Thursday, September 24, 2015

পাৰ্চেল ডেলিভাৰী-৩

দীৰুদাই মোক মক্কেল বনাই ফচাই দিলে । এক্সুৱেলি গগৈদাই দীৰুদাৰ হাতত পাৰ্চেলটো দি পঠোৱাৰ কথা আছিল । কিন্ত দীৰুদাই মোৰ লগত গেম খেলি দিলে । দীৰুদাই ডিউটি বাংক মাৰি এদিন আগতেই গুৱাহাটীলৈ ফুটি দিলে ।

গুৰাহাটীৰপৰা গগৈদাক ফোন কৰি কলে যে চইকীয়াৰ ঘৰ NERIMৰ এক্কেবাৰে ওচৰতে, ৱাকিং ডিচটেন্স, একেদিনাই বস্ত পাই যাব । এইবুলি কোৱাৰ পাছত গগৈদাই এনেকুৱা কামোৰ দিলে যে কামোৰত উপাই নাপাই হব বুলি কব লগাত পৰিল ।

গগৈদাৰ ছোৱালীজনীৰ নাম বিৰিনা, গুৱাহাটীৰ নেৰিমত এম.বি.এ কৰি আছে । গগৈদাই মোৰ হাতত কাপোৰৰ টোপোলা এটা পঠাই দিলে ।
ডি.এছ.এ গেলেকীৰ পৰা ৰাতিপুৱা ছয় বজাতে ওলাই গৰমত বাছত ঘামে জোলে একাকাৰ হৈ সন্ধিয়া ছয় বজাত ঘৰ পালোহি । মম্মীয়ে চিকেন ৰান্ধি থৈছিল । গাটো ধুই ভাত খাবলৈ বহিলো । এনেতে ফোনটো বাজিল

- চইকীয়া, পালাগৈ নে...... সিমুৰত গগৈদাৰ মাত
- এইমাত্ৰ পাইছো
- আচ্ছা বস্তটো আজিয়েই দি দিবা চোন
- অকে, মই বিশমিনিটৰ ভিচৰত নেৰিম পাই যাম, ছোৱালীজনীক গেটলৈ ওলাই আহিবলৈ দিয়ক

নেৰিমখন ঘৰৰ একেবাৰে ওচৰতে । ব্লেক ট্ৰেক আৰু নীলা টি চাৰ্ট লগাই পাৰেচেলটো লৈ ওলালো । নেৰিমৰ গেট পালো । গেটত চিকিউৰিটী এজন আছিল ।
- কত যাব
- ছোৱালী হোষ্টেল যাও, কাপোৰ ডেলিভাৰী দিব লাগে...... মই হাতৰ টোপোলাটো দেখুৱালো
- ধুবীৰ মানুহ নেকি ... চিকিউৰিটীয়ে সুধিলে
- মোক দেখাত ধুবী যেন লাগে নেকি বে.... মই খঙেৰে সুধিলো
- নাই মানে

চিকিউৰিটীজনক আই কাৰ্ড দেখুৱাই বুজাই দিলো যে মই ধুবীৱালা নহয় । গগৈদাক ফোন কৰি কলো যে মই গেটত আছো আৰু চিকিউৰিটীয়ে সোমাবলৈ দিয়া নাই । গগৈদাই ছোৱালীজনীক গেটলৈ আহিবলৈ কম বুলি কলে ।

গেটত টোপোলাটো হাতত লৈ ৰখি আছো । হোষ্টেলৰ ফালৰপৰা ছোৱালী এজনী ওলাই আহিল । ছোৱালীজনীৰ ফেচ-কাটিংটো গগৈদাৰ লগত মিলে । মোৰ ওচৰ পোৱাৰ সময়তে ছোৱালীজনীয়ে মিচিকিয়াই হহাৰ দৰে কৰিলে ।

- আচ্চা ভন্টি, মই তোমাৰ দেউতাৰ লগত কাম কৰো, দেউতাৰাই এই পেকেটতো দি পঠিয়াইছে...... এইবুলি কৈ ময়ো মিচিকিয়াই হাহি এটা মাৰি টোপোলাটো ডাঙি ধৰিলো
- হোৱাট ননচেঞ্চ, হু আৰ ইউ.... ছোৱালীজনীয়ে ভেকাহি মাৰি কলে
- মানে বিৰিনা গগৈ
- ছাট আপ....... মুখেৰে আৰু কিবা-কিবি ভোৰভোৰাই ছোৱালীজনী গেটৰ বাহিৰ পালেগৈ

মা কচম, ২৮ বছৰীয়া লাইফত বহুত জাগাত হিউমিলেট হৈছো, কিন্ত আজি টো ইজ্বতৰ ফাটিচৰ হৈ গল । ইফালে সিফালে চালো, কোনোবা চিনাকি মানুহে দেখিলে নেকি । নাই ৰক্ষা ।

আকৌ গগৈদাক ফোন লগালো । ফোন ৰিং হৈ হৈ কাটি গল । মোৰ মাথা গৰম হৈ উতলি গল ।
- দাদা বৰকৈ ঘামিছে দেখোন......চিকিউৰিটি লৰাজনে হাহি হাহি সুধিলে

চব দীৰুদাৰ কাৰনে জঞ্জতত ফচি গলো । দীৰুদাক ড্ৰিলাৰ কেইটামান লগাই পিটন দিয়াৰ তীব্ৰ ইচ্চা এটা জাগি উঠিল ।
- দাদা, দেউতাই আপোনাৰ হাততে নাজিৰাৰপৰা কিবা পঠিয়াইছিল নেকি...... পাছফালৰপৰা ছোৱালী এজনীয়ে মাত লগালে

মুখেদি এটা শব্দও উচ্চাৰণ নকৰিলো । টোপোলাটো ছোৱালীজনীৰ হাতত দি হাতেৰে চেহেৰাৰ ঘাম মচি নেৰিমৰ গেটৰপৰা ঘৰলৈ আটাইতকৈ চৰ্টেষ্ট ৱে ৰে ফুল স্পীডত খোজ কাঢ়িবলৈ আৰম্ভ কৰি দিলো ।

আগষ্ট

আগষ্ট মাহৰ কোনোবা এটা দিন । চাইট গৈ পালো । নেৰানেপেৰা বৰষুণৰ ফলত চাইটত একাঠু পানী । কাম চলি আছে । দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা মেচিনটোৰ চাৰিওফালে পানী । কিবা দুৰ্ধটনা হলে একাঠু পানীৰ মাজেৰে পলোৱাৰ বাহিৰে আন উপায় নাই ।

