Thursday, September 24, 2015

ৰনদীপৰ তাপ-তুপ

শ্বিফট বাছত চাইটলৈ গৈ আছো । সমুখৰ চিটত ৰণদীপ , প্ৰজাপতি । পাছৰ ছিটত মই , ধীৰাজদা । ৰণদীপে ৰজনী-তুলসী চোবাই নিদিষ্ট ইন্টাৰভেলত পিকাই গৈ আছে ।

ভাবিলো ৰণদীপক অলপ সাবধান কৰি দিও । পিক গৈ ৰাষ্টাত থকা কোনোবা লোকেল মানুহৰ গাত পৰিলে পিটন খাব লাগিব ।

মই কিবা কোৱাৰ আগতেই ৰণদীপে কলে
- জানে চইকীয়াদা, মই লাষ্ট টাইম গুৱাহাটীলৈ যাওতে, খানাপাৰাত বাছ এখনত উঠি দিলো
- তাৰ পাছত.......... মই সুধিলো
- খিৰিকীয়েদি পিকাই দিলো, তাৰ পাছত মানুহ এটা আহি মোক কলে, যে গুৱাহাটীত এনেকে পিকালে কোনাবাদিনা পিঠি বহল হব
- অকে
- তাৰ পাছত মই কি কৰিলো জানে
- কি কৰিলা..... মই সুধিলো
- মানুহটোক দুখন গালত তাপ-তুপ দুটা বহাই দিলো । সি চুপ হৈ গল........ ৰণদীপে আৰু এবাৰ খিড়িকীয়েদি পিকাই দিলে


পাছদিনা ৰাতিপুৱা................
নাইট ডিউটি কৰি চাইটৰপৰা সোনকালে ফুটি দিলো । নাজিৰাৰপৰা টেম্পো এখনত গেলেকীলৈ আহি আছো । ৰণদীপ- প্ৰজাপতি, মই, ধীৰাজদা ।

টেম্পোৰ ভিতৰত গেলেকীৰ লোকেল লৰা এজনৰ লগত ৰণদীপৰ মনোমালিন্য হল । ৰণদীপে দম দিলে । লৰাটোৱেও লোকেল গাৱৰ ফাইলৰ নাম লৈ দম দিলে ।

মোৰ টেনচন হৈ গল । ৰণদীপে তাপ-তুপ দি নিদিয়েতো । ৰণদীপে তাপ-তুপ দি দিলে গেলেকীত আমাৰ ওপৰতো তাপ-তুপ পৰি যাব ।
প্ৰজাপতিলৈ চালো, সিও টেনচনত থকা যেন লাগিল । ধীৰাজদা একদম চুপ-চাপ হৈ আছে যেন কাকো চিনিয়েই নাপায় ।
মাহল আৰু অলপ গৰম হৈ গল ।

লোকেল লৰাটোৱে কলে............ মই দেখাত ক্ষীন হব পাৰো, আপুনি শকত হব পাৰে, আপোনাৰ লগত এতিয়া এই তিনিজন মানুহ থাকিব পাৰে, কিন্ত তথাপিও মই আপোনাৰ লগত ফাইট লাগিম, অপেন অপেন , লাগিলে মই ডি.এছ.এ ৰ ফ্ৰন্টলৈ আহিম , মই মাৰ খালেও খাম , কিন্ত আপোনাক মাৰিমেই ।

লৰাটোৱে কাৰোবাক ফোন লগাই গেলেকী চাৰিয়ালিলৈ আহিব দিলে ।

মোৰ টেনচন বাঢ়ি গল । ৰণদীপে এইবাৰ চিউৰ লেকেল লৰাটোক তাপ-তুপ দি দিব । মই ডিচিচন লৈ ললো । হাজাৰ হলেও ৰণদীপ কলিগ হয় । গেলেকীত কেইটামান তাপ-তুপ ময়ো খাই দিম আৰু ।

ৰণদীপে হাতৰ পতা দুখন মোহাৰিলে । ৰণদীপৰ তাপ-তুপ চাবলৈ মই ৰেডী হলো ।

ৰণদীপে লোকেল লৰাটোৰ পিনে হাতখন আগবঢ়াই কলে, " ছৰী, ভুল হৈ গল, নাইট ডিউটি কৰি আহিছো তো, টোপনি খতি, অলপ টেনচনত আছিলো, সেয়ে কথা বেছিকৈ ওলাই গল আৰু । "

দুয়োটাই হেন্ডচেক কৰিলে । মেকিপুৰত নামিবলগীয়া নহল ।

গেলেকী পালোহি । ডি.এছ.এত সোমালো ।
ৰণদীপে কলে , "জানে চইকীয়াদা, তাক কেইটামান তাপ-তুপ দি দিলোহেতেন, কিন্ত অন ডিউটি আছো তো, সেয়ে সি বাছি গল । নহলে, সি গম পোৱা নাছিল কাৰ লগত পাংগা লৈছিল । "

গা-পা ধুই ব্ৰেকফাষ্ট কৰিবলৈ গৈছো । ব্ৰেকফাষ্ট টেবুলত ধীৰাজদাই কলে , " কাইলৈৰপৰা চাইটৰপৰা সোনকালে নপলাও, শ্বিফট বাছতে আৰামত আহিম, নহলে কোনদিনা তাপ-তুপ পৰি যায় কব তো নোৱাৰি । "

কলাক্ষেত্ৰত

অফত ঘৰত শুই-বহি-টিভি চাই-ফেচবুকাই আছো । কলিগ গৌৰব মিশ্ৰ আৰু আদিত্য প্ৰকাশ গুৱাহাটীলৈ ফুৰিবলৈ আহিছে । কলাক্ষেত্ৰলৈ যাব । ময়ো ঠেং ডাঙিলো ।

- য়ে কলাক্ষেত্ৰ ক্যা হে.......... গৌৰব মিশ্ৰই সুধিলে
- কলাক্ষেত্ৰ আচাম কা সংস্কৃতি কা নমুনা হে । ৱহা আচাম কে ডিফাৰেন্ট ৰীতি-ৰিৱাজ-হেৰিটেজ কা ইনফৰমেচন মজুদ হে...... মই কলো

সচা কথা কবলৈ গলে কলাক্ষেত্ৰলৈ মই বহুবছৰ যোৱা নাই । লাষ্ট গৈছিলো ২০০৯ মে মাহত, ইউনিভাৰচিটীৰ ক্লাছমেট পৰী-পৰমাৰ্থ-পল্লবী-জাহ্নবীৰ লগত । তাৰ আগতে অৱশ্যে বহুত বাৰ কলাক্ষেত্ৰলৈ গৈছিলো ।

গৌৰৱ , আদিত্য আৰু নৱজিতৰ লগত কলাক্ষেত্ৰ পালোগৈ । কিন্ত সোমায়েই অনুভৱ হল যে কলাক্ষেত্ৰৰ আগৰ চাৰ্ম নাই । ৰংঘৰৰ ৰেপ্লিকাটো দেখি আদিত্যই সুধিলে...... য়ে তো চিবচাগৰ মে ভী হে না
- য়ে উচকা ৰেপ্লিকা হে........... নৱজিতে কলে

