Thursday, September 24, 2015

খেপ , কালেকচন এটচেত্ৰা

বেলতলা ফিল্জত প্ৰতিবছৰে ডে-নাইট টেনিছ বল ক্ৰিকেট টুৰ্নামেন্ট পতা হয় । বাজেট প্ৰায় দুই লাখৰ ওচৰা উচৰি । এতিয়া কথাটো হল ইমান পইচা গোটাবৰ বাবে কালেকচন কৰিব লাগিব । কালেকচন বুলি কলেই এটা শব্দ অটমেটিকেলি আহে- খেপ ।

খেপ মানে হল চান্দা দিয়া মক্কেলক হামলা দিয়া । সাধাৰনতে এই খেপবোৰ বিজনেচমেন, পলিটিচিয়ান, দোকান, কোম্পানী আদি বিভিন্নধৰনৰ হয় ।

তেনেকুৱা এটা খেপৰে কথা ।
২০০৯ চন ।
বেলতলাত এখন ডাঙৰ কয়লা বজাৰ আছে । সেই কয়লা মাফিয়াৰ ঘাটিত খেপত গলো । দহ-বাৰজনমান কমিটিৰ মেম্বাৰ । প্ৰতিটো কয়লাৰ ঘাটিৰপৰা এশ-দুশ-পাচশ-হাজাৰকৈ কালেকচন কৰি আছো । কয়লা গছকি গছকি কাপোৰ-কানি ক'লা হৈ পৰিছে । গৈ গৈ জয়ছোৱাল নামৰ কয়লা ব্যৱসায়ীৰ ঘাটি পালোগৈ ।


আমাক দেখিয়েই জয়ছোৱালে গম পালে যে চান্দা বিচাৰি পাৰ্টি আহিছে ।
ফিল্মি কাইদাত ছখন বাইক জয়ছোৱালৰ ঘাটিত সোমাল । 


- হামলোগ বেলতলা কে ক্ৰিকেট কমিটি চে আয়ে হে......... ধ্ৰুৱদাই কলে
- কিচ চীজ কা
- ক্ৰিকেট
- উচচে কুচ বেনিফিট হোতা হে ক্যা...... জয়ছোৱালে সুধিলে
- পিছলে চাল ১০২ টীম হুৱা থা, মৰ দেন থাউজেন্ড প্লেয়াৰ ফৰ্ম অল অভাৰ আচাম নে পাৰিচিপেট কিয়া থা । স্প্ৰটছ প্লাছ এনটাৰটেইনমেন্ট । ইচচে ইউনিটি বঢ়তা হে লোগো মে । পিছলে চাল দো গৰীব বচ্চো কো পঢ়াই কা পুৰা খৰ্চা ভী দিয়া থা হামলোগো কা কমিটি মে । এক বাৰ আল খেল দেখনে আইইয়ে বাৰ বাৰ আয়েংগে ............... ধ্ৰুৱদাই অলপ ফান্ডা দি দিলে
- আচ্চা য়ে আপলোগ ক্ৰিকেট অৰগেনাইজ কৰনে কে চিবা ক্যা কৰতে হে
- হামলোগ ষ্টুডেন্ট হে............... ৰুপমে কলে

জয়চোৱালে আমাৰ থোপৰাবোৰ চাই ললে
- তুমলোগ বাৰাহ আদমী হে , য়ে ৩-৪ লোগ তো দিখনে মে ষ্টুডেন্ট লগতা হে, লেকিন বাকী লোগ তো কিচি ভী এংগোল চে ষ্টুডেন্ট নহী লাগতা
তাৰপাছত ৰিতুলদাৰ ফালে আঙুলি দেখুৱাই কলে.......... অউৰ য়ে, ইচকা চাইম পে চাদী হোতা তো বাচ্চা দচৱী কা এক্সাম দে ৰহা হোতা ।
- ক্যা মজাক কৰতে হে জয়ছোৱালজী, ৱ আচু কা চমুজ্জল কা উমৰ হামাৰে দু গুনা হে, ৱ আগৰ ষ্টুডেন্ট হো চাকতা হে তো হাম কিউ নহী.................. ৰুপমে হাহি হাহি কলে

যিয়েই নহওক জয়ছোৱালে কামোৰ খাই খাই এহেজাৰ টকা চান্দা দিলে । আৰু আমি নেক্সট খেপলৈ বাইক ষ্টাৰ্ট দিলো ।

ষ্টেট বেংকৰ টোকেন

কালি অৰ্থাত দেওবাৰে দেউতাই এটি.এমৰ পৰা পইচা উলিয়াবলৈ যাওতে পইচা নোলাল, কিন্ত একাউন্টৰপৰা পইচা কাটি দিলে । তাৰেই কমপ্লেইন দিবলৈ দৰখাস্ত, পাছবুক আৰু এটি.এম শ্লিপৰ ফটোকপি লৈ দেউতাৰ সৈতে বেংক পালেগৈ । ষ্টেট বেংক, দিছপুৰ শাখা, সময় ১১-১৫, বেংকত তামাম ভীৰ ।

