Thursday, September 24, 2015

ঘটক

কেইবছৰমান আগতে, স্থান চফ্ৰাই , চাইটত ড্ৰিলিঙ চলি আছে, ড্ৰিলিঙ ইঞ্জিনিয়াৰ দেবাশীষ নন্দী কামত ব্যস্ত । সময় ৰাতি ৮ বাজিছে । মই ৰীগৰ সমুখৰ মুকলি ঠাইখিনিত এনেয়ে পায়চাৰি কৰি আছো ।

- হেলো বিক্স , কি খবৰ.......... কলেজৰ বন্ধু উমেশ মেধীৰ ফোন
- ভাল..... মই কলো
- কত এতিয়া
- ডিউটিত, নাইট শ্বিফট
- আচ্ছা কথা এটা সুধিব লগা আছিলে
- কি কথা
- **** ***** তোমাৰ লগত পঢ়িছিলে নেকি
- অ, মোৰ লগৰ , ক্লাছমেট
- ছোৱালীজনী কেনেকুৱা
- ভাল , কিয়
- মানে মোৰ লগৰ এটাৰ লগৰ এজনে চাইছিল ঘৰৰপৰা, বুজিছাই তো
- বহুত ভাল ছোৱালী হয় , beautiful, kind-hearted ,easy-going, cute, অলপ ৰিজাৰ্ভড হয়, টেনচন একো নাই , চকু মুদি অকে
- এফেয়াৰ-চেফেয়াৰ
- মই জনাত নাই, ডিগ্ৰী বা এম.এছ.চি তো নাই, থাকিলে মই গম পালোহেতেন
- চিউৰ
- আব্বে হানড্ৰেড পাৰচেন্ট, কিবা থাকিলে মই গম পালোহেতেন
- কোনোবা আৰু কিবা
- এম.এছ.চিত থাকোতে তাইৰ লগৰ এটাই প্ৰপজ দিছিল অৱশ্যে, তাই ৰিজেক্ট কৰি দিলে, আৰু একো নাই
- লৰাটোৱে এতিয়াও পিচা কৰি আছে নেকি
- নাই
- চিউৰ
- হানড্ৰেড পাৰচেন্ট
- আচ্ছা, সেই লৰাটোৰ বিষয়ে ইনফো, মানে বুজিচাই তো, নাম, কি কৰে এতিয়া
- ৱ কিউ চাহিয়ে বে
- আব্বে, প্লীজ , ইনফো কিবা কৰি উলিয়াই দিয়া না
- লৰাটোৰ নাম বিকাচ চইকীয়া
- আচ্চা মক্কেলটোৰ নাম হল বিকাচ চইকীয়া, এক মিনিট, তোমাৰ নামো চোন বিকাচ, তোমাৰ ক্লাছত আৰু কোনোবা বিকাচ আছিল নেকি
- সেই মক্কেলটো ময়ে হয়......... মই কলো 


তাৰপাছত আধামিনিটৰ নীৰৱতা

- আব্বে , চাল্লা, চৰি য়াৰ, মই কেনেকে পাহৰি গলো, খিয়ালে নাহিল বে, তাইৰ নামো চোন **** ***** আছিল, একদম চৰি
- একো নাই বে , ন হাৰ্ড ফিলিংচ

বিয়াখনলৈ অফ-কৰ্চ মোক ইনভাইট কৰা হৈছিল ।

হাৰবেল-লাইফ

- আপুনি মোৰপৰা হাৰবেল-লাইফ লওক । তিনিমাহৰ কৰ্চ এটা , তিনিমাহত পুৰা ৩০ কেজি কমি যাব আপোনাৰ ........ ৰনদীপে কলে
- বোপাই নালাগে, খাই মানুহৰ ওজন কমে নেকি, নাখালেহে ওজন কমিব
- লৈ চাওক না
- নালাগে

ৰনদীপে চবকে হাৰবেল-লাইফ দিবৰ চেষ্টা কৰে । হাৰবেল-লাইফ মানে টেমা কিছুমানত পাউদাৰজাতীয় কিবা থাকে । ৰনদীপৰ মতে সেইচব খালে বোলে ভোক কম হয় আৰু ওজন কমি যায় । ৰনদীপে ড্ৰিলিঙৰ চাকৰিৰ উপৰিও চাইড বিজিনেছ হিচাপে হাৰবেল-লাইফৰ এজেন্টৰ কাম কৰে । তাৰ কাষ্টমাৰৰ মাজত খঞ্জন, দীৰুদা, চন্দনদা আদিও আছে । সি কিন্ত প্ৰজাপতি আৰু মোক বহুত কামুৰিও কাষ্টমাৰ বনাব পৰা নাই ।

অফৰ প্ৰথমদিনা আহি ঘৰ পাইছোহি । ৰনদীপে ফোন কৰিলে
- ঘৰ পালেগৈ নেকি
- অ
- কথা এটা আছিল
- কি
- ছোৱালী এজনী আছে, জ্যোতিমালা সন্দিকৈ
- কৰ, কেনে................. মই সুধিলো
- ধেই আপোনাৰ কাৰনে নহয়, মোৰ কাৰনে, ঘৰৰপৰা চাইছে , গুৱাহাটীৰ হয়, খবৰ লৈ দিয়ক না............ ৰনদীপে কলে
- আচ্চা, ফেচবুকত চোৱাচোন
- এফ.বিত নাই
- নাই যদি টেনচনেই নাই
- নাই মানে মোৰ লগত একেলগে আছিল কলেজত, কিউট আছিল, কিন্ত তেতিয়া মই বহুত ক্ষীন আছিলো, তাই বহুত শকত আছিল , সেইকাৰনে দিলৰ কথা জুবানত নাহিল
- গুৱাহাটীত মই কেনেকে বিচাৰিম বে
- মানে তাই এতিয়া এইচ.পি.চি.এল ত কৰে, জাগীৰোডত, এবাৰ খবৰ লৈ আহক না, তাই আগৰদৰেই আছে নে ক্ষীনাইছে, মানে বেছি শকত হলে দিলৰ কথা বা জুবানত আহে নে নাই
- শকত হলে হাৰবেল-লাইফ দি দিবা আকৌ , টেনচন কিহৰ....... মই কলো
- পিলিজ খবৰ লৈ দিয়ক না, প্লিজ.......... ৰনদীপে কাতৰ অনুৰোধ কৰিলে

চাল্লা দুনীয়াত চবেই কামোৰ দিবলৈ মোকেই পায় । জাগীৰোড কাগজ কল, অলপ ভাৱিলো , কোনোবা আছে নেকি , বৰ্নালী আছে । অৱশ্যে বৰ্নালীক ফোন কৰিলে গালি খোৱাটো খাটাং, তাইৰ বিয়াত মই এবচেন্ট আছিলো ।
- হেলো বৰ্নালী, মই
- গম পাইছো, মনত পৰিল আজি.............. বৰ্নালীয়ে কলে
- মনত তো পৰিয়েই থাকে , কি কৰিবা কোম্পানীৰ কামৰ প্ৰেচাৰ, সময়েই নাপাও
- থোৱা থোৱা তোমাৰ বাহানাবাজী, বিয়াততো নাহিলাই, কি কামত ফোন কৰিছিলা কোৱা
- মানে তোমাৰ লগত জ্যোতিমালা সন্দিকৈ নামৰ কোনোবা ছোৱালীয়ে কাম কৰে নেকি......... বৰ্নালীক ৰনদীপৰ কেচটো খোলাখুলি কৈ দিলো

তাৰ পাছত বৰ্নালীয়ে গালি তথা ফেমিনিজিমৰ ওপৰত লেকচাৰ দিলে । গালি মোক নে ৰনদীপৰ উদ্দ্যেশ্য কৰি দিলে গম নাপালো কিন্ত ফোনৰ আনটো মুৰত ময়েই আছিলো । নাৰীৰ ওপৰত সদায় কিয় চকু, নাৰী পন্য নহয়, নাৰীয়েই কিয় যুগে যুগে অগ্নিপৰীক্ষা দিব লাগে , শোষন, বঞ্চনা, আৱদমন, এই টাইপৰ কথাৰে মোক খুব কামোৰ দিলে ।

মোৰ ক্ষেত্ৰত চকুমুদি হা কম আৰু অতি সোনকালেই বৰ্নালীক চেহেৰা দেখুৱাম আৰু তাইৰ দুই বছৰীয়া বাচ্চাটোৰ কাৰনে আৰ্চিজৰ ডাঙৰ টেডি এটা গিফট এইকেইটা প্ৰতিশ্ৰুতি দিয়াতহে বৰ্নালী শান্ত হল । যিয়েই নহওক বৰ্নালীৰপৰা ইনফৰমেচন গোটাই ৰনদীপলৈ পাছ কৰি দিলো ।

এসপ্তাহ পাৰ হল । খুব গৰম পৰিছে, কাম এটাত পানবজাৰলৈ গৈছিলো , ঘুৰি আহোতে বিগ বাজাৰত সোমালো । বিগ বাজাৰত বস্ত কিনাৰ মতলব নাই, ইমান গৰমত বিগ বাজাৰৰ ফ্ৰী এচি খাই যাম বুলিহে সোমাইছো , আধাঘন্টামান টাইম কিল কৰিম ।

বিগ বাজাৰৰ ছেকেন্ড ফ্লৰ পালোহি । এইটো ফ্লৰত কাপোৰ আছে , কাপোৰবোৰৰ মাজে মাজে ৱাক কৰি আছো, হঠাত দেখিলো ৰনদীপ দেখোন, ই তিনিচুকীয়াৰপৰা কেতিয়া আহিল । তাৰ দুযোখন হাতত দুবেগ কাপোৰ । তাৰ কাষত চাইজ জিৰো চাইজৰ ধুনীয়া কিউট ছোৱালী এজনী ।

- আব্বে ৰনদীপ, ইয়াত কি কৰি আছ, গুৱাহাটী আহি খবৰেই দিয়া নাই যে......... মই কলো
- অ, দাদা, হে হে , নাই মানে এওৰ লগত আহিছিলো শ্বপিং কৰিবলৈ
ছোৱালীজনীয়ে ঘুৰি দিলে
- এয়া বিকাচদা দেই, মই যে কৈ থাকো, ১০০ কিলো, আৰু এও জু দেই, জ্যোতিমালা , আপোনাকযে কৈছিলো......... ৰনদীপে মোক চিনাকি কৰাই দিলে

মই সৌজন্যমুলক হাহি এটা মাৰিলো । প্ৰত্যুত্বৰত জ্যোতিমালাইও হাহি এটা মাৰিলে ।
- আৰু বিকাচদা চেঞ্চুৰীটো মাৰিলেই, এতিয়া ওজন কমাওক আৰু, মই কৈছো হাৰবেল-লাইফ লওক , তিনিমাহ, হৈ যাব....... ৰনদীপে কলে
- ...........
- হয় দা, ময়ো আগতে আপোনাৰ দৰেই শকত আছিলো, হাৰবেল-লাইফ ৰ ফলতহে ক্ষীনাব পাৰিলো........ জ্যোতিমালাইও ৰনদীপৰ কথাত যোগ দিলে ।

হাজাৰ হলেও ইজ্বতৰ কথা আছে । চাৰিটেমা হাৰবেল-লাইফ লৈ ঘৰলৈ আহি আছো , ৱেইট অলপ হলেও কমাব লাগিব ।

লাইফ এন্ড ফুটবল

(১)

