখীয়ে কৈছিল, ৩ ষ্টাৰ হোটেললৈ কেতিয়াও প্লেইন ব্লেক ট্ৰাউজাৰ-ব্লেজাৰ পিন্ধি যাব নালাগে........ আদাৰৱাইজ য়ু মে বি মিছ-ইন্টাৰপ্ৰিটেড বাই য়ৰ ড্ৰেছ কড...........
ষ্পৰ্টছ চু , চাৰ্ট আদাৰ দেন প্লেইন কালাৰ, জিনছ আৰু হাফ চুৱেটাৰ, একেবাৰে চেফ কম্বিনেছন...

হোটেল নক্ষত্ৰ, বেলতলা তিনিআলি, বাৰ্থডে পাৰ্টি এটা আছিল, আমি ভাড়া কৰি থকা ঘৰৰ মালিকৰ ক্লাছ ছিক্সত পঢ়ি থকা জীয়েকৰ বাৰ্থডে,
িনাকি মানুহ এঘৰৰ জাইলো এখনত লিফ্ট পাই গলো, সময়মতে বাৰ্থডে পাৰ্টিত এন্ত্ৰি মাৰিলো, হোটেল নক্ষত্ৰৰ ছেকেন্ড ফ্লৰত থকা হলৰ কমফৰটেবল চকী এখন অকুপাই কৰিলো, বেছি গেষ্ট মতা নাই, কেক কটা হল, বেলুন ফুটি ৰং বিৰঙৰ কাগজৰ টুকুৰা ওলাল, পেন্দা-পুন্দি এগালমানৰ কোলাহলে এটমচফিয়েৰ জমাই তুলিলে,

- আপোনাক কৰবাত দেখিছো নেকি......লৰা এজনে সুধিলে
- আপোনাকো কৰবাত দেখা দেখা লাগিছে....... মই কলো

কিছুসময় পাছত গম পালো যে লৰাজন ছমাহ আগৰেপৰা পৰিয়ালসহ আমি থকা ঘৰটোৰ ওপৰৰ মহলাটোত থাকে, আৰু ইন্টাৰেষ্টিংলি আমি ইজনে সিজনক চিনি নাপাও, কিবা এটা অফৱাৰ্ড লাগিল, সচাকৈয়ে আমি চহৰৰ যান্ত্ৰিক জীৱনৰ সৈতে চলি চলি একোটা যন্ত্ৰ হৈ পৰিছো......

ডিনাৰ কৰিলো, টেষ্ট কৰিবলৈ প্ৰথমতে চব আইটেম অলপ অলপ ললো, টেষ্ট কৰি ডিচাইড কৰিব নোৱাৰিলো কোনটো আইটেম খাব পাৰি, খাই থকা এজনক সুধি কনফাৰ্ম হৈ ললো যে মোৰ টেষ্টিং বাডছ ঠিকেই আছে, চিকেনৰ আইটেম দুটাৰ টেষ্ট বোলা বস্তটো মিচিং, পাছৰ বাৰ অকল ভাত আৰু দাইল ললো, লগত পাপৰ....... ইটিং এমাউন্ট কমপেনচেচনৰ বাবে লালমোহন পাচটা পেটত সোমাল.....

বাৰ্থডে প্ৰগ্ৰাম শেষ হল, তললৈ নামি আহিলো, গেটত থকা লৰাজনে চেলুট এটা মাৰি গ্লাছৰ দৰ্জাখন খুলি দিলে....

চিনাকি মানুহঘৰৰ জাইলোত উঠিবলৈ লৈছো, পাছফালৰ পৰা লৰা এজনে মাতিলে
- দাদা চিনি পাইছেনে

ঘুৰি চালো, ক'লা ইউনিফৰ্মত হোটেল নক্ষত্ৰৰ চিকিউৰিটি গাৰ্ড এজন, লৰাজনৰ ফালো সো হাতখন আগবঢ়াই দি হেন্ডশ্বেক কৰিলো
- ইয়াতে বাৰ্থডে পাৰ্টি এটা আছিল ৰবা, খাই আহিলো, পাছে তোমালোক ৰাতিপুৱা খেলিবলৈ নহা হৈ গলা যে, ৰাতিপুৱা উঠি ফিল্ডখনলৈ চাও, কোনো নাহেই খেলিবলৈ.... মই কলো
- নাই দাদা, যাম ৰব, এইকেইদিন টাইম পোৱা নাই

চিনাকি মানুহঘৰে মোক ড্ৰপ কৰিলে, গুড নাইট বুলি তেওলোকক বিদায় দিলো,
আমাৰ ঘৰৰ ওচৰতে এখন খেলপথাৰ আছে, খেলপথাৰখনৰ মাজত এখন ২০ গজৰ ক্ৰিকেট পিটছ, খেলপথাৰখনলৈ চালো......
এতিয়ালৈকে ইমানো যান্ত্ৰিক হৈ যোৱা নাই ছাগে......

