Thursday, September 24, 2015

বেনাম

ৰাতিপুৱা ব্ৰেকফাষ্ট ৰুমৰপৰা ওলাইছো । কাষত ৰনদীপ আৰু প্ৰজাপতি । তিনিওজনে দীৰুদাৰ ফিউচাৰৰ কথা পাতি খোজকাঢ়ি আছো ।

- আৰে বৰদলুই , কেইচা হে ............. সমুখৰপৰা আহি থকা মানুহজনে কলে
সমুখৰ মানুহজন ৱাই কুমাৰ, চীফ ইঞ্জিনিয়াৰ , ৰীগ এটাৰ ড্ৰিলিং ইনচাৰ্জ ।
- ঠিক হে চাৰ ......... মই কলো
- আজকাল চাইট পে ৰেষ্ট-ৱেষ্ট মিলতা হে কি নহী ......... ৱাই কুমাৰে হাহি মাৰি সুধিলে
- ৱক্ট নিকালকে লে লেতে হে...... মইও হাহি মাৰি উত্তৰ দিলো
ৱাই কুমাৰক ক্ৰছ কৰিলো । অলপদুৰ যোৱাৰ পাছত ৰনদীপে সুধিলে
- আচ্ছা বিকাচ দা, আপুনিতো শইকীয়াহে লিখে, ই বৰদলৈ বুলি কিয় মাতিলে
মই হাহি এটা মাৰি কলো ...........
- হে হে, কথা আছে, একদম চিক্ৰেট কেচ এটা আছে
- কি কেচ, কওকনা
- নাই, জেং হৈ যাব
- পিলিজ কওকনা, আমি কাকো নকও, বিদ্যা শপত

ৰনদীপৰ কামোৰ খাই মই কেচটো কৱলৈ ষ্টাৰ্ট কৰিলো ।

ডেৰবছৰমান আগৰ কথা । তেতিয়া ১৪ দিনীয়া অন অফ ষ্টাৰ্ট হোৱা নাই । টু ডেইজ অন-অফ পেটাৰ্নত ডিউটি কৰো । এদিন ডে, পাছৰদিনা নাইট, তাৰ পাছৰ দুদিন অফ । এবাৰ প্ৰথম অফ এটাত ডিব্ৰুগড়লৈ বিয়া এখন খাবলৈ গলো । আবিলি গৈ থাকোতেই বছে ফোন কৰি কলে যে অইন এটা ৰীগত থকা অচিন্তদাই ছুটী লৈছে আৰু পাছদিনা তেওৰ ডিউটিটো মই কৰিব লাগিব । মই বিয়ালৈ আহি থকাৰ কথা কওতেও বছে নুশুনিলে আৰু কলে যে কাইলৈ ডিউটি যাবই লাগিব ।
বিয়াৰপৰা ওভটোতেই ৰাতিপুৱা তিনিটা বাজিল । তাৰ পাছত পাচ বজাত শ্বিফটৰ বাছ ধৰি ৰাতিপুৱা ছটা পোন্ধৰত চাইট পালো । ড্ৰিলিং চলি আছে , ইফালে ৰাতি টোপনি খতি । জান হো তো জাহান হে । গৈয়েই বাংক হাউচত শুই দিলো ।
দহটামান বজাত ধহমহকৈ সাৰ পালো । সাৰপাই দেখিলো কাষত দাত-ওঠ কামুৰি ড্ৰিলিং ইনচাৰ্জ ৱাই কুমাৰ থিয় হৈ আছে ।

- আপ ক্যা কৰ ৰাহে থে......... ৱাই কুমাৰে খঙেৰে সুধিলে
- চাব মে চো ৰাহা থা..... মই কলো
- কিউ, য়া ড্ৰিলিং চল ৰাহা হে আউৰ আপ চো ৰহে হে
- এক্সুৱেলি.........
তাৰ পাছত একো কবলৈ নিদি ৱাই কুমাৰে আধাঘন্টামান মোক লেচন দিলে । মই তলমুৰ কৰি, মুৰ দুপিয়াই হা চাৰ, হা চাৰ কৰি থাকিলো ।
লেচনৰ এন্ডত ড্ৰিলিং ইনচাৰ্জে ডায়েৰী আৰু কলম হাতত লৈ কলে
- আপকা নাম ক্যা হে
- প্ৰাঞ্জল বৰদলৈ ............ মই লগে লগে কলো
- ক্যা
- পি আৰ এ এন জে এ এল, প্ৰাঞ্জল, বি অ আৰ ডি অ এল অ আই, বৰদলৈ, মাই নেম ইজ প্ৰাঞ্জল বৰদলৈ

তেতিয়াৰে পৰা ৱাই কুমাৰে মোক প্ৰাঞ্জল বৰদলৈ বুলি ভাৱে ।
( Pranjal Bordoloi দা লৈ ক্ষমাপ্ৰাৰ্থনাৰে )

এ ছানডে

দেওবাৰৰ দিন, ৰাতিপুৱা ৫-৩০ ত এলাৰ্ম বাজিল । ফ্ৰেচ হৈ ডাইনিং হলৰ ফালে গৈ আছো । অপজিত চাইদৰপৰা চন্দনদা পিঠিত বেগ এটা লৈ কোবাকোবিকৈ আহি আছে ।
- কি চন্দনদা কত যায়
- এহ, চাইটত ৰগৰি দিছে, পিছত কথা পাতিম, শ্বিফট বাছ যাবই এতিয়া........ চন্দনদাই স্পীড বঢ়াই দিলে

ডাইনিং হলত সোমালো, ব্ৰেকফাষ্টত পুৰি-চবজি, ব্ৰেড-জাম-বাটাৰ । দীৰুদাক ফোন লগালো
- কত............. মই সুধিলো
- চিবচাগৰ
- আজি নাযায় নেকি
- ধেই শুই আছো, ডিষ্টাৰ্ব নকৰিবি, পিছত ফোন কৰিবি.......... দীৰুদাই ফোনটো কাটি দিলে

৬-৩০ বাজিল । শ্বিফ্ট বাছত উঠিলো । ডেৰঘন্টা পাছত চাইট পালো । চাইট পাই ইফালে সিফালে চালো । একদম চন্নাটা । চুপ-চাপ বাংক হাউচত সোমালো , লকাৰ খুলিলো , কম্বল এখন উলিয়ালো, কম্বলখল গাৰু বনাই ফোনটো চুইচ অফ কৰি চাইটৰ বাংক বাউচৰ বিচনাখনত বাগৰি দিলো ।

লাষ্ট তিনিমাহ ধৰি ............ এভৰিডে ইজ লাইক দিছ ছানডে ।

মৰেল অৱ দা ষ্টৰী-
ইন পি.এছ.ইউ, জাদা মগজমাৰি নেহী কৰনেকা, চুপ-চাপ বিন্দাছ ৰেহনেকা , তো দিন চুহানা, ৰাতে চুহানী, জেচে তেচে ডিউটি কা চৌধা দিন নিকালনা হে আউৰ ফিৰ ঘৰ ৱাপচি ।