বৰষুনৰ চিজন আৰম্ভ হৈছে । বৰষুন দিছে মানে বেলতলা ফিল্ডত ক্ৰিকেটৰ সলনি ফুটবলৰ চিজনৰ আৰম্ভনি । মই বেলতলা ফিল্ডখনৰ একেবাৰে ওচৰতে থাকো । ঘৰৰপৰা ফিল্ডখন দেখা পায় । খিড়িকীয়েদি দেখিলো পিলিঙা কেইটামানে ফুটবল এটা লথিয়া লথি কৰি আছে । ইচ্ছা দমাব নোৱাৰিলো । ফিল্ড পালোগৈ ।

নব্বৈৰ দশকৰপৰাই এই ফিল্ডখনত খেলি আহিছো । তিনিটা জেনেৰেচন । মৌচমদা, শুক্লেশ্বৰদাহতৰ সময়ত মই সৰু পিলিঙা, তাৰপাছত লাহে লাহে ডাঙৰ হলো, ফিল্ডত আমাৰ জেনেৰেচনৰ আধিপত্য চলিল , ডাঙৰবা, সৰুবা, দান্ডি, হিমাংগ, মেলা, বুবু । লাহে লাহে প্ৰায় সকলোৱেই ৰোজি-ৰোটিৰ খাতিৰত সময় নোপোৱা হল আৰু খেলা বাদ দিলে । । তাৰ পাছত আমাৰ পাছৰ মাধৱ, বিজু, লাংগা, চেলু, পাইলা, গুটি আদিহত । কিন্ত এই তিনিটা জেনেৰেচনৰ বাবে মই কন্সটেন্ট, খেলিবলৈ কেতিয়াও সময়ৰ অভাৱ হোৱা নাই বাবে দুই দশক জুৰি বেলতলা ফিল্ডত ক্ৰিকেটৰ চিজনত বেট ঘুৰাই আৰু ফুটবলৰ চিজনত বল লথিয়াই আছো ।

বৰষুণৰ বাবে ফিল্ডখনত ঠায়ে ঠায়ে পানী জমা হৈছে, ঘাহবোৰে পিচল হৈ আছে । অলু শুকান ঠাই এডোখৰত পজিচন ললো । পিলিঙা এটাই বলটো মোৰফালে ঠেলি দিলে , ৱান টাচ ৰিচিভ কৰি আগবাঢ়িলো , বিকাচদা........ পিলিঙা এটাই চিঞৰিলে ।

চিঞৰৰ ডাইৰেক্সনত চালো । অপজিট চাইডৰ গলপোষ্টৰৰ ফালে আমাৰ টীমৰ পাইলা ষ্ট্ৰাইকিং পজিচনত আছে । পাছ দিলো, একেবাৰে নিখুত পাছ , পাইলাই গলটো দি দিলে ।

সন্টুষ্টিৰ স্মাইল এটা আহি গল । দুই দশক দুৰি বেলতলা ফিল্ডত এইদৰেি নিখুত পাছ দি নাম বৰ্তাই ৰাখিছো ।

অলপদেৰিৰ পাছত আকৌ বলটো ভৰিত পৰিল । এইবাৰ ভাবিলো কাকো পাছ নিদিও, নিজে গল দিম । গলপোষ্টটো ৬০ মিটাৰ দুৰত, তীব্ৰবেগত ভৰিত বল লৈ ধাৱমান হলো । অপজিত টীমৰ পিলিঙা দুটাই পিছ ললে । সিহতক পাছ পেলাই গলৰ ফালে গলো । গলকীপাৰ ওলাই আহিল , জাষ্ট গলকীপাৰক ক্ৰছ কৰিলেই গল , এনেকুৱা গল মই বহুত দিছো । দৌৰি থাকোতেই বলটো গলকীপাৰৰ কাষেৰে পাৰ কৰিবলৈ পুচ কৰিলো । কিন্ত নহল , গলকীপাৰৰ গাত লাগি বলটো উফৰি পৰিল । ইফালে বৰষুন পৰি থকাৰ বাবে মই মমেন্টাম ৰখাব পৰা নাই , গলকীপাৰ পিলিঙা টোৱেও নিজকে ৰখাব পৰা নাই । ১০০ কিলো ওজনৰ মোৰ লগত খুন্দা খালে বেচেৰা ৰিটায়াৰ্ড হোৱাটো খাটাং । লাষ্ট মুহুৰ্তত সি হাউলি দিলে আৰু মই জপিয়াই দিলো । জপিয়ালো ঠিকেই কিন্ত লেন্ডিং বেয়া হল । ঘাহত পৰি ১০ মিটাৰমান চুচুৰি গলো । ছাল-বাকলি নগল ঠিকেই কিন্ত ৫০ মিটাৰৰ দৌৰটোৰ পাছত অনুভৱ কৰিলো যে বিৰাট ভাগৰ লাগিছে, দীঘল দীঘল উশাহ লবলৈ ধৰিলো, দেহত যেন শক্তি নাই । ককাল, পিঠি, ভৰিৰপৰা হাতৰ তলুৱালৈ বিষ অনুভৱ কৰিলো ।

মাত্ৰ ১৫ মিনিট খেলাৰ পাছত ঘৰলৈ আহিলো । কোনোমতে গাটো ধুলো । গোটেই গাতে প্ৰচন্ড বিষ । লেবেজান হৈ বিচনাত বাগৰি দিলো । মাতৃদেবীয়ে বকি বকি পিঠিত-ভৰিত ভলিনী লগালে ।

লেবেজানৰপৰা নৰমেল হওতে বেলি ডুবিল । এসময়ত ২-৩ ঘন্টা ননষ্টপ ফিল্ডত খেলিলেও ভাগৰ লগা নাছিল । আৰু আজি ১৫ মিনিটতে লেবেজান হৈ গলো । বোধহয় বেলতলা ফিল্ডৰপৰা ৰিটায়াৰমেন্ট লোৱাৰ সময় আহি পৰিল ।

জীৱনৰ খেলপথাৰত প্ৰতিদিনে নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন আহি পৰে । যি পাৰে সি টিকি থাকে, যি নোৱাৰে সি হেৰাই যায় ।
প্ৰথমদিনা পোন্ধৰ মিনিট খেলাৰ পাছতে ফোপাই-জোপাই ঘৰ সোমালোহি । ১০০ কেজি ওজনৰ দেহাটো চম্ভালিম নে বলটো চম্ভালিম । এনেকৈ নোৱাৰিম, ফুটবল খেলা বাদ দিব লাগিব ।

(২)

সাত বছৰ আগতে ঠিক এনেকুৱা এটা মেন্টেল ষ্টেজতে আছিলো । ভাৱিছিলো নোৱাৰিম । নিজকে প্ৰমান কৰাৰ তেতিয়া প্ৰয়োজন আছিল । তেতিয়া থাৰ্ড চেমিষ্টাৰ পাইছো , মই আছিলো এভাৰেজ ষ্টুডেন্ট, এভাৰেজ মানে নম্বৰ ৬০-৭০ ৰ ভিতৰত থাকে , না কম , না বেছি । এজ ইউজুৱেল মোৰ পৰা কাৰো একো এক্সপেকটেচন নাই । এতিয়া পঢ়ি আছো, তাৰ পাছত লাইফত কি কৰিম একো ধাৰণা নাই । কিবা এটা কৰিম আৰু , কিন্ত কি কৰিম নাজানো ।
ইউনিভাৰচিটিত থাকোতে ফৰেষ্ট স্কুলত গনেশ আচাৰ্যৰ লগত মেচ কৰি আছিলো । শনিবাৰে ঘৰলৈ যাও । ঘৰলৈ গলে প্ৰায়েই মায়ে কয় যে দেউতা সোনকালে ৰিটায়াৰ্ড হব । ৰিটায়াৰমেন্টৰ পাছত অসম চৰকাৰৰ পেঞ্চন হওতে বহুত দেৰি হয় । ভাইটিও ডিগ্ৰী পঢ়ি আছে , কলেজৰ ফীজবোৰো কম নহয় । ইফালে গুৱাহাটীত পৰিয়াল এটা চলিবলৈও বহুত টকা লাগে । মুঠৰ ওপৰত প্ৰেচাৰ ষ্টাৰটেড টু মাউন্ট আপ ।
কিন্ত তেতিয়াও জো ভী হোগা দেখা জায়েগা টাইপৰ বিন্দাছ এটিটিউড চলি আছে । ৰুমমেট গনেশে মাজে মাজে সকীয়ায়, এইচে কুচ নহী হোগা ।
দেন দেয়াৰ কেম এ ট্ৰানজিচন ফেজ । কিছুমান ব্যক্তিগত অসফলতা । অসফলতাবোৰৰ এটা মুল কাৰন মোৰ ভৱিষ্যতৰ অনিশ্চয়তা । সেইখিনি সময়তে মই হতাশ, নিৰাশ, তনহা, উদাস হৈ থাকিবলৈ ধৰিলো । আই ষ্টাৰটেড ফিলিং ডা প্ৰেচাৰ ।
এইচে উচাস ৰেহনেচে কুচ নহী হোগা, কুচ কৰকে দিখাও , কুচ বনকে দিথাও ..... ৰুমমেট গনেশে কৈছিল ।
আই হেড টু প্ৰুফ মাইচেল্ফ ।

(৩)

বেলতলা ফিল্ডখনলৈ লৰাবোৰ খেলিবলৈ আহিছে । মই ভৰিত ভলিনী লগাই আছো । ইমান সোনকালে খেলা বাদ নিদিও । ওজন বেছি হোৱা কাৰনে বেছি দৌৰিলে ভাগৰ লাগিব । গতিকে বেছি দৌৰাদৌৰি নকৰো । ভৰিত জোৰ আছে, গতিকে গললৈ লং শ্বট লম, ড্ৰিবলিং বেছি নকৰো, মিডফিল্ডতে ফটাফট পাছ দি খেলিম । ষ্ট্ৰেটেজী বনাই ফিল্দলৈ গলো ।
ভাগৰ লাগিল সচা কিন্ত পুৰা ডেৰঘন্টা টিকি থাকিলো । গললৈ বহুতকেইটা এটেম্প্ট লৈছিলো কিন্ত একুৰেচি নাই বাবে এটাও গল দিব নোৱাৰিলো । সোমবাৰেও গলো, এইবাৰ অলপ ফৰৱাৰ্ড পজিচন ললো কিন্ত গল হলে এটাও দিব নোৱাৰিলো ।

আজি মঙলবাৰ, কাইলৈ চৈধ্য দিনৰ ডিউটিৰ বাবে দীৰুদাৰ লগত শিবসাগৰলৈ যাম , গতিকে আজিয়েই বেলতলা ফিল্ডত লাষ্ট ফুটবল খেলা । আজি এটা হলেও গল দিবই লাগিব ।

আজি একেবাৰে খেলিব পৰা নাই । বল ভৰিত পৰো পৰো কৰিলেই অপজিত টীমৰ প্লেয়াৰে কাঢ়ি লৈ যায় । বৰষুণৰ ঘাহবোৰ তিতি থকা কাৰনে খোপনি পোতাত অসুবিধা হৈছে । মুঠৰ ওপৰত বকৱাচ খেলি আছো । লাহে লাহে মোৰফালে পাছবোৰো নহা হৈ পৰিল ।

গল দিবলৈ সকলোতকৈ ভাল বুধি হল যে গলপোষ্টৰ ওচৰত থকা । অপজিত টীমৰ গলপোষ্টৰ ওচৰত অৱস্থান ললো । আমাৰ টীমৰ ৰকেটৰ ভৰিত বল , বল লৈ সি ৰাইট উইঙেৰে আহি আছে ।

