Thursday, September 24, 2015

ফাল্টু, ফুং এন্ড ৰনদীপ

ফাল্টু, ফুং আদি শব্দকেইটা সাধাৰন মানুহৰ বাবে অইন অৰ্থ বুজাব পাৰে কিন্ত ড্ৰিল চাইটত কাম কৰা মানুহৰ বাবে এই শব্দকেইটা অতিকৈ চিনাকি আৰু মৰমৰ । শ্বিফট ডিউটিটো কমপ্লিট বাংক মৰাক ফাল্টু লোৱা বুলি কোৱা হয় । ফাল্টু লবলৈ চাইটৰ শ্বিফট ইনচাৰ্জৰ লগত ভাল বুজাবুজিৰ দৰকাৰ হয় । সাধাৰনতে এই ভাল বুজাবুজি আহৰন কৰা হয় ফুল বা হাফ বটলৰ শ্বেয়াৰিঙৰ যোগেদি । ফৰটিন ডেইজত অৱশ্যে অকল শ্বিফট ইনচাৰ্জেই নহয় অইন মানুহকে খুচ কৰিবলৈ হাহ-কুকুৰা-গৰম পানীৰ পাৰ্টি দিবলগীয়া হয় ।

চাইটত কেমেস্ত্ৰীৰ মানুহ এজনেই থাকে । গতিকে ফাল্টু লোৱাটো সহজ নহয় । ফাল্টুৰ সলনি আমি ফুং মাৰো । ফুল ফুং বা হাফ ফুং । চাইটত কামৰ মতি-গতি অধ্যয়ন কৰি যিখন শ্বিফট বাছত আহি চাইট পাও সেইখনতে উভটি যোৱাটোক ফুল ফুং আৰু চাইটত কিছুসময় দেখা দি ৰফুচক্কৰ হৈ যোৱাটোক হাফ ফুং বোলা হয় ।

চাইটটো গেলেকীত থাকোতে মই ফুং বেছিকৈ দিয়া নাছিলো । কিন্ত যেতিয়াৰেপৰা চাইটটো ৪০ কিলমিটাৰ দুৰৰ লাকুৱালৈ গলগৈ আৰু গেলেকীৰ ৰাস্তাৰ সৰু-ডাঙৰ পুখুৰী ফালি ডান্সিং বাছত ঝটকা খাই ডেৰঘন্টাৰ জাৰ্নিৰ পাছত জীৰ্ন-শীৰ্ন দেহ-মনৰে লাকুৱাৰ চাইট পাবলৈ ধৰিলো তেতিয়াৰে পৰা মোৰ মাইন্ডচেটো সলনি হৈ পৰিল ।

ৰনদীপ আৰু আমি বেলেগ বেলেগ চাইটৰ । আমি মানে মই , খঞ্জন আৰু কোঁৱৰ । ৰনদীপৰ চাইটত প্ৰজাপতি আৰু দীৰুদা । ৰনদীপৰ চাইটত ফুং দিয়াৰ প্লেন বনায় ৰনদীপ আৰু প্ৰজাপতিয়ে । আমাৰ চাইটত খঞ্জনে প্লেন বনায় । দুয়োটা প্লেনৰ ওপৰত বেচ কৰি মই মোৰ মেইন প্লেন আৰু বেক আপ প্লেন বনাও ।

ফুং দিয়াৰ বাবে আমি দিনত খেপ দিও চাইটলৈ বাইক বা গাড়ী লৈ অহাসকলক । বাইকৰ পাছত বা গাড়ীত এডজাষ্ট কৰি লাকুৱাৰপৰা নাজিৰা পাও আৰু তাৰপৰা গেলেকীলৈ যোৱা চাইটৰ বাছ ধৰি ডাইৰেক্ট ডি.এছ.এ-গেলেকী । ইভেন আমি ডি.এছ.এ পাও মানে গেলেকীৰ চাইটত ডিউটি কৰি নিজৰ মৰৱাই থকা চন্দনদাও আহি নাপায় ।

নাইট শ্বিফটত প্লেনৰ ডাইৰেকচন বেলেগ হয় ।
প্লেন A ত থাকে ৰাতি ডিনাৰ চাপ্লাই দিবলৈ অহা চুমুখন ।
প্লেন B ত থাকে চাইটৰ ইমাৰজেন্সি ভেহিকল ।
প্লেন C ত থাকে পাৰচনেল ভেহিকেল ।

মুঠতে নাইট শ্বিফট কৰি ৰাতিপুৱা পাচ বজাত নাজিৰা পালেই হল । তাৰপৰা গেলেকীলৈ শ্বিফট বাছ পাই যাও ।
প্ৰথমতে দীৰুদা মানুহটো একেবাবে ফুং নাছিল । কিন্ত গেলেকীৰ ৰাষ্টাৰ গাতৰ ঠেকেচা আৰু ৰনদীপৰ মটিভেচনে দীৰুদাকো ফুং বনাই দিলে ।

ৰনদীপৰো টাইটেল চইকীয়া । সি সদায় আমাতকৈ দুই কদম আগত থাকিব বিচাৰে । কিন্ত ৰনদীপকো মালুম নহী থা কে হাৰ চইকীয়া ড্ৰিলাৰ কে দু কদম আগে এক চইকীয়া হোতা হে জিচকো লোগ কেমিষ্ট চইকীয়া বোলটা হে ।

৩১ মেত এঘাৰ নম্বৰ নাইট ডিউটি কৰি ৰনদীপ ডি.এছ.এ পাইছেহি । গেটত সোমায়েই ৰনদীপ দুখী হৈ গল । দাতত ব্ৰাছ এডাল লৈ মই মৰ্নিং ৱাক কৰি আছো ।

- আৰে বিক্কাচদা ইমান জল্দি
- আৰে ৰনদীপ, ইমান দেৰি হল তোমাৰ, ফিলিং চেদ...... মই কাট মাৰিলো
দুখমনৰে ৰনদীপে বাংক হাউচলৈ খোজ ললে । দুখী ৰনদীপে খঞ্জনলৈ ফোন কৰিলে । খঞ্জন ইঞ্জিনাৰিং কলেজত ৰনদীপৰ এবছৰৰ জুনিয়ৰ আছিল ।
- অই খঞ্জু , বিকাচদা কেনেকে আহিল...... ৰনদীপে সুধিলে
- ফাল্টু লৈ ললে..... খঞ্জনে কলে
- কি, কেমিষ্টে ফাল্টু ললে, আৰু তই
- মই কি কম বুলি ভাৱিছিলো , মানে ময়ো কালি ফাল্টু ললো ...... খঞ্জনে মিহিকে কলে