- ৰিচিপচনত সোধো বল......... দেউতাই কলে

ৰিচিপচনৰ সন্মুখত বিৰাট দীঘল লাইন । লাইনত থিয় দিয়াৰ সলনি চিধাই এচিশ্টেন্ট মেনেজাৰ এজনৰ কেবিন পালোহি । মেনেজাৰজনক প্ৰবলেমটো কলো । মেনেজাৰে কম্পিউটাৰত চাই দৰখাস্তখন এটি.এম মেনেজাৰক দিবলৈ কলে ।
এটি.এম মেনেজাৰৰ ওচৰ পালোহি । এটি.এম মেনেজাৰে আকৌ কাউন্টাৰ এটাৰ মানুহ এজনক দেখুৱাই তেওক দৰখাস্তখন জমা দিবলৈ কলে ।

কাউন্টাৰটোৰ সমুখত এইবাৰ লাইনত থিয় হলো । আগত তিনিটামান মানুহ ।
হঠাত কাষৰ কাউন্টাৰটোত অলপ হুলস্থুল শুনিবলৈ পালো । মানুহ এজনে কাউন্টাৰত থকা ছোৱালী এজনীৰ সৈতে তৰ্কাতৰ্কি কৰিছে ।

কেচটো কি গম ললো । মানুহজন পেঞ্চনাৰ, ইন্টাৰনেট বেংকিং এক্টিভেট কৰাবলৈ বেংকলৈ আহিছিল । মানুহজনে টোকেন লৈছিল ঠিকেই কিন্ত কিবা কাৰনত টোকেন নাম্বাৰটো মাতোতে আহিব নোৱাৰিলে । মিছ হৈ গল । পাছত কাউন্টাৰলৈ অহাত ছোৱালীজনীয়ে আকৌ নতুনকৈ টোকেন লবলৈ কোৱাৰ ফলতেই বাক বিতন্ডাৰ সৃষ্টি ।

জেং টোত মোৰ সন্মুখত থকা কাউন্টাৰৰ লৰাটোও ইনভলভ হৈ পৰিল । হুলস্থুল অলপ বেছিয়েই হৈ পৰিল । তিনিওজন লম্ফ-জম্ফ কৰি মেনেজাৰৰ কেবিন পালেগৈ ।
আধাধন্টা তাতে বৰবাদ হল ।

ওচৰতে থকা মানুহবোৰৰ কিছুমানে ছোৱালীজনীক দোষ দিলে, কিছুমানে মানুহজনক দোষ দিলে, কিছুমানে বেংকক দোষ দিলে, বাকীকেইজনে চৰকাৰক দোষ দিলে ।

যিয়েই নহওক , আধাধন্টামান পাছত লৰাজন কাউন্টাৰলৈ ঘুৰি আহিল । অলপ পাছত মোৰ পাল পৰিল । মই দৰখাস্ত আৰু ডকুমেন্টবোৰ দিলো । লৰাজনে কাগজবোৰ হাতত লৈ কলে.....
- টোকেন নাম্বাৰ....
- টোকেন লোৱা নাই....... মই কলো
- টোকেন লাগিব, নহলে নহব....লৰাজনে ঘোপাকৈ চাৱনি এটা দিলে

টেমা গৰম হৈ আছিল, তথাপিও ধীৰে সুস্থিৰে কলো.............
- মেনেজাৰে অলৰেডি চাইছে আৰু আপোনাৰ কাউন্টাৰত জমা দিবলৈ দিছে । আৰু লগতে এইবুলিও কৈছে যে এইখিনি কাগজ জমা দিবলৈ টোকেনৰ প্ৰয়োজন নাই , মেনেজাৰে মোক এনেকৈ কৈছে গতিকে এতিয়া মই টোকেন নলও ।
লৰাজনে আৰু একো নকৈ দৰখাস্তখন ৰাখি থলে ।

বেংকত ষিসকলৰ চিনাকি নাই সেইসকলৰ বাবে টিপছ-
SBIৰ কিছুমান শাখাত বহুত ভীৰ হয় । কিবা কাম এটাত গৈ টোকেন লোৱাত আলপ দেৰি হলেই দিনটো বৰবাদ হোৱাটো খাটাং । সেইবোৰ শাখাৰপৰা একাউন্ট অলপ কম ভীৰ থকা বেংকলৈ ট্ৰান্সফাৰ কৰিলে সুফল পাব ।
আপুনি যদি বেংকৰ কিবা নিয়ম জানিব বিচাৰে, চিধাই মেনেজাৰৰ ৰুমলৈ সোমাই যাওক, SBI Staff ৰ এনেয়ে কামৰ হেচাত টেমা গৰম হৈ থাকে, তেওলোকক কিবা শুধিলে অস্বস্তিকৰ পৰিস্থিতিত পৰাটো খাটাং ।
বাকীবোৰ বেংকৰ তুলনাত SBIৰ hospitality বহুত বেয়া । ওচৰতে থকা Canara, UBI, PNB, Bijaya, ICICI, Axis bank ইত্যাদিত একাউন্ট খুলিলে আপোনাৰ হেডেক অলপ হলেও কমিব ।