- ৰকেট এইফালে......... মই হাত জোকাৰি কলো

মই গলপোষ্টৰ মাত্ৰ পাচ মিটাৰ দুৰত । ৰকেটে বলটো মোৰফালে ঠেলি দিলে , বলটো মোৰফালে চুচৰি আহি আছে, মোৰ পাছফালে গলপোষ্ট । অপজিত টীমৰ প্লেয়াৰ কেইটাই বলটোৰ ফালে দৌৰিছে, বলটো মোৰ ভৰিত পৰো পৰো হৈছে, যোৱা দুদিন ধৰি এটাও গল দিব পৰা নাই । বলটো ৰখাবলৈ চেষ্টা নকৰি মই ভৰিৰে বেকাকে মাৰি দিলো । মোৰ গোৰোহাত লাগি বলটো ডিফ্লেক্ট হৈ গলৰ ফালে গল । গলকীপাৰে বলটো ধৰিবলৈ হাত মেলিলে , কিন্ত পানী লাগি খকা বাবে বলটো পিছলি পৰিল । গল । তিনিদিনত মোৰ প্ৰথম গল । গল বাই চাঞ্চ, বাই লাক ।
কিন্ত এ গল ইজ এ গল ।

(৪)

হোৱাট চুড বি মাই গল । এটা চাকৰি । যিকোনো এটা টাইপৰ চাকৰি । কিন্ত চাকৰি কেনেকে পাম । ফৰেষ্ট স্কুলত মোৰ ওচৰৰ ৰুমটোত আছিল পদ্মপানি । তাৰো মোৰ দৰেই একেই প্ৰবলেম । দেউতাক সোনকালে ৰিটায়াৰ হব, ভায়েকে পঢ়ি আছে, তাৰ বিয়া দিব লগীয়া ভনীয়েক এজনীও আছে । তাৰ প্ৰেচাৰ মোতকৈ বেছিহে । সি বহুত চাকৰিৰ বাবে এপ্লাই কৰিছে, বেংক, এচ.এচ.চি. চেন্ত্ৰেল একো বাকী ৰখা নাই ।

চিন্তাবোৰ বাঢ়ি গৈ থাকিল । টেনচনত টোপনি কমিবলৈ ধৰিলে । কেনেকে হব , হব জানো কিবা ।
পাচ মাহ পাছত, এপ্ৰিল ২০০৯, লাইফৰ টাৰ্নিং পইন্ট । নেটৰ ৰিজাল্ট দিলে, জে.আৰ.এফ পালো । নাইন্টি পাৰচেন্ট টেনচন কমি গল । এতিয়া পি.এইচ.ডিত নাম লগালেই পাছ বছৰলৈ ১২ হাজাৰকৈ পইচা পাই থাকিম , লাকে ফেভাৰ কৰিলে কলেজ-চলেজত চাকৰিও পাই যাব পাৰিম । মনে মনে ভাৱিলো এতিয়া আৰু আনচাৰটেইন ফিউচাৰ নহয় । লাইফত কিবা এটা কৰিব পাৰিম বুলি কনফিডেন্স গ্ৰ হল ।

ইউনিভাৰচিটীৰ ছাৰ এজনে কলে......... বাকীকেইটা ঠিকেই আছে, কিন্ত তুমি পাবা বুলি ভাবা নাছিলো, আই থিংক ইউ আৰ লাকী
মনে মনে ভাবিলো এগেইন আই হেড টু প্ৰুভ মাইচেল্ফ ।

পাছৰ বছৰ আকৌ নেট দি জে.আৰ.এফ পালো । তেতিয়া মই ইউনিভাৰচিটীত পি.এইচ.ডিত নাম লগাইছো । সেইগৰাকী ছাৰকে কলো......... ছাৰ এইবাৰো জে.আৰ.এফ পালো, লাকে ফেভাৰ কৰি আছে আৰু

জানুৱাৰী ২০১১ , নিজকে নিজৰ ওচৰত আৰু আনৰ ওচৰত প্ৰমান কৰাৰ চেষ্টা বাদ দিলো । ভাৰ মে জায়ে দুনীয়া, আৰামৰ দিনত আৰাম কৰিব লাগে । তেতিয়ালৈ ইউনিভাৰচিটীৰ দিনৰ টেনচনবোৰ শেষ হৈছে । চৰকাৰে চাকৰিৰ অৱসৰৰ বয়স দুবছৰ বঢ়াই দিয়া বাবে দেউতাই দুবছৰ এক্সটেনচন পালে ।

ফ্ৰেব্ৰুৱাৰী ২০১১, মনলৈ নতুন চিন্তা এটা আহিল । ইউনিভাৰচিটীত থাকোতে মই যেনেকুৱা মক্কেল আছিলো তেনেকুৱা টাইপৰ মক্কেল দুনীয়াত বহুত আছে । মই কেৰিয়াৰ সম্পৰ্কে সজাগ কৰাৰ চেষ্টা এটা আৰম্ভ কৰিলো , থ্ৰু ফেচবুক, থ্ৰু মাই অল্ড ডিপাৰ্টমেন্ট, থ্ৰু পাৰচনেল এফৰ্ট । কিছুমান লৰা-ছোৱালীৰ বাবে কিছু সময়-পইচা-এনাৰ্জি খৰচ কৰিবলৈ ধৰিলো যিসকলক মই চিনি নাপাও । এইবোৰ কামৰ পৰা মোৰ কিছু ব্যক্তিগত লোকচান হৈছে কিন্ত সেই লোকচানলৈ মই মুৰ ঘমোৱা নাই ।

(৫)

ৰকেটৰপৰা পোৱা পাছটোৰে মই তিনিদিনত প্ৰথমটো গল দিলো । তাৰ পাছতো খেলি থাকিলো । কিন্ত গল দিব নোৱাৰিলো । এইটো নহয় যে বহুত বেয়া খেলিছো, প্ৰায় গলৰ চুকলৈ বুলি মৰা তিনিটাতকৈও বেছি শ্বট বিপক্ষৰ গলকীপাৰে প্ৰতিহত কৰিছে । আনকি অকল গলকীপাৰ সমুখত পাইও গল দিব পৰা নাই । গল দিব নোৱাৰাৰ অক্ষমতা বাৰুকৈয়ে অনুভৱ কৰিছো ।

বেলি ডুবিবলৈ ধৰিছে , খেল চলি আছে । সুবিধাজনক পজিচনত বল এটা পালো, সমুখত মাত্ৰ এটা ডিফেন্ডাৰ, সোৱে-বাৱে আমাৰ টীমৰ অমিত আৰু অজয়, দুয়োটা মোতকৈ দহ বছৰমান সৰু । ডিফেন্ডাৰটোক ক্ৰছ কৰিলো, গল দিয়াৰ সোনালী সুযোগ, সমুখত গলপোষ্ট আৰু গলকীপাৰ, গলকীপাৰ আগুৱাই আহিছে, সোফালে অমিত, বাওফালে অজয় । পাছ দিয়াৰ সলনি নিজেই গল দিম বুলি ভাবিলো । গলকীপাৰৰ কাষেদি আতৰৰ গলপোষ্টলৈ বুলি শ্বট ললো, জাষ্ট এ ফ্ৰেকচন অৱ ছেকেন্ড, বলটো গলত সোমোৱাৰ ঠিক আগত এটা ডিফেন্ডাৰ কৰবাৰপৰা আহি ওলাল, ডিফেন্ডাৰৰ গাত লাগি বলটো বাহিৰলৈ গুচি গল । মিছড দা গল্ডেন চান্স ।

কিছুসময় পাছত আকৌ একেই চান্স, একেই ডিফেন্ডাৰ, গলকীপাৰ, অমিত, অজয় । এইবাৰ ডিফেন্ডাৰটোৰ কাষেৰে বলটো অমিতৰফালে ঠেলি দিলো । অমিতে গলটো দিলে । অমিতৰ বয়সত ময়ো ঠিক অমিতৰ দৰেই শ্বাৰ্পলি খেলিছিলো ।
বেলতলা ফিল্ডত মই আৰু ফুটবল নেখেলো । বাঢ়ি অহা বয়স, ওজন আৰু দুৰ্বল ফৰ্মে নিশ্চিত কৰিছে হয় মই অৱসৰ লব লাগিব বা মই বেকত খেলিব লাগিব । মই অৱসৰ লোৱাটোকে পচন্ড কৰিছো । অমিতক দিয়া পাছটো বেলতলা ফিল্ডত মোৰ লাষ্ট শ্বট ।

যোৱা ২০ বছৰ ধৰি প্ৰতিটো চিজনতে নিৰৱছিন্নভাৱে দেখি থকা পেটুৱা এটাক বেলতলা ফিল্ডত বলৰ পাছে পাছে দৌৰা আৰু দেখা নাযাব ।

বি.দ্ৰ :
* গনেশ- ডিগ্ৰী আৰু এম.এছ.চিত ফাষ্ট ক্লাছ ছেকেন্ড আছিল । সি বৰ্তমান কত আছে সঠিককৈ নাজানো , এইটো মোৰ এটা অসফলতা ।
* পদ্নপানি- বৰ্তমান অ.এন.জি.চিত কৰ্মৰত ।
* অমিত- মোৰ ফেচবুকৰ কভাৰ ফটোৰ নীলা জাৰ্চি পিন্ধা লৰাটো, বেলতলা ফিল্ডৰ মোৰ ফেভাৰিট প্লেয়াৰ ।

এজন গৱেষক ছাত্ৰৰ কাহিনী

(১)

চন ২০১৩, এখন মফচলীয় নগৰৰ এখন প্ৰাইভেট জুনিয়ৰ কলেজ, কেৰিয়াৰ প্ৰচপেক্টৰ ওপৰত লেকচাৰ দিবলৈ গৈছো, এটা সময়ত তেল কোম্পানীৰ ব্যস্ত কামৰপৰা সময় উলিয়াই অলপ এইধৰনৰ সামাজিক কামো কৰিছিলো, পাৱাৰপইন্ট প্ৰেজেনটেচন, চাইন্স ষ্ট্ৰীমৰ লৰাছোৱালীখিনিৰ বাবে JEE, AIEEE ৰ মেথড এৱ প্ৰিপাৰেচন, ইন্সটিটিউটৰ নাম, ফিউচাৰ স্কপ
- ছাৰ, বেছিক চাইন্সৰ ক্ষেত্ৰত মোৰ গৱেষণা কৰাৰ মন আছে, এই বিষয়ত স্কপ কেনেকুৱা........ ছোৱালী এজনীয়ে সুধিলে
- কি বিষয়ত গৱেষণা কৰিবলৈ মন আছে......... মই কলো
- ছাৰ, ড্ৰাগ ডিজাইনিংৰ ওপৰত কাম কৰিব খোজো
- ৰিচাৰ্চৰ ক্ষেত্ৰত প্ৰচপেক্ট বহুত, চৰকাৰে বহুত সা-সুবিধা দিয়ে, ইনিচিয়েলি পইচা কম পাবা কিন্ত........
-ছাট আপ বিকাশ, জাষ্ট ছাট আপ, ইহতক কিয় বৰবাদ হবলৈ উপদেশ দিছা, যদি ৰিচাৰ্চ ইমানেই ভাল, নিজে কিয় নকৰিলা......... মানুহ এজনে আঙুলি টোৱাই উচ্চস্বৰত কবলৈ ধৰিলে