ৰনদীপৰ ইগো হাৰ্ট হৈ গল । ৰনদীপে ডিচাইড কৰিলে, বাই হুক অৰ বাই ক্ৰুক সি দুই কদম আগত থাকিব । ১ জুনৰ বাৰ নম্বৰ নাইটত ৰনদীপে ফাল্টু ললে আৰু লগতে দীৰুদাকো ফাল্টু লোৱাই দিলে ।

দীৰুদাই ফাল্টু লোৱাৰ ফলত বহদিনৰ মুৰত শ্যামলদাক লগ পালে । শ্বিফ্ট নিমিলাৰ বাবে এনেয়ে শ্যামলদাক লগ নাপায়েই । ৰি-ইউনিয়নৰ এই খুচিত ২৫ নম্বৰ বাংক হাউচত তামাম পাৰ্টি চলিল । খুব জমিল ৰং যত মিলি বহিল চাৰি য়াৰ, চন্দনদা, দীৰুদা, শ্যামলদা আৰু ...... ।

তেৰ নম্বৰ নাইট, ২ জুন । মিউচুৱেল এটা মাৰি দিনৰপৰা ডবল শ্বিফ্ট কৰি আছো । এক্সট্ৰা ডিউটি কৰাৰ বাবে তেৰ দিনত চৈধ্যটা ডিউটি হৈ যাব । মানে এদিন আগতেই কাইলৈ টু গুৱাহাটী । সোনকালে চাইটৰপৰা ওলাবলৈ বাইক লৈ আহিছো । পুৰা ফুল প্ৰুফ প্লেন ।

ৰাতি ১০ টা মান বাজিছে । ৰনদীপে ফোন কৰিলে ।
- বিকাচ দা, আজি আপোনাৰ প্লেন কি...... ৰনদীপে সুধিলে
- মোৰ বহুতকেইটা প্লেন আছে......... মই কলো
- অকে
ৰাতি ১২ টা মান বজাত খঞ্জনে ফোন কৰিলে
- বিকাচ দা, আমি ইমাৰজেন্সি লৈ ওলাম, ওলাওক
- মই বাইক লৈ যাম ৰাতিপুৱা......... মই কলো
- অকে

সুয্যৰ প্ৰথমটো কিৰণ ওলোৱাৰ লগে লগে বাইক ষ্টাৰ্ট দিলো । ডি.এছ.এ পাই ব্ৰেকফাষ্ট কৰি চাইটৰপৰা ৰিটাৰ্ন হোৱা বাছ ধৰি শিবসাগৰ পোৱাৰ প্লেন । যাবলৈ ৰেডি হৈ ডি.এছ.এৰ গেট পাও মানে দেখিলো ৰনদীপ-প্ৰজাপতি-দীৰুদা আহি পাইছেহে ।
- আৰে ৰনদীপ, ইমান দেৰি হল যে, ফিলিং চেদ........ মই চান্সতে কাট এটা মাৰি দিলো
ৰনদীপে দুখমনৰে বাংক হাউচলৈ খোজ ললে ।

শিৱসাগৰ টাউন পাই গম পালো যে ৪ জুন অৰ্থাত পাছদিনা অসম বন্ধ । গাড়ী নচলে । ৰনদীপক বেজী দিয়াৰ লোভকন সামৰিব নোৱাৰিলো ।
এছ.এম.এছ এটা ৰনদীপলৈ পঠাই দিলো...... Tomorrow is Assam Bandh. Plan Accordingly, don’t worry , I am on the way to Guwahati

বি.দ্ৰ. বিশেষ সুত্ৰৰ পৰা জানিব পৰামতে নেক্সট ফৰটিন ডেইজত দুই কদম আগত থাকিবলৈ ৰনদীপে এতিয়াৰেপৰাই প্লেন বনাই আছে ।

ৰনদীপ- প্ৰজাপতি

প্ৰজাপতিয়ে ৰনদীপক বাহ দিবলৈ চেষ্টা কিয় কৰে । তাৰো এটা কাৰন আছে । কাৰনটোৰ বিষয়ে জানিবলৈ আমি কেইবছৰমান পিছুৱাই যাব লাগিব ।

প্ৰজাপতিয়ে তেতিয়া নতুনকৈ জইন কৰিছে । নতুন চাকৰি, ঢেৰ চাৰা সপোন । তাৰে এটা সপোন আছিল যে গুৱাহাটী-চিবচাগৰ অহাযোৱা কৰোতে এদিন নহয় এদিন তাৰ কাষৰ চিটটোত এজনী ধুনীয়া ছোৱালী বহিব আৰু সি ছোৱালীজনীক পতাই পেলাব । সেয়ে সি সদায় বাছৰ ডবল চিটৰ ফালে টিকট কাটে ।

প্ৰথম দহ-বাৰবাৰ তাৰ সপোন পুৰা নহল । কিন্ত তেৰনম্বৰ বাৰ তাৰ কপাল ফুলিল । গুৱাহাটীত পুজা চাই সি চিবচাগৰলৈ উভটিছে । তাৰ চিটৰ নম্বৰ বাৰ । সি আই.এছ.বিটিত এ,এছ.টিচিৰ বাছত উঠি খিড়ীকিৰ চিটটো অকুপাই কৰি ললে । কানত হেডফোন লগাবলৈ লওতেই মিঠা মাত এটা তাৰ কাণত পৰিল ।

- এক্সকিউজ মি, এইটো ১১ নম্বৰ চিট হয়নে

প্ৰজাপতিয়ে ঘুৰি চাই দেখিলে মিঠা মাতটোতকৈও ধুনীয়া ছোৱালী এজনীয়ে তাৰ ফালে চাই মিচিকিয়াই হাহি আছে ।
- অ হয় .......... প্ৰজাপতিয়েও হাহি এটা মাৰি কলে

প্ৰজাপতিয়ে চিটুৱেচনটো বিষয়ে ৰনদীপক চৰ্ট মেচেজ কৰি দিলে । ৰনদীপে লগে লগে তাক টিপচ কেইটামান দি দিলে । টিপছকেইটা পাই সি সাউতকৈ বাছৰ বাহিৰ ওলাই বস্ত কেইটামান কিনি ললে ।