ৰেপ্লিকাটোলৈ চালো, ভিতৰখন বগা ৰং দিয়া । ৱালত বহুত কিবা কিবি লিখা আছে । এঠাইলৈ চকু গল.......... বিমল + দিশা
বাওফালে থকা মিউজিয়ামেদি ষ্টাৰ্ট কৰিলো । মিউজিয়ামৰ পুতলাবোৰ গৌৰব মিশ্ৰই মনোযোগৰে চাই গল । তাৰ পাছত চিৰি বগাই ওপৰ মহলালৈ উঠিলো । ফটো গেলাৰীৰ মাজেৰে খোজ ললো । কিন্ত দুখৰ কথা যে ফটোবোৰত থকা মানুহকেইজনৰ কেৱল নাম লিখা আছে, তেওলোকৰ বিষয়ে একো লিখা নাই ।

- য়ে ফটোৱালে লোগ কৌন হে.......... আদিত্যই সুধিলে
- য়ে আচাম কে ৰিনউন্ড ৰাইটাৰ হে....... মই কলো
তাৰপৰা ওলাই টিলাটোৰ ওপৰলৈ খোজ ললো ।
- আৰে চইকীয়া জী , য়ে তো খন্দহৰ হে........... আদিত্যই কলে

সচা কথা কবলৈ গলে ভীষণ লাজ পালো । কোনো মেইনটেনেন্স নাই , মামৰে ধৰা লাইটপোষ্ট, ভঙা চিৰি, উৱলি যোৱা বেৰ, এনেকুৱা লাগিল যেন বহু যুগ ধৰি বস্তবোৰত ৰঙেই দিয়া নাই ।
পাপেট মিউজিয়ামত সোমালো । আগৰবাৰ আহোতে থকা পুতলাবোৰেই ধুলি-মাকতিৰ মাজত কলমলাই আছে । ছলাৰ পেনেল, হাইদ্ৰপাৱাৰ, মনৰেল কংকালসাৰ হৈ পৰি আছে ।

মেইন মিউজিয়ামত সোমাই চক খাই গলো । কলাক্ষেত্ৰৰ ইমান অধোন্নতি ! কৰবাত দেৱালত ফাট, গ্লাছৰ ভিতৰত থকা বস্তবোৰৰ ওপৰত মকৰাৰ জাল ।

সকলোতকৈ লজ্বাজনক বস্তটো হল ............. মিউজিয়ামটোৰ ভিতৰত গ্লাছৰ কেবিনৰ ভিতৰত বস্তবোৰ সজাই থোৱা আছে, তাৰে এটা গ্লাছৰ কেবিনৰ এখন গ্লাছ ভঙা, আৰু মানুহে সেই ভঙা চুকটো তামোলৰ পিকেৰে ভৰ্তি কৰি পেলাইছে !
গৌৰবৰ মুখলৈ চালো । মোৰ অসমীয়া হেৰিটেজ-সংস্কৃতিৰ চব লেবেল ফু হৈ গল ।

আৰ্ট গেলাৰীটোলৈ যোৱা ৰাষ্টাটোত এটা ডাঙৰ জাপি আছে । জাপিটোৰ বিবৰ্ন ৰুপে আমাক বুজাই দিলে যে বোধহয় জাপিটো ইনষ্টল কৰাৰ দিনৰেপৰা তাত কোনেও ঝাৰু এডালো মৰা নাই ।

২০০৩ চনৰ ডিচেম্বৰ দিন এটালৈ মনত পৰিল । সেই দিনটোতে টিনএজৰ জোচত কলাক্ষেত্ৰৰ মুকলি মঞ্চৰ কাষত থকা তিনি নম্বৰ বেঞ্চখনৰ পাছফালে শিলেৰে ঘহাই লিখিছিলো............ বিকাশ + আশা

এঘাৰটা শীত, এঘাৰটা বসন্ত পাৰ হৈ গল , লাইফত আশাৰ এডিচন নহলগৈ ।

কিন্ত মা কচম , কলাক্ষেত্ৰৰ সেই বেঞ্চখনত থকা নামদুটাত বোধহয় এটাও পেইন্টৰ লেয়াৰ নপৰিল ।

মেইনলেন্ড চাইনা

দীৰুদাই এইদৰে বাহ দিব বুলি ভৱা নাছিলো । পিকেৰ টিকট দুটা লৈ অনুৰাধা হলৰ মুখত ৰখি থকা আধাধন্টা হল । দীৰুদাৰ একো উমঘামেই নাই । ফোন কৰি আছো ৰিচিভ কৰা নাই । ১১ বজাৰ পৰা শ্বো । পাচ মিনিটতকৈও কম সময় আছেগৈ ।

কাৰেক্ট ১১ টা বজাত দীৰুদাই ফোন কৰিলে ।
- কত আছে, টিকেট ললো, চিনেমা আৰম্ভ হবই আৰু .......... মই কলো
- এহ নকবি আৰু, কাম এটাত লটকি আছো, আজি ফিলিম চোৱা নহব, তয়ে চাই দে, বেয়া নাপাবি, নেক্সট টাইম......দীৰুদাই উত্তৰ দিলে

চাল্লা মুডটো অফ হৈ গল । এনেকুৱা টাইমতে গাৰ্লফ্ৰেন্ড এজনীৰ অভাৱ অনুভুত হয় । লাইফত বহুত ছোৱালীক ভাল লাগিছিল, কিন্ত নচীব বেয়া । দিল কি বাত জুবান পে আতে আতে বেলেগে বাজী মাৰি লৈ যায় ।

কিন্ত অহা কেইদিনমানতে চিটুৱেচন চেঞ্জ হব লাগে । মানে আচাম-মেট্ৰিমনি ডট কম, শিল্পীশিখা দুৱৰা । পাৰ্টনাৰ প্ৰিফাৰেন্চ পুৰা মিলি আছে । আচাম-মেট্ৰিমনিত এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিওৱাৰ পাছত ফেচবুকতো ফ্ৰেন্ড ৰিকুৱেষ্ট এটা পঠাই দিছো । ৰিকুৱেষ্ট একচেপ্ট কৰিলেই বুজিম যে কেচটো অকে । বহুত হল, এইবাৰ ৰিলেচনচিপ ষ্টেটাছটো চেঞ্জ কৰিবই লাগিব ।

টিকট দুটা কি কৰো । অলপ আতৰত কলেজীয়া কাপল এটা । ছোৱালীজনীয়ে মুখ ওফোন্ডাই আছে । লৰাটোৱে ছৰী বেবী, নেক্সট টাইম বেবী বুলি কৈ ছোৱালীজনীক বুজাবলৈ চেষ্টা কৰি আছে । বেবীলৈ মানে ছোৱালীজনীৰ চেহেৰাটো চাই বেয়া লাগিল । ভাবিলো ইহতকে টিকট দুটা দি যাও, সৰু লৰা-ছোৱালী, এনজয় কৰক ।