সকলোৱে মানুহজনৰ ফালে চালে, জুনিয়ৰ কলেজখনৰ ফিজিক্সৰ টিচাৰ সমৰ মহন্ত থিয় দি আছে, সমৰৰ চকুত যেন একুৰা জুই জ্বলি আছে ।

- আৰু শুনা , তোমালোকৰ কোনেও ৰিচাৰ্চ নকৰিবা, ৰিচাৰ্চ লাইনটো লেতেৰা, তাত বহুত লেতেৰা মানুহ আছে, সিহতে লাইফ বৰবাদ কৰি দিব, আৰু বিকাশ , চাকৰিৰ কথা কোৱা, অইল, অ,এন.জি.চি, ইউ.পি.এচ.চি, ৰেলৱে, বেংক, কিন্ত প্লীজ, ৰিচাৰ্চৰ কথা নকবা

কথাখিনি কৈ সমৰ ওলাই গল, মোৰ লগতে বহুত মানুহ কিছুসময়ৰ বাবে অপ্ৰস্তত হল । জুনিয়ৰ কলেজৰ প্ৰিন্সিপালে মোৰ ওচৰলৈ আহি কলে........ আপুনি প্লীজ বেয়া নাপাব, মানুহজন খুবেই ভাল, খালী অলপ চাইকলজিকেল প্ৰবলেম আছে, ডন্ট টেক ইট হাৰ্ড, তেওৰ হৈ মই ক্ষমা খুজিছো ।

-একো নাই, সমৰক মই আগৰেপৰা চিনি পাও, এ অল্ড ফ্ৰেন্ড অৱ মাইন ...... মই কলো
লৰা-ছোৱালীবোৰৰ মাজত মৃদু গুণগুননি চলি আছিল, প্ৰিন্সিপালে চবকে মনে মনে থাকিবলৈ কলে, মই মাইকৰ ওচৰলৈ আগুৱাই গলো ।
- ডিয়েৰ ষ্টুডেন্টছ, এইমাত্ৰ তোমালোকে যি দেখিলা, শুনিলা, দিছ এজ এ চাইড অৱ লাইফ, ৱৰ্লড এজ নট এ বেড আৱ ৰজেছ, ডেয়াৰ ইজ কম্পিটিছন এভৰিহোৱোৰ । এটা নিগনি দৌৰ চলি আছে, এই দৌৰত আগুৱাবলৈ বহুতে দুই নন্বৰী ৰাস্তা লয়, বহুতক লবলৈ বাধ্য কৰোৱা হয়, জাৰ্ণেল অৱ ফিজিকেল চাইন্স, পদাৰ্থবিজ্ঞানৰ এখন উচ্চ মানদন্ডৰ ৰিচাৰ্চ জাৰ্ণেল, এই জাৰ্ণেলত পেপাৰ উলিওৱা অসমৰ গৱেষকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা, আৰু ........ তোমালোকৰ ছাৰ সমৰ মহন্তৰ এইখন জাৰ্ণেলত তিনিখন পেপাৰ আছে, কিন্ত সমৰৰ পি.এইচ.ডি নহল ।

সমৰ এজন ডাঙৰ গৱেষক হব খুজিছিল, সি পাৰিলেহেতেন, কিন্ত..........

তিনিখন হাই-কোৱালিটিৰ ৰিচাৰ্চ পেপাৰ খকা স্বত্তেও সমৰৰ কিয় পি.এইচ.ডি নহল, আজি যদি মই সমুখৰ লৰা-ছোৱালীসকলক কৈ দিও, সিহতৰ ৰিচাৰ্চ শব্দটোৰ প্ৰতি এটা ফবিয়া হৈ যাব, কিন্ত .... হয়তো সিহতৰ কোনোবাই কেইবছৰমান পাছত একে পৰিস্থিতিৰ সন্মুখীন হব, দোষ কাৰ আছিল, কাৰ ভুল হৈছিল, প্ৰকৃততে কি হৈছিল.............
হলটোত গুণগুননি বাঢ়ি গল, অলপ পাছত গুণগুননিটো কোলাহললৈ পৰিণত হৈ পৰিল, এটা হুলস্থুলৰ সৃষ্টি হল ।

(২)

সমৰজিতে ৰাতি বাৰ বাজি দহ মিনিটত ফোন কৰিছিল ।
অক্টোবৰ ২০১১, লাইপালেঙৰ ৰীগ এটাত নাইট ডিউটিত আছো, ফোনটো বাজিলে, সমৰৰ ফোন, সি কিছুমান কথা কলে, কিছুমান ষ্ট্ৰীমলাইন, কিছুমান অসংলগ্ন, শুনি গলো , হয়তো প্ৰবলেমটো ডাঙৰেই, নহলেনো মাজৰাতিখন ফোন কৰেনে....
ৰিচাৰ্চ পেপাৰ, চুৰিকাৰ্য, ইমচনেল ব্লেকমেইল, এক্সট্ৰা-মাৰ্চিয়েল এফেয়াৰচ, চিনিয়ৰ চাইনটিষ্টৰ অভিসাৰ, নিবোকা গাইড, এনভি আৰু বহুতকেইটা খেলিমেলি....মাজে মাজে সি কৈছে... ইহত চব ধুৰন্ধৰ, মই পাগল হৈ যাম..

সমৰজিতৰ লগত মোৰ বহুত ভাল চিনাকি নাই । আমি একেখন কলেজৰে আছিলো, কিন্ত ডিপাৰ্টমেন্ট বেলেগ আছিল । পাছ কৰ্চৰ ক্লাছ একেলগে কৰিছিলো, তাৰ পাছত ইউনিভাৰচিটিত কেইবাৰমান লগ পাইছিলো, গুৱাহাটী গলে মাজে মাজে লগ পাও, বাছ সিমানেই । কিন্ত আজি সি মোক কিয় ফোন কৰিলে, মোকেই কিয় কৰিলে........

আচলতে বহুত হেল্পফুল বুলি মোৰ এটা নাম আছে । আৰু মই সাধ্য অনুসৰি কৰোও, কাৰোবাক কিবা এটা কাম কৰি দিব লাগে, কাৰোবাক কৈ দিব লাগে, ইনফৰমেচন গোটাই দিব লাগে, ব্ৰেক আপ হও হও, এনেধৰনৰ কেচত মোক ফোন কৰে । যিকোনো প্ৰবলেমত চাৰভাইভেল ষ্ট্ৰেটেজি দিয়াত মই ওস্তাদ বুলি লগৰবোৰে ভাবে........ আৰু এই বদান্যতাৰ ফলাফল এয়ে যে আকৌ প্ৰবলেমত পৰিলে মানুহে মোক আকৌ মনত পেলায় ।

সমৰক এভইদ কৰিলেও একো প্ৰবলেম নাছিল, বাটৰ জেঙৰ প্ৰতি চকু নিদিলেও হলহেতেন, কিন্ত মোৰ তাৰ প্ৰতি বেয়া লাগিল, বেছেৰাই কিবা এটা চলুচন পাম বুলি আশা কৰি ফোন কৰিছে । সি কবলৈ বিছৰা কথাখিনি বুজি ললো ।

- পেপাৰ কেইখন হল....... মই সুধিলো
- তিনিখন হল, কিন্ত এতিয়া নতুন পেপাৰবোৰত সেইজনীৰ নাম দিব লাগে বোলে..... সি কলে
- আচ্ছা , গাইডে কি কয়
- কি কব আৰু, তেওৰো প্ৰমোচনৰ কথা আছে নহয়, চিনিয়ৰ চাইনটিষ্টৰ কথা না বুলি কেনেকৈ কব
- সেইজনীক পিছে বেয়া কিয় পোৱা
- কষ্ট মই কৰিছো, পেপাৰ ডাউনলড কৰিছো, ব্ৰেইন খটাইছো, আৰু সেইজনীয়ে, একো নকৰে, আমাৰ লেৱৰো নহয়, চিনিয়ৰ চাইনটিষ্টৰ লগত হলিগলি, তাৰ ৰুমতে সোমাই থাকে, তাৰ গাড়ীতে অহাযোৱা কৰে, আৰু বা কি কি কৰে ভগবানেহে জানে
- এইধৰনৰ মানুহ চবতে থাকে, ডাইৰেক্টৰৰ লগত কথা পাতি চাব পাৰা..... মই কলো
- নকবা হে, চব পেকড

ৰিচাৰ্চ লাইনত থকা বহুতৰ ক্ষেত্ৰত এইটো হয় । পেপাৰ এখন লিখি আছা, মাজতে গাইড আহি কয়, ইয়াৰ নামটোও ভৰাই দিবাছোন, বেছেৰাৰ পেপাৰ এখনো একচেপ্ট হোৱা নাই । তেতিয়া পেপাৰ লিখি থকাজনৰ টিঙিছকে খং এটা উঠি যায়, বেচেৰা বোলাটোৰ পেপাৰ কেনেকৈ ওলাব, লেৱত নাথাকেই, যিখিনি সময় থাকে সেইখিনি আদ্দা মাৰে, কিবা-কিবি ৰিয়েক্সন কৰে, প্ৰডাক্ট একো নোলায়, ইন্সট্ৰুমেন্ট এটাও চলাব নাজানে, বেলেগক চেম্পল দি ডেটিঙলৈ যায়গৈ । অৱশ্যে এই বেচেৰা বোলাটোৱে গাইডৰ পাচলিৰ বজাৰ কৰা, ফোনৰ বিল দিয়া , চিঠি পোষ্ট কৰা আদি কামবোৰ বৰ নিয়াৰিকৈ কৰে ।

সমৰৰ কেচটো জটিল, পেপাৰত নাম দিয়াৰ উপৰিও বহুত কমপ্লিকেচি আছে , ছোৱালী ইনভলভ থকা কেচবোৰ বহুত ক্ৰিটিকেল হৈ যায়, বিশেষকৈ যদি তলে তলে ইলিগেল এফেয়াৰ চলি থাকে ।