"1-2 ft waterlogged in site, important machines surrounded bu water, no easy access, no escape route available in case of an emergency. Condition is hazardous to work. Needs civil work to improve the site."
উৰ্ধতন কতৃপক্ষক পৰিস্থিতিৰ বিষয়ে মেচেজ কৰি পৰবৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰিলো ।
বনদীপ আৰু অবিনাশক যোগাযোগ কৰিলো । সিহতৰ চাইটটো একেই অৱস্থা । কৰ্তৃপক্ষৰ সাৰ সুৰ নাই । কাম চলি আছে, চলাই আছে ।

- এইচে চো বহত ৰিক্সি হে....... মই কলো
- ক্যা কৰ চকতে হে, উপৰ কা আদমী চুনতা হী নহী.... বনদীপে কলে

তিনিওজনে সিদ্ধান্ত ললো, অৱস্থা ভাল নোহোৱালৈকে কাম বন্ধ ৰাখিম ।

পাছবেলাৰপৰা কাম বন্ধ হৈ পৰিল । কৰ্তৃপক্ষৰ মাজত হাহাকাৰ লাগি গল । ফোনৰ ওপৰত ফোন আহিবলৈ ধৰিলে । কোনোবাই মৰমেৰে কলে, কোনোবাই দম দিলে , কোনোবাই
ধুনীয়া অফাৰ দিলে , কোনোবাই বুজালে যে কৰ্তৃপক্ষৰ লগত লাগিলে প্ৰমোচনৰ সমস্যা হব ।

নিজৰ মতত অটল হৈ থাকিলো । চেফটি ইন ৱৰ্কপ্লেচ ইজ দা প্ৰায়ৰিটি ।
দিনটো শেষ হল । কাম বন্ধ হৈ থাকিল । সন্ধিয়া খবৰ পালো, বাকী চাইটত পুনৰ কাম আৰম্ভ হল । বছে খবৰ দিলে....মোক পাছদিনা জেনেৰেল মেনেজাৰে তলব কৰিছে ।

অবিনাশক ফোন কৰিলো
- ক্যা হুৱা........ মই সুধিলো
- আৰে, ইন চব মে লড়কৰ কোই ফাইদা নহী, কুচ বদলনে ৱালা নহী । জেচে তেচে ডিউটি নিকালনা হে.... অবিনাশে কলে

বনদীপে একেধৰণৰ কথা কলে । কেৰিয়াৰৰ কথা ভাবিব লাগে, কৰ্তৃপক্ষৰ লগত জেং কৰিলে কেৰিয়াৰত গ্ৰ নহব ।
এটা চেমি-নিদ্ৰাবিহীন ৰাতি । পাছদিনা জেনেৰেল মেনেজাৰৰ অফিচ পালেগৈ । জো ভী হোগা দেখা জায়েগা ।

- What is your problem.........GM এ খঙত কলে
- I want a safe & hazard less working condition....মই উত্তৰ দিলো
- if 80 peoples can work in such condition without any complain, why cant you
- I feel the situation is hazardous
- It will hamper your career, you are disobeying management
- I prefer safety in my work place rather than growth in career
- If others feel safe, why cant you, it means the problem is inside you
- Some people drive a car with a seat-belt, some do not. I want to go with a seat-belt. Seat-belts are made for our safety. If someone donot want to have it, thats their personal issues. But as per law, we should wear a seat-belt while driving.
- দেখো, মেনেজমেন্ট বহত ষ্ট্ৰং হে, তুমকো পানিচমেন্ট মিল চকতা হে
- মেনেজমেন্ট মুঝে জো ভী জিম্মেদাৰী দেগা মে তেয়াৰ হু, আই এম ৰেডি ফৰ এনি কনচিকুৱ্ন্চ, মে কাম কৰনে কে লিয়ে মনা নহী কিয়া , লেকিন, ৱৰ্কপ্লেচ মে চেফটি ষ্টেনডাৰ্ডচ মেইনটেইন হোনা পৰেগা । কেই অগৰ মুঝে টেনচন দেগা, মেই ভী চুপ নহী ৰহুংগা ...... মই কলো
- আৰে ভাই , তুম ইতনা এৰোগেন্ট কিউ হো , য়হা মে এইচা হী চল ৰহা হে, তুম ইচ চিষ্টেম কো বদল নহী চকতে
- মাই পইন্ট ইজ নট এবাউট চেঞ্জ, ইটচ চেফটি

জেনেৰেল মেনেজাৰে হাহিলে .......
- তুমহাৰে জেইচা আদমী হামাৰে লিয়ে খটৰনাক হে , কল চে হামকো টেনচন মে ডালকে ৰখা হে, তুমহাৰে সাথিওকো তো হামনে তোৰ ডালা, তুমকো তোৰ নহী পায়া , কাম চালু কৰো, তুমহাৰে চাইট পহুচনেচে পেহলে চিভিলৱালে পহুচ জায়েংগে । মে তুমকো এক চলাহ দেনা চাহতা হু, অভী য়ং হো, জোচ হে, জুনুন হে, ঠিক হে , তুম জিচকে লিয়ে লড়াই কৰ ৰহে থে, ৱ লোগ তো প্ৰেচাৰ মে আকে তুমহাৰা চাথ চোৰ দিয়া হে, দুনিয়া মে য়হী হোতা হে, মুচকিল ৱক্ত মে লোগ চাথ চোৰ দেতে হে । অপনে বাৰে মে জাদা চোচো ।
- থেংক ইউ ফৰ দা এডভাইচ........ মই কলো

জেনেৰেল মেনেজাৰৰ অফিচৰপৰা ওলাই চাইট পালোহি । এগাড়ী চিভিলৰ বনুৱা আহি কামত লাগি আছে । চাইটত চিভিল ৱৰ্ক চলি আছে ।

এজন মানুহ মোৰফালে আগবাঢ়ি আহিল । মানুহজনক আগতে দেখা মনত পৰা নাই ।
- আপুনি কিন্ত হিলাই দিলে দেই, ৱেল ডান........ মানুহজনে সোহাতখন মোৰফালে কৰমৰ্দনৰ বাবে আগবঢ়াই দিলে ।