মাদ লেবাৰ

ড্ৰিল চাইটত কেমেস্ত্ৰী চেকচনক প্ৰতিটো শ্বিফটত তিনিজনকৈ কন্টিজেন্ট লেবাৰ দিয়া হয় । কেমিকেল ঢলা আৰু আন আনুষংগিক কামবোৰ এই লেবাৰকেইটাৰ দ্বাৰা কৰাবলগীয়া হয় । মাদ লেবাৰ ভাল মানে কেমিষ্টৰ আৰাম আৰু বেয়া মানে ১২ ঘন্টাৰ টটেল টেনচন । মাদ লেবাৰ টেকল কৰাৰ চবৰে টেকনিক বেলেগ বেলেগ ।

Achyut Deori - দিনত হাহ এটা খুৱাই দিও , ৰাতি মুৰ্গী, বাচ চকাচক কাম চলি যায় । হাহ আৰু মুৰ্গী খুৱাই অচ্যুতদাই লেবাৰ চম্ভালে ।

Dhiraj Kalita- ধীৰাজদাই ৰাতি লেবাৰকেইটাক শুবলৈ দি নিজে টেংকৰ ওপৰত পহৰা দিয়ে । 


Chanakya Choudhury- চাণক্যদা লেলিনৰ মতাদৰ্শত বিশ্বাসী । চাণক্যদাৰ শ্বিফটত চাৰিটা লেবাৰে সমানে কাম কৰে । তিনিজন কন্টিজেন্ট আৰু এজন হাইলি পেইড ।


Shyamal Gogoi- শ্যামলদাই আকৌ তামাম দম দিয়ে । ইউনিভাৰচিটিতো বোলে অলপ দাদা টাইপৰ আছিল , সেই ইমেজটো আকৌ কন্টিনিউ কৰি আছে ।


Shantanu Baitalik- শান্তনুৱে প্ৰতিটো বেগ ঢলাৰ বাবদ এটকাকৈ দিয়ে । জিতনা বেগ, উতনা ৰুপিয়া ।


Drumil Baruah- দ্ৰুমিলদাই টেনচন কমাবলৈ লাইপালেঙৰ চাইটলৈ দুপেকেট চিগাৰেট লৈ যায় আৰু ভগবানক খাটে.... এই শ্বিফটতো জেং নোহোৱাকৈ পাৰ কৰি দিয়া প্ৰভু


ফিল্ডভেদে মাদ লেবাৰ-
গেলেকী- ইয়াৰ লেবাৰবোৰ বাগানীয়া বা মুচলমান । মদৰ প্ৰচলন খুব কম । বাগানীয়া লেবাৰবোৰে যি কয় তাকেই কৰে, মুচলমান লেবাৰখিনি কামত পাকৈত । কেমিষ্ট কী জন্নত- গেলেকী ।

লাকুৱা- লাকুৱাৰ লেবাৰখিনি প্ৰায়খিনি আহোম । সাজপানীৰ প্ৰচুৰ প্ৰচলন আছে । ইয়াত দহজনৰ দুজন লেবাৰ ভাল , বাকীখিনি ৱেষ্ট প্ৰডাক্ট । মদ নাখালে লেবাৰৰ বোলে মন ভাল নালাগে । লাকুৱাত ডিউটি মাৰি মোৰ বহুতখিনি চুলি সৰিল ।

লাইপালেঙ- ইয়াত আগতে আলফাৰ ঘাটি আছিল , এতিয়া মদাহীৰ ঘাটি । মাদ লেবাৰ টেটুলৈকে মদ নোখোৱাকৈ শ্বিফটত আহিছে..... এইটো ইমপচিবল টেনছৰ বাক্য

ফকাছ এন.ই- প্ৰজ্ঞা সুন্দৰী

ফকাছ এন ই চেনেলটোৱে সৰস্বতী পুজাৰ সৈতে সংগতি ৰাখি প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতা পাতিছে । সুন্দৰী বিচাৰি চেনেলটোৰ এংকৰ এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয় পালেগৈ । বিশ্ববিদ্যালয়ৰ ছোৱালীবোৰ মিনিকিউৰ-পেডিকিউৰ-ফেচিয়েল কৰি ধুনীয়াতকৈও ধুনীয়া হৈ আহিছে ।

ইউনিভাৰচিটিৰ কোনোবা এটা ডিপাৰ্টমেন্ট । সময় পুৱা ১১-১৩ বাজিছে । এংকৰে বিচাৰি বিচাৰি ধুনীয়া যুবতী এগৰাকীৰ ওচৰ পালেগৈ ।

- কেনেকুৱা লাগিছে...... এংকৰে সুধিলে
- বহুত ভাল লাগিছে
- আচ্ছা, আমি প্ৰজ্ঞা-সুন্দৰী প্ৰতিযোগিতা পাতিছো, তোমাক দুটামান প্ৰশ্ন কৰো
যুবতীয়ে মিচিকিয়াই সন্মতি দিলে
- তুমি কি কৰি ভাল পোৱা......এংকৰে সুধিলে
- মই মিউজিক ভাল পাও...... যুবতীয়ে কলে
- অসম সাহিত্য সভাৰ আৰম্ভনি গীতটো কি
- নাজানো
- অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন

যুবতীয়ে অলপ ভবাৰ দৰে কৰিলে, তাৰ পাছত মুৰ জোকাৰি নাজানো বুলি কলে

- আচ্ছা, অসমৰ জিলা কেইখন
- ২৭ খন.............. যুবতীৰ চেহেৰাত আত্মপ্ৰত্যয়ৰ হাহি
- বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সম্পুৰ্ন নামটো কি