এশ গৰু, এটা বাঘ, অকনমান টোপনি

কোৱা হয়, এশ গৰু মাৰিলে বাঘৰো মৰণ..... অইনে নাভাবিলেও মই ইমানদিনে নিজকে বাঘ বুলিয়েই গণ্য কৰি আহিছো, কিন্ত প্ৰমান কৰিব পৰা নাছিলো.....

৩০ জানুৱাৰী ২০১৪, অফৰ লাষ্ট দিন, ৰাতি গুৱাহাটীত নাইট চুপাৰত উঠি শিৱসাগৰত ৰাতিপুৱা শ্বিফটৰ বাছ ধৰিলো, এনেয়ে অহা-যোৱাৰ নামত দুটা দিন যায়গৈ, এইবাৰ এটা সম্পুৰ্ণ ডে-লাইট চেভ কৰি দিলো, সময়মতে চাইট গৈ পালো ঠিকেই, কিন্ত সমস্যা হল ৰাতি নাইট চুপাৰত টোপনি একেবাৰে নহল

ৰাতিপুৱা ৬-৩০ বজাত চাইট পালোগৈ, গৈয়ে কামত লাগি গলো, মাদ বনালো, পেৰামিটাৰ চালো, লিগনাইট চলুচন ৰেডি কৰি আৰু বাকী ঝামেলা মাৰোতে দহটা বাজিল

বাংক হাউচত সোমালো, এচি টো অন কৰিলো, বাংক হাউচত বিচনা এখন আছে, বাগৰি দিলো, চিলমিলিয়া টোপনি এটা আহি গল.......

টক.টক...... কোনোবাই কৰবাত নক কৰিলে, টোপনি ভাঙিলে

বিচনাখনত বহি চকুটো মেলিছোহে, চব টোপনি ফাটি গল........
- আপ ক্যা কৰ ৰহে থে......... ড্ৰিলিং ইন চাৰ্জে খঙেৰে সুধিলে
- ছাৰ মে চো ৰহা থা........ মই বিনম্ৰভাৱে কলো
- আপ কিউ চো ৰহে থে
- ছাৰ জোৰ কা নীন্দ আ ৰাহা থা...... মই আগতকৈও বিনম্ৰভাৱে কলো
- আপ ফিফটিন মিনিটছ বাদ মেৰে অফিছ মে মিলিয়ে.......... এইবুলি কৈ ড্ৰিলিং ইন চাৰ্জ ওলাই গল

পোন্ধৰ মিনিট পাছত মোৰ ৱাট লাগিব, আজিলৈকে কিমান ডিউটি বাংক দিলো, কিমান অতপালি কৰিলো, ৰুমত শুই ডেইলী ৰিপৰ্ট দিলো, বিদ্যা শপত, আজিলৈকে কোনেও হাটে লোটে ধৰিব পৰা নাছিল, আজি ফচি গলো, বেয়াকৈ ফচি গলো, জোৰ কা ঝটকা লাগি গল

জোৰ কা ঝটকাটো পাতলাবলৈ চাণক্য দা লৈ ফোন কৰিলো...... মোৰ দুখ ভৰি কাহানী শুনালো, ভাবিছিলো, এক কেমিষ্ট হি চমঝেগা এক কেমিষ্ট কি বাত
কিন্ত চাণক্য দাই মোক চিমপেথি দিয়াৰ সলনি হো হোৱাই হাহিবলৈ ধৰিলে.... ভালেই পাইছো, কেনে মজা, অজি ড্ৰিলিং ইন চাৰ্জে সুদাই নেৰে , এশ গৰু মাৰিলে বাঘৰো মৰণ...... তাৰ পাছত ফোনৰ সিটোমুৰত এটা ৰাৱণ টাইপ অটহাস্য