গুৱাহাটী ইউনিভাৰচিটী(১)- মেচ ফিক্সিং

অক্টোবৰ ২০০৮ । গুৱাহাটী ইউনিভাৰচিটীৰ খেলপথাৰ । ভাৰচিটী উইকৰ কেমেস্ত্ৰী বনাম জিয়গ্ৰাফিৰ ফুটবল মেচ ।
খেলৰ ছয় মিনিট পাৰ হৈছে । বলটো অৰবিন্দৰ ভৰিত লাগি ডিফ্লেক্ট হৈ মাইনাছ আঠ নম্বৰ চশমা পিন্ধা কেমেস্ত্ৰী টীমৰ কেপ্তেইনৰ ফালে আহিল । কেপ্তেইন ফিল্ডখনৰ প্ৰায় সোমাজত । বিপক্ষৰ হাফত তিনিটা ডিফেন্ডাৰ । গেলাৰীৰপৰা সৌৰভ হাজৰাই চিঞৰিলে...... গ'ল লাগে

মাত্ৰ কেইটামান মুহুৰ্ত, প্ৰথম ডিফেন্ডাৰটোৰ সোফালে, দ্বিতীয়টোৰ ভৰিৰ ফাকেদি আৰু তৃতীয়টোৰ বাওফালেৰে বল পাৰ হৈ গল । সন্মুখত অকল গ'লকীপাৰ । সৌৰভ হাজৰাই চিঞৰিলে.......... শ্বট মাৰো শ্বট ।

কেপ্তেইনে শ্বট নামাৰিলে । গলকীপাৰ আগুৱাই আহিল । সৌৰভ হাজৰা উত্তেজিত হৈ পৰিল । তাৰ পাছত এটা সুন্দৰ ড্ৰিবল । গলকীপাৰে পাত্তাই নাপালে । সন্মুখত উন্মুক্ত গলপোষ্ট । এটা জেন্টেল পুচ ।
কেমেস্ত্ৰী-১, জিয়গ্ৰাফি-০ 


ক্যা গ'ল হে....... সৌৰভ হাজৰাই নিজকে কলে ।


কেইমিনিটমান পাছতে জিয়গ্ৰাফিয়ে গ'ল এটা পৰিশোধ কৰিলে । হাফ টাইমলৈ স্কৰ ১-১ ।
ছেকেন্ড হাফত জিয়গ্ৰাফিয়ে আৰু এটা গল দিলে । অন্তিম স্কৰ কেমেস্ত্ৰী-১, জিয়গ্ৰাফি-২ ।

কেমেস্ত্ৰী ডিপাৰ্টমেন্ট অৰ্থাত আমি হাৰি থাকিলো ।

মেচৰ শেষত সৌৰভ হাজৰাই কেপ্তেইনক কলে......... তুম অউৰ গ'ল দে চকতে থে
সেই সময়ত মই মাইনাছ আঠ পাৱাৰৰ চশমা পিন্ধিছিলো আৰু ফিল্ডত নমাৰ আগলৈকে মোৰ টীমৰ বা বিপক্ষৰ কোনেও ভৱা নাছিল যে মই ফুটবল খেলিব পাৰো । মই পি.জি.এছ.ইউৰ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ আছিলো আৰু সেইসুত্ৰেই আছিলো ফুটবল টীমৰ স্বঘোযিত কেপ্তেইন ।

আমাৰ টীমত চিনিয়ৰৰ ভিতৰত আছিলো মই, Alokesh Chanda , Montu Bora , হাফিজুৰ আৰু জুনিয়ৰৰ ভিতৰত Arabinda Baruah , Ashim Baishya , Monirul Mir , Manoj Patowary , Palash Bharali , অনুপল । খেল আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে টীমদুটাৰ শক্তি কিমান গম পাই গলো । এটা বলৰ পাছে পাছে ১৪-১৫ টা মানুহ দৌৰি থাকে । বল যিফালে যায় সিফালেই গোটেইবোৰ যায় । অৰবিন্দই ভালেই খেলে কিন্ত প্ৰয়েই বলটো কেৰী কৰি প্ৰকান্ড ফিল্ডখনৰ যিফালে মানুহ বেছি থাকে সিফালে লৈ যায় । অলকেশৰো একেই অৱস্থা । শ্বটবোৰ দহ গজেই পাৰ নহয় । পাছ কি বস্ত কোনেও যেন নাজানেই । মনিৰুলে আকৌ কেৰী কৰি ফিল্ডৰ চুকৰফালে চোচা লয় আৰু হয় বলটো আউট কৰে বা বিপক্ষক হেন্ড অভাৰ কৰি দিয়ে । বিপক্ষৰ টীমৰো আমাৰ দৰেই অৱস্থা । মুঠতে বলটো বেছিভাগ সময় মিডফিল্ডতে ঘুৰি থাকে । খেলৰ নক্সা দেখি একেবাৰে ফ্ৰাচট্ৰেট হৈ গলো । হাফটাইমত মনিৰুলক খুব গালি দিলো । জিয়গ্ৰাফিৰ মক্কেল কেইটালৈও খং উঠিল । চাল্লা সিহতেও গ'ল দিব পৰা নাই । বকৱাছ ।

চাল্লা বেলতলা ফিল্ডৰ পোৱালিকেইটাইও ইয়াতকৈ ভাল খেলে । খেলত জিকাৰ জোচ-জুনুন খতম হৈ গল ।
হাফ টাইমৰ পাছৰছোৱা প্ৰায় খোজকাঢ়িয়েই খেলিলো । বল মোলৈ অহাৰ লগে লগে এটা টাচতে আগলৈ পাছ দি দিও । এজ ইউজুৱেল বলটো মিদফিল্ডতে ঘুৰি থাকে । ছেকেন্ড হাফৰ আৰম্ভনিতে জিয়গ্ৰাফিয়ে গ'ল এটা দিলে । তাৰ পাচত খেলৰ শেষৰফালে সিহতে পেনাল্টি এটা পাইছিল যদিও সেইটোও মিছ কৰিলে ।

অন্তিম স্কৰ কেমেস্ত্ৰী-১, জিয়গ্ৰাফি-২ ।
কেমেস্ত্ৰী ডিপাৰ্টমেন্ট অৰ্থাত আমি হাৰি থাকিলো ।

মেচৰ শেষত সৌৰভ হাজৰাই মোক কলে......... তুম অউৰ গ'ল দে চকতে থে
- হা ........ মই মাইনাছ এইট পাৱাৰৰ ডাঠ চশমাযোৰ খুলি মুখৰ ঘাম মচি কলো
- ফিৰ কিউ নহী দিয়া
- মুড নহী থা, মজা নহী আয়া খেল মে