- চা সমৰ, যিমানদুৰ মই বুজিছো তোৰ প্ৰবলেম ডাঙৰেই, তোৰ ঠাইত যদি মই হলোহেতেন তেন্তে মোৰ প্ৰথম এইম হলহেতেন যিমান সোনকালে পাৰি পি.এইচ.ডি কমপ্লিট কৰা, দুখন পেপাৰ আছে, বাচ, হৈ যাব, কাৰণ যদি কিবা কাৰণে পি.এইচ.ডি নহয়, গোটেই কষ্ট এনেয়ে যাব..... আৰু চা , সিহত এষ্টাব্লিছড মানুহ, নাম থকা মানুহ, তই সিহতৰ লগত যুজিব নোৱাৰ, সিহতৰ লগত জেং কৰিলে তোৰ প্ৰবলেম হব.......... মই তাক বুজাবলৈ চেষ্টা কৰিলো
- কিন্ত সিহতৰ অতপালি সহ্য কৰি থাকিম নেকি....... সি সুধিলে
- কুল হ ভাই, তই যদি সিহতৰ এগেইনষ্টত যাৱ, সিহতে তোক মেন্টেল টৰ্চাৰ কৰিব, তোক আইচলেট কৰি তোৰ কেৰেকটাৰ এচাচিন কৰিব, তোৰ এনেকুৱা এটা ইমেজ বনাই দিব যে তাৰপৰা যদি তই ওলাই যাৱও, এই লাইনত তোক কোনেও নলয়, কাৰণ তেওলোক ডাঙৰ নামী মানুহ, অইন মানুহেতো সিহতৰ কথাই সচা বুলি ভাবিব, তোৰ কথা কোনো পাত্তা দিব, আৰু তোৰ লগৰ ৰিচাৰ্চ স্কলাৰকেইজন, সিহতেও তোক এৰি দিব , সকলোৰে ভয় এটা আছে
- সেইটো হয়, কিন্ত
- যদি তই চাৰভাইভ কৰ, তেতিয়াহে সিহতক শিক্ষা দিব পাৰিবি, টু উইন এ বেটল, য়ু নিড টু বি এলাইভ.......... মই কলো
- মই কি কৰা উচিত
- তোৰ ঠাইত মই হোৱা হলে মই পেচিভ নিউট্ৰেল হৈ পৰিলোহেতেন, মানে এনেকুৱা দেখালোহেতেন যে মই হাৰি গৈছো, সিহত জিকি গৈছে, লেৱত কৰা নিজৰ কামৰ ডাটা নিজে চেভ কৰি ৰাখিলোহেতেন, গাইডক বাইপাছ কৰিলোহেতেন, থেছিছ লিখিলোহেতেন, তাৰপৰা পলালোহেতেন, তাৰ পাছত নতুন ঠাইত পষ্ট-ডক কৰিলোহেতেন, ইয়াৰ ডাটাবোৰৰপৰা তাত পেপাৰ উলিয়ালোহেতেন, এদিন ইহতৰ সমানেই ডিগ্ৰীধাৰী হৈ, ৰেপুটেচন লৈ ঘুৰি আহিলোহেতেন, আৰু ইহতৰ কাৰচাজিবোৰ ফাদিল কৰি ৰেপুটেচন ফিনিছ কৰি দিলোহেতেন
- সিহতে মোক বহুত মেন্টেল টৰ্চাৰ কৰিছে, সিহতক মই ফিনিচ কৰি দিম
- কুল ডাউন য়াৰ, তই এতিয়া ইমচনেলি আনষ্টেবল হৈ আছ, ডাটাবোৰ লৈ ঘৰলৈ যা, এমাহমান মেডিকেল লিভ ল, ইহতক সাময়িকভাৱে পাহৰি যা, থেচিছ লিখ, মাইন্ড ষ্টেবল কৰিবলৈ দাৰ্জিলিং-শ্বিলং ফুৰি আহ, আৰু ষ্টে এৱেক এন্ড চেফ..... মই কলো

সমৰৰ বিষয়ে মই বহুত বেছি নাজানো, সমৰে সম্পুৰ্ণ সচা কথা যে কৈছে মোৰ সন্দেহ আছিল, হয়তো সি মিছাও কব পাৰে, মই এটা ডাইলেমাৰ মাজত সোমাই পৰিছিলো ।

(৩)

জানুৱাৰী ২০১২, শিৱসাগৰ । সুৰজিত পাঠক মোৰ কোৱাটাৰলৈ আহিল । সুৰজিত মোৰ পুৰণা বন্ধু । সি বিয়া এখন খাবলৈ আহিছে, ৰাতি মোৰ কোৱাটাৰত ষ্টে কৰিব, সুৰজিত আৰু সমৰ একোটা ইন্সটিটিউটৰ ৰিচাৰ্চ স্কলাৰ ।
- তহতৰ তাত বোলে তামাম ৰাস-লীলা চলি আছে...... মই সুৰজিতক সুধিলো
- কিহৰ ৰাস........... সুৰজিতে নিৰুদ্বেগভাৱে কলে
- কিবা বোলে চাইন্টিষ্ট-স্কলাৰৰ জোৰদাৰ এফিয়াৰ
- কোনে কলে
- এইবোৰ কথা লুকাই থাকেনে, উৰি উৰি কাণত পৰেই
- আছে আৰু, এইবোৰনো কত নাথাকে, চবতে থাকেই
- পিছে তহতৰ তাত বোলে সমৰ নামৰ মক্কেল এটা আছে, তাৰো বোলে কিবা লিং-লাং চলি আছে, তাৰ কেছটো কি
সমৰৰ নামটো শুনাৰ লগে লগে সুৰজিতৰ চেহেৰাৰ এক্সপ্ৰেচন সলনি হল
- মই নাজানো............ সেপ এটা ঢুকি সি কলে
- তাক চিনি পাৱ তো
- ইন্সটিটিউটত দেখিছো
- কেনেকুৱা টাইপৰ লৰা সি
- বাদ দে তাৰ কথা, বেলেগ কথা পাত
- শুনিছো তাৰ চুপিৰিয়িটি কমপ্লেক্স আছে বোলে, কিবা বোলে তামাম পেপাৰ উলিয়াই আছে....... মই কলো
- তিনিখন পেপাৰ আছে, ভাল জাৰ্ণেলত
- ওস্তাদি মাৰে নেকি
- নকবা হে, চবৰ লগতে কাজিয়া, লেবৰ মানুহৰ লগত, গাইডৰ লগত, ডাইৰেক্টৰৰ লগত, সেইকাৰণে কোনেও তাক ভাল নাপায়
- আচ্ছা, শুনিছো চিনিয়ৰ চাইন্টিষ্ট এটা তহতৰ ইন্সট্ৰুমেন্ট ৰুমত হাটে লোটে ধৰিছিল, আপত্তিজনক অৱস্থাত........ মই হাৱাত কাড় এপাট মাৰি দিলো

হাতে লোটে শব্দটো শুনাৰ পাছত সুৰজিতৰ কাণ দুখন ৰঙা হৈ পৰিল

- বাদ দে এইবোৰ কথা, আই.আই.টিত আছে , আৰ. আৰ. এলত আছে, ইউনিভাৰচিটিত আছে, বম্বে, দেলহী, পুণেৰ যৰেই নহওক চবতে এনেকুৱা কেচ থাকেই
- হয়, এক্সপ্লইটেচন চবতে হৈ আছে, কিন্ত আমি যদি মাত নামাতো তেনেহলে ইয়াৰ প্ৰকোপ বাঢ়ি গৈ থাকিব ......... মই কলো
- চা দোস্ত, যেন-তেন স্কলাৰচিপৰ পইচা পাই আছো কাৰণে ৰিচাৰ্চ কৰি আছো, কোনোমতে পি.এইচ.ডি হলেই হয়, এইচব জেঙত মুৰ নুসুমোৱাও...... সুৰজিতে কলে
- তাৰমানে সমৰৰ কিবা জেং চলি আছে
- সি একেবাৰে চাইকো, অলপ কম্প্ৰমাইজ কৰি দিলেই হয়, পেপাৰ এখন পঠাইছে, তাত আমাৰ চিনিয়ৰ ছাৰ এজনৰ ষ্টুডেন্ট এজনীৰ নাম দিবলৈ দিছিল, দিলে নো কি লচ হলহেতেন তাৰ , মস্ত চাইকো সি এটা, চিনিয়ৰ ছাৰজনকো গালি পাৰিলে সি
- তাৰমানে সমৰ এটা চাইকো, আৰু তই চব কথাই জান...... মই কলো
কিবা নকবলগীয়া কথা মুখেদি ওলোৱা বুলি গম পাই সুৰজিত ঘামিবলৈ ধৰিলে ।
- চা ভাই, ভুলতে কিবা যদি ওলাই গল, কাকো নকবি, মোৰ কেৰিয়াৰৰ কথা আছে, পি.এইচ.ডিৰ কথা আছে, সিহতে প্ৰবলেম কৰিব মোক.... সুৰজিতে কলে
সুৰজিতক আৰু একো নুসুধিলো....... এটা কথা ঠিক, ৰিচাৰ্চ ইন্সটিটিউটতোত সমৰৰ চাউল টুটি আহিছে ।

(৪)

মাৰ্চ ২০১২, উৰি ফুৰা খবৰ এটা কাণত পৰিল । এগৰাকী ৰিচাৰ্চ স্কলাৰক লেৱৰ ভিতৰত অশালীন ব্যৱহাৰৰ ( কাৰোবাৰ মতে এটেম্প্ট টু ৰেপ) অভিযোগত সমৰজিত মহন্ত অভিযুক্ত হৈছে আৰু এই ঘটনাটোৰ তদন্তৰ বাবে এখন আভ্যন্তৰীণ তিনিজনীয়া কমিটী গঠন কৰা হৈছে । চিনিয়ৰ চাইন্টিষ্ট এজন মুৰব্বী হিচাপে থকা এই তিনিজনীয়া কমিটীখনে এমাহৰ ভিতৰত ৰিপৰ্ট দিব....... তেতিয়ালৈ সমৰক নিলম্বিত কৰা হৈছে ।

কথাটো শুনাৰ পাছত মোৰ মুখৰপৰা এটা কথাই ওলাইছিল....... বুৰ্বক চাল্লা ।

সমৰক ৰিচাৰ্চ ইন্সিটিউটটোৰপৰা উলিয়াই দিয়া হল । তাৰ পাছত সমৰে গুৱাহাটী ইউলিভাৰচিটী, তেজপুৰ ইউনিভাৰচিটী, নেহু আদিকে ধৰি বহুত ঠাইত পি.এইচ.ডিৰ বাবে আবেদন কৰিছিল কিন্ত 'পুৰ্বৰ বেয়া ৰেকৰ্ডৰ বাবে' কোনো গাইডে তাক লবলৈ মান্তি নহল ।

তাৰপাছত সমৰে টালি টোপোলা বান্ধি ঘৰলৈ উভতি গল । বহুদিন সি ডিপ্ৰেচনত থাকিল । পাছত ওচৰৰে প্ৰাইভেট কলেজ এখনৰ সি পঢ়াবলৈ আৰম্ভ কৰিলে । বৰ্তমান সি টেট শিক্ষক আৰু লগতে ঘৰৰ ওচৰৰ টাউনখনত কচিং চেন্টাৰ এটা চলায় ।

সংযোজন-
কাহিনীটোত উল্লেখিত সমৰে অভিযোগ অনা ছোৱালীজনীয়ে ( মহিলাগৰাকী), NET/GATE/SLET আদি অৰ্হতা নোহোৱাকৈও পাছত সেই ৰিচাৰ্চ ইন্সিটিউটটোতে চাইন্টিফিক অফিচাৰ ( এচিষ্টেন্ট প্ৰফেছাৰৰ সমমৰ্যদাৰ) চাকৰি পালে ।
সুৰজিত বৰ্তমান অসমৰ অইন এটা নামী গৱেষনা প্ৰতিষ্ঠানত কৰ্মৰত ।
চিনিয়ৰ চাইন্টিষ্ট, ডাইৰেক্টৰ অসমৰ বিদ্বত মহলৰ গণ্যমান্য তথা ক্ষমতাশালী ব্যক্তি । বৰ্তমান ডাইৰেক্টৰগৰাকী অৱসৰপ্ৰাপ্ত ।
( কাহিনীটোৰ লগত জড়িত প্ৰকৃত নামবোৰ সলনি কৰি দিয়া হৈছে )

ৰিচিপচন

পাঠকে খুব ট্ৰে়জেদী ফালিলে । টেমাটো গৰম হৈ গল । সি সুধিলে সি কি কৰা উচিত । সাধাৰনতে এনেকুৱা কেচত মই টিট ফৰ টেট জাতীয় এদভাইচ দিও । কিম্ত এইটো কেচত ২য় পাৰ্টি চিনাকি । বৰুন মোৰ কলেজৰ বেটচমেট । গতিকে পাঠকক ডাইভাৰ্ট কৰিবলৈ ডিপ্লমেটিক পেকেজটো মেলিলো । তাক কলো যে টেনচন লৈ লাভ নাই । লাইফত কিচুমান বস্ত আহে, যায়.. আকৌ আহে...এনজয় কৰ, পাহৰি যা আৰু এনজয় কৰ.......মানুহ কুল হব লাগে