- মোৰ হাতত দুটা টিকট আছে......... মই কলো

লৰাজনে মোৰফালে চালে, তাৰপাছত মুখৰপৰা চিখৰৰ পিক ৰাষ্টাত পেলাই কলে
- কেইটকা লাগিব, জল্দি দে, ফিলিম ষ্টাৰ্ট হবই
তাৰ বিহেভিয়াৰ দেখি মন টো গৈছিল মক্কেলটোক দুটা পুৰ্নহতীয়া চৰ দিবলৈ । কিন্ত নিজকে সম্বৰন কৰি কলো
- এটাত পাচ

লৰাটোৱে মানিবেগৰপৰা হাজাৰটকীয়া এখন উলিয়ালে আৰু মোৰ হাতত থকা টিকট দুটা ললে ।
চিনেমা চোৱা নহল । এতিয়া কি কৰো । ব্লেকত টিকট বেচি পাচশ টকা লাভো কৰিলো । মেইনলেন্ড চাইনাত চিকেন মানচাও চুপ খোৱাৰ টেনডেনচি এটা জাগি উঠিল ।

মেইনলেন্ড চাইনা পালোগৈ । টেবুল এখন দখল কৰি মবাইলত ফেচবুক অন কৰি ললো । শিল্পীশিখা দুৱৰাই চাৰিমিনিট আগতে ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে । বঢ়িয়া, কুল । আজ চে বেগানা-বনজাৰা জিন্দেগী খতম । দীৰুদাক আৰু চিনেমা চাবলৈ খাতিৰ কৰিব নালাগে ।

শিল্পীশিখা দুৱৰাৰ মেচেজ বক্সলৈ গৈ টাইপ কৰাত লাগিলো....... আই এম ফ্ৰম গুৱাহাটী, আই হেভ চিন য়ৰ প্ৰফাইল ইন আচাম-মেট্ৰিমনি , মষ্ট অৱ আৱাৰ প্ৰিফাৰেনচেচ আৰ মেটচিং এন্ড ষ্টাৰ্ট লাইকিং ইউ, এট প্ৰেজেন্ট আই এম ইন গুৱাহাটী, লেটছ মিট এন্ড ন ইচ-আদাৰ ইন এ বেটাৰ ৱে

মেইনলেন্ড চাইনাৰ এখন চেন্টাৰ টেবুল , মানচাও চুপ, শিল্পী আৰু মই , মনটো কিবা এটা ৰংগীন লাগি গল ।

শিল্পীশিখা দুৱৰাৰ সৈতে এবাতি মানচাও চুপৰ কথা ভাৱি থকাৰ সময়তে দীৰুদাৰ ফোন আহিল
- তই চিনেমা নাচালি নেকি...... দীৰুদাই সুধিলে
- আপুনি ধোকা দিলে, গতিকে নাচালো আৰু....... মই কলো
- ধেই চিনেমা বাদ দে, পিছফালে ঘুৰি চা

পাছফালে ঘুৰি চালো । একেবাৰে কৰ্নাৰৰ টেবুলখনত দাতকেইটা উলিয়াই দীৰুদা বহি আছে । দীৰুদাই হাতত থকা কাটাচামুচখন জোকাৰি মোক মাতিলে ।

ময়ো ভালেই পালো । বিলটো এতিয়া দীৰুদাৰপৰা উচুল কৰিব লাগিব । স্মাইল এটা দি মই আগুৱাই গলো ।
- তোক ইয়াত পালো ভালেই হল । এয়া মোৰ ফিয়োনচে, আৰু এয়া মই যে কৈ থাকো, মোৰ জুনিয়ৰ, হে হে .... দীৰুদাই হাহি এটা মাৰিলে

দীৰুদাৰ লগত চাওমিনৰ প্লেটখন শ্বেয়াৰ কৰি খাই থকা শিল্পীশিখা দুৱৰাই মোৰ ফালে চাই হাই বুলি কলে ।

(বি.দ্ৰ. বেকগ্ৰাউন্ডত ট্ৰেজিক গান এটা বাজি থকা যেন লাগিছে.... কোই হোতা জিচকো আপনা , হাম আপনা কহ লেতে য়াৰো.... । বচা খুচা ইজ্বত বচাবলৈ এতিয়া ফেচবুকৰ একাউন্টটোও ডিএক্টিভেট কৰিব লাগিব যেন লাগিছে )

প্লেনছ

২০০৮-০৯ চনৰ কথা , তেতিয়া গুৱাহাটী ইউলিভাৰচিটীত এম.এছ.চি পঢ়ি আছো । লাহে লাহে লাইফৰ-ফিউচাৰৰ প্ৰেচাৰবোৰ পৰিবলৈ ধৰিছে ।

প্লেন এটা বনালো, মাত্ৰ এটা পৰীক্ষা পাচ কৰিব লাগে আৰু কৰবাত পি.এইচ.ডিত নাম লিখাব লাগে, মাহে ১২০০০ টকা ।
প্লেন চাকচেচ ।

কিন্ত ১২০০০ টকা কম হয় । অকলে চলিবলৈ থিকেই আছে , কিন্ত লায়েবিলিটি থাকিলে প্ৰবলেম হয়গৈ । গুৱাহাটীত ২০ হাজাৰ মান হলে চেভিংচ সহ আৰামত চলিব পাৰি ।


আকৌ প্লেন বনালো । চাইড বাই চাইড প্ৰাইভেট টিউচন কৰি আৰু ১২ আনিব লাগিব ।
আকৌ প্লেন চলি গল । সপ্তাহত ৩ ৰ পৰা ৭ হাজাৰলৈ আহিবলৈ ধৰিলে ।

সচা কথা কবলৈ গলে লাইফত মানুহক চলিবলৈ টকাৰ প্ৰয়োজন । কিছুমান ইচ্ছা, সপোন, আশা পুৰণ কৰিবলৈ অলপ বেছিকৈ টকাৰ প্ৰয়োজন ।
মানুহে চুৰি-ডকাইতি-ঠগবাজি কৰি বহুত পইচা ঘটিব পাৰে ।
কিন্ত সজ পথেৰেও সম্পুৰ্ন ইনকাম টেক্স ক্লিয়াৰ কৰি সুখে-সন্তোষে, অভাৱ নোহোৱাকৈ চলিব পাৰি ।
অনেষ্টলি স্পিকিং, ডিচেন্ট ষ্টেবল ইনকাম এটা লাগে । সেই সময়ত চকুত পৰা তিনিধৰনৰ চৰকাৰী চাকৰিত দৰমহা বেছি আছিল ।

কলেজ প্ৰফেচাৰ, ৰাষ্ট্ৰীয় প্ৰশাসনিক বিষয়া আৰু ৰাষ্ট্ৰীয়কৃত বেংক বা কোম্পানীৰ বিষয়াৰ চাকৰিত ।
প্লেন বনালো । পুৱা-গধুলি টিউচন, দিনত প্ৰিপাৰেচন ।
কেইমাহমান লাগিল ।
এইবাৰো প্লেন জমি গল ।
..........
তাৰ পাছতো কেইবাটাও প্লেন বনাইছিলো । কিন্ত
চাৰি বছৰ হও হও, এটাও প্লেন চাকচেচ হোৱা নাই এতিয়ালৈ ।
....................
যোৱা দহদিনমান পুৱা-গধুলি টেনিচ বল ক্ৰিকেট আৰু দিনত মবাইলত কেন্ডী-ক্ৰেচ খেলি আছো । এইকেইদিন কেন্ডী-ক্ৰেচৰ একে ৰঙৰ ৩-৪-৫ টা কেন্ডী মিলাবলৈয়ে প্লেন বনাই আছো আৰু !!!