কবলৈ গলে সেই মেচখনত মই ডিপাৰ্টমেন্টৰ সৈতে গাদ্দাৰি কৰিছিলো বা সহজ অৰ্থত হয়তো সামৰ্থ অনুযায়ী নেখেলি মেচ ফিক্সিংয়েই কৰিছিলো ।
( মনিৰুল বৰ্তমান অসম পুলিচৰ সহ-পৰিগৰ্শক । মোৰ কনফেচন টো পঢ়ি ফিক্সিঙৰ আভিযোগত আটক নকৰিলেই ৰক্ষা )

কটন কলেজ- ডিপ্ৰেচন ফেজত কেইদিনমান

ডিগ্ৰী থাৰ্ড ইয়াৰ, কটন কলেজ । থাৰ্ড ইয়াৰৰ পৰীক্ষাৰ বাবে তামাম প্ৰিপাৰেচন । কোৱান্টাম, ফিজিকেল, অৰ্গেনিক , ইনঅৰগেনিক । একেবাৰে ফালি দিয়াৰ প্লেনিং । ফিজিকেলত কমলেশ চৌধুৰী চাৰৰ নোটছ আছে, গতিকে চিন্তা নাই, নম্বৰ আহিবই ।

ককালত টঙালি বান্ধি আৰু কলমত নতুন ৰিফিল ভৰাই হলত বহিলো । ফিজিকেল কেমেস্ত্ৰীৰ পেপাৰখন হাতত । বিনা মেঘে ব্ৰজ্ৰপাত । ক্লাছ নোটছৰ ওপৰত অত্যাধিক ভৰষা কৰাৰ ফল হাতে হাতে পালো । পেপাৰখনত বেছিভাগেই কনচেপচুৱেল কুৱেচন । ইফালে সিফালে সহায়ৰ বাবে চালো । নাই । কোনোমতে চকুপানী ৰখাই পৰীক্ষা শেষ কৰি হলৰপৰা ওলাই আহিলো । লগৰকেইটাৰো কাৰো মুখত হাহি নাই । দুজনীয়ে তো কান্দিয়েই পেলালে । মুঠতে মাতম কা মাহল ।

ফিজিকেলৰ পাছত অৰগেনিকৰ পৰীক্ষা আছিল । মাজত চাৰিদিনৰ গেপ । নিয়মমতে সেইচাৰিদিন তামাম পঢ়িব লাগিছিল । কিন্ত নোৱাৰিলো । কিতাপ মেলিলেই ফিজিকেলৰ পেপাৰখন চকুত ভাহি আহে । কোনোপধ্যেই ৪৫ ৰ পাৰ নহয় । ট্ৰেজেদীত চকু চলচলীয়া হৈ যায় । সেই চাৰিদিন এক মিনিটো পঢ়িব নোৱাৰিলো । একেবাৰে ডিপ্ৰেচন ফেজ । ভাবিলো এইবাৰ ড্ৰপ দি অহাবাৰ ভালকৈ দিম ।

তথাপিও অৰগেনিকৰ পৰীক্ষাৰ দিনা গলো । হলত বহিলো । ইনভিজিলেটৰে বহী দিলে । পকেটত হাত ভৰাইহে গম পালো যে কলম নাই । ওচৰতে বহি থকা লৰা এটাৰপৰা কলম এটা ধাৰলৈ ললো । কুৱেচন পেপাৰ দিলে । প্ৰথম কুৱেচনটো নাইট্ৰোজেন থকা মলিকুল এটাৰ ৰিএৰেঞ্জমেন্টৰ ওপৰত । পান্নালাল গোস্বামী ছাৰৰ ক্লাছ এটালৈ মনত পৰিল । ষ্টিভেন্স ৰিএৰেঞ্জমেন্ট । লিখি গলো । তাৰ পাছত লিখিয়েই গলো । ৮৫ মান উত্তৰ কৰিলো ।

দুদিন পাছত ইনঅৰগেনিক পৰীক্ষা । পাছে পৰীক্ষাৰ দিনাই আলফা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ অসম বন্ধৰ আহ্বান । বেলতলাৰ পৰা যাবলৈ একো বাহন নাই । ৰাজহুৱা গাড়ী-মটৰ চব বন্ধ । গাড়ী থকা মানুহে নিজৰ গাড়ীত গৈছে । কেইখনমানহে অটো চলিছে । ভাৱিলো ইউনিভাৰচিটীয়ে পৰীক্ষা নিশ্চয় পিছুৱাই দিব । শ্বেয়াৰিঙত অট এখন লৈ কলেজ পালো । পাচ মিনিট দেৰিকৈ হলত সোমাই দেখো যে পৰীক্ষা চলি আছে । বকৱাচ গুৱাহাটী ইউনিভাৰচিটী । বহী আৰু পেপাৰ লৈ ছীটত বহিলো । মোটামোটি ঠিকেই হল ।

তাৰ দুদিন পাছত কোৱান্টাম । কোৱান্টাম দি আকৌ ডিপ্ৰেচন ফেজত গুচি গলো ।

পৰীক্ষাৰ পাছত নানা ধৰনৰ দুশ্চিন্তাই বাহ ললে । পৰীক্ষা তো বেয়া হলেই, ফাষ্ট ক্লাছ থাকিব নে নাই। ফিজিকেলত ফেইল নকৰোতো ! ইউনিভাৰচিটীত ছীট পাম নে নাই । ছীট নাপালে কি কৰিম । ভয়াবহ দুশ্চিন্তা । বি এড, বিচি.এ, চাকৰি, কিবা এটা কৰিব লাগিব । বেংক ক্লাৰিকেলত ডিগ্ৰী হলেই হৈ যায় , এচ.এচ.চি ও দিব পাৰিম ।

ডিপ্ৰেচন ফেজত হিচাপ নিকাচ কৰি থাকোতেই গম পালো যে কটনত প্লেছমেন্টৰ বাবে HSBC আহিব , BPO চাকৰি । যথাসময়ত কলেজ পালোগৈ । জীৱনৰ প্ৰথম চাকৰিৰ বাবে পৰীক্ষা । কেমেস্ত্ৰী ডিপাৰ্টমেন্টৰ গেলাৰীত লিখিত পৰীক্ষা এটা হল । ফালি দিলো । প্ৰথম ৰাউন্ড ক্লিয়াৰ । তাৰ পাছত এপটিটিউড । ফালিলো । তাৰ পাচত থাৰ্ড আৰু লাষ্ট ৰাউন্ড । গ্ৰুপ ডিচকাচন ।