সি কিবা বুজিলে নে নাই নুবুজিলো.... মই ফোনটো কাটি দিলো

বৰুনলৈ ফোন লগালো.... সুধিলো প্ৰিপেৰাচন কেনে
- চব ঠিকেই আছে, চহৰৰ দামী হলটো বুক কৰি আহিলো, খালী এই পাঠক বোলাটোৱে দিগদাৰ নকৰিলেই হয়
- পাঠক বোলাটোক একেবাৰে বাইপাচ কৰিলি যে..... মই সুধিলো
- চা দোস্ত, মানুহ প্ৰেক্টিকেল হব লাগে
- কিন্ত সিহতৰতো...
- বাদ দে সেইচব, এভৰিবদি ৱান্টচ এ বেটাৰ চইচ, মোৰ ঠাইত তই হোৱাহলে কি কৰিলিহেতেন
- এতিয়া তই যি কৰিচ তাকে কৰিলোহেতেন
- অকে, ২২ তাৰিখ, মনত ৰাখিবি, আহিবই লাগিব....... বৰুনে কলে

মই আৰু পাঠক ইউনিভাৰচিটিত একেলগে আছিলো । ইশিতাই গুৱাহাটীৰ কলেজ এখনত বি.এ কৰি আছিল, প্ৰাগত চিনেমা এখন চাবলৈ যাওতেই পাঠকে ইশিতাক লগ পায় আৰু দুয়োটাৰে হিয়া দিয়া নিয়া আৰম্ভ হয় । কেতিয়াবা এনেকুৱাও হৈছিল যে পাঠকে মোৰপৰা বাইকখন লৈ ইশিতাৰ সৈতে দিনটো নাপাত্তা হৈ যায় আৰু মই সিদিনা বাছেৰে ঘৰলৈ যাবলগা হয় । পাছতহে গম পালো যে ইশিতা মোৰ লগত একেলগে গ্ৰেজুৱেচনত কৰা বৰুনৰ ভনীয়েক ।

22 তাৰিখ, আবেলি ডাষ্টাৰখন লৈ ওলালো । লক্ষ্য উৰুলি বিবাহ ভৱন, বৰুনৰ ভনীয়েক ইশিতাৰ ৰিচেপচন । বিয়া এটেন্ড কৰাৰ মোৰ আদৱ কাইদা এতিয়া যথেষ্ঠ সলনি হৈছে । আগতে যি পাও তকে পিন্ধি গৈছিলো , এই ধৰক টি-চাৰ্ট-জিনছ-ছেন্ডেল চু । কিন্ত চাল্লা সেইটো গেট আপত কেনেও পাত্তা নিদিয়ে , আনকি বুফে বিলাই থকা কেটাৰিঙৰ লৰাকেইটাইও যিটো চাৱনি দিয়ে এনে লাগে যেন হাতত থালীখন লৈ ফ্ৰী খানাহে খাব আহিছো ।

তাৰ পাছত গেট আপ চেঞ্জ কৰিলো । দামী চুট কেইযোৰমান ললো, ডাষ্টাৰ এখন কিনি দিলো । এতিয়া পলিছ কৰা চু, কোট-টাই পিন্ধি যেতিয়া গাড়ীৰপৰা নামো, এটমচফিয়াৰতেই ডাঙৰ মানুহ টাইপৰ এচেন্স এটা ভৰি পৰে । বিয়াবোৰলৈ মজলীয়া চাইজৰ গিফট এটা লও, পেকেটটোৰ ভিতৰত বাতি-গিলাছ- কাপ-প্লেট কিবা এটা থাকে । লগত এশ টকীয়া বুকে এটা লৈ লও । হাতত বুকে লৈ খমখমীয়া ইস্ত্ৰি কৰা কাপোৰ পিন্ধি গহীন খোজেৰে যেতিয়া এন্ত্ৰি মাৰো, ৰিচিপচনত থকা লোককেইজনৰ মাত কথাৰ আদৱ কাইদাই সলনি হৈ যায় ।

গহীন খোজেৰে ইশিতাৰ ৱেডিং ৰিচেপচন হলত এন্ত্ৰি মাৰিলো । বৰুনে দুৰৰপৰাই মোক দেখি আগুৱাই আহিল । ইশিতাক গিফটটো দি চফ কেইটামান ললো ।
- ইউ.এছ গৈ আমাকতো পাহৰিয়ে যাবা ছাগে ...... মই কলো
- নাই দা, ঘৰৰ বহুত প্ৰেচাৰ, এন্ড গৌৰাংগ ইজ এ নাইচ পাৰচন, কেয়াৰিং, ৰেচপনচিবল, কাইন্ড হাৰটেড..... ইশিতাই কলে
- হব, আফটাৰ অল হি ইজ এ ইউ.এছ বেচড চফটৱেৰ ইঞ্জিনিয়াৰ , চিন্তা কৰিব নালাগে, পাঠকক বুজনি দি দিছো, সি ঝামেলা নকৰে
- নাই দা , মানে
- তোমাৰ আগতে তাৰ প্ৰয়াসী নামৰ এফেয়াৰ এটা আছিল । তুমি অহাৰপাছত তাইৰ লগত সি ব্ৰেক আপ কৰি দিছিল, গতিকে তুমি ইমান গিল্টি ফিল কৰিব নালাগে..... মই হাহি এটা মাৰি কলো
- দাদাও যে আৰু....... ইশিতাইও হাহি এটা মাৰিলে
- এনিৱে উইচ য়ু এ হেপ্পী এন্ড পিচফুল মেৰিড লাইফ ...... মই কলো

বৰুনে মোক ঘৰৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ লৈ গল । বৰুনে তাৰ পৰিয়ালৰ কেইবাজনো মানুহৰ লগত চিনাকি কৰি দিলে , দদায়েক, পেহীয়েক, বৰমাক, খুড়াক, জেঠায়েক

- আৰু এইজনী মোৰ সৰুপেহীৰ খুলশালী, কৰবিতা, খুব ভাল গান গায় ........ বৰুনে কলে
কৰবিতাই সৌজন্যসুচক হাহি এটা মাৰিলে । ময়ো হাহিৰে প্ৰত্যুত্বৰ দিলো । কৰবিতা আৰু মই একেলগে ডাইনিং হললৈ গলো ।

কৰবিতাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাছিল । কৰবিতা ইউনিভাৰচিটিৰ ভাৰচিটি উইকৰ ছেকেন্ড বেষ্ট চিংগাৰ আছিল । তাইৰ লগতে ষ্টেজত তবলাবাদকে তবলা বজাইছিল ।

ইশিতা , কৰবিতা আৰু বৰুনৰপৰা বিদায় লৈ গাড়ীত বহিলো । গাড়ীৰপৰা তবলাবাদকলৈ ফোন কৰিলো ।
- কি দোস্ত কি চলি আছে
- বঢ়িয়া
- পি.এইচ.ডি কেতিয়া খতম কৰিবি....... মই কলো
- নাজানো ভাই, চলি আছে আৰু
- কৰবিতাৰ লগত ব্ৰেক আপ হল নেকি
- নাই , কিয়
- হবও পাৰে না
- আৰে পৃথিৱী উলটি যাব কিন্ত কৰবিতা আৰু মোৰ মাজত দৰাৰ নাহে । আমাৰ পিউৰ লাভ, আচল প্ৰেম বুইচ , দো দিল এক জান , তই এইচব কি বুজি পাবি....... তবলাবাদকে কলে
- আচ্চা বাৰু ...... মই ফোনটো কাটি দিলো

দুমাহ পাছত...............
প্ৰত্যাশিতভাৱে তবলাবাদকে ফোন কৰিলে । সি বহুত ফ্ৰাচটেৰেট হৈ আছে । কোনোবা অইলৰ ইঞ্জিনিয়াৰে বোলে কৰবিতাক খেপ দিছে । বিয়াৰ ডেটো বোলে ফাইনেল । কৰবিতাইও তাক পাহৰি যাবলৈ কৈছে ।

তবলাবাদকে খুব ট্ৰে়জেদী ফালিলে । টেমাটো গৰম হৈ গল । সি সুধিলে সি কি কৰা উচিত । সাধাৰনতে এনেকুৱা কেচত মই টিট ফৰ টেট জাতীয় এদভাইচ দিও । কিম্ত এইটো কেচত ২য় পাৰ্টি চিনাকি । সন্দীপদা মোৰ চিনিয়ৰ কলিগ..... গতিকে তবলাবাদকক ডাইভাৰ্ট কৰিবলৈ ডিপ্লমেটিক পেকেজটো মেলিলো....... তাক কলো যে টেনচন লৈ লাভ নাই..... লাইফত কিচুমান বস্ত আহে, যায় আকৌ আহে...এনজয় কৰ, পাহৰি যা আৰু এনজয় কৰ.......মানুহ কুল হব লাগে

সি কিবা বুজিলে নে নাই নুবুজিলো.... মই ফোনটো কাটি দিলো

চিটিবাছ

জুন মাহৰ দূপৰীয়া । মই উলুবাৰী বাচ স্টপেজত বাছৰ বাবে ৰৈ আছো । সূয্যটোৱে উলম্বভাৱে মোৰ ওপৰত নিজৰ কৃপাদৃষ্তি পেলাই আছে। ছাতি এটা বেগত আছে, কিন্তূ নিজৰ মিথ্যা পুৰুষত্ব,স্বাভিমান আদিৰ বাবে ছোৱালী কেইজনীৰ আগত মেলিব পৰা নাই ! প্ৰায় আধাঘন্টাতকৈও বেছি হ’ল বাছ আস্থানত এনেদৰে বীৰত্ব প্ৰদশন কৰি থকা। কিন্তূ না খালি বাছ আহিছে না মই নিজৰ তথাকথিত স্বাভিমান ভেদ কৰিব পাৰিছো।

এ...,গণেশগুৰি, লাস্টগেট, বেলতলা, বশিষ্টমন্দিৰ.... মন্দিৰ.... মন্দিৰ... খালী গাড়ী... খালী গাড়ী....বাছৰ হেন্দিমেন জনৰ ভূৱা ঘোষিত বিজ্ঞাপন

- খালী গাড়ী ..চিট ক’ত আছে , গোটেই দেখোন ফুল....... মোৰ স্বত:স্ফূত প্ৰশ্ন...
- খালী হ’ৱ দা দা আগত....আপোনাক চিট দিমেই...পাক্কা... মোৰ স্বত:স্ফূত প্ৰশ্নৰ সহজাত প্ৰবৃতিগত উত্তৰ...

