Saturday, July 2, 2016

জীৱনচাথী

- ঐ চোফাখনত ভালকৈ বহ,চীধা, মুৰ নিহিলাবি, আৰু পেটটো ভিতৰলৈ সুমুৱা.............. এইবুলি কৈ দীৰুদাই মবাইলেৰে ফটো এটা ক্লিক কৰি পটককে লেপটপত ভৰাই দিলে
- হৈ গল , কমপ্লিট , এতিয়া চাবি, তোৰ মই জীবনচাথী উলিয়াইহে এৰিম...... দীৰুদাই সন্টুষ্টিৰ হাহি এটা মাৰি কলে
দীৰুদাই জীৱনচাথী ডট কমত মোৰ প্ৰফাইল এটা বনাই পেলালে । সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা, শ্যামলদা নামতহে, কামত একো নাই । এইবাৰ খঞ্জনেও মোৰ বাবে মাথা মাৰিছে । কিন্ত দীৰুদাৰ ওপৰত মোৰ পুৰা কনফিডেন্স আছে ।
- ক তোক কেনেকুৱা টাইপৰ লাগিব, তোৰ পৃফাৰেন্স কি ....... দীৰুদাই সুধিলে
- নাই, তেনেকুৱা একো নাই, হলেই হয় আৰু........ মই লাজ-লাজকৈ কলো
- হলেই হয় নহব, মিলিব লাগিব..... এইবুলি কৈ দীৰুদাই জীৱনচাথীত জাতি-ধৰ্ম-ভাষা-বেকগ্ৰাউন্ড-বয়স-ফেমিলি-কাৰেন্ট চিটী- এডুকেচন আদিকে ধৰি এসোপা ফিল্টাৰ ভৰাই চাৰ্চ বুটামটো টিপি দিলে ।
মা কচম, এটাও প্ৰফাইল স্ক্ৰীণত নাহিল ।
- ফিল্টাৰ কেইটামান কমাই দিও, হৈ যাব .......... এইবুলি কৈ দীৰুদাই আকৌ এবাৰ চাৰ্চ কৰিলে
এইবাৰ বহুতকেইটা প্ৰফাইল ওলাল । দীৰুদাই এটা এটাকৈ প্ৰফাইলকেইটা দেখুৱালে আৰু মোৰ চবকে ভাল লাগিবলৈ ধৰিলে ।
- দীৰুদা, চবকেই চোন ভাল লাগে ........... মই কলো
দীৰুদাই মোৰ ফালে চাই হাহি এটা মাৰিলে । দীৰুদাই বাচি বাচি এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিয়াই দিলে ।
জীৱনচাথীত জীৱনচাথী বিচাৰি থাকোতেই ফোন এটা আহিল । ফোনটো ৰিচিভ কৰিলো ।
- হেলো, মই অভিস্পা , আপুনি জীৱনচাথীত একাউন্ট খুলিছে ন................ সিমুৰৰপৰা মিঠা মাত এটা শুনিবলৈ পালো
ইমান কুইক ৰেচপন্স , চাল্লা ইমানদিনে মই কি কৰি আছিলো । অভিস্পা নামটো টান হয় কিন্ত চলি যাব । মৰিচাচৰ নীলাভ বীচ, চুইজাৰলেন্ডৰ বৰফ, কাশ্মীৰৰ গ্ৰীনাৰী মানে আহিবলৈ বেছিপৰ নাই । মনত কিবা এটা ফিলিঙ আহিয়েই গল ।
- হয় , এইমাত্ৰ অলপ আগতে খুলিছো......... মই যিমান পাৰি কোমল সুৰত মৰম সানি কলো
- মানে যিটো মই দেখা পাইছো, আপুনি আজি ২৭ টা এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিয়াইছে, মানে আপুনি ডেচপাৰেটলি ইন্টাৰেষ্টেড................. সিফালৰপৰা অভিস্পাই কলে
- হয়, মানে........... মই কলো
- ইন্টাৰেষ্ট পঠিয়ালেই তো নহব, কথাও পাতিব লাগিব
- হয়
- তাৰবাবে আপুনি আমাৰ প্ৰিমিয়াম মেম্বাৰ হব লাগিব
- মানে
- মানে নৰ্মেল একাউন্টেৰে আপুনি চাটিং বা ফাৰদাৰ কমিউনিকেত কৰিব নোৱাৰিব, প্ৰিমিয়াম একাউন্ট হব লাগিব , আপোনাৰ কাৰণে বঢ়িয়া অফাৰ এটা আছে, ৭০ পাৰচেন্ট ডিচকাউন্ট
- মানে মেডাম, আপুনি অলপ পাছত ফোন কৰিব নেকি ....... মই বিব্ৰত হৈ কলে
- মানে কেতিয়া, আপোনাৰ কনভিনিয়েন্ট টাইম কেতিয়া হব
- মানে একাউন্ট আজি খুলিছোহে, বাৰ মাহমান নিজে জীৱনচাথী বিচৰাৰ ট্ৰাই কৰি চাই লও, নোৱাৰিলে মইয়েই আপোনাক ফোন কৰিম
দীৰুদা তেতিয়াও জীৱনচাথী ডট কমত এক্সপ্ৰেচ ইন্টাৰেষ্ট বুটামটো ক্লিক কৰাত ব্যস্ত ।