ভ্ৰামক

(১)

কলিগ এজনৰ ভায়েকৰ বিয়া । নগলে কথাটো বেয়া হব । দীৰুদাৰ লগত ওলালো । বিয়াঘৰ নলবাৰী টাউনৰপৰা অলপ আতৰত । বিয়া খাই ৰিটাৰ্ণ আহি আছো । ৰাষ্টাটো খুব এটা ভাল নহয় । মাজে মাজে বিৰাট গাত । গাতবোৰত ঠেকেচা খাই পি.ডব্লিউ.ডিক গালি পাৰি আহি আছো । হঠাত গাড়ীখনৰ কিবা এটা হল । নামি দেখিলো, টায়াৰ পামচাৰ । ডিকিত স্পেয়াৰ এটা আছে । কিন্ত ওপৰত প্ৰচন্ড ৰদ । ইফালে সিফালে চালো । অলপ আগত চক এটা আছে । কোনোবা লৰা এটাক পইচা কেইটামান দি চকাটো চেঞ্জ কৰাব লাগিব ।

- চকা পামচাৰ হল নেকি..... পিছফালৰপৰা কোনোবাই মাতিলে
ঘুৰি চালো, এখন চাইকেল ৰৈ আছে, ওচৰত এখন চিনাকি মুখ । মইনুল । ইউনিভাৰচিটিৰ এসময়ৰ সহপাঠী ।
- আৰে মইনুল , ইমান দিনৰ মুৰত, মানুহটো কত গায়ব হৈ গৈছিলি, তোৰ ঘৰ ইয়াতে নেকি..... মই সুধিলো
- অ, এইখন আমাৰেই গাও
- মেকানিক-চেকানিক পাম নেকি
- লৰা এটা আছে , মাতি দিও ৰ

মইনুলে ফোন কৰি কাৰোবাক মাতিলে । লৰা এজন আহিল ।
- ই চকাটো চেঞ্জ কৰি দিব, মোৰ ঘৰ ওচৰতে , তেতিয়ালৈ চাহ একাপ খাই লবি বল...... মইনুলে কলে

মইনুলৰ ঘৰলৈ ওলালো । এটা হাফ ৱাল দিয়া ঘৰ । ওপৰৰখিনি মাটিৰে লিপা । মনে মনে এটা সন্টুষ্টি লাভ কৰিলো । এটা সময়ত মইনুল মোৰ প্ৰতিদন্দী আছিল । ইউনিভাৰচিটীত থাকোতে সি মোৰ লগত কমপিট কৰিব ওলাইছিল । মোৰ লগত তাৰ তেতিয়াও তুলনা নাছিল, এতিয়াও নাই ।

মইনুলৰ ঘৰৰ ভিতৰখন অৱশ্যে বেচ আটোমটোকাৰী , পৰিপাটী । চোফা, আচলতে মোৰ ঘৰত থকা সত্তৰ হাজাৰ টকাৰ ইটালিয়ান আৰ্হিৰ ডিভানখনৰ তুলনাত কাঠৰ ফ্ৰেম এটাত কুচন লগাই থোৱাৰ নিচিনা চকীখনত বহিলো । মানুহ এজনীয়ে পানী দুগিলাছ লৈ আহিল ।

- এয়া ৰেহেনা, মোৰ ৱাইফ, আৰু এয়া মোৰ ইউনিভাৰচিটীৰ বহুত ভাল দোস্ত, বহুত ডাঙৰ চাকৰি কৰে
......... মইনুলে চিনাকি কৰাই দিলে

মই নমস্কাৰ দিলো । ৰেহেনাই অৰ্ডিনাৰী শাড়ী এখন পিন্ধিছে । খুব বেছি দুশ টকা হব ।
মইনুল আমাৰ বেটছৰ একমাত্ৰ ইছলামধৰ্মী লৰা আছিল । মইনুল পঢ়াত বহুত চোকা নাছিল । কথা-বতৰাৰ কোনো ষ্টেন্ডাৰ্ড নথকা মইনুলে আমাৰ মাজত মিলা-মিছা বঢ়াবলৈ এনে কিছুমান আমোদজনক কাম কৰিছিল যে মইনুল বহকেইজনৰ বাবে কমেডি আইটেম হৈ পৰিছিল ।
কিন্ত মইনুল, সি মোক এটা সময়ত চেলেঞ্জ দিবলৈ সাহস কৰিছিল ।

(২)

ইউনিভাৰচিটীৰ ফাইনেল ইয়াৰৰ কথা । চেপ্তেম্বৰৰ কোনোবা এটা দিন । ইলেকচনৰ সময় । পি.জি.এছ.ইউ লৈ প্ৰতিটো ডিপাৰ্টমেন্টৰ এজনকৈ প্ৰতিনিধি থাকে । আমাৰ ডিপাৰ্টমেন্টত মোৰ বাহিৰে বেলেগ কোনোবা ওলাব বুলি মই ভৱা নাছিলো । ডিপাৰ্টমেন্টৰ বাহিৰৰ চিৰিত বহি মবাইলত গেম খেলি আছো । মইনুল আহি মোৰ ওচৰ পালেহি ।

- চোৱা মই পি.জি.এছ.ইউ লৈ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ হব খুজিছো । আমাৰ ক্লাছৰ চব ছোৱালীৰ চাপৰ্ট মোৰ লগত আছে, ৰাহুল, নব, সুব্ৰতও মোৰ লগত আছে । ইলেকচন হলে তুমি বেয়াকৈ হাৰি যাবা...... মইনুলে কৈছিল
- চা দোস্ত, তই এই যে ফাল্টু কমেডিচব কৰি থাক, মানুহে ভাল পায় সচা , কিন্ত কমেডিয়ান এটাক ডিপাৰ্টমেন্টৰ ৰিপ্ৰেজেনটিভ কৰি কোনেও নপথায় । আৰু চা , মোৰ লগত তোৰ কোনো তুলনাই নহয় , তই ইংৰাজীত কথাই কব নোৱাৰ, মোৰ তুলনাত তোৰ জেনেৰেল নলেজ জিৰো, তোৰ কমিনিকেচন স্কিল নায়েই, তোৰ পাৰ্চনেলিটি নায়েই, তই মোৰ লগত কত পাত্তা পাবি
- নাই , চবে মোক চাপৰ্ট দিব
- ধুৰ, মক্কেল নেকি বে তই, কথা বুজি নাপাৱ নেকি, চা দোস্ত, মোক যদি চেলেঞ্জ কৰ মোৰ খং উঠিব, আৰু মোৰ খং উঠিলে তই ডিপাৰ্টমেন্টত নাপাত্তা হৈ যাবি...... মই মইনুলক দম দিছিলো