বিহুতলীত কামোৰ



চানমাৰিত বিহু চাবলৈ গৈছো । ঠিক বিহু বুলিব নোৱাৰি, কালচাৰেল প্ৰগ্ৰাম । দীৰুদাক ফোন লগালো ।
- কত আছে, মই পালোৱেই
- অলপ ৰখ, মই গৈ আছো....... দীৰুদাই কলে
এই দীৰুদাটোৰ টাইমৰ কোনো ঠিক নাই । সদায় লেট কৰে । বাইকখন ৰাষ্টাতে থৈ হেলমেটটো হাতত লৈ ফিল্ডলৈ সোমাই গলো । এজনক সুধি গম পালো যে আজি জুবিলী আহিব । অলপ ইফালে সিফালে ঘুৰাঘুৰি কৰি বাদামৱালা এটাৰ ওচৰ পালো । তাৰপৰা দহটকাৰ বাদাম লৈ চোবাবলৈ ধৰিলো ।
- আব্বে ইমান দিনৰ মুৰত, কি খবৰ বে
মাতটোৰ ফালে ঘুৰি চালো । মোৰ টাইপৰ লৰা এটা । থোপৰাটো কত দেখিছিলো মনত পেলাব নোৱাৰিলো । তথাপিও যিহেতু সি মোক মাতিছে চিনাকিয়ে হব ছাগে ।
- মোৰ ভালেই , তোৰ কি খবৰ....... মই সোহাতখন আগবঢ়াই হেন্ডশ্বেক কৰিলো
- বিহু চাব আহিছ নেকি, কাৰ লগত
- চিংগোল মানুহ, অকলেই আহিছো আৰু ....... মই কলো
- তোৰ উন্নতি নহল আৰু, আৰু বাকী কত কি কৰি আছ...... সি সুধিলে
- মই অ.এন.জি.চিত , চাৰি বছৰেই হল, তোৰ কচোন
- মই এল.এন.টিত , মুম্মাইত, হাইৱে প্ৰজেক্ট এটা কৰি আছো, ছুটী নাপায়েই, এইবাৰ যেন-তেন বিহুৰ লগত মিলাই ছুটী মাৰি দিলো......... সি কলে
এতিয়ালৈ মই তাৰ আইডেনটিটি ধৰিব পৰা নাই । আৰু এবাৰ মেমৰিৰ ডাটা চেক্টৰত ৰিফ্ৰেছ মাৰিলো । নাই, তাৰ চেহেৰাটো ধৰিব পৰা নাই । ভাবিলো ফ্ৰেন্ডৰ কথা সুধি দিও । কমন ফ্ৰেন্ডৰপৰা তাক কত লগ পাইছিলো ওলাই পৰিব ।
- আৰু কচোন, লগৰকেইটাৰ কি খবৰ.......... মই সুধিলো
- আব্বে বহুতৰ লগত কন্টেকেই নাই বে, কুলু, নীহাৰ তো মেডিকেল কৰি এতিয়া পিজি কৰি আছে, মাধু বি.বৰুৱাত বটানি পঢ়িছিলে, অলপতে বিয়া হল, বাকী খঞ্জন, ঋষভ সিহততো মোৰ লগত এন.আই.টি পৰা পাছ কৰি বাংগালোৰত চাকৰি কৰি আছে । সীমান্ত বি.চি.পি.এল লৈ আহিল নহয় .... সি কলে
- সেইটো গম পাও........ মই মুৰ দুপিয়ালো
তাৰমানে ই মোৰ লগত কটনত হায়াৰ ছেক্ন্ডাৰীত আছিল , তাৰ পাছত এন.আই.টিত ইঞ্জিনাৰিং কৰি বৰ্তমান এল.এন.টিত । কাৰন সি লোৱা নামকেইটা গোটেইকেইটা মোৰ লগত হায়াৰ ছেকেন্ডাৰী পঢ়িছিল । তাৰ ফেচ কাটিংটো অলপ ভালদৰে চাই অনুমান কৰিলে যে ই ৰাজীব বা নবাংকুৰ হব লাগে , অৱশ্য ইয়াৰ কথা কোৱাৰ ষ্টাইলটো প্ৰণৱৰ লগতো অলপ অলপ মিলে ।
- আৰু এটা কথা বে, আমাৰ লগৰ আৰু এটা অ.এন.জি.চিত আছে বোলে, মোক সীমান্তই কৈছিল.....সি কলে
- কোন.......... মই সুধিলো
- সেই যে কামোৰটো
- কোনটো কামোৰ
- সেই যে সীমান্তৰ লগৰটো, চচমা পিন্ধিছিল, ব্লু চাৰ্ট, কাৰ্লি হেয়াৰ, কি নাম আছিল তাৰ
সীমান্তৰ লগৰ, চচমা, ব্লু চাৰ্ট, কাৰ্লি হেয়াৰ, মনে মনে ভাৱিলে সেইটোতো ময়েই হয় চেন । চকুত লাচিক কৰালো, বছৰৰ লগে লগে মোৰ চুলিও চফা হৈ গল , মানে ইও মই কোন সঠিককৈ ধৰিব পৰা নাই ।
- বিকাচ আছিল নেকি তাৰ নাম.........মই কলো
- হয় হয়, বিকাচ, কি কামোৰ আছিল বে, সিও বোলে অ.এন.জি.চিত, তাক লগ পাৱ নেকি
- সি ইমানো কামোৰ নাছিল নেকি...... মই নিজক বচাবলৈ কলো
- কামোৰ নাছিল, কি কৱ বে, তাৰ চিঙাই দিছিল, আব্বে মানুহ কলেজ যায় এনজয়মেন্টৰ বাবে, ক্লাছ বাংক দিব লাগে, ঘুৰিব লাগে, ফুৰিব লাগে, সেয়াহে এনজয়মেন্ট, সি আকৌ টিচাৰ ক্লাছত নাহিলেও কমনৰুমৰপৰা মাতি লৈ আহে, চাল্লা তাৰ কাৰনে নোহোৱা ক্লাছটোও হৈ যায় , বৈধ্যম কামোৰ দিছিল বে.......... সি কলে
হিউমিলেট হৈ গলো । মোৰ সন্মুখতে মোকেই কামোৰ বুলি কৈ আছে । মই হাহো নাহাহোকে পাতল হাহি এটা মাৰিলো ।
- চা দোস্ত, চবৰে পাৰচেপচন বেলেগ বেলেগ না, ফিজিক্স, কেমেস্ত্ৰী, মেথছ, তোৰ ৰাতিপুৱা প্ৰাইভেট টিউচন, আবেলি স্কলাৰ্চত কচিং, চো তোৰ ধৰ কলেজত ক্লাছ নহলেও একো লচ নাই, কিন্ত যাৰ টিউচন-কচিং নাই তাৰ কাৰনে তো কলেজৰ ক্লাছকেইটাই ভৰষা, ক্লাছ নহলে চিলেবাছ কেনেকৈ কমপ্লিট হব ............ মই নৰম সুৰত কলে
- হলেও কামোৰ পাইছিলো বে
- কি ঠিক, কি নাম আছিল তাৰ, বিকাচ, সি ছাগে তহতোকো বৈধ্যম কামোৰ পাইছিলে , হবও পাৰে না ............ মই কলো
অলপ পাছত তাৰপৰা বিদায় ললো । তাক পাছে নকলো যে মইয়েই বিকাচ নামৰ কামোৰটো হয় ।

ৰীগৰ লেবাৰ আৰু প্লাষ্টিক ড্ৰাম

এই ৰীগটোলৈ অহা তিনিমাহমান হৈছে । সময় ঘড়ীত ৰাতি দুই বাজিছে । ৰীগত ড্ৰিলিঙ চলি আছে । বাংক হাউচৰপৰা ওলাই ডেৰিক ফ্লৰলৈ উঠি গলো । ড্ৰিলিং ইঞ্জিনিয়াৰ খঞ্জনে ব্ৰেকডাল ধৰি কিবা এটা চিন্তা কৰি আছে । কাষতে বহি কোৱৰে কানত হেডফোন লগাই মবাইলত চিনেমা এখন চাই আছে ।

- চব ঠিকে আছে তো......... মই সুধিলো
- পুৰা অকে, ৰাতি একো প্ৰবলেম নহলেই হয় আৰু........ কোৱৰে কলে
- মই কি কম বুলি ভাবিছিলো, আজি আপোনাৰ টোপনি অহা নাই যে...... খঞ্জনে মোক সুধিলে
- অলপ শুলো আকৌ, দেহা থাকিলেহে বেহা, মাদ লেবাৰকেইটাক অলপ নজৰ দি আহো....... মই কলো

ডেৰিক ফ্লৰৰপৰা মাদ টেংকলৈ চালো । চব ঠিকেই আছে । কেমিকেল ষ্টৰৰ পিনে চালো । ছায়ামুৰ্তি এটাই লৰচৰ কৰি আছে । লগে লগে ডেৰিকৰপৰা নামি কেমিকেল ষ্টৰৰ ফালে গলো । ছায়ামুৰ্তিটোৱে প্লাস্টিকৰ খালী ড্ৰাম এটা চোচোৰাই লৈ গৈছে । ছায়ামুৰ্তিটো ইতিমধ্যে কাটাতাৰৰ ফেন্সিঙৰ ওচৰ পাইছেগৈ । ছায়ামুৰ্তিটো ধৰিব পাৰিলো । বিতুল.... বিতুল ৰাজকোৱৰ, ৰীগটোত কাম কৰা সকলোতকৈ ভাল মাদ লেবাৰ ।

ৰীগটোত চাৰিটা শ্বিফটত তিনিটাকৈ মুঠ বাৰজন মাদ লেবাৰ । প্ৰায়খিনিয়েই লোকেল । তাৰে তিনিজন বাদ দি বাকীকেইটা কম-বেছি পৰিমানে দোৰ্ঘোৰ মদাহী । সেই মদাহীকেইটাৰ মাজৰ কেইটামান পাকৈত চোৰ । সিহতে ডিজেল, প্লাস্তিকৰ ড্ৰাম, লোহা ইত্যাদি চুৰ কৰি লৈ যায় । সিহতৰ বিষয়ে ওপৰৱালা বিষয়াক কৈছো যদিও একো ফল দিয়া নাই ।

বিতুল মদ নোখোৱা লেবাৰকেইটাৰ মাজৰ এটা । কামত ভাল । সহজ অৰ্থত ভাল মাদ লেবাৰ । আমি কেতিয়াবা মৰমতে চাহ খাবলৈ তাক পঞ্চাছ-এশ টকা দিও । কিন্ত ভাল হৈ তাৰ একো লাভ হোৱা নাই । চোৰ মাদ লেবাৰকেইটাই চি.আই.এছ.এফ কেইজনমানক ফিটিং কৰি লৈছে আৰু ডিজেল, লোহা, ড্ৰাম ইত্যাদি সৰকাই লৈ যায় । সিহতে এটা ড্ৰামত আঠশ টকাকৈ বাহিৰত বিক্ৰী কৰে । সেই টকাৰে সিহতে প্ৰচুৰ মদ খাই নিজকে ৰজা বুলি ভাৱে । চন্দন ৰাজখোৱাক সিহতে জ্বলা-কলা খুৱাই থৈছে । পিছে চন্দনৰ ঠাইত মই অহাৰপৰা সিহতৰ উদ্ভন্ডালি অলপ কমিছে ।