যুবতীয়ে আকৌ ভৱাৰ দৰে কৰিলে, তাৰ পাছত কলে......... প্ৰনৱ কুমাৰ মুখাৰ্জী

কেই ছেকেন্ডমান পাছত যুবতীয়ে নিজৰ ভুল বুজিব পাৰি কলে........ অ ছৰী, তেও তো ৰাষ্ট্ৰপতি হয়
- তেন্তে প্ৰধানমন্ত্ৰী
- মনমোহন সিং......... যুবতীৰ চেহেৰাত এটা মৌ-মিঠা হাহি

এংকৰে লগেলগে অভাৰ টু স্টুডিও বুলি কলে ।

মৰেল অৱ দা ষ্টৰী-
নৰেন্দ্ৰভাই মোদীয়ে যিমানেই তালফাল নলগাওক কিয় সুন্দৰী যুবতীসকলৰ এতিয়াও ফেভাৰিট হল মনমোহন সিং কাৰন তেওৰ সকলো পৰিস্থিতিতে 'চাইলেন্ট' হৈ থাকিব পৰা কেপাচিটি আছিল ।

ইন্টাৰভিউ, ভেজ-ৰোল আৰু চিকেন কাৰী

২০০৯ চনৰ কথা , আগষ্ট মাহ, এম.এছ.চিৰ ৰিজাল্ট তেতিয়াও দিয়া নাই, গুৱাহাটী আই.আই.টিৰ পি.এইচ.ডি এন্ত্ৰেন্স ক্লিয়াৰ হৈ আছিল, তেতিয়াও পি.এইচ.ডি জইন কৰিম নে নাই ঠিৰাং কৰা নাই । সেই সময়তে পেপাৰত এড এটা পালো । মাইলছ ব্ৰনছন ৰেচিডেনচিয়েল স্কুল, আজাৰাত টিচাৰ লাগে, দৰমহা মাহে ২৫ হাজাৰৰ পৰা আৰম্ভ ।

ফৰমেল ড্ৰেছত ওলালো , বগা চাৰ্ট, কলা পেন্ট, কলা জোতা । কৰবাত শুনিছিলো যে ইন্টাৰভিউবোৰত হাতঘড়ীৰ কথাটোও ইম্পৰটেন্ট হয় । মামাৰপৰা এদিনৰবাবে চেইন থকা টাইমেক্সৰ হাতঘড়ীটো ধাৰে ললো ।
স্কুলৰ ৰিচিপচনত এন্ত্ৰি কৰি ৱেইটিং হলত সোমালো । দেখিলো যে জীবন আগৰেপৰা তাত বহি আছে । জীৱন মোৰ লগৰ একে ক্লাছৰ, সিও আই.আই.টিত পি.এইচ.ডি ৰ বাবে চিলেক্ট হৈছে । মোক দেখি জীবনে টিপিকেল হাহি এটা মাৰিলে ।


- নাই এনেয়ে আহিছো আৰু, চাও কেনেকুৱা লাগে, এক্সপেৰিয়েন্স এটা হব আৰু.............. জীৱনে কৈফিয়ত দিয়াৰ চেষ্টা কৰিলে
- ময়ো এনেয়ে আহিলো আৰু, জাষ্ট এক্সপেৰিয়েন্স........... ময়ো কলো

কিছুদেৰি দুয়োটাই কথা পতাৰ পাছত ওলাই পৰিল যে দুয়োটা মক্কেল ২৫ হাজাৰ টকা দৰমহাৰ লোভত মাইলছ ব্ৰনছনত বহি আছোহি ।

ৰিটেনটো ক্লিয়াৰ হল । তাৰ পাছত ডেমো ক্লাছ আৰু ইন্টাৰভিউ ।

- ঘড়ীটো নতুন নেকি, আগতে দেখা নাই যে............. জীৱনে সুধিলে
- আৰে নহয়, ভাল চাইন থকা ঘড়ী পিন্ধি গলে ইন্টাৰভিউত ইমপ্ৰেচন বাঢ়ে....... মই কলো

জীৱনে পটককে মোৰ হাতৰপৰা ঘড়ীটো সোলোকাই পিন্ধি ললে । প্ৰথমতে জীৱন ডেমো ক্লাছ আৰু ইন্টাৰভিউলৈ গল । ওলাই আহি জীবনে হাফ স্মাইল এটাৰে ঘড়ীটো ওভোটাই দিলে । কিছুদেৰিৰ পাছত মোক মাতিলে । ডেমো ক্লাছ আৰু ইন্টাৰভিউ দিলো ।
ইন্টাৰভিউ দি দুয়োটা মাইলছ ব্ৰনছনৰ পৰা ওলালো । অলপদেৰি খোজকঢ়াৰ পাছত ৰিক্সা এখন দেখা পালো ।

- দোস্ত, মোৰ পকেটত বাছভাড়া বাদ দি চাৰি-পাছটকামানহে আছে....... মই কলো

জীৱনে নিজৰ মানিবেগ আৰু পকেট খুচৰিলে, তাৰো সম্পত্তি বুলিবলৈ এখন দহটকীয়া, দুটা এটকীয়া ।
ৰিক্সা বাদ দি দুয়োটা খোজকাঢ়িবলৈ লাগি গলো ।