পিপল চুড বি পজিটিভ....ইমানবোৰ বেড ফিলিঙৰ মাজত এটা গুড ফিলিঙ আহিল...
আজি অন্তত মোৰ বাঘ টাইপৰ অনুভৱটোৰ সত্যতা প্ৰমাণিত হল.......
...............................
অকনমান টোপনিৰ কাৰণে আজি.... ময়ো এশটা গৰু মৰা এটা বাঘ


(২)

চাণক্য দাৰ অটহাস্যৰ পাছত দহ মিনিট মাইন্ড কুল কৰাত খৰচ কৰিলো, নেকি কৰ দৰিয়া মে দাল ফিলচফি লৈ লাইফত বহুত ভাল ভাল কামো কৰিছো, দৰিয়াৰপৰা দুই এটা নেকি ৰিজুভিনেট কৰাৰ চেষ্টা কৰিলো.........

পুৰা পোন্ধৰ মিনিট পাছত ড্ৰিলিং ইন চাৰ্জৰ অফিচত এন্ত্ৰি মাৰিলো, মেকুৰি টাইপ ফিলিং এটা ফিল কৰিলো (বাঘ আৰু মেকুৰী অৱশ্যে বায়লজিকেলি একেটা গোত্ৰৰে)

-মে আই কাম ইন ছাৰ
- আইইয়ে

ড্ৰিলিং ইন চাৰ্জৰ ৰুমৰ চকী এখনত বহিলো
- আপকো মে নটিছ কৰ ৰহা হু, পিছলে বাৰ ভী পেহলা দিন আপ ডি.এছ.এ মে ব্ৰেকফাষ্ট কিয়া থা........ ড্ৰিলিং ইনচাৰ্জে কলে
- হা ছাৰ
- অউৰ লান্স ভী কিয়া থা
- হা ছাৰ,
- আফটাৰনুন চায় ভী পিয়া থা
- হা ছাৰ
- অউৰ তব আপকা ডে শ্বিফট চল ৰহা থা
- হা ছাৰ
- কিউ
- তব ৰীগ পে কাম নহী থা, চো ব্ৰেকফাষ্ট-লান্স কে চাথ ডিনাৰ ভী ডি.এছ.এ মে কিয়া থা
- ইচ বাৰ ভী আজ আপ ব্ৰেকফাষ্ট ডি.এছ.এ মে কিয়া
- হা ছাৰ
- লেকিন ইচবাৰ ড্ৰিলিং চল ৰহা হে
- হা ছাৰ, আজ লান্স অউৰ আফটাৰনুন চায় চাইট পে কৰুংগা........ মই বিনম্ৰতাৰে কলো

ড্ৰিলিং ইন চাৰ্জে কিবা এটা ভাবিলে, তাৰ পাছত কলে
- আপ নাইট বাছ মে আয়া হে না
- হা ছাৰ, আপকো কেইচে পতা চলা
- আজ আপ জব ব্ৰেকফাষ্ট কৰ ৰহে থে মে ভী কৰ ৰহা থা
- অচ্ছা
- আপ জব হচ হচ কে অপনে দোস্ত চে বাত কৰ ৰহে থে, মে চুন লিয়া থা, আপনে জো ড্ৰিলাৰ কে উপৰ চুটকুলা চুনায়া থা ৱ অচ্চা লগা থা
- হা ছাৰ
- বাছ মে নীন্দ অচ্চী নহী হোতী, মেৰা ভী এক্সপেৰিয়েন্স হে
- হা ছাৰ
- আপ চাহে তো এক-দো ঘন্টা ৰেষ্ট কৰ চকতে হে
- কাহা অভী নীন্দ আয়েগা চাৰ, চাৰী নীন্দ তো উৰ গয়া হে , আব তো জগনা হী পৰেগা, ড্ৰিলিং কৰানা হে
- হা, ঠিক হে, ৰাত মে অচ্চী তৰহ চো লিজিয়ে, নীন্দ চেহত কে লিয়ে বহত জৰুৰী হে........ ড্ৰিলিং ইন চাৰ্জে নম্ৰভাৱে কলে

ড্ৰিলিং ইন চাৰ্জৰ ৰুমৰপৰা বাহিৰ ওলালো, চাণক্য দা লৈ ফোন কৰিলো.
- চাণক্য দা কি হালচাল
- কি হল , মোৰ অকে আছে, তোৰ হালচাল কি, ড্ৰিলিং ইন চাৰ্জে কি কলে
- নীন্দ চেহত কে লিয়ে বহত জৰুৰী হে
- কি কৱ বে, বাচি গলি
- হা
- কি কৱ বে, কেনেকে
- আৰে চাণক্য দা, চেৰ তো হমেচা চেৰ হী হোতা হে, চাহে ঘৰ মে হো,জংঘল মে হো চাহে চাইট পে হো, বাঘ ইজ অলৱেজ টাইগাৰ

চানক্য দাই আৰু এবাৰ ‘কি কৱ বে’ বুলি কোৱা কাণত পৰিল.....