জীৱনৰ প্ৰথম চাকৰিটো পাবলৈ মই মাথো টপিক এটাৰ ওপৰত সলসলীয়াকৈ ইংৰাজীত কেইমিনিটমান কব পাৰিব লাগিছিল । কিন্ত..... ইংৰাজী কব, লিখিব পাৰে ঠিকেই, কিন্ত কোৱাত সমস্যা । ফ্লুৱেন্সি নাই । ৰিজেক্ট হৈ গলো ।
চাকৰি নাপালো । সন্ধিয়া হেড ডাউন, টেইল ডাউন ফিলিং লৈ ঘৰ সোমালো ।

ডিগ্ৰী ৰিজাল্ট দিয়াৰ দিনটো যিমানেই ওচৰ চাপি আহিব ধৰিলে, সিমানেই ভয় লাগিবলৈ ধৰিলে । ৰিজাল্ট তো বেয়া হবই , মনজিত ছাৰ, ঋতুৰাজ ছাৰ, অৰ্চনা বাইদেউ, মৌচুমী বাইদেউক কি মুখ দেখুৱাম । আমন জিমনকৈ ঘৰতে সোমাই থাকি ডে অৱ এচাচিনেচনৰ অপেক্ষা কৰিবলৈ ধৰিলো ।

ডে অৱ এচাচিনেচন আহি পালে । ৰিজাল্ট দিলে । থাৰ্ড ইয়াৰত .......ফিজিকেল-৪৫, অৰগেনিক- ৭৭, ইনঅৰগেনিক- ৬৮, কোৱান্টাম-৬৫, প্ৰেক্টিকেল- ৮৭, ৮৯ .........থাৰ্ড ইয়াৰত ৭৩.৫ পাৰচেন্ট । ডিগ্ৰীত মুঠ ৬৯.৩ শতাংশ । ইউনিভাৰচিিত ৮ম স্থান । মুখলৈ পানী আহিল ।

দুশ্চিন্তা দুৰ হল । ইউনিভাৰচিটীত ছীট পাই গলো ।
বাচ য়হী কাহানী থা ।

এচকেপ ফ্ৰম লাকুৱা

অ.এন.জি.চি ৰ মানুহে সত্তৰ-আশী হাজাৰ টকা দৰমহা পায়, হগা-মুতা নকৰিলেও চলিব পাৰিব ।

হাতত ৰঙা ত্ৰিকোণ পতাকাখন লৈ থকা মানুহজনৰ মুখত কথাষাৰ শুনাৰ লগে লগে ভাবিলো....... মানুহজাকৰ পৰা যিমান পাৰি আতৰত অৱস্থান কৰাই ভাল হব

২৮ জুলাই ২০১৪ । ভাৰতীয় মজদুৰ সন্থাই অ.এন.জি.চি বন্ধ দিছে । মোৰ নাইট শ্বিফট আছিল । শ্বিফট চেঞ্জ হল । বাছ নাজিৰা অভিমুখে গতি ললে ।
কিন্ত লাকুৱা পুলিছ থানাৰ সমুখত বাছ ৰৈ গল । সমুখত এজাক লাঠী-পতাকা-বেনাৰধাৰী মানুহ । বন্ধৰ সমৰ্থক পিকেটিংকাৰী ।

- আপোনালোকক লাকুৱা কলনিত বাছবোৰ ৰখাব কোৱা হৈছিল । এইফালে কিয় আহিছে .......... পিকেটিংকাৰী এজনে খঙত কলে
- নাই আমি গম নাপাও নহয়........ আমাৰ বাছৰ ড্ৰাইভাৰে কলে
- গাড়ী ঘুৰা, নহলে কথা বেয়া হব..... আন এজন পিকেটিংকাৰীৰ মাত শুনা গল
চিটুৱেচনটোৰ আও-ভাও লবলৈ মই আৰু ড্ৰিলিঙৰ উতপল কোৱৰ নামি গলো ।
- চাওক , আমি ৰীগত নাইট কৰি আহিছো । চাইতলৈ নাযাও । ঘৰলৈ তো যাব দিয়ক.... উতপল কোৱৰে কলে
- নহব , অ.এন.জি.চিৰ গাড়ী-মানুহ একো পাৰ হব নোৱাৰিব
ময়ো ভাৱিলো, ট্ৰাই এটা কৰি চাও ।
- দাদা-বাইদেউসকল, আমিনো আপোনালোকৰ কি জগৰ লগালো, ওৰো নিশা টোপনি ক্ষতি কৰি কাম কৰি ঘৰলৈ উভটিছো, অনুগ্ৰহ কৰি যাবলৈ দিয়ক আৰু......... মই কলো
- নাই নহব । জি.এম-ডি.জি.এম নহালৈকে কাকো যাবলৈ দিয়া নহব
- কত জি.এম-ডি.জি.এম আহিব ইয়াত । আমি কি মানুহ নহয় নেকি । আপোনালোকে কলে বুলি গোটেই দিনটো বাছত বহি থাকিম নেকি । লেট্ৰিন-বাথৰুম যোৱাৰো কথা আছে ....... উতপল কোৱৰে অলপ খঙত কলে
- অ.এন.জি.চি ৰ মানুহে সত্তৰ-আশী হাজাৰ টকা দৰমহা পায়, হগা-মুতা নকৰিলেও চলিব পাৰিব....... মানুহ এজনে উত্তৰ দিলে

চিটুৱেচনটো অলপ টেনছৰফালে গতি কৰিলে । তৰ্কা-তৰ্কি কৰি লাভ নাই । নহলে উগ্ৰ মানুহজাকে আমাক চবকে ধুলাই দি দিব ।
-ঠিক আছে বাৰু, আমি লাকুৱা কলনিলৈ যাও........ এইবুলি কৈ মই আৰু কোৱৰ বাছত উঠিলো
লাকুৱা কলনি পালো । এতিয়া চিন্তা হল ডি. এছ এ কেনেকৈ যাও । পিকেটিংকাৰী যুদ্ধংদেহী মনোভাৱৰে ৰাস্তাত ৰখি আছে ।

এজনে আইডিয়া দিলে..... শ্যামগাও -মথুৰাপুৰ হৈ যাও ।
কিন্ত সেইফালেও পিকেটিংকাৰী থাকিব পাৰে । কেৰেলাতকৈ গুটি দীঘল হব ।