- ইন্টাৰভিউ কেনে হল............ জীৱনে সুধিলে
- তোমাৰ কেনে হল..... মই ওলোটাই সুধিলো
- বিল্লা বনি গলো বে............. জীৱনে কলে
- মোক তো বেয়াকৈ ডাউন দিলে বে, কনফিডেন্স জিৰো হৈ গল......... মই নিজৰ অৱস্থাটো কলো
- মোৰ তো নিগেটিভ
- নেক্সট কৰবাত গলে পঢ়ি-শুনি প্ৰিপাৰেচন কৰি যাব লাগিব
- অ বে, তাকেই.............জীৱনে হাফ স্মাইল এটা দিলে

প্ৰচন্ড ভোক লাগিছিল । আজাৰাত দুয়োটাই বাছভাড়াখিনি ৰাখি বাকী থকা খুচুৰা পইচা মিলাই দহ টকাত ভেজ-ৰোল এটা কিনি হাফ-হাফ কৰি খালো ।

তাৰ পাচ বছৰ ছমাহৰ মুৰত..................
জীৱনে আই.আই.টিৰ পৰা দহখনমান ইন্টাৰনেচনেল ৰিচাৰ্চ পেপাৰ উলিয়াই ড০ জীৱন শইকীয়া হল । কিছুদিন পাছত পোষ্ট-ডক্টৰেটৰ বাবে আমেৰিকা যাবগৈ ।
মই ড০ নহলো যদিও অ.এন.জি.চিত জইন কৰি অলপতে চিনিয়ৰ কেমিষ্টলৈ প্ৰমোচন এটা পালো ।
আজি লগৰ কেইটাৰ সৈতে আই.আই.টিত সৰুকৈ পাৰ্টি এটা আছিল । চিকেন ফ্ৰাই-বাটাৰ নান- চিকেন কাৰী আৰু বহুত কিবা কিবি................
কিন্ত কিছুমান কথা বিশেষ একো চেঞ্জ হোৱা নাই............... এদিন ভেজ-ৰোল এটা হাফ-হাফ কৰি খাইছিলো, আজি চিকেন-কাৰী প্লেট জীৱনৰ লগত হাফ-হাফ কৰি খালো ।

বিয়াঘৰত

সচা কথা কবলৈ গলে বৈধ্যম কামোৰ খাই আছো । বেগানী চাদী মে আব্দুল্লা দিবানা । মেলবৰ্ণত ইন্ডিয়া-অস্ত্ৰেলিয়াৰ খেল চলি আছে আৰু মায়ে জোৰ জৰবৰদস্তি কৰি দুপৰীয়াখন মাৰ বান্ধবীৰ ননদৰ বিয়ালৈ লৈ আহিছে । তাৰ পাছত বিয়াঘৰ পাই যি ভিতৰত সোমাল মাৰ দেখাদেখিয়ে নাই । মই বাহিৰৰ পেন্ডেলৰ চুক এটাত চকী এখনত বহি কেন্ডী-ক্ৰেচ খেলি টাইম কিল কৰি আছো ।

কুৰ্তা-পাইজামা পিন্ধা মধ্যবয়সীয়া মানুহ এজন ওচৰলৈ আহিল । মানুহজনৰ ডিঙিত গামোচা, হাতত তামোলৰ বটা এটা ।
- চাহ খালে নে.... মানুহজনে সুধিলে
- হয়, খালো... মই কলো
- আপোনাক ঠিক ধৰিব পৰা নাই
- ওচৰতে থাকো, নেইবাৰ
- মই পিছে কইনাৰ মহাক হয়...... মানুহজনে নিজৰ পৰিচয় দিলো
- আচ্ছা
- আপোনাক কিন্ত আগতে দেখা নাই ...... মানুহজনে সুধিলে
- এক্সুৱেলি , মই শিৱসাগৰত থাকো, চাকৰি তাতে, ছুটীত আহিছো
- আচ্ছা, কত কৰে বুলিলে
- অ.এন.জি.চিত কৰো, চাৰি বছৰ হল চাকৰি কৰা
- আচ্ছা, মানে ফেমিলী তাতে থাকে
- নহয় মানে মা-দেউতা-ভাইটি ইয়াতে থাকে..... মই কলো
- লৰা-ছোৱালী
- নাই....... মই কলো


মানুহজন মনে মনে ৰল । মই কেন্ডীক্ৰেছত মন দিলো ।
- আচ্ছা, আপুনি গোলাঘাটৰ দত্তৰ নাম শুনিছে চাগে..... মানুহজনে আকৌ কলে
- মানে কোন দত্ত...... মই সুধিলো
- আপোনাৰ কথা মই ধৰিব পাৰিছো, কি কৰিব কওক, চব তেৰাৰ ইচ্ছা , এয়ে মানুহৰ জীৱন, সুখ-দুখ, ইচ্ছা-অনিচ্ছা সকলো তেৰাৰ হাতত, আমিটো এই ৰংগমঞ্চৰ কতপুতলীহে......... মানুহজনৰ চেহেৰাত বহুত দুখ-বেদনা-সমবেদনাৰ এক্সপ্ৰেচন দেখা গল