বাছ চলিবলৈ আৰম্ভ কৰিলে । খানাপাৰা পাও পাও হওতেই প্ৰজাপতিয়ে মুখ মেলিলে
- এক্সিউজ মি
- ও ........... ছোৱালীজনীয়ে তাৰফালে চালে
- মানে আপোনাৰ যদি অসুবিধা হৈছে আপুনি মোৰ চিটটোত বহিব পাৰে
- মানে
- ধুনীয়া ছোৱালীবোৰৰ সাধাৰনতে ভমিটিঙৰ প্ৰবলেম হয়, চো উফ ইউ উইচ..... প্ৰজাপতিয়ে কলে

ছোৱালীজনীয়ে মিঠা হাহি এটা মাৰি অফাৰটো একচেপ্ট কৰি ললে ।

চিটটো ইন্টাৰচেঞ্জ হোৱাৰ পাছত প্ৰৰ্জাপতিয়ে কলে....... আই এম প্ৰজাপতি
- মই শ্যামলিমা, শ্যামলিমা বৰুৱা........ ছোৱালীজনীয়ে কলে

বাছখন ইতিমধ্যে যোৰাবাটৰ টাৰনিংবোৰ পাইছিলহি । টাৰ্নিংবোৰত শ্যামলীমা দুই এবাৰ প্ৰজাপতিৰফালে হাউলি পৰিল ।
- তুমি মানে আপুনি শিৱসাগৰ যাব নেকি..... প্ৰজাপতিয় কলে
- হয়, আৰু আপুনি মোক তুমি বুলি কলেই হল..... শ্যামলিমাই কলে
- মোকো তুমি তুমি বুলিয়েই কব পাৰা , ময়ো শিৱসাগৰ গৈ আছো , তাত চাকৰি কৰো ...... প্ৰজাপতিয়ে প্লীজেন্ট স্মাইল এটা দি দিলে

প্ৰজাপতিৰ দিল ধৰক ধৰক কৰিবলৈ ধৰিলে । ফিফটি পাৰচেন্ট কাম হলেই , ইন্ট্ৰো হল, ফ্ৰেইন্ডশ্বিপো হল, এতিয়া ফোন নং লৈ লৱ , ফেইচবুকৰ চাটিং কৰিব , মুঠতে পতাই পেলাব । শিৱসাগৰৰ যেতিয়া ডেটিঙো মাৰিব পাৰিব । সকলোতকৈ ডাঙৰ কথা শ্যামলীমা ৰনদীপৰ গাৰ্লফ্ৰেন্ডতকৈ ধুনীয়া । গতিকে এতিয়া ৰনদীপকো ডাউন দিব পাৰিব ।

প্ৰজাপতিয়ে ওপৰৰপৰা নিজৰ বেগটো নমাই চিপচৰ পেকেট এটা উলিয়ালে । পেকেটটো খুলি শ্যামলিমাৰ পিনে আগবঢ়াই কলে....... চিপচ খাবা নেকি
- অহ, আই লাভ চিপচ ......... শ্যামলিমাই চিপচৰ পেকেটটো লৈ কলে

বাচ এতিয়া আই লাভ চিপচৰ সলনি আই লাভ ইউটো উলিয়াব পাৰিলেই হল । ফোন নম্বৰটো বাছৰ পৰা নমাৰ সময়ত খুজিলেই হল । এতিয়া খুজিলে চিপ টাইপৰ দেখাব । প্ৰজাপতিয়ে শ্যামলিমাৰ লগত অইন কথা পতাত লাগিল ।
বাছ গৈ জখলাবন্ধাত ৰখিল । প্ৰজাপতিয়ে শ্যামলিমাৰ লগত নৰ্মেল হোটেলৰ সলনি ৰেষ্টোৰেন্ট বানজাৰাত সোমাল । শ্যামলিমাই প্ৰথমতে না কৰিছিল যদিও প্ৰজাপতিয়ে শ্যামলিমাক ধুনীয়া লান্সৰ ট্ৰিট এটা দি দিলে । প্ৰজাপতিয়ে অনুমান কৰিব পাৰিলে যে শ্যামলিমাৰ দিলত সি সোমাই পৰিছে ।

বাছ আকৌ চলিবলৈ লাগিল । দুপৰীয়া ভাত খোৱাৰ পাছত প্ৰজাপতিৰ টোপনি ধৰে । আজি সি ডিচিচন ললে , টোপনি কন্ট্ৰেল কৰিবই ।
- ভাতৰ পাছত মিঠা খাব লাগে, কুচ মিঠা হো যায়ে ........ ডেইৰি মিল্ক চিল্ক চকলেট এটা তাৰফালে আগবঢ়াই শ্যামলীমাই কলে

প্ৰজাপতিয়ে চকলেটটো ললে । তাৰ হাৰ্টবিট বাঢ়ি গল । লাইফত প্ৰথমবাৰৰ বাবে সি ছোৱালী এজনী পতাই পেলাইছে । ৰনদীপৰ গাৰ্লফ্ৰেন্ডতকৈও ধুনীয়া ছোৱালী এজনী পতাই পেলাইছে । বিগেষ্ট এচিভমেন্ট অৱ হিজ লাইফ । আনন্দতে প্ৰজাপতিয়ে চকুদুটা মুদি দিলে ।

প্ৰজাপতিৰ যেতিয়া চকু মেল খায় তেতিয়া বাছ ভটিয়াপাৰ হৈ শিৱসাগৰ টাউনত সোমাইছে । সোফালে চাই দেখে যে শ্যামলীমা চিটটোত নাই । অলপ পাছত সি গম পালে যে তাৰ মবাইল, মানিবেগ আৰু ওপৰৰ বেগটোৰ সৈতে লেপটপটোও নাই ।

প্ৰজাপতিয়ে এই কেচটো কাকো কোৱা নাছিল । কিন্ত এদিন পাৰ্টি এটাত ৰঙাপানীৰ প্ৰভাৱত সি কাহিনীটো ৰনদীপৰ আগত বতিয়াই দিলে আৰু ৰনদীপে তেল-মচলা সানি প্ৰজাপতিক চাইটত পপুলাৰ কৰি পেলালে । চাইটৰ ড্ৰিলিং ইনচাৰ্জৰপৰা কন্টিজেন্ট লেবাৰৰ মাজত প্ৰজাপতি ফেমাচ হৈ পৰিল । আনকি শ্বিফট বাছৰ ড্ৰাইভাৰ তথা দীৰুদাইও তাক তচল্লি-দিলাচা দিবলৈ ধৰিলে । প্ৰজাপতিৰ পৰা বেচেৰা-প্ৰজাপতি হৈ পৰিল ।