বিতুলে মোৰ আগত কেতিয়াবা আক্ষেপ কৰে । চোৰকেইটাই কামো কমকৈ কৰে, চুৰ কৰি বহত টকা ঘটিছে আৰু সি বেছিকৈ কাম কৰিও কেৱল মাহৰ মুৰত পোৱা তিনি হাজাৰ টকা দৰমহাৰে চলিব লগা হয় । গতিকে ভাল হৈ কি লাভ । আজিৰ দুনীয়াত চোৰ হব লাগে কাৰন এই দুনীয়া চোৰৰ দুনীয়া ।

মই তাক বুজাবলৈ যত্ন কৰো যে চুৰি-ডকাইতি কৰি বহুত পইচা কৰিব পাৰি সচা, কিন্ত চুৰি নকৰিও মানুহ এজন ভালদৰে থাকিব পাৰে । তাক মই অলপ ফিলছফিকেল কথা কৈ ইমছনেল ট্ৰিটমেন্ট দি দিও কাৰণ মই জানো যে সিও যদি বেয়া হৈ মদাহী লেবাৰকেইটাৰ দৰে হৈ যায় তেনেহলে মোৰ বাবে ৰীগত কাম চলোৱাই মস্কিল হৈ পৰিব ।

উনৈশ বছৰীয়া বিতুলৰ ঘৰত মাক, ভায়েক আৰু ভনীয়েক এজনী । দেউতাক নাই । সিহতৰ বেছি খেতিমাটিও নাই । বাঁহৰ মাটিৰে লিপা ঘৰটোত তিনিটা কোঠাৰ চাৰিটা প্ৰাণীৰ দায়িত্ব হয়তো বিতুলে বুজিছে আৰু সেইকাৰনেই হয়তো সি আন লেবাৰকেইটাৰ দৰে দোৰ্ঘোৰ মদাহী হোৱাগৈ নাই ।

সেইটো বিতুলেই ড্ৰাম এটা চোচোৰাই লৈ গৈ আছে আৰু অলপ পাছতেই ফেন্সিঙৰ বাহিৰলৈ দলিয়াই দিব । মই ভাৱিবলৈ ধৰিলো যে তাক মই বাধা দিম নে একো নেদেখা বুলি ধৰি বাংক হাউচলৈ ঘুৰি যাম ।

ড্ৰামটো ঠিক দলিয়াবলৈ লওতেই বিতুলক মই চিঞৰি মাতিলো । সি ঘুৰি চালে । তাক টেংকৰ ওপৰলৈ হাত জোকাৰি মাতিলো । সি তলমুৰ কৰি আহিল । মই তাক গালি নাপাৰিলো । তাক কলো যে এনেকৈ পাছফালেৰে নিব নালাগে, কাইলৈ ড্ৰিলিঙ ইনচাৰ্জক কৈ গেট পাছ লিখাই দিম আৰু মেইন গেটেৰে ড্ৰামটো লৈ যাবি ।

ৰীগবোৰত প্লাস্টিকৰ খালী ড্ৰামবোৰৰ বাবে বৰ খোৱা-কামোৰা হয় । ড্ৰামটোত থকা কেমিকেলবোৰ মাদ টেংকত ঢালিবলৈ নৌপাওতেই শ্বিফটৰ মানুহ, কন্টিজেন্ট লেবাৰ, ইমাৰজেন্সি ড্ৰাইভাৰ, ক্ৰেনৰ লৰা ইত্যাদিয়ে আগুৰি ধৰেহি । পাছত খালী ড্ৰামবোৰ ড্ৰিলিঙ ইনচাৰ্জ বা ষ্টৰ কীপাৰৰ পৰা গেট পাছ কাটি লৈ যায় ।

এইবোৰ কামোৰৰ পৰা হাত সাৰিবলৈ এইটো ৰীগত দেউৰীদা আৰু মই শ্বিফটত খালী হোৱা ড্ৰামবোৰ ষ্টৰ কীপাৰক হেন্ড অভাৰ কৰি দিও । ইতিমধ্যে প্ৰায় ৫০ টাৰো ওপৰত খালী প্লাস্টিকৰ ড্ৰাম আমি ষ্টৰ কীপাৰক হেন্ড অভাৰ কৰিছো ।

পাছদিনা ড্ৰিনিঙ ইনচাৰ্জক কলো যে কাম কৰা ভাল লেবাৰকেইটাই আপত্তি কৰিছে যে মদাহীকেইটাই ড্ৰাম-চ্ৰাম লৈ গৈ থাকে আৰু সিহতে একো নাপায় । গতিকে সিহতকো ড্ৰাম এটাকৈ লিখি দিলে ভাল হল নহলে লেবাৰ মেনেজ কৰাত আমাৰ অসুবিধা হব । ড্ৰিলিঙ ইনচাৰ্জে গেট-পাছ লিখি দিলে আৰু পাছদিনা বিতুলে সকলোৰে সমুখেৰে দ্ৰামটো লৈ গল ।

চাকৰি, ঘোচ, ডিমটিভেটৰ ইত্যাদি

(১)

স্থান- DSA. গেলেকী, ২৭ মাৰ্চ, ২০১৫, চাইটৰপৰা ডিউটি কৰি আহি ডিনাৰ কৰিবলৈ লৈছো । জুনিয়ৰ এজন ওচৰত বহিল । সি যোৱাবছৰ ষ্টাফ পৰ্যায়ত জইন কৰিছিল । এইবছৰ গেট(GATE) ক্লিয়াৰ কৰিছে । এইবাৰ কোম্পানীৰ বিষয়া পদৰ ৰিক্ৰুইটমেন্ট গেট (GATE-2015)ৰ যোগেদি হব । ডিপাৰ্টমেন্টেল কেন্ডিডেট হিচাপে তাৰ চিলেক্ট হোৱাৰ সম্ভাৱনা বহুত বেছি ।

- বিকাচ দা ইন্টাৰভিউৰ কাৰনে টিপছ দিয়ক না...... জুনিয়ৰজনে সুধিলে
- গেট ক্লিয়াৰ হোৱাত নাইন্টি পাৰচেন্ট কাম তোমাৰ হৈ গল , বাচ বৰ্তমান যিটো কাম কৰি আছা, খুটি নাটি মাৰি থিয়ৰী পঢ়ি যাবা, বিন্দাচ নাৰ্ভাচ নোহোৱাকৈ ভাইভা দিবা, এক্সট্ৰিম বেড লাকৰ বাহিৰে তোমাক কোনেও ৰখাব নোৱাৰে... ....মই চিকেন এপিচ কামোৰ মাৰি কলো
- আচ্চা , কোনোবা ডাঙৰ মানুহ, জি.এম ইত্যাদি চিনাকি আছে নেকি আপোনাৰ
- মানে
- মানে কৈ চৈ দিলে হৈ যাব পৰাকৈ
- চোৱা ভাই , যোৱাবছৰ যে তুমি ইয়াত পালা, কোনাবা জি.এমে কৈ দিয়াৰ কাৰনেহে পাইছিলা নেকি
- নহয় মানে শুনিছো বহুত লবী থাকে বোলে, বিহাৰ-ইউ পিৰ লৰা সেইকাৰনে বেছিকৈ চিলেক্ট হয়............. জুনিয়ৰজনে কলে

ওচৰতে মোহিত শৰ্মা বহি আছিল । মোহিত চানক্যদাৰ লগত মোৰ পাছৰবছৰ জইন কৰিছিল ।

- দেখো য়হা ৱ চব নহী হোতা, দিল্লী চে জো ৰিক্ৰুইটমেন্ট হোতা হে পুৰা জেনুইন হোতা হে, মে ইউ-পি কা ৰিক্ৰুইটমেন্ট বৰ্ড কা কম চে কম ২০ ইন্টাৰভিউ দিয়া থা , লেকিন নহী হুৱা থা, য়হা বাচ ৰিটেন নিকালা, অচ্চা ইন্টাৰভিউ দিয়া, হো গয়া , য়হা পুৰা জেনুইন হোতা হে ........... মোহিত শৰ্মাই কলে

মই জুনিয়ৰজনৰ ফালে চাই কলো......... মোহিতৰ ঘৰ বাৰানসীত, ই বেনাৰচ হিন্দু ইউনিভাৰচিটীৰ টপাৰ, কে.ভি.এছৰ পৰীক্ষাত অল ইন্ডিয়াৰ ভিতৰত টপ কৰিছিল, ইয়াকো কি লবীৰ থ্ৰু অহা বুলি কবানেকি

- নহয় মানে, দিল্লীৰ পৰা ৰিক্ৰুইটমেন্ট জেনুইনে হয় কিন্ত আমাৰ ইয়াৰ জনেল ৰিক্ৰুইটমেন্টত কিন্ত পইচা চলে, এইবাৰ দহ লাখলৈকে উঠা বুলি শুনিছো........ জুনিয়ৰজনে আকৌ কলে

অলপ খং উঠি গল ।
- তাৰমানে তুমি কব খুজিছা যে মানুহে ঘোচ দি চাকৰি পাইছে অৰ্থাত তুমিও দহ লাখ ঘোচ দি চাকৰিত সোমাইছিলা......... মই কলো
- ধেই ইমান পইচা মই কত পাম, আমাৰবাৰ পুৰা জেনুইন হৈছিল, কেমেষ্ট্ৰীত এইবোৰ নহয় কিন্ত ড্ৰিলিঙত হয় বোলে ...... জুনিয়ৰজনে কলে