মেজিক আৰু প্ৰাইভেট গাড়ী চলি আছে । তাতে উঠি পিকেটিঙৰ এৰিয়া পাৰ হলেই হয় । কিন্ত তাৰ আগতে অ.এন.জি.চি ৰ লুকবোৰ ঢাকিব লাগিব । চবেই চেফটি চু পিন্ধি আছো । ভৰিত চেফটি চু দেখিলেই ধৰা পৰি যাম । অলপ সোধা পেছা কৰি লাকুৱা চকত জোতাৰ দোকান এখন খোলাই হাৱাই চেন্ডেল কিনি ললো । জোতাযোৰ খুলি বেগত ভৰালো । ড্ৰিলিঙৰ এজনে অ.এন.জি.চি ৰ লগো থকা টি-চাৰ্ট পিন্ধি আছিল । তেও সেইটো খুলি বেলেগ চাৰ্ট এটা পিন্ধি ললে ।
টাটা মেজিকত যোৱাটো খতৰে চে খালী নহব । সৰু গাড়ী । ধৰা পৰি যাম ।

কিছুদেৰিৰ পাছৰ ফৰ-জিৰো-চেভেন মিনিবাছ এখন দেখিলো । তাতে উঠি ললো । আগৰ ষ্টপেজত কলেজীয়া ইউনিফৰ্মত এজাক লৰা-ছোৱালী গাড়ীত পাণ জপা দি উঠিলে । সেই পাণ জপাৰ মাত আমি লুকাই পৰিলো ।
মিনিবাছ চলিবলৈ ধৰিলে । পিকেটিংকাৰীৰ জেগাৰ ওচৰ পাও পাও । আমাৰ বুকুৱে ধান বানিবলৈ ধৰিলে । ধৰা পৰিলে নিশ্চিত পিটন খাম ।

- ঐ অ.এন.জি.চি ৰ মানুহ লৈ আহিছ নেকি............. পিকেটিংকাৰী এজনে সুধিলে
- নাজানো, নিজে চাই ল ....... কন্ডাক্টৰে উত্তৰ দিলে

পিকেটিংকাৰী এজনে বাহিৰৰপৰা জুমি চাবলৈ ধৰিলে । আমি যিমান পাৰো চেহেৰা লুকুৱাবলৈ চেষ্টা কৰিলো ।
কিচিকি চেহৰে পে কম্পানী কা নাম লিখা নহী হোতা । ফৰ-জিৰো-চেভেন মিনিবাছৰ সৰু খিড়িকীয়েদি পিকেটিংকাৰীয়ে আমাক ধৰিব নোৱাৰিলে ।

- ঠিক আছে, যা............... পিকেটিংকাৰী জনে কলে
বাছ পিকেটিং এৰিয়া পাৰ হল । শিমলুগুৰি পাৰ হৈ বালিঘাট পালে ।

বালিঘাটত নামি স্বস্তিৰ উশাহ ললো ।

শ্বিফট ডিউটিত এটা ইমচনেল ষ্টৰী

এপেগ ধৰাৰ পাছত খগেন ৰাজকোৱৰ বেছি চেন্টি হৈ য়ায় । ৰাজকোৱৰ আৰু মই একেটা ৰীগতে একেটা শ্বিফটতে । নাইট শ্বিফট । ড্ৰিলিং চলি আছে । মই লেপটপত ফেচবুকাই আছো । ৰাজকোৱৰ মোৰ বাংক হাউচলৈ আহিল ।
- মাদ পেৰামিটাৰ চব ঠিকে আছেতো......... ৰাজকোৱৰে সুধিলে
- হয় চব ঠিকে চলি আছে........ মই কলো
- আচ্চা , ঘৰত কোন কোন আছে বুলি কৈছিলা
- মা, দেউতা আৰু ভাইটি এটা
- লৰা ছোৱালী কিমান ডাঙৰ হল
- কাৰ লৰা ছোৱালী
- কিয় আপোনাৰ
- নাই বিয়াই পতা নাই
- বিয়া পতা নাই, চাকৰি চাৰিবছৰ নহল জানো, কিয়


আজিকালি ৰাষ্টাই ঘাটে, বিয়াই সবাহে, মেলে মিটিঙে এইটো প্ৰশ্নৰ বৰ বেছিকৈয়ে সন্মুখীন হও আৰু সেই বাবেই এটা কনভিনচিং আনছাৰ এটা ৰেডি কৰি মুখস্থ কৰি লৈছো

- নাই মানে বিয়া দিবলগীয়া ভন্টি কেইবাজনীও আছে পৰিয়ালত, সিহতক উলিয়াই দি দায়িত্ব পালন কৰি নিজৰখন হবগৈ আৰু, কেইবছৰমান সময় লাগিব ......... মই কলো

সাধাৰনতে এইটো উত্তৰৰ পাছত মানুহে আৰু কামোৰ নিদিয়ে । কিন্ত ৰাজকোৱৰ অলপ বেছিয়েই চেন্টি হৈ আছিল ।
- তুমি মিছা কথা কৈছা, মোৰ এক্সপেৰিয়েন্সে কয় কথা সেইটো নহয়, কিবা নিশ্চয় বেলেগ কাৰণ আছে
- নহয় সেইটোৱেই কথা........ মই কলো
- নহয়, মই বহুত দুনীয়া দেখিলো বুইছা , বিছ বছৰ বয়সতে বিয়া পাতিলো, এতিয়া মোৰ পঞ্চাশ বছৰ, নাতিৰ মুখ দেখা পোৱা মানুহ
- আচ্ছা
- তুমি কৰবাত মনত আঘাত পাই থৈছা নেকি
- নাই হে, তেনেকুৱা একো নাই
- মোক তুমি খুলি কব পাৰা, মই বহুত দুনীয়া দেখা মানুহ, তোমাক মই হেল্প কৰিব পাৰো, নে কিবা ফিজিকেল প্ৰবলেম আছে, কবলৈ লাজ বা শংকা কৰিব নালাগে, কিবা যদি প্ৰবলেম আছে মই তোমাক হেল্প কৰিম

লেপটপৰপৰা মুৰ দাঙি ৰাজকোৱৰৰ ফালে চালো । অলপ বেছিয়েই কামোৰ হৈ গল । মেন্টেল-ফিজিকেল চবতে ধৰিলেগৈ । টেনচন দি দিলে ।