এনেয়ে টেমা চুটি আছে, তাতে কামোৰৰ ওপৰত কামোৰ । মানুহজনক মদ-চদ খাই অহাৰ দৰেও লগা নাই ।

- এক্সুৱেলি মই অলপ বেলেগ চিন্তাত আছো, আপুনি বেয়া নেপায় যদি....... মই কামোৰটোক খেদোৱাৰ চেষ্টা কৰিলো
- আপোনাৰ চিন্তা মই নুবুজিলে কোনে বুজিব । মোৰ নিজৰো বিয়াৰ আঠ বছৰলৈ বাচ্ছা হোৱা নাছিল, পিছত গোলাঘাটৰ তৰুণ দত্তৰ চিকিতস্যা লৈহে প্ৰথম সন্তানৰ মুখ দেখিছো , আপুনিও দত্তৰ ওচৰলৈ এবাৰ গৈ চাব পাৰে, বৰ ভাল ফলাফল পাব.................. মানুহজনৰ চকুত এটা-দুটা আশাৰ তিৰবিৰনি

তেৰী মা কী । উনত্ৰিছ বছৰীয়া লাইফত ইয়াতকৈ বেছি কামোৰ কেতিয়াও খোৱা নাছিলো ।
- এক্সুৱেলি আই এম নট মেৰিড.......... মই অলপ টান মাতেৰে কলো

মানুহজনে অলপ সেমেনা-সেমেনি কৰিলে । মই আকৌ কেন্ডী-ক্ৰেছত মন দিলো ।
মানুহজনে তামোলৰ বটাটো থৈ জেপৰপৰা মবাইলটো উলিয়ালে ।

তাৰ পাছত মবাইলত কিবা টিপাটিপি কৰি মবাইলটো মোৰ ফালে আগবঢ়াই দি কলে ..
- এইফালে চাওকচোন, মবাইলত

মই খঙেৰে মানুহজনৰ ফালে চালো, তাৰ পাছত মবাইলটোৰ ফালে চালো । মবাইলৰ স্ক্ৰীণত ছোৱালী এজনীৰ ফটো ।
- কেনেকুৱা লাগিছে............. মানুহজনে হাহি এটা মাৰি সুধিলে
- ভালেই.......... মই কলো
- হে হে, মোৰ ভাগিন, জি.ইউৰ পৰা যোৱাবছৰ এনথ্ৰপলজিত ফাষ্ট ক্লাছ এম.এ, এতিয়া বি.এড কৰি আছে, খুব ভাল ছোৱালী................ মানুহজনে উচাহৰে কলে
- ভাল কথা..... মই হাহি এটা মাৰি কলো
- আপুনি অলপ বহকচোন, মই সাউতকৈ ভিতৰৰপৰা আহো, বাচ আধা মিনিট............ মানুহজন কোবাকুবিকৈ ঘৰৰ ভিতৰলৈ সোমাই গল

মানুহজন ভিতৰ সোমোৱাৰ লগে লগে চিধা পেন্ডেলৰ বাহিৰ ওলালো, গাড়ী ষ্টাৰ্ট দিলো আৰু গাড়ীৰপৰা মাক ফোন কৰি কলো যে মই ঘৰলৈ যাও, তুমি যেতিয়াই মন যায় অটো-টেক্সি কিবা ধৰি আহি যাবা ।

ৰুবী আৰু ৰনদীপ

(১ )

ৰাতিপুৱা শ্বিফট গাড়ীৰে গেলেকীৰপৰা লাকুৱাৰ চাইটলৈ গৈ আছো । সমুখৰ চিটত ৰণদীপ আৰু দীৰুদা । পাছৰ চিটত মই । প্ৰজাপতি সোফালৰ চিট এটাত অকলে বহি গৈছে । ৰণদীপে নিৰ্দিষ্ট ইন্টাৰভেলত পিকাই গৈ আছে ।

- দীৰুদা কি কম আৰু আপোনাক .... ৰনদীপে কলে
- কি কবি.... দীৰুদাই সুধিলে
- এই প্ৰজাপতিটো মোৰ ৰুমমেট, সি চাল্লা গোটেই ৰাতি কেবল হোৱাটছএপ আৰু ফোন, মোক শান্তিত শুবই নিদিয়ে, কি কম আৰু আপোনাক
- তয়ো হোৱাটছএপ কৰিবি আকৌ
- সেইটোৱেইটো কথা, কাক কৰিম............. ৰণদীপে এবাৰ পিকাই এটা দুখী চাৱনি দিলে


দীৰুদাই কুল স্মাইল এটা দি কলে ....... তোৰ হাতখন চাও
ৰণদীপে হাতৰ তলুৱাখন মেলি দিলে

দীৰুদাই ৰণদীপৰ হাতখন চাই কলে ..... তোৰ লাইফ লাইন ঠিকে আছে, কিন্ত ফেট লাইন জেং আছে, চাৰ্কল অৱ ভেনাছক অৰবিট অৱ মুনে ক্ৰচ কৰিছে, তই ৰুবী পিন্ধিব লাগিব