লাইফৰ এই কৰুৱাপন , ৰনদীপৰ বিট্ৰে প্ৰজাপতিয়ে দিলত পাত্থৰ ৰাখি সহিলে । কিন্ত সি এদিন ৰনদীপক বদলা লবই , সি কচম খাই থৈছে ।

সতৰ্কীকৰন-
প্ৰজাপতিৰ নিচিনা অৱস্থা আপোনাৰো হব পাৰে । বাছ-ট্ৰেইনত যিমানেই এট্ৰাকটিভ নহওক কিয়, অচিনাকী মানুহৰপৰা সাৱধান হওক ।

ৰনদীপ - ফায়াৰবল

( আগকথা- এইবাৰ ফৰটিন ডেইজত দীৰুদা চাইটলৈ কিয় যোৱা নাই আৰু ৰনদীপৰপৰা কিয় পলাই ফুৰিছে তাৰ ওপৰত ডি.এছ,এৰ ডাইনিং টেবুলত ইভল্ভ হোৱা এইটো এটা অনুসৈদ্ধান্তিক কাহিনী । ইয়াৰ চাপৰ্টত এতিয়ালৈ একো প্ৰমান পোৱা নাই কিন্ত এইটোৱেই ডি.এচ.এত এতিয়ালৈ মষ্ট একচেপটেবল ষ্টৰী । কিবা ভুল-ভ্ৰান্তি হলে ৰাইজে মাফ কৰি দিয়ে যেন )

ৰনদীপ এইকেইদিন পুৰা ফায়াৰ হৈ আছে । ৰনদীপ ফায়াৰ হৈ থকা বুলি জানি দীৰুদা বোলে এইকেইদিন ডিউটি যোৱা নাই । এই কেচটোৰ মজা লৈ আছে প্ৰজাপতিয়ে, সি ৰনদীপৰপৰা পলাই ফুৰা দীৰুদাক বোলে বিল মে চুপা চুহা আখ্যা দিছে ।

আচলতে যোৱা সপ্তাহত দীৰুদাই ফিউচাৰ ৱাইফৰ লগত গুৱাহাটীৰ পৰা নগাও বাইপাছৰ ফালে লং ড্ৰাইভত গৈ আছিল । মৌচম হাচি, চফৰ চুহানা, চব ধুনিয়া হৈ আছিল । জেং লগালে প্ৰজাপতিয়ে । ড্ৰাইভ কৰি থাকোতেই প্ৰজাপতিয়ে ফোন কৰিলে । ফোনটো ধৰিবলৈ দীৰুদাই গাড়ীখন চাইড কৰিলে আৰু পকেটৰপৰা ফোনটো উলিয়াবলৈ লওতেই সৰু টেমা এটাও ওলাই আহিল । দীৰুদাই কিবা কৰিবলৈ পোৱাৰ আগতেই ফিউচাৰ ৱাইফে টেমাটো হাতত ললে । টেমাটোৰ দুয়োফালে দুখন ঢাকোন । প্ৰথম ঢাকোনখন খুলি ফিউচাৰ ৱাইফে বগা বস্ত এটা দেখিবলৈ পালে ।

তাৰ পাছত দ্বিতীয় ঢাকোনখন খুলি ফিউচাৰ ৱাইফে চিঞৰি উঠিল
- আপুনি চাধাও খায় নেকি

ফিউচাৰ ৱাইফৰ খঙাল ফেচিয়েল এক্সপ্ৰেচন দেখি দীৰুদাৰ ভয় লাগি গল । বিয়াৰ আগতেই ডাইভৰ্চ নহয়তো ।
- নাই মানে........... দীৰুদাই সেমেনা-সেমেনিকৈ কলে
- কি নাই মানে , চাধা খায়, আপোনাক ইমান ল কেটেগৰীৰ বুলি ভৱা নাছিলো । আজিৰেপৰা...
- মিচআন্ডাৰষ্টেন্ড নকৰিবা ডাৰলিং, এইটো মোৰ নহয়, লগৰ এটাৰহে
- কোন লগৰ এটাৰ

দীৰুদাই পটককে প্ৰজাপতিৰ নামটো কৈ কলে....... চোৱাচোন, কালি সি ভুলতে চাধাৰ টেমাটো এৰি গৈছিল, আজি সেয়ে ফোন কৰিছে

মবাইল স্ক্ৰীনত নাম্বাৰ এটা ৰিং হৈ আছিল......... প্ৰজা-ড্ৰিলাৰ

দীৰুদাই ফোনটো ৰিচিভ কৰি কলে........ অই প্ৰজাপতি, নিজৰ বস্তবোৰ ভালদৰে থবিচোন, যতে ততে পেলাই থৱ
- কি বস্ত বে....... প্ৰজাপতিয়ে একো বুজিব নোৱাৰি কলে
- কালি যে চাধাৰ টেমাটো, হে হে, মোৰ তাতে এৰি গলি, মই পাই তোক দিবলৈ জেপত ভৰাই থৈছিলো, বৌৱেৰে পাই গল নহল, অলপ মিছ আন্ডাৰষ্টেন্ড কৰি আছে এতিয়া...... দীৰুদাই যিমান পাৰি নৰম সুৰত কলে
- আপুনি চাল্লা, বুজি পাইছো দিয়ক, এতিয়া কি কৰিব লাগে মই...... প্ৰজাপতিয়ে কলে
- বৌৱেৰক বুজাই কচোন চাধা টেমাটোৰ বিষয়ে
- অকে দিয়ক

দীৰুদাই ফোনটো ফিউচাৰ ৱাইফক দি কলে... ডাৰলিং লোৱা, প্ৰজাপতিয়ে কিবা কব তোমাক
- অ বৌ গুড ইভিনিং , এক্সুৱেলি কালি টেমাটো মই এৰি থৈ আহিছিলো, দীৰুদাই এইচব হাতেই নিদিয়ে.... প্ৰজাপতিয়ে কলে

তাৰ পাছত......
তাৰ পাছত দীৰুদাৰ ফিউচাৰ ৱাইফে পুৰা আধাধন্টা প্ৰজাপতিৰ ক্লাছ ললে । টবেকু , নিকটিন, লাং কেনছাৰ ইত্যাদি । বেচেৰা প্ৰজাপতিয়ে হয়, আজিৰপৰা নাখাও, বাদ দিম ইত্যাদি কৈ থাকিল ।