বিফলতাৰ এপৃষ্ঠা



২০১১ চনৰ কথা । তেতিয়া নদীবান্ধ বিৰোধী আন্দোলন তুংগত । ভাইটি তেজপুৰ ইউনিভাৰচিটীত ছছিয়লজি পঢ়ি আছে । এবাৰ পুজাৰ বন্ধত দুয়োটা ঘৰত আছো । নদীবান্ধৰ কথা ওলাল । মই সপক্ষে , সি বিপক্ষে । শেষত মই হাৰ মানিলো । ভাইটিয়ে মোক বুজাই দিলে কেনেকৈ নদীবান্ধে অসমৰ ডেমগ্ৰাফি চেঞ্জ কৰিব, কেনেকৈ আপাৰ সোৱনশিৰি পাহাৰৰ বালি আহি মাজুলী পাইছেহি ।
- তই চছিয়লজি পঢ়িছ নে জিয়লজি আৰু চিভিল ইঞ্জিনিয়াৰিং পঢ়িছ ....... মই সুধিলো
- ছছিয়লজি
- তেন্তে এইবোৰ কোনে কলে
- চন্দন শৰ্মা নামৰ আমাৰ এজন ছাৰ আছে , বহুত ভাল ছাৰ ......... ভাইটিয়ে কলে
মই বুজি উঠিলো যে মাই ব্ৰাদাৰ ৱাজ ব্ৰেইনৱাছড । সেই সময়ত অখিল গগৈ এফালে, হিমন্ত বিশ্ব এফালে । দুয়োজনৰ মাজত কুকুৰ-মেকুৰীৰ দৰে যুজ । চন্দন শৰ্মা বোলা প্ৰফেছাৰজন অখিল গগৈৰ সপক্ষে আৰু খুব সম্ভৱ তেও অখিল গগৈৰ সপক্ষে এটা ঢৌৰ সৃষ্টি কৰিছিল তেজপুৰ ইউনিভাৰচিটিত ।
সেই সময়তে টেট পৰীক্ষা হৈছিল । হিমন্ত বিশ্বই জনপ্ৰিয় কৰা প্ৰথম টেট ।
- এইবাৰ টেট দিবি ........... মই ভাইটিক ফোন কৰি কলো ।
টেটৰ পাছদিনা মই ভাইটিক ফোন কৰিলো ।
- কেনে হল টেট
- দিব নোৱাৰিলো
- কিয়
- ক্লাছ আছিল
- কিয় এদিন ক্লাছ খতি কৰি কিয় নিদিলি
- ধেই এইবোৰ দি লাভ নাই
- কিয়
- হিমন্ত বিশ্ব একদম কৰাপটেড, পুৰা চাকৰিবোৰ বেছি দিব.... ভাইটিয়ে কলে
- তোৰ মুৰত এইবোৰ কোনে সুমুৱাই দিছে
- ...................
ভাইটিৰ মুৰত এনেধৰনৰ কথা কোনে সুমুৱাইছে মোৰ বুজিবলৈ বাকী নাছিল । মোৰ প্ৰচন্ড খং উঠিছিল ।
এই টেট পৰীক্ষাটোত এক শতাংশও দুই নম্বৰী নোহোৱাকৈ প্ৰতিজনে চাকৰি পাইছিল । যিসকলে পাছ কৰিছিল প্ৰত্যেকেই প্ৰথমতে অস্থায়ী চাকৰি পাইছিল আৰু পাছলৈ প্ৰতিজন পাৰ্মানেন্ট হৈছিল ।
ভাইটি তেতিয়া থাৰ্ড ছেমিষ্টাৰত
- হামদৰ্দ, ফুলব্ৰাইট এইবোৰ চাই থাকিবি
- এইবোৰ কি
- কিয় তোৰ চন্দন শৰ্মাই এইবোৰৰ কথা নকয় নেকি , বাহিৰত পি.এইচ.ডি কৰিবলৈ স্কলাৰচিপ এইবোৰ , জিয়লজি-চিভিলৰ-আল্টু ফাল্টু ফান্ডা দিব পাৰে, ইন্টাৰনেচনেল স্কলাৰচিপৰ কথা ক্লাছত কব নোৱাৰে নেকি..... মই খঙেৰে কলো
ভাইটিয়ে মোক সাম্যবাদ, আৰ্থিক অসমতা, শোষিত-নিষ্পেষিত শ্ৰেণী , বুৰ্জোৱাবাদ ইত্যাদিৰ ওপৰত দীঘল লেকছাৰ এটা দি কলে যে সি এইবোৰত ইন্টাৰেষ্টড নহয় ।
- চা ভাই, এইবোৰ কথা কিতাপত ভাল লাগে, কিন্ত ৰিয়েল লাইফ বেলেগ , কাৰ্ল মাক্সে কেতিয়াও পথাৰত হাল বোৱা নাছিল , লেলিনে ৰজাৰ দৰে বাস কৰিছিল, লাখ টকা খৰছ কৰি সি নিজৰ মুৰ্তি বনাইছিল , হীৰেন গোহাই বোলে পাক্কা কমিনিউষ্ট , কিন্ত তেওৰ ছোৱালীয়ে পুজিপতিৰ চাকৰি কৰে , গতিকে এইবোৰত মাথা নামাৰিবি ................ মই কলো
সি মোক বেয়া পালে , তাৰ মতে মই পুজিপতি ভাৱধাৰাগ্ৰস্থ আৰু হিমন্ত বিশ্ব নামৰ বেয়া জিনিছটোৰ অন্ধ ভক্ত ।
ফৰ্থ ছেমিষ্টাৰ পালেহি ।
- নেটৰ কাৰনে পঢ় । ছছিয়েলজি নতুন চাবজেক্ট । কেইখনমান কলেজতহে আছে । পোষ্ট কম । জে.আৰ.এফ নহলে নেট লাভ নাই । আৰু এটা কাম কৰ , ল কৰ, তই ডিবেট ভাল কৰ, ল কৰিলে তোৰ ভাল হব এট লিষ্ট নিজে কিবা এটা কৰি খাব পাৰিবি । আৰু চা, হয় তই চাকৰি কৰিব লাগিব, নহলে চাকৰি দিয়া মানুহ হব লাগিব, নহয় মানুহে তোক পাত্তা নিদিব, পাছত বৰ দিগদাৰ পাবি .......... মই কৈছিলো, সি শুনিলে নে নাই গম নাপালো
এটা সময়ত মই তাক কোৱা বাদ দিলো । সি ফাৰ্ষ্ট ক্লাছ আৰু নেট-স্লেট পালে ঠিকেই কিন্ত জে.আৰ.এফ নাপালে । তেজপুৰ-গুৱাহাটীত পি.এইচ.ডি কৰিবলৈ ছীট নাই । ছছিয়েলজিৰ কলেজত পোষ্টো নাই ।
তাক মই এডভাইচ দিয়া বাদ দিলো । যি মন যায় কৰি থাকক । যোৱাবছৰ সি টেটো পাছ কৰিলে । কিন্ত হিমন্ত বিশ্বৰ বিসম্বাদৰ পাছত টেটতো এপইন্টমেন্ট বন্ধ হৈ আছে ।
কিন্ত এটা মোৰ বেয়া লাগে যেতিয়া ছছিয়েলজিৰ ফাষ্ট ক্লাছ, নেট-স্লেট থকা মোৰ ভাইটিয়ে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত এপ্লাই কৰে আৰু সেই চাকৰিটোও নাপায় । তেতিয়া মোৰ বুকুত এটা বিষ অনুভৱ কৰো । ককায়েক হিচাপে অসফলতাৰ বেদনা ।
লাহে লাহে ভাইটি আৰু মোৰ মাজত ব্যৰধান বাঢ়ি গৈ আছে । দিনকদিনে সি হতাশ হৈ গৈ আছে । সি লাজকুৰীয়া হৈ পৰিছে । অঙহী-বঙহী ৰ ঘৰলৈ সি যোৱা বাদ দিছে । সি কিয় নাযায় মই জানিও নজনাৰ ভাও ধৰি থাকো । মই তাক বুজাব খোজো , কিন্ত মই বাৰে বাৰে অসমৰ্থ হও ।
- মই কি কৰিম এতিয়া...... মই সোধো
- তাক কৰবাত বেলেগলৈ পঠিয়াই দিয়া, ঠেকিলেহে শিকিব, বয়স গৈ আছে পাছলৈ বৰ কমপ্লেক্সিটি আহিব..... চন্দনদাই কলে
- ঘৰ চে নিকাল দো, আপনে আপ চিধা ৰাস্তে পে আ জায়েগা...... মোহিতে কয়
- অলপ কষ্ট পাবলৈ দে, ঘৰত আৰামত ভাত-মাছ খাই আছে, যেতিয়া ঠুকন খাব, তেতিয়াহে গম পাব........ দীৰুদাই কয়
ভাইটি আৰু মোৰ মাজত নিয়মমাফিক কথা-বতৰা হয় । যিকোনোধৰনৰ তৰ্কৰপৰা মই আতৰি থাকো । আজিকালি সি অখিল গগৈ, চন্দন শৰ্মা , নদীবান্ধ, মাক্স, লেলিন এইবোৰৰ কথা নকয় ।
১৫ মে ২০১৬
- এইবাৰ বিজেপি জিকিলে ভাল আছিল ......... ভাইটিয়ে কলে
- কিয়..... মই সুধিলো
- হিমন্ত বিশ্ব পাৱাৰলৈ আহিল টেটৰ চাকৰিকেইটা খুলি দিব , চাকৰি এটাৰ বহুত দৰকাৰ আছিল ....... ভাইটিয়ে ক্ষীণ হাহি এটা মাৰি কলে
মই ভাইটিৰ ফালে চালো । নদীবান্ধ, চন্দন শৰ্মা, অখিল গগৈ, হিমন্ত বিশ্বৰ সমীকৰণবোৰ বুজি পাওতে তাৰ বহুত বছৰ লাগিল । জীৱনৰ অংক আৰু বাহিৰৰ পৃথিৱীখন সি বুজি পালেই ভাল হয়