- আপুনি কেনেকৈ জানিলে... ৰণদীপে সুধিলে
- হে হে জানো আৰু, মোৰো তোৰ নিচিনাই জেং আছিল, এতিয়া এইয়া চা, কেঞা আঙুলিত গোমেজ, অনামিকাত ৰুবী, মধ্যমাত নীলম, চব জেং ক্লিয়াৰ
- মই ৰুবী পিন্ধিলে হৈ যাব
- হানড্ৰেড পাৰচেন্ট..... দীৰুদাই একেবাৰে পাক্কা জোতিষীৰ দৰে কলে
 
ৰণদীপে দীৰুদাৰ হাতৰপৰা ৰুবীটো সোলোকাই নিজৰ অনামিকা আঙুলিত পিন্ধি ললে ।

ৰনদীপক ৰুবী পিন্ধাই দীৰুদা মোৰ লগত বহিলহি ।
- আপুনিও কিছু ফান্ডা দিয়ে দেই , বেচেৰাক টুপী পিন্ধাই দিলে........মই কলো
- টুপী নহয় ৰুবী........ দীৰুদাই মোৰ কানে কানে কলে

বাছ গৈ শিমলুগুৰিত ৰখিল । শিমলুগুৰিত লাকুৱালৈ যোৱা জেনেৰেল পাবলিক এজাক হুৰমুৰকৈ উঠিল ।
একেবাৰে লাষ্টত ছোৱালী এজনী । দীৰুদাৰ ভাষাত তামাম বিউটিফুল ছোৱালী এজনী । ছোৱালীজনীয়ে বাছত উঠি ইফালে সিফালে চালে ।

ইতিমধ্যে বাছত প্ৰায়বোৰ চিট ফুল । অকল ৰনদীপৰ কাষৰ চিটটো খালী ।
কিছুসময় পাছত দেখিলো ৰণদীপে খিড়িকিয়েদি পিকোৱা বাদ দিছে । ছোৱালীজনীৰ লগত দুই এটা কথা পাতিছে । অলপ সময় পাছত দুয়োটাই হাহিছে । লাকুৱা পোৱাৰ আগতেই মবাইলত ৰণদীপে নাম্বাৰ চেভ কৰিছে ।

দীৰুদা আৰু মই দুয়েটা ৰনদীপৰ খুচী দেখি দুখী হৈ আছো । প্ৰজাপতিলৈ চালো, সিও ৰনদীপলৈ দুখী চাৱনি এটা দি চাই আছে ।
দীৰুদাই কলে........ ৰুবী পিন্ধিলে কাম দিয়ে চোন বে ।

(২)

প্ৰজাপতি এইকেইদিন বহুত টেনচনত আছে । ৰুবীয়ে এন্ত্ৰি মাৰাৰ পাছত ৰণদীপ বোলে আজিকালি বহুত চেঞ্জ হৈ গৈছে । কানত হেডফোন লগাই মিচিক মাচাককৈ হাহি থাকে । বাছৰপৰা পিক পেলোৱাও বাদ দিলে । মানুহটো একদম ঠান্ডা হৈ গল । সকলোতকৈ ডাঙৰ কথা চাইটৰপৰা দুপৰিয়া বোলে ৰণদীপ গায়ব হৈ যায় ।

ডিনাৰ টেবুলত প্ৰজাপতি, দীৰুদা আৰু মই লগ হলো । প্ৰজাপতিয়ে ৰণদীপৰ কথা আদ্যোপান্ত কলে ।
- আমি কিবা এটা কৰিব লাগিব, ইমান চিনচিয়াৰ লৰাটো এনেকৈ চাইটৰপৰা গায়ব হৈ গলে কেনেকৈ হব....... দীৰুদাই কলে
- চব আপোনাৰ কাৰনে, আপুনিহে তাক ফান্ডা দি ৰুবী পিন্ধাই দিলে, চাল্লা লংগুৰ কে হাত মে অংগুৰ আহি গল , এতিয়াতো সি চেলটি গলেই...... প্ৰজাপতিয়ে টেবুলত ভুকু এটা মাৰিলে
- কুল ডাউন প্ৰজা, কাইলৈ তাৰ জাচুচি কৰিব লাগিব........ মই কলো

পাছদিনা চাইটত, ৰণদীপৰ ওপৰত নজৰ দি আছো । চাইটৰ বাহিৰত কন্টিজেন্ট লেবাৰ এটাৰ বাইক ৰেডি হৈ আছে । ৰণদীপৰ আজি পিচা কৰিব লাগিব ।

বাৰটামান বজাত ইফালে সিফালে চাই ৰণদীপ চাইটৰ বাহিৰ ওলাল । সি নেদেখাকৈ দীৰুদা আৰু প্ৰজাপতিয়ে তাৰ পিচ ললো । ৰণদীপ বেগাবেগিকৈ গৈ আছে । প্ৰজাপতি আৰু দীৰুদা মুৰটো টুপীৰে ঢাকি বাইকেৰে লাহে লাহে ফলো কৰি গৈ আছে ।

ৰনদীপ শ্যামগাওৰ কেকুৰীটো পাৰ হল ।
- আব্বে চাল্লা, ৰুবী বে........... প্ৰজাপতিয়ে কলে