মইনুলে মোৰ কথা নামানিলে । ইলেকচন হল । ছয়ত্ৰিশটা ভোটৰ সি মাত্ৰ তিনিটা ভোট পালে । নিজৰটো, ৰাহুলৰ আৰু তাক দেখুৱাই মোৰ ভোটটো মই তাক দিলো ।

- দেখিলি দোস্ত, মোৰ ভোটটোও মই তোক দি দিলো, তথাপিও তই জিকিব নোৱাৰিলি, আচলতে মোৰ লগত তোৰ কোনো তুলনাই নহয়...... ইলেকচনৰ পাছত মই তাক কৈছিলো

এইটো নহয় যে তাক মই বেয়া পাইছিলো কিন্ত সি মোৰ প্ৰভুত্বক চেলেঞ্জ কৰিছিল আৰু সেয়ে তাক কৌশলগতভাৱে ডিপাৰ্টমেন্টৰ লগত জড়িত কামবোৰৰপৰা আতৰাই ৰাখিছিলো । কিন্ত তাক ভাৰচিটি উইকত ফুটবল খেলাৰ আৰু ৱাল মেগাজিনত কেইশাৰীমান লিখাৰ সুযোগ দিছিলো ।

ইউনিভাৰচিটিৰ পাছতো মই মোৰ গ্লেমাৰ অটুত ৰাখিলো, ভাল চাকৰি এটা যোগাৰ কৰি চচিয়েল ষ্টেটাছ মেইনটেইন কৰিলো । তাৰ বিপৰীতে মইনুল কৰবাত হেৰাই গল । আমাৰ লগৰবোৰৰ আদ্দাত মইনুল নামৰ কমিক আইটেমটোক কোনেও মনত নেপেলোৱা হৈ পৰিল ।

(৩)

ৰেহেনাই চাহ লৈ আহিল । চাহৰ কাপটো হাতত ললো ।

- ইউনিভাৰচিটিৰ পাছত কত গায়ব গৈ গৈছিলি । একো খবৰ-খাতিয়ে নোহোৱা হৈ গৈছিল যে... মই সুধিলো
- জানই তো, ঘৰৰ অৱস্থা ভাল নাছিল, পঢ়াৰ সময়ত গাৱৰ মানুহে সহায় কৰিছিল । অৰুনাচল গুচি গলো, ৰেচিডেনচিয়েল স্কুল এখনত । দৰমহা ৪০ দিছিল । এবছৰ তাত থাকিলো । তাত পাছত গাৱলৈ ওভতি আহিলো । এতিয়া এন.জি.ও এটা চলাও । চৰকাৰৰ স্কীমবোৰৰে গাৱত সমবায় খেতি আৰম্ভ কৰিছো ।

সমবায় খেতি, এন.জি.ও । ধুৰ, সি গৱাৰে হৈ থাকিল । হাফ ৱালৰ ঘৰ , গাৱলীয়া ঘৈণী, চাইকেল । মইনুল জীৱনত আগবাঢ়িবই নোৱাৰিলে । তালৈ মোৰ পুতৌ উপজিল ।

বাহিৰত মানুহ কেইজনমান গোট খাইছে । মইনুল বাহিৰলৈ ওলাই গল । মইনুলৰ পাছে পাছে আমিও বাহিৰলৈ গলো ।
- তই ১০ মিনিট ৰখ, মই আহি আছো এঠাইৰপৰা..... এইবুলি কৈ মইনুল মানুহকেইজনৰ লগত গলগৈ । এটা কেটেঙা লৰা আমাৰ কাষত থাকিল ।
- ভাইটি তই ইয়াৰে নেকি..... মই সুধিলো
- হয়.... লৰাজনে কলে
- মইনুলৰ এন.জি.ও ত কাম কৰ নেকি
- হয়, তাৰ লগত জড়িত
- এইবাৰ খেতি কেনেকুৱা
- এইবাৰ ভাল হৈছে
- তই পঢ়া-শুনা কৰি আছ নে খেতিতে ধৰিছ
- নহয় মানে এক্সুৱেলি মই এন.আই.টি শিলচৰত পঢ়ি আছো, চেমিষ্টাৰ ব্ৰেক চলি আছে, সেইকাৰণে গাৱলৈ আহিছো, মইনুলদাক সহায় কৰি দিও, পাকীজাত পঢ়াও, আমাৰ গাৱৰ বাহিৰলৈ যিমানকেইজন গৈছে চবেই ছুটীত পাকীজালৈ আহে
- পাকীজা মানে
- আমাৰ গাৱত আগতে স্কুল নাছিল । হাইস্কুল পঢ়িবলৈ টাউনলৈ যাব লাগে । সেয়ে মইনুলদাই কেইবছৰমান আগতে স্কুল এখন খুলিছিল । পাকীজা একাডেমী । যোৱাবছৰ দুজনে ইয়াৰপৰা ষ্টেন্ড কৰিছিল ।
- কিন্ত মইনুলেতো এন.জি.ও হে কৰে বুলি কৈছিল
- মইনুলদা অমাৰল কাৰনে ফৰিষ্টা । তেও আমাৰ গাওখনৰ সলনি কৰি দিছে । এন.জি.ও ৰে বহুত চৰকাৰী স্কীম আনিছে । আজিকালি আমি ট্ৰেক্টৰেৰে খেতি কৰো । পথাৰত টিউবৱেলেৰে পানী দিও । সমবায় ভিত্তিক ফিচাৰী , ব্ৰয়লাৰ ফাৰ্ম , ছাগলী ফাৰ্ম খুলিছো । আজিকালি কোনো মানুহ বহি নাথাকে, সবেই কাম কৰে । গাৱৰ সকলো লৰা-ছোৱালীয়ে আজিকালি পঢ়া শুনা কৰে । গাৱৰ বহুত দুখীয়া ঘৰৰ লৰা-ছোৱালীয়েও মেডিকেল-ইঞ্জিনাৰিং পঢ়ি আছে । ফীজ-কিতাপৰ পইচা চব সমবায়-এন.জি.ও ই দিয়ে ।

মইনুল উভতি আহিছে । মইনুলৰ পাছে পাছে কেইজনমান মানুহ ।
- তোৰ গাড়ীখন ঠিক হৈ গল...... মইনুলে কলে

গাড়ীখনৰ ফালে খোজ ললো । মইনুল আৰু মোৰ মাজত এটা বৃহত পাৰ্থক্য । ইউনিভাৰচিটিত মইনুলক নব্বৈ শতাশ ভোটত পৰাজিত কৰা মই মোৰ আৰ্জিত বিদ্যা ব্যৱহাৰ কৰিছো ব্যক্তিগত সফলতাৰ বাবে । মই, বৰ্তমান দৰমহা খোৱা এটা গোলাম হৈ পৰিছো । আৰু মইনুল....... মইনুল ইজ ইউজিং হিজ নলেজ এন্ড স্কিল ফৰ দা আপলিফমেন্ট এন্ড ৰিনভেচন অৱ হিজ চচাইটি ............ মইনুল ইজ লিডিং এ জেনেৰেচন ।