ৰনদীপৰ বিয়াত (১)


- চাওক দীৰুদা, মই ক'লা, দেখাটো ভাল নহয়, পাৰচনেলিটিও ইমান খাচ নহয় , কিন্ত গাৰ্লফ্ৰেন্ড আছে , দেখিছে কেনেকৈ মেইনটেইন কৰিছো .......... ৰনদীপে ৰজনীগন্ধাৰ পিক পেলাই কলে
- প্যাৰ অন্ধ হয় যে সেইকাৰনে ......... দীৰুদাই উত্তৰ দিলে
- ইডি আমিন ,শক্তি কাপুৰ আৰু গুলচন গ্ৰভাৰৰো গাৰ্লফ্ৰেন্ড আছিল, তোৰ থকাটো কি ডাঙৰ কথা.... প্ৰজাপতিয়ে পান্স এটা দি দিলে
সেই ৰনদীপৰ বিয়া । কোচবিহাৰত । বিয়াৰ দিনা দীৰুদা আৰু মই কোচবিহাৰ পালোগৈ ।
আমি গৈ পাওতে ৰনদীপে মুখত ক্ৰীম-পাউদাৰ সানি আছিল ।
- কি ঐ, একেবাৰে বগা হৈ গলি দেখোন ......... দীৰুদাই কলে
- নাই বিয়াৰদিনা তো হেন্ডচাম দেখিব লাগিব দিয়কচোন ........ ৰনদীপে লাজ লাজকৈ কলে
ৰনদীপৰ লগত বহিলো , দীৰুদাই ৰনদীপক বিয়াৰ টিপছ দিলে । আবেলি আঠ বজাত দৰাৰ লগত ওলালো । দৰাৰ গাড়ী আগত আমি পাছত । বেনফিছ নামৰ ৰিজৰ্ট এটাত বিয়া আছিল । দৰাৰ গাড়ী ৰিজৰ্টত সোমাল, ফটকা ফুটিল, ড্ৰামছেট বাজিল । আমি কোলাহল শেষ হোৱাৰ পাছত বিয়াৰ হলত সোমালো ।
হলৰ ভিতৰত এটা চুকত ফুচকা আছিল । প্ৰথমতে ফুচকাৰে আৰম্ভ কৰিলো । তাৰ পাছত কফি-পকৰাৰ ফালে গলো ।
তিনি নম্বৰৰ পকৰাৰ প্লেটখনৰ দুইনম্বৰ পকৰাটোত প্ৰথম কামোৰটো দিবলৈ লৈছো ।
- ঐ, সেইফালে চাচোন, ৰনদীপ ইমান বগা কেনেকৈ হল ........ দীৰুদাই অলপ আতৰত বহি থকা জোঙা টুপী পিন্ধা দৰাৰ নিচিনা ড্ৰেছত থকা লৰাটোলৈ আঙুলিয়াই কলে ।
পকৰা বাদ দি দীৰুদাই দেখুওৱা ফালে চালো । লৰাটো দেখাত বগা , মানে সি ৰনদীপ নহয় । ইফালে সিফালে চালো । হলটোৰ ভিতৰত চিনাকি মানুহ এটাও নেদেখিলো । টেনচন হৈ গল । কলেজীয়া দিন হলে টোনচন নললোহেতেন , টিপ-টপ খোৱাৰ কোটাটো পুৰা কৰি দিলোহেতেন । কিন্ত এতিয়া চাকৰি কৰা মানুহ, ইজ্বত বোলা বস্ত এটা আছে ।
এক মিনিটো পলম নকৰি দুয়োজন হলৰ বাহিৰৰ লন পালোহি । ৰনদীপক ফোন লগালো, নট ৰিচেবল । ৰনদীপৰ ভায়েকক ফোন লগালো, চুইচ অফ ।
কপালৰপৰা ঘাম বৈ আহিল । দহ মিনিটমান দুয়োজনে লনত পায়চাৰি কৰি ভাৱিবলৈ ধৰিলো । ঠিকেইটো আহিছিলো , ৰিজৰ্টৰ নামটোও ঠিকে আছে , কত খেলিমেলি হল । এই ঝামেলাবোৰ আমাৰ লগতহে কিয় হয় ।
- আচ্ছা, আমি বিয়ে খাব আছিলাম, ৰনদীপ এন্ড শ্ৰেচা , হুইছ ডাইৰেক্সন ..... দীৰুদাই মানুহ এজনক সুধিলে
কেইবাজনো মানুহক সুধি গম পালো যে ৰিজৰ্টটোত একে সময়তে চাৰিটা হলত চাৰিখন বিয়াৰ ৰিচিপচন হৈ আছে ।
চতুৰ্থটো হলত আমি ৰনদীপক বিচাৰি পালো । পডিয়ামত চকী এখনত আমন জিমনকৈ মুৰত জোঙা বগা টুপীৰে সৈতে ভয়াৰ্ত চাৱনিৰে পিৰিক পাৰাককৈ ইফালে সিফালে চাই থকা আমাৰ মৰমৰ শ্যাম বৰনৰ হেন্ডচাম ৰনদীপক ।