এতিয়া কথা হল, ৰনদীপ কৰপৰা আহিল । প্ৰজাপতিৰ কৃপাত ৰনদীপ বেচেৰা যেতিয়াই-তেতিয়াই, যতে-ততে বিনা দোষত ফচি যায় ।
কথাৰ মাজতে প্ৰজাপতিয়ে পিঙাই দিলে যে ৰনদীপ নামৰ চাধাহলিক, চিগাৰফুকিক আৰু খৈনী এক্সপাৰ্ট এটাই দীৰুদাক চাইটত এইবোৰৰ এডিকটেদ কৰাৰ চেষ্টা চলাই থাকে ।

প্ৰজাপতিক ডজ কমপ্লিট কৰি ফিউচাৰ ৱাইফে দীৰুদাক সুধিলে.... এই ৰনদীপ কোন হয়
- মোৰ চাইটৰ, ড্ৰিলাৰ এজন..... দীৰুদাই মবাইলত ৰনদীপৰ ফটো এখন দেখুৱালে
- মই ভাবিছিলোৱেই , দেখাতেই ইয়াক ধুৰ বদমাইচ যেন লাগে........ ফিউচাৰ ৱাইফে কলে
- মানে.... দীৰুদাই ভয়ে ভয়ে সুধিলে
- মানে ইয়াৰ ফোনটো লগোৱা........ ফিউচাৰ ৱাইফে কলে

ভিতৰুৱা খবৰমতে তাৰ পাছত ৰনদীপক এটা শব্দও কবলৈ নিদিলাকৈ দীৰুদাৰ ফিউচাৰ ৱাইফে ৰনদীপক থেতেলি দিলে আৰু আলটিমেটম দি কলে যে সি যদি আৰু দীৰুদাক বেয়া অভ্যাসবোৰ শিকায় তেনেহলে কথা বিষম হব ।
তেতিয়াৰেপৰা বোলে ৰনদীপ একেবাৰে ফায়াৰ হৈ আছে ।

বি.দ্ৰ.
ৰনদীপ প্ৰকৃততে যথেষ্ট নিৰ্জু, নম্ৰ, ভদ্ৰ আৰু অমায়িক । প্ৰজা আৰু দীৰুদাই তাক যতে-ততে বাহ দি থাকে । এইকেইদিন ফায়াৰ হৈ থকা স্বত্তেও চচিয়েলি হি এজ এক্টিং লাইক এ জেন্টলমেন ।
( কিবা ভুল ভ্ৰান্তি হলে ৰাইজে মাফ কৰে যেন )

কটন কলেজ - ফাইল



হায়াৰ ছেকেন্ডাৰীৰ কথা । ২০০২ চন , নতুনকৈ কলেজৰ হাৱা লাগিছে । সেই হাৱাতেই লগৰ এটাৰ প্ৰেম হৈ গল । ছোৱালীজনী আমাৰ একে ক্লাছৰ । পাছে লগৰটো আছিল একেবাৰে লাজকুৰীয়া টাইপৰ । কটনত ক্লাছৰ বাবে এটা ডিপাৰ্টমেন্টৰপৰা আনটোলৈ যাব লাগে । সদায় সি ছোৱালীজনীৰ পাছে পাছে যায় কিন্ত হাই বুলি কব নোৱাৰে । তাৰ পাছত আমি তাক জেকাই জেকাই এদিন প্ৰপজ দিবলৈ পঠিয়াই দিলো । কটনৰ লাইব্ৰেৰীৰ চিৰিটোৰ কাষতে সি ছোৱালীজনীক প্ৰপজ দিলে । প্ৰপজ দি সি আমাৰ ওচৰলৈ আহিল ।

- কি হল .......... আমি সুধিলো
- তাইৰ বয়ফ্ৰেন্ড আছে হা........ সি কন্দনামুৱা হৈ কলে

তাৰ গ্লুমি চেহেৰা দেখি বেয়া লাগিল । তাক বহুত সান্ত্বনা দিলো । হোষ্টেলত থকা সুজয়ে তাক বুজালে যে বাছ, ট্ৰেইন আৰু ছোৱালীৰ কথা বেছি চিন্তা কৰি লাভ নাই , এখন গলে আৰু এখন আহিব ।

কিন্ত তাৰ পাছত সি বৰ আমন-জিমনকৈ থকা হল । কাকো নামাতে । তাৰ অৱস্থা দেখি বেয়া লাগিল । এদিন অফ পিৰিয়দত মেইন বিল্দিঙৰ ৰুম এটাত বহি আছো ।

- তোৰ কি হৈছে বে, চিল য়াৰ চিল ....... পংকজে কলে
- নাই একো হোৱা........ সি কলে
- চা দোস্ত, আমি তোৰ বন্ধু হয়, এটা কাম কৰো , তাইৰ বয়ফ্ৰেন্ডটোক পিটি দিও আৰু তাইৰপৰা দুৰত থাকিবলৈ ৱাৰ্ন কৰি দিও, তেতিয়া ৰাস্তা ক্লিয়াৰ.......... সুজয়ে ছাৰ্টৰ কলাৰটো কোচাই কোচাই কলে
- অ, আমি আছো, তাক এনেকে ধুলাই দিম যে, সি তাইৰ নামে পাহৰি যাব........ বিনোদে যোগ দিলে

তাৰপাছত অলপ ডিচকাচন হল । ডিচকাচনৰ সাৰমৰ্ম এয়ে যে তাইৰ বয়ফ্ৰেন্ডটোক তাইৰ আগতে সি থাপৰ কেইটামান লগাই প্ৰমান কৰিব যে সি আচলি মৰ্ড হয় যি তাইৰ বাবে দুনিয়া চে লৰি যাব পাৰে । যদি কিবা জেং হয় আমি তাৰ লগতে থাকিম আৰু তাইৰ বয়ফ্ৰেন্ডে কিবা তেৰি মেৰি কৰিলে পাচোটাই মিলি তাক ফালি দিম ।

লগৰ এজনীৰপৰা গম পালো যে তাইৰ বয়ফ্ৰেল্ডটোৰ নাম নবু , সি কমাৰ্চত পঢ়ে আৰু আজি আবেলি সিহতৰ ডেটিং আছে । লান্সৰ পাছৰপৰাই তাইক ফলো কৰিলো । লা্ষ্টৰ আগৰ ক্লাছটো তাই বাংক দি কাছাৰী ষ্টপেজৰফালে খোজ ললে ।