এইবাৰ অলপ বেছিকৈয়ে খং উঠি গল ।

- তাৰমানে তুমি বুজাব খুজিছা যে তুমি ইলিজিবল আৰু বাকীবোৰ আনইলিজিবল । এটা কাম কৰা, এইবাৰ ৰিক্ৰুইটমেন্টৰ ড্ৰিলিঙৰ এজন মানুহ দেখুৱাই দিয়া যি পইচা ধালি চাকৰি পাইছে আৰু এজনৰ এগেইন্ষ্টত মই ড্ৰিলিঙৰ দহজন মানুহ দেখুৱাই দিম যি জেনুইনলি মেৰিটিয়াছ আৰু নিজৰ যোগ্যতাৰ ফলত পাইছে .... মই কলো

কিছুসময় পাছত আমি ডাইনিং হলৰ বাহিৰ ওলাই আহিলো । জুনিয়ৰজনো মোৰ লগে লগে আহিল ।

- মই অলপ ৰাফলি কলো, কাৰন মোৰ খং উঠিছিল । চোৱা তোমাৰ যোগ্যতা আছে, অলপ কষ্ট কৰিলেই তুমি পাৰিবা । তুমি নিজৰ যোগ্যতাৰ বলত জেনুইনলি এই চাকৰিটো পাইচা, গতিকে তুমি যে অমুকত দুই নম্বৰী হয়, তমুকত পইচা চলে , এনেধৰনৰ কথা কোৱা সেইটো উচিত জানো ....... মই কলো
- কিন্ত মই শুনা কথাটোহে কৈছো......... জুনিয়ৰজনে কলে
- আচ্ছা, ঠিক আছে, ধৰা মই তোমাক কলো যে মোৰ লিংক এটা আছে, তাত পইচা দিলে ফিটিং হৈ যাব, তুমি তো মোৰ কথা বিশ্বাস কৰিবা, নহয় জানো
- হয়
- তাৰ পাছত অমুকক দিব লাগে বুলি পোন্ধৰ লাখ মান তোমাৰপৰা ললো, ঘৰৰ মাটি বিক্ৰী কৰি হলেও, লোন লৈ হলেও দিবা তো , হয়নে নহয়
- হয়
- তাৰপাছত মই টকাখিনি বেংকত থৈ সুত খাই থাকিলো, তুমি পজিটিভ থিংকিং লৈ ইন্টাৰভিউ দিলা, ভাল হল, নিজৰ যোগ্যতাৰে তুমি চাকৰিটো পাই গলা, আৰু মই ফাওতে ১৫ লাখ উদৰস্ত কৰিলো । এনেকুৱা হব পাৰে নে নাই........ মই কলো
- কিন্ত যদি নাপাও, তেতিয়া
- তেতিয়া মই টকাখিনি তোমাক ওভটাই দিলো আৰু তোমাক কম যে বহুত ট্ৰাই কৰিলো কিন্ত কোনোবা জি.এম-মিনিষ্টাৰৰ কেন্ডিডেটৰ বাবে একো কৰিব নোৱাৰিলো । তুমি মোক বেয়াও নাপালা কাৰন মোৰ মিঠা মিঠা কথাৰ ফলত তুমি ভাবিবলৈ ধৰিবা যে মই তোমাৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাছিলো ।
- সেইটোও হয়
- এতিয়া ধৰাহল তোমাৰ নিচিনা ৬-৭ টা বকৰা মই ফচালো । অন্তত দুটাই তো ইন্টাৰভিউ ভাল হোৱাৰ বাবে চাকৰি পাব । বাচ, একো নকৰাকৈ কেৱল কথাৰ জালেৰে মই লাখপতি হব পাৰো নে নাই ।
- হয়
- কেচটো বুজি পালা তো
- বুজিলো......... জুনিয়ৰজনে কলে
- এতিয়া তুমি যিবোৰ অমুকত দুইনম্বৰী হয়, তমুকত দুইনম্বৰী হয় জাতীয় কথা কৈ আছিলা সেইবোৰৰ ফলত তোমাৰ একো ক্ষতি নহয় সচা কিন্ত তোমাক সচা বুলি ভাৱি থকা তোমাৰ অনুজ, জুনিয়ৰবোৰৰ বহুত ক্ষতি হব কাৰন নিৰুতসাহিত হৈ বহুতেই এপ্লাইয়ে নকৰিব । কাৰন তোমাৰ নিগেটিভ কথা শুনি বহতেই ভাৱিব যে পইচাই ধালিব নোৱাৰো এপ্লাই কৰি কি লাভ । আৰু এপ্লাইয়ে যদি নকৰে, চাকৰি কেনেকৈ পাব ........ মই কলো

যিয়েই নহওক জুনিয়ৰজনে নিজৰ বাংক হাউচলৈ গল আৰু কিতাপ এখন মেলি ইন্টাৰভিউৰ বাবে পঢ়িবলৈ লাগিল ।

বি. দ্ৰ. কলেজ-ইউনিভাৰচিটীত পঢ়ি থাকোতে বা মোৰ ষ্ট্ৰাগলিঙৰ দিনবোৰত বহুত মানুহে নানা নিগেটিভ কথা কৈ মোক ডিমটিভেট কৰাৰ চেষ্টা কৰিছিল । বহুত ক্ষেত্ৰত মই ডিমটিমেভেট হৈছিলোও । এই ডিমটিভেট হোৱাৰ বাবে বহুত চাকৰিৰ বাবে মই এপ্লাইয়ে কৰা নাছিলো । এই নিগেটিভ কথা কোৱা মানুহবোৰৰ মাজত মোৰ আত্মীয়-স্বজন, নলেগলে লগা বন্ধু আৰু শিক্ষাগুৰুও আছিল ।

(২)

চন ২০১৪ । লগৰ এটাৰ লগত বাইকেৰে গৈ আছো । ৰাষ্টাত জুনিয়ৰ এজন পালো । কথা বতৰা পাতি খা খবৰ ললো । জুনিয়ৰজনে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে । কথাই কথাই গম পালো যে তাৰ প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা । গতিকে প্ৰিপাৰেচন কৰি আছে । মাজতে সুধিলো যে অসম লোকসেৱা আয়োগে অলপতে এডভাৰটাইজ কৰা পোষ্টকেইটাত এপ্লাই কৰিছেনে নাই ।
- নাই দাদা.......... জুনিয়ৰজনে কলে
- কিয়
- ইয়াত বহুত খেলিমেলি হয়, মোৰ মামা এজনে কেইবছৰমান আগতে ৰিটেন ক্লিয়াৰ কৰিছিল , কিন্ত ভাইভাত নাপালে, শুনিছো বহুত পইচা ডিমান্ড কৰে বোলে
- পইচা নিদিয়াকৈও মানুহে পায় তো ভাই...... মই কলো
- নাই দাদা, আই ডন্ট থিংক চ
মোৰ বাইকৰ পাছৰ চিটত বহি গৈছিল নয়ন । নয়নে সেইবছৰ অসম বন সেৱাৰ বাবে নিৰ্বাচিত হৈছে ।
- এয়া মোৰ বন্ধু নয়ন, এইবাৰ এ.এফ.এছ পাইছে, ই মেইনচত কেমেষ্ট্ৰী আৰু ফিজিক্স চাবজেক্ট লৈছিল.......... মই নয়নৰ চিনাকি জুনিয়ৰজনৰ লগত কৰাই দিলো

(৩)

এইবাৰ আহো নয়নৰ কথালৈ । নয়ন ইউনিভাৰচিটীত মোৰ ক্লাছমেট । তাক প্ৰথম লগ পাওতে মই গুন্ডা টাইৰ আইটেম বুলি ভাৱিছলো আৰু সিও একেধৰনৰে মোৰ বিষয়ে ভাৱিছিল । ইউনিভাৰচিটীত দুবছৰত আমাৰ কোনো মাৰ-পিটৰ ৰেকৰ্ড নাছিল, কোনো ছোৱালীৰ সৈতে লেটি-পেটিৰ ৰেকৰ্ড নাছিল, কাকো ঠগোৱা ৰেকৰ্ড নাছিল , কিন্ত তথাপিও আমি ভাল লৰাৰ ষ্টেটাছ পাবলৈ সক্ষম হোৱা নাছিলো ।

ইউনিভাৰচিটীত তিনিটা কেটেগৰীৰ ষ্টুডেন্ট আছিল । A কেটেগৰী ষ্টুডেন্ট যি পঢ়া-শুনাত চোকা আছিল, চেমিষ্টাৰবোৰত নম্বৰ সৰহকৈ পাইছিল আৰু ডিপাৰ্টমেন্টৰ বেছিকৈ কেমেষ্ট্ৰীৰ কথা ডিচকাচ কৰিছিল, মানে জুনিয়ৰ বোৰৰ ভাষাত ব্ৰিলিয়ান্ট , মেটেল ইত্যাদি । B কেটেগৰীৰ ষ্টুডেন্ট যি পৰীক্ষাত এ কেটেগৰীতকৈ কম নম্বৰ পাইছিল আৰু মানুহৰ চকুত পৰা কাম কৰা নাছিল । আৰু C কেটেগৰীৰ ষ্টুডেন্ট যি ক্লাছ নকৰা, বাংক মৰা, ৰাজহুৱা কামত আগভাগ লোৱা ইত্যাদি কামৰ বাবে কুখ্যাত হৈছিল । নয়ন আৰু মই আছিলো C কেটেগৰীৰ ষ্টুডেন্ট ( অৱশ্যে চাৰি নম্বৰ চেমিষ্টাৰটোত মই জাপ মাৰি A কেটেগৰী পাইছিলো ।