কেকুৰীটোত স্কুটী এখন লৈ ৰুবী ৰৈ আছিল । ৰণদীপ পাছচিটত বহিল । প্ৰজা আৰু দীৰুদাই পিছ ললে । ৰুবী-ৰণদীপ গৈ শ্যামগাওৰ দুমহলীয়া ঘৰ এটাত সোমাল । হাহি হাহি দুয়োটা ঘৰটোলৈ সোমাই গল ।

কাষৰ মানুহৰপৰা গম লৈ জনা গল যে ৰুবীৰ আচল নাম তুলিকা বৰুৱা । ডিব্ৰুগড়ত এম.এ কৰি আছে । জিয়গ্ৰাফি ।
লগে লগে শ্যামলদাক কন্টেক কৰা হল । শ্যামলদা ছবছৰ আগতে ডি.ইউৰ জিএছ আছিল । এটা হাফৰ বিনিময়ত শ্যামলদাই তুলিকাৰ হিষ্টৰী-বায়গ্ৰাফি কালেক্ট কৰি দিলে । শ্যামলদাই দিয়া দিয়া ইনফৰমেচনৰ ভিতৰত চবতকৈ ইম্পৰটেন্ট কথাটো হল ডি.ইউত আলৰেডি প্ৰাঞ্জল নামৰ মক্কেল এটাৰ লগত তুলিকাৰ হিয়া-দিয়া-নিয়া চলি আছে ।
ৰাতি ডিনাৰৰ পাছত চাৰিঘন্টা ডিচকাচনৰ পাছত কনক্লুজনত অহা হল যে বেচেৰা ভোলা-ভালা ৰণদীপক লগত তুলিকাই গেম খেলি আছে গতিকে যিহেতু ৰনদীপ আমাৰ দোস্ত হয় গতিকে এই বুৰী চংগতৰ কবলৰ পৰা আমি তাক বচাব লাগিব ।

- আপেনাৰ হাতত বুৰী চংগত খেদোৱা পাথৰ-চাথৰ নাই নেকি.......... প্ৰজাপতিয়ে দীৰুদাক সুধিলে
- গোমেজ এটা আছে....... দীৰুদাই কেঞা আঙুলিটো দেখুৱাই কলে

পাছদিনা শ্বিফট বাছত চলচাতুৰীৰে দীৰুদাই ৰণদীপক গোমেজটো পিন্ধাই দিলে ।

- ৰনদীপলৈ সচাকৈয়ে বেয়া লাগে বে । হেডফোনডাল কাণত লগাই মিচিক-মাচাককৈ হাহি থাকে । এনেকুৱা লাগে যেন সি এই দুনীয়াত নায়েই । সচাকৈয়ে বুৰী চংগতে মানুহক ফিনিচ কৰি দিয়ে..... দীৰুদাই কলে

আবেলি তিনি বজাত কন্টিজেন্ট লেবাৰ এটাই খবৰ আনিলে যে সি ৰণদীপক তামাম চালিয়া আপী এটাৰ লগত লাকুৱা চকত হাহি হাহি কল্ড ড্ৰিংক খোৱা দেখি আহিছে ।

লগে লগে আমি লাকুৱালৈ ওলালো । ৰণদীপক আজি ৰংগে হাত ধৰি লাইনত আনিব লাগিব ।
লাকুৱা পালো । চাহৰ হোটেল এখনৰ সমুখত ৰণদীপ-তুলিকা ।
- তই চাইট এৰি ইয়াত কি কৰি আছ বে.............. প্ৰজাপতিয়ে সুধিলে
- নাই সৰু কাম এটা আছিল...... ৰণদীপে কলে
- কি কাম আছিল দেখা টো পাইছোৱেই, তোৰ লগত কথা আছে, আৰ্জেন্ট.... দীৰুদাই অলপ টান সুৰত কলে

এনেতে তুলিকাই কলে.......... আপোনালোকক সিদিনাখন বাছত দেখিছিলো, আপোনালোক ৰণমামাৰ লগতেই কাম কৰে ন
- কোন ৰণ মামা ....... দীৰুদাই সুধিলে

ৰণদীপে কেচটো ক্লিয়াৰ কৰি দিলে যে তুলিকা ৰণদীপৰ দেউতাকৰ মাজুজনী বায়েকৰ নুমলীয়া জীয়েকৰ একমাত্ৰ ছোৱালী । মানে সিয়েই ৰণমামা ।

- এয়া প্ৰজামামা, এয়া দীৰুমামা আৰু এয়া চইকীয়ামামা, মোৰ কলিগ যেতিয়া আপোনালোকো মামাই হব দিয়কচোন........... ৰণদীপে আমাৰ ইন্ত্ৰো তুলিকাৰ লগত কৰাই দিলে

আবেলি শ্বিফট বাছত তনহা-উদাস-বেগানা হৈ চাইটৰ পৰা গেলেকীলৈ ৰিটাৰ্ন আহি আছো । খোদা পাহাৰ, নিকলা তুলিকা, বন গয়া মামা

- মামা নহয় মামু হৈ গলো বে....... প্ৰজাপতিয়ে মুৰঝায়া হুৱা চেহেৰাৰে কলে

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...