ৰাষ্টাৰ দুয়োফালে সেউজীয়া পথাৰ । মইনুলৰ গাৱৰ পথাৰখনত ধানবোৰ লহপহকৈ পাঢ়ি আহিছে ।
গাড়ীখন ষ্টাৰ্ট কৰিলো । আজিৰ মইনুলৰ লগত মোৰ একো তুলনাই নহয় ।

মনত পৰেনে অৰুন্ধতী

ডি.এছ.এ গেলেকীৰ ১৬ নম্বৰ বাংক হাউচত আদ্দা জমি উঠিছে । বাংক হাউচত গোটেইকেইজন কেমেস্ত্ৰীৰ মানুহ । দীৰুদা, শান্তনু , চন্দনদা , সুৰেশ আৰু মই । কোম্পানীৰ ফিউচাৰৰ কথাৰ পৰা আৰম্ভ হৈ পাৰ্চনেল টপিকৰ ওপৰত লেকচাৰ মাৰি আছো । দীৰুদাই ট্ৰেজেদী ফালিলে , সুৰেশেও ষ্টৰী এটা বতিয়াই দিলে । চন্দনদা আৰু শান্তনুৱেও কিবা কিবি কনফেচ কৰিলে ।

মই কুল স্মাইলেৰে এক্সপাৰ্ট কমেন্ট দি আছো ।

- আপনাৰপৰা কিতাপটা লৈছিলো, গ্ৰে-ডাৰ্লি, জেৰক্স কৰিলো, লওক....... শান্তনু বৈতালিকে ড্ৰিলিং ফ্লুইডৰ কিতাপখন মোৰফালে আগবঢ়াই দিলে ।

যোৱা ফৰটিন ডেইজ চলি থাকোতে শান্তনুৱে মোৰপৰা কিতাপখন লৈছিল । আজি জেৰক্স কৰি ঘুৰাই দিলে ।

- আপনাক একটা কথা সোধো, চিবসাগৰত আপনি অত দিন থাকিল, কোই মেয়ে সংগে ক্ৰেচ হৈছিল নেকি....... শান্তনুৱে সুধিলে
- নাই ৰে বাবা, চিবচাগৰত এইটোৱেই নহল..... মই কলো
- একটা কথা সোধো, এই অৰুন্ধতী ৰায় কোন
- কোন ৰে
- অৰুন্ধতী ৰায়
- নহয়, লেৱত আছিল ছোৱালী এজনী, জাষ্ট চিনাকি
- কিবাটো আছিল, আজি কবই লাগিব....... চন্দনদাই অৰ্ডাৰ দিলে
- নাই হে চন্দনদা
- যি আছিল সেইটো কব লাগিব....... শান্তনুৱে কলে

এক্সুৱেলি অৰুন্ধতী নামৰ ছোৱালী এজনীক চিনি পাইছিলো , মানে পাও । যোৱাবছৰৰ কথা, তেতিয়া টু ডেইজ অন-অফ মাৰি আছো । দুদিন ডিউটি দুদিন অফ । ৰিজনেল লেৱত লগৰ উতপলে কাম কৰে । অফত কোৱাটাৰত থাকি বৰ হলে তাৰ লেৱলৈ গৈ আদ্দা দিও । যোৱাবছৰ পুজাৰ পাছৰ কথা । উতপলৰ লেৱলৈ গলো । তাত গৈ দেখিলো লেৱত নতুনকৈ ছোৱালী এজনী আহিছে । উতপলে চিনাকি কৰাই দিলে, অৰুন্ধতী ৰায়, যোৰহাট বেচিনৰপৰা বদলি হৈ আহিছে । তাই হাহিলে , ময়ো হাহিলো ।

- তাৰ পাছত...... দীৰুদাই সুধিলে
- তাৰ পাছত আদ্দা দিলো, অৰুন্ধতী ৰায়ও যোগ দিলে, সপ্তাহত ৩-৪ দিন মান লেৱত গৈ টাইম পাচ কৰো, মানে তেনেকৈ অলপ চিনাকি
- আপুনি এই কিতাপখন অৰুন্ধতী ৰায়ক দিছিল...... শান্তনুৱে সুধিলে
- কেনেকৈ গম পালা
- দিছিল নে নাই
- য়া, এক্সুৱেলি লেৱত গৈ মই ড্ৰিলিং ফ্লুইডৰ ওপৰত ফান্ডা দি থাকো, এদিন অৰুন্ধতী ৰায় কলে যে তাইকো ড্ৰিলিং ফ্লুইডৰ বিষয়ে শিকাব লাগে, তাইও ফিল্ডলৈ আহিবলৈ মন বোলে । সেইদিনা নাইট শ্বিফট আছিল । ৰীগলৈ গ্ৰে-ডাৰ্লিৰ ড্ৰিলিং ফ্লুইডৰ কিতাপখন লৈ গৈ পঢ়িলো । পাছদিনা ক্লে-কেমেস্ত্ৰী, পলিমাৰ মাড, মাড এদিটিভ, পিভি-ৱাই.পি ৰ ফান্ডা দি দিলো । অৰুন্ধতী ৰায় পুৰা ইমপ্ৰেচড । তাৰ পাছত তাইক গ্ৰে-ডাৰ্লিৰ ড্ৰিলিং ফ্লুইডৰ কিতাপখন দি কলো যে এইখন পঢ়িবা, এইখন ড্ৰিলিং ফ্লুইডৰ বাইবেল স্বৰুপ । তেনেকৈ কিতাপখন দিছিলো ।
- আৰু অৰুন্ধতী ৰায়ৰ লগত ফুৰিব-চুৰিব গৈছিলা ছাগে.... চন্দনদাই কাট এটা মাৰিলে
- মানে চাওক চন্দনদা, আপুনি যদি মোক লগ ধৰে যে বলা অমুকৰপৰা আহো, মই কেতিয়াবা না কৰো নেকি, তেনেকৈ এদিন অৰুন্ধতী ৰায়ে লগ ধৰিলে যে তাই যোৰহাট যাব , লগত যাব লাগে, এনেয়েও মই ফ্ৰী হৈ থাকো, গুচি যাও, কেইদিনমান বৰপুখুৰীৰ পাৰত ইভিনিং ৱাকলৈ লগ ধৰিলে, ডিউটি থকা কেইদিন পচিবল নহয়, অফৰ কেইদিন যাও আৰু
- মেয়ে একটিৰ সংগে আপুনি ফুৰিব যায়, কথা পাতে , একো ফিলিংচ অহা নাছিল নেকি..... শান্তনুৱে সুধিলে
- চা ভাই শান্তনু, অলপ-অচৰপ ফিলিংচ আছিল, বাট ডেটছ জাষ্ট এট্ৰাকচন, সেইখিনিতো চবৰে হবই
- আৰু অৰুন্ধতী ৰায়
- ভাই, মই কেনেকে জানিম
- আচ্চা , তাৰ পাছত...... চন্দনদাই সুধিলে
- এক্সুৱেলি ডিচেম্বৰৰপৰা ফৰটিন দেইজ ষ্টাৰ্ট হল, চিবচাগৰৰপৰা টালি-টোপোলা বান্ধি গুৱাহাটী আহিলো, তাৰ পাছত আধামাহ গেলেকী, আধামাহ গুৱাহাটী মাকো মাৰি আছো, অৰুন্ধতী ৰায়ো যোৱা মাৰ্চত ট্ৰেন্সফাৰ লৈ বৰোদা গলগৈ বোলে । কাহানী দি এন্ড ।