দুয়োজনে ২০০৯ ত ফাষ্ট ক্লাছ পাই ইউনিভাৰচিটী এৰিলো আৰু নিজৰ নিজৰ ৰাষ্টাত খোজ ললো । তাৰ পাছতেই নয়ন মানুহটো নাপাত্তা হৈ গল, মানে কাৰো লগত বেছি কন্টেক নোহোৱা হৈ পৰিল । কেতিয়াবা নয়নে মোক ফোন কৰে । প্ৰতিবাৰেই ফোনত মই নয়নক কও যে মই টিউচন এটাৰ বাবে আহিছো আৰু নয়নে কয় যে সিহতে ঘৰ এটা বনাই আছে আৰু সি ঘৰত মিস্ত্ৰীৰ কাম চাই আছে । ২০১০ চনত মই চাকৰি পাই শিৱসাগৰ পালোহি । তাৰ পাছত মাজে মাজে ছুটী লৈ গুৱাহাটী যাও । নয়নে মাজে মাজে ফোন কৰে কিন্ত ঘৰলৈ চাহ খাবলৈ কোনোদিনে নামাতে ।

২০১২ চনত এদিন কাইদা কৰি নয়নক চাৰপ্ৰাইজ দিলোগৈ, অলপ আদ্দা মাৰিলো আৰু নয়নৰ ৰুমত সোমালো । সোমাই দেখো টেবুলত ডাঙৰ কিতাপ এখন ।

- কি পঢ়ি আছা বে ............... মই সুধিলো
- নাই এনেয়ে.... নয়নে কলে
তাৰ পাছত আৰু অলপ লিৰিকি বিদাৰি চালো । দেখিলো এজাপ বিশাল কলেবৰৰ হাতেলিখা নোটছ । আখৰবোৰ নয়নৰ ।
- এইচব কি বে ..... মই সুধিলো
- নাই মানে, অলপ পঢ়ি আছো আৰু ইমান ব্ৰিলিয়ান্ট মানুহ পৰি থাকোতে কতনো কলেজত চাকৰি পাম, সেইকাৰনে এইবোৰেই ট্ৰাই কৰি আছো ... নয়নে কলে
- তুমি চাল্লা চুপা ৰুস্তম ওলাই গলা বে, যদি এইবোৰ নোটছ নিজে কিতাপ পঢ়ি লিখিছা, তেনেহলে চোন তোমাৰ কাম হৈয়েই গল............. মই কলো
মনে মনে ভাৱিলো, নয়নো A কেটেগৰীলৈ আহিবলৈ বেছিদিন নাই ।

(৪)

সচা কথা কবলৈ গলে যেতিয়া বহুতেই বহুত কিবা কিবি ধান্দাত সময় খৰচ কৰি আছিল তেতিয়া নয়নে নিৰ্দিষ্ট লক্ষ্যত উপনীত হবৰ বাবে কঠোৰ সাধনাত ব্যস্ত আছিল । কঠোৰ সাধনা মানে ভেৰি ভেৰি হাৰ্ড ৱৰ্ক । চৰ্টকাট বিচৰাৰ সলনি ইটাৰ ওপৰত ইটাৰ গাঠি চিমেন্ট আৰু বালিৰ পাৰফেক্ট মিক্সাৰেৰে নয়নে ঘৰ সাজিবলৈ চেষ্টা কৰিছিল । এম. এছ.চি পাছ কৰাৰ পাছত প্ৰায় তিনিবছৰ নয়ন আমাৰ বহুতৰপৰা কাট-অফ হৈ গৈছিল । লগৰ বহুতে হয়তো নয়ন নামৰ মানুহটো দেখাত কেনেকুৱা আছিল সেয়াও পাহৰি গৈছিল । সেই তিনিবছৰ নয়নে অকল পঢ়িছিল । কেমেস্ত্ৰী, ফিজিক্স, জিকে, কাৰেন্ট এফেয়াৰচ ইত্যাদি । নয়ন কেতিয়াও ক্লাছৰ টপাৰ নাছিল , না নয়নক কোনোবাই কেতিয়াবা মেটেল বুলি কৈছিল । নয়নৰ কেৰিয়াৰ আছিল এভাৰেজ । কিন্ত নয়নে পঢ়িছিল , খুব পঢ়িছিল ।

২০১২ চনৰ এ.পি.এছ.চি পৰীক্ষাত সি উৰ্তীৰ্ন হব পৰা নাছিল আৰু মাজে মাজে হতাশাত ভুগিছিল । কিন্ত সি নতুন উদ্যমৰে আকৌ লাগিছিল আৰু ২০১৩ চনত এ.চি.এছ আৰু এ.এফ.এছ দুয়োটা পৰীক্ষাৰে ভাইভা পৰ্যায়লৈ গৈছিল । এই দুটা ভাইভাৰ ভিতৰত এ.এফ.এছৰ ভাইভাটো তাৰ বহুত ভাল হৈছিল ।

সেই সময়ছোৱাত মই গুৱাহাটী গলে মাজে মাজে নয়নক লগ পাও আৰু এ.এফ.এচ ৰ ভাইভা কেনেকুৱা হৈছে সেই প্ৰশ্নটো সোধাৰ পাছত সি দিয়া উত্তৰৰ আত্মবিশ্বাসতেই মই চিউৰ হৈ গৈছিলো যে ই এইবাৰ বাজী মাৰি দিলে ।

নয়নে চাকৰি জইন কৰি প্ৰবেচনৰ বাবে বৰ্তমান ডেৰাডুনৰ ফৰেষ্ট ৰিচাৰ্চ ইন্সটিটিউটত বন সেৱাৰ বাবে ট্ৰেইনিং লৈ আছে ।

বি.দ্ৰ. পাছৰ বছৰ নয়নৰ সেই সময়ৰ প্ৰিপাৰেচনৰ নোটছবোৰ আমাৰেই লগৰ এজনীয়ে নিলে আৰু তাইও এইবাৰৰ এ.পি.এচ.চি প্ৰিলিমচ আৰু মেইনচ ক্লিয়াৰ কৰি বৰ্তমান ভাইভাৰ বাবে অপেক্ষাৰত ।

(৫)

সম্বন্ধীয় খুড়া এজন । দুটা লৰা-ছোৱালী । ছোৱালীজনী লৰাজনতকৈ দুবছৰমান সৰু । দুয়োজনে জিয়গ্ৰাফি লৈ এম এ পাছ কৰিলে । ২০১২ ত দুয়োজনে এ.চি.এছ ভাইভালৈকে গল কিন্ত দুয়োজনে নাপালে । খুড়া মাজে মাজে আমাৰ ধৰলৈ আহে আৰু কথাই কথাই কয় যে আজিকালি চব পইচাৰ খেলা, পইচা নিদিলে চাকৰি নাপায় , লাখ লাখ টকা নাথাকিলে বা মন্ত্ৰীৰ চিনাকি নাথাকিলে আজিকালি চাকৰি পাব নোৱাৰি ইত্যাদি ইত্যাদি .....

এদিন ঘৰত মই থাকোতে খুৰাই কেচেটখন বজাবলৈ ধৰিলে
- খুড়া আপুনি যে এইবোৰ কৈ আছে, ঘৰতো কৈ থাকে নেকি, নে ঘৰৰ বাহিৰত আমাৰ দৰে মানুহৰ আগতহে কয় ........ মই সুধিলো
- নাই, মই ইহতকো কৈ দিছো, এইবোৰ এ.পি.এছ.চি বেপাৰী, আই.এ.এছ ৰ বাবে চেষ্টা কৰিব দিছো..... খুড়াই কলে
- আপুনি সিহতক কিয় ডিমটিভেট কৰি আছে, এবাৰ অসফল হলে কি হল, আকৌ দুগুন উদ্যমৰে যুদ্ধত অৱতীৰ্ন হবলৈ আপুনি লৰা-ছোৱালী দুটাক উতসাহে দিব লাগে... মই কলো
পাছৰ বছৰ অৰ্থাত ২০১৩ চনত আকৌ দুয়েজনে এ.পি.এছ.চি ৰ প্ৰিলিমছ, মেইনচ ক্লিয়াৰ কৰি ভাইভা পালেগৈ আৰু এইবাৰ ছোৱালীজনী চিলেক্ট হল ।
এদিন সেই খুড়াদেৱক বাটত পালো
- খুড়া, শুনিছো ছোৱালীয়ে এ.চি.এছ পালে বোলে......মই সুধিলো
- অ
- কৰবাত পইচা পাতি দিব লগীয়া হৈছে নেকি, মানে আপুনি কোৱাৰ দৰে লাখ লাখ টকা কৰবাত বাকি দিলেগৈ নেকি....... মই হাহি সুধিলো
- নাই নাই, এইবাৰ একেবাৰে জেনুইন হৈছে, কতো দুই নম্বৰী হোৱা নাই....... খুড়াদেৱে কলে
- তাকেইতো, চাকৰি কৰবাত কিনিব পালে ডাঙৰ লৰাৰ বাবে চাকৰি নিকিনি আপুনি সৰুজনী ছোৱালীৰ বাবে চাকৰি কিনিবনে , আপোনাৰ লৰাছোৱালী দুয়োতাই পঢ়ি শুনি পৰীক্ষা দিছে, যাৰ ভাল হল সি পালে, যাৰ অলপ বেয়া হল , সি নাপালে , নহয় জানো..... মই কলো