- আচলতে কি জানে ৰাজকোৱৰদা, জীৱনটো এখন অংকৰ কুৱেচন পেপাৰৰ দৰে, যত কিছুমান প্ৰশ্নৰ উত্তৰ মিলি যায়, কিছুমানৰ সময় লাগে আৰু কিছুমানৰ নিমিলে....... হয়টো নিমিলাকৈয়ে থাকি যায় । সেই নিমিলাকৈ থকা অংকবোৰে দি যোৱা শূন্যতাবোৰ হয়তো আপুনি কল্পনা কৰিব নোৱাৰিব । কাৰন আপুনি সেইবোৰৰ অভাৱ দেখা পোৱা নাই , ইচ্ছাৰ মৃত্যু কেনেকৈ হয় দেখা নাই , তাৰ পাছত জন্ম হোৱা অন্তহীন হতাশা, সেয়াও আপুনি দেখা নাই......... মই ষ্টৰী এটা কবলৈ আৰম্ভ কৰিলো

খগেন ৰাজকোৱৰক তামাম ট্ৰেজেদীৰে ভৰা দুখদায়ী ইমচনেল ষ্টৰী এটা শুনাই দিলো । ৰাজকোৱৰৰ চকু চলচলীয়া হৈ পৰিল ।

ষ্টৰীটোৰ শেষত পান্সলাইন এটা দি দিলো........... যেতিয়া এটা মন আছিল, তেতিয়া জেপত টকা-পইচা এটাও নাছিল, আৰু আজি যেতিয়া টকা-পইচা আছে সেই মনটো হয়তো কৰবাত হেৰুৱাই পেলাইছো । আপুনি বাৰু সেই মনটো বিচাৰি আনি দিব পাৰিবনে ।

ৰাজকোৱৰে প্ৰায়েই দুপেগ ধৰি কাৰোবাক নহয় কাৰোবাক কামোৰ দি হিউমিলেট কৰি দিয়ে । আজি ষ্টৰী শুনি খগেন ৰাজকোৱৰৰ নিজেই ইমচনেলি হিউমিলেট হৈ পৰিল ।

পাৰ্চেল ডেলিভাৰী(২) - এক ভিলেইন

ফাইনেন্স চেকচনৰ বৰুৱাদাৰ লগত ভাল টাৰ্মচ আছে । মাহত এবাৰ টি.এ. বিল চাবমিট কৰিবলৈ শিৱসাগৰৰ অফিচলৈ যাও । বৰুৱাদাই আমাৰ টি.এ বিলবোৰ কোনো ঝামেলা নোহোৱাকৈ পাৰ কৰি দিয়ে । কেতিয়াবা কিবা ভুল ওলালেও নিজেই মিলাই মেলি দিয়ে ।

যোৱামাহৰ কথা । দীৰুদা আৰু মই টি.এ বিল চাবমিট কৰিবলৈ গলো । বৰুৱাদাক কাগজ দিলো । বৰুৱাদাই চাই অকে বুলি হাহি এটা মাৰিলে ।

- আচ্ছা, কাম এটা কৰিব পাৰিবা নেকি........ বৰুৱাদাই সুধিলে
- কি কাম
- মানে অহাসপ্তাহত তো গুৱাহাটী যাবাই, বস্ত এটা লৈ যাবা নেকি
- হব বাৰু, পিছে কি নিব লাগিব
- নয়নাক মানে মোৰ ছোৱালীজনীক গিৰিজানন্দত দিছো, আদাবাৰীৰ হোষ্টেল এটাত থাকে, যোৱাবাৰ ঘৰলৈ আহোতে কিতাপ দুখন এৰি থৈ গল , দিব লাগিছিল
- হব, হোষ্টেলৰ এড্ৰেছটো দিব, দি আহিম.....মই কলো

শনিবাৰ এটাত ১৪ দিন ডিউটি শেষ কৰি শিৱসাগৰ এ.এছ.টি.চিত বৰুৱাদাৰপৰা পাৰ্চেলটো ললো । আবেলি গুৱাহাটী পালোগৈ । ফেচবুক খুলি নয়না বৰুৱা চাৰ্চ কৰিলো । এজনীৰ প্ৰফাইলত বৰুৱাদা আৰু বৰুৱানী বৌ উইথ তেওলোকৰ পেহনীয়া ভুটীয়া কুকুৰ লুচীক দেখা পালো । ফটোখনৰ তলত লিখা আছে...... মাই চুইট ফেমিলী । হয় এইয়েই হব ।

দেওবাৰে ৰাতিপুৱা দীৰুদাই ফোন কৰিলে
- কি কৰি আছ
- একো নাই, ফেচবুকত টাইম পাচ....মই কলো
- এক ভিলেইন চাবি নেকি
- কত
- প্ৰাগ, টু থাৰ্টি
- অকে, ডান.....মই কলো

দহটামান বজাত ব্ৰেকফাষ্ট কৰি বৰুৱাদাৰ পাৰ্চেলটো বাইকত ওলোমাই ললো । প্লেনটো হল, আদাবাৰী গৈ বৰুৱাৰ জীয়েকক কিতাপকেইখন হেন্ড অভাৰ কৰি আই.আই.টি গৈ লগৰকেইটাৰ লগত অলপ আদ্দা মাৰি আবেলি দীৰুদাৰ লগত এক ভিলইন চাই দিম ।

বেলতলাৰ পৰা লখৰা হৈ আদাবাৰীৰ জেচমিন গাৰ্লচ হোষ্টেলৰ সমুখত বাইক ৰখালো । বাইকৰ ষ্টাৰ্ট বন্ধ কৰি পাৰ্চেলটো হাতত লওতেই দেখিলো ছোৱালী এজনী হোষ্টেলৰপৰা ওলাই আহিছে । ভালকৈ চাই দেখিলো নয়নাই হয় । ভাবিলো ভালেই হল, ইয়াতেই পাই গলো, পাৰ্চেলটো দি আজৰি হব পাৰো ।

নয়না আৰু মোৰ মাজত ২০ মিটাৰৰ দুৰত্ব । কিন্ত সেই ২০ মিটাৰ যাবলৈ দুখোজ দিওতেই কৰবাৰ পৰা জানো চিবিজি এখন আহিল, নয়না চিবিজিত উঠিল আৰু চিবিজিৱালাই ৰাষ্টাত ৰজনীগন্ধাৰ পিক পেলাই এক্সিলেটৰ দবালে ।