ৰনদীপৰ বিয়াত (২)


ৰনদীপৰ বিয়াৰ ৱেডিং হলটোত সোমালো । ৰনদীপ পডিয়ামত বহি আছে । ফুচকা আৰু কফি-পকৰাৰ সোৱাদ ললোৱেই , এতিয়া মেইন কৰ্চটো বাকী আছে ।
- খোৱা-বোৱা হল নেকি......... মই ৰনদীপৰ মহাকক সুধিলো
- নাই হোৱা এতিয়ালৈ ...... মহাকে উত্তৰ দিলে
ঘড়ীটোলৈ চালো , ৯ বাজিছে । হব, আধাঘন্টামানৰ পাছত হলেও হব । হলটোৰ চকী দুখনত দীৰুদা আৰু মই বহি দিলো । ৰনদীপলৈ চালো । বেচেৰাক পডিয়ামত বহাই থৈ দিছে । মুৰত বেংগলী জোঙা বগা টুপী । লাইট এটা তাৰ মুখত পৰাকৈ মাৰি থৈ দিয়া আছে যাতে তাৰ চেহেৰাটো ভালকৈ দেখা যায় । কইনাঘৰৰ মানুহ আহি তাৰ লগত চিনাকি হৈছে , সি ভোলা-ভালা হাহিৰে সম্ভাষণ জনাই আছে, ফটোৰ কাৰণে পজ দিছে ।
- আমাৰ ড্ৰিল চাইটৰ সিংহ দেখোন ইয়াত চাৰ্কাচৰ সিংহ বনি গৈছে ........ মই কলো
- বিয়া পাতিলে চব এনেকুৱাই হৈ যায় .......... দীৰুদাই কলে
ৰনদীপ আহি মন্ডপত বহিল । বামুনে মন্ত্ৰ গাবলৈ ধৰিলে । বামুনৰ লগে লগে ৰনদীপেও বিৰবিৰাবলৈ ধৰিলে ।
কিন্ত কথাটো হল যে ভোক লাগিছে । মই ৰনদীপৰ পেহীয়েকৰ ওচৰ পালোগৈ ।
- পেহীদেউ খোৱা বোৱা নকৰে নেকি .......... মই সুধিলো
- কৰিব তো লাগিছিল, ভোকো লাগিছিল, কেতিয়া বা মাতিব খাবলৈ....... পেহীয়ে কলে
১০ বাজিল । কইনা মন্ডপত প্ৰবেশ কৰিলে । আমি চকীতেই বহি আছো । সময় পাৰ হোৱাৰ লগে লগে ভোকটোও বাঢ়ি বাঢ়ি গৈ আছে । কইনাঘৰীয়া মানুহকেইটাক লক্ষ্য কৰিলো , কাৰো একো উমঘামেই নাই । এপলেকত মালা এক্সচেঞ্জ কৰাৰ পৰ্ব হল । কইনাক কইনাঘৰীয়া মানুহে ওপৰলৈ তুলি ধৰিলে যাতে ৰনদীপে ঢুকি নাপায় । ৰনদীপে দুবাৰমান জপিয়াই মালা পিন্ধাবৰ চেষ্টা কৰিলে । কিন্ত নোৱাৰিলে । ৰনদীপে যিমানেই জপিয়ায় সিমানেই কইনাক ওপৰলৈ তুলি ধৰে । শেযত ৰনদীপকো কান্ধত উঠাই কইনাৰ সমানলৈ অনা হল আৰু ৰনদীপে কইনাক মালা পিন্ধাই দি হাহি এটা মাৰি দিলে ।
১০-৩০ বাজিল । পেটত নিগনি দৌৰিছে কিন্ত খাবলৈ মতাৰ একো লক্ষণ নাই ।
- দীৰুদা ভোক লাগিছে...... মই কলো
- মোৰো লাগিছে, কেতিয়া মাতে এতিয়া....... দীৰুদাই কলে
- তলত ডাইনিং হল এটাত মানুহে খাই আছে
- ধুৰ, চাৰিখন বিয়া চলি আছে, কাৰ বা ডাইনিং সেইটো, গৰবৰ হলে ইজ্বত নিলাম হৈ যাব...... দীৰুদাই কলে
ভোক আৰু ইজ্বতৰ মাজত কম্পিটিচন । মই কইনাৰ ভায়েক যেন লগা লৰাটোৰ ওচৰ পালোগৈ ।
- আপনি কি কইনাৰে ভাই......... মই সুধিলো
- হা, আমি ভাই
- ভাই, ফিলিং ভেৰি হাংৰি, খানা কেতিয়া হব ..... মই ভোকাতুৰ চাৱনি এটা দি লাজ-মান কাটি কৰি সুধি দিলো
- আপুনি কি বড়যাত্ৰী
- হা .......... মই কলো
ভায়েকে ইনফৰমেচন দিলে যে তলত থকা ডাইনিং হলটোত খানা-পিনা হৈ আছে, আমি গলেই হল ।
- নমতাকে যাবি নেকি ........ দীৰুদাই কলে
- এটা কাম কৰো , আৰু দুজনমানক লৈ যাও, তেতিয়া আমি লাইমলাইটত বোছিকৈ নাহো.... মই কলো
আমাৰ নিচিনাই ভোকত কলমলাই থকা ৰাজীব আৰু জিতেশক কনভিন্স কৰি লৈ ডাইনিং হলৰ টেবুল এখনত বহি দিলো । আমাক দেখি দৰাৰ লগত অহা কিন্ত ৰনদীপৰ দম খোৱাৰ ভয়ত চুপ চাপ থকা মানুহবোৰো এজন দুজনকৈ আহি ডাইনিং হলত বহি দিলে ।