দোস্তিৰ খাতিৰত আমিও বাংক দিলো । তাই ১ নং চিটিবাছ এখনত উঠিল । তাইৰ পাছৰ বাছখনত আমিও উঠি দিলো । সুজয়ে বাছৰ দুৱাৰত ওলমি আগৰ বাছখনত তীক্ষ্ণ নজৰদি চাই গল ।
আমাৰ বাছ গৈ চানমাৰি ফ্লাইওভাৰত উঠিল । ফ্লাইঅভাৰখন শেষ হও হও অৱস্থাতে সুজয়ে চিগনেল দিলে । মানে তাই নামিল । আমিও নামি দিলো ।

- নবুৰ আজি নেমু বনাই দিম, আমাৰ কলেজৰ ছোৱালীক খেপ দিয়ে........ বিনোদে কলে
- বেছি নিপিটো দেই, চিৰিয়াছ হৈ গলে জেং হৈ যাব.......... মই কলো

তাই ৰাষ্টাটো পাৰ হৈ কমাৰ্চৰ অপজিতত থকা ৰেষ্টুৰেন্টখনৰ ফালে গল । আমিও ৰাষ্টাটো পাৰ হলো । তাইৰপৰা দহমিটাৰমান দুৰত পজিচন ললো । তেতিয়াৰ দিনত মাৰপিটৰ বাবে লৰা লৈ অহা কাৰবাৰটোৰ ফাইল লৈ অহা বুলি কোৱা হৈছিল । লাইফত মই প্ৰথমবাৰৰ বাবে ফাইল হৈ আহিছো । মনে মনে ভয় এটাও লাগিল ।

অলপ পাছত এক্স-এল চাইজৰ পাচ ফুট আঠ ইঞ্চি ওখ লৰা এটা তাইৰ ওচৰ পালেহি । তাই তাৰ লগত কাথা পতাত লাগিল ।
- লৰাটো আমাতকৈ অলপ ডাঙৰ হব নেকি......... সি কলে
- চিন্তা নকৰিবি, আমি আছো, বি এ মেন, মেন হ মেন... সুজয়ে কলে

সি সিহতৰ ফালে আগুৱাই গল । সুজয় , বিনোদ আৰু পংকজ তাৰ পাছে পাছে গল । মই ইন দা মিনটাইম ৰাজগঢ়ৰ বাইলেনেৰে পলোৱাৰ প্লেন এটা বনাই ললো । আখিৰ জান হে তো জাহান হে ।

সি , সুজয়, বিনোদ আৰু পংকজ সিহতৰ ওচৰ পালেগৈ । মই চাৰি মিটাৰমান পাছত আছো ।
- আপনাৰ নামেই নবু নেকি......... সি কঠোৰ মাতেৰে সুধিলে
- অ , কিয় কি হল........... নবুই কলে

নবুৰ পাছফালে কমাৰ্চৰ ইউনিফৰ্ম পিন্ধা লৰাৰ গ্ৰুপ এটা আছিল । হঠাত গ্ৰুপটোৰ কনচেনট্ৰেচন এইফালে বাঢ়ি গল । ভায়েলেন্সৰ অনুমান কৰি মই অটো এখনৰ পাছত লুকাই দিলো ।

- আপনাৰ নাম শুনি থাকো, ইউ আৰ লাকী, এইক কিন্ত সদাই সুখত ৰাখিব........... এইবুলি কৈ সি চানমাৰী ব্ৰিজৰ ফালে বেগাবেগিকৈ খোজ ললে

কি হল একো ধৰিব নোৱাৰি সুজয়, বিনোদ আৰু পংকজেও তাৰ পাছে খোজ ললে । মইও অটোৰ আৰৰ পৰা বাহিৰ ওলালো ।
- এইকেইটা কৰ নমুনা আছিল বে........ নবুই তাইক সুধিলে
- মোৰ কলেজৰে হয়........ তাই হাহি হাহি কলে
- ফিল্মি টাইপৰ ফক্কৰ চোন একেবাৰে...... নবুই কলে

মই সিহতে নেদেখাকৈ চানমাৰী ব্ৰিজৰ ফালে আগবাঢ়িলো । ব্ৰীজৰ সিটো মুৰত তাক আৰু লগৰকেইটাক লগ পালো ।
- কি হল, একো নকৰিলি যে, তাক ফালিম ফালিম বুলি ভাবি আছিলো......... মই অলপ মাতটো গহীন কৰি তাক সুধিলো
- নাই ভাই, আপী এটাৰ কাৰনে হাড়া ভাঙিবা নৰি আৰু........ সি উত্তৰ দিলে

( ফেচবুকত সেই ছোৱালীজনীৰ প্ৰফাইলটো দেখি কেচটো মনত পৰি গল)

বেনাম

ৰাতিপুৱা ব্ৰেকফাষ্ট ৰুমৰপৰা ওলাইছো । কাষত ৰনদীপ আৰু প্ৰজাপতি । তিনিওজনে দীৰুদাৰ ফিউচাৰৰ কথা পাতি খোজকাঢ়ি আছো ।

- আৰে বৰদলুই , কেইচা হে ............. সমুখৰপৰা আহি থকা মানুহজনে কলে
সমুখৰ মানুহজন ৱাই কুমাৰ, চীফ ইঞ্জিনিয়াৰ , ৰীগ এটাৰ ড্ৰিলিং ইনচাৰ্জ ।
- ঠিক হে চাৰ ......... মই কলো
- আজকাল চাইট পে ৰেষ্ট-ৱেষ্ট মিলতা হে কি নহী ......... ৱাই কুমাৰে হাহি মাৰি সুধিলে
- ৱক্ট নিকালকে লে লেতে হে...... মইও হাহি মাৰি উত্তৰ দিলো
ৱাই কুমাৰক ক্ৰছ কৰিলো । অলপদুৰ যোৱাৰ পাছত ৰনদীপে সুধিলে
- আচ্ছা বিকাচ দা, আপুনিতো শইকীয়াহে লিখে, ই বৰদলৈ বুলি কিয় মাতিলে
মই হাহি এটা মাৰি কলো ...........
- হে হে, কথা আছে, একদম চিক্ৰেট কেচ এটা আছে
- কি কেচ, কওকনা
- নাই, জেং হৈ যাব
- পিলিজ কওকনা, আমি কাকো নকও, বিদ্যা শপত