খুড়াদেৱে অ বুলি কৈ আগলৈ খোজ ললে, মইও নিজৰ বাটত আগবাঢ়িলো ।

(৬)

২০১২ চন । অসম চৰকাৰৰ সচিবালয়ত নিযুক্তি হৈছিল । প্ৰায় ডেৰশৰ ওপৰত নিযুক্তি । মোৰ লগৰ দুজনে আৰু চিনাকি বহুকেইজনে সেইবাৰ চিলেক্ট হৈছিল ।
নলেগলে লগা বন্ধু এজন সেই নিযুক্তিত চিলেক্ট হল আৰু সি সচিবালয়ত জইন কৰিলে । তাৰ পাছৰ বছত আকৌ পোষ্ট ওলাল ।
গুৱাহাটী ইউনিভাৰচিটীৰ লেব এটা । বন্ধুজনক আগুৰি কেইবাজনো জুনিয়ৰ ।

বন্ধুজনে কৈ আছে........ আমাৰবাৰ তো জেনুইন হৈছিল, কিন্ত এইবাৰ তামাম পইচাৰ খেল হব, চীফ চেক্ৰেটাৰী, মিনিষ্টাৰৰো কেন্ডিডেট আছে, এইবাৰ মস্কিল আছে

কিন্ত বেচেৰাৰ কপাল বেয়া আছিল । সেই সময়তে মই এন্ত্ৰি মাৰিলো আৰু তাৰ ডায়লগ মোৰ কানত পৰিল
মই অলপ খঙেৰেই কলো....... কি আল্টু-ফাল্টু কৈ আছ বে, ইহতক কিয় ডিমটিভেট কৰি আছ, নিজে পইচা দি চাকৰি পাইছিলি নেকি, নাই পোৱা নহয়, তেনেহলে ইহতৰ মনবোৰ কিয় ডাউন কৰি আছ । মনত যেতিয়া মানুহৰ উতসাহ থাকে, তেতিয়াহে মানুহ সফল হব । আৰু তোমালোকে, ইয়াৰ কথা শুনিলে জিন্দেগী মে কুচ নহী হোগা ।

বন্ধুজনে অলপ বেছিকৈয়ে বেয়া পালে । পাছত লগৰ এজনে মোক ইনফৰ্ম কৰিলে যে বন্ধুজনে মোৰ বিষয়ে দুই চাৰিঠাইত কবলৈ ধৰিলে যে "ভাগ্য" ৰ বলত ডাঙৰ চাকৰি এটা পাই মোৰ বহুত "অহংকাৰ" হৈছে আৰু যিহেতু অহংকাৰীৰ পতন হয় গতিকে মোৰ পতন অনিবাৰ্য ।

বি.দ্ৰ. যিয়েই নহওক নিগেটিভিটিৰ গুজৱ প্ৰচাৰ কৰা মানুহবোৰক মই যিমান পাৰো এভইড কৰি চলিবলৈ চেষ্টা কৰো যদিও এই ফেপেৰি পাতি ধৰা বেয়া গুনটোৰ বাবে বহুতে মোক বহুত বেয়াকৈ বেয়া পায় ।

(৭)
চন ২০১০, চেপ্তেম্বৰ মাহ । অ.এন.জি.চিৰ ৰিটেন ক্লিয়াৰ হল । এতিয়া মই নাজানো যে ভাইভা কেনেধৰনৰ হয় । তেতিয়া লক্ষীনন্দন দা, Drumil Baruah দা Jj Baruah দা আদিক চিনি নাপাও । অলপ খবৰ লৈ গম পালো যে Pankaj Saikia দা ( বৰ্তমান তিনিচুকীয়া কলেজৰ এচিচট্ন্ট প্ৰফেছৰ) য়ে দুবাৰ ভাইভা দিছে কিন্ত চিলেক্ট হোৱা নাই ।
ইউনিভাৰচিটীৰ ডিপাৰ্টমেন্টৰ ওপৰ মহলালৈ উঠি যোৱা চিৰিটোৰ নামনিতে পংকজদাক আগভেটি ধৰিলো
- পংকজ দা , আপোনাৰ লগত কথা আছিল.... মই কলো
- কি কথা..... পংকজদাই সুধিলে
- মানে অ.এন.জি.চি ৰ ৰিটেন ক্লিয়াৰ হল, আপুনিতো ভাইভা দিছিল, ভাইভাটো কেনেকুৱা হয়
- তোৰ ৰিটেন ক্লিয়াৰ হল নেকি
- অ
- মজ্জা, ভাইভা একো টেনচন লব নালাগে, বিন্দাছ দিবি, কেমেস্ত্ৰী যি সোধে সেয়া তো তই পাৰিবিয়েই, বিন্দাছ দিবি, পাই যাবি
- মানে আপুনিতো দুবাৰ নাপালে কিহৰ কাৰনে........ মই সুধিলো
- মোৰ চব ঠিকে থাকে বে, খালী ইন্টাৰভিউৰ টাইমত নাৰ্ভাছ হৈ যাও, যোৱাবাৰ চব ঠিকে আছিল , খালী খপজপকৈ ওলাই আহোতে মোৰ কলমটো ইন্টাৰভিউৰ ৰুমৰ ভিতৰত থাকি আহিল, মানে লেক অৱ কনচিয়াছনেচ । ইন্টাৰভিউ বৰ্ডত চাইকলজিষ্ট এটা থাকে, সি মুখেদি একো নকয় কিন্ত তই ৰুমত সোমাৱাৰপৰা ওলোৱালৈকে পুৰা চাই থাকে । তাক চেটেপ কৰিব পাৰিলেই তোৰ কাম হৈ যাব ।
- চিউৰ
- হানড্ৰেড পাৰচেন্ট, মোৰ গেৰান্টি...... পংকজদাই কনফিডেন্সত কলে
দিল্লীত গৈ ইন্টাৰভিউ দিয়াৰ পাছত এদিন ডিপাৰ্টমেন্টৰ কৰিডৰত পংকজদাৰ ভেটাভেটি হল ।
- ইন্টাৰভিউ কেনে হল......... পংকজদাই সুধিলে
- দুটামান আনছাৰ ভুল হল, কিন্ত ফালি দিছো.... মই থামছ আপ এটা দি কলো
- আচ্ছা, তইতো মোৰপৰাই টিপছ লৈছিলি
- হয়
- পালে তই মোক কি দিবি.........পংকজদাই সুধিলে
- আপোনাক কি লাগিব কওক
- ভাল ব্ৰান্ডেদ জোতা এযোৰ কিনি দিবি
- অকে........ মই কলো
ডেৰমাহমান পাছত ৰিজাল্ট দিলে । ৰিজাল্ট চাই পংকজদালৈ ফোন লগালো ।
- পংকজ দা, আপোনাৰ ভৰিৰ চাইজ কওক
- আব্বে, লগাই দিলি, তামাম চোন........ পংকজদাই কলে
- একদম
- তেন্তে মই জোতা নিকিনো আৰু, মোৰ চাইজ ৬, আল্টু ফাল্টু নহব, ব্ৰান্ডেড লাগিব
২০১১, জানুৱাৰী, চাকৰিত জইন কৰি ডিপাৰ্টমেন্ট গলো । কৰিডৰত পংকজদাই ধৰিলে
- কি হল , তই মোক ঠগালি দেখোন
- কিয়
- আব্বে মোৰ জোতা কত
- অ, দৰমহা পাই লও, আপোনাৰ বস্ত ডেলিভাৰি পাই যাব....... মই কলো
ফেব্ৰুৱাৰী , ২০১১, এইবাৰ মই পংকজদাৰ ফোন কৰিলো
- পংকজ দা, আজি আপোনাৰ জোতা পাই যাব, ৰিবকৰ , একদম চালিয়া, লগত সুত হিচাপে ৰিবকৰ চানগ্লাছ
পংকজদাৰ সৈতে মইও একেই টাইপৰ জোতা এযোৰ লৈছিলো । সেইযোৰ এতিয়াও চকাচক হৈ আছে, খুব সম্ভৱ পংকজদাৰযোৰো এতিয়াও ইউজেবল হৈ আছে ।

(৮)