চাদী ডট কম

(১)
- দীৰুলৈ হে বেয়া লাগে দেই ..... চিচিদাই কলে
- কিয়.... মই সুধিলো
- থাৰ্টি পাৰ হল, মোৰ লগৰেই দেচোন, কিবা এটা গতি লগাব পাৰিলে ভাল আছিল
দীৰুদাই সেই সময়ত শিৱসাগৰত থাকে, টু ডেইজ অন-অফ ডিউটি । দুদিন চাইটত ডিউটি কৰে, বাকী দুদিন মেচত ৰন্ধা-বঢ়া কৰি টাইম কিল কৰে । মাজে মাজে মেছত পানীটুপি ধৰি ট্ৰেজেদী ফালে ।
আমি দীৰুদাৰ কোৱাটাৰ পাও মানে দীৰুদাই ফুলকবি আৰু মাছৰ আঞ্জা ৰন্ধাৰ যো-জা কৰি আছিল ।
- আব্বে তহতি, আজি নতুন ৰেচিপি এটা ট্ৰাই কৰি আছো ... দীৰুদাই কলে
- সেইচব বাদ দে, আমি খাবলৈ অহা নাই , তোৰ কথা চিন্তা কৰিহে আহিছো
- কি কথা
- থাৰ্টি পাৰ হল , আপোনাক এতিয়া চেটেল কৰিব লাগে ...... মই কলো
- মানে
- ইমানদিনে কাকো তো পতাব নোৱাৰিলিয়েই , এতিয়া কি ফুলকবি খাইয়েই জিন্দেকি পাৰ কৰিম বুলি ভাবিছ নেকি , ঘৰত কি ছোৱালী চাই আছে নেকি.... চিচিদাই সুধিলে
- নাই ....... দীৰুদাই সেমেনা-সেমেনিকৈ কলে
- চো আমি চাম তোৰ কাৰনে । তোৰ প্ৰিফাৰেন্স ক , মানে কেনেকুৱা ছোৱালী লাগিব ....... চিচিদাই কলে
- মানে তেনেকুৱা একো ৰিকুয়াৰমেন্ট নাই , হলেই হয় আৰু, মনে মিলা এজনী..... দীৰুদাই লাজ লাজকৈ কলে
(২)
পাচ মিনিটৰ ভিতৰতে চাদী ডট কমত দীৰুদাৰ প্ৰফাইল এটা বনাই পেলালো । দীৰুদাৰ পেটটো কাটি পাচপৰ্ট চাইজৰ ফটো এখন তুলি প্ৰফাইল পিকচাৰ বনাই দিলো । এতিয়া তিনিওজন মিলি দীৰুদাৰ কাৰণে ছোৱালী পচন্দ কৰাৰ পাল ।
- আমাৰ সমাজখন যিমানেই এডভান্সড নহওক কিয় , ধৰ্মৰ বেৰিয়াৰ পাৰ কৰাটো বহুত টান ...... চিচিদাই কলে
মই হয় বুলি কৈ চাৰ্চ অপচনত হিন্দু, ১৮-২৮, আচামিজ, ইন্দিয়া, আচাম , কাষ্ট ন বাৰ বুলি এন্টাৰ কৰি দিলো ।
২২৭ টা প্ৰফাইল ওলাল ।
ৰুমা, ২৫, কলিতা, বি.এ, গুৱাহাটী
- কেনে......... চিচিদাই সুধিলে
- ঠিকে আছিল , অলপ ৰংটো কলা যেন লাগিছে , বেলেগ এজনী চাও
সৰিতা, ২৮, গোস্বামী, এম.বি.এ, বাংগালুৰু
- বেংলুৰৰ জেং আছে দেই , নোৱাৰি.......... চিচিদাই ৰিজেক্ট কৰি দিলে
জুপি, ২৬, এচ.চি, এম.এ.
- তোৰ লগত মিলিব
- কাষ্টৰ প্ৰবলেম হব...... দীৰুদাই কলে
- কি কাষ্ট বে, আজিৰ দিনতো তই, চাল্লা, কাৰ্ল-মাক্সে তাহানিতেই..... চিচিদাই কিবা এটা বুজাব খুজিছিল
- আব্বে চুপ, বিয়া কাৰ্লমাক্সে পাতিব নে মই পাতিম ...... দীৰুদাই ওলোটাই দম দি দিলে
অপৰুপা, ২৪, কলিতা, এল.এল.বি
- কিচ্চু ধুনীয়া দেই, আপোনাৰ লগত তামাম মিলিব... মই কলো
দীৰুদাই অপৰুপাৰ ফটোখন চালে, তাৰ পাছত কলে, "অলপ বেছিয়েই ধুনীয়া, মই চম্ভালিব নোৱাৰিম, বেলেগ চা "
তাৰপাছত নেইনা, শিখা , পুৰবী, তাপ্তী , ৰশ্মি, বৰ্নালী, স্নেহা, কাকলি , ইন্দ্ৰানী , তৃষ্ণা, ডিম্পী, ম়ৃদুলা , ৰজী, স্মিতা কোনোৱেও দীৰুদাক য়েছ কৰাব লোৱাৰিলে । কোনোবা বেছিকৈ পঢ়া-শুনা কৰা , কোনোবা আন্ডাৰ কোৱালিফাইড , যিজনী কোৱালিফিকেচন অকে, তাই দেখিবলৈ পচন্দৰ নহয়, দেখিবলৈ পচন্দৰ হলে কাষ্টৰ প্ৰবলেম । দীৰুদাই গ্ৰহ-নক্ষত্ৰৰ লগতে মাংগলিকো টানি আনিলে । ফেমিলী, ব্ৰাদাৰ-চিষ্টাৰ কেইজন তাতো ফিল্টাৰ । মুঠৰ ওপৰত ফিল্টাৰৰ ওপৰত ফিল্টাৰ । লেপটপত ক্লিক কৰি কৰি মোৰ তৰ্জনী আঙুলি বিষাই গল কিন্ত দীৰুদাৰ পচন্দ নহয়হে নহয় ।
- আব্বে এক্সেক্টলি তোক কি লাগে বে, তোৰ এক্সেক্ট ৰিকুৱাৰমেন্ট ক , তাৰ পাছত চাম....... চিচিদাই বিৰক্তিৰে কলে
- হলেই হয় আৰু , মনে মিলা এজনী ......... দীৰুদাই লাজ লাজকৈ কলে
চিচিদাই দীৰুদাক হয়তো পিটি দিলেহেতেন , মই চিটুৱেচনটো চম্ভালি ললো ।
- এক মিনিট, কুল, একো টেনচন নলব, মই উলিয়াই আছো ...... মই কলো
এইবাৰ চব ফিল্টাৰ এপ্লাই কৰি চাৰ্চ কৰিলো ।
মাত্ৰ দুটা প্ৰফাইল ওলাল ।
- চাওক দীৰুদা, এই দুটা প্ৰফাইল ওলাইছে, এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠাাই দিও , পাছত দেখা যাব, এতিয়া বৰ ভোক লাগিছে ...... মই কলো ।
কোৱা নিষ্প্ৰয়োজন যে তাৰ পাছত চিচিদা আৰু মই দীৰুদাৰ বাবে ঘটকালি কৰাৰ ধান্দা সমুলি বাদ দিলো ।
(৩)
৪ বছৰ পাছত.............
বিহু বুলি দীৰুদাৰ এপাৰ্টমেন্ট পালোগৈ । দীৰুদা এবছৰ আগতেই চেটেল্ড হৈ গল । এৰেঞ্জ কাম লাভ । এতিয়া ফেমিলী প্লেনিঙৰ প্লেনিং কৰি আছে ।
দীৰুদাৰ এপাৰ্টমেন্টত নবৌয়ে দিয়া চাহত প্ৰথমটো শোহা মাৰিচোহে
- তোলৈ মোৰ বৰ চিন্তা হয় দেই...... দীৰুদাই কলে
- কিয় .... মই সুধিলো
- থাৰ্টি পাৰ হও হও, তোৰ কিবা এটা গতি লগাব পাৰিলে ভাল আছিল
- অতো, ইমানদিনে কাকো তো পতাব নোৱাৰিলায়েই , এতিয়া কি ঘৰে ঘৰে চাহ-পিঠা খাইয়েই জিন্দেকি পাৰ কৰিম বুলি ভাবিছা নেকি , ঘৰত কি ছোৱালী চাই আছে নেকি...... নবৌয়ে ট্ৰে এখনত পিঠা কেইটামান লৈ আহিল
- নাই ....... মই সেমেনা-সেমেনিকৈ কলো
- চো আমি চাম তোৰ কাৰনে । তোৰ প্ৰিফাৰেন্স ক , মানে কেনেকুৱা ছোৱালী লাগিব ....... দীৰুদাই সুধিলে
মোৰ চিচিদাৰ কাৰ্লমাৰ্ক্সলৈ মনত পৰিল ।
লেপটপ অন কৰি মোৰ পেটটো কাটি পাচপৰ্ট টাইপৰ ফটো এখন চাদী ডট কমত আপলোড কৰিবলৈ দীৰুদাই যো-জা কৰিলে ।