হেন্দিমেনৰ এনেকুৱা আত্মবিশ্বাস দেখি মই নিজকে সেই খালী হ’বলগীয়া ‘খালী গাড়ীখনত’ উঠাত নিজকে বাৰণ কৰিব নোৱাৰিলো ।
- এক্সকিউজ মি... এক অচিনাকী যুৱতীযে মোক উদ্দেশ্য কৰি ক’লে...তাইৰ তীব্ৰ পাৰফিউমৰ গোন্ধ মোৰ নাকত পৰিল...কি যে মধূৰ সুবাস...তাই নিশ্চয় অপ্চৰা চিনেমা হ’লৰ পৰা চিনেমা চাই ওলাই আহিছে ।
-আপুনিয়েই যাওঁক .... মই নম্ৰ ভাৱে তাইক যাৱলৈ দি ৰৈ গ’লো। যুৱতীগৰাকী যৌৱনৰ দূৱাৰদলিত ভৰি থৈছেহে মাথো!!
ভাজহীন তাইৰ চুলি খিনি বতাহত নাহৰৰ পাতৰ দৰে কলা চানগ্লাছৰ সন্মুখত বাৰুকৈ দুলি আছিল আৰু তাই বাওঁহাতৰ লাহি আঙুলি কেইটাৰে কেইডাল মান উৰন্ত চুলি কাণৰ কাষত গুজি বাছত উঠিল । তাই ব্যৱহাৰ কৰা সুগন্ধিৰ গোন্ধই মোৰ দেহৰ সমগ্ৰ দূখ-ভাগৰ পলকতে পাহৰাই পেলালে । এনে এজনী সুন্দৰী ৰূপহীক বাট এৰি দিৱলে পায় মই নথৈ আনন্দ লাভ কৰিলো.... Because, men will be men!

থেলা-হেচাঁ কৰি কোনোমতে বাছৰ দুৱাৰত ওলমিলো। বাছৰ ভিতৰৰ অৱস্থা অতি শোচনীয়, খাঙত ভৰাই অনা মূগীবোৰৰ দৰেই খিডীকিৰ ফাকেদি যাত্ৰীসমূহৰ যেন হাত-ভৰি-মূৰ ওলাই আহিব ! কেই মিনিটমান হেচাঁ -থেলা কৰিও বাছত দূখন ভৰি পেলাব নোৱাৰিলো । নিজকে মাছ খাবলৈ অপেক্ষা কৰি থকা বগলীটো যেন বোধ হ’ল ।
প্ৰতিযোগিতা.... তথাকথিত আধুনিক যান্ত্ৰিক পৃথিৱীত ‘ৰেট ৰেচ’ সবব্যাপ্ত পৰিঘটনা। ৰাতিপুৱা উঠাৰ পৰা যি বিৰামহীন দৌৰৰ সূচনা হয় তাৰ অন্ত নিশা মৰমৰ বিচনাত হে শেষ হয় । সামান্য বাছ খনতো এখন আসন অথবা অলপ থিয় হ’ৱলৈ ঠাই যুগুত কৰিবলৈ এক অঘোষিত প্ৰতিযোগিতাত নামিব লগীয়া হয়....এয়াই নেকি আধুনিকতাৰ নিদশণ !
(কথাবোৰ ভাবি শেষ নৌহতেই)

দেওৰা কলেজৰ সন্মুখত থকা speed breaker ত জোৰেৰে বাছ খনে ব্ৰেক মাৰিলে....
আ..ও..ও..... সহায় কৰক অলপ........ মোৰ আতনাদ......

.... বেছি দাশনিক হ’বলে গৈ থেলা-হেচাৰ কুৰুক্ষেত্ৰত এনেতে ভৰি পিচল খালে আৰু চলন্ত বাছৰ পৰা মই লুতি বাগৰ খাই চাইকেল এখনতে প্ৰচন্ড খুন্ডা মাৰিলো.....ভাগ্যে পিচ পিনে একো গধুৰ বাহন নাছিল,ন’হলে চিধাই সিপুৰী পালোহেতেন...! কপাল ভাল আছিল মোৰ.....ৰাজপথকে মই বিচনা বুলি কিছু পৰ পৰি ৰ’লো...বিষ-যন্ত্ৰণাত ভৰি খন নথকা যেন বোধ হ’ল ।

এনেতে এজন যাত্ৰীযে বাছখন ৰখাই মোৰ ওচৰলৈ দৌৰি আহিল । বাকীবোৰে নিজৰ অধিকৃত ঠাই খিনিত তামোল গছৰ দৰে খামোচ মাৰি থাকিল । যেন ৰাস্তাত কোনো ঢেকুৰা কুকুৰ এটাহে পৰি আছে ! সৰুতেই পঢিছিলো “কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম ; জানিয়া সবাকে পৰি কৰিবা প্রণাম।”…. মানুহৰ মনতেই মানুহৰ প্ৰতি সহানুভুতি নোহোৱা হৈ যাবলৈ ধৰিছে, তেনেস্থলত অন্য জীৱৰ প্ৰতি কিদৰে মৰম-স্নেহৰ উতপত্তি হ’ৱ ? কিমান জনে আজি শংকৰদেৱৰ এই বাক্য শাৰী মনত ৰাখিছে ? মানুহ সামাজীক,জীৱ শ্ৰেস্ঠ প্ৰাণী বুলি আমি কাগজে-প্ৰত্ৰয়,কিতাপ-আলোচনী আদিত নি:শংকোচে ঘোষণা কৰো অথচ বাস্তৱ জীৱনত আৰ্ত জনক সহায় কৰাটো দূৰৰে কথা সামান্য সমবেদনাকনো জনাবলৈ আগ্ৰহ প্ৰকাশ নকৰো !! এয়াই হ’ল আজি-কালিৰ ধম-সংস্কাৰ-পৰম্পৰা ।

-ঠিকে আছেনে ? বেছিকৈ দূখ পালে নেকি? এম্বুলেন্স মাতিব লাগিব নেকি??”... মোক কাষলৈ লৰি অহা মানুহ জনে সো-হাতখন আগবঢালে আৰু একে উশাহতে মানুহ জনে নিজৰ প্ৰশ্ন সমূহ শুধি দিলে ।

মই মুখৰ ৰেখাবোৰ সামাণ্য কুঞ্চিত কৰিলো । হয়, হাহিবলে চেচ্টা কৰিলো,এক বিব্ৰত আৰু অপ্ৰস্তুত হাহি...এনে অভিজ্ঞতা এই যানন্ত্ৰিক মহানগৰীৰ বাৰুকৈ সুলভ...যেন এক স্বাভাৱিক ঘটনাহে... বাছ-ট্ৰেকাৰত উঠা-নমা একোখন সৰু-সুৰা ৰণৰ আখৰা সদৃশ অথবা আধুনিক দু-সাহসিক ক্ৰীয়াৰ অনুষ্ঠান সদৃশ। ওলমি যোৱা যাত্ৰী পিচলি পিচ চকাৰ তলত সোমোৱাৰ উদাহৰণো নোহোৱা নহয়। তথাপিতো বাছত ওলমি যোৱাৰ অসংগত দু:সাহসিকতাৰ অন্ত নাই।

মানুহবোৰে জম্বীৰ দৰে গতি কৰিবলগীযা হৈছে জীৱন ধাৰণৰ ইন্ধন গোটোৱাৰ তাড়ণাত। পুৰুষ-মহিলা কাৰোৰে নিস্তাৰ নাই এই যুজত। পিচৰ বাচলৈ বা ত্ৰেকাৰলৈ অপেক্ষা কৰাৰ ধৈয্য বা যুক্তি তাত অমুলক,নিৰথক। তথাপিও স্বীকাৰ কৰিবই লাগিব যে প্ৰকৃত শৃংখলাৰ অভাৱ নথকা হ’লে জীৱনৰ গতি নিশ্চয় সুন্দৰ হ’লহেতেন। শৃংখলাক একাশৰীযা কৰি বতমান সমাজখনে ‘জোৰ যাৰ মুলুক তাৰ’ কথাষাৰ হে অনুসৰণ কৰা দেখা গৈছে । অথচ বিশ্ব যুৰি মানসিক উৎকষ সাধণৰ বাবে শিক্ষা-সংস্কৃতিৰ কি বিপুল আৰু জাক-জমকীয়া আয়োজন ! লুপ্ত-সুপ্ত মানৱ চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে শান্তিৰ প্ৰতীক কত কত পাৰ-কপৌ দুখন উন্মুক্ত হাতৰ পৰা উৰা মাৰিয়েই আছে ! কিন্তূ মানুহৰ মনত মৰম-চেনেহ,সহানুভূতিৰ অকণমাণো ৰং সাণিব পাৰিচেনে সেই ভাওনাসমূহে ?

সোঁ আঠুত পকেটৰ পৰা ৰুমাল খন উলিযাই লৈ নিজৰ কাপোৰখিনি কিছু পৰিস্কাৰ কৰি বাছখনত আকৌ উঠিলো । মানুহৰ পেশীৰ জোৰত এইবাৰ একেবাৰে দুৱাৰৰ মূখৰ পৰা ভিতৰ পালোগৈ। দুখন ভৰিত কোনোমতে থিয় হ’বলৈ পায় উশাহ-নিশাহ স্বাভাৱিক হবলৈ ধৰিলে। প্ৰকান্ড- প্ৰকান্ড গাত বোৰেৰে সৃস্টি হোৱা ৰাস্তাবোৰত যেতিয়া বাছখন পাৰ হবলৈ ধৰে তেতিয়া আঘাট পোৱা ভৰি খন বিষত বাৰে বাৰে ভাজঁ খাবলৈ ধৰে ।

-আপুনিয়েই পৰি গৈছিল নেকি ...... মোৰ কাষৰ মানুহজনে মোক উদ্দেশ্য কৰি সুধিলে;

মই কেৰাহিকৈ চকু দুটা যিমান পাৰো সিমান ডাঙৰ কৰি মানুহজনৰ পিনে চালো কিন্তূ মূখেৰে একো উচ্চাৰণ নকৰিলো । মানুহজনে আৰু মোক একো নুসুধিলে।

দা দা ভাড়া.... কৰবাৰ পৰা হাত এখন আহি মোৰ কান্ধটো লৰাই দিলে...
নিজৰ ভাৰসাম্য চম্ভালি লেতেৰা নীলা চোলা পিন্ধা লোক জনক এখন 50 টকীয়া নোট উলিয়াই দিলো আৰু কিবা ঘুৰাই পোৱাৰ আশাত হাত খন তেওঁৰ ফালেই মেলি থৈ দিলো...
-খুচুৰা নাই .... কন্ডাক্টৰজনৰ ককশ প্ৰশ্ন
-নাই....মোৰ উপায়হীন উত্তৰ
বশিষ্টমন্দিৰ....খালী গাড়ী... খালী গাড়ী.....বাছৰ হেন্দিমেনজনৰ পূণৰ ভূৱা ঘোষণা...

- কি অভদ্ৰ মানুহ এইটো । ঘৰত মাক-ভনীয়েক নাই নেকি.. কোনোবা যুৱতীৰ ভোৰভোৰণি মোৰ কাণত পৰিল ।

এই কথাতে সুৰ মিলাই কাষৰ আদবয়ষীযা পুৰুষ এজনে ক’লে.. “আজি কালিৰ ল’ৰাবোৰ ওদন্দ হৈ পৰিছে .... নিষিদ্ধ চবিবোৰ মোবাইলত চাই চাই নস্ত হৈ গৈছে...সকলো ববাদ...ননচেন্চ...বিস্ট...