কনফেচন

কনফেচন

কেইবছৰমান আগতে, ডে আফটাৰ ভেলেনটাইন ডে, তেতিয়া জালুকবাৰীৰ অভাৰব্ৰীজৰ ফাউন্ডেচন ষ্টাৰ্ট হোৱা নাই, ভুপেন হাজৰিকা তেতিয়া জীৱিত, শিৱসাগৰলৈ এ.এছ.টি.চি ৰ এ.চি বাছ নচলে , তেতিয়া অৰকুট কৰো, ফেচবুকত একাউন্ট নাছিল

দুপৰ নিশা, বিচনাখনত ইলুটি-সিলুটি মাৰি আছো, টোপনি অহা নাই, বাহিৰত ফৰিংফুটা জোনাক, কিবা এটাৰ চিন্তাত মন-মগজু ভাৰাক্ৰান্ত, কিবা এটা কথা ডিচাইড কৰিব পৰা নাই .........

ওচৰৰ বিচনাখনত মম্মী, গভীৰ নিদ্ৰাত,
- মা........ মই মাতিলো
কোনো সাৰসুৰ নাই
- মা...... মই আকৌ মাতিলো
- ও........ এটা ৰিপ্লাই আহিল
- লগৰ ছোৱালী এজনীক মই ভাল পাও......... আধা ছেকেন্ডৰ এটা বাক্য

তাৰ পাছত অলপ নিস্তব্ধতা, বাহিৰত জোনাক, ভিতৰত জিৰো পাৱাৰ বাল্বৰ ক্ষীণ পোহৰ,
ধহমহকৈ এটা শব্দ হল, জিৰো পাৱাৰৰ পোহৰত দেখিলো মম্মী হঠাতে টোপনিৰপৰা উঠি বিচনাত বহিছে, কিন্ত মোৰ পিনে চোৱা নাই, খিড়িকীখনেদি জোনাক এচমকা টেবুল এখনত পৰিছে, মম্মীয়ে টেবুলখনলৈ চাই আছে, টেবুলখনৰ এপৰত এজাপ কিতাপ, ৰুমটোৰ ভিতৰত নিস্তব্ধতা

- কিন্ত তাই মোক ভাল নাপায়.......... নিস্তব্ধতা ভাঙি আৰু এটা আধা ছেকেন্ডৰ বাক্য

বাহিৰত জিলিৰ মাত , ফৰিংফুটা জোনাক, ভিতৰত নিস্তব্ধতা, তাৰ পাছত নিস্তব্ধতা ভংগ নহল,
মম্মী আকৌ বিচনাত শুই পৰিল
.................................
উচকে বাদ না মম্মী নে কভী পুচা, না মেনে কভী কাহা, ৱ কৌন থী.....
(মই সেই মেমৰীটো এটা ড্ৰীম বুলি ভাৱিছিলো)
................................................
জালুকবাৰীৰৰ লাচিত চক নোহোৱা হল, ভুপেন হাজৰিকা ইজ ন মৰ, গুৱাহাটীত কে.এফ.চি দুখন হলগৈ........
ডে আফটাৰ ভেলেনটাইন ডে, ফেচবুকত চাৰ্ফ কৰি টাইম পাচ কৰি আছো,
- এইজনীয়ে সেইজনী আছিল নেকি......... মোৰ কান্ধত মম্মীৰ হাত এখন, মম্মীৰ আনখন হাতত একাপ চাহ, লেপটপৰ স্ক্ৰীণত বিউটিফুল ছোৱালী এজনী

কালি ৰাতি জোনটো আকাশত ওলোৱা নাছিল..............

.......................................

( বি.দ্ৰ. লেপটপৰ স্ক্ৰীণৰ ফটোখন আছিল পৰিণীতিৰ, সেই যে প্ৰিয়ংকা, চিনেমা কৰে যে, তাইৰ ভনীয়েক )

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...