ৰনদীপৰ কামোৰ খাই মই কেচটো কৱলৈ ষ্টাৰ্ট কৰিলো ।

ডেৰবছৰমান আগৰ কথা । তেতিয়া ১৪ দিনীয়া অন অফ ষ্টাৰ্ট হোৱা নাই । টু ডেইজ অন-অফ পেটাৰ্নত ডিউটি কৰো । এদিন ডে, পাছৰদিনা নাইট, তাৰ পাছৰ দুদিন অফ । এবাৰ প্ৰথম অফ এটাত ডিব্ৰুগড়লৈ বিয়া এখন খাবলৈ গলো । আবিলি গৈ থাকোতেই বছে ফোন কৰি কলে যে অইন এটা ৰীগত থকা অচিন্তদাই ছুটী লৈছে আৰু পাছদিনা তেওৰ ডিউটিটো মই কৰিব লাগিব । মই বিয়ালৈ আহি থকাৰ কথা কওতেও বছে নুশুনিলে আৰু কলে যে কাইলৈ ডিউটি যাবই লাগিব ।
বিয়াৰপৰা ওভটোতেই ৰাতিপুৱা তিনিটা বাজিল । তাৰ পাছত পাচ বজাত শ্বিফটৰ বাছ ধৰি ৰাতিপুৱা ছটা পোন্ধৰত চাইট পালো । ড্ৰিলিং চলি আছে , ইফালে ৰাতি টোপনি খতি । জান হো তো জাহান হে । গৈয়েই বাংক হাউচত শুই দিলো ।
দহটামান বজাত ধহমহকৈ সাৰ পালো । সাৰপাই দেখিলো কাষত দাত-ওঠ কামুৰি ড্ৰিলিং ইনচাৰ্জ ৱাই কুমাৰ থিয় হৈ আছে ।

- আপ ক্যা কৰ ৰাহে থে......... ৱাই কুমাৰে খঙেৰে সুধিলে
- চাব মে চো ৰাহা থা..... মই কলো
- কিউ, য়া ড্ৰিলিং চল ৰাহা হে আউৰ আপ চো ৰহে হে
- এক্সুৱেলি.........
তাৰ পাছত একো কবলৈ নিদি ৱাই কুমাৰে আধাঘন্টামান মোক লেচন দিলে । মই তলমুৰ কৰি, মুৰ দুপিয়াই হা চাৰ, হা চাৰ কৰি থাকিলো ।
লেচনৰ এন্ডত ড্ৰিলিং ইনচাৰ্জে ডায়েৰী আৰু কলম হাতত লৈ কলে
- আপকা নাম ক্যা হে
- প্ৰাঞ্জল বৰদলৈ ............ মই লগে লগে কলো
- ক্যা
- পি আৰ এ এন জে এ এল, প্ৰাঞ্জল, বি অ আৰ ডি অ এল অ আই, বৰদলৈ, মাই নেম ইজ প্ৰাঞ্জল বৰদলৈ

তেতিয়াৰে পৰা ৱাই কুমাৰে মোক প্ৰাঞ্জল বৰদলৈ বুলি ভাৱে ।
( Pranjal Bordoloi দা লৈ ক্ষমাপ্ৰাৰ্থনাৰে )

এ ছানডে

দেওবাৰৰ দিন, ৰাতিপুৱা ৫-৩০ ত এলাৰ্ম বাজিল । ফ্ৰেচ হৈ ডাইনিং হলৰ ফালে গৈ আছো । অপজিত চাইদৰপৰা চন্দনদা পিঠিত বেগ এটা লৈ কোবাকোবিকৈ আহি আছে ।
- কি চন্দনদা কত যায়
- এহ, চাইটত ৰগৰি দিছে, পিছত কথা পাতিম, শ্বিফট বাছ যাবই এতিয়া........ চন্দনদাই স্পীড বঢ়াই দিলে

ডাইনিং হলত সোমালো, ব্ৰেকফাষ্টত পুৰি-চবজি, ব্ৰেড-জাম-বাটাৰ । দীৰুদাক ফোন লগালো
- কত............. মই সুধিলো
- চিবচাগৰ
- আজি নাযায় নেকি
- ধেই শুই আছো, ডিষ্টাৰ্ব নকৰিবি, পিছত ফোন কৰিবি.......... দীৰুদাই ফোনটো কাটি দিলে

৬-৩০ বাজিল । শ্বিফ্ট বাছত উঠিলো । ডেৰঘন্টা পাছত চাইট পালো । চাইট পাই ইফালে সিফালে চালো । একদম চন্নাটা । চুপ-চাপ বাংক হাউচত সোমালো , লকাৰ খুলিলো , কম্বল এখন উলিয়ালো, কম্বলখল গাৰু বনাই ফোনটো চুইচ অফ কৰি চাইটৰ বাংক বাউচৰ বিচনাখনত বাগৰি দিলো ।

লাষ্ট তিনিমাহ ধৰি ............ এভৰিডে ইজ লাইক দিছ ছানডে ।

মৰেল অৱ দা ষ্টৰী-
ইন পি.এছ.ইউ, জাদা মগজমাৰি নেহী কৰনেকা, চুপ-চাপ বিন্দাছ ৰেহনেকা , তো দিন চুহানা, ৰাতে চুহানী, জেচে তেচে ডিউটি কা চৌধা দিন নিকালনা হে আউৰ ফিৰ ঘৰ ৱাপচি ।