চন ২০১১, চফ্ৰাইৰ ৰীগ এটাত ডিউটিত আছো । ফোনটো বাজিল ।
- হেলো বিকাশ শইকীয়া নহয় জানো..... সিফালৰপৰা পুৰুষ কন্ঠ এটা শুনিবলৈ পালো
- হয়, কওকচোন..... মই কলো
- মোৰ নাম চাণক্য চৌধুৰী, এক্সুৱেলি মই Pradyumna Goswami ৰপৰা তোমাৰ নাম্বাৰটো লৈছো, এইবাৰ মানে অ.এন.জি.চিৰ ৰিটেনটো ক্লিয়াৰ হৈছে, ভাইভা কেনেকুৱা হয় অলপ কবানেকি
- ভাইভা একো টেনচন লব নালাগে, একদম ইজি, বিন্দাছ দিব, কেমেস্ত্ৰী যি সোধে সেয়া তো আপুনি পাৰিবয়েই, টান প্ৰশ্ন একো নোসোধে, বিন্দাছ দিব, পাই যাব............ এইটোৱেই সেই প্ৰথম শাৰীটো যিটো মই চাণক্যদাক কৈছিলো
আৰু ১০-১৫ মিনিটমান নিজৰ ফালৰপৰাও চাণক্যদাক টিপছ দিলো ।
- আচ্ছা, কিবা ডাউট থাকিলে মই তোমাক মাজে মাজে ফোন কৰি থাকিম দেই...... চাণক্যদাই কলে
- বিন্দাছ কৰিব, কোনো টেনচন নাই, এনিটাইম এনিডে....... মই ডায়লগ এটা দি দিলো
ডায়লগ অলপ বেছিকৈয়ে মাৰিছিলো । সেয়ে হয়তো চাণক্যদাই মাজে মাজে খুব কামুৰিলে । ফোন কৰিলে চাণক্যদাই প্ৰথমতে অলপ ৰেচপেক্ট দি লয়
- মই চাণক্য চৌধুৰীয়ে কৈছো, কথা অলপ আছিল, তোমাৰ অলপ সময় হবনে
- মই ভাত ৰান্ধি আছিলো, বাৰু কওকচোন......... মই কও
- মানে মই ভাইভাৰ কাৰনে অলপ ষ্টাডি কৰি আছিলো, তাত টাৰ্ম দুটা পালো PV আৰু YP । অলপ কৈ দিবানেকি
মই থুলমুলকৈ যি জানো কৈ দিও ।
- আচ্চা, ষ্টাডি কৰি থাকোতে টপিক এটা পাইছিলো, ইয়াৰ ৰিলেটেড কিবা মেটেৰিয়েল আছে নেকি তোমাৰ হাতত......... চাণক্যদাই সোধে
- আপুনি মেইল আইডি দি দিয়ক, মই বাৰু বিচাৰি পঠাই দিম....... মই কও
মই ট্ৰেইনিঙত লগ পোৱা লগৰকেইটাক ফোন কৰি সোধো........ আপকে পাচ য়ে চীজ কা কোই মেটেৰিয়েল হে ক্যা
লগৰকেইটাই মোলৈ কৰা মেইলবোৰ মই চাণক্যদালৈ ফৰৱাৰ্ড কৰ দিও ।

শুনিবলৈ পোৱামতে চাণক্যদাই মোৰ বাহিৰেও বহুকেইজনক সেইকেইদিন বহুত কামুৰিলে আৰু ভাইভাৰ কাৰনে ইমানেই পঢ়িলে যে ভাইভা লোৱাকেইজনো আচৰিত হৈ গৈছিল যে...... ইচকো ইতনা য়ে চব কেইচে পতা
যিয়েই নহওক চাণক্যদাইও ক্লিক কৰিলে, কলনিত মোৰ ওচৰৰ কোৱাটাৰতে দুবছৰ থাকিল । নতুন গাড়ী এখন কিনি মোক আৰু ধীৰাজদাক বহুত ফুৰালে, কেইবাদিনো নিজে ৰান্ধি চিকেন-মাটন-ফিছ-আলুভাজি খুৱালে ( কিন্ত ফ্ৰী নহয় দেই, শ্বেয়াৰৰ পইচা লৈহে)

বি.দ্ৰ. বিহু আহি আছে, বহদিন কোনেও লান্স-ডিনাৰৰ ইনভিটেচন দিয়া নাই । সেয়ে Chanakya Choudhury দা আপোনাক টেগ কৰি দিছো আৰু ।

কটন কলেজ- ৰেগিং, বনদীপা দুৱৰা আৰু উষা ব্ৰহ্ম

২০০৬ চন, তেতিয়া আমি ডিগ্ৰী থাৰ্ড ইয়াৰত , মানে ডিপাৰ্টমেন্টৰ চিনিয়ৰ । নতুনকৈ এডমিচন লোৱা ড্ৰিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ লৰা-ছোৱালীখিনি কেমেস্ত্ৰী জুনিয়ৰ গেলাৰীত বহি আছিল ।

দিপাংকৰে কলে, "ফাৰ্ষ্ট ইয়াৰখিনি ইয়াত বহি আছে, বল ইন্ত্ৰো লৈ আহো"

- কিন্ত ৰেগিং তো বেন কৰিছে, কোনোবাই যদি কমপ্লেইন দি দিয়ে..... সংগীতাই কলে
- অকল নাম-চাম , সুধিমহে, জাষ্ট ইন্ত্ৰো...... দিপাংকৰে কলে

গোটেইকেইটা গেলাৰীৰ দুৱাৰমুখ পালোহি । ভিতৰত জুনিয়ৰখিনি বহি আছে । কিন্ত কথাটো হল কোনেও এতিয়া প্ৰথমতে নোসোমায় , ইটোৱে সিটোক তই আগত যা, তই আগত যা বুলি কৈ আছে ।
হঠাত কোনোবাই মোক ঠেলা এটা মাৰি দিলে । মই গেটৰ ভিতৰ পালোহি । খঙেৰে মই লগৰকেইটাৰ ফালে চালো । জীৱনে দাত নিকটাই আছে ।

গেলাৰীৰ ফালে চাই দেখিলো ৩৫ টা মান লৰা-ছোৱালীয়ে মোৰ ফালে ট ট কৈ চাই আছে । নাৰ্ভাছ হৈ গলো । অন্ঠ-কন্ঠ শুকাই যোৱা যেন লাগিল । কোনোমতে হাত দুখন লাহে লাহে ওপৰলৈ নিলো ।

গোটেইকেইটা জুনিয়ৰ মোৰ হাতৰ মচনৰ লগে লগে থিয় দিলে । অলপ সকাহ পালো ।

- আমি তোমালোকৰ চিনিয়ৰ, তোমালোকে নিজৰ নিজৰ ইন্ত্ৰো দিয়া, নাম, এড্ৰেছ আৰু কলেজ......... মই কোনোমতে কলো

এজন এজনকৈ জুনিয়ৰকেইজনে নিজৰ ইন্ট্ৰো দিয়াত লাগিল । ইতিমধ্যে লগৰকেইটাও ভিতৰ সোমাই আহিল । কোনে কি কৈছিল মনত নোসোমাল যদিও সেই ১০-১৫ মিনিটত নাৰ্ভাছনেচ কমি ষ্টেবল পজিচনলৈ আহিলো ।

এনেতে দিপাংকৰে ধুনীয়া ছোৱালী এজনীৰ ফালে আঙুলি টোৱাই সুধিলে, " তোমাৰ নাম কি, কৰপৰা আহিছা "
- বনদীপা দুৱৰা, ডিব্ৰুগড়, চল্ট ব্ৰুক

জুনিয়ৰৰ ইন্ত্ৰো লব আহিছো আৰু দম দিয়া নাই, সেইটো কেনেকৈ হব । পাছফালে বহি থকা ছোৱালী এজনী চকুত পৰিল , জিনছ পিন্ধি আহিছে ।
- হেই ইউ, ছেকেন্ড লাষ্ট ৰো, থাৰ্ড ওৱান, হোৱাটছ ইয়ৰ নেম........ মই কলো
- উষা ব্ৰহ্ম পি.আৰ. ..... ছোৱালীজনীয়ে কলে
- ফ্ৰম নেক্সট ডে চুৰিদাৰ পিন্ধি আহিবা, জিনছ নট এলাউড ইন আৱাৰ ডেপ্ট আপটু ফ্ৰেচাৰ্চ ........... মই কলো
কিন্ত ছোৱালীজনী চুপ-চাপ থকা বিধৰ নাছিল
- আই থিংক ৰেগিং ইজ প্ৰহিবিটেড........ ছোৱালীজনীয়ে ওভোটাই কলে
এনেকৈ ওলোটাই কব বুলি মই ভৱা নাছিলো । এতিয়া কি কম ভাৱিবলৈ ধৰিলো ।
সেই মুহুৰ্ততে দিপাংকৰে মাত লগালে, " This is not ragging, this is our dept's rule, if you want to be in the dept, you should obey the rules".
জীৱনেও যোগ দিলে , "Rules are rules"
জয়ন্তয়েও সকলোৱে নিয়ম মানিবই লাগিব বুলি কৈ দিলে ।

কেচটো অলপ জেঙৰ ফালে যাবলৈ ধৰা দেখি মই টপিকটো বদলাবলৈ কলো, "আমি তোমালোকৰ মাজত কেইটামান কম্পিটিচন পাতিছো । ৰচনা প্ৰতিযোগিতা, টপিক হল কটন কলেজত মোৰ প্ৰথম ১৫ দিনৰ অভিজ্ঞতা । কবিতা , থীম আশা বা হপ আৰু লাভ লেটাৰ কম্পিটিচন । ফ্ৰেচাৰ্চৰ দিনা প্ৰাইজ দিয়া হব "

তাৰ পাছত এটা ডায়লগ মাৰিলো, "চিনিয়ৰৰ লগত যদি ভালকৈ নাথাকা, তেন্তে পাছত তোমালোকৰেই প্ৰবলেম হব "
দিপাংকৰে আৰু এটা দায়লগ মাৰিলে , " চিনিয়ৰক যতেই দেখা মাতিব লাগিব । বিফৰ ১২, গুড মৰ্নিং, আফটাৰ ১২ , গুড আফটাৰনুন "
আৰু কেইটামান ডায়লগ ডেলিভাৰ কৰি গোটেইকেইটা গহীন এক্সপ্ৰেচন দি গেলাৰীৰপৰা ওলাই নিজৰ ক্লাছৰুম পালোহি ।