অলপ মন কৰাত লক্ষ্য কৰিলো যে তেওঁলোকৰ আক্ৰমণৰ কেন্দ্ৰ বিন্দুটো হ’ল ...........স্বয়ং মই !
বাছৰ জোকাৰঁণিত আৰু আঘাত জজৰিত পেশীৰ বিষ-যন্ত্ৰণাৰ সংমিশ্ৰণে মোক এক জীৱন্ত পেণ্ডুলাম সদৃশ কৰি তুলিছিল। যাৰ ফলত হয়তো মোৰ অজানিতে মোৰ শৰীৰৰ কোনো অংগই কোনো যুৱতীক অস্বস্তিত পেলাইছিল।

মই যুৱতীগৰাকীৰ ফালে চালো আৰু এটা চিনাকী গোন্ধই মোৰ নাকত আকৌ টুকুৰিয়ালে ।

“আপুনি হয়তো নিজৰ ব্ৰেন্দেদ চানগ্লাছৰ মাজেদি নিজৰ মবাইলত ‘Facebook’ আৰু ‘WhatsApp’ ৰ অদৃশ্য লোকৰ লগত ‘Friendship’ আৰু ‘Status Update’ কৰাতেই নিজৰ জগত খন সংকোচিত আৰু সীমাবদ্ধ কৰি পেলাইছে...অলপ পৰ আগতে যে এটা ডাঙৰ ঘটনা এটি ঘটি গ’ল তাৰ উমানেই হ’বলা আপুনি নাপালে...পালেও হ’বলা নিজৰ মবাইলত ছবি এখন তুলি কোনো বিলম্ব নকৰি নিজৰ ‘Facebook Account’ ত ‘feeling sad for the poor guy….‪#‎guwahatikillerbus‬’ বুলি Update এটা দিলে হয়....নহয় নে ? মই কিবা ভূল কৈছো নেকি??”.... বিষত জজৰিত দেহাৰে গাৰ সমস্ত জোৰ প্ৰয়োগ কৰি কথা খিনি কৈ পেলালো ।

পিঞ্জৰাত আৱদ্ধ্ব বাঘৰ দৰে ৰাউজি থকা যুৱতীগৰাকী আৰু আদবয়ষীযা পুৰুষৰ মুখৰ পৰা কথা হেৰাই গ’ল ।

কথাখিনি কৈ মই অলপ পিছুৱাই আহিলো আৰু তেওঁলোকে আৰু যাতে একো আপত্তি কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হ’লো। মোৰ এটাই চিন্তা যাতে ভালে ভালে মই ঘৰ পাওঁ আৰু অলপ নিজৰ অলপ চোৱা-চিতা লৱ পাৰোঁ ।
“অ,তই ক’ত আছ্’?
......
“চেহ... মই পাৰ হৈয়ে আহিলো...ৰ তই তাতে ...মই আহি আছো...” মোবাইটো কাণৰ কাষলৈ আনি কাৰোবাৰ লগত যুৱতীগৰাকীযে কথা পাতিলে আৰু নিজ আসনৰ পৰা উঠি আগপিনৰ দুৱাৰৰ পিনে খোজ দিলে । অলপ সময়ৰ পাচত আদবয়ষীযা পুৰুষ জনেও তাই যোৱা বাটকে অনুসৰণ কৰিলে ।

সন্মুখত থাকি গ’ল চিটিবাছখনত মোৰ বাবে অলপ খালী ঠাই ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয নোহোৱা আৰু কলেজ আহি ভাল লাগে এই দুটা কথাৰ কাৰনে আমি কেইজনমান আহি আছো । সেৰেঙা উপস্থিতিৰ আৰু এটা কাৰন কচিং ক্লাছ আৰু টিউচন । সহপাঠী প্ৰায়ভাগৰে টিউচন বা কচিং আছে । গতিকে কলেজত ক্লাছ নহলেও তেওলোকৰ আপত্তি নাই । কিন্ত আমাৰকেইজনমানৰ টিউচন-কচিং নাই । কলেজৰ ক্লাছেই আমাৰ ভৰষা ।

নভেম্বৰ ২০০৩ , নিউ ফিজিক্স গেলাৰী, কটন কলেজ । মই, সীমান্ত, কুলদীপ, বিবেকানন্দ আদিকে ধৰি ৮ জন মান ফিজিক্সৰ ক্লাছৰ বাবে বহি আছো । নৃপাংক শইকীয়া ছাৰৰ ক্লাছ । ছাৰে ইলেকচ্ৰনিক্স পাৰ্টটো পঢ়ায় । দুটা চেপ্তাৰ তেতিয়াও বাকী আছে । সিদিনা ডায়জৰ বিষয়ে পঢ়োৱাৰ কথা আছিল । ছাৰ আহিল ।

- মাত্ৰ আঠজন, আঠজনৰে ক্লাছ কেনেকে কৰিম , বাকীবোৰক মাতি আনাগৈ .... ছাৰে কলে
- ছাৰ বাকী কোনো নাই, অকল আমিয়েই আছো
- ইমান কম ষ্টুডেন্টৰে ক্লাছ নহব, আজি ক্লাছ কেঞ্চেল ....... এইবুলি কৈ ছাৰ গুচি গল

ছাৰৰ ক্লাছ সেই বছৰ আৰু কেতিয়াও নহল । লাহে লাহে ৮ জনৰপৰাও ষ্টুডেন্ট কমি আহিল । একেবাৰে শেষত সীমান্ত আৰু মই । আমাৰ লাষ্ট ক্লাছ আছিল জুলজিৰ ৰাতুল ৰাজখোৱা ছাৰৰ । সেইটো ক্লাছত ছাৰে আমি দুজন ষ্টুডেন্টক ৰিপ্লিকেচন অৱ ডি.এন.এ টপিকটো পঢ়াইছিল ।

তাৰ পাছত আমিও কলেজলৈ অহা বাদ দিলো ।

পৰীক্ষাৰ কাৰনে ৰিভাইচ কৰি আছো । পুৰনা কুৱেচন পেপাৰ চল্ভ কৰি আছো । ডায়দৰ চাৰকিট ডায়েদ্ৰামৰ প্ৰশ্ন আহেই । কিন্ত বহুত চেষ্টা কৰিও তাৰ কনচেপ্টটো আয়ত্ব কৰিব নোৱাৰিলো । ভাৱিলো কোনোবাই অলপ পঢ়াই দিয়া হলেই বুজি পালোহেতেন । অলপ যুজাৰ পাছত ডায়ডৰ ওচৰত হাৰ মানি বেলেগ টপিক পঢ়িবলৈ ধৰিলো ।

ফিজিক্স পৰীক্ষা , হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰ ফাইনেল । কুৱেচন পেপাৰখন চাই আফচোচ লাগিল । ডায়ডৰ চেম কুৱেচন , তিনি নম্বৰ । গোটেগোটে তিনি নম্বৰ যোৱাত বহুত বেয়া লাগিল ।

ৰিজাল্ট দিলে । ফিজিক্সত ৭৭ , তিনি নম্বৰৰ বাবে লেটাৰ নাপালো । বাকী কেমেস্ত্ৰীত ৮২, অসমীয়াত ৭৬, অংকত ৭১, ইংৰাজীত ৬১ , ফৰ্থ চাবজেক্ট হিচাপে বায়লজিত ৬৫

কেমেস্ত্ৰীৰ ক্লাছৰ কথা নিলিখিলে ভুল হব । আমাৰ বছৰ অকল কেমেস্ত্ৰীৰ ছিলেবাছ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ হৈছিল । আমাক পঢ়াইছিল মনজিত ভট্টাচায্য ছাৰ আৰু নিৰদা দেবী বাইদেৱে । মই ভাবো যে মোৰ টাইপৰ ষ্টুডেন্টৰ কাৰনে মনজিত ছাৰ ইজ দা বেষ্ট টিচাৰ , ছাৰে দীঘল নোটছ নিদিয়ে, টু দা পইন্ট পঢ়ায়, খুব সোনকালে ছাৰে পঢ়োৱা বস্তবোৰ আয়ত্ব কৰিব পাৰিছিলো । নিৰদা বাইদেউ আছিল ভেৰি পানচুৱেল । বাইদেউ কোনোদিনে ক্লাছলৈ দেৰিকৈ অহা নাছিল । মনজিত ছাৰে ছুটী ললে নিৰদা বাইদেৱে ক্লাছ লৈছিল আৰু নিৰদা বাইদেৱে ছুটী লোৱাৰ দিনা নিৰদা বাইদেৱে ক্লাছ লৈছিল । ছিলেবাছ সময়ত শেষ হোৱাৰ ইও এটা কাৰন আছিল ।

সকলোতকৈ মোৰ আক্ষেপ আছিল ইংৰাজী ক্লাছকেইটাৰ । প্ৰথম কথা আছিল যে ক্লাছ নহয়েই । দ্বিতীয় কথা হল যে হোৱা ক্লাছকেইটাটো এনেকৈ পঢ়ায় যেন এম.এ পৰ্ষায়ৰ ষ্টুডেন্টক পঢ়াই আছে । আমি বিশেষকৈ অসমীয়া মাধ্যমত পঢ়ি যোৱাৰকেইটাৰ অৱস্থা তথৈবচ । কি পঢ়ায় মাথা-মুন্ডা ধৰিবই নোৱাৰো । আমাৰ শেষ ভৰষা দাস এন্ড ভুঞাৰ মডেল কুৱেচন আৰু আনছাৰছ , মোৰ দৰে হাজাৰ হাজাৰ ষ্টুডেন্টক বচাই দিয়াৰ বাবে তেওলোকক ধন্যবাদ ।

ইঞ্জিনাৰিং এন্ট্ৰেন্স দিয়া নাছিলো, মেডিকেল দিছিলো , কাট অফতকৈ ১০ নম্বৰ কমিল । কটনত স্নাতক পঢ়িবৰ বাবে এপ্লাই কৰিলো, ফাষ্ট পৃফাৰেন্স ফিজিক্স , কেমেস্ত্ৰী আছিল ছেকেন্ড পৃফাৰ্ন্স ।

এডমিচন হলত বহি আছো । এগ্ৰিগেট স্কৰৰ ওপৰত এডমিচন হৈ আছে । প্ৰথমতে ফিজিক্সৰ এডমিচন চলিল । কাকতলীয়ভাৱে মাত্ৰ তিনি নম্বৰৰ বাবে ফিজিক্স অনাৰ্চত চিট নাপালো । কটনত কেমেস্ত্ৰী মেজৰত নাম লগালো ।
তাৰ পাছত গুৱাহাটী ইউনিভাৰচিটীত এম.এছ.চি আৰু তাৰ পাছত অ.এন.জি.চি ।

কেতিয়াবা ভাবো যদি সিদিনা নৃপাংক ছাৰে ক্লাছ ললেহেতেন, ডায়ডৰ বিষয়ে আয়ত্ব কৰিব পাৰিলোহেতেন, পৰীক্ষাত লিখিব পাৰিলোহেতেন, ফিজিক্সত তিনি নম্বৰ বেছি পালোহেতেন, কেমেস্ত্ৰীৰ সলনি তেতিয়া নিশ্চিতভাৱে ফিজিক্স মেজৰত নাম লগালোহেতেন ।

তেতিয়া তাৰ পাছত কি ঘটিলেহেতেন কব নোৱাৰিম কিন্ত কি কি নহলহেতেন.......... অশ্বিনী, অপুৰ্ব, প্ৰদ্যুম্ন, জীৱন, জয়ন্ত অলকেশ, পল্লবী, পৰী, অঞ্জুহতক লগ নাপালোহেতেন । অ.এন.জিচিত চাকৰি নাপালোহেতেন ,ধুমিলদা, চানক্যদা, দীৰুদা, চন্দনদা, শ্যামলদা, ৰনদীপ, প্ৰজাপতি, খঞ্জনে মোক লগ নাপালেহেতেন ।

ব্যৱধান মাত্ৰ মাৰ্কচিট এখনৰ তিনিটা নম্বৰ ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...