Tuesday, April 12, 2016

চন্দনদা


চন্দনদাক HRএ ৰ লটি-ঘটি কৰি আছে । চন্দনদাই পাছপৰ্টৰ এন.অ.চিৰ কাৰনে এপ্লাই কৰিছিল । এমাহ পাৰ হল, একো খা-খবৰেই নাই । ডেৰমাহ পাছত HRএ ফোন কৰি কলে যে চন্দনদাৰ আই কাৰ্ডৰ জেৰক্স দিব লাগিব ।

সেই সময়ত চন্দনদা আছিল অফ পিৰিয়ডত গুৱাহাটীত ।
- বাইদেউ, মেইল পঠিয়ালে নহব নেকি
- মেইল-চেইল মই নাজানো, জেৰক্স কপি লাগিব...... HR বাইদেৱে কলে

চন্দনদা ৰাতিৰ বাছত উঠি শিৱসাগৰ পালেগৈ । ইফাল সিফাল কৰি HR বাইদেউৰ অফিছ পালেগৈ । অফিছ পাই চন্দনদাৰ টেমা গৰম হৈ গল । বাইদেউ নাই । শিৱৰাত্ৰিৰ এক্সটেনডেড ছুটী । চন্দনদাই বাইদেউক ফোন কৰিলে আৰু তেওৰ কথামতে আই-কাৰ্ডৰ জেৰক্স টেবুলত থৈ আহিল ।

চন্দনদা পাছদিনা ৰাতিপুৱা গুৱাহাটীৰ বাছত উঠিল । বাছ আহি জাগীৰোড পাইছে মাত্ৰ । HR বাইদেৱে ফোন কৰিলে ।
- এস চন্দন , তুমিচোন ফটো দিয়াই নাই
- বাইদেউ, ফটোও দিব লাগে নেকি
- অতো
- বাইদেউ, আপুনিতো কব লাগে আগতে, মই ঘুৰি গুৱাহাটী পালোৱেই
- তুমিতো জানিব লাগে, ইমান মানুহে কৰি আছে, সিহতক সুধিলেই হয়