শান্তনুৱে মোৰ হাতৰপৰা গ্ৰে-ডাৰ্লিৰ কিতাপখন লৈ মাজৰ পৃ্ষ্ঠা এটা মেলিলে । পৃষ্ঠাটোত কাগজ এখন আছিল । শান্তনুৱে কাগজখন উলিয়াই পঢ়িবলৈ ধৰিলে.....

একবার তুমি ভালোবাসতে চেষ্টা করো--
দেখবে, নদির ভিতরে, মাছের বুক থেকে পাথর ঝরে পড়ছে
পাথর পাথর পাথর আর নদী-সমুদ্রের জল
নীল পাথর লাল হচ্ছে, লাল পাথর নীল
একবার তুমি ভালোবাসতে চেষ্টা করো ।
বুকের ভেতর কিছু পাথর থাকা ভালো- ধ্বনি দিলে প্রতিধ্বনি পাওয়া যায়
সমস্ত পায়ে-হাঁটা পথই যখন পিচ্ছিল, তখন ওই পাথরের পাল একের পর এক বিছিয়ে
যেন কবিতার নগ্ন ব্যবহার , যেন ঢেউ, যেন কুমোরটুলির সালমা-চুমকি- জরি-মাখা প্রতিমা
বহুদূর হেমন্তের পাঁশুটে নক্ষত্রের দরোজা পর্যন্ত দেখে আসতে পারি ।
বুকের ভেতরে কিছু পাথর থাকা ভাল
চিঠি-পত্রের বাক্স বলতে তো কিছু নেই - পাথরের ফাঁক - ফোকরে রেখে এলেই কাজ হাসিল-
অনেক সময়তো ঘর গড়তেও মন চায় ।
মাছের বুকের পাথর ক্রমেই আমাদের বুকে এসে জায়গা করে নিচ্ছে
আমাদের সবই দরকার । আমরা ঘরবাড়ি গড়বো - সভ্যতার একটা স্থায়ী স্তম্ভ তুলে ধরবো
রূপোলী মাছ পাথর ঝরাতে ঝরাতে চলে গেলে
একবার তুমি ভালবাসতে চেষ্টা করো ।
------- অৰুন্ধতী ৰায়
25/11/2013

দীৰুদাই জোৰেৰে হাহি দিলে । চন্দনদাইও হাহিলে, শান্তনুৱেও ।

- আৰে মই নো কেনেকৈ জানো, এই এডভান্স যুগত কোনোবাই কিতাপৰ মাজত কবিতা লিখি পঠাব......... মই নিজকে চাপৰ্ট দিয়াৰ যত্ন কৰিলো

বিকি ,নিকি এন্ড মি

অনেষ্ট মেন আৰ স্ক্ৰুড ফাৰ্ষ্ট । মই তেনেকুৱাই এজন অনেষ্ট মেন । দীৰুদা অহা সপ্তাহত ডেৰাডুন যাব, ট্ৰেইনিঙত । কম্পিউটাৰত টুৰ প্ৰগ্ৰাম বনাব লাগে । মোক ফচাই দিলে ।

অফিচৰ কম্পিউটাৰত দীৰুদাৰ টুৰ প্ৰগ্ৰাম বনাই আছো..... ডেট, টাইম, টিকট নাম্বাৰ, হোটেলৰ নাম ভৰাই আছো........
ফোন এটা আহিল । আননউন নাম্বাৰ । ৰিচিভ কৰিলো ।

সিফালৰপৰা কোনোবাই তামাম দম-ভাবুকি-গালি দিয়া ষ্টাৰ্ট কৰিলে, মাজে মাজে নিকি নিকি শুনা পালো, মাতৃভাষা-পিতৃভাষাৰ জোৱাৰ
ৰং নাম্বাৰ বুলি কৈ ফোনটো কাটি দিলো । অতীতৰ ফ্লেচবেকত বিচাৰিলো, নাই ওহো মনত পৰা নাই, কোনোবা নিকিৰ পৰা পইচা ধাৰে লৈ ঘুৰাই দিবলৈ পাহৰিলো নেকি, নাই, স্কুল-কলেজ-ইউনিভাৰচিটিত কাৰোবাক বেয়াকৈ ৰেগিং কৰিছিলো নেকি, নাই, মাৰপিট,ইভটিজিং, আদামচিজিং, ওহো, অতীতৰ হাৰ্ডডিস্কৰ কেইবাবাৰো স্কেন কৰিলো, নাই নিকি নামৰ কোনো লৰা বা ছোৱালীৰ ডাটা চেক্টৰ নাপালো...... ৰং নাম্বাৰেই হৱ

আকৌ টুৰ প্ৰগ্ৰামত মন দিলো
কিছু সময় পাছত..... আকৌ ফোন, চেম নাম্বাৰ, ৰিচিভ কৰিলো
- আপুনি অমুক নহয় জানো, অমুকত কাম কৰে
মই হয় বুলি কলো

লগে লগে সিফালৰপৰা মাতৃভাষা-পিতৃভাষাৰ জোৱাৰ উঠিল, মাজে মাজে নিকি নিকি
ধৈৰ্যৰ এটা সীমা থাকে, অফিচ ৰুমৰপৰা ওলালো আৰু তাক মোৰো কপিৰাইট থকা ভাষা কেইটামান শুনাই দিলো । আৰু যদি মোক ফোন কৰ, তোক পুৰা ক্লীন কৰি দিম, বাপেৰক চিনি পোৱা নাই , চাল্লা ইশান্ত শৰ্মাৰ পোৱালি....বিনয় কুমাৰৰ জাত...