বিহুতলীত কামোৰ



চানমাৰিত বিহু চাবলৈ গৈছো । ঠিক বিহু বুলিব নোৱাৰি, কালচাৰেল প্ৰগ্ৰাম । দীৰুদাক ফোন লগালো ।
- কত আছে, মই পালোৱেই
- অলপ ৰখ, মই গৈ আছো....... দীৰুদাই কলে
এই দীৰুদাটোৰ টাইমৰ কোনো ঠিক নাই । সদায় লেট কৰে । বাইকখন ৰাষ্টাতে থৈ হেলমেটটো হাতত লৈ ফিল্ডলৈ সোমাই গলো । এজনক সুধি গম পালো যে আজি জুবিলী আহিব । অলপ ইফালে সিফালে ঘুৰাঘুৰি কৰি বাদামৱালা এটাৰ ওচৰ পালো । তাৰপৰা দহটকাৰ বাদাম লৈ চোবাবলৈ ধৰিলো ।
- আব্বে ইমান দিনৰ মুৰত, কি খবৰ বে
মাতটোৰ ফালে ঘুৰি চালো । মোৰ টাইপৰ লৰা এটা । থোপৰাটো কত দেখিছিলো মনত পেলাব নোৱাৰিলো । তথাপিও যিহেতু সি মোক মাতিছে চিনাকিয়ে হব ছাগে ।
- মোৰ ভালেই , তোৰ কি খবৰ....... মই সোহাতখন আগবঢ়াই হেন্ডশ্বেক কৰিলো
- বিহু চাব আহিছ নেকি, কাৰ লগত
- চিংগোল মানুহ, অকলেই আহিছো আৰু ....... মই কলো
- তোৰ উন্নতি নহল আৰু, আৰু বাকী কত কি কৰি আছ...... সি সুধিলে
- মই অ.এন.জি.চিত , চাৰি বছৰেই হল, তোৰ কচোন
- মই এল.এন.টিত , মুম্মাইত, হাইৱে প্ৰজেক্ট এটা কৰি আছো, ছুটী নাপায়েই, এইবাৰ যেন-তেন বিহুৰ লগত মিলাই ছুটী মাৰি দিলো......... সি কলে
এতিয়ালৈ মই তাৰ আইডেনটিটি ধৰিব পৰা নাই । আৰু এবাৰ মেমৰিৰ ডাটা চেক্টৰত ৰিফ্ৰেছ মাৰিলো । নাই, তাৰ চেহেৰাটো ধৰিব পৰা নাই । ভাবিলো ফ্ৰেন্ডৰ কথা সুধি দিও । কমন ফ্ৰেন্ডৰপৰা তাক কত লগ পাইছিলো ওলাই পৰিব ।
- আৰু কচোন, লগৰকেইটাৰ কি খবৰ.......... মই সুধিলো
- আব্বে বহুতৰ লগত কন্টেকেই নাই বে, কুলু, নীহাৰ তো মেডিকেল কৰি এতিয়া পিজি কৰি আছে, মাধু বি.বৰুৱাত বটানি পঢ়িছিলে, অলপতে বিয়া হল, বাকী খঞ্জন, ঋষভ সিহততো মোৰ লগত এন.আই.টি পৰা পাছ কৰি বাংগালোৰত চাকৰি কৰি আছে । সীমান্ত বি.চি.পি.এল লৈ আহিল নহয় .... সি কলে
- সেইটো গম পাও........ মই মুৰ দুপিয়ালো
তাৰমানে ই মোৰ লগত কটনত হায়াৰ ছেক্ন্ডাৰীত আছিল , তাৰ পাছত এন.আই.টিত ইঞ্জিনাৰিং কৰি বৰ্তমান এল.এন.টিত । কাৰন সি লোৱা নামকেইটা গোটেইকেইটা মোৰ লগত হায়াৰ ছেকেন্ডাৰী পঢ়িছিল । তাৰ ফেচ কাটিংটো অলপ ভালদৰে চাই অনুমান কৰিলে যে ই ৰাজীব বা নবাংকুৰ হব লাগে , অৱশ্য ইয়াৰ কথা কোৱাৰ ষ্টাইলটো প্ৰণৱৰ লগতো অলপ অলপ মিলে ।
- আৰু এটা কথা বে, আমাৰ লগৰ আৰু এটা অ.এন.জি.চিত আছে বোলে, মোক সীমান্তই কৈছিল.....সি কলে
- কোন.......... মই সুধিলো
- সেই যে কামোৰটো
- কোনটো কামোৰ
- সেই যে সীমান্তৰ লগৰটো, চচমা পিন্ধিছিল, ব্লু চাৰ্ট, কাৰ্লি হেয়াৰ, কি নাম আছিল তাৰ
সীমান্তৰ লগৰ, চচমা, ব্লু চাৰ্ট, কাৰ্লি হেয়াৰ, মনে মনে ভাৱিলে সেইটোতো ময়েই হয় চেন । চকুত লাচিক কৰালো, বছৰৰ লগে লগে মোৰ চুলিও চফা হৈ গল , মানে ইও মই কোন সঠিককৈ ধৰিব পৰা নাই ।
- বিকাচ আছিল নেকি তাৰ নাম.........মই কলো
- হয় হয়, বিকাচ, কি কামোৰ আছিল বে, সিও বোলে অ.এন.জি.চিত, তাক লগ পাৱ নেকি
- সি ইমানো কামোৰ নাছিল নেকি...... মই নিজক বচাবলৈ কলো
- কামোৰ নাছিল, কি কৱ বে, তাৰ চিঙাই দিছিল, আব্বে মানুহ কলেজ যায় এনজয়মেন্টৰ বাবে, ক্লাছ বাংক দিব লাগে, ঘুৰিব লাগে, ফুৰিব লাগে, সেয়াহে এনজয়মেন্ট, সি আকৌ টিচাৰ ক্লাছত নাহিলেও কমনৰুমৰপৰা মাতি লৈ আহে, চাল্লা তাৰ কাৰনে নোহোৱা ক্লাছটোও হৈ যায় , বৈধ্যম কামোৰ দিছিল বে.......... সি কলে
হিউমিলেট হৈ গলো । মোৰ সন্মুখতে মোকেই কামোৰ বুলি কৈ আছে । মই হাহো নাহাহোকে পাতল হাহি এটা মাৰিলো ।
- চা দোস্ত, চবৰে পাৰচেপচন বেলেগ বেলেগ না, ফিজিক্স, কেমেস্ত্ৰী, মেথছ, তোৰ ৰাতিপুৱা প্ৰাইভেট টিউচন, আবেলি স্কলাৰ্চত কচিং, চো তোৰ ধৰ কলেজত ক্লাছ নহলেও একো লচ নাই, কিন্ত যাৰ টিউচন-কচিং নাই তাৰ কাৰনে তো কলেজৰ ক্লাছকেইটাই ভৰষা, ক্লাছ নহলে চিলেবাছ কেনেকৈ কমপ্লিট হব ............ মই নৰম সুৰত কলে
- হলেও কামোৰ পাইছিলো বে
- কি ঠিক, কি নাম আছিল তাৰ, বিকাচ, সি ছাগে তহতোকো বৈধ্যম কামোৰ পাইছিলে , হবও পাৰে না ............ মই কলো
অলপ পাছত তাৰপৰা বিদায় ললো । তাক পাছে নকলো যে মইয়েই বিকাচ নামৰ কামোৰটো হয় ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...