চন্দনদাই আকু তৰ্ক নকৰিলে । যোৰাবাটৰ অকোৱা পকোৱাখিনিত চন্দনদাৰ মুৰটোও খঙত অকোৱা পকোৱাকৈ ঘুৰিব ধৰিলে ।

অফ শেষ হৈ অন পিৰিয়ড আৰম্ভ হল । চন্দনদা ডি.এছ.এ গেলেকী পালেহি । দুদিনৰ ভিতৰতে ডি.এছ.এৰ আধা মানুহে গম পাই গল যে চন্দনদাক HR এ হাৰাশাস্তি কৰি আছে ।

অ.এন.জি.চিত চন্দনদা মোৰ গুৰু, আৰু চন্দনদাক কোনোবাই হাৰাশাস্তি কৰিব কোনোপধ্যে মানি লব নোৱাৰি ।

- বলক চন্দনদা, অফিছ যাও , চাল্লা ফিল্ডৰ মানুহক দৌৰাই থাকে, ফালি থৈ আহিম...... মই কলো
- হা চন্দনজী , একদম ঠোক দেনা চাহিয়ে..... অমিত গ্ৰোভাৰে যোগ দিলে
- চন্দনদা, একেবাৰে দি দিব লাগে পুৰা..... দীৰুদাৰ চেহেৰাতো যুদ্ধংদেহি এক্সপ্ৰেচন আহি গল

পাছদিনা শ্যামলদাৰ বাইকত দুয়োজন অফিছ পালোগৈ ।
- চন্দনদা, আজি যদি কিবা তেৰি-মেৰি কৰে, একেবাৰে জি.এম ৰ ওচৰত গৈ ফালি থৈ আহিম....... মই কলো
- ঠিক আছে, প্ৰথমতে প্যাৰ-মুহাবতৰে চাও, নহলে আজি পুৰা মুডত আহিছো...... চন্দনদাই ৰিপ্লাই দিলে

প্ৰথমতে চন্দনদাই চাৰফেচ টীমৰ অফিছত সোমাই বাইদেউৰ বিষয়ে অলপ ইনফৰমেচন কালেক্ট কৰি ললে । তাৰপাছত বাইদেউৰ অফিছ পালেগৈ ।

- বাইদেউ ........ চন্দনদাই মিহি মাতেৰে কলে
বাইদেৱে মুৰ তুলি চালে , চকুৰ চাৱনিৰে বাইদেৱে সুধিলে..... কি লাগে
- মানে মই চন্দন
- কোন চন্দন
- মানে এন.অ.চিৰ কাৰনে ফটো দিবলৈ থাকি গৈছিল যে
- অ , তোমালোকৰ ইমান বছৰ চাকৰি হল, একোৱেই নাজানা, এবাৰতে চব দিব লাগে, আমাক ইমান দিগদাৰি দি থাকা..... HR বাইদেৱে ৰঙা চকু দেখুৱাই কলে

মোৰ টেমা গৰম উঠি গল । আৰে কি কি বস্ত লাগিব সেয়া HR এ বেছি ভালকৈ জানিব । মেনুৱেলত কতো স্পষ্টকৈ লিখা নাই, HR এ নিজৰ খেয়াল খুচিমতে কাগজ বিচাৰে, এবাৰতে কৈয়ো নিদিয়ে , দহবাৰ ঘুৰাই দহখন কাগজ বিচাৰে ।
চন্দনদা কিন্ত কুল হৈ থাকিল । সেমেনা-সেমেনিকৈ চন্দনদাই কলে
- কি কৰিব বাইদেউ, মোৰেই ভুল, আপোনাক দিগদাৰ দিছো যদি সৰু ভাইটি বুলি মাফ কৰি দিব আৰু
- ও
- আৰু বাইদেউ আপুনি আছে কাৰনেই আমি ৰ কামবোৰত একো চিন্তা নকৰো । আপোনাৰ কাম যে ভাল সেইটো চবেই জানে , গতিকে ইমান টেনচন নলও আৰু , আপুনি আছে যেতিয়া কিবা মিলাই মেলি ঠিক কৰি তো দিয়েই
- ও ............. বাইদেউৰ চেহেৰাত সন্টুষ্টিৰ হাহি এটা দেখা গল
- আৰু বাইদেউ আপোনাক যেতিয়াই দেখো অনবৰত কামত ব্যস্তই দেখা পাও
- এহ নকবা, বহুত কামৰ প্ৰেচাৰ
- এস বাইদেউ এই নতুনবোৰক কামত খটুওৱাক আকৌ , এতিয়াতো আপুনি অলপ আৰাম কৰাৰ দিন........ চন্দনদাই কলে

চন্দনদাই বাইদেউৰ পিন্ধি থকা ড্ৰেছযোৰ তাৰিফ কৰিলে । বাইদেউৰ লৰা-ছোৱালীহাল বাংগালুৰুৰ কেডি. কলেজত পঢ়ি আছে, গতিকে চন্দনদাই ইমান টেলেন্টড লৰা-ছোৱালীৰ অভিভাৱক যে কিমান ভাগ্যবান আৰু ইমান ভাগ্যবান অভিভাৱক পাই লৰা-ছোৱালী তাতকৈও বেছি ভাগ্যবান , লগতে কেডি কলেজ যে এখন অতি ভাল কলেজ আৰু তাৰ ষ্টুডেন্টবোৰ বহুত ভাল সেইটো কথাও কলে । মই মুৰ দুপিয়াই, হয় হয় কৰি চন্দনদাক চাপৰ্ট দিলো ।

মানে কথাটো হল, আধাঘন্টাৰ ভিতৰত বাইদেৱে হাহিমুখে চন্দনদাই বিচৰামতে এন.অ.চি উলিয়াই দিলে ।