তাক দম-চম দি অফিচ ৰুমত সোমালো । দীৰুদাই সুধিলে .......... কি হল
দীৰুদাক কেচটো কলো......... দীৰুদাই কলে....... সি তোক দম দিয়ে, তাক স্ক্ৰুড কৰি দিও ৰহ

দীৰুদাই অফিচৰ লেন্ডলাইনৰপৰা নাম্বাৰটোলৈ ফোন কৰিলে
- হেলো, মই শিৱসাগৰ পুলিচ থানাৰপৰা কৈছো, এইটো নম্বৰত কমপ্লেইন আহিছে, এক্সটৰচনৰ, কাৰ নাম্বাৰ এইটো
পুলিচৰ নাম শুনি সিফালে থকা হিৰোটো কমন মেন হৈ পৰিল
- কমপ্লেন , ক-ক-কোনে, দ-দিছে
- অলপ আগেতে কাৰোবাক ফোন কৰি দম-চম দিছিলি নেকি, মিট-মাট কৰি ল, এফ.আই.আৰ লৈ ললে কিন্ত তোৰ দিগদাৰ আছে

ফোনটো থৈ দীৰুদাই স্মাইল এটা দিলে........ স্ক্ৰুড কৰি দিলো মক্কেলটোক

ভৱামতেই আকৌ ফোন এটা আহিল
- ছৰি দাদা, ভুল হৈ গল, মাফ কৰি দিয়ক... সিফালৰপৰা অনুনয়ৰ সুৰ
- অকে, ভাল মানুহ কাৰনে মই তোক এৰি দিলো, বেলেগ হলে তোৰ দিগদাৰেই আছিল... মই কলো
- কিন্ত দাদা, প্লীজ নিকিৰ পিচা নকৰিব

আকৌ নিকি, নিকিৰ পিচা, কোন এই নিকি, চাল্লা লাইফত মাত্ৰ এজনী ছোৱালীৰ পিচা কৰিছিলো । তাকো কটনত হায়াৰ ছেকেন্ডাৰীত থাকোতে । তায়ো বিয়া হৈ বৰ্তমান অস্ত্ৰেলিয়াত চেটল কৰিছে ।

- কোন নিকি, কৰ নিকি, কাৰ নিকি, আৰু হু আৰ ইউ, মোৰ ফোন নং কেনেকে পালি.. মই খঙত কলো
- দাদা এক্সুৱেলি মোৰ নাম বিকি
- কোন বিকি বে, অলপ আগতে নিকি, এতিয়া বিকি, কি জেং বে
- বিকি মানে বিক্ৰমজিত বৰ্মন, কমাৰ্চত এম কম কৰি আছো, ফেচবুকত আপোনাৰ নাম্বাৰটো পালো, আৰু প্লীজ দাদা, নিকি মোৰ হয়, দুই বছৰ আমি ৰিলেচনচিপত আছো
- অকে দোস্ত, নিকি তোৰেই হয়, মুঝে কোই ইন্টাৰেষ্ট নহী হে, আৰু মোক ফোন নকৰিবি, অকে

আকৌ ফ্লেচবেকত চালো, ফেচবুকত মোৰ কোনোবা নিকি নামৰ ফ্ৰেন্ড আছে নেকি, নাই । নিকি নিকনেমো হব পাৰে । ন আখৰৰে যোৱা নয়না, নীলাঞ্জনা, নীহাৰিকা, নীলিমা..... নাই ....... কাৰোবাৰ লগত চাটিং কৰি ফ্লাৰটিং কৰিছো নেকি । নাই, যোৱা ছয়মাহ ধৰি কাকো ফ্ৰেন্ড ৰিকুৱেষ্টো পঠোৱা নাই.......হে ভগ্গু , গিভ মি এ ব্ৰেক
দুপৰীয়া দীৰুদাৰ কোৱাটাৰত গলো........ লান্স কৰিলো.......

ফেচবুক খুলি ললো....... চাৰ্চ কৰিলো...... বিক্ৰমজিত বৰ্মন....... বহুতকেইটা অপচন ওলাল
পাই গলো.... কমাৰ্চ কলেজ.. টু মিউচুৱেল ফ্ৰেন্ড

মক্কেলটোৰ প্ৰফাইলটো খুলিলো । বাইক এখনৰ ওপৰত চাল দি কভাৰ ফটো এখন, ফ্ৰেন্সকাট দাড়ি, কাণফুলিৰে য়ো টাইপৰ প্ৰফাইল পিকচাৰ । ৱালখন বাজে আপদেট, টেগ, চেয়াৰ কৰা ফটোৰে ভৰ্তি । পিকচাৰ ফল্ডাৰটো খুলিলো...... ধেৰ ফটো, ডিটেকটিভৰ নজৰদি চাই গলো ।

নটিফিকেচন এটা আহিল....... ফ্ৰেন্ড ৰিকুৱেষ্ট এটা আহিছে....... মৈত্ৰেয়ী পৰাশৰ.... ১০০০ ফ্ৰেন্ডৰ টাৰ্গেট কমপ্লিট হোৱাৰপৰা আজিকালি ফ্ৰেন্ড একচেপ্ট কৰাৰ আগতে প্ৰফাইল চাই লও, মৈত্ৰেয়ীৰ প্ৰফাইল খুলিলো..... ডিচেন্ট প্ৰফাইল পিকচাৰ....... খাৰঘুলিৰপৰা তোলা ব্ৰহ্মপুত্ৰৰ ফটো এখন কভাৰ ফটো, চেম কলেজৰ ফ্ৰেন্ড যথেষ্ঠ আছে, ফেমিলিও দিয়া আছে....... ফেক নহয়......

মৈত্ৰেয়ী ফটো এখন ভাল লাগিছে, চিকিমৰ ট্ৰেডিচনেল ড্ৰেচত, গেংটকৰ মনেষ্ট্ৰী এটা বেকগ্ৰাইন্ডত, ইতিমধ্যে ৫১২ টা লাইক, কমেন্টবোৰ চাই আছো,..... বিউটি, ফেব, অউচম, তামাম........ ভায়েক বা কাজিনৰ বা লগাই কমেন্ট.......
কিবা এটা অনুমান কৰি মম্মীলৈ ফোন কৰিলো....... বিকি-নিকিৰ কেচটো ক্লিয়াৰ হৈ গল ।

চিবচাগৰৰ এটা প্ৰকান্ড কোৱাটাৰত নিশব্দে টেনচন ফ্ৰী হৈ এইচ কৰি থকাটো বহুতো ৱেলউইচাৰে পচন্দ কৰা নাই আৰু সেয়েহে এটা উদঙীয়া বলধ গৰুক এৰাল দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে আৰু তাৰেই কনচিকুৱেন্সত উদঙীয়া বলধ গৰুটোৰ নেজৰ আগটো বিক্ৰম ওৰফে বিকি আৰু নিকি ওৰফে মৈত্ৰেয়ী পৰাশৰ নামৰ দুটা হমো চেপিয়েন্সৰ মাজত সোমাই পৰিছে ।
লেপটপৰ স্ক্ৰীণত মাউচৰ কাৰচাৰ টোৰ তলত নীলা ৰঙৰ ৰেচপন্ড টু ফ্ৰেইন্ড ৰিকুৱেষ্ট বুটামটো । ব্ৰেইন আৰু হাৰ্টৰ কম্বিনেচনৰ পৰা ওলোৱা স্নায়ু-তৰংগ এটা গতি কৰিলে তৰ্জনী আঙুলিটোৰ একেবাৰে শেষৰ স্নায়ুৰজ্জুডাললৈ ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...