হাজাৰ হলেও বৰুৱাদা মানুহটো ভাল । মুহুৰ্তৰ ভিতৰতে ডিচিচন ললো যে এই চিবিজিৱালাটো কোন উলিয়াব লাগিব ।
চিবিজিৰ পাছে পাছে মোৰ এক্স.চি.ডি ৰ চকা ঘুৰাই দিলো । চিবিজিৱালা আৰু নয়না দুয়ো গৈ বিশালত সোমাল । ময়ো সোমালো । নয়নাই কাপোৰ দুযোৰমান কিনিলে । চিবিজিৱালাৰ চেহেৰাটো ভালকৈ দেখা পালো । একেবাৰে য় টাইপৰ , কেকোৰা চুলি, চকুত ছানগ্লাছ, হাতত চেইন, ডিঙিত লকেট, বাওসীত টাটু । বিশালত কাপোৰ ধোৱা চাবোনত ডিচকাউন্ট আছিল । কেইপিচমান কিনিলো ।

তাৰপৰা ওলাই দুয়োটা ৰেষ্টুৰেন্ট এখনত সোমাল । ময়ো সোমাই সিহতৰ কাষৰ টেবুল এখনত বহি চাও-চাও অৰ্ডাৰ দিলো ।
সিহতৰ কথা বতৰাৰপৰা গম পালো যে চিবিজিৱালা অৰ্থাত নয়নাৰ বয়ফ্ৰেন্ডটোৰ নাম প্ৰতীম ।
ৰেষ্টুৰেন্টৰপৰা ওলাই নয়নাই বান্ধবী এজনীক লগ পালে আৰু তাইৰ লগত বাছত উঠিল । বাছত উঠাৰ আগতে প্ৰতীমক কাইলৈ লগ পাম চুইটু বুলি কলে । প্ৰতীমে হাত জোকাৰি বাই বাই দিলে ।

তাৰ পাছত প্ৰতীমৰ ফোন বাজিলে । জাষ্ট পাই আছো বুলি কৈ প্ৰতীমে বাইক ষ্টাৰ্ট কৰিলে ।
প্ৰতীমৰ পিচা নেৰিলো ।
প্ৰতীম গৈ নেহেৰু পাৰ্কৰ সমুখত ৰল । কেইটামান লৰা ৰখি আছিল । সিহতে অলপ আদ্দা জমালে । মই কাষৰ হকাৰ এটাৰপৰা আইচক্ৰীম এটা কিনিলো ।

প্ৰতীমৰ লগৰকেইটাৰ এটাক চিনি পালো । অঞ্জন । তাক মই কেইবছৰমান আগতে টিউচন পঢ়াইছিলো ।
এনেতে ৰিক্সা এখনৰপৰা ছোৱালী এজনী নামিল । প্ৰতীমে লগৰকেইটাক বাই দি ছোৱালীজনীৰ লগত দীঘলীপুখুৰীৰ ফালে গুচি গল ।

-আৰে অঞ্জন কি খবৰ তোমাৰ...... মই লৰাকেইটাৰ ওচৰ চাপি সুধিলো
- অ ছাৰ দেখোন, ইমান দিনৰ মুৰত
- ওনাচোন কথা এটা আছে

অঞ্জনৰপৰা গম পালো যে ৰিক্সাত অহা ছোৱালীজনীৰ নম বন্দনা আৰু প্ৰতীমে চাইমুলটেনিয়াছলি নয়না, বন্দনা আৰু প্ৰয়াসী নামৰ তিনিজনী ছোৱালীক চলাই আছে ।
মনতে ভাবিলো যে বৰুৱাদাক কৈ নয়নাক প্ৰতীম নামৰ ফ্লাৰ্টটোৰপৰা সাবধান কৰিব লাগিব ।

এনেতে দীৰুদাই ফোন কৰিলে
- কত বে, এক ভিলেইন চোৱাৰ প্লেন আছিল যে
- ১০ মিনিটত পাই আছো... মই কলো

ট্ৰেফিক ফালি চিনেমা হল পাওতে অলপ দেৰি হল । হলৰ বাহিৰত দীৰুদাক ছৰী বুলি কৈ হলত সোমাই লাষ্টৰশাৰীৰ ছীট দুটা অকুপাই কৰিলো ।

চিনেমাহলৰ পৰ্দাত নায়িকাই জীপ এখনৰপৰা এজনক কথা শুনাই আছে । পৰ্দাত কথা শুনাজনে কলে....ফিকৰ মত কিজিয়ে মেডাম আজকে বাদ চিকায়দ কা মৌকা নেহি দুংগা ।
চিনেমা চলি আছে । সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ ..... কোই মুঝকে য়ু মিলা হে , জেইচে বনজৰে কো ঘৰ । চিনেমাত মন বহাই আছো ।

কিন্ত আমাৰ আগৰ শাৰীৰ মুৰ দুটাই চিনেমাত মন বহাব পৰা নাই । দুয়োটা মুৰ এটা হৈ পৰিছে । পৰ্দাত অলপ বেছি পোহৰ হলে তাৰ ৰিফ্লেক্সনত দুয়োটাৰ ছীট এটা নে দুটা ধৰিবলৈ দিগদাৰ হোৱা যেন লাগিল ।

দীৰুদাই মোক হেচুকি কলে....... বাদ দে, আজিৰ লৰা-ছোৱালী, চিনেমা চা , চিনেমা
সমুখৰ চিটৰ চিনেমাৰ পৰা চকু আতৰাই পৰ্দাৰ চিনেমাত মন বহালো । ইন্টাৰভেল হল । সমুখত বহি থকা পেয়াৰটোৰ চুলি চুটিকৈ কটা য়েলো টিচাৰ্ট পিন্ধা লৰাটোৱে পপকৰ্ন আনিবলৈ বাহিৰলৈ গলগৈ । ছোৱালীজনীয়ে মবাইলটো উলিয়াই পিটিক পাটাক কৰিবলৈ ধৰিলে ।

-আচ্ছা ভন্টি শুনাচোন...... মই কলো
ছোৱালীজনীয়ে ঘুৰি চালে ।

- শিৱসাগৰৰ অমল বৰুৱা মানে তোমাৰ দেউতাই তোমাৰ কিতাপ কেইখনমান মোৰ হাতত দি পঠিয়াইছিল বুলি কৈ হাতত থকা পাৰ্চেলটো ছোৱালীজনী মানে নয়নাৰ হাতত দিলো

পাৰ্চেলটো হাতত লোৱাৰ পাছত ছোৱালীজনীক অলপ টেনচড দেখিবলৈ পালো । দীৰুদাৰ চকুকেইটাও ডাঙৰ হৈ গল ।
পাৰ্চেলটো দি মই কিন্ত বৰুৱাদাই কৰিবলৈ দিয়া কামহে কৰিলো, কিচিকো চিকায়ত কা মৌকা দিয়া নাই ।

কিন্ত কেচটোত মই বাৰু এক ভিলেইন হৈ গলো নেকি ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...