- দেখিলা এই ককায়েৰাক, ডেৰমাহ টৰ্চাৰ খাই মোৰ ইমান খং উঠি আছিল, মানুহগৰাকীয়ে গম পালে নেকি..... চন্দনদাই সুধিলে
- না .......... মই কলে
- এই ককায়েৰাৰপৰা তোমাৰ শিকিবলগীয়া বহুত আছে
- মানে চন্দনদা , মানে মোৰ ফাইল এটাও ফচি আছিল, কত আছে লকেট কৰি পৰা নাই , নেওগদাক দিছিলো, নেওগদাই ইয়াত দিয়া বুলি কলে, এতিয়া ইয়াতো নাই তাতো নাই..... মই কলো
- হয় নেকি, ন প্ৰবলেম , বলা

দুয়োটা পুনৰ বাইদেউৰ ওচৰ পালোগৈ ।

- মানে বাইদেউ, একেবাৰে সৰু কথা এটা আছিল, এই লৰাকণৰ ফাইল এটা আছিল, আপোনাৰ ওচৰত কেনেবাকে আছে নেকি চাই দিব নেকি...... চন্দনদাই মোক দেখুৱাই কলে

লৰাকণ ! চন্দনদাই মোক একেবাৰে পেন্দুকণা বাচ্চা টাইপ বনাই দিলে । যিয়েই নহওক, কিমান দৌৰাদৌৰি কৰিম আৰু । ফাইলটো উলিওৱাৰ খাতিৰত ময়ো লৰাকণৰ নিচিনাকৈ থিয় দি থাকিলো ।

চন্দনদা- পাৰ্ট টু


অন পিৰিয়ড শেষ হল । মিচিং ফাইলৰ অতা-পতা নোলাল । চৈধ্য দিনৰ অফত বৃহস্পতিবাৰে গুৱাহাটী পালোহি । নেক্সট টাইম গলে ফাইলটো বিচাৰিব লাগিব ।

সোমবাৰে চন্দনদাই ফোন কৰিলে

- কি হে পোনাকণ, ফাইল পালা নে নাই
- গুৱাহাটীত আছো, কত কেনেকে পাম
- তোমাৰদ্বাৰা নহব আৰু, মই কেনেকে কাম কৰাই আনিলো দেখিলানে নাই, শিকি লৱা বুইছা শিকি লবা...... চন্দনদাই হাহি হাহি কলে

চাল্লা চন্দনদাইও আজিকালি ডাউন দিয়ে । এতিয়া মই কৰিম কি, উপাই নাই । কাম নহলেতো ডাউন খাবই লাগিব । সেই সময়তে প্ৰাঞ্জলদাই খবৰ দিলে যে ফাইল HRৰ অফিচত আছে ।

HRৰ মেনেজাৰলৈ ফোন কৰিলো
- ছাৰ গুড মৰনিং , মেৰা নাম বিকাচ চইকিয়া হে, মেনে লোণ কে পাৰ্মিচন কে লিয়ে এপ্লাই কিয়া থা , আপচে মিলকে ভী আয়া থা
- দেখিয়ে মুঝে নাম চে আদমী যাদ নহী ৰহতা, চিপিএফ বতাইয়ে
- ১২১৬৫৯, লাষ্ট টাইম এজ পাৰ মেনুৱেল এন্ড চাৰ্কুলাৰচ মেনে চব ডকুমেন্ট দিয়া, লেকিন অফিছ চে ফাইল ৱাপচ কৰ দিয়া
- কিউ
- মেনে বেংক একাউন্ট ষ্টেটমেন্ট দিয়া থা, আপলোগো কো পাছ বুক কা জেৰক্স চাহিয়ে, অউৰ মেৰা এপ্লিকেচন মে থোৰা গলত থা
- হা ফিৰ
- মে আপকে অফিছ মে গয়া আপচে স্পেচিফিকেলি পুচা ক্যা ক্যা ডকুমেন্ট চাহিয়ে , আপ জো জো ডকুমেন্ট জেইচে দেনে কে লিয়ে কহা, মেই ৱেইচে হি ৱ ৱ ডকুমেন্ট চাৱমিট কৰকে দিয়া
- হা
- তো কবতক হো জায়েগা
- দেখিয়ে অভী তক ফাইল মেৰে টেবুল তক আয়া নহী হে, জেইচে হী আয়েগা মে কৰ ডুংগা
- অকে চাৰ, থেংক ইউ

চাবমিট কৰা চব ডকুমেন্টৰ স্কেন কপি মেনেজাৰৰ অফিচিয়েল মেইল আই ডি লৈ পঠাই দিলো ।

এসপ্তাহ পাছত
- HR এ আকৌ ফাইলটো ঘুৰাই পঠিয়ালে ।
- কিয়
- এ নকবা আৰু, তোমাৰ বেংক ষ্টেটমেন্ট এমাহৰ ট্ৰান্সএকচন দিয়া আছে, তেওলোকক বোলে ৩-৪ মাহমানৰ লাগে
- তিনিমাহ নে চাৰিমাহ ......... মই সুধিলো
- মুঠতে দুই-তিনিখন কাগজ ভৰাই দিবা আৰু

মেনেজাৰলৈ ফোন কৰিলো
- মে ১২১৬৫৯ বল ৰাহা হু , মেৰা এপ্লিকেচন মে ক্যা প্ৰবলেম হে
- মতলব আপকা
- দেখিয়ে, কম্পনী কা মেনুৱেল অউৰ চাৰ্কুলাৰ মেনে ভী পঢ়া হে , আপলোগ জো য়ে অপনা নিয়ম-কানুন অপনা মৰ্জি চে বনায়া হে ৱ কিচি মেনুৱেল য়া চাৰ্কুলাৰ মে লিখা নহী হে, অৰ য়ে গলত হে
- দেখিয়ে
- জো দেখনা হে মে দেখ চুকা হু, মে ফৰটিন ডেইজ কৰতা হু, অভী অফ মে হু, পৰচো চিবচাগৰ পহুচ ৰাহা হু , জিতনা ঘুমানা থা আপলোগ ঘুমা লিয়া, আগৰ মু়ঝে অফিচ মে ফিৰ জানা পৰা তো আপকো বহত প্ৰবলেম হোগা.......... অলপ দম এটা দি দিলো

এঘন্টা মান পাছত মেনেজাৰে ফোন কৰিলে ,
" আপকা ৱ পেন্ডিং কাম কৰ দিয়া হে "

চন্দনদাক কথাটো জনাব লাগিব ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...