তাৰ পাছত.............
জুনিয়ৰে গুড মৰ্নিং, গুড আফটাৰনুন কৈ আমাক টেনচন দি দিলে । যতেই দেখো তাতেই গুদ মৰ্নিং, ৰাষ্টাৰ মাজত ১০-১২ জনী ছোৱালীৰ গ্ৰুপে যেতিয়া এজনী এজনীকৈ গুড মৰ্নিং দাদা বুলি কয় আৰু সেই সময়তে আশে পাশে থকা মানুহৰ চকু যেতিয়া নিজৰ ওপৰত পৰা যেন দেখা পাও তেতিয়া কামোৰ খাই যোৱাটো স্বাভাৱিক । পাছলৈ জীৱন, অলকেশে জুনিয়ৰ দেখিলেই লুকাবলৈ আৰম্ভ কৰিলে ।

দিপাংকৰে বনদীপা দুৱৰাৰ লগত কেইদিনমান আইচক্ৰীম খালে, কফিও খালে, আনকি দুদিনমান প্ৰখৰ ৰদত ছাতিও ধৰিলে , কিন্ত বেচেৰাৰ দাইল নিসিজিল । নেহেৰু পাৰ্কত বনদীপা দুৱৰাৰ সৈতে এটি সন্ধিয়াৰ সপোন বেচেৰাৰ সপোনেই হৈ থাকিল । তাৰ পাছৰ বছৰ বনদীপাই এন্ট্ৰেচ ক্লিয়াৰ কৰি শিলচৰৰ আচাম মেডিকেল কলেজ পালেগৈ ।

পাছে উষা ব্ৰহ্মৰ কি হল ।

গুন্ডা টাইপৰ চিনিয়ৰৰ গেঙৰ লগত ফেপেৰি পাতি বেচেৰীৰ অলপ ভয় লাগিল । তাই গ্ৰুপত থকা হল । এদিন তাই চিনিয়ৰৰ মেইন ভিলেইনটোক ডিপাৰ্টমেন্টৰ চিৰিত অকলে বহি থকা দেখা পালে ।

এক্সুৱেলি মই সেইখিনি সময়ত ক্লাছৰ মুখত থকা চিৰিত বহি ৰাষ্টাৰ মানুহ-দুনুহ চাই আছিলো ।
- এক্সকিউজ মি দাদা

ছোৱালী এজনীৰ মাতত মই ডিচটেন্ট ভিচনটো ক্লজ আপলৈ কনভাৰ্ট কৰিলো । উষা ব্ৰহ্ম প্লাছ চাৰিজনী ছোৱালীৰ গ্ৰুপ এটা । গ্ৰুপটো দেখি বুকুখন চিৰিংকৈ গল । ছোৱালীকইজনীয়ে সিদিনাখনৰ ৰেগিঙৰ বদলা লবলৈ অহা নাইতো ।

- আপোনাৰ লগত কথা এটা আছিল ...... গ্ৰুপৰ ছোৱালী এজনীয়ে কলে
- কি কথা
- মানে দাদা, আই ৱাজ ব্ৰট আপ ইন মুম্বাই, অই ডন্ট ফিল কমফৰটেবল উইথ চাদৰ-মেখেলা অৰ চুৰিদাৰ, এক্সুৱেলি মোৰ চুৰিদাৰ নাইয়েই .... উষা ব্ৰহ্মই কলে

মই অলপসময় ভাবিলো, তাৰ পাছত কলো, "ডন্ট ৱৰী, উই উইল নেভাৰ ফৰ্চ য়ু এগেইন্ষ্ট য়ৰ উইল । এভৰি পিপল অৱ ডা ৱৰ্ড ইজ ফ্ৰী টু ডু হোৱাট ডে লাইক । যদি তুমি কৰবাৰপৰা মেনেজ কৰিব পাৰা, তেন্তে ভাল কথা, যদি নোৱাৰা, তেনেহলেও কোনো কথা নাই, ডন্ট ৱৰী, কেমেস্ত্ৰী ডিপাৰ্টমেন্টৰ কোনেও তোমাক মিচবিহেভ নকৰে "

থেংক ইউ দাদা বুলি কৈ জুনিয়ৰকেইজনী গলগৈ । মই স্বস্তিৰ নিশ্বাস পেলালো ।

ফ্ৰেচাৰ্চৰ আগলৈকে উষা ব্ৰহ্মই চুৰিদাৰ মেনেজ কৰিব নোৱাৰিলে । কিন্ত সকলোকে আচৰিত কৰি ফ্ৰেচাৰ্চৰ দিনা উষা ব্ৰহ্মই নতুন গোলাপী ৰঙৰ চেলোৱাৰ পিন্ধি আহিল ।

আমাৰ ডিপাৰ্টমেন্টত ফ্ৰেচাৰ্চত সকলো জুনিয়ৰে ৰঙা গোলাপ এটা পচন্দৰ লৰা বা ছোৱালী এজনী এজনীক দিব লাগে আৰু দিয়াৰ তিনিটা কাৰন কব লাগে ।

আইৰনিকেলি উষা ব্ৰহ্মই ধুনিয়া হাহি এটাৰে ফ্ৰেচাৰ্চত গোলাপপাহি মোক দিলে আৰু কলে , " দাদা বহুত চাৰমিং, হেন্ডচাম আৰু স্মাৰ্ট "

বিদ্যা শপত, সেইয়াই লাইফত প্ৰথম আৰু শেষবাৰৰ বাবে কোনোবা ছোৱালীয়ে মোক চাৰমিং, হেন্ডচাম আৰু স্মাৰ্ট বুলি কৈছিল

N.B . অৱশ্যে এমাহমানৰ পাছতেই উষা ব্ৰহ্ম কটন কলেজ এৰি চেন্নাইলৈ ইঞ্জিনাৰিং পঢ়িবলৈ গলগৈ আৰু কাহিনী এটা আৰম্ভ হোৱাৰ আগতেই শেষ হৈ পৰিল ।

ছুটী ইত্যাদি

১৪ দিন অন-অফ পেটাৰ্নৰ ডিউটিত কেজুৱেল লিভবোৰ আৰ্ন লিভলৈ কনভাৰ্ট হৈ যায় । গতিকে ছুটী ললে ফাইনেনচিয়ালি বহুত লচ হয় । বেলতলাত ক্ৰিকেট টুৰ্নামেন এখন চলি আছে । আয়োজক কমিটিৰ সৈতে জড়িত হৈ আছো । কিন্ত প্ৰবলেমটো হল ২৬ তাৰিখৰ পৰা ডিউটি পৰিছে , গতিকে শেষৰ কেইদিনমান মিছ যাব । অন-অফত ছদিন ছুটী মানে ১২ দিন চি.এল বা ই.এল অৰ্থাত প্ৰায় ত্ৰিশ হাজাৰ মানৰ লোকচান । গতিকে ছুটী লোৱাৰ কথা ভৱা নাছিলো ।
দেওবাৰে টুৰ্নামেন্টৰ অপেনিং । লাইটৰ পোহৰত খেল আৰম্ভ হল । বহুত টীম আহিল, খেলত বিজি হলো । ছুটী লোৱাৰ টেনডেনচি আহিলেই থাৰ্টি থাউজেন্ডৰ কথাটো ভাৱি দমাই থৈ দিও ।

কিন্ত দিল অউৰ দিমাগৰ মাজত আখিৰ দিল য়ে বাজী মাৰিলে...........


বছক ফোন কৰিলো...
- ছাৰ ২৬ চে ছে দিন ছুট্টী চাহিয়ে
- কিউ কুচ প্ৰবলেম হে ক্যা.............. বছে সুধিলে
- নহী ছাৰ, এক্সুৱেলি হামাৰে য়হা ক্ৰিকেট টুৰ্নামেন্ট কা অৰগেনাইজ কৰ ৰাহা হু, উচকে লিয়ে ছুট্টী চাহিয়ে......... মই কলো
- ক্ৰিকেট , ৱৰ্ড কাপ দেখনে জা ৰহে হো ক্যা
- নহী চাৰ, হামলোগ কুচ দোস্ত মিয়কে গুৱাহাটী মে এক টেনিচ বল কা ক্ৰিকেট টুৰ্নামেন্ট অৰগেনাইজ কৰতে হে, উচকে লিয়ে চুট্টী চাহিয়ে
বছ অলপ সময় মনে মনে ৰল । তাৰ পাছত কলে......
- য়াৰ চইকীয়া, টেনিচ বল ৰা ক্ৰিকেট , ভাই কুচ অৰ বল দেতে, বহিন কা চাদী, পিতাজী কা তবিয়ত জেইচা
- চাৰ, চচ বল ৰাহা হু , চুট্টী চাহিয়ে......... মই কলো
- ঠিক হে , মে দেখতা হু................. বছে কলে

ইন দা মিনটাইম ইন চিবচাগৰ..............
বছ - চইকীয়া চুট্টী মাংগ ৰাহা হে, অউৰ ৰিজন ভী ক্যা অজীব, টেনিছ বল কা ক্কিকেট
মোৰ পুৰনা বছ- কৌন চইকীয়া
বছ- বিকাচ চইকীয়া
মোৰ পুৰনা বছ- তো ফিৰ আপ দুচৰা আদমী মেনেজ কৰ লো, বিকাচ চইকীয়া তো নহী আয়েগা

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...